Class 10 Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ

Class 10 Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শক্তিৰ উৎসসমূহ

Chapter – 14

পৰিৱেশ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনটো এটা আদৰ্শ ইন্ধনৰ চৰ্ত নহয়– 

(a) সহজলভ্য। 

(b) প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা। 

(c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা। 

(d) কম খৰচী। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা। 

2. তলৰ কোনটো এটা প্রচলিত শক্তিৰ উৎস নহয়— 

(a) জীৱাশ্ম ইন্ধন। 

(b) জল বিদ্যুৎ।

(c) তাপভিত্তিক শক্তি প্রকল্প।

(d) সৌৰ শক্তি।  

উত্তৰঃ  (d) সৌৰ শক্তি।  

3. জৈৱ গেছত তলৰ কোনটো গেছ নাথাকে–

(a) হাইড্ৰ’জেন।

(b) নাইট্ৰ’জেন।

(c) মিথেন।

(d) হাইড্ৰ’জেন ছালফাইড।

উত্তৰঃ (b) নাইট্ৰ’জেন।

4. তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস— 

(a) জৈৱ ভৰ।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জীৱাশ্ম ইন্ধন।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

5. তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি–

(a) জোৱাৰ শক্তি।

(b) ভূতাপীয় শক্তি।

(c) তৰংগ শক্তি।

(d) মহাসামূদ্রিক তাপীয় শক্তি।

উত্তৰঃ (b) ভূতাপীয় শক্তি।

6. তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস– 

(a) জীৱাশ্ম ইন্ধন।

(b) তাপভিত্তিক শক্তি প্রকল্প।

(c) জলশক্তি প্রকল্প। 

(d) নিউক্লীয় শক্তি।

উত্তৰঃ (c) জলশক্তি প্রকল্প। 

7. তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস–

(a) বায়ু শক্তি।

(b) জল শক্তি। 

(c) জৈৱ-ভৰ।

(d) জীৱাশ্মজাত ইন্ধন।

উত্তৰঃ (d) জীৱাশ্মজাত ইন্ধন।

8. গৰম পানী পাবলৈ এটা সৌৰ জল হীটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি— 

(a) ৰৌদ্রোজ্জ্বল দিন।

(b) ডাৱৰীয়া দিন।

(c) উষ্ণ দিন।

(d) বতাহ বলি থকা দিন।

উত্তৰঃ (b) ডাৱৰীয়া দিন।

9. তলৰ কোনটো জৈৱ-উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়–

(a) কাঠ।

(b) গোবৰ-গেছ।

(c) নিউক্লীয় শক্তি। 

(d) কয়লা।

উত্তৰঃ (c) নিউক্লীয় শক্তি। 

10. আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়—

(a) ভূতাপীয় শক্তি।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি। 

(d) জৈৱ-উপাদান।

উত্তৰঃ (c) নিউক্লীয় শক্তি। 

11. তলৰ কোনটো এটা ভাল শক্তিৰ উৎসৰ গুণ?

(a) প্রতি একক আয়তন বা ভৰ সাপেক্ষে যথেষ্ট পৰিমাণে কাৰ্য কৰে।

(b) সহজলভ্য।

(c) সঞ্চয় আৰু পৰিবহনৰ বাবে সহজ।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. আমি বিকল্প শক্তিৰ উৎস বিচাৰো, কাৰণ –

(a) বৰ্তমানৰ শক্তিৰ উৎসমূহ দক্ষ নহয়।

(b) বৰ্তমানৰ শক্তিৰ উৎসমূহ অতিকৈ ব্যয়বহুল।

(c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব।

(d) ওপৰৰ আটাইবোৰ।

উত্তৰঃ (c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব ।

13. জীবাশ্মজাত ইন্ধনসমূহ— 

(i) কেতিয়াও শেষ হৈ নাযায়।

(ii) সোনকালে শেষ হৈ যাব।

(iii) অনবীকৰণযোগ্য শক্তিৰ উৎস।

(iv) নবীকৰণযোগ্য শক্তিৰ উৎস।

(a) (i), (iv)

(b) (ii), (iii)

(c) (ii), (iv) 

(d) (i), (iii)

উত্তৰঃ (b) (ii), (iii)

14. ইন্ধনৰ দহনৰ প্ৰভাৱ হ’ল-

(i) গোলকীয় উত্তাপন।

(ii) বায়ু প্রদূষণ। 

(iii) এছিড বৰষুণ।

(iv) সেউজ – গৃহ প্রভাৱ।

শুদ্ধ উত্তৰটো হ’ল– 

(a) (i), (ii) 

(b) কেবল (iv) 

(c) (i), (ii), (ii) 

(d) (i), (ii), (ii), (iv)

উত্তৰঃ (d) (i), (ii), (ii), (iv)

15. জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক? 

(a) কার্বন।

(b) নাইট্ৰ’জেন।

(c) ছালফাৰ।

(d) ওপৰৰ আটাইবোৰ।

উত্তৰঃ (d)ওপৰৰ আটাইবোৰ।

Very Short & Short Type Questions and Answers 

1. এটা ভাল শক্তিৰ উৎস মানে কি?

উত্তৰঃ এটা ভাল শক্তিৰ উৎস হ’ল এনে এক শক্তিৰ উৎস যি প্রতি একক আয়তন বা ভৰ সাপেক্ষে অতি বেছি কাৰ্য কৰে।

2. এটা ভাল ইন্ধন মানে কি? 

উত্তৰঃ এটা ভাল ইন্ধন হ’ল এনে এক ইন্ধন যি দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপ নির্গত কৰে। 

3. জীৱাশ্ম ইন্ধনৰ এটা অসুবিধা কি? 

উত্তৰঃ জীৱাশ্ম ইন্ধনৰ এটা অসুবিধা হ’ল— জীৱাশ্ম ইন্ধন হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস যি এদিন শেষ হৈ যাব। 

4. আমি কিয় বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰো? 

উত্তৰঃ আমি বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰাৰ কাৰণ হ’ল— জীৱাশ্ম ইন্ধনৰ দৰে প্ৰচলিত শক্তিৰ উৎসসমূহ নৱীকৰণ অযোগ্য শক্তিৰ উৎস, যি এদিন শেষ হৈ যাব।

5. ভূতাপীয় শক্তি কি? 

উত্তৰঃ ভূগৰ্ভত সঞ্চিত তাপশক্তিৰ দ্বাৰা উৎপন্ন হোৱা বাষ্পৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰিব পাৰি। এনে শক্তিক ভূতাপীয় শক্তি বোলে।

6. নিউক্লীয় শক্তিৰ এটা সুবিধা কি? 

উত্তৰঃ নিউক্লীয় শক্তিৰ এটা সুবিধা হ’ল— গধুৰ পৰমাণুসমূহৰ বিযোজনৰ পৰা আহৰণ কৰা শক্তিৰ পৰিমাণ আন শক্তিৰ উৎসসমূহৰ তুলনাত যথেষ্ট বেছি। 

7. এনে দুটা শক্তিৰ উৎসৰ নাম লিখা যাক তুমি নৱীকৰণযোগ্য বুলি গণ্য কৰিবা। 

উত্তৰঃ (i) সৌৰ শক্তি। আৰু 

(ii) বায়ু শক্তি। 

8. এনে দুটা শক্তিৰ উৎসৰ নাম লিখা যাক তুমি ক্ষয়িষ্ণু বুলি গণ্য কৰিবা। 

উত্তৰঃ (i) জীৱাশ্ম ইন্ধন। আৰু 

(ii) নিউক্লীয় শক্তি।

9. তলৰ শক্তিৰ উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতাবোৰ কি? 

(a) বতাহ।

(b) তৰংগ।

(c) জোৱাৰ ভাতা।

উত্তৰঃ (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ অসুবিধা হ’ল— বতাহ শক্তি আহৰণৰ বাবে বায়ু পামসমূহ অকল তেনে স্থানতহে স্থাপন কৰিব পাৰি, য’ত বছৰটোৰ বেছিভাগ সময়তেই প্রয়োজনীয় বেগত বতাহ বলি থাকে।

(b) তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধা হ’ল এনে শক্তি অকল তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য’ত সাগৰ বা মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী।

(c) জোৱাৰ ভাতাৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ’ল যে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা বান্ধৰ বাবে সমুদ্ৰতীৰত সুবিধাজনক স্থানৰ অভাৱ।

10. জীৱাশ্ম ইন্ধন কি? 

উত্তৰঃ জীৱাশ্ম ইন্ধন হ’ল পৃথিৱীৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্ট এবিধ ইন্ধন। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল কয়লা আৰু পেট্ৰ’লিয়াম।

11. জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্ট প্ৰদূষণ কেনেদৰে কমাব পাৰি? 

উত্তৰঃ ইঞ্জিনৰ ভিতৰত দহন প্ৰক্ৰিয়াৰ দক্ষতা বঢ়াই। 

12. তাপভিত্তিক শক্তি প্রকল্প কি?

উত্তৰঃ বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধন জ্বলাই কিছুমান বিদ্যুৎ প্ৰকল্পত পানী গৰম কৰা হয় আৰু তাৰ দ্বাৰা উৎপন্ন বাষ্পৰ দ্বাৰা টার্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়। এনেদৰে পোৱা শক্তিক তাপ বিদ্যুৎ বোলা হয় আৰু এই প্রকল্পসমূহক তাপভিত্তিক শক্তি প্রকল্প বোলে।

13. তাপভিত্তিক শক্তি প্ৰকল্পৰ এটা অসুবিধা লিখা। 

উত্তৰঃ তাপভিত্তিক শক্তি প্ৰকল্পৰ এটা অসুবিধা হ’ল— তাপ বিদ্যুৎ প্রকল্পসমূহে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে যি এক নবীকৰণ অযোগ্য শক্তিৰ উৎস আৰু নিৰৱচ্ছিন্ন ব্যবহাৰৰ ফলত এদিন শেষ হৈ যাব। 

14. জলশক্তি প্রকল্প কি? 

উত্তৰঃ জলবিদ্যুৎ প্রকল্পবোৰ হ’ল কিছুমান বিদ্যুৎ উৎপাদন প্রকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। 

15. জল শক্তি প্ৰকল্পৰ এটা সুবিধা লিখা। 

উত্তৰঃ জলবিদ্যুৎ প্ৰকল্পৰ এটা সুবিধা হ’ল— এনে প্ৰকল্পই শক্তি আহৰণৰ বাবে পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰে। পানী এবিধ নৱীকৰণযোগ্য শক্তিৰ উৎস যি জীৱাশ্ম ইন্ধনৰ দৰে নিৰৱচ্ছিন্ন ব্যৱহাৰৰ ফলত এদিন শেষ হৈ নাযায়।

16. নদীবান্ধ কি?

উত্তৰঃ নদীবান্ধবোৰ হ’ল নদীত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন যাক নদীৰ পানী ভেটা দি তাক বৃহৎ জলাধাৰত সংগ্ৰহ কৰিবলৈ বন্ধা হয়। 

17. নদীবান্ধৰ এটা সুবিধা লিখা। 

উত্তৰঃ নদীবান্ধৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি ৷ 

18. তাপভিত্তিক শক্তি প্ৰকল্পৰ তুলনাত জলবিদ্যুৎ প্ৰকল্পৰ সুবিধা কি? 

উত্তৰঃ জলবিদ্যুৎ এক নৱীকৰণযোগ্য শক্তিৰ উৎস, কাৰণ জলাধাৰৰ পানীক বৰষুণৰ দ্বাৰা পুনৰুদ্ধাৰ কৰিব পাৰি। ইয়াৰ বিপৰীতে, তাপ বিদ্যুৎ এক নৱীকৰণ অযোগ্য শক্তিৰ উৎস, কাৰণ এই শক্তি আহৰণৰ বাবে ব্যৱহাৰ হোৱা জীৱাশ্ম ইন্ধন এদিন অবিৰত ব্যৱহাৰৰ ফলত শেষ হৈ যাব। 

19. জৈৱ – ভৰ কি? 

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা পোৱা শক্তিৰ উৎসক জৈৱ-ভৰ বোলে। 

20. জৈৱ – গেছ বা গোবৰ গেছ কি? 

উত্তৰঃ জৈৱ-গেছ বা গোবৰ গেছ হ’ল মিথেন, কার্ক- ডাই-অক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন ছালফাইড আদি গেছৰ এক মিশ্ৰণ যাক অক্সিজেনৰ অনুপস্থিতিত গৰুৰ গোবৰ, শাক-পাচলিৰ পেলনীয়া অংশ আৰু ঘৰুৱা আবৰ্জনাৰ বিয়োজনৰ দ্বাৰা উৎপন্ন কৰা হয়। 

21. বায়ুকল কি? 

উত্তৰঃ বায়ুকল হ’ল ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতি শক্তিক আৱদ্ধ কৰি তাৰ সহায়ত টার্বাইন ঘূৰাই বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকল ব্যৱহাৰ কৰা হয়।

22. বায়ুশক্তি পাম কি? 

উত্তৰঃ যেতিয়া এক বৃহৎ অঞ্চলত, বহুতো বায়ুকল একেলগে স্থাপন কৰা হয়, তেতিয়া তাক এখন বায়ু শক্তি পাম বোলা হয়। 

23. সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলাৰ নাম লিখা। 

উত্তৰঃ (i) সৌৰ কুকাৰ।

(ii) সৌৰ কোষ। 

24. সৌৰ কোষ কি? 

উত্তৰঃ সৌৰ কোষ হ’ল এনে এক আহিলা। যিয়ে সৌৰ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে। 

25. জোৱাৰ ভাতাৰ শক্তি কি? 

উত্তৰঃ জোৱাৰ আৰু ভাতাৰ সময়ত সৃষ্টি হোৱা সাগৰ- পৃষ্ঠৰ পাৰ্থক্যৰ বাবে আহৰণ কৰিব পৰা শক্তিক জোৱাৰ শক্তি বোলে। 

26. জোৱাৰ ভাতাৰ শক্তিৰ অসুবিধা কি? 

উত্তৰঃ জোৱাৰ শক্তিৰ মুখ্য অসুবিধা হ’ল সমুদ্ৰতীৰত বান্ধ নিৰ্মাণ কৰিবলৈ সুবিধাজনক স্থানৰ অভাৱ।

27. মহাসামুদ্রিক তাপীয় শক্তি কি?

উত্তৰঃ সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানীভাগ সূৰ্য্যৰ তাপত উত্তাপিত হয় আৰু তাৰ বিপৰীতে গভীৰ স্তৰৰ পানীভাগ আপেক্ষিকভাৱে শীতল হৈ থাকে। উষ্ণতাৰ এই পাৰ্থক্যৰ পৰা মহাসমূদ্র-তাপীয় শক্তি ৰূপান্তৰণ প্রকল্পসমূহত শক্তি আহৰণ কৰা হয়, যাক মহাসামুদ্রিক তাপীয় শক্তি বোলা হয়।

28. নিউক্লীয় শক্তি কি? 

উত্তৰঃ  কিছুমান গধুৰ পৰমাণুৰ নিউক্লিয়াছক কম শক্তি- সম্পন্ন নিউট্ৰনৰ দ্বাৰা খুন্দিয়াই আহৰণ কৰা শক্তিক নিউক্লীয় শক্তি বোলে। 

29. নৱীকৰণ যোগ্য শক্তিৰ উৎস কি?

উত্তৰঃ যি বিলাক শক্তিৰ উৎসক পুনৰুদ্ধাৰ কৰিব পাৰি, তেনে শক্তিৰ উৎসক নৱীকৰণযোগ্য শক্তিৰ উৎস বোলে। 

30. ক্ষয়িষ্ণু বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস কি? 

উত্তৰঃ যিবিলাক শক্তিৰ উৎস উপর্যুপৰি ব্যৱহাৰৰ ফলত এদিন শেষ হৈ যাব, তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস বোলে। 

31. গধুৰ পৰমাণুৰ পৰা নিউক্লীয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াটোৰ নাম কি? 

উত্তৰঃ নিউক্লীয় বিযোজন। 

32. এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ সৌৰ শক্তি।

দুটা সুবিধা– 

(i) ই এক নৱীকৰণযোগ্য শক্তিৰ উৎস।

(ii) ই পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি কৰে।

33. সৌৰকোষ ফলক কি?

উত্তৰঃ বহুসংখ্যক সৌৰ কোষ একত্ৰিত কৰি নিৰ্মাণ কৰা আহিলাবিধক সৌৰ কোষ বোলে।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। এটা আদর্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ এটা আদৰ্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—

(i) ই দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপ উৎপন্ন কৰে।

(ii) ই অতি কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে। আৰু 

(iii) ই সহজলভ্য হয়।

প্রশ্ন ২। জীবাশ্ম ইন্ধন কি?

উত্তৰঃ জীৱাশ্ম ইন্ধন হ’ল পৃথিৱীৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্ট এবিধ ইন্ধন। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল কয়লা আৰু পেট্ৰ’লিয়াম।

প্রশ্ন ৩। জল বিদ্যুৎ প্রকল্প কি?

উত্তৰঃ জলবিদ্যুৎ প্রকল্পবোৰ হ’ল কিছুমান বিদ্যুৎ উৎপাদন প্রকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়।

প্রশ্ন ৪। জৈৱ-ভৰ কি?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা পোৱা শক্তিৰ উৎসক জৈৱ-ভৰ বোলে।

প্রশ্ন ৫। জৈৱ-গেছ প্ৰকল্পৰ সুবিধাসমূহ কি?

উত্তৰঃ (i) এনে প্ৰকল্পই পৰিৱেশৰ প্ৰদূষণ সৃষ্টি নকৰে।

(ii) এনে প্ৰকল্পই জৈৱ-ভৰ ব্যৱহাৰ কৰে, যি এক নৱীকৰণযোগ্য শক্তিৰ উৎস।

প্রশ্ন ৬। বায়ুশক্তি পাম (wind energy farm) কি?

উত্তৰঃ যেতিয়া এক বৃহৎ অঞ্চলত, বহুতো বায়ুকল একেলগে স্থাপন কৰা হয়, তেতিয়া তাক এখন বায়ু শক্তি পাম বোলা হয়।

প্রশ্ন ৭। বায়ুশক্তিৰ সুবিধাসমূহ লিখা?

উত্তৰঃ বায়ু শক্তিৰ সুবিধাসমূহ হ’ল—

(i) এইটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস।

(ii) এনে শক্তিৰ ব্যৱহাৰৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয়। 

প্রশ্ন ৮। সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলাৰ নাম লিখা।

উত্তৰঃ সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলা হ’ল— 

(i) সৌৰ কুকাৰ (solar cooker)।

(ii) সৌৰ কোষ (solar cell)।

প্রশ্ন ৯। সৌৰ কোষ কি?

উত্তৰঃ সৌৰ কোষ হ’ল এনে এক আহিলা। যিয়ে সৌৰ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন ১০। জোৱাৰ শক্তি কি?

উত্তৰঃ জোৱাৰ আৰু ভাটাৰ সময়ত সৃষ্টি হোৱা সাগৰ-পৃষ্ঠৰ পাৰ্থক্যৰ বাবে আহৰণ কৰিব পৰা শক্তিক জোৱাৰ শক্তি বোলে।

প্রশ্ন ১১। জোৱাৰৰ পৰা শক্তি কেনেদৰে আহৰণ কৰিব পাৰি?

উত্তৰঃ সাগৰলৈ সোমাই যোৱা ঠেক স্থান এডোখৰত বান্ধ নিৰ্মাণ কৰি জোৱাৰ শক্তি আহৰণ কৰা হয়। বান্ধৰ মুখত স্থাপন কৰা টার্বাইনে জোৱাৰ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে৷

প্রশ্ন ১২। জোৱাৰ শক্তিৰ অসুবিধা কি?

উত্তৰঃ জোৱাৰ শক্তিৰ মুখ্য অসুবিধা হ’ল সমুদ্রতীৰত বান্ধ নিৰ্মাণ কৰিবলৈ সুবিধাজনক স্থানৰ অভাৱ।

প্রশ্ন ১৩। জোৱাৰ শক্তিৰ দুটা সুবিধা লিখা।

উত্তৰঃ জোৱাৰ শক্তিৰ দুটা সুবিধা হ’ল— 

(i) ই এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস। 

(ii) ই পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি নকৰে।

প্রশ্ন ১৪। তৰংগ শক্তি (Wave energy) কি?

উত্তৰঃ সমুদ্রতীৰত ডাঙৰ ডাঙৰ ঢৌৰ গতিশক্তিক আৱদ্ধ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি। তৰংগৰ পৰা এনেদৰে আহৰণ কৰা শক্তিক তৰংগ শক্তি বোলে।

প্রশ্ন ১৫। তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ অসুবিধা কি?

উত্তৰঃ তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ মুখ্য অসুবিধা হ’ল এনে শক্তি মাথোঁ তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য’ত ঢৌবোৰ খুবেই শক্তিশালী।

প্রশ্ন ১৬। ভূতাপীয় শক্তিৰ অসুবিধা কি?

উত্তৰঃ ভূতাপীয় শক্তিৰ মুখ্য অসুবিধা হ’ল এনে শক্তি আহৰণৰ বাবে সুবিধাজনক স্থানৰ অভাৱ৷

প্রশ্ন ১৭। নিউক্লীয় শক্তি কি?

উত্তৰঃ কিছুমান গধুৰ পৰমাণুৰ নিউক্লিয়াছক কম শক্তি-সম্পন্ন নিউট্ৰনৰ দ্বাৰা খুন্দিয়াই আহৰণ কৰা শক্তিক নিউক্লীয় শক্তি বোলে। 

প্রশ্ন ১৮। নৱীকৰণ যোগ্য শক্তিৰ উৎস (Renewable source of energy) কি? উদাহৰণ দিয়া।

উত্তৰঃ যি বিলাক শক্তিৰ উৎসক পুনৰুদ্ধাৰ কৰিব পাৰি, তেনে শক্তিৰ উৎসক নৱীকৰণযোগ্য শক্তিৰ উৎস বোলে। যেনে: জল শক্তি, বায়ু শক্তি, জৈৱ-ভৰ আদি।

প্রশ্ন ১৯। ক্ষয়িষ্ণু (Exhaustible) বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস কি? উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক শক্তিৰ উৎস উপর্যুপৰি ব্যৱহাৰৰ ফলত এদিন শেষ হৈ যাব, তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস বোলে। যেনেঃ জীৱাশ্ম ইন্ধন, নিউক্লীয় শক্তি।

প্রশ্ন ২০। প্রচলিত শক্তিৰ উৎসৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ প্রচলিত শক্তিৰ উৎসৰ তিনিটা উদাহৰণ হ’ল— 

(i) জীৱাশ্ম ইন্ধন।

(ii) তাপ বিদ্যুৎ।

(iii) জল বিদ্যুৎ।

প্রশ্ন ২১। অপ্রচলিত বা বিকল্প শক্তিৰ উৎসৰ চাৰিটা উদাহৰণ দিয়া।

উত্তৰঃ অপ্রচলিত বা বিকল্প শক্তিৰ উৎসৰ চাৰিটা উদাহৰণ হ’ল— 

(i) সৌৰ শক্তি।

(ii) জোৱাৰ শক্তি।

(iii) তৰংগ শক্তি।

(iv) ভূতাপীয় শক্তি।

প্রশ্ন ২২। গধুৰ পৰমাণুৰ পৰা নিউক্লীয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াটোৰ নাম কি?

উত্তৰঃ গধুৰ পৰমাণুৰ পৰা নিউক্লীয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াটোৰ নাম হ’ল নিউক্লীয় বিযোজন (Nuclear fission)।

প্রশ্ন ২৩। এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম হ’ল— সৌৰ শক্তি। 

(i) ই এক নৱীকৰণযোগ্য শক্তিৰ উৎস। আৰু 

(ii) ই পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি কৰে।

প্রশ্ন ২৪। সৌৰকোষ ফলক কি?

উত্তৰঃ বহুসংখ্যক সৌৰ কোষ একত্ৰিত কৰি নিৰ্মাণ কৰা আহিলাবিধক সৌৰ কোষ বোলে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা।

প্রশ্ন ১। তলৰ কোনটো এটা আদৰ্শ ইন্ধনৰ চৰ্ত নহয় –

(a) সহজলভ্য।

(b) প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা।

(c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।

(d) কম খৰচী।

উত্তৰঃ (c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।

প্রশ্ন ২। তলৰ কোনটো এটা প্রচলিত শক্তিৰ উৎস নহয় –

(a) জীৱাশ্ম ইন্ধন।

(b) জল বিদ্যুৎ।

(c) তাপ বিদ্যুৎ।

(d) সৌৰ শক্তি।

উত্তৰঃ (d) সৌৰ শক্তি।

প্রশ্ন ৩। জৈৱ-গেছত তলৰ কোনটো গেছ নাথাকে –

(a) হাইড্ৰ’জেন।

(b) নাইট্ৰ’জেন।

(c) মিথেন।

(d) হাইড্ৰ’জেন ছালফাইড।

উত্তৰঃ (b) নাইট্ৰ’জেন।

প্রশ্ন ৪। তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস—

(a) জৈৱ-ভৰ।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জীৱাশ্ম ইন্ধন।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্ন ৫। তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি –

(a) জোৱাৰ শক্তি।

(b) ভূতাপীয় শক্তি।

(c) তৰংগ শক্তি।

(d) মহাসামূদ্রিক তাপীয় শক্তি।

উত্তৰঃ (b) ভূতাপীয় শক্তি।

প্রশ্ন ৬। তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস—

(a) জীৱাশ্ম ইন্ধন।

(b) তাপ বিদ্যুৎ।

(c) জল বিদ্যুৎ।

(d) নিউক্লীয় শক্তি।

উত্তৰঃ (c) জল বিদ্যুৎ।

প্রশ্ন ৭। তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস—

(a) বায়ু শক্তি।

(b) জল শক্তি।

(c) জৈৱ-ভৰ।

(d) জীৱাশ্মজাত ইন্ধন।

উত্তৰঃ (d) জীৱাশ্মজাত ইন্ধন।

প্রশ্ন ৮। গৰম পানী পাবলৈ এটা সৌৰ জল হীটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি—

(a) ৰৌদ্রোজ্জ্বল দিন।

(b) ডাৱৰীয়া দিন।

(c) উষ্ণ দিন।

(d) বতাহ বলি থকা দিন।

উত্তৰঃ (b) ডাৱৰীয়া দিন।

প্রশ্ন ৯। তলৰ কোনটো জৈৱ-উপাদানশক্তিৰ উৎসৰ উদাহৰণ নহয়-

(a) কাঠ।

(b) গোবৰ-গেছ।

(c) নিউক্লীয় শক্তি।

(d) কয়লা।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্ন ১০। আমি ব্যৱহাৰ কৰা বেছি ভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্রতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়-

(a) ভূতাপীয় শক্তি।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জৈৱ-উপাদান। 

উত্তৰঃ (c) নিউক্লীয় শক্তি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top