Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
SEBA Class 10 General Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
Chapter – 13
পদার্থ বিজ্ঞান
Multiple Choice Questions & Answers
1. চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য–
(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।
(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।
(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।
উত্তৰঃ (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
2. প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল–
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
3. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—
(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম।
(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা।
(c) পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।
(d) কুণ্ডলীত প্রবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তর্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে।
উত্তৰঃ (c)পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।
4. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—
(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।
(b) চৌম্বক ক্ষেত্ৰখনৰ মান।
(c) পৰিবাহীৰ দৈৰ্ঘ্য।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
5. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল–
(a) চৌম্বক ক্ষেত্ৰৰ দিশ।
(b) পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) (d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
6. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
7. কাষৰ চিত্ৰত এটা আলফা কণা (ধনাত্মক আধানযুক্ত) চৌম্বক ক্ষেত্ৰ এখনত লম্বভাবে সোমাইছে। আলফা কণাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব—

(a) সোঁফাললৈ।
(b) বাঁওফাললৈ।
(c) পৃষ্ঠাৰ বাহিৰলৈ।
(d) পৃষ্ঠাৰ ভিতৰলৈ।
উত্তৰঃ (c) পৃষ্ঠাৰ বাহিৰলৈ।
8. বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল–
(a) গেলভেন’মিটাৰ।
(b) এমিটাৰ।
(c) ভল্টমিটাৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) গেলভেন’মিটাৰ।
9. চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল—
(a) কুণ্ডলীৰ গতিৰ দিশ।
(b) চৌম্বক ক্ষেত্ৰৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
10. চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্রবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল–
(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
11. ভাৰতত পৰিবর্তী প্রবাহৰ কম্পনাংক হ’ল-
(a) 25Hz
(b) 50Hz
(c) 100Hz
(d) 5Hz
উত্তৰঃ (b) 50Hz
12. ভাৰতত AC ৰ দিশ সলনি হয় প্রতি –
(a) 0.01 ছেকেণ্ডত।
(b) 0.02 ছেকেণ্ডত।
(c) 1 ছেকেণ্ডত।
(d) 5 ছেকেণ্ডত।
উত্তৰঃ (a) 0.01 ছেকেণ্ডত।
13. ভাৰতত সজীৱ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভৱভেদৰ মান—
(a) 100V
(b) 200V
(c) 250V
(d) 220V
উত্তৰঃ (d) 220V
14. প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল—
(a) কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ।
(b) কুণ্ডলীৰ ব্যাসাৰ্দ্ধ।
(c) কুণ্ডলীৰ পাকৰ সংখ্যা।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
15. এটা AC জেনেৰেটৰত ব্যৱহৃত হয়–
(a) দুটা শ্লিপ ৰিং।
(b) এটা ফলা আঙুঠি।
(c) (a) নাইবা (b)
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) দুটা শ্লিপ ৰিং।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


