Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ

Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্বন আৰু ইয়াৰ যৌগ

Chapter – 4

ৰসায়ন বিজ্ঞান

Multiple Choice Questions & Answers

1. কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়– 

(a) প্রতিস্থাপন।

(b) এষ্টাৰিভৱন।

(c) কেটিনেচন।

(d) চেপনিফিকেচন।

উত্তৰঃ (c) কেটিনেচন।

2. তলৰ কোনটো ইথেনৰ আণৱিক সংকেত–

(a) CH₄

(b) C₂H₆

(c) C₃H₈

(d) C₄H₁₀

উত্তৰঃ (b) C₂H₆

3. বিউটেন (C₄H₁₀) ৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2 

(b) 3

(d) 1

(c) 0

উত্তৰঃ (a) 2

4. তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ–

(a) চাইক্ল’হেক্সেন।

(b) চাইক্ল’বিউটেন।

(c) চাইক্লপেন্টেন।

(d) বেনজিন।

উত্তৰঃ (d) বেনজিন।

5. পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2 

(b) 3

(c) 5

(d) 7

উত্তৰঃ (b) 3

6. এডাল হাইড্ৰ’কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্রতিস্থাপিত হোৱা অনাকার্বন মৌলটোক বোলা হয়–

(a) বিষম পৰমাণু।

(b) সমগণ।

(c) কাৰ্যকৰী মূলক।

(d) সমযোজী।

উত্তৰঃ (a) বিষম পৰমাণু।

7. সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্রমে –

(a) বৃদ্ধি পায়।

(b) হ্রাস পায়।

(c) একে থাকে।

(d) এটাও নহয়।

উত্তৰঃ (a) বৃদ্ধি পায়।

8. এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল– 

(a) 12u

(b) 1u 

(c) 14u 

(d) 2u

উত্তৰঃ (c)14u

9. পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে? 

(a) নীলা।

(b) হালধীয়া।

(c) ধোঁৱাযুক্ত।

(d) ৰঙা।

উত্তৰঃ (a) নীলা।

10. ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰি এলকহ’ল কার্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ—

(a) প্রতিস্থাপন।

(b) যোগাত্মক।

(c) জাৰণ।

(d) বিজাৰণ।

উত্তৰঃ (c) জাৰণ।

11. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? 

(a) এষ্টাৰিভৱন।

(b) চেপনিফিকেচন।

(c) প্রতিস্থাপন।

(d) হাইড্ৰ’জেনেচন।

উত্তৰঃ (d) হাইড্ৰ’জেনেচন।

12. ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল-

(a) CO₂ 

(b) H₂

(c) O₂ 

(d) C1₂

উত্তৰঃ (b) H₂

13. ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথিন প্রস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যবহৃত হয়-

(a) লঘু HCl 

(b) গাঢ় HCl 

(c) গাঢ় H₂SO₄ 

(d) লঘু H₂SO₄ 

উত্তৰঃ (c) গাঢ় H₂SO₄ 

14. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এচিড বোলা হয়? 

(a) C₂H₅OH

(b) CH₅COOH

(c) CH₃COOC₂H₅

(d) CH₃COONa

উত্তৰঃ (b) CH₅COOH

15. কার্বক্সিলিক এচিড আৰু এলক ‘হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল

(a) ছ’ডিয়াম ইথ’ক্সাইড।

(b) ছ’ডিয়াম ই থান’য়েট।

(c) এষ্টাৰ।

(d) ছডিয়াম কার্বনেট।

উত্তৰঃ (c) এষ্টাৰ।

16. ছডিয়াম হাইড্রক্সাইডৰ লগত বিক্রিয়া ঘটি এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ ছ’ডিয়াম লৱণলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটোক বোলা হয়। 

(a) এষ্টাৰিভৱন।

(b) চেপ’নিফিকেচন।

(c) হাইড্ৰ’জেনেচন।

(d) কেটিনেচন।

উত্তৰঃ (b) চেপ’নিফিকেচন।

17. বিউটেনৰ অণু এটাত থাকে –

(a) 9 সহযোজী বান্ধনি।

(b) 4 সহযোজী বান্ধনি।

(c) 13 সহযোজী বান্ধনি।

(d) 10 সহযোজী বান্ধনি। 

উত্তৰঃ (c) 13 সহযোজী বান্ধনি।

18. প্রপেনৰ অণু এটাত থাকে— 

(a) 10 সহযোজী বান্ধনি।

(b) 9 সহযোজী বান্ধনি।

(c) 11 সহযোজী বান্ধনি।

(d) 8 সহযোজী বান্ধনি।

উত্তৰঃ (a) 10 সহযোজী বান্ধনি।

19. তলৰ কোনটো যোৰ এটা সমগণীয় শ্ৰেণীৰ দুটা সমগণ বুলি গণ্য কৰিবা? 

(a) C₃H₈, C₄H₆

(c) C₂H₆, C₃H₆

(b) C₄ H₈, C₄H₆

(d) C₃H₆, C₄H₈

উত্তৰঃ (d) C₃H₆, C₄H₈

20. তিনি – কার্বন যৌগ প্রপানেলত থকা কাৰ্যকৰী মূলকটো হ’ল–

(a) কিট’ন।

(b) এলকহল।

(c) এলডিহাইড।

(d) হেল’জেন।

উত্তৰঃ (c) এলডিহাইড।

21. তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত? 

(a) Cₙ H₂ₙ₋₂ 

(b) Cₙ H₂ₙ

(c) Cₙ H₂ₙ₊₁ 

(d) Cₙ H₂ₙ₊₂ 

উত্তৰঃ (d) Cₙ H₂ₙ₊₂ 

22. তলৰ কোনটো যৌগৰ কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি আছে? 

(a) C₂H₄

(b) C₂H₆

(c) C₂H₂

(d) C₃H₄

উত্তৰঃ (b) C₂H₆

23. তলৰ কোনটো যৌগত কার্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি আছে? 

(a) C₃H₆

(b) C₃H₈

(c) C₄H₆

(d) C₂H₆

উত্তৰঃ (a) C₃H₆

24. তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্ৰি – বান্ধনি আছে? 

(a) CH₄

(b) C₂H₆

(c) C₂H₄

(d) C₂H₂

উত্তৰঃ (d) C₂H₂

25. তলৰ কোনটো একলাইনবোৰৰ সাধাৰণ সংকেত? 

(a) CₙHₙ

(b) CnH₂ₙ

(c) CₙH₂ₙ₋₂ 

(d) CₙH₂ₙ₊₂ 

উত্তৰঃ (c) CₙH₂ₙ₋₂ 

26. কাৰ্বনে অজস্ৰ প্ৰকাৰৰ যৌগ গঠন কৰাৰ কাৰণ –

(i) কেটিনেচন।

(ii) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ।

(iii) কাৰ্বনৰ চতুৰ্যোজ্যতা।

(iv) কাৰ্বনৰ শক্তিশালী বান্ধনিৰ গঠন।

ইয়াৰ শুদ্ধ বিকল্পটো হ’ল –

(a) (i), (ii)

(b) (ii), (iii)

(c) (i), (iv)

(d) (i) (iii)

উত্তৰঃ (d) (i) (iii)

27. দুটা পৰমাণুৰ মাজত সহযোজী বান্ধনিত–

(i) ইলেক্ট্ৰনৰ স্থানান্তৰ ঘটে।

(ii) ইলেক্ট্ৰনৰ ভাগ-বাটোৱাৰা ঘটে।

(iii) দুয়োটা পৰমাণুৱে পৰিপূৰ্ণ বহিৰতম কক্ষ লাভ কৰে। 

(iv) দুয়োটা পৰমাণু অধাতু হয়।

(a) (i), (iii)

(b) (i), (iv)

(c) (ii), (iii)

(d) (ii), (iii), (iv)

উত্তৰঃ (d) (ii), (iii), (iv)

28. ছ’ডিয়ামৰ লগত ইথানলৰ বিক্ৰিয়াত উৎপন্ন হয়। 

(a) ছ’ডিয়াম ইথ’ক্সাইড আৰু পানী।

(b) ইথিন আৰু পানী।

(c) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন। 

(d) এষ্টাৰ আৰু পানী।

উত্তৰঃ (c) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন। 

29. গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানল উত্তপ্ত কৰিলে উৎপন্ন হয়–

(a) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন।

(b) ইথিন আৰু পানী।

(c) ছ’ডিয়াম ইথান’য়েট আৰু পানী।

(d) এষ্টাৰ।

উত্তৰঃ (b) ইথিন আৰু পানী।

30. অতিৰিক্ত গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানলে বিক্ৰিয়া কৰি ইথিন উৎপন্ন কৰা প্ৰক্ৰিয়াত গাঢ় ছালফিউৰিক এছিডে তলৰ কোনটো হিচাপে কাম কৰে?

(a) জাৰক পদাৰ্থ।

(b) বিজাৰক পদার্থ।

(c) অনুঘটক।

(d) নিৰুদক পদার্থ।

উত্তৰঃ (d) নিৰুদক পদার্থ।

31. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এছিড বুলি অভিহিত কৰিবা? 

(a) বিশুদ্ধ ইথানয়িক এছিড।

(b) ভিনেগাৰ।

(c) লঘু ইথানয়িক এছিড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (a) বিশুদ্ধ ইথানয়িক এছিড।

32. ইথানয়িক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হয়— 

(a) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন।

(b) ছ’ডিয়াম ইথান’য়েট আৰু হাইড্ৰ’জেন।

(c) ছ’ডিয়াম ইথান’টেয় আৰু পানী।

(d) ছ’ডিয়াম ইথান’য়েট, কাৰ্বন ডাই অক্সাইড আৰু পানী।

উত্তৰঃ (c) ছ’ডিয়াম ইথান’টেয় আৰু পানী।

33. ছডিয়াম কার্বনেট আৰু ইথানয়িক এছিডৰ মাজৰ বিক্রিয়াত উৎপন্ন হয় —

(a) ছ’ডিয়াম ইথান’য়েট আৰু পানী।

(b) ছ’ডিয়াম ইথান’টেয়, কার্বন ডাই অক্সাইড আৰু পানী।

(c) ছ’ডিয়াম ইথ’ক্সাইড আৰু পানী।

(d) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন।

উত্তৰঃ (b) ছ’ডিয়াম ইথান’টেয়, কার্বন ডাই অক্সাইড আৰু পানী।

34. কঠিন পানী সৃষ্টি কৰে –

(a) পানীত চাবোনৰ উপস্থিতিয়ে।

(b) পানীত তাপমাৰ্জকৰ উপস্থিতিয়ে।

(c) পানীত ছ’ডিয়াম আৰু পটাছিয়াম আয়নৰ উপস্থিতিয়ে।

(d) পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ উপস্থিতিয়ে।

উত্তৰঃ (d) পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ উপস্থিতিয়ে।

35. কঠিন পানীত অপমাৰ্জকবোৰ কাৰ্যকৰী হৈ থাকে কাৰণ –

(a) অপমার্জকে কঠিন পানীত থকা কেলিছয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া কৰে। 

(b) অপমার্জকে পানীত গেদৰ সৃষ্টি কৰে।

(c) অপমার্জকে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া নকৰে। 

(d) অপমাৰ্জৰ্কৰ অণুত ছড়িয়াম আৰু পটাছিয়াম আয়ন থাকে। 

উত্তৰঃ (c) অপমার্জকে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া নকৰে। 

36.  

এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী মূলকটো হ’ল–

(a) এলডিহাইড।

(b) কিট’ন।

(c) একল’হল।

(d) কার্বক্সিলিক এছিড।

 উত্তৰঃ (a) এলডিহাইড।

37. 

এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী মূলকটো হ’ল— 

(a) এলডিহাইড।

(b) কিট’ন।

(c) একল’হল।

(d) কার্বক্সিলিক এছিড।

উত্তৰঃ (b) কিট’ন।

38. 

এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী -C-OH মূলকটো হ’ল–

(a) এলডিহাইড।

(b) কিট’ন।

(c) একল’হল।

(d) কার্বক্সিলিক এছিড।

উত্তৰঃ (d) কার্বক্সিলিক এছিড।

39. এটা সমগণীয় শ্ৰেণীৰ প্ৰথম তিনিটা সদস্যৰ সংকেতবোৰ হ’ল C₂H₄ ,C₃H₆ আৰু C₄H₈ এই সমগণীয় শ্ৰেণীটোৰ নাম –

(a) এলকিন।

(b) এলকেন।

(c) এলকাইন।

(d) এলকহল।

উত্তৰঃ (a) এলকিন।

40. এটা সমগণীয় শ্রেণীত –

(i) দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত এটা –CH, গোটৰ পাৰ্থক্য থাকে।

(ii) দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণবিক ভৰৰ পাৰ্থক্য 14u থাকে।

(iii) আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে ভৌতিক ধৰ্মৰ ক্ৰমপৰিৱৰ্তন দেখা যায়। 

(iv) ৰাসায়নিক ধৰ্মবোৰ একেধৰণৰ থাকে।

ইয়াৰে শুদ্ধ বিকল্পটো হ’ল –

(a) আটাইকেইটা।

(b) কেৱল (iv)  

(c) (i), (ii), (iii)

(d) কেৱল (iii)

উত্তৰঃ (a) আটাইকেইটা।

41. একেধৰণৰ আণৱিক সংকেত কিন্তু বেলেগ বেলেগ গঠনযুক্ত যৌগবোৰক বোলা হয় — 

(a) সমগণ।

(b) কাৰ্যকৰী মূলক।

(c) গঠন সমযোজী।

(d) বিষম পৰমাণু।

উত্তৰঃ (c) গঠন সমযোজী।

42. কাৰ্বন পৰমাণুৱে গঠন কৰা বান্ধনিবোৰ অতিকৈ শক্তিশালী হোৱাৰ কাৰণ-

(a) কেটিনেচন।

(b) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ।

(c) চতুর্সহযোজ্যতা।

(d) (a) আৰু (c) দুয়োটাই।

উত্তৰঃ (b) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ।

Very Short & Short Type Questions and Answers

1. সহযোজী বান্ধনি কাক বোলে? 

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বাটোৱাৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে।

2. সহযোজী যৌগ কি?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ- বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।

3. সহযোজী যৌগৰ গলনাংক আৰু উলতাংক নিম্ন কিয়? 

উত্তৰঃ কাৰণ, সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল নিচেই কম। সেয়েহে কম পৰিমাণৰ তাপশক্তি প্ৰয়োগ কৰিয়েই অণুৰ মাজৰ এই বল অতিক্রম কৰিব পাৰি।

4. সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়? 

উত্তৰঃ কাৰণ, সহযোজী যৌগসমূহ পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বাটোৱাৰাৰ দ্বাৰা সৃষ্টি হয়। সেয়েহে এনে যৌগত আয়ন বা কোনো আহিত কণিকা নাথাকে যাৰ ফলত ইহঁত বিদ্যুতৰ অপৰিবাহী হয়।

5. কেটিনেচন কি?

উত্তৰঃ কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কেটিনেচন বোলে।

6. কার্বন যৌগবোৰ সুস্থিৰ কিয়? 

উত্তৰঃ  কাৰ্বনে আন কাৰ্বন পৰমাণু বা বেলেগ মৌলৰ পৰমাণুৰ লগত দৃঢ় বান্ধনি গঠন কৰে, যাৰ বাবে কাৰ্বনৰ যৌগবোৰ অতিকৈ সুস্থিৰ হয়। কাৰ্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ’ল— ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণুগৰ্ভত থকা প্ৰট’নবিলাকে ভাগ-বাটোৱাৰা কৰা ইলেক্ট্ৰনৰ যোৰবোৰক আকৰ্ষণ কৰি ধৰি ৰাখিব পাৰে।

7. সংপৃক্ত কার্বন যৌগবোৰ কি? 

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ বোলে। যেনে— ইথেন, প্র’পেন।

8. অসংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰঃ যিবিলাক কার্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।

9. গঠন সমযোজী যৌগ কাক বোলে?

উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।

10. চাইক্ল’হেক্সেনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা। 

উত্তৰঃ C₆H₁₂ 

11. বেনজিনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন দেখুওৱা। 

উত্তৰঃ C₆H₆

12. হাইড্ৰ’কাৰ্বনবোৰ কি?  

উত্তৰঃ যিবিলাক কার্বন যৌগত কেৱল কাৰ্বন আৰু হাইড্ৰ’জেন থাকে, তেনে যৌগক হাইড্ৰ’কার্বন বোলে। 

13. এলকেনবোৰ কি?  

উত্তৰঃ যিবিলাক হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুৰ মাজত কেৱল একবান্ধনি থাকে, সিহঁতক সংপৃক্ত হাইড্র ‘কার্বন বা এলকেন বোলে। যেনে – ইথেন, প্ৰ’পেন।

14. এলকিনবোৰ কি?  

উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্রাকার্বনক এলকিন বোলে। যেনে – ইথিন, প্র’পিন।

15. এলকাইনবোৰ কি? 

উত্তৰঃ  যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্রি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কাৰ্বনক এলকাইন বোলে। যেনে – ইথাইন, প্র’পাইন।

16. এলকেনৰ সাধাৰণ সংকেতটো লিখা। 

উত্তৰঃ Cₙ H₂ₙ₊₂ যত ( n =1, 2, 3, 4,…..)।

17. এলকিনৰ সাধাৰণ সংকেত কি? 

উত্তৰঃ Cₙ H₂ₙ (যত n = 2, 3, 4,…..)।

18. এলকাইনৰ সাধাৰণ সংকেত কি? 

উত্তৰঃ Cₙ H ₂ₙ₋₂ (য’ত n =2,3,4,….)।

19. বিষম পৰমাণু কি? 

উত্তৰঃ  একেডাল হাইড্ৰ’কাৰ্বন শৃংখলত এক বা ততোধিক হাইড্ৰ’জেন পৰমাণু আন মৌল যেনে হেল’জেন, নাইট্ৰ ‘জৈন, ছালফাৰ আদিৰ দ্বাৰা প্ৰতিস্থাপিত কৰিব পাৰি। এনে মৌলসমূহক বিষম পৰমাণু বোলে।

20. কাৰ্যকৰী মূলক কাক বোলে? 

উত্তৰঃ বিষম পৰমাণুবোৰে অকলশৰীয়াকৈ বা সিহঁতৰ একো একোটা থূপ বা মূলকৰ উপস্থিতিয়ে কার্বন যৌগবোৰৰ ধৰ্ম নিৰ্ধাৰণ কৰে। সেয়েহে এই মূলকবোৰক কাৰ্যকৰী মূলক বোলে।

21. তলৰ কাৰ্যকৰী মূলকবোৰৰ সংকেত লিখা। 

(a) এলক’ হল।

(b) এলডিহাইড।

(c) কিটন।

(d) কার্বক্সিলিক এচিড।

উত্তৰঃ             

22. কাৰ্বন যৌগৰ দহন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া৷ 

উত্তৰঃ CH₄ +2O₂ → CO₂ + 2H₂ O  + তাপ আৰু পোহৰ (মিথেন)।

23. ইথানল বায়ুত দাহিত কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ CH₃ CH₂ OH + 3O₂→ 2CO₂তাপ আৰু পোহৰ (ইথানল)।

24. ক্ষাৰকীয় KMnO₄ নাইবা আম্লিক K₂ Cr₂ O₇ ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্রয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ ইথানল জাৰিত হৈ ইথানয়িক উৎপন্ন হয়।

25. কাৰ্বন যৌগৰ এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ CH₄ +Cl₂ → CH₃ Cl + HCI (সূৰ্যৰ পোহৰত)।

26. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ বিক্রিয়া সংঘটিত কৰা হয়?

উত্তৰঃ যোগাত্মক বিক্রিয়া। 

27. হাইড্ৰ’কাৰ্বনৰ এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ CH₄ + Cl₂ → CH₃ Cl + HCI (সূৰ্যৰ পোহৰত)।

28. ভিনেগাৰ কি? 

উত্তৰঃ এচেটিক এচিডৰ 5-8% জলীয় দ্রৱণক ভিনেগাৰ বোলে৷

29. ভিনেগাৰৰ এটা উল্লেখযোগ্য ব্যৱহাৰ লিখা। 

উত্তৰঃ আচাৰ সংৰক্ষণত ইয়াক ব্যৱহাৰ কৰা হয়। 

30. বিশুদ্ধ ইথানয়িক এচিডক কিয় গ্লেচিয়েল এচেটিক এচিড বোলা হয়? 

উত্তৰঃ ইথানয়িক এচিডৰ গলনাংক 290K আৰু সেয়েহে ই ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গোট মাৰে। ইয়াৰ বাবে ইয়াক গ্লেচিয়েল এচেটিক এচিড বোলে।

31. ইথানয়িক এচিড কাৰ্বন যৌগৰ কোনটো শ্ৰেণীৰ অন্তর্ভুক্ত এবিধ যৌগ? 

উত্তৰঃ কার্বক্সিলিক এচিড শ্ৰেণীৰ৷ 

32. এষ্টাৰিভৱন বিক্রিয়া কি? 

উত্তৰঃ এচিড অনুঘটকৰ উপস্থিতিত কার্বক্সিলিক এচিড আৰু এলক ‘হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয়। এনে বিক্ৰিয়াক এষ্টাৰিভৱন বিক্রিয়া বোলে।

33. এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডৰ লগত ইথানলৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা।

উত্তৰঃ এষ্টাৰ (ইথাইল ইথান’য়েট)। 

গঠন [Structure]:  

34. এষ্টাৰ কি?

উত্তৰঃ এষ্টাৰ হ’ল কাৰ্বক্সিলিক এচিড আৰু এলক’হলৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা এবিধ সুগন্ধি ৰাসায়নিক দ্রব্য।

35. এষ্টাৰৰ দুটা ব্যৱহাৰ লিখা। 

উত্তৰঃ  (i) পাৰফিউম প্ৰস্তুত কৰিবলৈ।

(ii) খাদ্য সুস্বাদুকাৰক হিচাপে। 

36. চাবোন কি? 

উত্তৰঃ চাবোন হ’ল দীঘল শৃংখলযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ।

37. অপমার্জক কি? 

উত্তৰঃ  অপমাৰ্জৰ্কবোৰ হ’ল দীঘল শৃংখলযুক্ত ছালফ ‘নিক এচিডৰ এম’নিয়াম লৱণ।

38. অপমাজকৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ (i) চেম্পু প্ৰস্তুত কৰিবলৈ৷

(ii) কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ। 

39. কঠিন পানীত অপমাৰ্জকবোৰ কিয় কার্যক্ষম হৈ থাকে?

উত্তৰঃ কাৰণ অপমাৰ্জৰ্কৰ অণুৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলচিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া কৰি অদ্রবণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি নকৰে।

40. যোগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ’কাৰ্বনৰ নাম লিখা।

উত্তৰঃ ইথিন (C₂H₄) আৰু ইথাইন (C₂H₂)।

41. তলৰ কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তর্গত? 

C₃H₈, C₄H₈, C₄H₆, C₃H₆

উত্তৰঃ C₄H₈,C₃H₆

42. এটা সংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগৰ উদাহৰণ দিয়া। 

উত্তৰঃ চাইক্ল’হেক্সেন (C₆H₁₂)।

43. এটা অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগৰ উদাহৰণ দিয়া। 

উত্তৰঃ বেনজিন (C₆H₆)।

44. সংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ এটাৰ গঠন আঁকা।

উত্তৰঃ   

45. অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ এটাৰ গঠন আঁকা। 

উত্তৰঃ     

46. যোগাত্মক বিক্রিয়া কাক বোলে? 

উত্তৰঃ পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যোগ হৈ সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন হয়। এই বিক্ৰিয়াক যোগাত্মক বিক্রিয়া বোলে। 

47. হাইড্ৰ’কাৰ্বনৰ যোগাত্মক বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ  

48. পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যুক্ত হৈ সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন হোৱা বিক্ৰিয়াটোক কি নামেৰে জনা যায়? 

উত্তৰঃযোগাত্মক বিক্রিয়া। 

49. অনুঘটক কি? 

উত্তৰঃ অনুঘটক হ’ল এনে কিছুমান পদার্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে।

50. যোগাত্মক বিক্ৰিয়াৰ এটা প্ৰয়োগ লিখা। 

উত্তৰঃ নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ হাইড্ৰ’জেনেচনত।

51. যোগাত্মক বিক্রিয়া ব্যৱহাৰ কৰি ঘটোৱা উদ্ভিদজাত তেলৰ হাইড্ৰ’জেনেচন প্ৰক্ৰিয়াত অনুঘটক হিচাপে সাধাৰণতে কোনটো ধাতু ব্যৱহৃত হয়?

উত্তৰঃ নিকেল। 

52. প্রতিস্থাপন বিক্রিয়া কাক বোলে? 

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ এটা হাইড্ৰ’জেন পৰমাণুৰ স্থান আন পৰমাণু বা পৰমাণু গোটে দখল কৰে, তাক প্রতিস্থাপন বিক্রিয়া বোলে।

53. হাইড্ৰ’কাৰ্বনৰ এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

 উত্তৰঃ CH₄ + Cl₂ → CH₃ Cl + HCI (সূৰ্যৰ পোহৰত)।

54. ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? 

উত্তৰঃ ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়। 

55. ইথানলৰ লগত ছডিয়াম ধাতু যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ 2Na + 2CH₃CH₂OH → 2CH₃CH₂ONa⁺ + H₂ (ছ’ডিয়াম ইথ’ক্সাইড)।

56. অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? 

উত্তৰঃ ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়। 

57. অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ   

58. হাইড্ৰ’জেনেচন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ এই বিক্রিয়া সংঘটিত কৰা হয়।

59. এটা এষ্টাৰিভৱন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ 

60. চাবোনীভৱন বিক্রিয়া কি? 

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ লগত বিক্রিয়া ঘটিলে এষ্টাৰ পুনৰ এলক’হল আৰু কাৰ্বক্সিলিক এচিডৰ ছ’ডিয়াম লৱণলৈ ৰূপান্তৰিত হয়। এই বিক্রিয়া চাবোন উৎপাদনত ব্যৱহাৰ হয় বাবে ইয়াক চাবোনীভৱন বা চেপ ‘নিফিকেচন বিক্রিয়া হিচাপে জনা যায়।

61. চাবোনীভৱন বিক্রিয়া দেখুৱাই এটা ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ 

62. ইথানয়িক এছিড়ে ছ’ডিয়াম হাইড্রক্সাইড (ক্ষাৰ) ‘ৰ লগত কৰা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ CH₃COOH + NaOH → CH₃COONa + H₂O ছডিয়াম ইথান’য়েট।

63. ইথানয়িক এছিডে কার্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেটৰ লগত কেনেদৰে বিক্ৰিয়া কৰে?

উত্তৰঃ ইথানয়িক এচিডে কার্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্ব ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।

64. ইথানয়িক এছিডে ছ’ডিয়াম কার্বনেটৰ লগত কৰা বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ 2CH₃COOH + Na₂CO₃ → 2CH₃COONa + CO₂ + H₂O

65. ইথানয়িক এছিডে ছ’ডিয়াম হাইড্ৰজেনকাৰ্বনেটৰ লগত কৰা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ CH₃COOH + NaHCO₃ → CH₃COONa + CO₂ + H₂O

66. ছ’ডিয়াম কার্বনেটৰ লগত ইথানয়িক এছিডে বিক্ৰিয়া কৰিলে কি কি বিক্রিয়াজাত পদার্থ উৎপন্ন হয়?

উত্তৰঃ ছডিয়াম ইথানয়েট (লৱণ), কার্বন ড্রাইঅক্সাইড আৰু পানী।

67. ছডিয়াম হাইড্ৰ’জেন কার্বনেটৰ লগত ইথানয়িক এছিডে বিক্ৰিয়া কৰিলে কি কি বিক্রিয়াজাত পদার্থ উৎপন্ন হয়? 

উত্তৰঃ ছডিয়াম ইথানয়েট (লৱণ), কার্বন ড্রাইঅক্সাইড আৰু পানী।

68. এটা যৌগ A আচাৰ সংৰক্ষণত বহুলভাবে ব্যৱহৃত হয় যাৰ আণৱিক সংকেত C₂ H₄O₂ এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰিলে এবিধ সুগন্ধি যৌগ B উৎপন্ন কৰে। যৌগ A আৰু B চিনাক্ত কৰা।

উত্তৰঃ যৌগ A = ইথানয়িক এছিড, যৌগ B = এষ্টাৰ।

69. ছ’ডিয়ামৰ সৰু টুকুৰা এটা ইথানলত পেলাই দিলে কি দেখিবা?

উত্তৰঃ  এই পৰীক্ষানলটোত যথেষ্ট পৰিমাণে বুৰবুৰণি দেখা যাব। এই বুৰবুৰণি বিক্ৰিয়াত উদ্ভৱ হোৱা হাইড্ৰ’জেন গেছৰ। ইয়াৰ উপৰি এই বিক্ৰিয়াত ছ’ডিয়াম ইথ ক্সাইড উৎপন্ন হ’ব।

70. এটা পৰীক্ষানলত এচামুচ ছ’ডিয়াম কার্বনেট লোৱা আৰু তাত 2mL লঘু ইথানয়িক এছিড যোগ কৰা । তুমি কি দেখিবা?

উত্তৰঃ পৰীক্ষানলত কার্বন ডাই অক্সাইড গেছৰ বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব। 

71. এটা পৰীক্ষানলত প্ৰায় 3mL ইথানল লৈ এটা পানীৰ চৌবাচ্চাত তাক গৰম কৰা। ইয়াত 5% ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট দ্ৰৱৰ কেইটোপালমান যোগ কৰা। পটাছিয়াম পাৰমাংগানেটৰ বেঙুনীয়া ৰং দেখিবানে? কাৰণ দৰ্শোৱা। 

উত্তৰঃ প্ৰথমতে পটাছিয়াম পাৰমাংগানেটৰ বেঙুনীয়া ৰং দেখা পোৱা নাযাব। কাৰণ পটাছিয়াম পাৰমাংগানেটে এলকহলৰ লগত বিক্ৰিয়া কৰিব। পটাছিয়াম পাৰমাংগানেট এবিধ শক্তিশালী জাৰক পদার্থ। সেয়ে ই এলকহ’লক জাৰিত কৰি কাৰ্বক্সিলিক এচিড উৎপন্ন কৰিব।

72. মাইছেল কি? 

উত্তৰঃ চাবোনৰ অণুবোৰ পানীত এক সমুচ্ছায় সৃষ্টি কৰে য’ত অণুবোৰৰ অনাধ্ৰুৱীয় মেৰুবোৰ তেলৰ টোপালৰ ফালে আৰু ধ্ৰুৱীয় মেৰুবোৰ বাহিৰৰ ফালে থাকে। ইয়াকে মাইছেল বা কণাপুঞ্জ বোলে।

73. কাৰ্বন ডাইঅক্সাইড (CO₂) ইলেক্ট্রন বিন্দু গঠন কি হ’ব? 

উত্তৰঃ 

74. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ? 

উত্তৰঃ (i) কেটিনেচন।

(ii) কাৰ্বনৰ চতুৰ্সহযোজ্যতা।

75. চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন আঁকা। 

 উত্তৰঃ C₅H₁₀     

76. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা৷ 

(i) ইথায়নিক এচিড৷

উত্তৰঃ

(ii) ব্ৰ’ম’পেন্টেন।

উত্তৰঃ  

(iii) বিউটান’ন।

উত্তৰঃ   

(iv) হেক্সানেল।

উত্তৰঃ    

77. তলৰ যৌগবোৰৰ নাম লিখা।  

(i) CH₃ – CH₂ – Br

উত্তৰঃ ব্ৰ’ম ইথেন।

(ii) 

উত্তৰঃ মিথানেল।

(iii) 

উত্তৰঃ হেক্সাইন।

78. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এক জাৰণ বিক্রিয়া। 

উত্তৰঃ কাৰণ, ইথানলে ক্ষাৰকীয় পটেছিয়াম পাৰমাংগানেট বা আম্লিক পটেছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰিলে অক্সিজেন লাভ কৰি ইথানয়িক এচিডলৈ ৰূপান্তৰিত হয়। ইথানলে অক্সিজেন লাভ কৰে বাবে ই জাৰিত হয়। 

79. লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? 

উত্তৰঃ কাৰণ, অক্সিজেনৰ উপস্থিতিত ইথাইন দহন কৰিলে ইথাইনৰ সম্পূৰ্ণ দহন সংঘটিত হয় আৰু লোহা জোৰা দিবৰ বাবে আৱশ্যকীয় তাপ উৎপন্ন কৰিব পৰা যায়। কিন্তু বায়ুত অক্সিজেনৰ বাহিৰেও নাইট্ৰ’জেন, কার্বন ডাই অক্সাইড আদিৰ দৰে দহনত সহায় নকৰা গেছ থাকে। সেয়ে বায়ুৰ লগত ইথাইন দহন কৰিলে দহন প্ৰক্ৰিয়াৰ দক্ষতা কমে আৰু কম পৰিমাণৰ তাপ উৎপন্ন হয়।

80. জাৰক দ্ৰৱ্য কি? 

উত্তৰঃ কোনো ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পদার্থই আন এটা পদাৰ্থত অক্সিজেন যোগ কৰে বা পদাৰ্থটোৰ পৰা হাইড্ৰ’জেনক অপসাৰিত কৰে, তাক জাৰক দ্ৰব্য বোলে।

81. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?

উত্তৰঃ নোৱাৰি, কাৰণ অপমাৰ্জকবোৰ কোমল পানী আৰু কঠিন পানী উভয়তে কাৰ্যকৰী হৈ থাকে।

82. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা— 

(a) ইথানয়িক এচিড।

উত্তৰঃ    

(b) H₂S

উত্তৰঃ 

(c) প্ৰপান’ন

উত্তৰঃ 

(d) F₂

উত্তৰঃ  

83. সমগণীয় শ্রেণী কাক বোলে? 

উত্তৰঃ  যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে, সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বোলে।

84. সমগণীয় শ্ৰেণীৰ উদাহৰণ দিয়া। 

উত্তৰঃ (i) এলকেন (CH₄, C₂H₆, C₃H₈..)

(ii) এলক’হল (CH₃OH, C₂H₅OH, C₃H₇OH..)।

85. প্রায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়? 

উত্তৰঃ কাৰণ কাৰ্বন আৰু ইয়াৰ যৌগসমূহে দহনৰ দ্বাৰা অতি উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে। 

86. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। 

উত্তৰঃ কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থাকে। চাবোনৰ অণুই কঠিন পানীত থকা এই আয়নবোৰৰ লগত ক্ৰিয়া কৰি এক অদ্ৰৱণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি কৰে। 

87. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? 

উত্তৰঃ নীলা লিটমাছ কাগজৰ বৰণ সলনি নহয়; আনহাতে ৰঙা কাগজৰ বৰণ নীলা হয় ৷ কাৰণ চাবোনৰ প্ৰকৃতি ক্ষাৰকীয়।

88. হাইড্ৰ’জেনেচন মানে কি? 

উত্তৰঃ পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যোগ কৰি সংপৃক্ত হাইড্ৰ’কাৰ্বন উৎপন্ন কৰা হয়। এই প্ৰক্ৰিয়াক হাইড্ৰ’জেনেচন বোলে। 

89. হাইড্ৰ’জেনেচনৰ ঔদ্যোগিক প্ৰয়োগ লিখা। 

উত্তৰঃ নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ কিছুমান উদ্যোগত এই প্রক্রিয়া ব্যৱহাৰ কৰা হয় ।

90. তলৰ কোনবিলাক হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?

C₂H₆, C₃H₈, C₃H₆, C₂H₂, CH₄

উত্তৰঃ C₃H₆,    C₂H₂

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। সহযোগী বান্ধনি কাক বোলে?

উত্তৰঃ দুটা পৰমানুৰ মাজত ইলেক্ট্ৰন ভাগ – বাটোৱাৰ হৈ গঠন হোৱা বান্ধনিক সহযোগী বান্ধনি বোলে।

প্রশ্ন ২। সহযোজী যৌগ কি?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।

প্রশ্ন ৩। কেটিনেচন কি?

উত্তৰঃ কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কেটিনেচন বোলে৷

প্রশ্ন ৪। সংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ-বোলে৷ যেনে— ইথেন, প্র’পেন।

প্রশ্ন ৫। অসংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।

প্রশ্ন ৬। গঠন সমযোজী যৌগ কাক বোলে?

উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।

প্রশ্ন ৭। হাইড্ৰ কাৰ্বনবোৰ কি?

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কেৱল কাৰ্বন আৰু হাইড্ৰ’জেন থাকে, তেনে যৌগক হাইড্ৰ’কার্বন বোলে।

প্রশ্ন ৮। এলকেনবোৰ কি?

উত্তৰঃ যিবিলাক হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুৰ মাজত কেৱল একবান্ধনি থাকে, সিহঁতক সংপৃক্ত হাইড্ৰ’কার্বন বা এলকেন বোলে। যেনে -ইথেন, প্ৰ’পেন।

প্রশ্ন ৯। এলকিনবোৰ কি?

উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকিন বোলে। যেনে – ইথিন, প্ৰ’পিন।

প্রশ্ন ১০। এলকাইনবোৰ কি?

উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্রি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকাইন বোলে। যেনে – ইথাইন, প্র’পাইন।

প্রশ্ন ১১। এলকিনৰ সাধাৰণ সংকেত কি?

উত্তৰঃ CₙH₂ₙ (য’ত n = 2, 3, 4,…)

প্রশ্ন ১২। নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ বিক্রিয়া সংঘটিত কৰা হয়?

উত্তৰঃ যোগাত্মক বিক্রিয়া।

প্রশ্ন ১৩। হাইড্ৰ’কাৰ্বনৰ এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ CH₄ + Cl₂ → CH₃Cl + HCl (সূৰ্যৰ পোহৰত)

প্রশ্ন ১৪। ভিনেগাৰ কি?

উত্তৰঃ এচেটিক এচিডৰ 5–8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে।

প্রশ্ন ১৫। ভিনেগাৰৰ এটা উল্লেখযোগ্য ব্যৱহাৰ লিখা।

উত্তৰঃ আচাৰ সংৰক্ষণত ইয়াক ব্যৱহাৰ কৰা হয়।

প্রশ্ন ১৬। বিশুদ্ধ ইথানয়িক এচিডক কিয় গ্লেচিয়েল এচেটিক এচিড বোলা হয়?

উত্তৰঃ ইথানয়িক এচিডৰ গলনাংক 290K আৰু সেয়েহে ই ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গোট মাৰে। ইয়াৰ বাবে ইয়াক গ্লেচিয়েল এচেটিক এচিড বোলে।

প্রশ্ন ১৭। ইথানয়িক এচিড কাৰ্বন যৌগৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত এবিধ যৌগ?

উত্তৰঃ কার্বক্সিলিক এচিড শ্ৰেণীৰ।

প্রশ্ন ১৮। এষ্টাৰ্ভিৱন বিক্রিয়া কি?

উত্তৰঃ এচিড অনুঘটকৰ উপস্থিতিত কার্বক্সিলিক এচিড আৰু এলক’হলৰ মাজত বিক্রিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয়। এনে বিক্রিয়াক এষ্টাৰ্ভিৱন বিক্রিয়া বোলে।

প্রশ্ন ১৯। এষ্টাৰ কি?

উত্তৰঃ এষ্টাৰ হ’ল কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্রিয়া ঘটি উৎপন্ন হোৱা এবিধ সুগন্ধি ৰাসায়নিক দ্রব্য।

প্রশ্ন ২০। এষ্টাৰৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ (i) পাৰফিউম প্ৰস্তুত কৰিবলৈ।

(ii) খাদ্য সুস্বাদুকাৰক হিচাপে।

প্রশ্ন ২১। চাবোন কি?

উত্তৰঃ চাবোন হ’ল দীঘল শৃংখলযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱন।

প্রশ্ন ২২। অপমার্জক কি?

উত্তৰঃ অপমাৰ্জকবোৰ হ’ল দীঘল শৃংখলযুক্ত ছালফ’নিক এচিডৰ এম নিয়াম লৱণ।

প্রশ্ন ২৩। অপমাৰ্জকৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ (i) চেম্পু প্ৰস্তুত কৰিবলৈ।

(ii) কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ।

প্রশ্ন ২৪। কঠিন পানীত অপমাৰ্জকবোৰ কিয় কার্যক্ষম হৈ থাকে?

উত্তৰঃ কাৰণ অপমাৰ্জকৰ অণুৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলচিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি নকৰে।

প্রশ্ন ২৫। যোগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ’কাৰ্বনৰ নাম লিখা।

উত্তৰঃ ইথিন (C₃H₄) আৰু ইথাইন (C₂H₂)

প্রশ্ন ২৬। তলৰ কোনবোৰ একে সমগণীয় শ্রেণীৰ অন্তৰ্গত?

C₃H₈, C₄H₈, C₄H₆, C₃H₆

উত্তৰঃ C₄H₈ আৰু C₃H₆

প্রশ্ন ২৭। সহযোজী যৌগ কাক বোলে?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বাটোৱাৰা হৈ গঠন হোৱা যৌগক সহযোজী যৌগ বোলে।

প্রশ্ন ২৮। সমগণীয় শ্রেণী কাক বোলে?

উত্তৰঃ যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে, তাক সমগণীয় শ্রেণী বোলে। যেনে – এলকেন, এলকিন, এলকাইন, এলক’হল আদি।

প্রশ্ন ২৯। অনুঘটক কি? 

উত্তৰঃ অনুঘটক হ’ল এনে কিছুমান পদার্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে।

প্রশ্ন ৩০। উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্রস্তুত কৰিবলৈ সংঘটিত কৰা যোগাত্মক বিক্রিয়াত সাধাৰণতে অনুঘটক হিচাপে ব্যৱহাৰ হোৱা মৌলবিধ কি?

উত্তৰঃ উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ সংঘটিত কৰা যোগাত্মক বিক্ৰিয়াত সাধাৰণতে অনুঘটক হিচাপে ব্যৱহাৰ হোৱা মৌলবিধ হ’ল—নিকেল।

প্রশ্ন ৩১। প্রতিস্থাপন বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ এটা হাইড্ৰ’জেন পৰমাণুৰ স্থান আন পৰমাণু বা পৰমাণু গোটে দখল কৰে, তাক প্ৰতিস্থাপন বিক্রিয়া বোলে।

প্রশ্ন ৩২। ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে কি ঘটে?

উত্তৰঃ ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়।

প্রশ্ন ৩৩। অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? 

উত্তৰঃ অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়।

প্রশ্ন ৩৪। এষ্টাৰ্ভিৱন বিক্রিয়া কি?

উত্তৰঃ কার্বক্সিলিক এচিড আৰু এলক’হলৰ মাজত বিক্রিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয়। এই বিক্ৰিয়াক এষ্টাৰিৰ্ভৱন বিক্রিয়া বোলে।

প্রশ্ন ৩৫। ইথানয়িক এচিডে ক্ষাৰ বা ক্ষাৰকৰ লগত কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ ইথানয়িক এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ই এক প্রশমন বিক্রিয়া।

প্রশ্ন ৩৬। ইথানয়িক এচিডে কার্বনেট আৰু হাইড্ৰ’জেন কার্বনেটৰ লগত কিদৰে বিক্রিয়া কৰে?

উত্তৰঃ ইথানয়িক এচিডে কার্বনেট আৰু হাইড্ৰ’জেন কার্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্ব ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।

প্রশ্ন ৩৭। ইথানয়িক এচিড কোনবিধ এচিড শ্ৰেণীৰ অন্তৰ্ভুক্ত?

উত্তৰঃ ইথানয়িক এচিড কার্বক্সিলিক এচিড শ্ৰেণীৰ অন্তৰ্ভুক্ত।

বিকল্পীধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ১। পৃথিৱীৰ খোলাটোত খনিজ পদার্থ হিচাপে কাৰ্বনৰ শতকৰা পৰিমাণ—

(a) 0.01%

(b) 0.02%

(c) 0.03%

(d) 0.04%

উত্তৰঃ (b) 0.02%

প্রশ্ন ২। বায়ুমণ্ডলত কার্বন ডাইঅক্সাইডৰ শতকৰা পৰিমাণ—

(a) 0.05%

(b) 0.06%

(c) 0.3%

(d) 0.03%

উত্তৰঃ (d) 0.03%

প্রশ্ন ৩। কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধর্মটোক কোৱা হয়—

(a) প্রতিস্থাপন।

(b) এষ্টাৰ্ভিৱন।

(c) কেটিনেচন।

(d) চেপনিফিকেচন।

উত্তৰঃ (c) কেটিনেচন।

প্রশ্ন ৪। কাৰ্বনৰ যোজক ইলেক্ট্রন সংখ্যা –

(a) 4

(b) 6

(c) 2

(d) 8

উত্তৰঃ (a) 4

প্রশ্ন ৫। কাৰ্বনৰ সহযোজ্যতা –

(a) 1

(b) 2

(c) 0

(d) 4

উত্তৰঃ (d) 4

প্রশ্ন ৬। তলৰ কোনটো ইথেনৰ আণৱিক সংকেত–

(a) CH₄

(b) C₂H₆

(c) C₃H₈

(d) C₄H₁₀

উত্তৰঃ (b) C₂H₆

প্রশ্ন ৭। বিউটেন (C₄H₁₀) ৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2

(b) 3

(c) 0

(d) 1

উত্তৰঃ (a) 2

প্রশ্ন ৮। তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ—

(a) চাইক্ল হৈক্সেন। 

(b) চাইক্ল’বিউটেন। 

(c) চাইক্ল পৈণ্টেন। 

(d) বেনজিন।

উত্তৰঃ (d) বেনজিন।

প্রশ্ন ৯। পেণ্টেনৰ গঠন সমযোজীৰ সংখ্যা-

(a) 2

(b) 3

(c) 4

(d) 5

উত্তৰঃ (b) 3

প্রশ্ন ১০। এডাল হাইড্ৰ’কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা অনাকাৰ্বন মৌলটোক বোলা হয়–

(a) বিষম পৰমাণু।

(b) সমগণ।

(c) কাৰ্যকৰী মূলক। 

(d) সমযোজী।

উত্তৰঃ (a) বিষম পৰমাণু।

প্রশ্ন ১১। সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্রমে –

(a) বৃদ্ধি হয়।

(b) হ্রাস পায়। 

(c) একে থাকে।

(d) এটাও নহয়।

উত্তৰঃ (a) বৃদ্ধি হয়।

প্রশ্ন ১২। এটা সমগণীয় শ্রেণীত দুটা ওচৰা-উঁচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল-

(a) 12u

(b) lu

(c) 14u

(d) 2u

উত্তৰঃ (c) 14u

প্রশ্ন ১৩। পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কার্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে?

(a) নীলা।

(b) হালধীয়া। 

(c) ধোঁৱাযুক্ত।

(d) ৰঙা।

উত্তৰঃ (a) নীলা।

প্রশ্ন ১৪। ক্ষাৰৰ্কীয় পটাছিয়াম পামাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্রিয়া কৰি এলকহ’ল কার্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ –

(a) প্রতিস্থাপন।

(b) যোগাত্মক।

(c) জাৰণ।

(d) বিজাৰণ।

উত্তৰঃ (c) জাৰণ।

প্রশ্ন ১৫। নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?

(a) এষ্টাৰ্ভিৱন।

(b) চেপনিফিচেন।

(c) প্রতিস্থাপন।

(d) হাইড্ৰ’জেনেচন।

উত্তৰঃ (d) হাইড্ৰ’জেনেচন।

প্রশ্ন ১৬। ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল—

(a) CO₂

(b) H₂

(c) O₂

(d) Cl₂

উত্তৰঃ (b) H₂

প্রশ্ন ১৭। ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কার্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যৱহৃত হয়—

(b) গাঢ় HCI

(a) লঘু HCI

(c) গাঢ় H₂SO₄

(d) লঘু H₂SO₄

উত্তৰঃ (c) গাঢ় H₂SO₄

প্রশ্ন ১৮। তলৰ কোনটোক গ্লেচিয়েল এচেটিক এচিড বোলা হয়?

(a) C₂H₅OH

(b) CH₅COOH

(c)CH₃COOC₂H₅

(d) CH₃COONa

উত্তৰঃ (b) CH₅COOH

প্রশ্ন ১৯। কার্বক্সিলিক এচিড আৰু এলক’হলৰ মাজত বিক্রিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদার্থবিধ হ’ল—

(a) ছ’ডিয়াম ইথ’ক্সাইড।

(b) ছ’ডিয়াম ইথান’য়েট।

(c) এষ্টাৰ।

(d) ছ’ডিয়াম কার্বনেট।

উত্তৰঃ (c) এষ্টাৰ।

প্রশ্ন ২০। ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ লগত বিক্রিয়া ঘটি এষ্টাৰ পুনৰ এলকহল আৰু কার্বক্সিলিক এচিডৰ ছ’ডিয়াম লৱণলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটোক বোলা হয়—

(a) এষ্টাৰ্ভিৱন।

(b) চেপ’নিফিকেচন।

(c) হাইড্ৰ’জেনেচন।

(d) কেটিনেচন।

উত্তৰঃ (b) চেপ’নিফিকেচন।

প্রশ্ন ২১। বিউটেনৰ অণু এটা থাকে—

(a) 9 সহযোজী বান্ধনি।

(b) 4 সহযোজী বান্ধনি।

(c) 13 সহযোজী বান্ধনি।

(d) 10 সহযোজী বান্ধনি।

উত্তৰঃ (c) 13 সহযোজী বান্ধনি।

প্রশ্ন ২২। প্রপেনৰ অণু এটাত থাকে-

(a) 10 সহযোজী বান্ধনি।

(b) 9 সহযোজী বান্ধনি।

(c) 11 সহযোজী বান্ধনি।

(d) 8 সহযোজী বান্ধনি।

উত্তৰঃ (a) 10 সহযোজী বান্ধনি।

প্রশ্ন ২৩। তলৰ কোনটো যোৰ এটা সমগণীয় শ্ৰেণীৰ দুটা সমগণ বুলি গণ্য কৰিবা?

(a) C₃H₈, C₄H₆

(b) C₂H₆, C₃H₆

(c) C₄H₈, C₄H₆ 

(d) C₃H₆, C₄H₈

উত্তৰঃ (d) C₃H₆, C₄H₈

প্রশ্ন ২৪। তিনিটা কার্বন যৌগ প্রপানেলত থকা কাৰ্যকৰী মূলকটো হ’ল—

(a) কিট’ন।

(b) এলকহল।

(c) এলডিহাইড।

(d) হেল’জেন।

উত্তৰঃ (c) এলডিহাইড।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top