অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য

অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Question Answer can be of great value to excel in the examination.

অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য

Join Telegram channel

অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৫। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত লীলা গগৈয়ে কেনেকৈ সচেতনতা অবলম্বন কৰিছে পাঠটিৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ লীলা গগৈ ৰচনাসম্ভাৰত আৰ্থ-সামাজিক, ধর্মীয় বিশ্বাস, সংস্কৃতিক জীৱনধাৰা প্ৰতিফলন ঘটাবলৈ বিশেষ বিশেষ পটভূমিত কিছুমান শব্দ ব্যৱহাৰ কৰিছে। গগৈয়ে অসমৰ জনজীৱন প্রচলিত শব্দৰ লগতে কিছুমান অপ্রচলিত শব্দকো সুন্দৰকৈ বিষয়ৰ সৈতে খাপ খুৱাই ব্যৱহাৰ কৰিছে। গগৈৰ ৰচনাত হোৱা শব্দচয়নৰ এনে কলা-কৌশলে ৰচনাৰ বিষয়সমূহক অর্থবহু, নিটোল আৰু মিতব্যয়ী কৰি তুলিছে।

লীলা গগৈৰ ৰচনাশৈলী একক বা স্বকীয় বৈশিষ্ট্যসম্পন্ন। তেখেতৰ ৰচনাত মনোৰম বাক্ ভংগী সাৱলীল আৰু সৰল নিভাঁজ ঘৰৱা শব্দ, নির্বাচিত শব্দ, খণ্ডবাক্য, উপমা, প্রবাদ-প্রবচন আদিৰ যথোপযুক্ত প্ৰয়োগ প্রকাশভংগীয়ে পাঠক সমাজক আকৃষ্ট কৰিছে। অতিৰঞ্জনৰ আভাস নাই। ঠায়ে ঠায়ে দীঘল বাক্যৰো প্ৰয়োগ কৰা দেখা যায়। উদাহৰণস্বৰূপে—

“কচুথুৰিৰ আত্মাৰ লগত এযুভুৰা শুকান মাছ পুৰি দিছিল। আগ্ৰহৰ আতিশয্যই তাক অমৃতোপম কৰি তুলিছিল। হাবিৰ মাজে মাজে সুৰুকীয়া বাটেদি দ্বিতীয়খন গাঁৱত ওলালোঁগৈ । এডোখৰ বাট পথাৰৰ বঁকিয়াইনি পোনাই গ’লোঁ। ইখনতকৈ সিখন গাঁৱৰ মানুহৰ আতিথেয়তা অধিক গভীৰ গুৰে গাখীৰে একো বাটি চিৰা-জলপান খোৱাৰ পিছত দেখিলোঁ, ঘৰৰ গৃহিনী গৰাকীয়ে পথাৰত হাঁহ খেদি ফুৰিছে”।

মৌলিক সাহিত্যৰ দৰেই গগৈয়ে আনকি তেওঁৰ নিভাঁজ থলুৱা অসমীয়া শব্দ আৰু কথাৰূপৰ প্রয়োগ কৰিছে। যেনে— কস্মিন কালেও, আটকাল, আওকণীয়া, ডাকু, ঘোৰাবাৰ । লীলা গগৈৰ গদ্যত ফুৰীয়া আৰু অনুৰূপ শব্দৰো সমাহাৰ ঘটা বাৰুকৈয়ে পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে— ইংৰাজী-অসমীয়া, উৰাই ঘূৰাই, ধূল-মূল, ধ্যান-ধারণা, দেখা-সাক্ষাৎ আশে পাশে, দিন-বাৰ, চাফ-চিকুণ, দিন-বাৰ, ডাঙৰ-দীঘল, আদান-প্রদান, এৰা-ধৰা, পঢ়া-শুনা, চুটি দীঘল, ওখৰ-চাপৰ,জনা-বুজা, জোখ-মাখ, খেলি-মেলি, ভব্য-গব্য, চিঠি-পত্র, আদান-প্রদান, অসুখ-বিসুখ, খা-খবৰ, বিপদ-বিপর্যয়, বিষয়বস্তু, গীত-মাত, দীঘে-পথালিয়ে, উত্তৰে-দক্ষিণে, ভাত-পানী, সোধ-পোচ,দুই-তিনি, সামৰি-সুতৰি, যা-যোগাৰ, জনা-বুজা, খণ্ড-বিখণ্ড। লীলা লগগৈৰ ৰচনাত ধ্বন্যাত্মক শব্দৰ প্ৰয়োগো পৰিলক্ষিত হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে— সৰু সৰু, গোট গোট, চক্‌ চক্‌।

লীলা গগৈৰ ৰচনাৰাজিৰ ভাষা বিশ্লেষণ কৰিলে ভালেমান জতুৱা ঠাঁচ, জতুৱা খণ্ডবাক্য, প্রবাদ-প্রবচন ঠাহ খাই আছে। এইবোৰৰ প্ৰয়োগে তেওঁৰ ৰচনাৰাজিৰ প্ৰকাশভংগী সুন্দৰ, ৰসাল আৰু সজীৱ কৰি তুলিছে। এইবোৰৰ সু-সংযোগে তথ্যপূৰ্ণ হোৱা সত্বেও তেওঁৰ গদ্য সৰস আৰু সৰল হোৱাত সহায় কৰাৰ লগতে লেখকৰ ব্যক্তিত্বৰ হাড়ে হিমজুৱে অসমীয়া ৰূপটোকো পাঠকৰ আগত দাঙি ধৰিছে। উদাহৰণস্বৰূপে— গাত বগুৱা বাই, বাটৰ দূবৰি বন, হালৈত জাকৈ বাই ফুৰা, ফুটুকাৰ ফেন, আৰ্জে নন্দ গোৱালে, খায় বোন্দা শিয়ালে, নেৰোপানী, যাউতি যুগীয়া, ঠেৰেঙা, ধান্তনি, অতপালি, ভাও, চকুচৰহা ইত্যাদি।

(গ) আধুনিক আৰু আধুনিকতাবাদ

অতি চমু প্রশ্নোত্তৰঃ

১। ঈশ্বৰৰ প্ৰতি তেওঁৰ অবিশ্বাস নাই, কিন্তু মানুহৰ জীৱন দুখ-যন্ত্ৰণাৰে ভৰাই দিয়া ঈশ্বৰৰ পৃথিৱীত তেওঁ ঠাই নিবিচাৰে – কথাষাৰ কাৰ উক্তি? 

উত্তৰঃ আইভান।

২। আধুনিক আৰু আধুনিকতাবাদ প্রবন্ধটি ড° হীৰেণ গোহাঁইৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ মানৱতাৰ সন্ধানত’।

৩। অজিৎ বৰুৱাৰ কবিতাত পৰিস্ফুট হোৱা দুটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ (ক) আত্মসচেতনতা।

(খ) সংশয়াকুল মানসিকতা।

৪। বিজ্ঞানৰ নৈব্যক্তিকতা আৰু বস্তুধৰ্মিতাক আদর্শ হিচাপে কোনে লৈছিল? 

উত্তৰঃ এলিয়েট আৰু এজবা পাউণ্ড।

৫। আধুনিকতাৰ পথ প্ৰদৰ্শক কি?

উত্তৰঃ আলোকযুগৰ আশাবাদী যুক্তিবাদ আধুনিকতাৰ পথ প্ৰদৰ্শক।

৬। “Meaning of contemporary Realism” গ্ৰন্থখন কোনে লিখিছিল? 

উত্তৰঃ জর্জি লুকাক্সে (Gyorgy Lukacs ) লিখিছিল।

৭। হীৰেণ গোহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ (ক) ‘বতাহত ক’ৰ গধূলি গোপাল’।

(খ) ‘হেঙুল আকাশ, ক’লা চাইকেল, এজন আৰোহী’।

(গ) ‘ইমান তিতা সাগৰৰ পানী।

(ঘ) ‘সপোনৰ নিকচৌ বনত’। 

৮ ৷ হীৰেণ গোহাঁইদেৱে কোনখন পৃথিৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল? 

উত্তৰঃ ১৯৮৯ চনত অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ শীৰ্ষক গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। হীৰেণ গোহাঁইয়ে ডষ্টেৱেস্কিৰ উপন্যাসত কোনবোৰ দিশ প্ৰতিফলিত হোৱা বুলি বৰ্ণনা কৰিছে?

উত্তৰঃ ডক্টেয়েদ্ধিৰ উপন্যাসত (ডষ্টেয়েস্কি বহু ক্ষেত্ৰত আধুনিকতাবাদৰ পূৰ্বসূৰী) অলৌকিক ধৰ্মীয় বিশ্বাস, গুৰু বাবাৰ মাহাত্ম্য, সমাজ-সংস্কাৰৰ প্ৰতি কটাক্ষ আদি সুলভ তেওঁৰ উপন্যাসত দেখা পোৱা যুক্তিবাদী উদাৰনৈতিক ব্যক্তিস্বাতন্ত্র্যবাদীসকলে সাধাৰণতে ফোঁপোলা, আত্মকেন্দ্রিক মানুহ হয়। তাৰ পৰা ঠিক এনে ধাৰণা কৰিব নোৱাৰি যে ডষ্টেয়েফম্বিয়ে ইচ্ছা কৰি অন্ধবিশ্বাস প্ৰচাৰ কৰিছে। কিন্তু কিছুমান নিঃস্ব, দৰিদ্ৰ পৰিয়ালৰ সীমাহীন অসহায় যন্ত্ৰণা আৰু মৰ্মান্তিক দুখ-বেদনাৰ সন্মুখত সেই আত্মতুষ্ট যুক্তিবাদ কেনে তৰাং আৰু তৰল হয়, তেওঁৰ কাহিনীয়ে তাৰ ইংগিত দি সেই মতাদৰ্শৰ করুন সীমাবদ্ধতা উদ্‌ঘাটন কৰিছে। আনহাতে ধৰ্মকো তেওঁ এক অবিচল তর্কাতীত সত্যৰ মৰ্যাদা দিয়া নাই। বরং ভূত প্রস্ত (The Possessed) উপন্যাসৰ আধ্যাত্মিকতাবানী শ্বাটভে নিজৰ ধৰ্ম বিশ্বাসৰ কথা ক’বলৈ যাওঁতে তেওঁৰ জিভা দ্বিধাজড়িত হৈ পৰিছে।

২। সাহিত্যক মতাদৰ্শৰ দৰ্পণ বুলি ভৰা ঠিক হ’বনে লিখা। 

উত্তৰঃ মতাদৰ্শৰ লগত সাহিত্যৰ সম্পৰ্কৰ প্ৰশ্নটো জটিল। সাহিত্যক মতাদৰ্শৰ পৰা বিচ্ছিন্ন কৰিব খোজা চেষ্টা ভ্ৰান্ত আৰু বিভ্ৰান্তিকৰ। সাহিত্য বিচাৰতো মতাদৰ্শগত চেতনা সজাগ হৈ থকা ভাল। কিন্তু সাহিত্যক কোনো মতাদৰ্শৰ ৰূপান্তৰ বুলি ভবাও আংশিক আৰু পক্ষপাতদুষ্ট। সাহিত্যৰ মূৰ্ত চৰিত্ৰ আৰু সন্ধানী প্রৱণতাই তাক মতাদৰ্শৰ গণ্ডী পাৰ কৰাই আনিব পাৰে। কথাটো মার্ক্স— এংগেছে তেওঁলোকৰ চিঠি-পত্ৰত উনুকিয়াই গৈছিল। তদুপৰি সাহিত্যই কোনো মতাদৰ্শৰ দুৰ্বলতাও উন্মোচন কৰে সজ্ঞানে বা অজ্ঞাতসাৰে।

৩। নৱকান্ত বৰুৱাৰ কবিতা ‘পলস’ত প্ৰতিফলিত হোৱা আধুনিকতা সম্পৰ্কে হীৰেণ গোহাঁইৰ দৃষ্টিভংগীসমূহ উল্লেখ কৰা।

উত্তৰঃ কবি হিচাপে নৱকান্ত বৰুৱা যথার্থতে আধুনিক। তেওঁৰ কবিতাৰ বিষয়বস্তু তথা আঙ্গিক আধুনিক কবিৰ কাব্যৰে বৈশিষ্ট্য। ‘পলস’ কবিতাটিতো আধুনিক কবিতাৰ বৈশিষ্ট্য পৰিলক্ষিত হয় আৰু ইয়ে কবিতাটোৰ কাব্যিক মূল্যও নিৰূপণ কৰে।

আধুনিক অসমীয়া সাহিত্যত এতিয়াও সামন্ত যুগ নিঃশেষ নোহোৱা এখন সমাজত পুঁজিবাদে জন্ম দিয়া মানসিক সংকট কবিসকলে তীব্ৰতাৰে ৰূপায়িত কৰিছে। অথচ মানৱতাৰ ভৰসা বর্জিত হোৱা নাই। নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাত কবিয়ে অতীতক বিদায় দিছে এক ট্রেজিক, অর্থহীন ধ্বংসলীলা ৰূপে, বর্তমানক এক তুচ্ছ আত্মতৃপ্তিত মগ্ন মৃঢ়তাৰূপে দেখিছে, ভৱিষ্যতৰ পৰা কিন্তু আশা কৰিছে উদ্ধাৰৰ পথ— যি পথত তেওঁ নিজে পথিক হ’ব নোৱাৰিব। ৰাবীন্দ্ৰিক মানৱতাবাদৰ স্পৰ্শ ইয়াত সজীৱ। 

অজিৎ বৰুৱাৰ কবিতাৰ গাঢ় নৈৰাশ্য আৰু ব্যৰ্থতাবোধে কিন্তু নৱকান্তৰ দৰে অতীত আৰু ভৱিষ্যতৰ মাজত সেতু বন্ধনৰ সহজ ভৰসা নিদিয়ে। নৈবাস্য গভীৰ দুখেৰে অথচ দৃঢ়চিত্তে গ্ৰহণ কৰাৰ এক উকা প্ৰজ্ঞা কবিতাটোৰ বৈশিষ্ট্য। কিন্তু নেতি আৰু অৱক্ষয়ে কবিক পশ্চিমৰ সাহিত্যিকৰ দৰে নিৰৰ্থকতাবাদলৈ ঠেলি দিয়া নাই। কবিতাটোৰ দিগন্ত উদ্ভাসিত, কৰিছে প্ৰেমৰ, পূৰ্ণতাৰ স্মৃতিয়ে, যদিও সন্মুখত ঘোৰ অন্ধকাৰ।

কবিৰ প্ৰত্যক্ষ উক্তি, ভবিষৎ সম্পর্কে এক সহজাত আশাবাদ, বৰ্তমানৰ দুখ-বেদনাৰ অসাৰ্থকতাৰ বা তুচ্ছতাৰ বিষয়ে পোনপটীয়া ইংগিত এইবোৰ আধুনিক সংশয় আৰু পৰিহাসৰ (irony পৰা মুক্ত উপাদান। ‘আমি’, ‘আমাৰ’ এই ধৰণে কবিয়ে ব্যক্ত কৰিছে তেওঁৰ নিজা বিশ্বাস। খেতি-পথাৰৰ ভাষা ব্যৱহাৰ বক্তা খেতিয়ক ৰূপে প্ৰতিভাত হোৱা নাই— সেই ভাষা সহজ ৰূপকৰ ভাষা। তত্রাচ কবিতটোত আধুনিকতা ফুটি উঠিছে বৰ্তমান জীৱনৰ অন্তঃসাৰশূন্যতা সম্পৰ্কে গভীৰ বিতৃষ্ণা আৰু খেদত। সেই বিতৃষ্ণা আত্মসচেতন, নাটকীয়তা বৰ্জিত আৰু সেই ভাব-প্রবণতাহীন।

আজি যুগৰ অনুৰ্বৰতা আৰু লক্ষ্যহীনতা, আদৰ্শৰ তুচ্ছতাৰ পটভূমিত বিৰাজ কৰিছে বিশাল অতীত।

‘সপোন অন্ধ যি গলিত 

আমি থাকো।’

গলিৰ লগত মুক্ত বননিৰ বৈপৰীত্য। বৰ্তমান যুগৰ জীৱনৰ অন্ধকাৰ সংকীৰ্ণতা ‘গলি’ শব্দই প্ৰকাশ কৰে। হয়তো ৰবীন্দ্ৰনাথৰ ‘কিনু গোয়ালাৰ গলি’ য’ত আধুনিক জীৱনে চেপি ধৰা হৰিপন কেবাণীয়েও ৰামগিৰিৰ যক্ষৰ দৰে পৰিপূৰ্ণ জীৱনৰ সপোন দেখে। কিন্তু আজিৰ যুগত সেই সপোনো দেখিব নোৱাৰি সম্পূর্ণ বন্ধ্যা।

শব্দৰ চাতুৰি

যি গলিত সপোন অন্ধ, ভৱিষ্যতৰ বতৰা নিদিয়ে।

অথবা

সপোনত অন্ধ হৈ বৰ্তমানৰ প্ৰতি নিস্পৃহ হৈ আমি য’ত থাকো, অতীতলৈ ঘূৰি চালে দেখা যাব বহাগৰ ধুমুহাই পলাশ বনৰ দীপ্তি নিঃশেষ কৰাৰ দৰে, অতীততো ক’ত যুগৰ কতজন সপোন ধ্বংস হৈছে। মানৰ দিনৰ উল্লেখে দূৰ অতীতৰ সেই বিপর্যয়বোৰৰ ইংগিত দিছে। কিন্তু তাৰো আগতে তেনেকৈ ইতিহাসৰ অথন্তৰে সপোন মষিমূৰ কৰিছিল বহুজনৰ। পৰম্পৰাৰ পটভূমিত বৰ্তমানৰ বিচাৰ। আনহাতে বহাগৰ ধুমুহাই যদি ধ্বংস কৰে, নতুন সৃষ্টিৰ বীজো সিঁচৰতি কৰে ।

আজিৰ ছবিৰ বৃহদারণ্যক উপন্যাসত ব্ৰজৰ কণ্টত ‘দ’— ‘দিয়া’। মানুহৰ বাবে নিৰ্দিষ্ট নীতি। এই দিয়াটো যান্ত্রিক, আনুষ্ঠানিক, আস্তৰিকতাহীন। আনহাতে প্ৰৱসুৱা প্রিয়জনৰ বিচ্ছেদত হামৰাও কঢ়া চিত্ৰকল্পৰ জৰিয়তে আদৰ্শৰ প্ৰতি বৰ্তমানৰ আকাংক্ষাৰ ইংগিত দিয়া হৈছে। কিন্তু সিও সীমিত— দুটাহে হুমুনিয়াহ। আত্মসচেতন আবেগ শাসন।

কিন্তু নিজৰ ব্যৰ্থতা কবিয়ে স্বীকাৰ কৰিছে। এলাঙ্কৃত জোপ লৈ থকা মকৰাৰ মৰাশৰ খোল বহাগৰ বৰষুণে উটুৱাই লৈ যাওক। কবিৰ ধাৰণা আৰু আকাংক্ষা বৰ্তমান যুগ কেবল ভৱিষ্যতৰ পলম হ’ব। আকৌ কলঙ প্রবাহিনী নদী হ’ব। কিন্তু কবিৰ যুগৰ জীৱন বাচি থাকিব উত্তৰ পুৰুষৰ মাজত। জাতিস্মৰৰ সাধু হাঁহি উঠা, আমোদজনক, অবিশ্বাস্য। বর্তমানৰ ভয়ানক দুখ যন্ত্ৰণা অনুৰ্বৰতাও সিহঁতৰ বাবে হাস্যকৰ হ’ব। জাতিস্মৰ হ’ল বিগত অতীতৰ স্মৃতিত বন্দী বৰ্তমানৰ প্ৰজন্ম। নাতিহঁতে নতুন পাম খুলিব। নতুন কর্ষণ, সৃষ্টিৰ সীৰলু।

শব্দ

সিহঁতৰ ভৱিষ্যত

সিহঁতেই ভবিষ্যত।

নয়ানজুলি বিদেশী শব্দ নদীৰ গতি পথৰ শেষৰ পিনৰ আধুনিক ৰীতি আৰু শৈলী সত্ত্বেও কবিতাটোৰ চৰিত্ৰ ১০০% আধুনিক নহয়। স্বাধীনতা সংগ্রামে থৈ যোৱা প্ৰৱল প্ৰেৰণা আৰু বিশ্বাসৰ সুঁতি ক্ষীণ হ’লেও শুকাই যোৱা নাছিল। সেয়ে ভৱিষ্যতৰ প্ৰতি কবিয়ে আস্থা হেৰুওৱা নাই। পৰম্পৰাহীনতা আধুনিক সমাজৰ এক বৈশিষ্ট্য। কিন্তু ইয়াত অতীতৰ প্ৰতি মায়া আৰু ভৱিষৎ প্রজন্মৰ প্ৰতি স্নেহ বা মৰম স্পষ্ট।

অৱশ্যে কেতিয়াবা কবি-সাহিত্যিকে সম্পূর্ণ প্রতীক ৰূপায়িত নকৰি ব্যক্তিগত কেতবোৰ প্ৰতীকৰ ইংগিত দিয়ে সি পাঠকৰ বাবে ফান্দ, সমালোচকৰ বাবে সুবর্ণ সুযোগ। কিন্তু ব্যক্তিগত প্রতীক কবি-সাহিত্যিকৰ বাবে যিমানেই ধ্বনিময় নহওঁক, তাক পাঠকৰ পৰা আঁতৰত ৰখাৰ লুকা চাকু আদৰণীয় নহয়। কাৰণ কবিতাটোৱে তাৰ ৰূপ পৰিগ্ৰহ কৰাত পাঠকৰ অৱদান কবিতকৈ কম নহয়।

আধুনিকতাবাদৰ আভিজাত্য সাধাৰণ পাঠকৰ বাবে উদ্বেগ আৰু আশংকাৰ বিষয়। কিন্তু বিজ্ঞান আৰু ব্যৱসায়ে একাধিপত্য কৰা জগতত এইটো আধুনিকতাবাদী লেখকৰ অভিমানৰহে লক্ষণ। সাহিত্যৰ অনিবাৰ্য সার্থকতাক অচেতন জগতৰ আগত আওপকীয়াকৈ সাব্যস্ত কৰিবলৈহে তেওঁলোকে এনে ভাব-ভংগী অৱলম্বন কৰিছে। সেয়ে সাধাৰণ পাঠকে এই অভিমানীসকলৰ মানভঞ্জনৰ বাবে নিজে দুখোজ আগুৱাই যোৱাত দোষ নাই। কিন্তু অভিমানীসকলেও বুজা উচিত যে তেওঁলোকে শূন্যত অভিমান কৰিব নোৱাৰে। ৰুম আৰু ডিডেলাছৰ মিলন হ’ব লাগিব।

৪। ‘অজিত বৰুৱা’ৰ কবিতা আজি আকৌ মেজাংকৰীৰ এঙাচোলা পিন্ধিত প্রতিফলিত হোৱা সংশয়াকুল মানসিকতা তথা আধুনিকতাবাদৰ প্ৰতিধ্বনি সম্পৰ্কে হীৰেণ গোহাঁইৰ মনোভংগী বিশ্লেষণ কৰা।

উত্তৰঃ নৱকান্ত বৰুৱাৰ তুলনাত ঢেৰ বেছি আত্মসচেতন আৰু সংশয়াকুল মানসিকতা ইয়াৰ বৈশিষ্ট্য। কোনো ধৰণৰ দ্ব্যর্থহীন পোনপটীয়া উক্তি নাই। Rhetoric হীন, উকা, কথ্য ভাষাৰ ওচৰৰ বক্তা এজন বয়স্ক, অৱস্থাপন্ন, গণ্যমান্য লোক, ৰ’দত বহি অতীত স্মৰণ তথা অতীতচাৰণ কৰিছে। প্ৰতিটো উক্তিয়েই সংশয়ৰ বোকোচাত দোলায়মান। নিজৰ বৰ্তমানৰ মৰ্যাদা সম্পৰ্কে সজাগ অথচ বিদ্রূপাত্মক মনোভাৱ। মেজাংকীৰ এঙাচোলা, মধুৰা পাগ ভব্য গণ্য সামাজিক অৱস্থাৰ দ্যোতক। অৱশ্যে মথুৰা পাগে বয়সৰ চিন বগা চুলি ঢকাত সহায় কৰে। সময়ৰ লগত লুকাভাকু খেলাৰ ইংগিত— সিও এক গভীৰ দুৰ্বলতা, কাৰণ সময়ক ফাঁকি দিব নোৱাৰি। বৈষয়িকভাৱে সফল জীৱনৰ শেষ বিন্দুত ৰৈ কিন্তু তেওঁ পাঠকৰ বাবে অপ্রত্যাশিত প্রশ্ন এটা কৰিছে:

যিহকে নাপালোঁ সেয়েতো ভাল?’

অৰ্থাৎ সাধাৰণ মানুহৰ অপ্ৰাপ্তিৰ বেদনা আৰু নোপোৱা বস্তুৰ প্ৰতি হাবিয়াস কবিতাৰ নায়কৰো আছে। কিন্তু সি এক স্বাভাবিক মানবীয় দুর্বলতা বুলিও তেওঁ সচেতন হৈছে।

এতিয়া প্ৰশ্ন হৈছে, তেওঁ কি নাপালে? পিছৰ স্তৱকত এলানি স্মৃতি গধুৰ ছবি, হুসৰ অতীতৰ পৰা উঠি আহিছে এগৰাকী গাঁৱলীয়া তিৰোতাৰ স্মৃতি। শৰীৰৰ ঘাম, তাহানিৰ কুসুম মালতী তেলৰ গোন্ধ, আৰু নাকফুল পিন্ধা এটি নাক। ছবিখনৰ বা স্মৃতিৰ পটভূমি ভঠেলিৰ পথাৰ। ভঠেলি এক ধৰণৰ বসন্তোৎসৱ, আশা, আনন্দ আৰু যৌৱনৰ নাৰীগৰাকী কবিৰ প্ৰেমাস্পদা নহয় বুলি করিয়ে আন এঠাইত দৃঢ়ভাৱে কৈছে, ছবিখনে হেনো তেওঁৰ শৈশৱৰ নাৰী গৰাকী তেওঁৰ ঘৰত থকা তেওঁতকৈ বয়সত ডাঙৰ এজনী বনকৰা ছোৱালী। তাইৰো জীৱন বিয়াল পিছত অকালতে প্ৰসৱ যন্ত্ৰণাত শেষ হৈছিল। কিন্তু তাইৰ জীৱন-যৌৱনৰ বিফলতা যো নায়কৰ জীৱনৰ ভীষণ উদাৰতাৰ প্ৰতীক — সপোনৰ ছবিৰ দৰে displaced.

“তাৰ পিছত অন্তহীন, ক্লান্তিকৰ আৰু কষ্টকৰ ভ্ৰমণৰ কল্পচিত্ৰ পথাৰৰ পকা চপৰা, দীঘল দীঘল অনোৱা-বনোৱা বাট, বাটৰুৱাৰ পৰুৱাই পোৱা অৱস্থাই মৰুময় জীৱন পৰিক্ৰমাৰ ইংগিত বহন কৰিছে। স্পষ্টকৈ কবিয়ে ইয়াত জীৱনৰ উপলব্ধি ব্যক্ত কৰিছে। বহু বছৰ হৈ গৈছে। কোন ক্ষণত ধূলি-বালি-বোকাৰ বাট পকী বাট হৈছে কবিয়ে ক’বই নোৱাৰিলে। কিন্তু সেই নাৰীৰ সংঘৰ পৰা তেওঁ আজি হেজাৰ যোজন দূৰত ৰোমাণ্টিক কবিতাৰ দৰে দুয়োৰে ব্যৱধানৰ কাৰণ দুস্তৰ সাগৰ বা ভৌগোলিক দূৰত্ব নহয়— কাৰণ তেওঁৰ আজিৰ এই মান- মৰ্যাদাৰে ভৰা জীৱন। গঁৱলীয়া তিৰোতাজনীৰ জীৱনৰ পৰা আঁতৰি আহি তেওঁ কিবা হেৰুৱালে। যেন কমলাকান্তই শুনিছে বাথৰুমত সুপ্ৰভাৰ গান— জীৱনৰ পৰা কিবা এটা হেৰাই গ’ল অনিবার্যভাৱে, কমলাকান্তই পাহৰিছে কি হেৰাল”।

শেষত পুনৰাবৃত্তি

“যি বাটে ন’গলো সেয়েই ভাল।”

এইটো সিদ্ধান্ত। অথচ তাক বহুপিনে পোনাব পাৰি। ইয়াত এপিনে যেনেকৈ স্বস্তি আৰু নিৰাপত্তাৰ ভাব ফুটি উঠিছে, কঠিন কঠোৰ অন্তহীন যাত্ৰাৰ পৰা উদ্ধাৰ পোৱাৰ হস্তি, আনপিনে অনুৰণিত হৈছে এক অব্যক্ত বিশাদ আৰু খেদ। আত্মপ্ৰতাৰণামূলক সান্ত্বনাৰ সুৰো শুনা গৈছে। চুম্বকভাৱে কোৱা কথাত নায়কৰ আত্মবিদ্রগো চৰম। আধুনিকতাবাদৰ নাটকীয় অথচ দ্বার্থময় ভাষণ ইয়াত পৰিস্ফুট।

অজিৎ বৰুৱাৰ কবিতাৰ গাঢ় নৈৰাশ্য আৰু ব্যৰ্থতাবোধে কিন্তু নৱকান্তৰ দৰে অতীত আৰু ভৱিষ্যতৰ মাজত সেতু বন্ধনৰ সহজ ভৰসা নিদিয়ে। নৈৰাস্য গভীৰ দুখেৰে অথচ দৃঢ় চিত্তে গ্ৰহণ কৰাৰ এক উকা প্রজ্ঞা কবিতাটোৰ বৈশিষ্ট্য। কিন্তু নেতি আৰু অৱক্ষয়ে কবিক পশ্চিমৰ সাহিত্যিকৰ দৰে নিৰৰ্থকতাবাদলৈ ঠেলি দিয়া নাই। কবিতাটোৰ দিগন্ত উদ্ভাসিত কৰিছে প্ৰেমৰ, পূৰ্ণতাৰ স্মৃতিয়ে, যদিও সন্মুখত ঘোৰ অন্ধকাৰ। 

৫। আধুনিকবাদ সম্পৰ্কে হীৰেণ গোহাঁইৰ ধাৰণাবোৰ আলোচনা কৰা। 

উত্তৰঃ আধুনিকতাবাদ যে আধুনিকতাতকৈ বেলেগ বস্তু, কেতিয়াবা তাৰ সম্পূৰ্ণ বিপৰীত মেৰুৰ বস্তু, তাৰ বিৰুদ্ধে প্রতিক্রিয়া কথাটো অসমীয়া সাহিত্য-আলোচনাত এতিয়া সুবিদিত হৈছে। কিন্তু আজিও আধুনিকতাই সমাজৰ ভালেখিনি ঠাই দখল কৰিব নোৱাৰা অসমৰ সমাজ-সংস্কৃতিত আধুনিকতাবাদৰ ভূমিকা কি হ’ব, মাজে-সময়ে সেই প্ৰশ্ন মনলৈ আহে। সাম্য আৰু বক্তিস্বাতন্ত্ৰৰ তুৰ্থনাদে য’ত জাতিভেদ আজিও ধূলিসাৎ কৰিব পৰা নাই, য’ত বৈজ্ঞানিক, যুক্তিবাদী চিন্তাক ধর্মীয় আখ্যানে এতিয়াও দুৰ্বল কৰি ৰাখিছে, তাত প্ৰাচীন আচাৰ সংস্কাৰৰ প্রভাৱ এতিয়াও যথেষ্ট প্রবল। ঘাইকৈ পশ্চিমীয়া ধ্যান-ধাৰণাৰে শিক্ষিত আধুনিক অসমীয়া | তথা ভাৰতীয়ৰ মনৰ উপৰিভাগ পশ্চিমৰ আধুনিক ধ্যান-ধাৰণাই অধিকাৰ কৰি আছে। তেনে এখন আদৰ্শ সমাজ মনৰ সেই স্তৰেৰে আমি বিচাৰো য’ত নিৰ্বিশেষে সকলো ব্যক্তিৰ মৰ্যাদা | স্বীকৃত হ’ব আৰু মানৱতাবাদৰ পূৰ্ণ পয়োভৰ হ’ব।

এসময়ত হুৰোপৰ মাৰ্ক্সবাদী সমালোচকসকলে আধুনিকতাবাদৰ বিৰুদ্ধে ঠিক এনে ধাৰণাই পোষণ কৰিছিল। ফৰাচী দাৰ্শনিক ৰজেৰ গাৰৌডিয়ে এই সাহিত্যক কবৰখানাৰ সাহিত্য’ (Literature of the Graveyard) নামকৰণ কৰিছিল । জর্জি লুকারে লিখিছিল “Meaning of contemporary Realism” নামৰ গ্ৰন্থ। ঊনবিংশ শতাব্দীলৈকে প্ৰবল হৈ থকা মানৱতাবাদক দুৰ্বল কৰা বাবেই এনে অভিযোগ উঠিছিল আধুনিকতাবাদৰ বিৰুদ্ধে।

কিন্তু মানৱতাবাদক আধুনিকতাবাদে দুৰ্বল কৰাৰ আগতেই ইতিহাসৰ গতিয়ে বিপর্যস্ত কৰিছিল। যি পুঁজিবাদে সামন্তবাদী ভাবধাৰাৰ বিপৰীতে ব্যক্তিৰ অধিকাৰ আৰু যুক্তিৰ মৰ্যাদা, তথা মানুহৰ জয়জয়কাৰ প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছিল। সেই পুঁজিবাদৰ সংকট দিনক দিনে গভীৰ হৈ অহাৰ ফলত য়ুৰোপীয় মানুহৰ আত্মবিশ্বাস দুৰ্বল হৈছিল। বিভিন্ন সাম্রাজ্যবাদী পুঁজিৰ প্ৰতিযোগিতাই ভয়ংকৰ বৰ্বৰোচিত যুদ্ধৰ ৰূপ লৈছিল, নিবনুৱা সমস্যাই দুৰাৰোগ্য ব্যাপক ব্যাধি হৈ পৰিছিল, ব্যক্তিৰ অধিকাৰৰ অবাধ প্ৰসাৰণে সমাজক ক্ষতিগ্ৰস্ত কৰিছিল ।  সেয়ে আধুনিকতাবাদে মানৱতাবাদ ধ্বংস কৰা বুলি ক’ব নোৱাৰি। কিন্তু ই ঠিক যে নতুন ভিত্তিত মানৱতাবাদ প্রতিষ্ঠা কৰাৰ যি সংগ্রাম — য’ত ব্যক্তিৰ অধিকাৰ সমাজৰ প্ৰয়োজনে সীমিত কৰিব — সেই সংগ্ৰামত বহু আধুনিকতাবাদীয়ে অংশগ্ৰহণ কৰা নাছিল। (প্লেট, পিকাছো, আৰাগ, নেকড়া আদিৰ কথা সুকীয়া। বরং এক সংখ্যক আধুনিকতাবাদী— পিৰাণ্ডে ‘লো, মাৰিনেণ্ডি, এ ফ্ৰা পাউণ্ড, গৎফিড়, বেন্‌ আদি আকৃষ্ট হৈছিল ফাছিবাদৰ প্ৰতি।

মতাদৰ্শৰ লগত সাহিত্যৰ সম্পৰ্কৰ প্ৰশ্নটো জটিল। কিন্তু সাহিত্যিক কোনো মতাদৰ্শৰ ৰূপান্তৰ বুলি ভবা ও আংশিক আৰু পক্ষপাতদুষ্ট। ডক্টোয়েক্তি বহু ক্ষেত্ৰত আধুনিকতাবাদৰ পূৰ্বসূৰী। অলৌকিক ধর্মীয় বিশ্বাস, গুৰু বাবাৰ মাহাত্ম্য, সমাজ সংস্কাৰৰ প্ৰতি কটাক্ষ আদি সুলভ। তেওঁৰ উপন্যাসত দেখা পোৱা যুক্তিবাদী উদাৰনৈতিক ব্যক্তি স্বাতন্ত্র্যবাদীসকলে সাধাৰণতে ফোঁপোলা, আত্মকেন্দ্রিক মানুহ হয়। তাৰ পৰা ঠিক এনে ধাৰণা কৰিব নোৱাৰি যে ডক্টোয়েন্স্কিয়ে ইচ্ছা কৰি অন্ধবিশ্বাস প্ৰচাৰ কৰিছে। কিন্তু কিছুমান নিঃস্ব, দৰিদ্ৰ পৰিয়ালৰ সীমাহীন অসহায় যন্ত্ৰণা আৰু মৰ্মান্তিক দুখ-বেদনাৰ সন্মুখত সেই আত্মতুষ্ট যুক্তিবাদ কেনে তৰাং আৰু তলৰ হয়, তেওঁৰ কাহিনীয়ে তাৰ ইংগিত দি সেই মতাদৰ্শৰ কৰুণ সীমাবদ্ধতা উদ্ঘাটন কৰিছে। আনহাতে ধৰ্মকো তেওঁ এক অবিচল তর্কাতীত সত্যৰ মৰ্যাদা দিয়া নাই । বৰং ভূতগ্রস্ত (The possessed) উপন্যাসৰ আধ্যাত্মিকতাবাদী খাটতে নিজৰ ধৰ্ম বিশ্বাসৰ কথা ক’বলৈ যাওঁতে তেওঁ দ্বিধাজড়িত হৈ পৰিছে। আকৌ কাৰামজফ ভ্রাতৃবৃন্দ (Brothers Karamazov আইভানে কৈছে, ঈশ্বৰৰ প্ৰতি তেওঁৰ অবিশ্বাস নাই, কিন্তু মানুহৰ জীৱন দুখ-যন্ত্ৰণাৰে ভৰাই দিয়া ঈশ্বৰৰ পৃথিৱীত তেওঁ ঠাই নিবিচাৰে।

ডক্টোয়েঙ্কিৰ নিজা কুসংস্কাৰ আৰু অন্ধবিশ্বাস সত্বেও তেওঁৰ কাহিনীৰ মহিমা ম্লান হোৱা নাই এইবাবে যে বিভিন্ন ভাবধাৰা, দার্শনিক দৃষ্টিকোণ আৰু জীৱনচর্যাক তেওঁ নাটকীয় পদ্ধতিবে আমাৰ আগত দাঙি ধৰিছে আৰু সিহঁতৰ মাজত চলা সংঘাত বিবাদত হস্তক্ষেপ নকৰাকৈ থাকিবলৈ চেষ্টা কৰিছে। কবিতাৰ ক্ষেত্ৰতো দেখা গৈছে যে কবিতাক কোনো এক পক্ষীয় উক্তি বুলি ভবাৰ অভ্যাস বৰ্জন কৰা হৈছে। 

এই নাটকীয় পদ্ধতি আধুনিকতাবাদৰ প্ৰিয় পদ্ধতি। সেয়ে এলিয়েটৰ ধৰ্মবিশ্বাস বা গোড়ামি ভাল নোপোৱা মানুহেও তেওঁৰ কবিতা পঢ়ি মুগ্ধ হয়। কাৰণ তেওঁ বিশ্বাস-অবিশ্বাস, ধর্মীয় ধাৰণা আৰু টন্‌টনিয়া বাস্তববুদ্ধিৰ মাজত সদায় তেওঁৰ কাব্য স্পন্দিত কৰি ৰাখিছে। তদুপৰি তেওঁৰ ধৰ্মীয় অন্বেষণৰ পটভূমিত তেওঁ যি সাংসাৰিক দুখ-যন্ত্ৰণা আৰু মানসিক উদ্বেগ, শংকা আৰু নিৰাপত্তাহীনতা দেখুৱাইছে সকলো পাঠক তাৰ লগত সুপৰিচিত। সেয়ে আধুনিকতাৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম মতান্ধ কিৰিলি নহয়। সমসাময়িক জীবন-যন্ত্ৰণাৰ পৰা উদ্ভুত হুমুনিয়াহেৰে গধুৰ প্ৰাৰ্থনা।

আধুনিক জীবনযাত্ৰাৰ কেন্দ্ৰ স্বৰূপ নগৰৰ খহটা, শুকান, চঞ্চল আৰু কোলাহলমুখৰ পৰিৱেশত আধুনিকতাবাদীসকলে বিচাৰে জীৱনৰ ৰেহ-ৰূপ। ই কেৱল অনুভূতিৰ তাড়না নহয়, প্ৰকৃতিৰ প্ৰতি ঔদাসিন্যৰ কাৰণ সেই ৰোমাণ্টিক ভৰসাৰ অবলুপ্তি যাৰ মতে প্ৰকৃতিৰ আশ্ৰয়তে মানুহে তাৰ জীৱনৰ হেৰাই যোৱা পূৰ্ণতা আৰু শান্তি ঘূৰাই পাব। বৰং নাগৰিক জীৱনৰ বেসুৰা ছন্দৰ মাজেদিয়েই কবি-সাহিত্যিক খেপিয়াই ফুৰিছে জীৱনৰ নতুন ৰাগিণী। সেয়ে আধুনিকতাবাদীসকলক আধুনিকতাৰ পক্ষপাতী সকলতকৈ সৎ আৰু সাহসী বুলিব পৰা যায়। কিন্তু এই অন্বেষণত আধুনিক নাগৰিক জীৱনৰ বিচ্ছিন্নতা আৰু নিসংগতা, বিকাৰ আৰু বিকৃতিও আওকাণ কৰা নাই ।

৬। আধুনিক জীৱনযাত্ৰাৰ কেন্দ্ৰস্বৰূপ নগৰৰ পৰিবেশৰ লগত আধুনিকতাবাদীসকলৰ জীৱনৰ আলেখ্য কেনেদৰে হীৰেণ গোহাঁইদেৱে বৰ্ণনা কৰি দেখুৱাইছে? 

উত্তৰঃ আধুনিক জীবনযাত্ৰাৰ কেন্দ্ৰ নগৰী। তাৰ খহটা, চঞ্চল, শুকান, কোলাহলমুখৰ পৰিৱেশত

আধুনিকতাবাদীসকলে বিচাৰে জীৱনৰ আধুনিক ৰেহ-ৰূপ। ই কেবল অনুভুতিৰ তাড়না নহয়, প্রকৃতিৰ প্ৰতি ঔদাসিন্যৰ কাৰণ সেই ৰোমাণ্টিক চৰসাৰ অবলুপ্তি যাৰ মতে প্ৰকৃতিৰ আশ্ৰয়তে মানুহে তাৰ জীৱনৰ হেৰাই যোৱা পূর্ণতা আৰু শান্তি ঘূৰাই পাব। বৰং নাগৰিক জীৱনৰ বেসুৰা ছন্দৰ মাজেদিয়েই কবি-সাহিত্যিকে খেপিয়াই ফুৰিছে জীৱনৰ নতুন ৰাগিণী। সেয়ে আধুনিকতাবাদীসকলক আধুনিকতাৰ পক্ষপাতী সকলতকৈ সং আৰু সাহসী বুলিব পৰা যায়। কিন্তু এই অন্বেষণত আধুনিক নাগৰিক জীৱনৰ বিচ্ছিন্নতা আৰু নিসংগতা, বিকাৰ আৰু বিকৃতিও তেওঁলোকে আওকাণ কৰা নাই।

ব্রেখটে ঠিকেই কৈছে যে আধুনিকতাৰ গোড়া সমর্থকসকলে গোৱাৰৰ দৰে খামুচ মাৰি ধৰি থকা পূৰ্ণাঙ্গ চৰিত্ৰ আৰু সুস্থিৰ, নিটোল কাহিনী এক প্ৰকাৰৰ ভাববিলাস। সেয়ে শ্রীমতী ভার্জিনিয়া উল্‌ফে, আর্ণল্ড বেনেটে আদি প্ৰাচীন কাৰৰ সুনিৰ্মিত কাহিনী উল্লেখ কৰি গৈছে – সেই সুনিৰ্মিত ভৱনত জীৱনৰ নিশ্বাস-প্ৰশ্বাস নাই।

কিন্তু আধুনিক মানুহ বহুদিনৰ পৰা গৃহহাৰা। আধুনিক সাহিত্যত এক সুলভ বিষয় বা চিত্ৰ হৈছে। প্রবাহ বা দেশান্তৰী ঘটা। আত্মনির্বাহিত মানুহে বস্তুগত আধাৰবোৰ হেলাৰঙে বৰ্জন কৰি নিজৰ মাজতে নতুনকৈ বিচাৰিছে অস্তিত্বৰ স্বৰূপ আৰু ভিত্তি। অনিবার্যভাৱে বাহ্যিক দৃষ্টিকোণৰ পৰা দিয়া বিৱৰণৰ ঠাইত চৰিত্ৰসমূহৰ বা গল্পকাৰৰ আত্মগত, মনোগতবাদী ভাব-প্ৰৱাহৰ পদ্ধতি আধুনিকতাবাদীৰ অধিক মনঃপুত। কিন্তু তাৰ ওপৰত অত্যাধিক গুৰুত্ব দি কোনো সমালোচকে যদি বহির্বিশ্বৰ দাবী উপেক্ষা কৰিবলৈ আমাক আহ্বান কৰে, সি হ’ব অতিশয় বিপজ্জনক।

আলোকযুগৰ আশাবাদী যুক্তিবাদ আধুনিকতাৰ পথ প্ৰদৰ্শক। কিন্তু মানৱ সত্তা তথা মানুহৰ জীৱনৰ দুৰ্ত্তেয় দিশত সি পোহৰ পেলাব পৰা নাছিল।

প্রকৃততে আধুনিক সমাজ-সভ্যতাৰ অথন্তৰৰ পৰাই এই বিভাজন আহিছে। তাক দত্তৰ বা অহমিকাৰ আলম কৰি পেলালে ব্যাধি অধিক গুৰুতৰহে হ’ব। ব্ৰেখটে আদি সাহিত্যিকে হাতে কামে তাৰ নিৰাময়ৰ চেষ্টা কৰিছিল।

আধুনিক অসমীয়া সাহিত্যত এতিয়াও সামন্ত যুগ নিঃশেষ নোহোৱা এখন সমাজত পুঁজিবাদে জন্ম নিয়া মানসিক সংকট কবিসকলে তীব্ৰভাৰে ৰূপায়িত কৰিছে। অথচ মানৱতাৰ ভৰসা বর্জিত হোৱা নাই।

৭। বিজ্ঞানৰ লগত আধুনিকতাৰ সম্পৰ্কৰ কথা হীৰেণ গোহাঁইদেৱে কেনেদৰে ব্যক্ত কৰিছে লিখা।

উত্তৰঃ আধুনিকতা বৈজ্ঞানিক পদ্ধতিৰ ওপৰত আস্থাবান। বিজ্ঞানে বস্তুৰ ৰূপত দাঙি ধৰা বিশ্বজগতৰ ছবিখন নিয়ন্ত্ৰণ কৰা সহজ আৰু ফলপ্ৰসূ। কিন্তু বিশ্বজগতৰ সকলো কথাই মানুহে নিয়ন্ত্ৰণ কৰিব পাৰে বা কৰাৰ কথা ভাবিব পাৰে, তেনে এক ধাৰণাও দিশৰ পৰা নিঃকিন। সেরে ভাষা-সাহিত্যৰ পৰা বিজ্ঞানৰ প্ৰভাৱ বহিষ্কাৰ কৰাৰ চেষ্টা চলালে আধুনিকতাবাৰীয়ে। শব্দৰ অৰ্থত দ্ব্যৰ্থতা থাকিলে বিজ্ঞান নহয়, তাৰ বস্তুগত প্ৰতিৰূপ থকা অতি প্রয়োজনীয় বে’কনৰ দিনৰ পৰাই বিজ্ঞানে এই নীতি অনুসৰণ কৰিছে। কিন্তু আধুনিকতাবাদীয়ে শব্দ আৰু ভাষাৰ বহুমাত্ৰিক ৰূপ, তাৰ স্বভাৱতে দ্ব্যর্থবোধক তাৎপৰ্য (ambiguity) তাৰ যুক্তিৰ অগোচৰ ব্যঞ্জনো— এনেবোৰ দিশত গুৰুত্ব দিয়ে।

ৰোমাণ্টিকসকলে বিজ্ঞানৰ বস্তুবাদ বৰ্জন কৰিবলৈ গৈ ভাব-প্রকাশকে কবিতাৰ ভাষাৰ সাৰমৰ্ম বুলি ধৰি ল’লে। ফলত ভাবালুতা তেওঁলোকৰ দুৰ্বলতা হৈ থাকিল। কিন্তু এই ভাবালুতাৰ প্রতিষেধকৰূপে বিজ্ঞানৰ নৈব্যক্তিকতা আৰু বস্তুধৰ্মিতাক আদর্শ হিচাপে লৈছিল এজৰা পাউণ্ড, এলিয়ট আদিয়ে, কিন্তু পদ্ধতি হিচাপেহে শেষ লক্ষ্যৰ পিনৰ পৰা আধুনিকতাবাদে বস্তুৰ গধুৰ জড়, চৰিত্ৰ বিলোপ কৰি শব্দৰ মায়াজাল ৰুচিব খোজে। তেওঁলোকৰ মতে ভাষাৰ অনুশীলনেই কবিতাৰ প্ৰাণ। কিন্তু ‘বাস্তৱতাৰ প্ৰতি এই সংশয়ৰ ফলত কবিতা কেতিয়াবা শব্দৰ খেলা হৈ | পৰে। চিৰকালীন সাহিত্যত আমি জীৱন আৰু জগৎ সম্পৰ্কে এনে কেতবোৰ উপলব্ধিৰ সন্মুখীন হওঁ, যাক অপ্ৰতিৰোধ্য বুলিব পাৰি। আধুনিক কবিতাতো এনে মুহূর্ত আছে, কিন্তু সি সেৰেঙা। কথাটো কবিতাৰ বাবে লাভজনক হৈছিল বুলি কোৱা টান। কেতবোৰ মানসিক ক্রিয়া-প্ৰতিক্ৰিয়া বুজাবলৈ আধুনিক লেখকে বিশেষ ঘটনা, দৃশ্য আদিক এনে ভাবঘন ৰূপ দিয়ে যে তাৰ মাজত যেন ব্যাখ্যা-বিশ্লেষণে ঢুকি নোপোৱা তাৎপর্যৰ আভা বিচ্ছুৰিত হয়, ইয়াকে কোৱা হয় প্রতীক বুলি। প্রতীক যেন সহজ যুক্তিবাদে ধৰিব নোৱাৰা জীৱন ৰহস্যৰ চমক। 

কিন্তু আধুনিক সাহিত্যৰ প্ৰতীক এক কৌশল। সি লেখকৰ ঈন্সিত বক্তব্যৰ ঘনীভূত জিলিকনি। তাক পৰমার্থিক ৰহস্যৰ নিদৰ্শন বুলি ভবাৰ সকাম নাই। প্রতীক বৈজ্ঞানিক ভাষাৰ বিকল্পহে, বৈৰী নহয়। লৰেন্সৰ Women in loveত বাৰ্কিনে পুখুৰীত জোন এটা দেখিছে আৰু ক্ষিপ্ত প্ৰায় হৈ বাৰে বাৰে শিলগুটি দলিয়াই জোনটো ছিন্ন-ভিন্ন কৰি পেলাইছে, কিন্তু অলপ পিছতে জোনৰ টুকুৰাবোৰ পানীত আকৌ মিলি এক হৈ দূৰৰ পৰা যেন হাঁহি আছে। দৃশ্যটোৰ যিমান ব্যাখ্যা আগবঢ়োৱা নহওক, সি কোনো অপার্থিব ৰহস্য ব্যক্ত কৰা নাই মানৱীয় সম্পৰ্ক আৰু আৱেগ-অনুভূতিৰ কেতবোৰ শাসন নমনা অচেতন ধৰ্মৰ ইংগিতেই। দিছে। এনে অভিজ্ঞতাই আধুনিকতাৰ সৰল ৰূপত প্ৰত্যাহ্বান জনায়, কিন্তু বোধহয় তাক নাকচ নকৰে।

অৱশ্যে কেতিয়াবা কবি-সাহিত্যিকে সম্পূর্ণ প্রতীক ৰূপায়িত নকৰি ব্যক্তিগত কেতবোৰ প্ৰতীকৰ ইংগিত দিয়ে। সি পাঠকৰ বাবে ফান্দ, সমালোচকৰ বাবে সুবর্ণ সুযোগ। 

আধুনিকতাবাদৰ আভিজাত্য সাধাৰণ পাঠকৰ বাবে উদ্বেগ আৰু আশংকাৰ বিষয়। কিন্তু বিজ্ঞান আৰু ব্যৱসায়ে একাধিপত্য কৰা জগতত এইটো আধুনিকতাবাদী লেখকৰ অভিমানৰহে লক্ষণ। সাহিত্যৰ অনিবার্য সার্থকতাক অচেতন জগতৰ আগত আওপকীয়াকৈ সাব্যস্ত কৰিবলৈহে তেওঁলোকে এনে ভাব-ভংগী অৱলম্বন কৰিছে।

আলোকযুগৰ আশাবাদী যুক্তিবাদ আধুনিকতাৰ পথ প্ৰদৰ্শক। কিন্তু মানৱ সত্তা তথা মানুহৰ জীৱনৰ দুৰ্ব্বেয় দিশত সি পোহৰ পেলাব পৰা নাছিল বৰং তাৰ পৰিধিৰ বাহিৰৰ সকলো বস্তুকে মূল্যহীন, তুচ্ছ বা অস্বাভাবিক বা বিকাৰগ্ৰস্ত বুলি ধৰি লোৱাৰ অভ্যাস আছিল তাৰ। কিন্তু ঊনবিংশ শতাব্দীৰ সামৰণিৰ পিনে মার্ক্সে উদঙাই দিলে পুঁজিবাদী প্ৰগতিৰ ওভতনি সোঁত— সহজে যাক চিনা নাযায়। ফ্ৰয়ডে মানুহৰ মগ্ন চৈতন্যৰ মাজেৰে আৱিষ্কাৰ কৰিলে মানৱ মনৰ ৰহস্যময়, বিভীষিকাময় অজ্ঞাত দিশ। দুয়ো এই অৰ্থত আধুনিক আছিল যে জীৱন প্ৰবাহৰ ওপৰত মানুহৰ সচেতন নিয়ন্ত্ৰণ বৃদ্ধি কৰাই দুয়োৰে ইচ্ছা আছিল অস্তিম বিচাৰত কিন্তু নিয়ন্ত্ৰণ আৰু শৃংখলাৰ আকাংক্ষা মানেই শিল্প কলাৰ শত্ৰু সিও এবিধ ভ্রান্ত, মতান্ধ মতাদর্শ

৮। হীৰেণ গোহাঁইৰ গাৰীতি সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ হীৰেণ গোহাঁইৰ গদ্যৰীতিৰ ক্ষেত্ৰত প্ৰথমে প্ৰতিপাদ্য বিষয়ৰ পোনপটীয়া উপস্থাপন শৈলীৰ কথা ক’ব পাৰি। গোহাঁইৰ গদ্য ৰচনাত বিষয়বস্তু পোনপটীয়া, যুক্তিসঙ্গত আৰু প্ৰণালীবদ্ধ উপস্থাপন পৰিলক্ষিত হৈছে। যুক্তিৰ অৱতাৰণা আৰু প্ৰণালীবদ্ধ বিশ্লেষণ আগবঢ়াই গোহীয়ে নৰক দৰ্শনৰ কৃতান্ত: মামণি ৰয়ছম গোস্বামীৰ উপন্যাস’ সমালোচনা কৰ্মত এনেদৰে কৈছে “মামৰে ধৰা তৰোৱাল, দতাল হাতীৰ উয়ে খোৱা হাওদা আৰু তেজ আৰু ধুলিৰে ধূসতি পৃষ্ঠা— মোৰ বিবেচনাত এই তিনিখন শ্ৰেষ্ঠ ৰচনা। তিনিওখনতে অসহনীয় নিপীড়ন আৰু অৱমাননাৰ বলি হোৱা মানুহৰ যন্ত্ৰণা আৰু কোনাৰ নিৰৱচ্ছিন্ন অনুভৱে পাঠকৰ চেতনা অভিভূত কৰে। কিন্তু অধঃপতন বা অৱক্ষয়ৰ ইতিবৃত্ত লেখিকাৰ অভিপ্ৰায় নহয়।”

উপন্যাসৰ সমালোচনাৰ দৰে কবিতাৰ সমালোচনাতো একেই পোনপটীয়া উপস্থাপন শৈলী আৰু প্রণালীবদ্ধ বিশ্লেষণ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে “গল্পকাৰ হিচাপে অধিক জনাজাত মহিম বৰাৰ কেইটিমান করিতাই ইতিমধ্যে ৰসগ্ৰাহীসকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। সেই কবিতাকেইটা এইবাবেই বিস্ময়কৰ যে পঞ্চাশৰ দশকৰ পৰা আজিলৈ আৱিৰ্ভাৰ হোৱা আটাইবোৰ চক্ৰ বা গোষ্ঠীৰ গোন্ধৰ পৰা সিহঁত মুক্ত। গোষ্ঠীবিলাকৰ কবিতাত যি মুদ্রাদোষ গা কৰি উঠে, মহিম বৰাৰ সেই কবিতাকেইটা মুক্ত বাবেই তাৰ নিভাজ আন্তৰিকতা সহজে চকুত পৰে।”

গোহাঁইৰ আত্মজীৱনীৰ মাজতো একেই উপস্থাপন শৈলী পৰিলক্ষিত হ’ল। উদাহৰণস্বৰূপে— ” যিসকল লোকৰ সান্নিধ্যই মোৰ মন গভীৰভাৱে প্ৰভাৱিত কৰিছে, তেওঁলোকৰ ভিতৰত অনিল ৰায়চৌধুৰী এজন। চিন্তাৰ মৌলিকতা, ব্যাপক অনুসন্ধিৎসা, প্ৰখৰ বিশ্লেষণ ক্ষমতা, বাস্তৱ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু তাৰ পৰা ওপজা বোধশক্তিয়ে তেওঁক মোৰ বাবে এজন অগ্রগণ্য বুদ্ধিজীৱিত পৰিণত কৰিছে।”

উল্লিখিত উদ্ধৃতিসমূহ পর্যবেক্ষণ কৰিলে দেখা যায়, যে একেটা বাক্যৰ জৰিয়তে আলোচ্য উপন্যাস বা উপন্যাসিক, কবি বা কবিতা অথবা ব্যক্তি সম্পৰ্কে থোৰতে কিছুমান কথা কৈ দিছে। প্রথমতে মন্তব্য বা বিবৃতি উল্লেখ কৰি তাৰ গ্ৰহণযোগ্যতা সম্পর্কে যুক্তিসঙ্গত বিশ্লেষণ দাঙি ধৰিছে। এইদৰে ফঁহিয়াই চালে এই কথা স্পষ্ট হৈ পৰে যে, হীৰেণ গোহাঁইৰ গদ্যৰচনাৰ উপস্থাপন শৈলী অতিশয় যুক্তিনিষ্ঠ। প্রতিপাদ্য বিষয়ক পোনপটীয়াকৈ উপস্থাপন কৰাটো হীৰেণ গোহাঁইৰ গঢ়াৰীতিৰ এক ধৰ্ম আৰু বলিষ্ঠ যুক্তিৰ অৱতাৰণাৰ তাৰ সংগী।

ভাষা : হীৰেণ গোহাঁইৰ আঙ্গিকৰ ক্ষেত্ৰত পোনপ্ৰথমে ভাষা প্ৰয়োগৰ কথা ক’ব পাৰি। নতুন সমাজ গঢ়াৰ স্বপ্নত আশাবাদী গোহাঁইৰ ৰচনাৰ মাজত প্ৰতিবাদী ক্ষুৰধাৰ, ভাষাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যদিও সৃষ্টিশীল ভাষা প্রয়োগতো গোহাঁই সুনিপূণ কাৰিকৰ। নিৰ্বাচিত শব্দচয়নেৰে বিষয়বস্তুৰ যিদৰে যুক্তিসংগত বিশ্লেষণ গোহাঁয়ে দাঙি ধৰিছে সেইদৰে ব্যঞ্জনাধর্মী ভাষাৰ সুপ্রয়োগৰ বাবে প্ৰতিপাদ্য বিষয়ৰ নান্দনিক দিশটো তেওঁৰ ৰচনাৰ মাজত উপেক্ষিত নহয়। পৰিস্থিতিক বিশ্বাসযোগ্য কৰিবলৈ তাৰ উপযোগী ভাষা আৰু ঘটনাৰ বিশ্বাসযোগ্যতাৰ বাবে যথাযথ পৰিস্থিতিৰ সৃষ্টি কৰাতো গোহাঁই দক্ষ। ‘নৰক দৰ্শনৰ বৃত্তান্ত : মামণি ৰয়ছম গোস্বামীৰ উপন্যাস শীর্ষক সমালোচনাকর্মত ‘তেজ আৰু ধূলিৰে ধুসৰিত পৃষ্ঠা’ উপন্যাস পটভূমিৰ একাংশ ১৯৮৪ চনৰ শিখ উৎপন্থাৰ উদ্‌গীৰণ আৰু চৰকাৰৰ শিখবিৰোধী নাৰকীয় অভিধান ‘বায়ট’ বিষয়ে কোৱা কথাখিনিৰ ভাষা অতি বলিষ্ঠ। উদাহৰণস্বৰূপে—

“মানৱীয়তাৰ অপমৃত্যু ব্যক্তি-হৃদয়তে কেবল ঘটা নাছিল, চাৰিওপিনৰ সমাজখনক তাৰেই জঠৰতাই যেন কৰাল মাৰি ধৰিছিল। আতংকবাদৰ উগ্ৰ হিংস্ৰতা, ৰাষ্ট্ৰৰ অঙ্ক পাশবিকতা আৰু অৱশেষত ইন্দিৰা গান্ধীৰ মৃত্যু আৰু ১৯৮৪ চনৰ ভয়াৱহ শিখ-নিধন যজ্ঞৰ মাজত এই উন্মাদ নিষ্ঠুৰতাৰ বিস্ফোৰণ ঘটিছিল। আৰু লেখিকাই অনুভৱ কৰিছে যে এই হৃদয়হীনতাৰ তেৱোঁ অংশীদাৰ, তেৱো সক্রিয় সহযোগী।”

দৰাচলতে গোহাঁয়ে গদ্যৰ মাজত বর্ণনাধৰ্মী আৰু মূল্যায়নধর্মী বিশ্লেষণ ব্যৱহাৰ কৰাৰ লগতে পৰম্পৰাগত বাক্য গাঁথনিৰ পৰিবৰ্তে স্বকীয় বাক্যবিন্যাস আৰু চমকপ্রদ উপমাৰ লগতে ৰাপকৰ ব্যৱহাৰেৰে পাঠকৰ মনত উত্থাপিত বিষয় প্রসংগত যথাযথ ছবি তুলি ধৰিব খোজে—

“…….. মোৰ স্মৃতি সেই বিশাল প্ৰবাহৰ এটা সামান্য কণিকা মাত্র। মহাকালৰ নিৰ্মম হাতোৰাই মোৰ কণ্ঠ স্তব্ধ কৰি দিয়াৰ আগতে ময়ো হেজাৰ বিজাৰজনৰ দৰে অতীতৰ তুচ্ছতা, গ্লানি, হতাশা, বিফলতা, অসহায়তা, অর্থহীনতাৰ অশেষ জাহি-জাবৰ ব্যাকুল হাতেৰে আঁতৰাই খেপিয়াই ফুৰিছো সার্থকতা আৰু সুন্দৰৰ দুই এক মণিময় দীপ্তিমান উপলব্ধি।”

এই উদ্ধৃতিটো হীৰেণ গোহাঁইৰ ভাষাৰ সৃষ্টিশীলতাৰ সুন্দৰ উদাহৰণ। উদ্ধৃতিটো পৰ্যবেক্ষণ কৰিলে গোহাঁয়ে ইয়াত অলীক, হেজাৰ-বিজাৰ, দুই-এক পৰিচিত, নীড়ত সামান্য, দীপ্তিমান, নিত্য, মণিময় আদি বর্ণনাধর্মী বিশেষণ শব্দ আৰু উৎকণ্ঠাভৰা, বিসংগতিপূৰ্ণ আদি মূল্যায়নধর্মী বিশেষণ শব্দ বর্তমানটোক মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰিছে । একেষাৰে ক’ব পাৰি যে, লেখকৰ চিন্তা-অনুভূতি আৰু মূল্যায়নো ইয়াৰ মাজতো নিহিত হৈ আছে। উদ্ধৃতিটোত গোহাঁয়ে শান্তিময় আৰু সুগঠিত শব্দ দুটাৰ জৰিয়তে অতীত সম্পৰ্কে নিজৰ মনোভাৱ ব্যক্ত কৰিছে আৰু আটোম টোকাৰি বা সুষম এই ভাবার্থ বুজাবলৈ সুগঠিত নীড় শব্দটোৰ প্ৰয়োগ কৰিছে। তদুপৰি লয়ৰ বৈচিত্ৰ্য আৰু ভাষিক বিচ্যুতি আদিও ব্যৱহাৰ কৰিছে। আনহাতে ৰোমন্থন আৰু স্মৃতিকথা— এই দুটা অমূৰ্ত শব্দৰ সৈতে হেজাৰ-বিজাৰ সংখ্যাবাচক শব্দ ব্যৱহাৰ কৰিছে আৰু ই ভাষিক বিচ্যুতিৰ উদাহৰণ।

সংখ্যাবাচক শব্দৰ ব্যৱহাৰৰ উপৰি গোহাঁইৰ গদ্য-ৰচনাৰ মাজত অগণন যুৰীয়া শব্দ, সমার্থবাচক শব্দ, সমাসবদ্ধ শব্দৰ প্ৰয়োগ দেখা যায়। তলত এনে শব্দৰ উদাহৰণ দাঙি ধৰা হ’ল—

ৰাশি ৰাশি (‘সপোনৰ নিক্‌চৌ কনত’), উৎকৃষ্ট উৎকৃষ্ট (ইমান তিতা সাগৰৰ পানী), দেও দি দেও নি (হীৰেণ গোহাঁইৰ ৰচনাৱলী), ভুল-ভ্রান্তি (সপোনৰ দিকটৌ বনত), দোষ ত্রুটী (ইমান তিতা সাগৰৰ পানী), দুখে-কষ্টে (হীৰেণ গোহাঁই ৰচনাৱলী); আদি সমার্থবাচক শব্দ; জনাই নজনাই (সপোনৰ দিকচৌ বনত), ৰ’দ-বতাহ (বতাহত ক’ৰ গোপাল), আদি সমাসবদ্ধ শব্দৰ পয়োভৰ গোহাঁইৰ গদাৰীতিৰ উল্লেখনীয় দিশ।

তদুপৰি পাৰিভাষিক শব্দ আৰু লিপস্তাৰকৰণতো গোহাঁইৰ স্বকীয়ত্ব ফুটি উঠিছে। উদাহৰণস্বৰূপে— জৈৱিক (Organic), ভেদজ্ঞান (discrimination) (হীৰেণ গোহাঁই ৰচনাৱলী), অত্যন্ত মতান্ধতা (হীৰেণ গোহাঁই ৰচনাৱলী) আদি পাৰ্ভিাষিক শব্দ গোহাঁইৰ মৌলিক সৃষ্টি। সেইদৰে লিবলে, য়ুৰোপ আদি বহুতো ইংৰাজী শব্দ লিপ্যন্তৰকৰণ গোহাঁইৰ গদ্যত সুলভ। এই শব্দবোৰ বিভিন্নজনে বিভিন্নধৰণে ব্যৱহাৰ কৰে আৰু গোহাঁয়ে স্ব-সৃষ্ট শব্দটোহে ধৰি ৰাখে। এক কথাত লিপ্যন্তৰকৰণতো গোহাঁইৰ সৃজনীশক্তি প্রতিভাত হৈছে। সৃজনীশীল ভাষাৰ লগে লগে বুদ্ধিদীপ্ততাৰে গদ্যৰ মাজত হাস্য ৰসৰো অৱতাৰণা কৰিছে। ৰাতিপুৱা ফুৰিবলৈ যাওঁতে বাটত দেখা সাপ এটাৰ বৰ্ণনা গোহাঁয়ে অতি আকর্ষণীয়কৈ দাঙি ধৰিছে এনেদৰে—

“ৰাতিপুৱা ফুৰিবলৈ যাওঁতে দেখিলোঁ এদিন এটা সাপ কোঁচ- মোচ খাই মাজবাটত পৰি আছে। শৰীৰৰ ঠায়ে ঠায়ে উমহি থকাৰ দৰে। ভাবিলোঁ কোনোবাই মাৰি পেলাই থৈ গৈছে। মই ওচৰ চাপি যোৱাত সি জিভা দুখন উলিয়াই জীয়াই থকাৰ চিন দেখুৱালে। আগাভৰিৰে নেজডাল দুবলৈহে পালোঁ, স্প্রিপ্তৰ দৰে শৰীৰ পোনাই মোৰ পিনে টৌৱাই খেদি আহিল। শৰীৰৰ তিনিভাগৰ এভাগ মাটিৰ ওপৰত দাঙি আধা ফেট তুলি।”

উদ্ধৃতিটোত গোহাঁয়ে অতিৰঞ্জনৰ দ্বাৰা হাস্যৰসৰ সোৱাদ দিবলৈ চেষ্টা কৰিছে। আনহাতে গোহাঁইৰ হাস্যৰসৰ লগত ব্যঙ্গ শ্লেষ আদিও জড়িত হৈ আছে। এই ব্যঙ্গৰ খোঁচ সমাজৰ হিতৰ বাবেহে প্ৰয়োগ কৰিছে।

গোহাঁইৰ গদ্যত লিখা সমালোচনাত্মক ৰচনাৰাজি ফঁহিয়াই চালে দেখা যায় যে, কালমার্ক্সৰ শ্রেণীহীন আৰু শোষণবিহীন সমাজ গঢ়াৰ উদ্দেশ্য আগত ৰাখিয়েই মার্ক্সবাদী সাহিত্য- সমালোচক হিচাপে তেওঁ হাতত কলম তুলি লৈছিল। তদুপৰি সাহিত্যৰ মাজেৰে মানুহৰ নৈতিক উৎকর্ষ সাধনৰ পোষকতা কৰা এফ. আৰ. লীৱিছৰ সাহিত্যদৰ্শৰে অনুপ্ৰাণিত গোহাঁয়ে সমাজ পৰিৱৰ্তনৰ আহিলাস্বৰূপে নিজৰ সৃষ্টিকৰ্ম তথ্য গদ্যৰচনাক গ্ৰহণ কৰিছে। তেওঁ ক্ষুৰধাৰ ভাষাৰে, বলিষ্ঠ প্ৰকাশভঙ্গীৰে মানুহ আৰু সমাজৰ ভণ্ডামি, দোষ-ত্রুটী উদঙাই সাহিত্যৰ মাজেৰে মানুহৰ নৈতিক উৎকৰ্ষ সাধনৰ জৰিয়তে মানৱীয় সমাজ গঢ়াৰ পোষকাত কৰিছে। গোহঁহিৰ দৃষ্টিভঙ্গী প্রতিপাদ্য বিষয়ক পোনপটীয়াকৈ উপস্থাপন কৰা যুক্তিসম্মত বিশ্লেষণ সম্বলিত তেওঁৰ নাৰীতিৰ মাজত সুস্পষ্ট। আনহাতে ভাষাৰ সৃষ্টিশীল প্রয়োগতো গোহাঁই সিদ্ধহস্ত। নির্বাচিত শব্দচয়ন, অর্থঘন উপমা আৰু ৰূপকৰ কৌশলী প্রয়োগৰ বাবেও গোহাঁইৰ গদ্যচনা অন্যান্য গদ্যৰচনাৰ তুলনাত ব্যতিক্রমধর্মী। গোহাঁইৰ সমালোচনামূলক মন্তব্য বা নেতিবাচক মন্তব্যও কাব্যিক আৱেদনৰে সমৃদ্ধ। আনহাতে গোহাঁইৰ গদ্যৰচনাৰ মাজেৰে মানুহ আৰু সমাজৰ অন্যায়-অনীতি-শ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীৰ-বঙ্গ- প্লেব আদি প্ৰকাশ পাইছে যদিও সিবোৰৰ মাজত হাস্যৰস নিহিত হৈ থকাৰ লগতে গঠনমূলক মত প্রকাশ ঘটিছে।

৯। বাক্যৰীতি আৰু শব্দচয়নৰ প্ৰয়োগে হীৰেণ গোহাঁইৰ গদ্যশৈলী উৎকৃষ্ট কৰি তুলিছে। ‘আধুনিক আৰু আধুনিকতাবাদ’ পাঠটিত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ হীৰেন গোহাঁই প্ৰৱন্ধৰ গণ্য মূলতঃ চিন্তামূলক। তেওঁৰ গঢ়াৰ মাজত লিকজনৰ ব্যক্তিত্বৰ প্ৰভাৱ স্পষ্ট। মৌলিক চিন্তা, জ্ঞান, গভীৰ অধ্যয়ন আৰু ব্যক্তিগত জীৱনৰ অভিজ্ঞতা, এই কেইটাৰ প্ৰভাৱতে তেওঁৰ গণ্যত মৌলিক বৈশিষ্ট্য গঢ় লৈছে। হীৰেণ গোহাঁইৰ গদ্যৰ শব্দ, বাক্য, প্রকাশভঙ্গী আদিৰ ক্ষেত্ৰত দেখা পোৱা বৈশিষ্ট্যসমূহ এনে ধৰণৰ — হীৰেণ গোহাঁয়ে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত মুক্ত ৰীতি অনুসৰণ কৰে। যি ধৰণৰ শব্দৰে ক’লে বিষয়টো স্পষ্ট হয়, তেনে শব্দকেই তেওঁ গ্ৰহণ কৰে। যুক্তাক্ষৰ কঠিন শব্দৰ প্ৰাচুৰ্য তেওঁৰ শব্দৰীতিৰ এক বৈশিষ্ট্য। সাধাৰণতে কঠিন শব্দবোৰ তেওঁ একেলগে ব্যৱহাৰ কৰাৰ এক প্রৱণতা আছে। যেনে- 

(ক) “সামা আৰু ব্যক্তিস্বাতন্ত্ৰাৰ তুৰ্থনাদে য’ত জাতিভেদ আজিও ধূলিসাৎ কৰিব পৰা নাই, য’ত বৈজ্ঞানিক, যুক্তিবাদী চিন্তাক ধর্মীয় আখ্যানে দুৰ্বল কৰি ৰাখিছে, তাত প্ৰাচীন আচাৰ-সংস্কাৰৰ প্রভাৱ এতিয়াও যথেষ্ট প্রবল।”

(খ) “কিন্তু সাহিত্যিক কোনো মতাদৰ্শৰ ৰূপান্তৰ বুলি ভবাও আংশিক আৰু পক্ষপাতদুষ্ট।” 

(গ) ‘সেয়ে আধুনিকতাৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম মতান্ধ কিৰিলি নহয়। সমসাময়িক জীবন যন্ত্ৰণাৰ পৰা উদ্ভুত মুনিয়াহেৰে গধুৰ প্ৰাৰ্থনা।”

পৰিস্থিতি উপযোগী নিৰ্বাচিত গভীৰ অর্থবহ শব্দচয়ন আৰু তাৰ কৌশলী প্রয়োগ আৰু প্রকাশভঙ্গীৰ সাৱলীলতাৰ হেতু গোহাঁইৰ গদ্যৰচনাৰ মাজত বাস্তৱ পৰিস্থিতিৰ হুবহু ছবি জীৱন্ত ৰূপত ফুটি উঠিছে। সেইদৰে গোহাঁইৰ ৰচনাত আন সৃষ্টিশীল ৰচনাৰ দৰেই ব্যঞ্জনাসমৃদ্ধ ভাষা, অৰ্থঘন, উপমা আৰু ৰূপকৰ ব্যৱহাৰ পৰিলক্ষিত হয়। ফলত বিবৃতিধর্মী বাক্যৰ সলনি সৃষ্টিশীল, কল্পনাশ্রয়ী, সমালোচনামূলক মন্তব্যপূৰ্ণ আৰু কাব্যিক আবেদনেৰে গোহাঁইৰ গদ্য সমৃদ্ধ।

(ক) “আলোকযুগৰ আশাবাদী যুক্তিবাদ আধুনিকতাৰ পথ প্ৰদৰ্শক। কিন্তু মানৱ সত্তা তথা মানুহৰ জীৱনৰ দুৰ্জ্জেয় দিশত সি পোহৰ পেলাব পৰা নাছিল। বৰং তাৰ পৰিধিৰ বাহিৰৰ সকলো বস্তুকে মূল্যহীন, তুচ্ছ বা অস্বাভাৱিক বা বিকাৰগ্ৰস্ত বুলি ধৰি লোৱাৰ অভ্যাস আছিল তাৰ।”

(খ) “লৰেন্সৰ women in love ত বাৰ্কিনে পুখুৰীত জোন এটা দেখিছে আৰু ক্ষিপ্তপ্রায় হৈ বাৰে বাৰে শিলগুটি দলিয়াই জোনটো ছিন্নভিন্ন কৰি পেলাইছে, কিন্তু অলপ পিছতে জোনৰ টুকুৰাবোৰ পানীত আকৌ মিলি এক হৈ দূৰৰ পৰা যেন হাঁহি আছে।”

একেদৰে হীৰেণ গোহাঁইৰ ভাষাত পৰিচিত, নিত্য, দুই-এক অলীক, ব্যাকুল, দীপ্তিময় আদি অলেখ বর্ণনাধর্মী বিশেষণ ব্যৱহাৰ কৰিছে। একেষাৰে ক’ব পাৰি যে, লেখকৰ চিন্তা-অনুভূতি আৰু মূল্যায়নে ইয়াত নিহিত হৈ আছে। ইয়াৰ উপৰি গোহাঁইৰ ৰচনাৰ মাজত অগণন যুৰীয়া শব্দৰ ব্যৱহাৰ দেখা যায়। উদাহৰণস্বৰূপে— মাজে-সময়ে সমাজ-সংস্কৃতি, আচাৰ-সংস্কাৰ, ধ্যান-ধাৰণা, ৰেহ-ৰূপ, দুখ-বেদনাৰ দুখ-যন্ত্রণা, বিশ্বাস-অবিশ্বাস, লুকা-ভাকু, ভাব-ভংগী, ভব্য-গব্য, মান-মর্যাদা ইত্যাদি।

সন্ধিযুক্ত শব্দৰ প্ৰাচুৰ্য হীৰেণ গোহাঁইৰ গদ্যত পৰিদৃষ্ট হৈছে। উদাহৰণস্বৰূপে— তুনাদ, অভ্যন্তৰ,

দুৰাৰোগ্য, তর্কাতীত, মতান্ধ, দেশান্তৰ, সংশয়াকুল, বিদ্রুপাত্মক ইত্যাদি।

হীৰেণ গোহাঁইৰ গদ্য বিভিন্ন ৰীতিৰ বাক্যৰ ব্যৱহাৰেৰে সমৃদ্ধ। চুটি চুটি বাক্যৰ বিভিন্ন প্রয়োগেৰে তেওঁৰ গদ্য পৰিপুষ্ট কৰিলেও সামগ্ৰিক বিচাৰত তেওঁৰ গদ্যত ক’বলৈ লিখা বাক্যৰ প্ৰাধান্য বেছি। উদাহৰণস্বৰূপে— 

(ক) “সাহিত্যিক মতাদৰ্শৰ পৰা বিচ্ছিন্ন কৰিব খোজা চেষ্টা ভ্ৰান্ত আৰু বিভ্ৰান্তিকৰ । সাহিত্য বিচাৰতো মতাদৰ্শগত চেতনা সজাগ হৈ থকা ভাল। কিন্তু সাহিত্যিক কোনো মতাদৰ্শৰ ৰূপান্তৰ বুলি ভবাও আংশিক আৰু পক্ষপাতদুষ্ট।”,

(খ) “আধুনিক জীবনযাত্ৰাৰ কেন্দ্ৰ নগৰী। তাৰ খহটা, শুকান, চঞ্চল, কোলাহলমুত্ৰ পৰিৱেশত আধুনিকতাবাদীসকলে বিচাৰে জীৱনৰ আধুনিক ৰেহ-ৰূপ।” 

(গ) “এই নাটকীয় পদ্ধতি আধুনিকতাবাদৰ প্ৰিয় পদ্ধতি। সেয়ে এলিয়েটৰ ধৰ্মবিশ্বাস বা গোড়ামি ভাল নোপোৱা মানুহেও তেওঁৰ কবিতা পঢ়ি মুগ্ধ হয়।”

গদ্যৰ বাক্য বিশ্লেষণৰ জৰিয়তে লেখকৰ বুদ্ধিমত্তা, কৌশল আদিৰ উমান পোৱা যায়। হীৰেণ গোহাঁইৰ গদ্যৰ বাক্যৰীতিয়েও লেখকৰ নিজস্ব বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ আভাস দাঙি ধৰে। তেওঁ ব্যক্তি, সমাজ বা দেশখনক লৈ যিবোৰ তেজস্বী চিন্তা কৰে, যিবোৰ আঁচনি কল্পনা কৰে বা যিবোৰ আদৰ্শৰ সপোন দেখে মনৰ সেই সকলো চিন্তা-আদর্শ আদিকে যেনেদৰে ভাবে তেনেদৰেই লিখি যোৱাৰ ফলত গদ্যৰ বাক্যৰাজি অধিকক্ষেত্ৰতেই অতি দীঘল হৈ পৰিছে। অতি কমকৈহে তেওঁ ইয়াত চুটি সরল বাক্য ব্যৱহাৰ কৰিছে। কিন্তু প্রাধান্য কম হ’লেও বাক্যসমূহ যথেষ্ট সাফাওঁ আৰু প্ৰবাদবাক্য সদৃশ্য। উদাহৰণস্বৰূপে—

(ক) “আধুনিকতাবাদৰ আভিজাত্য সাধাৰণ পাঠকৰ বাবে উদ্বেগ আৰু আংশকাৰ বিষয়।” 

(খ) “পৰম্পৰাহীনতা আধুনিক সমাজৰ এক বৈশিষ্ট্য।”

সৰল সাধাৰণ বৰ্ণনাত্মক বাক্যৰ পৰিৱৰ্তে ভাববোধক আৰু প্ৰশ্নবোধক বাক্যৰ সহায়ত প্রকাশ কৰিলে কিছুমান বিষয় বা ভাবে অধিক প্রভাবশালী ৰূপ লাভ কৰে। হীৰেণ গোহাঁইৰ গদ্যত এনে কৌশলৰ সফল প্ৰয়োগ পৰিলক্ষিত হয়। প্রশ্নবোধক বাক্যৰ ব্যাপক আৰু ফলপ্ৰসু প্ৰয়োগ তেওঁৰ বাক্যৰীতিৰ এটা বিশেষ বৈশিষ্ট্য। তেওঁৰ ৰচনাৰ পৰা এনে বাক্যৰ নিদৰ্শন দাঙি ধৰা হ’ল―

(ক) “সাম্য আৰু ব্যক্তিস্বাতন্ত্ৰৰ তুৰ্যনাদে য’ত জাতিভেদ আজিও ধূলিসাৎ কৰিব পৰা নাই, য’ত বৈজ্ঞানিক, যুক্তিবাদী চিন্তাক ধর্মীয় আখ্যানে এতিয়াও দুৰ্বল কৰি ৰাখিছে, তাত প্রাচীন আচাৰ-সংস্কাৰৰ প্রভাৱ এতিয়াও যথেষ্ট প্রবল। তেনেস্থলত অসমত আধুনিকতাবাদৰ বিদ্ৰোহ কাৰ বিৰুদ্ধে হ’ব !”…

(খ) “আমাৰ মনৰ উপৰিভাগত যিবোৰ ধ্যান-ধাৰণাই ঠাই লৈছিল প্রায় দুশ বছৰৰ সংসৰ্গৰ পৰা, সেইবোৰৰ খুটা লৰিছে আধুনিকতাবাদৰ প্ৰত্যাহ্বানৰ ফলত সি আকৌ আমাক মধ্যযুগীয়া মানসিকতালৈ লৈ যাব পাৰে নেকি?”

(গ) কিন্তু সাহিত্যক নিতান্তই মতাদৰ্শৰ দৰ্পণ বুলি ভবা ঠিক হ’বনে? মতাদৰ্শৰ লগত সাহিত্যৰ সম্পৰ্কৰ প্ৰশ্নটো জটিল।” এটা সম্পূর্ণ লিখাই যিদৰে এক সম্পূর্ণ ভাব বা বিষয়বস্তু প্রকাশ কৰে সেইদৰে ইয়াৰ অনুচ্ছেদসমূহেও সমগ্র বিষয়টোৰ একো একোটা দিশক পাঠকৰ সন্মুখত দাঙি ধৰে।

গোহাঁইৰ গদ্যত বিষয়বস্তু অনুকূলে বিভিন্ন দৈৰ্ঘ্যৰ অনুচ্ছেদৰ সন্নিবেশ পৰিলক্ষিত হয়। কেতিয়াবা এটা সৰু বাক্যৰেই এটা অনুচ্ছেদ ৰচনা কৰিলেও বহু সময়ত যথেষ্ট দীঘল অনুচ্ছেদৰেও তেওঁ বিষয়বস্তু প্রকাশ কৰিছে। অৱশ্যে চুটি অনুচ্ছেদৰ তুলনাত দীঘল অনুচ্ছেদহে তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে—

“আধুনিক অসমীয়া সাহিত্যত এতিয়াও সামন্ত যুগ নিঃশেষ নোহোৱা এখন সমাজত পুঁজিবাদে জন্ম দিয়া মানসিক সংকট কবিসকলে তীব্রতাৰে ৰূপায়িত কৰিছে।”

গোহাঁইৰ দৃষ্টিভংগী প্ৰতিপাদ্য বিষয়ক পোনপটীয়াকৈ উপস্থাপন কৰা যুক্তিসন্মত বিশ্লেষণ সম্বলিত তেওঁৰ ৰচনাৰীতিৰ মাজত সুস্পষ্ট। আনহাতে ভাষাৰ সৃষ্টিশীল প্রয়োগতো তেওঁ সিদ্ধহস্ত। নির্বাচিত শব্দচয়ন, অর্থঘন উপমা আৰু ৰূপকৰ কৌশলী প্রয়োগৰ বাবেও গোহাঁইৰ গদ্যরচনা অন্যান্য গদ্য ৰচনাৰ তুলনাত ব্যতিক্রমধর্মী। গোহাঁইৰ সমালোচনামূলক মন্তব্য বা.. নেতিবাচক মন্তব্যও কাব্যিক আৱেদনেৰে সমৃদ্ধ। আনহাতে গোহাঁইৰ গদ্যৰচনাৰ মাজেৰে মানুহ আৰু সমাজৰ অন্যায়-অনীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীব্ৰ-ব্যঙ্গ-শ্লেষ আদি প্ৰকাশ পাইছে যদিও সিবোৰৰ মাজত হাস্যৰস নিহিত হৈ থকাৰ লগতে গঠনমূলক মত প্রকাশ ঘটিছে।

শেষত ক’ব পাৰি যে সুস্পষ্ট দৃষ্টিভংগী, নির্বাচিত বর্ণাঢ্য বিষয়ত স্বকীয় উপস্থাপন শৈলী, বলিষ্ঠ যুক্তিৰ অৱতাৰণা, পৰিস্থিতিত জীবন্ত বর্ণনাত দক্ষতা, যথাস্থানত উপযুক্ত শব্দৰ প্ৰয়োগ, স্পষ্ট আৰু সাৱলীল প্রকাশভংগীৰে গোহাঁইৰ গদ্যত স্বতন্ত্ৰ ৰূপ পৰিগ্ৰহ কৰিছে আৰু অসমীয়া গদ্য-সাহিত্যত গোহাঁইৰ প্ৰতিবাদী কণ্ঠৰ গদাই এক সবল ভিত্তি প্ৰদান কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top