Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Join Telegram channel

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আন এক শ্ৰেণীৰ সংস্কৃত শব্দ যিবোৰ সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি অসমীয়াত সোমোৱা শব্দবোৰ নতুন ৰূপ লৈছে। এই শব্দবোৰ নব্য ভাৰতীয় আর্য ভাষাই উত্তৰাধিকাৰী সূত্রে লাভ কৰিছে। গতিকে পালি, প্ৰাকৃত আৰু অপভ্ৰংশ স্তৰৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়াত  ব্যৱহৃত শব্দবোৰক তদ্ভৱ শব্দ বোলে।

অসমীয়া ভাষাত প্রচলিত সংস্কৃতমূলীয় শব্দবিলাকৰ বেছিভাগেই তদ্ভৱ শব্দ। এই শব্দসমূহ অৰ্ধ তৎসম শব্দবিলাকৰ আগতেই অসমীয়াত সোমাইছে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেলেমান ঘৰুৱা শব্দ, শৰীৰৰ অংগ-প্ৰত্যংগ বুজোৱা শব্দ, গছ-গছনি বুজোৱা শব্দ, ফল-মূলৰ গছ নাম বুজোৱা শব্দ, শাক-পাচলিবাচক শব্দ, ফুল-গছ-লতিকাৰ নাম, জীৱ-জন্তুৰ নাম, পোক-পৰুৱাৰ নাম  চৰাই-চিৰিকটিৰ নাম, মাছ পুঠিৰ নাম, দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ। দিন-মাহ আদিৰ নাম, সংখ্যাবাচক শব্দ, গুণবাচক বিশেষণ, সর্বনাম, ক্রিয়া, অব্যয় শব্দ আদি তদ্ভৱ শব্দৰ অন্তৰ্ভুক্ত। তলত কেইটামান তদ্ভৱ শব্দ উল্লেখ কৰা হ’ল―

সংস্কৃতপ্রাকৃততদ্ভৱ
ঘৃতঘিঅঘী, ঘীউ
দক্ষিণদকখিনদখিন
জ্যোৎস্নাজোনহা জোনাক
অদ্যঅজ্জআজি
ভ্রাতৃকঃভাইঅভাই

এইবিলাকৰ উপৰি গুণবাচক বিশেষণ শব্দ (সঁচা < সত্য, মিছা < মিথ্যা, ভাল < ভদ্র, ক’লা < কালক, হলিধী < হৰিদ্ৰ), সর্বনাম শব্দ (মই <ময়া, আমি< অস্মে, আপোন < আত্মম); অব্যয় শব্দ (যিহকে< যদাহি, তিয়কে < তদাহি আৰু অপৰ); ক্রিয়াবাচক শব্দ (কৰে কৰোতি, খায় < খাদতি, শুনে < শৃণোতি, দিয়ে < দদাতি হয় < ভৱতি, যায় <যাতি); সংখ্যাবাচক শব্দ কুৰি আৰু হাজাৰ বাদ দি বাকী সকলোবোৰ শব্দ আদি উল্লেখ কৰিব পাৰি।

উল্লেখযোগ্য যে সংস্কৃতৰ দন্ত্য ‘স’, মূর্ধন্য ‘ষ’ আৰু তালব্য ‘শ’ৰ উচ্চাৰণ অসমীয়াত সম্পূর্ণ বেলেগ, তাৰ ঠাইত কেৱল অঘোষ পশ্চ তালব্য উষ্ম ‘স’-ৰ উচ্চাৰণ হয়। অৱশ্যে এই শব্দসমূহ লিখোঁতে সংস্কৃত বানানতেই লিখা হয় আৰু এনে শব্দৰ সন্ধি, সমাস, ণ-ত্ব বিধি, ষত্ন-বিধিৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণৰ নীতি-নিয়মসমূহ মানি চলা হয়। সেয়ে উচ্চাৰণগত পার্থক্য থকা সত্ত্বেও এইবোৰ শব্দত সংস্কৃত শব্দৰ এটি সৰলীকৃত ৰূপহে দেখা পোৱা যায়। 

অসমীয়া সম্বন্ধবাচক শব্দবোৰৰো মূল সংস্কৃত। ৰমেশ পাঠকে এখন তালিকা দিছে। তলত তালিকাখন উল্লেখ কৰা হ’ল –

সংস্কৃতপ্রাকৃতঅসমীয়া
বপ্ৰবপ্পোবাপ
পিতৃ স্বশৃকাপিউসীআপেহী
মাতৃ স্বশৃকামাউসীআমাহী
জামাতৃকজামাউঅজোঁৱাই
ধীদা/দুহিতাজিআজীয়ৰী
মামকঃমামওমামা
দেৱৰদিঅৰদেওৰ
স্বশ্ৰকসাসুশাহু
ভগ্নী > ভগিনীভইনীভনী
জেঠজেতুথোজেঠা
পতিপঈপৈ

আগতে উল্লেখ কৰি অহা হৈছে যে অসমীয়া ভাষাৰ কথিত ৰূপত ব্যৱহৃত গুপ্তাংগবাচক শব্দবোৰ সংস্কৃতৰ পৰা আহিছে। ৰমেশ পাঠকদেৱে উল্লেখ কৰা তালিকাখন প্রস্তুত কৰা হল–

সংস্কৃতঅসমীয়া
কক্ষতলীকাষতলী
হস্তহাত
গুফগোঁফ
বুককবুকু
অষ্ঠিৱৎআঁঠু

ইতিমধ্যে উল্লেখ কৰা তালিকাখনৰ উপৰিও পাঠ ডাঙৰীয়াই দৈনন্দিন জীৱনত ব্যৱহৃত আৰু কিছু শব্দৰ এখন তালিকাও উল্লেখ কৰি গৈছে। তলত উল্লেখ কৰা হ’ল―

অসমীয়াপ্রাকৃতসংস্কৃত
উজুউজ্জুঋজু
মুঠমুটঠিমুষ্টি
চতুর্থউেউঠোচতুর্থঃ
মগুমগগুমদগুঃ
যখজক্‌খোযক্ষ
পকাপকক, পিককপককং
উছাহউচ্ছাহোউৎসাহ
শুকানসুক্কম, সুখমশুষকং
জীণজীণনোজীর্ণ, ইত্যাদি

৯। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। এই ধাৰণাটো কিমান দূৰ শুদ্ধ? আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে আমাৰ ধাৰণা যে অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। দৰাচলতে এই ধাৰণা সর্বাংশে শুদ্ধ নহয়। ভাষা-বিচাৰৰ দৃষ্টিভংগীৰে চালে এই কথা ক’ব পাৰি যে সংস্কৃত ভাষা বৈদিক ভাষাৰ সমগোত্রীয় কথিত ভাষাৰ পৰিমাৰ্জিত আৰু সাহিত্যিক ৰূপহে। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতি সাধনাৰ মাধ্যমৰূপে প্রসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যিক মাধ্যমৰূপে প্রতিষ্ঠিত হয়। পাণিনিৰ দৰে ব্যাকৰণে এই ভাষাক উপযুক্ত বৈজ্ঞানিক ভিত্তি আৰু সাহিত্য চৰ্চাৰ উপযোগী বুলি মৰ্যাদা প্রদান কৰে। কিন্তু এই ভাষাৰ ব্যাকৰণৰ কটকটীয়া বান্ধোনে চাৰিওফালে বেৰা দি তেওঁ বিকাশৰ পথো বহু পৰিমাণে ৰুদ্ধ কৰি দিয়ে। বেদ আৰু ব্ৰাহ্মণ গ্ৰন্থৰ ভাষাৰ লগত ঘনিষ্ট সম্বন্ধ থকা বৈদিক যুগৰ কথিত ভাষাবিশেষ বিভিন্ন আর্য অধ্যুষিত স্থানত তেতিয়া প্ৰচলিত আছিল। উত্তৰ-পশ্চিম অঞ্চলৰ এনে কথিত আর্যভাষাকেই ভেটি কৰি সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল। 

গতিকে সংস্কৃতৰ বাহিৰেও আৰ্থ-সংস্কাৰযুক্ত জনসাধাৰণৰ মাজত দৈনন্দিন জীৱনযাত্ৰা নিৰ্বাহৰ ক্ষেত্ৰত অসংস্কৃত কথিত আর্যভাষা প্রচলিত আছিল। বৈদিক যুগত প্ৰচলিত কথিত আৰ্য-ভাষাই ক্ৰমে পৰিৱৰ্তন লাভ কৰি আৰু সফল হৈ প্রাকৃত ভাষাৰূপে অভিহিত হয়। আভিজাত্য গর্বিত সংস্কৃত পণ্ডিতসকলে অৱজ্ঞাৰ দৃষ্টিৰে এই ভাষাসমূহক প্রাকৃত অর্থাৎ জনসাধাৰণৰ ভাষা বা অসংস্কৃত মূলভাষা (প্রকৃতি সম্বন্ধীয়) বুলি আখ্যা দিছে। জনসাধাৰণৰ মুখে মুখে এই প্রাকৃত ভাষাই আৰু সৰলতৰ হৈ অপভ্ৰংশত পৰিণত হয়। নাটক আৰু কাব্যত পোৱা বা সংৰক্ষিত হোৱা প্ৰাকৃত ভাষা সাহিত্যিক প্ৰাকৃতৰহে নিদৰ্শন। এনে ধৰণৰ সাহিত্যিক প্ৰাকৃত (literary Prakrit) আধুনিক ভাৰতীয় ভাষাসমূহৰ উৎপত্তিৰ বহু পাছলৈকে অর্থাৎ ষোড়শ শতাব্দী মানলৈকে অনুশীলন আৰু লিখিত হোৱাৰ উদাহৰণ যথেষ্ট পোৱা যায়। 

এই সাহিত্যিক প্রাকৃত কেইবিধৰ পটভূমিত যে একো একোটা কথিত প্রাকৃত আছিল সেই বিষয়ে সন্দেহ নাই। দৰাচলতে অশোকৰ শিলালিপিসমূহ আৰু খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ অনুশাসনৰ ভাষাহে কথিত প্ৰাকৃতৰ নিকটতম ৰূপ। তৎ পৰৱৰ্তী কাব্য নাটকত যি প্ৰাকৃত ব্যৱহাৰ হৈছে সি ৰীতিবদ্ধ সাহিত্যিক প্রাকৃত।      

প্ৰাকৃতৰ তিনিটা স্তৰ পণ্ডিতসকলে নিৰ্দেশ কৰিছেঃ আদি প্রাকৃত, মধ্য প্রাকৃত, অন্ত্য প্রাকৃত।

পাৰিপাৰ্শ্বিক অৱস্থা আৰু জনসাধাৰণৰ উচ্চাৰণ বৈশিষ্ট্য অনুসৰি বিভিন্ন অঞ্চলৰ প্ৰাকৃত ভাষাই কিছু বিভিন্নতা লাভ কৰিছে। সাহিত্যিক নিদৰ্শনৰ ওপৰত কেৱল নিৰ্ভৰ কৰি এনে আঞ্চলিক প্রাকৃত ৪টা পোৱা যায়। পূৰ্বাঞ্চলৰ প্ৰাকৃতৰ নাম মাগধী, মধ্যদেশৰ প্ৰাকৃতৰ নাম শৌৰসেনী, দক্ষিণ-পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰী আৰু উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম পৈশাচী দিয়া হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃতক আদর্শ প্রাকৃত বুলি ধৰা হয়। প্রাকৃত কবিতা আৰু কাব্যৰ ভাষা মহাৰাষ্ট্ৰী। ‘গাহাসত্তসই’ অর্থাৎ ‘গাথাসপ্তশতী’, ‘সেতুবন্ধ’, ‘গৌড়বধ’ আদি প্ৰাকৃত কাব্য মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত। শৌৰসেনী প্ৰাকৃত সংস্কৃত নাটকৰ উচ্চ শ্ৰেণীৰ নাৰী আৰু সাধাৰণ পুৰুষৰ ভাষা। পৈশাচী প্ৰাকৃতৰ কোনো নিদর্শন বর্তমান নাই। কিন্তু এসময়ত এই প্রাকৃতত বৃহৎ গল্পগ্রন্থ গুণাঢ্যৰ ‘বৃহৎ কথা’ ৰচিত হৈছিল। পৰৱৰ্তী সংস্কৃত কাহিনীবোৰ— ‘কথাসৰিৎ সাগৰ’, ‘কথা মঞ্জুৰী’, ‘দশকুমাৰ চৰিত’, আদিৰ মূল গুণাঢ্যৰ ‘বৃহৎ কথা’ই বুলি নিশ্চিতভাৱে জানিব পাৰি। 

মাগধী প্ৰাকৃতত কোনো পুথি লিখাৰ প্ৰমাণ পোৱা নাযায়, সংস্কৃত নাটৰ অতি নিম্ন শ্ৰেণীৰ চৰিত্ৰৰ মুখত এই ভাষা দিছিল। ইয়াৰ বাহিৰেও জৈন অর্ধমাগধী নামৰ আন এটা প্ৰাকৃতৰ প্ৰয়োগ জৈন সাহিত্যত পোৱা যায়। মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখা ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰিছে— 

(১) ৰাঢ়, অর্থাৎ পশ্চিমবংগ (ইয়াৰ পৰা পশ্চিমবংগৰ উপভাষাৰ সৃষ্টি হৈছে)।

(২) বৰেন্দ্ৰ (ইয়াৰ পৰা উত্তৰ-মধ্য বংগৰ উপভাষা সৃষ্টি হৈছে)।

(৩) বঙ্গ (পূৱ বঙ্গৰ উপভাষা সৃষ্টি হৈছে)।

(৪) কামৰূপ। 

এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰা অসমীয়া আৰু উত্তৰ-বঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ কথিত ভাষাৰ সৃষ্টি হৈছে। দৰাচলতে উত্তৰ-বঙ্গৰ উপভাষা আৰু অসমীয়াৰ মাজত কোনো প্রভেদ নাছিল। উত্তৰ-বঙ্গৰ জিলাকেইখন পুৰণি কালত সদায় কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ৰংপুৰ-কোচবিহাৰ অঞ্চল সময় বিশেষে অসমীয়া সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থলো হৈছিল। কোচৰাজ্যৰ পতনৰ লগে লগে অর্থাৎ অষ্টাদশ শতিকাৰ পৰা ক্ৰমে উত্তৰ-বঙ্গ অঞ্চলৰ লগত অসমৰ সাংস্কৃতিক সম্বন্ধ হ্ৰাস হৈ আহিবলৈ ধৰে আৰু বঙালী ভাষাৰ প্ৰভাৱত পৰে। কোচবিহাৰ ৰংপুৰ অঞ্চল ব্ৰিটিছ ৰাজত্বত বঙ্গদেশৰ অন্তৰ্ভুক্ত হোৱাত কালক্রমে বঙ্গভাষা আৰু সাহিত্যৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু অসমীয়া ভাষা-সাহিত্যৰ সংস্পৰ্শৰ দ্বাৰা ক্ৰমে আঁতৰি যায়।

(খ) অসমীয়া ভাষাৰ বিকাশ (প্রত্ন অসমীয়া স্তৰ, প্ৰাচীন অসমীয়া ভাষাৰ স্তৰ, মধ্য অসমীয়া ভাষাৰ স্তৰ, আধুনিক অসমীয়া ভাষাৰ স্তৰ)

অতি চমু প্রশ্নোত্তৰ

১। প্রত্ন স্তৰৰ অসমীয়া ভাষাৰ নিদৰ্শনসমূহ কি কি?

উত্তৰঃ তামৰ ফলিসমূহৰ ভাষা, চৰ্যাপদৰ ভাষা আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত প্রত্ন স্তৰৰ অসমীয়া ভাষাৰ নিদর্শন পোৱা গৈছে।

২। হিউৱেনচাং ক’ৰ ব্যক্তি আৰু তেওঁ কেতিয়া কামৰূপলৈ আহিছিল? 

উত্তৰঃ হিউৱেনচাং চীন দেশৰ ব্যক্তি। তেওঁ খ্ৰীষ্টীয় সপ্তম শতিকাত কামৰূপলৈ আহিছিল।

৩।“অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে”— মন্তব্যটো কাৰ? 

উত্তৰঃ ড° বাণীকান্ত কাকতি।

৪। চৰ্যাপদৰ ভাষাত ব্যৱহৃত এটি ৰূপতত্ত্বমূলক বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ স্বৰধ্বনিৰ হ্রস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে— কামৰূপ > কামৰুপ।

৫। শংকৰদেৱে বৰগীত আৰু অংকীয়া নাটসমূহত কি ভাষা প্ৰয়োগ কৰিছিল? 

উত্তৰঃ ব্ৰজাৱলী ভাষা।

৬। কোনখন কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পাশ্চাত্যত জন্ম লাভ কৰা ৰমন্যাসবাদৰ পৰিপ্ৰকাশ ঘটে?

উত্তৰঃ জোনাকী কাকতৰ জৰিয়তে।

৭। অসমীয়া ভাষাৰ মূল কি?

উত্তৰঃ অধিকাংশ পণ্ডিতৰ মতে— ‘মাগধী অপভ্রংশ‍ই অসমীয়া ভাষাৰ মূল’। 

৮। তামৰ ফলিত ‘ঔ’ ধ্বনিটো কি ৰূপলৈ পৰিৱৰ্তন ঘটিছে?

উত্তৰঃ তামৰ ফলিত ‘ঔ’ ধ্বনিটোৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ হয়। যেনে— ধৌতেশ্বৰ > ধোতেশ্বৰ।

৯। শ্রীকৃষ্ণ কীর্তনত বহুবচন বুজাবলৈ কি ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণ কীৰ্তনত বহুবচন বুজাবলৈ ‘গণ’ ব্যৱহাৰ কৰা হৈছে।

১০। উদ্ভৱ কালৰ বা প্রত্ন স্তৰৰ সময় কোনখিনি বুলি ধৰা হয়?

 উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ / সপ্তম শতিকাৰ পৰা চতুৰ্দশ শতিকা।

১১। মিশ্র সাহিত্যৰ দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা।

উত্তৰঃ শ্ৰীকৃষ্ণ কীৰ্ত্তন আৰু শূন্যপুৰাণ।

১২। প্ৰাচীন অসমীয়া ভাষাৰ সময় বুলি ক’লে কোনখিনি সময়ক বুজা যায়? 

উত্তৰঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ ভাগলৈকে।

১৩। প্রাচীন অসমীয়া ভাষাৰ সময়খিনিক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি? 

উত্তৰঃ প্ৰাচীন অসমীয়া ভাষাৰ সময়খিনিক দুটা ভাগত ভাগ কৰা হৈছে। যেনে— প্রাক্‌ শংকৰী আৰু শংকৰী।

১৪। প্ৰাক্‌-শংকৰী যুগৰ সাহিত্যিক কেইজনৰ নাম উল্লেখ কৰা।

উত্তৰঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

১৫। হেম সৰস্বতী কোন সময়ৰ কবি?

উত্তৰঃ ত্ৰয়োদশ শতিকাৰ শেষ বা চতুৰ্দশ শতিকাৰ আদি ভাগৰ কবি আছিল হেম সৰস্বতী।

১৬। অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদর্শন কি?

উত্তৰঃ প্ৰহ্লাদ চৰিত ৷

১৭৷ প্ৰহ্লাদ চৰিত কাব্যখনৰ ৰচক কোন? 

উত্তৰঃ হেম সৰস্বতী।

১৮। অশ্বমেধ পর্ব কাৰ ৰচনা?

উত্তৰঃ হৰিবৰ বিপ্ৰৰ।

১৯। জয়দ্রথ বধ কাৰ ৰচনা?

উত্তৰঃ কবিৰত্ন সৰস্বতী।

২০। দ্ৰোণ পৰ্ব কাৰ ৰচনা?

উত্তৰঃ ৰুদ্ৰ কন্দলী।

২১। বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? 

উত্তৰঃ মাধৱ কন্দলীয়ে।

২২। মহাপুৰুষ শংকৰদেৱে তেওঁৰ বৰগীত আৰু অংকীয়া নাটসমূহত কি ভাষা প্রয়োগ কৰিছিল?

উত্তৰঃ ব্ৰজাৱলী।

২৩। শংকৰী যুগৰ কেইগৰাকীমান কবিৰ নাম উল্লেখ কৰা। 

উত্তৰঃ অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী আদি।

২৪। পাঁচালী কবিসকল কোন কোন?

উত্তৰঃ পীতাম্বৰ, দুর্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।

২৫। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?

উত্তৰঃ ভট্টদেৱ।

২৬৷ কবিৰত্ন সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ দুৰ্লভ নাৰায়ণৰ।

২৭। ‘জয়দ্রথ-বধ’কাব্যখনৰ কাহিনীভাগ ক’ৰ পৰা চয়ন কৰা হৈছিল?

উত্তৰঃ মহাভাৰতৰ পৰা।

২৮। ৰুদ্ৰ কন্দলীৰ পৃষ্ঠপোষক ৰজাজন কোন আছিল?

উত্তৰঃ তাম্ৰধ্বজ ৰজা।

২৯। লৱ-কুশৰ যুদ্ধ কাব্যখনৰ মূল বিষয়বস্তু ক’ৰ পৰা চয়ন কৰা হৈছে? 

উত্তৰঃ জৈমিনীৰ অশ্বমেধ পৰ্বৰ পৰা।

৩০। বব্ৰুবাহনৰ যুদ্ধ কাব্যখনৰ মুঠ পদৰ সংখ্যা কিমান?

উত্তৰঃ ৬১৫ টা।

৩১। মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ বৰাহী ৰজা মহামাণিকাৰ।

৩২। মাধৱ কন্দলীৰ ৰামায়ণৰ এতিয়ালৈকে কেইটা খণ্ড উদ্ধাৰ হৈছে?

উত্তৰঃ ৫ টা।

৩৩। প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কৰি কোন?

উত্তৰঃ মাধৱ কন্দলী।

৩৪। ভট্টদেৱে কোন দুখন গ্ৰন্থ অসমীয়া ভাষাত অনুদিত কৰিছিল? 

উত্তৰঃ গীতা আৰু ভাগৱত৷

৩৫। ভট্টদেৱে গীতা আৰু ভাগৱতৰ অনুদিত সময়সীমা কেতিয়া আছিল?

উত্তৰঃ ষোড়শ শতিকা।

৩৬। শংকৰ চৰিতৰ ৰচনাকাৰ কোন?

উত্তৰঃ ৰামচৰণ ঠাকুৰ।

৩৭। চৰিত পুথিত প্ৰয়োগ হোৱা কেইটামান সৰ্বনাম শব্দৰ নাম লিখা।

উত্তৰঃ ম‍ই, মোৰ, মঞ, আমি, তেকে, তাৰাসৱ, এখেলৈ, সেইটে, তাৰে আদি।

৩৮। পুৰণি অসম বুৰঞ্জী কাৰ সম্পাদনাত প্ৰকাশিত হয়? 

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

৩৯। সুকুমাৰ বৰকাথে প্ৰণয়ন কৰা ব্যৱহাৰিক জ্ঞান শাস্ত্ৰমূলক পুথি দুখনিৰ নাম কি? 

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰা-নিদান।

৪০ । ৰঘুনাথ মহন্তই ৰচনা কৰা কথা-ৰামায়ণ নামৰ গ্ৰন্থখনত শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কাৰ প্রভাৱ অনুভূত হয়?

উত্তৰঃ অপ্রমাদী কবি মাধৱ কন্দলীৰ। 

৪১ । মধ্যযুগৰ অসমীয়া ভাষাক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে। যেনে— চৰিত সাহিত্যৰ ভাষা আৰু বুৰঞ্জী সাহিত্যৰ ভাষা।

৪২। ‘শংকৰ চৰিত’ কাৰ ৰচনা?

উত্তৰঃ ৰামচৰণ ঠাকুৰ।

৪৩। শংকৰদেৱ-মাধৱদেৱ চৰিত কাৰ ৰচনা?

উত্তৰঃ দৈত্যাৰি ঠাকুৰ। 

৪৪। ভূষণ দ্বিজৰ চৰিত পুথিখনৰ নাম কি?

উত্তৰঃ ‘শংকৰ-চৰিত’।

৪৫। ‘গুৰুচৰিত’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ৰামানন্দ দ্বিজৰ।

৪৬। ‘গুৰুলীলা’ কাৰ ৰচনা?

উত্তৰঃ ৰামৰায়ৰ।

৪৭। ‘ভাস্বতী’ কাব্যখন কাৰ ৰচনা?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তীৰ।

৪৮। ‘শ্ৰীহস্তমুক্তাৱলী’ কাব্যখন কাৰ?

উত্তৰঃ শুভংকৰৰ।

৪৯। ‘অংকৰ আৰ্যা’ কাব্যখন কাৰ ৰচনা?

উত্তৰঃ কাশীনাথৰ।

৫০। মধুমিশ্র বাগীশৰ ব্যৱহাৰিক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ নীতি লতাঙ্কুৰ।

৫১। অনন্ত আচাৰ্যৰ ব্যৱহাৰিক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ আনন্দ লহৰী।

৫২। কিতাবৎ মঞ্জৰী কাৰ ৰচনা?

উত্তৰঃ বকুলবয়কায়স্থ।

৫৩। ‘কথাভক্তি ৰত্নাকৰ কাৰ ৰচনা?

উত্তৰঃ গোপালচৰণ দ্বিজৰ। ইয়াত ভট্টদেৱৰ গদ্যৰ প্ৰৱাহ ৰক্ষাৰ প্ৰচেষ্টা সম্পর্কে আলোচনা কৰা হৈছে।

৫৪। ‘কথা ৰামায়ণ’ কাৰ ৰচনা?

উত্তৰঃ ৰঘুনাথ মহন্তৰ।

৫৫। ‘শিয়াল গোঁসাই’ কাৰ ৰচনা?

উত্তৰঃ কবিৰাজ মিশ্ৰৰ।

৫৬। মধ্যযুগৰ অসমীয়া ভাষাৰ সময় কোনখিনি?

উত্তৰঃ সোতৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ আৰম্ভণিলৈ।

৫৭। অৰুণোদই বার্তালোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ ড° নাথান ব্রাউন।

৫৮। অসমীয়া ভাষাত ক’মা, চেমিক ‘লন, প্রশ্নবোধক চিন আদি যতি চিনৰ প্ৰৱৰ্তন কোনে কৰিছিল?

উত্তৰঃ মিছনেৰীসকলে।

৫৯। অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃভাঃউঃসাঃ)ৰ প্ৰতিষ্ঠা কিমান চনত আৰু ক’ত হৈছিল?

উত্তৰ: ১৮৮৮ চনত কলিকতাত।

৬০। লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ ৰচনাৰাজিত ব্যৱহাৰ কৰা নতুন শব্দ কেইটামান উল্লেখ কৰা।

উত্তৰঃ নিপনীয়া গাখীৰ, লগৰিয়ানী, চয়তানীজনী, বুদ্ধিয়ে বিজুলীয়ালে ইত্যাদি।

৬১। জয়ন্তী আলোচনীত সূচনা হোৱা পৰিৱৰ্তনৰ পূৰ্ণ বিকাশ পৰৱৰ্তী সময়ৰ কোনখন আলোচনীত ঘটা দেখিবলৈ পোৱা যায়?

উত্তৰঃ ৰামধেনু আলোচনীৰ জৰিয়তে।

৬২। যুদ্ধোত্তৰ কালছোৱাত সৃষ্টি হোৱা কেতবোৰ সংযুক্ত শব্দ উল্লেখ কৰা। 

উত্তৰঃ অশনি-গৰ্ভ, আঙুৰ ওঁঠ, কালি-শগুণ, কেঁচা-পোহৰ, কুঁৱলী-সনা, কামনা-ৰঙীন।

৬৩। অসমীয়া ভাষাৰ আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছে?

উত্তৰঃ ঊনৈশ শতিকাৰ পৰা বৰ্তমানলৈকে।

৬৪। ‘অৰুণোদই’ মাহেকীয়া বার্তালোচনীখন কেতিয়া প্ৰকাশ কৰা হৈছিল?

উত্তৰঃ ১৮৪৬ চনত।

৬৫। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল?

উত্তৰঃ ১৮২৬ চনত।

৬৬। অসমত অসমীয়া ভাষাৰ পুনৰ্বাসন কেতিয়া হয়?

উত্তৰঃ ১৮৭৩ চনত।

৬৭। অঃভাঃউঃসাঃ ৰ প্ৰতিষ্ঠাপক কোন কোন আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে অন্য ব্যক্তি কেইজনমান।

৬৮। অঃভাঃউঃসাঃ ৰ মুখপাত্র কোন আছিল?ই কেতিয়া প্রকাশিত হয়?

উত্তৰঃ জোনাকী কাকতখন অঃভাঃউঃসাঃ ৰ মুখপাত্ৰ। ই ১৮৮৯ চনত প্ৰকাশ পায়।

৬৯। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পাশ্চাত্যত জন্ম লাভ কৰা কোনটি বাদৰ পৰিপ্ৰকাশ ঘটে?

উত্তৰঃ ৰমন্যাসবাদৰ।

৭০। ‘অৰুণোদই যুগ’ বুলিলে কোনখিনি সময়ক কোৱা হয়? 

উত্তৰঃ খ্রীষ্টীয় ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে।

৭১। অৰুণোদই আলোচনী প্ৰকাশ কিমান চনত আৰু ক’ৰ পৰা হৈছিল? 

উত্তৰঃ ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদই প্ৰকাশ হৈ ওলায়। 

৭২। ‘জোনাকীৰ ত্ৰিমূর্তি’ বুলি কোন কেইজনক কোৱা হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা।

৭৩। ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

৭৪। জোনাকীৰ নৱতম সাহিত্যিক আন্দোলন কোন চনৰ পৰা কোন চনলৈ বৰ্তী আছিল?

উত্তৰঃ খ্ৰীষ্টীয় ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ।

৭৫। জোনাকীৰ নৱতম সাহিত্য আন্দোলনৰ নেতৃত্ব বহন কোনে কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই।

৭৬। জোনাকী যুগটো অন্য কি নামেৰে জনা যায়?

উত্তৰঃ বেজবৰুৱা যুগ।

৭৭। জোনাকী যুগটোত কোন দুটা প্রবাহ লক্ষ্য কৰা যায়?

উত্তৰঃ এটা পদ্মনাথ গোহাঞিবৰুৱাৰ পৰম্পৰাবাদী আৰু আনটো লক্ষ্মীনাথ বেজবৰুৱাৰ গতিশীল ভাষা।

৭৮। জোনাকী যুগৰ অন্যান্য লেখক কেইজনমানৰ নাম উল্লেখ কৰা।

উত্তৰঃ বেণুধৰ শৰ্মা, পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা আদি।

৭৯। জোনাকী আলোচনীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ লাভ কৰা আলোচনী কি কি? 

উত্তৰঃ বাঁহী, জয়ন্তী, বিজুলী, ৰামধেনু আদি।

৮০। অসমীয়া ভাষাক পুনৰ জীৱন দান দিয়াত সহায় কৰা মিছনেৰীসকলৰ নাম উল্লেখ কৰা?

উত্তৰঃ নাথান ব্ৰাউন, এ. কে. গাৰ্ণী, মাইলছ ব্ৰন্সন আদি।

চমু প্রশ্নোত্তৰঃ

১। কাক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হৈছে? তেওঁৰ সাহিত্যকৃতি কি কি? 

উত্তৰঃ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হৈছে। তেওঁৰ দুখন গ্ৰন্থ হ’ল— কথা-ভাগৱত, কথা-গীতা।

২। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক কেইভাগত ভাগ কৰিছে আৰু কি কি? 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক তিনিটা ভাগত ভাগ কৰিছে। যেনে— প্রাচীন অসমীয়া, মধ্য অসমীয়া, আধুনিক অসমীয়া।

৩। ড° ৰমেশ পাঠকে অসমীয়া ভাষাক কেইভাগত ভাগ কৰিছে আৰু কি কি? 

উত্তৰঃ ড° ৰমেশ পাঠকে, অসমীয়া ভাষাৰ ধাৰাটোক চাৰিটা ভাগত ভাগ কৰিছে। যেনে ―

(ক) উদ্ভৱকালৰ অসমীয়া ভাষা বা প্রত্ন অসমীয়া ভাষা। 

(খ) পুৰণি অসমীয়া বা অসমীয়া ভাষা।

(গ) মধ্য যুগৰ অসমীয়া ভাষা।

(ঘ) আধুনিক অসমীয়া ভাষা৷

৪। শংকৰী যুগৰ ভাষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ শংকৰী যুগৰ ভাষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) দন্ত্য আৰু মূর্ধন্য বর্ণ বা আখৰৰ মাজত পাৰ্থক্যহীনতা এই সময়ৰ ভাষাৰ প্ৰণিধানযোগ্য বৈশিষ্ট্য।

(খ) শংকৰী যুগৰ ভাষাত – লোক, -পাল, -সব, -গণ, -বৃদ্ধ আদিৰে বহুবচনৰ ৰূপ কৰা হৈছে।

৫। প্ৰাক-শংকৰী যুগৰ ভাষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ প্ৰাক-শংকৰী যুগৰ ভাষাৰ দুটা বৈশিষ্ট্য হ’ল―

(ক) যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা এই সময়ৰ সাহিত্যৰাজিৰ উল্লেখযোগ্য বৈশিষ্ট্য।

(খ) সংযুক্ত ব্যঞ্জনৰ বিশেষ ব্যৱহাৰ —কৰ্ণ্নু, মন্নু্, বসুন্ধৰী, ক্রোধিলেক আদি এই সময়ৰ সাহিত্যৰ উল্লেখযোগ্য বিশেষত্ব।

৬। ভট্টদেৱৰ ভাষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভট্টদেৱৰ ভাষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) তেওঁৰ ৰচনাত তৎসম আৰু তদ্ভৱ শব্দ অধিক ব্যৱহাৰ হোৱা দেখা যায়। 

(খ) সংযুক্ত ধাতুৰূপৰ ব্যৱহাৰ তেওঁৰ সাহিত্যত দেখা যায়। যেনে— বাদ্যকৰ, ধ্বনিকৰ, শব্দকৰ আদি।

৭। পাঁচালী সাহিত্যত দেখা দিয়া বৈশিষ্ট্য দুটা উল্লেখ কৰা। 

উত্তৰঃ পাঁচালী সাহিত্যত দেখা দিয়া বৈশিষ্ট্য দুটা হ’ল—

(ক) পাঁচালী সাহিত্যত তৎসম শব্দ, অর্ধ-তৎসম, তদ্ভৱ শব্দৰ উপৰি বিভিন্ন আৰ্যভিন্ন ভাষাৰ শব্দৰ প্ৰয়োগ দেখা যায়।

(খ) পাঁচালী সাহিত্যত হ্রস্ব-দীর্ঘৰ মাজত কোনো পার্থক্য দেখা নাযায়। 

৮। শংকৰৰোত্তৰ যুগৰ অংকীয়া নাটসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰুচিদেৱৰ — কুমৰ হৰণ, গোপাল আতাৰ — নন্দোৎসৱ, গোপাল মিশ্ৰৰ — শঙ্খচূড় বধ, লক্ষ্মীনাথ দাসৰ— হৰমোহন, দৈত্যাৰি ঠাকুৰৰ— নৃসিংহ, যাত্ৰা, শ্ৰীৰাম আতাৰ — সুভদ্ৰাহৰণ, ৰামচৰণ ঠাকুৰৰ — কংসবধ, ভূষণ দ্বিজৰ – অজামিল উপাখ্যান।

৯। অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কে বিভিন্ন পণ্ডিতে মত আগবঢ়াইছে। তাৰে কেইটামান মত উল্লেখ কৰা।

উত্তৰঃ “অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা ভাষা। গ্ৰীয়াৰ্ছন, ড° সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু ড° বাণীকান্ত কাকতি আদি বহুকেইজন বিশিষ্ট পণ্ডিতে এই মত পোষণ কৰে।

“অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে জন্ম হৈছে”।— এই মত পোষণ কৰে বেণীমাধৱ বৰুৱা, জিম্বেশ্বৰ নেওগে।

“অসমীয়া ভাষাৰ জন্ম অকল মাগধী প্ৰাকৃতৰ পৰাই হোৱা নাই, প্রাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণতহে ইয়াৰ জন্ম হৈছে”।— এই মত পোষণ কৰে কালিৰাম মেধিয়ে। 

“অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে”।— এই মত কনকলাল বৰুৱাৰ।

১০। প্রত্ন অসমীয়া স্তৰৰ অসমীয়া ভাষা সম্পৰ্কে এটি প্রবন্ধ যুগুত কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পূৱ প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ মুখ্য কথিত ভাষা হ’ল অসমীয়া। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃত অসমীয়া ভাষাটোৱেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজত প্ৰধান সংযোগী ভাষাৰূপে প্ৰচলিত হৈ আহিছে। অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পোষণ কৰি আহিছে। ড° ৰমেশ পাঠকে অসমীয়া ভাষাৰ বিকাশক চাৰিটা ভাগত ভাগ কৰিছে—

(ক) উদ্ভৱকাল বা প্রত্ন স্তৰৰ অসমীয়া ভাষা।

(খ) পুৰণি অসমীয়া বা প্ৰাচীন অসমীয়া ভাষা।

(গ) মধ্যযুগৰ অসমীয়া ভাষা।

(ঘ) আধুনিক অসমীয়া ভাষা।

প্রত্ন স্তৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানতঃ তামৰ ফলিসমূহৰ ভাষাত, চর্যাপদসমূহৰ ভাষাত আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত দেখিবলৈ পোৱা যায়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্রাচীনতম ভাষাৰ প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ এই শাসনসমূহত অসমীয়া ভাষাৰ প্ৰত্ন ৰূপটো ৰক্ষিত হৈছে। তামৰ ফলিৰ ভাষাত অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দৰ লগতে, স্বৰধ্বনিৰ হ্ৰস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা, স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্ৰয়োগ উল্লেখযোগ্য।

ইয়াৰ পাছতেই প্ৰথম অসমীয়া সাহিত্যৰ নিদৰ্শন স্বৰূপ চর্যাপদসমূহৰ ভাষা। এইবোৰৰ উপৰিও প্রত্ন স্তৰৰ অসমীয়া ভাষাৰ নিদৰ্শন মিশ্ৰ অসমীয়া সাহিত্যৰ অন্তৰ্ভুক্ত শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূণ্য পুৰাণত। এই নিদর্শনসমূহত প্রয়োগ হোৱা ভাষাৰ সৈতে অসমীয়া ভাষাৰ সম্পৰ্ক অতি নিবিড়ভাৱে ৰক্ষিত হৈছে।

১১। অসমীয়া সাহিত্যৰ মধ্যযুগটোৰ সাহিত্যৰাজিত দেখা পোৱা কেইটামান বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ মধ্যযুগৰ অসমীয়া ভাষাৰ কেইটামান প্ৰধান বৈশিষ্ট্য হ’ল—

(ক) চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাঁচৰ। সত্ৰীয়া মাৰ্জিত কথনভংগীত ৰচিত এই সাহিত্যৰাজিত জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নিভাঁজ অসমীয়া ভাষাৰ ৰূপ পৰিগ্ৰহ কৰিছে।

(খ) বুৰঞ্জীসমূহৰ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এক গাম্ভীর্য লক্ষ্য কৰা দেখা যায়।

(গ) কথা-ৰামায়ণ আৰু অন্যান্য গদ্যৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। প্রাচীন বৈশিষ্ট্যবোৰ ৰক্ষিত হোৱাৰ লগতে এই সময়ৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন বৈশিষ্ট্যৰ আগমন ঘটে।

১২। কেইখনমান বুৰঞ্জীৰ নাম উল্লেখ কৰা।

উত্তৰঃ পুৰণি অসম বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী, সদৰামিনৰ বুৰঞ্জী ইত্যাদি।

১৩। কেইখনমান ব্যৱহাৰিক জ্ঞান-শাস্ত্রমূলক সাহিত্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ হস্তীবিদ্যাণৱ, ঘোঁৰানিদান, ভাস্বতী, শ্ৰীহস্তমুক্তাৱলী, লতাঙ্কুৰ আনন্দ লহৰী লীলাৱতী, কিতাবৎমঞ্জৰী আদি।

১৪। অঃভাঃউঃসাঃ ই হাতত লোৱা গঠনমূলক কামসমূহ কি কি? 

উত্তৰঃ অঃভাঃউঃসাঃ ই হাতত লোৱা গঠনমূলক কামসমূহ হ’ল—

(ক) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ।

(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন।

(গ) অশুদ্ধ ব্যাকৰণ আৰু বাক্য বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বর্ণবিন্যাসৰ প্রচলন।

(ঘ) সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথিৰ অনুবাদকৰণ।

(ঙ) অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্রণয়ন।

(চ) সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ।

১৫। আধুনিক অসমীয়া ভাষাৰ বিকাশক কেইটা ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ চাৰিটা ভাগত। যেনে—

(ক) অৰুণোদই স্তৰৰ ভাষা। 

(খ) জোনাকী স্তৰৰ ভাষা।

(গ) যুদ্ধোত্তৰ স্তৰৰ ভাষা।

১৬। অসমীয়া ভাষা উন্নতি সাধিনী সভা কিয় প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ হেমচন্দ্ৰ-গুণাভিৰামৰ প্ৰচেষ্টা তথা অৰুণোদই কাকতৰ জৰিয়তে নিৰ্মাণ হোৱা আধুনিক ভাষা সাহিত্যৰ ভেঁটিটো অধিক সুদৃঢ় কৰিবৰ বাবে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰা হৈছিল।

১৭। জোনাকীৰ অৱদানসমূহ উল্লেখ কৰা।

উত্তৰঃ (ক) ৰমন্যসবাদৰ যোগেদি বিভিন্ন প্ৰকাশ গতি কবিতাৰ (প্ৰকৃতিমূলক, প্রেমবিষয়ক, ছনেট, শোক কবিতা, ব্যঙ্গ কবিতা আদি) সৃষ্টিয়ে অসমীয়া কাব্য সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে।

(খ) চুটিগল্প, উপন্যাস আৰু বিবিধ শ্ৰেণীৰ প্ৰবন্ধ আমদানি কৰি গদ্য সাহিত্য বৈচিত্র্যময় কৰি তোলে। পুৰণি সাহিত্যত কেৱল ধৰ্মমূলক গদ্যহে প্ৰচলিত আছিল। হেমচন্দ্ৰ-গুণাভিৰামৰ দিনত গদ্যত বহুতো নতুনত্ব আহিছিল যদিও চুটিগল্প আৰু উপন্যাস প্রকৃতাৰ্থত সৃষ্টি হোৱা নাছিল।

(গ) ইংৰাজী নাটৰ Tragedy, comedy, Force ৰ আদৰ্শত অসমীয়াতো তেনে নাট ৰচনা কৰাৰ প্ৰয়াস আৰম্ভ হয়।

(ঘ) ‘জোনাকী’, ‘বিজুলীয়ে বহুতো নতুন লেখক সৃষ্টি কৰে যিসকলে বিংশ শতাব্দীৰ কেবা দশকলৈ অসমীয়া সাহিত্যৰ বিভিন্ন দিশত পৰিপুষ্টি সাধন কৰি গৈছে।

(ঙ) অঃভাঃউঃসাঃ সভাই বিভিন্ন শাখাৰ যোগেদি আৰু মুখপত্র ‘জোনাকী’ৰ সহায়ত গোটেই অসমতে সাহিত্য তথা সংস্কৃতিৰ প্ৰতি অনুৰাগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

(চ) ‘জোনাকী’ আৰু ‘বিজুলী’ৰ সুস্থ প্ৰতিযোগিতাৰ ফলত দুয়োখন কাকতে দুদল লেখক সৃষ্টি কৰি পৰস্পৰে অবাটে যোৱাত বাধা দি সাহিত্যৰ এক সুস্থ বাতাবৰণ গঢ়ি উঠাত সহায় কৰিছিল।

১৮। অৰুণোদই কাকতৰ অৱদান উল্লেখ কৰা।

উত্তৰঃ (ক) এই কাকতে অসমীয়া সমাজক দেশ-বিদেশৰ জ্ঞানৰ ভাণ্ডাৰৰ সম্ভেদ দি বহল জগতৰ লগত পৰিচয় কৰি দিয়ে।

(খ) পাশ্চাত্য ভাৱধাৰাৰ বীজ সিঁচি আধুনিকতা প্রতিষ্ঠা কৰাত সহায় কৰে।

(গ) বাংলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি ভাষাক ন্যায্য স্থান পোৱাত সহায় কৰে। 

(ঘ) এই কাকতৰ জৰিয়তেই আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিক অসমীয়া সাহিত্যত দীক্ষিত কৰি উৎসাহ-উদ্দীপনা যোগায়।

(ঙ) অসমীয়া আলোচনী আৰু বাতৰি কাকত প্ৰৱৰ্তনৰ আদৰ্শ দাঙি বাতৰি কাকত ব্যৱসায় তথা সাংবাদিকতাৰ সূচনা কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। প্রত্নস্তৰৰ ভাষাৰ সাহিত্যৰাজিত অসমায়া ভাষাৰ বৈশিষ্ট্য কেনেদৰে ৰক্ষিত হৈছে, সেই বিষয়ে ভাষাতাত্ত্বিক বিশ্লেষণ আগবঢ়োৱা ।

উত্তৰঃ প্রত্ন স্তৰৰ বা উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্রধানতঃ ৰক্ষিত হৈছে সেই সময়ৰ উৎকীর্ণ কৰা তামৰ ফলিসমূহত, চর্যাপদত, মিশ্ৰ অসমীয়া সাহিত্যৰ নিদৰ্শনমূলক সাহিত্যৰ অন্তর্গত শ্রীকৃষ্ণ কীর্তন আৰু শূন্য পুৰাণত ভাষাত। 

তলত এইসমূহ সাহিত্যৰাজিৰ ভাষাত কেনেদৰে অসমীয়া ভাষাৰ বৈশিষ্ট্য ৰক্ষিত হৈছে সেই বিষয়ে ভাষাতাত্ত্বিক বিশ্লেষণ আগবঢ়োৱা হ’ল—

(ক) তামৰ ফলিৰ ভাষাঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দুৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্ৰাচীনতম ভাষাৰ প্ৰতিনিধিত্ব কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

তামৰ ফলিসমূহত সেই সময়ৰ অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দ তথা বৈশিষ্ট্যমূলক নিদর্শন সংৰক্ষিত হৈ আছে। তামৰ ফলিৰ শব্দ আৰু অসমীয়া শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল—

তামৰ ফলিৰ শব্দৰূপআধুনিক শব্দৰূপ
ওড়িঅম্মউৰিয়াম
হস্থিহাতী
টনিধনী
সুৱৰ্ণদাৰুসোণাৰু
ভটাৰকগিৰীয়েক

ঠিক তেনেদৰে— অনিস সনি, কালিয়া কৈৱৰ্ত্ত আদি মানুহৰ নাম বুজোৱা শব্দ; দক্ষিণপাত প্পেশ্বৰ আদি ঠাই বুজোৱা শব্দ; সোব্বড়ি (পুখুৰী), চম্যলা (জান), সিঙ্গড়ি (নদী)ৰ দৰে পুখুৰী নদীৰ নাম বুজোৱা শব্দ; অম্ব, আম্ব (আম), নাক্ক (নাক) ইত্যাদি শব্দৰ ব্যৱহাৰ দেখা গৈছিল। তাম্রলিপিসমূহত পোৱা অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহ এনে ধৰণৰ—

(ক) স্বৰধ্বনিৰ হ্ৰস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে— কামৰূপ > কামৰুপ, ঈশ্বৰ > ইশ্বৰ,  স্বামী > স্বামি।

(খ) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্ৰয়োগ। যেনে— পুষ্কৰিণী > পুষ্কিৰিণী (স্বৰ সমীভৱন), কর্ণসুৱর্ণ > কন্নসৱন্ন, সর্বা > সব্বা।(ব্যঞ্জন সমীভৱন)।

(গ) ‘ৱ’ আৰু ‘ব’, ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ব’, ‘শ’, ‘ষ’, ‘স’ ৰ এটাৰ ঠাইত আনটো প্রয়োগ হৈছে এনেদৰে; যেনে—

ৱ > ব = ৱীর্য > বীজজ

য > জ = যজুর্বেদী > যযুর্বেদী 

ড় > ৰ = ক্রীড়ৎ > ক্রীৰৎ

শ , ষ > স – শনি > সনি

(ঘ) ‘ক্ষ’ ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে— ক্ষিতিমধ > খিমথ।

 (ঙ) ‘ঔ’ ৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ। যেনে— ধৌতেশ্বৰ > ধোতেশ্বৰ।

(চ) ”ম’ ৰ ঠাইত ‘ন’ আৰু ‘ল’ৰ ঠাইত ‘ন’ ধ্বনিৰ ব্যৱহাৰ। যেনে— যৌবনম্ > যৌৱনন।

(ছ) যুক্ত ব্যঞ্জনৰ লোপ। যেনে— তন্ত্র > তন্ত।

(জ) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনিৰ ব্যৱহাৰ। যেনে প্রান্ত > প্রানঠ।

(ঝ) মূর্ধন্য ধ্বনিৰ ঠাইত দন্ত্য ধ্বনিৰ ব্যৱহাৰ যেনে বিষ্ণু > বিষনু। 

তাম্রলিপিসমূহত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগতে ৰূপতাত্ত্বিক বিশেষত্বও ৰক্ষিত হোৱা দেখা গৈছে। তেনে এটি উল্লেখযোগ্য ৰূপতাত্ত্বিক বিশেষত্ব হ’ল- সপ্তম শতিকাৰ ভাস্কৰবৰ্মাৰ তামৰ ফলিত ‘কালিয়া’ শব্দ তথা নৱম শতিকাৰ বনমালদেৱৰ তামৰ ফলিত পোৱা ‘কুৱা’ (নৌকুৱা) শব্দই স্বাৰ্থিক ‘আ’ প্রত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। উল্লেখযোগ্য যে ভাস্কৰবৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দটোতে অসমীয়া ভাষাৰ প্ৰথম ৰূপতাত্ত্বিক নিদৰ্শন ৰক্ষিত হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

(খ) চৰ্যাপদৰ ভাষাঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাক্ষ্যস্বৰূপে আমি চর্যাপদসমূহত ব্যৱহৃত ভাষাটিৰ কথা বিবেচনা কৰিব পাৰো। চর্যাপদসমূহৰ ভাষাৰ লগত আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব আৰু বাক্যবিন্যাস প্রভৃতি সকলোতে ওচৰ সম্পৰ্ক ৰক্ষিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল—

(১) মান্য অসমীয়া ভাষাত স্বৰভক্তিৰ সহায়ত তৎসম শব্দবোৰ অর্ধ-তৎসম শব্দলৈ পৰিবর্তন হোৱাটো নিয়ম। চর্যাপদতো এনে পৰিবৰ্তনৰ নিয়ম মানি চলে। যেনে—

চর্যাপদঅসমীয়া
প্ৰাণ > পৰাণপৰাণ
যত্ন > যতনযত্ন/যতন

(২) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ উষ্মবর্ণ তিনিটা। যথা শ, ষ আৰু স। ই চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা গৈছে। যেনে— শবৰ, সবৰ, ষৰবালী ইত্যাদি।

(৩) প্রাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য, মূর্ধন্য ধ্বনিৰ পাৰ্থক্য মান্য অসমীয়াত লোপ পাইছে। তেনেদৰে চর্যাপদতো লোপ হোৱাৰ আভাস আছে। যেনে— মন, মণ। 

(৪) স্বৰ পৰিবৰ্তনৰ নিয়ম মতে, মান্য অসমীয়াত ওচৰা-ওচৰিকৈ দুটা ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চর্যাপদত এই ৰীতি বিদ্যমান। যেনে— চাকা > চকা, বাপা > বপা ইত্যাদি।

(৫) আধুনিক অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্ৰয়োগ চৰ্যাপদৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে—

প্রথমা–এঃ কুম্ভীৰে খাঅ

দ্বিতীয়–কঃ ঠাকুৰক পৰিণিৱিত্তা

তৃতীয়া–ৰেঃ কুমাৰ চিজঅ

চতুর্থী–লৈঃ মেৰু শিখৰলই পঅণ প‍ইসই

ষষ্ঠী–ৰঃ হৰিণীৰ নিলঅ

সপ্তমী–তঃ বাটত, হাড়ীত

(৬) অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ প্ৰয়োগ চর্যাপদতো দেখা যায়। যথা—

চর্যাপদঅসমীয়া
সবৰীশবৰী
শিয়ালীশিয়ালী

(৭) আধুনিক অসমীয়া ভাষাৰ দৰে চৰ্যাপদৰ ভাষাত অতীত কাল বুজাবলৈ ‘-ইল’ আৰু ভৱি ভৱিষ্যৎ কাল বুজাবলৈ ‘-ইব’ প্রত্যয় যোগ হৈছে। যেনে—

অসমীয়াচর্যাপদ
কৰিবকৰিব
আছিলোঁআছিলো

(৮) বহুবচন বুজাবৰ বাবে ব্যৱহৃত ‘সকল’ শব্দৰ প্ৰয়োগ আধুনিক অসমীয়া আৰু চৰ্যাপদ উভয় ভাষাতে একেটা ৰূপতে প্রয়োগ হয়। যেনে—

মণ্ডল সঅল― চর্যাপদ

মণ্ডল সকল ― অসমীয়া

(গ) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাঃ  শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। 

শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ তলত উল্লেখ কৰা হ’ল—

(১) শব্দ বিভক্তি প্রয়োগৰ ক্ষেত্ৰত প্ৰথমা ‘এ’ চতুর্থী ‘লাগি’ (অসঃ-লৈ), ষষ্ঠ ‘– ৰ’ আৰু সপ্তমী ‘ত’ৰ ব্যৱহাৰ হয়। তেনে — তোৰ মুখে, তা লাগি, সাধুৰ, হিয়াত ইত্যাদি।

(২) নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ৰ ব্যৱহাৰ হয়। যেনে—

শ্রীকৃষ্ণ কীর্তনঅসমীয়া 
নাপাওঁনাপাওঁ
নহোঁনহওঁ

(৩) প্রাচীন অসমীয়াত অপাদান অৰ্থত ব্যৱহৃত ‘হন্তে’ৰ প্ৰয়োগ এই পুথিতো পোৱা যায়। যেনে—

আজি হন্তে – শ্রীকৃষ্ণ কীর্তন

আজি হন্তে – পুৰণি অসমীয়া 

(৪) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতো মান্য অসমীয়া ভাষাৰ দৰে স্বৰভক্তিৰ জৰিয়তে তৎসম শব্দবোৰে অৰ্ধ-তৎসম ৰূপ লাভ কৰে। যেনে—

শ্রীকৃষ্ণ কীর্তনঅসমীয়া
জতনযতন
পৰাণপৰাণ

(৫) অসমীয়া ভাষাৰ শব্দ আৰু শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ শব্দৰ মাজত সাদৃশ্য আছে―

শ্রীকৃষ্ণ কীর্তনঅসমীয়া
কমলাকমলা
পাথৰপাথৰ
বেজবেজ
শিআলশিয়াল

২। তামৰ ফলিৰ ভাষাসমূহৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দুৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্ৰাচীনতম ভাষাৰ প্ৰতিনিধিত্ব কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

তামৰ ফলিসমূহত সেই সময়ৰ অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দ তথা বৈশিষ্ট্যমূলক নিদর্শন সংৰক্ষিত হৈ আছে। তামৰ ফলিৰ শব্দ আৰু অসমীয়া শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল—

তামৰ ফলিৰ শব্দৰূপআধুনিক শব্দৰূপ
ওড়িঅম্মউৰিয়াম
জটিজৰী
হস্থিহাতী
ভটাৰকগিৰিয়েক, ভতাৰ( কামৰূপী)
টনিধনী
সুৱৰ্ণদাৰুসোণাৰু
পাকৰিপাকৰি

ঠিক তেনেদৰে— অনিস সনি, কালিয়া কৈৱৰ্ত্ত আদি মানুহৰ নাম বুজোৱা শব্দ; দক্ষিণপাত প্পেশ্বৰ আদি ঠাই বুজোৱা শব্দ; সোব্বড়ি (পুখুৰী), চম্যলা (জান), সিঙ্গড়ি (নদী)ৰ দৰে পুখুৰী নদীৰ নাম বুজোৱা শব্দ; অম্ব, আম্ব (আম), নাক্ক (নাক) ইত্যাদি শব্দৰ ব্যৱহাৰ দেখা গৈছিল। তাম্রলিপিসমূহত পোৱা অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহ এনে ধৰণৰ—

(ক) স্বৰধ্বনিৰ হ্ৰস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে— কামৰূপ > কামৰুপ, ঈশ্বৰ > ইশ্বৰ,  স্বামী > স্বামি।

(খ) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্ৰয়োগ। যেনে— পুষ্কৰিণী > পুষ্কিৰিণী (স্বৰ সমীভৱন), কর্ণসুৱর্ণ > কন্নসৱন্ন, সর্বা > সব্বা।(ব্যঞ্জন সমীভৱন)।

(গ) ‘ৱ’ আৰু ‘ব’, ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ব’, ‘শ’, ‘ষ’, ‘স’—ৰ এটাৰ ঠাইত আনটো প্রয়োগ হৈছে এনেদৰে; যেনে—

ৱ > ব = ৱীর্য > বীজজ

য > জ = যজুর্বেদী > যযুর্বেদী 

ড় > ৰ = ক্রীড়ৎ > ক্রীৰৎ

শ , ষ > স – শনি > সনি

(ঘ) ‘ক্ষ’ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে— ক্ষিতিমধ > খিমথ।

 (ঙ) ‘ঔ’ৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ। যেনে— ধৌতেশ্বৰ > ধোতেশ্বৰ।

(চ) ”ম’ৰ ঠাইত ‘ন’ আৰু ‘ল’ৰ ঠাইত ‘ন’ ধ্বনিৰ ব্যৱহাৰ। যেনে— যৌবনম্ > যৌৱনন।

(ছ) যুক্ত ব্যঞ্জনৰ লোপ। যেনে— তন্ত্র > তন্ত।

(জ) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনিৰ ব্যৱহাৰ। যেনে প্রান্ত > প্রানঠ।

(ঝ) মূর্ধন্য ধ্বনিৰ ঠাইত দন্ত্য ধ্বনিৰ ব্যৱহাৰ যেনে বিষ্ণু > বিষনু। 

তাম্রলিপিসমূহত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগতে ৰূপতাত্ত্বিক বিশেষত্বও ৰক্ষিত হোৱা দেখা গৈছে। তেনে এটি উল্লেখযোগ্য ৰূপতাত্ত্বিক বিশেষত্ব হ’ল- সপ্তম শতিকাৰ ভাস্কৰবৰ্মাৰ তামৰ ফলিত ‘কালিয়া’ শব্দ তথা নৱম শতিকাৰ বনমালদেৱৰ তামৰ ফলিত পোৱা ‘কুৱা’ (নৌকুৱা) শব্দই স্বাৰ্থিক ‘আ’ প্রত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। উল্লেখযোগ্য যে ভাস্কৰবৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দটোতে অসমীয়া ভাষাৰ প্ৰথম ৰূপতাত্ত্বিক নিদৰ্শন ৰক্ষিত হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

৩। চৰ্যাপদৰ ভাষা লগত অসমীয়া ভাষাৰ ধনিগত বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাক্ষ্য স্বৰূপে আমি চর্যাপদসমূহত ব্যৱহৃত ভাষাটিৰ কথা বিবেচনা কৰিব পাৰো। চর্যাপদসমূহৰ ভাষাৰ লগত আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্বমূলক, ৰূপতত্ত্বমূলক, শব্দতত্ত্বমূলক আৰু বাক্যবিন্যাস প্রভৃতি সকলোতে ওচৰ সম্পৰ্ক ৰক্ষিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল—

(ক) মান্য অসমীয়া ভাষাত স্বৰভক্তিৰ সহায়ত তৎসম শব্দবোৰ অর্ধ-তৎসম শব্দলৈ পৰিৱর্তন হোৱাটো নিয়ম। চর্যাপদতো এনে পৰিৱৰ্তনৰ নিয়ম মানি চলে। যেনে—

চর্যাপদঅসমীয়া
প্ৰাণ > পৰাণপৰাণ
যত্ন > যতনযত্ন/যতন
গ্ৰাহক> গৰাহকগ্ৰাহক (পুৰণি অসমীয়া- গৰাহক)

(খ) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ উষ্মবর্ণ তিনিটা। যথা — শ, ষ আৰু স; ই চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা গৈছে। যেনে— শবৰ, সবৰ, ষৰবালী ইত্যাদি।

(গ) প্রাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য, মূর্ধন্য ধ্বনিৰ পাৰ্থক্য মান্য অসমীয়াত লোপ পাইছে। তেনেদৰে চর্যাপদতো লোপ হোৱাৰ আভাস আছে। যেনে— মন, মণ। 

(ঘ) স্বৰ পৰিৱৰ্তনৰ নিয়ম মতে, মান্য অসমীয়াত ওচৰা-ওচৰিকৈ দুটা ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চর্যাপদত এই ৰীতি বিদ্যমান। যেনে— চাকা > চকা, বাপা > বপা ইত্যাদি।

(ঙ) আধুনিক অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্ৰয়োগ চৰ্যাপদৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে—

প্রথমা–এঃ কুম্ভীৰে খাঅ

দ্বিতীয়–কঃ ঠাকুৰক পৰিণিৱিত্তা

তৃতীয়া–ৰেঃ কুমাৰ চিজঅ

চতুর্থী–লৈঃ মেৰু শিখৰলই পঅণ প‍ইসই

ষষ্ঠী–ৰঃ হৰিণীৰ নিলঅ

সপ্তমী–তঃ বাটত, গঅণত হাড়ীত ইত্যাদি।

(চ) অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ প্ৰয়োগ চর্যাপদতো দেখা যায়। যথা—

চর্যাপদআধুনিক অসমীয়া
সবৰীশবৰী
শিয়ালীশিয়ালী
হৰিণীহৰিণী

(ছ) আধুনিক অসমীয়া ভাষাৰ দৰে চৰ্যাপদৰ ভাষাত অতীত কাল বুজাবলৈ ‘-ইল’ আৰু ভবিষ্যৎ কাল বুজাবলৈ ‘-ইব’ প্রত্যয় যোগ হৈছে। যেনে—

আধুনিক অসমীয়াচর্যাপদ
কৰিবকৰিব
আছিলোঁআছিলোঁ

(জ) বহুবচন বুজাবৰ বাবে ব্যৱহৃত ‘সকল’ শব্দৰ প্ৰয়োগ আধুনিক অসমীয়া আৰু চৰ্যাপদ উভয় ভাষাতে একেটা ৰূপতে প্রয়োগ হয়। যেনে—

মণ্ডল সঅল― চর্যাপদ

মণ্ডল সকল ― অসমীয়া

চৰ্যাপদত ব্যৱহাৰ হোৱা বহু শব্দ আধুনিক অসমীয়াত পোৱা যায়। উল্লেখযোগ্য যে চৰ্যাত ব্যৱহাৰ হোৱা বহু শব্দ আধুনিক অসমীয়াত পোৱা যায়। যেনে ― ঘৰ চকা, ঘৰিণী (গৃহিণী), চান্দ (চন্দ্র), আখি (অক্ষি), কাম, খেলই, সোণ, পোথী (পুস্তক) ইত্যাদি।

৪। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ আলোচনা কৰা। 

উত্তৰঃ চর্যাপদৰ পৰৱৰ্তী ৰচনা বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক বাঙালী পণ্ডিতসকলে বাংলা ভাষাৰ নিদৰ্শন বুলি কৈ আহিছে। ড° বাণীকান্ত কাকতিয়ে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা সন্দৰ্ভত মন্তব্য কৰিছে যে অসমীয়া আৰু বাংলা ভাষা স্পষ্টৰূপে পৃথক হৈ বিকাশ হোৱাৰ পূৰ্বে দুয়োটা ভাষাৰ যিটো সাধাৰণ ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ মাজত সেই ৰূপটো প্ৰতিফলিত হৈছে। শ্ৰীকৃষ্ণ কীর্তন পুথিখন বসন্তৰঞ্জন বিদ্যুৎ বল্লভ ৰায়ৰ সম্পাদনাত প্ৰকাশ পাইছিল। বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষাৰ মাজত গভীৰ সাদৃশ্য পৰিলক্ষিত হয়। সেয়ে বডু চণ্ডীদাসক মাধৱ কন্দলীৰ সমসাময়িক কবি ৰূপে প্ৰতিষ্ঠা কৰা যায়।

শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতাত্বিক বিশেষত্বসমূহ উল্লেখ কৰা হ’ল―

(ক) শব্দ বিভক্তি প্রয়োগৰ ক্ষেত্ৰত প্ৰথমা ‘এ’ চতুর্থী ‘লাগি’ (অসঃ-লৈ), ষষ্ঠী ‘– ৰ আৰু সপ্তমী- ‘ত’ ৰ ব্যৱহাৰ হয়। যেনে— তোৰ মুখে, তা লাগি, সাধুৰ, হিয়াত ইত্যাদি।

(খ) নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ৰ ব্যৱহাৰ হয়। যেনে—

শ্রীকৃষ্ণ কীর্তনআধুনিক অসমীয়া
নাপাওঁনাপাওঁ
নহোঁনহওঁ

(গ) প্রাচীন অসমীয়াত অপাদান অৰ্থত ব্যৱহৃত ‘হন্তে’ৰ প্ৰয়োগ এই পুথিতো পোৱা যায়। যেনে—

আজি হন্তে – শ্রীকৃষ্ণ কীর্তন

আজি হন্তে – পুৰণি অসমীয়া 

(ঘ) উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ‘ওঁ’-ৰ ব্যৱহাৰ হৈছে। যেনে— জাওঁ (আধুনিক অসমীয়া – যাওঁ)

(ঙ) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতো মান্য অসমীয়া ভাষাৰ দৰে স্বৰভক্তিৰ জৰিয়তে তৎসম শব্দবোৰে অৰ্ধ-তৎসম ৰূপ লাভ কৰে। যেনে—

শ্রীকৃষ্ণ কীর্তনঅসমীয়া
জতনযতন
পৰাণপৰাণ
তপততপত

(চ) বহুবচন বুজাবলৈ গণ ব্যৱহৃত হয়। যেনে–

পিকগণে – শ্রীকৃষ্ণ কীর্তন

তাৰাগণে – পুৰণি অসমীয়া

(ছ) অসমীয়া ভাষাৰ শব্দ আৰু শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ শব্দৰ মাজত সাদৃশ্য আছে―

শ্রীকৃষ্ণ কীর্তন ৰূপআধুনিক অসমীয়া ৰূপ
কমলাকমলা
পাথৰপাথৰ
শিআলশিয়াল
বেজবেজ

এইবোৰৰ উপৰি সেই সময়ছোৱাত ৰচিত বুলি বিবেচনা কৰা শূন্য পুৰাণতো উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন ৰক্ষিত হোৱা দেখা যায়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই পুথিখনৰ ৰচনাৰ সময়সীমা সম্পৰ্কে পণ্ডিতসকলৰ মাজতে মতবিৰোধ থকা পৰিলক্ষিত হয়। ডিম্বেশ্বৰ নেওগৰ ভাষাৰে ক’ব পাৰি — “ভাষামূলক বিচাৰ আৰু ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা শূন্য পুৰাণৰ ৰচনা ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়”। 

পুথিখনত পুৰণি অসমীয়া ভাষাৰ কিছু বিশেষত্ব ৰক্ষিত হৈছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল— ইয়াৰ প্ৰতিলিপিত পেটকটা ‘ৰ’ আৰু ‘ৱ’ৰ ব্যৱহাৰ, প্ৰথমা বিভক্তিৰ চিন ‘এ’, সপ্তমী বিভক্তিৰ -ত, ষষ্ঠীৰ -ৰ, উত্তম পুৰুষৰ ‘ও’, নিজ অৰ্থত ‘আপুনি’ সর্বনামৰ প্রয়োগ; তুমুনাৰ্থক বিভক্তিৰ ‘ব’ আৰু ‘ইব’ৰ প্ৰয়োগ, খৰিকা, টোপোলা, দেউল, দৰব, জীয়ৰী, বেগেতে আদি অসমীয়া শব্দৰ প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায়। ঠিক সেইদৰে ‘সংখ উপজিল কৰ সংখৰ বিচাৰ, পিতাক খুৰাক কৰিলন্ত নমস্কাৰ’ আদি বাক্যৰ গঢ়ত অসমীয়া ব্যাকৰণৰ গঢ় দেখা পোৱা গৈছে বুলি যতীন্দ্ৰনাথ গোস্বামীয়ে মন্তব্য কৰিছে।

৫। প্রাচীন অসমীয়া ভাষা সম্পর্কে এটি প্রৱন্ধ যুগুত কৰা।

উত্তৰঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ ভাগলৈকে প্ৰাচীন অসমীয়া ভাষাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। অসমীয়া সাহিত্যৰ ইতিহাসত এই সময়খিনিক প্রাক্‌ শংকৰী আৰু শংকৰী এই দুটা ভাগত ভাগ কৰা হৈছে। প্ৰাক্‌ শংকৰী যুগৰ ভাষাত যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা দেখিবলৈ পোৱা যায়। স্বৰভক্তিৰ সহায়ত কঠিন শব্দ ভাঙি সৰল ৰূপত প্ৰকাশ কৰা হৈছে। ঠিক সেইদৰে দন্ত্যমূলীয় বৰ্ণ বা আখৰৰ প্ৰয়োগ সর্বাধিক। প্রায় ক্ষেত্ৰতেই ‘ণ’ ৰ ঠাইত ‘ন’ ৰ ব্যৱহাৰ হৈছে। প্ৰাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণ ‘গণ’, ‘সব’, ‘সকল’ আৰু ‘চয়’ আদি বহুবচনাত্মক প্রত্যয় ব্যৱহাৰ হৈছে। যেনে— তাৰাগণ, আমি সৱ, পাপীচয় ইত্যাদি। ‘-ঈ’ আৰু ‘-নী’ আদি স্ত্রীবাচক প্ৰত্যয়ৰ প্ৰয়োগ প্রাক্ শংকৰী যুগৰ ভাষাত দেখিবলৈ পোৱা যায়।

আনহাতে পঞ্চদেশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নানা গীত, পদ, নাট, কাব্য আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰে। গুৰুজনাই ৰচনা কৰা বৰগীত আৰু অংকীয়া নাটসমূহত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছিল। শংকৰদেৱেই অংকীয়া নাটসমূহত এটি লয়যুক্ত গদ্যৰ প্ৰয়োগ কৰে, অসমীয়া সাহিত্যত গদ্য সৃষ্টিৰ এয়া প্রথম প্রয়াস। অৱশ্যে পৰৱৰ্তী সময়ত ভট্টদেৱৰ হাততহে অসমীয়া গদ্যই পূর্ণতা লাভ কৰে। সেই দিশৰ পৰা ভট্টদেৱকে অসমীয়া গদ্যজনক হিচাপে অভিহিত কৰা হয়। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ আছিল শংকৰী যুগৰ এজন শ্রেষ্ঠ সাহিত্যিক। মাধৱদেৱেও নিজৰ নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শংকৰী যুগত অন্যান্য কবিসকলৰ ভিতৰত অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী আৰু পাঁচালী কবিসকল যথা পীতাম্বৰ কবি দুর্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱৰ নাম উল্লেখযোগ্য। এই সাহিত্যিকসকলৰ ৰচনাৰাজিৰ ভাষাত প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শন সংৰক্ষিত হৈ আছে। মন কৰিবলগীয়া বৈশিষ্ট্য যে শংকৰী যুগৰ কবিসকলে প্ৰাক্ শংকৰী কবিসকলৰ পৰা অসমীয়া ভাষাৰ এটি নির্দিষ্ট সাহিত্যিক ৰূপ আৰু ছন্দৰ আদৰ্শ লাভ কৰিছিল। শংকৰদেৱ প্ৰমুখ্যে অন্যান্য বৈষ্ণৱ কবিসকলে সেই সাহিত্যিক ৰূপক অধিক মনোগ্ৰাহী কৰি নতুন নতুন ছন্দ প্রয়োগেৰে বৈষ্ণৱ সাহিত্যৰ বিবিধ শ্ৰেণীৰ সাহিত্য প্ৰকাশৰ ক্ষেত্ৰ মুকলি কৰিছিল।

৬। প্রাক্ শংকৰী যুগৰ ভাষাৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ আলোচনা কৰা। 

উত্তৰঃ প্ৰাক্‌ শংকৰী যুগৰ সাহিত্যৰাজি বুলি ক’লে পাঁচজন সাহিত্যিকৰ সাহিত্যকৰ্মৰ কথাই বুজা যায়। তেওঁলোক হ’ল— হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। ত্রয়োদশ শতিকাৰ শেষ বা চতুৰ্দশ শতিকাৰ আদি ভাগৰ কবি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতখনেই আছিল নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদর্শন। হৰিবৰ বিপ্ৰৰ ‘অশ্বমেধ পর্ব’, কবিৰত্ন সৰস্বতীৰ ‘জয়দ্ৰথ বধ’, ৰুদ্ৰ কন্দলীৰ ‘দ্ৰোণ পৰ্ব আৰু মাধৱ কন্দলীৰ ‘বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ এই যুগৰ উল্লেখযোগ্য সাহিত্যৰাজি। প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজন হ’ল মাধৱ কন্দলী। গতিকে প্ৰাক্-শংকৰী যুগৰ ভাষাক মাধৱ কন্দলীৰ ভাষা বুলি ক’ব পাৰি। এইসকল ব্যক্তিৰ সাহিত্যৰাজিৰ আধাৰতে সেই সময়ৰ ভাষাৰ স্বৰূপ ৰক্ষিত হৈছিল। সেয়েহে, প্রাক্‌-শংকৰী যুগৰ ভাষাৰ মন কৰিবলগীয়া ভাষাতাত্ত্বিক বিশেষত্বসমূহ তলত আলোচনা কৰা হ’ল—

(ক) যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা প্রাক্‌-শংকৰী যুগৰ সাহিত্যৰাজিৰ উল্লেখযোগ্য বৈশিষ্ট্য। ‘উ’ ধ্বনিৰ প্ৰয়োগ অতি কম। ই’ৰ ঠাইত ‘ঈ’ আৰু ‘ঈ ৰ ঠাইত ‘ই’ৰ ব্যৱহাৰ মনকৰিবলগীয়া।

(খ) স্বৰসংগতি — অ > এ – নেউল, অ > আ – আনুপাম, স্বৰভক্তি – অগ্নি > অগনি, স্বপ্ন > সোপন; মহাপ্ৰাণীকৰণ – থেথেলায় (থেতেলায়), সমীভৱন – বিজুলী (বিদ্যুৎ) ৰ সহায়ত কঠিন শব্দ ভাঙি সৰল ৰূপত প্ৰকাশ কৰা হৈছে। 

(গ) সংযুক্ত ব্যঞ্জনৰ বিশেষ ব্যৱহাৰ – কন্নু, মন্যু, বসুন্ধৰী, ক্রোধিলেক আদি এই সময়ৰ সাহিত্যৰ উল্লেল্লখযোগ্য বিশেষত্ব। 

(ঘ) বিভিন্ন সময়ত একে ধৰণৰ শব্দত বেলেগ বেলেগ ধ্বনিৰ প্ৰয়োগ কৰি বানান লিখা দেখা যায়, যেনে— আকাষ, আকাশ, পৰিল, পড়িল।

(ঙ) বিভিন্ন ধ্বনি পৰিৱৰ্তন এই সময়ৰ সাহিত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য বুলি সমালোচকসকলে ঠাৱৰ কৰে। যেনে— ৰ > ল – পুলি (পুৰি)।

শ, ষ, স >খ — বিখ (বিষ), কাষ (কাখ)

ৱ > অ, য়, ই— গোদাঅৰি (গোদাৱৰী), দিয়স (দিৱস)

ক্ষ > খ, খ্য – খিৰোদ (ক্ষিৰোদ), খেমা (ক্ষমা)

ম > ৱ – নাৱ (নাম), ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top