অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Question Answer can be of great value to excel in the examination.
অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ
অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
জোনাকী যুগৰ গদ্য : নির্বাচিত পাঠ
ASSAMESE
অসমীয়া গদ্যৰ চানেকি (ক)
● বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ ‘স্বৰ্গৰ দুৱৰী গোৱৰ্দ্ধনদেউ আতাৰ চৰিত্ৰ’ অংশ । (হেমচন্দ্ৰ বৰুৱা)
● ধনৰ ব্যৱহাৰ (সত্যনাথ বৰা)
● জাতীয় চৈতন্য (বাণীকান্ত কাকতি)
● ‘সাতাৱন ছালৰ অন্তৰ্গত ‘এক’ অংশ (বেণুধৰ শৰ্মা)
(ক) বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ ‘স্বৰ্গৰ দুৱৰী গোৱৰ্দ্ধনদেউ আতাৰ চৰিত্ৰ’ অংশ
অতি চমু প্রশ্নোত্তৰঃ
১। অসমীয়া ভাষা সাহিত্যৰ যুগনায়ক কোন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।
২। অসমীয়া ভাষাৰ ওজা ৰূপে খ্যাত ব্যক্তিজনৰ নাম কি?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।
৩। হেমচন্দ্ৰ বৰুৱাই অৰুণোদয় কাকতত কি ছদ্ম নামেৰে সাহিত্য লিখিছিল?
উত্তৰঃ সোণাৰ ছাঁদ।
৪। ‘Assamese Marriage system’ কাৰ ৰচনা?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।
৫। হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানৰ নাম কি?
উত্তৰঃ হেমকোষ।
৬। হেমচন্দ্ৰ বৰুৱাই লিখা নাটকৰ নাম কি?
উত্তৰঃ (ক) কানীয়াৰ কীৰ্তন (১৮৬১)।
(খ) বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (১৮৭৬)।
৭। ‘আসাম নিউজ’ কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই।
৮। আসাম বন্ধু কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ গুণাভিৰাম বৰুৱাই।
৯। হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তম্ভ কি?
উত্তৰঃ হেমকোষ।
১০। বৈজ্ঞানিক পদ্ধতিৰ প্ৰথম অভিধান প্ৰণয়নকাৰীৰূপে খ্যাত কোন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ৷
১১। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ কোনখন গ্ৰন্থত ‘ব’ আখৰৰ ব্যৱহাৰ কৰিছিল?
উত্তৰঃ আদিপাঠত।
১২। ইংৰাজী কোনষাৰ কথাই হেমচন্দ্ৰ বৰুৱাক উৎসাহিত কৰিছিল?
উত্তৰঃ শুই থকা শিয়ালে হাঁহ-কুকুৰা ধৰিব নোৱাৰে।
১৩। হেমচন্দ্ৰ বৰুৱাৰ দুটা গদ্যৰীতিৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ (ক) তৎসম আৰু তদ্ভৱ শব্দৰ লগতে থলুৱা শব্দৰ প্ৰয়োগ ।
(খ) জতুৱা ঠাঁচ, প্রবাদবাক্য আদিৰ প্ৰয়োগ।
১৪। বৰুৱাই কাৰ ওচৰত দেৱনাগৰী আখৰেৰে লিখা হিন্দী অর্থাৎ ব্রজভাষা শিকিছিল?
উত্তৰঃ শিৱসাগৰ জিলাৰ অধিপতি কেপ্টেইন ব্রোডি চাহাবৰ ওচৰত।
১৫। “ৱ’আখৰৰ ব্যৱহাৰ সম্পৰ্কে হেমচন্দ্ৰ বৰুৱাই কাৰ পৰা প্ৰথমে বাধা পাইছিল?
উত্তৰঃ দেশী খৃষ্টান নিধিৰাম ফাৰৱেলৰ পৰা ।
১৬। ‘ৱ’আখৰৰ ব্যৱহাৰৰ শেষত বৰুৱাক কোনে সহায় কৰিছিল?
উত্তৰঃ পাদ্রী ডক্টৰ কম্পট চাহাবে।
১৭। “ভাৰ্য্যা আৰু স্বামীৰ এক দেহ, এক প্ৰাণ, দুয়োৰে মাজত একো প্ৰভেদ নাই। পুৰুষে তেওঁৰ অৰ্দ্ধাংগিনী নাৰীক হেৰুৱাই দ্বিতীয় বিবাহ কৰি সেই অঙ্গ পুৰাই ল’ব পাৰে অথচ নাৰীয়ে নোৱাৰে। ই কেতিয়াও ন্যায়পূৰ্ণ হ’ব নোৱাৰে।”— এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই।
১৮। হেমচন্দ্ৰ বৰুৱাৰ সময়ছোৱাত ব্ৰিটিছসকলে ভাৰতৰ পৰা বিলুপ্ত কৰা এটি প্ৰথাৰ নাম লিখা।
উত্তৰঃ সতীদাহ প্রথা।
১৯। হেমচন্দ্ৰ বৰুৱাৰ বংগৰ কোন দুজন নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল?
উত্তৰঃ বংগৰ সংস্কাৰকামী নেতা ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল।
২০৷ গ্ৰন্থৰ ৰূপত প্ৰকাশিত প্রথম অসমীয়া নাটক কোনখন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ কানীয়াৰ কীৰ্তন।
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। আধুনিক অসমীয়া ভাষা সাহিত্য প্ৰতিষ্ঠাৰ স্তৰৰ গদ্যসমূহৰ বৈশিষ্ট্যৰ বিষয়ে লিখা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে যি গদ্যৰ নিদৰ্শন দাঙি ধৰিছিল সেই গদ্যত সুপ্ত হৈ থকা আধুনিক অসমীয়া গদ্যৰ কিশলয় স্বৰূপটোক পূৰ্ণ ৰূপলৈ বিকশাই তুলি সেউজ কৰি তুলিছে অৰুণোদইৰ শেষ ওপৰ দুজন স্বনামধন্য সাহিত্যিকে। সেই দুগৰাকী অসম প্ৰাণ সাহিত্যিক হ’ল— গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা। এই দুজনা গদ্যকাৰৰ ৰচনাৰ মাজেৰেহে অসমীয়া গদ্যই প্রকৃততে পৰিপূৰ্ণতা লাভ কৰে।
গুণাভিৰাম বৰুৱা : অষ্টাদশ শতিকাৰ ইংৰাজী গদ্যত ৰচনাৰ তিনিটা ৰীতি বিচাৰি পোৱা যায়। এই ৰীতি তিনিটা হ’ল— সৰল, মধ্যগ আৰু অলংকৃত। এই তিনিও ৰীতিৰ ভিতৰত মধ্যগ ৰীতিয়েক সমালোচকসকলে শ্রেষ্ঠতাৰ মৰ্যাদা দিয়ে কিয়নো এই ৰীতিত ৰচিত গদ্য সৰল, যথাযথ আৰু সুসঙ্গত হয়। এই প্রসঙ্গত অসমীয়া ‘গদ্য সাহিত্যৰ গতি-পথ’ পুথিৰ প্ৰণেতা হৰিনাথ শৰ্মাদলৈয়ে উল্লেখ কৰিছে যে ― “এডিছনৰ গদ্য যে এই ৰীতিৰ অন্তৰ্গত আছিল সেই কথা জন্ছনে কৈছে।
হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰায়বোৰ ৰচনাই অতিশর্যাবিহীন, যথাৰ্থ আৰু বহু পৰিমাণে সুবিন্যস্ত। সেয়েহে তেওঁলোকৰ ৰচনা-বিশেষৰ মাজত উক্ত ধৰণৰ মধ্যগ ষ্টাইল লক্ষ্য কৰা যায়।” গুণাভিৰামৰ যথাযথ, সহজ-সৰল আৰু সুসংহত গদ্যৰ মাজেৰেই অসমীয়া গদ্যই আধুনিকতাৰ প্ৰথম সাজ পৰিধান কৰিছিল।
গুণাভিৰামৰ গদ্যত অসম, তদ্ভৱ আৰু অৰ্ধ তৎসম শব্দৰ প্ৰয়োগ দেখা পোৱা যায় যদিও তৎসম শব্দৰ বহুল প্রয়োগ তেওঁৰ গদ্যত অন্যতম বৈশিষ্ট্য। প্রয়োজন সাপেক্ষে তেওঁ নিজৰ গদ্যত ইংৰাজী, আরবী-ফাৰ্চী শব্দৰো সঘন প্ৰয়োগ কৰিছিল।
তেনে কিছুমান শব্দ হ’ল—
তৎসম : সূৰ্য্য, কাৰ্য্য ইত্যাদি।
ইংৰাজী : এজেন্ট, ৰিপোৰ্ট।
আৰবী-ফাৰ্চী : দৰখাস্ত, মোকদৰ্মা।
গুণাভিৰামৰ গদ্যত ৱ-ৰ ঠাইত য় আৰু ই-ৰ ঠাইত য়-ৰ প্ৰয়োগ হোৱা দেখা পোৱা যায়। কেতিয়াবা উ-ৰ ঠাইত ও আৰু য়ৰ ঠাইত এ প্রয়োগ হোৱা উদাহৰণো পোৱা যায়। যেনে ―
ছোৱালী : চোয়ালী।
খোৱা : খোয়া।
মই : ময়।
তই : তয়।
দুখোজ : দোখোজ।
জীয়েক : জীএক।
গুণাভিৰামে নিজৰ গদ্যত নিৰ্দিষ্টতাবাচক প্ৰত্যয় খন ৰ ঠাইত খান ব্যৱহাৰ কৰিছে। যেনে— এখান নকল, সেইখান আসি। আকৌ ক্ষুদ্ৰাৰ্থত- খানি প্রত্যয়ৰ প্ৰয়োগ কৰিছে। যেনে— এখনি পুস্তক আমি।
গুণাভিৰামৰ গদ্যৰ এটি মন কৰিবলগীয়া দিশ হ’ল— উৰু প্ৰত্যয়ৰ প্ৰয়োগ কৰিছে। তেওঁৰ সমসাময়িক কোনো গদ্যকাৰেই বহুবচন বুজাবলৈ উৰু প্ৰত্যয়ৰ ব্যৱহাৰ কৰা নাই। যেনে—
সখীসকল : সখী উৰু।
আইহঁত : আই উৰু।
মোমাইহঁত : মোমাই উৰু আদি ।
গুণাভিৰামৰ গদ্যত অসমীয়া জতুৱা ঠাঁচ, প্রবাদ-প্রবচন, খণ্ড-বাক্য আদিৰ বহুল প্রয়োগ আছিল । যিবোৰে তেওঁৰ নিৰ্ভাজ অসমীয়া স্বৰূপ দিয়াত সহায় কৰিছিল। উদাহৰণস্বৰূপে—
“পচোৱা বতাহে দুয়াৰ মেলে। বৰলাত গাত দায়।”
“সাপেহে সাপৰ ভৰি দেখে।”
অৱশ্যে মাজে মাজে তেওঁৰ গদ্যত বঙলা ভাষাৰ প্রভাৱো বিদ্যমান। যেনে “তাইৰ হাত আৰু ভৰিত পদ্মফুলৰ চিন থকা এবং খোজ দিলে ভৰিত মাটি নলগা প্রবাদ আছিল।”
গুণাভিৰাম গদ্যত কামৰূপী কথিত ৰূপৰ ব্যৱহাৰ মন কৰিবলগীয়া দিশ। অতি সুন্দৰ ৰূপত তেওঁ কামৰূপীয়া ঠাঁচ আৰু শব্দৰ প্ৰয়োগ নিজৰ গদ্যত কৰিছে।
এইদৰে গুণাভিৰামৰ গদ্য ৰচনাই অসমীয়া গদ্যক বহু দূৰলৈ পূৰ্ণতা প্ৰদান কৰি পিছৰ গদ্যকাৰসকলক আধুনিক অসমীয়া গদ্যৰ ভেঁটি নিৰ্মাণ কৰি দিয়ে আৰু গদ্য সৃষ্টি প্ৰেৰণাৰ উৎস ৰূপে পৰৱৰ্তী সাহিত্যিকসকলক উৎসাহিত কৰি অসমীয়া ভাষা-সাহিত্য সুস্থ প্ৰবল কৰি তোলে।
হেমচন্দ্ৰ বৰুৱা : প্রকৃতপক্ষে অসমীয়া কৰ্ণবিন্যাসক এটা সুস্থিৰ, নিটোল আৰু ভৱিষ্যতমুখী ৰূপ দি আধুনিক অসমীয়া গদ্যৰ পকী বাটটো হেমচন্দ্ৰ বৰুৱাইহে সাজি উলিয়াইছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ সময়ত অসমীয়া গদ্য সন্দৰ্ভত যি অস্থিৰতাই ব্ৰিাজ কৰিছিল সেই অস্থিৰতা হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা ব্যাকৰণ আৰু অভিধানৰ মাজেৰেহে এক প্ৰকাৰ দূৰ হ’ল বুলি ক’ব পাৰি। অৰুণোদই আৰু মিছনেৰীসকলৰ হাতত হেৰাই যাব খোজা অসমীয়া গদ্যৰ প্ৰকৃত স্বৰূপটো যেন হেমচন্সইহে উদ্ধাৰ কৰি নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে৷ অসমীয়া ভাষাৰ কাবিন্যাস ভাষাটোৰ মূল অনুযায়ী লিখাৰ পৰম্পৰা হেমচন্দ্ৰৰ যতনতহে আধুনিক অসমীয়াত ৰক্ষা পৰে বুলি অভিমত কৰিব পাৰি।
হেমচন্দ্ৰ বৰুৱাই নিজেও উল্লেখ কৰিছে যে অসমীয়া শব্দ মূলবিলাক যি আখৰেৰে যায় উচ্চাৰণ লৰ চৰ নকৰাকৈ পৰা যায় মানে অসমীয়াত সেই আখৰ ৰাখিব পাৰি।
হেমচন্দ্ৰ বৰুৱাৰ আখৰৰ সংখ্যা সীমিত যদিও সেই সীমিত সংখ্যক ৰচনাৰ মাজেৰেই তেওঁ যুগজয়ী অবদান আগবঢ়াই থৈ গৈছে। তেওঁৰ গদ্যসমূহক দুটা দিশেৰে স্পষ্ট ৰূপত দুভাগে কৰিব পাৰি। য’ত তেওঁ ৰচনা কৰা ব্যাকৰণ, অভিধান আৰু অসম্পূর্ণ আত্মজীবন চৰিত্রত গুরু-গম্ভীর, সংযত আৰু বাহুল্যবর্জিত গন্যই অসমীয়া ভাষা-সাহিত্যক সুষমামণ্ডিত কৰি তুলিছে। আনহাতে, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী বা কানীয়াৰ কীৰ্ত্তনৰ দৰে ৰচনাত থকা গদ্যই অসমীয়া ভাষাৰ হাস্যমধুৰ ব্যঙ্গাত্মক স্বৰূপটোৰ সামৰ্থ উদঙাই দিছে। অসমীয়া ভাষাৰ মাধ্যমেৰে যে প্রয়োজন সাপেক্ষে অতি গুৰু-গম্ভীৰ যুক্তিপূর্ণ আলোচনা সমাধা কৰিব পাৰি আৰু প্ৰয়োজনত এই ভাষাৰেই হাঁহিৰ খলকনিও ভুলিব পাৰি। অসমীয়া ভাষাৰ এই পৰিপূৰ্ণ সামর্থতা হেমচন্দ্রই তাহানিতে বিশ্ববাসীক দেখুৱাই দিছিল।
হেমচন্দ্ৰই নিজৰ গদ্যত তৎসম, তদ্ভৱ, অর্ধ তৎসম, কামৰূপী, প্রয়োজন সাপেক্ষে ‘হিন্দী বঙলা, ইংৰাজী ভাষাৰ শব্দও ব্যৱহাৰ কৰিছিল। লগতে অসমীয়া জতুৱা ঠাঁচ, যোজনা-পটন্তৰৰ সম্যক প্ৰয়োগ কৰি অসমীয়া ভাষাৰ সাধু স্বৰূপ এটা ভৱিষ্যৎ প্ৰজন্মক তৈয়াৰ কৰি দি থৈ গৈছিল।
তলত সেইবোৰৰ উদাহৰণ দাঙি ধৰা হ’ল—
তৎসম শব্দ : স্বৰ্গ, শাস্ত্র।
তদ্ভৱ শব্দ : গিয়ান, সাজ ৷
অর্ধ তৎসম : ধৰম, কৰম।
কামৰূপী শব্দ : এখান, পেৰা।
বঙলা : হইতে, আমৰা ।
ইংৰাজী : গৱৰ্ণৰ, চিভিলিয়ান।
আৰবী-ফাৰ্চী : উকীল, ইজাহাৰ।
উল্লেখযোগ্য যে কেবল হাস্যমধুৰ কৰি ব্যঙ্গ-বিদ্রূপ কৰাৰ নিমিত্তিহে হেমচন্দ্ৰই নিজৰ গদ্যত হিন্দী আৰু বঙলা শব্দৰ প্ৰয়োগ কৰিছিল। একেদৰে হাস্য ব্যঙ্গ সৃষ্টিৰ বাবেই মাজে মাজে অসমীয়া-হিন্দী মিশ্রিত ভাষাও হেমচন্দ্ৰই ব্যৱহাৰ কৰিছে। যেনে—
“আৰে। খেৰৰ তলমে নাইপিয়া লুকাই ৰাস্তা, আদমি লোকক খুন কৰিবলৈ।”
হেমচন্দ্ৰৰ ব্যঙ্গাত্মক ৰচনাবোৰত ব্যাজস্তুতি, শ্লেষোক্তি আদিৰ বহুল প্ৰয়োগ বিচাৰি পোৱা যায়। এই অলংকাৰবোৰৰ ব্যৱহাৰে তেওঁৰ ব্যঙ্গ বাণক কৰি তুলিছে তীব্ৰ আৰু তীক্ষ্ণ ।
এইদৰে প্ৰাক্-অৰুণোদই ভৰৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া ভাষা-সাহিত্য প্রতিষ্ঠান স্তৰত আধুনিক অসমীয়া গদ্যই হেমচন্দ্ৰ-গুণাভিৰামৰ হাতত পূৰ্ণতা লাভ কৰি এক ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত এই ধাৰাক অধিক সুপৈণত আৰু বিস্তৃত ৰূপ দিয়ে লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা, কমলাকান্ত ভট্টাচার্যকে আদি কৰি বিশিষ্ট গদ্যকাৰসকলে।
২। হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ৰ প্ৰকাশ পোৱা সামাজিক বাস্তৱতাৰ এটি পৰিচয় দাঙি ধৰা ।
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা আছিল উজনি অসমৰ ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান। ১৮৩৫ খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ ৰজাবাহৰ মৌজাত তেওঁৰ জন্ম হয়। সৰুৰে পৰা তেওঁ আছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু অধ্যয়নশীল। হেমচন্দ্ৰ বৰুৱাৰ সময়ৰ অসমীয়া সমাজখন আছিল কুসংস্কাৰাচ্ছন্ন আৰু অনীতি, অনিয়মেৰে নিয়ন্ত্রিত। হেমচন্দ্ৰৰ সংস্কাৰবাদী, উদাৰ মনে সেইবোৰ সহ্য কৰিব পৰা নাছিল। সেয়েহে, তেওঁ কুসংস্কাৰ আৰু অনীতি-অনিয়মৰ বিৰুদ্ধে থিয় হৈ সেইবোৰ আঁতৰাবৰ বাবে প্ৰযত্নবান হৈছিল। তেওঁ নিজে ব্ৰাহ্মণ হৈয়ো অবামুণৰ হাতে ভাত খাইছিল আৰু সেইটো একো দোষণীয় কথা বুলি নাভাবিছিল।
বংগৰ সংস্কাৰবাদী আন্দোলনৰ নেতাসকলৰ দৰে হেমচন্দ্ৰ বৰুৱাও সমাজত নাৰীৰ স্থান সম্পর্কে সজাগ হৈছিল আৰু বিধৱাবিবাহৰ সপক্ষে দৃঢ় মত পোষণ কৰিছিল। অসমীয়া জাতীয় জীৱনৰ উন্নতি হেমচন্দ্ৰৰ জীৱনৰ চৰম লক্ষ্য আছিল আৰু সেই উদ্দেশ্যকে লৈ তেওঁ অসমীয়াৰ ৰক্ষণশীলতা, কুসংস্কাৰ, অন্ধবিশ্বাস, ভণ্ডামি আদিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। তেওঁৰ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (১৮৭৬) তেনে সংগ্রামনেই ফলশ্রুতি।
‘কোৱাভাতুৰী’ৰ বিষয়, হেমচন্দ্ৰৰ চৌপাশে থকা সমাজখন। কিন্তু হেমচন্দ্ৰ বৰুৱাই চৰিত্ৰৰ স্বাভাবিক আশা-আকাঙ্খা, আবেগ-অনুভূতিৰে পূর্ণ এটি সঞ্জীৱ, কাহিনী পৰিৱেশন কৰাৰ পৰিবৰ্তে ব্যংগৰ মাধ্যমেৰে সমাজৰ কদৰ্য ৰূপটো উদঙাই দিয়াৰ ওপৰতেই গুৰুত্ব আৰোপ কৰিছে। সেইফালৰ পৰা ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰ প্ৰধানকৈ ব্যংগধৰ্মী ৰচনা। অষ্টাদশ শতিকাত জোনাথন চুইফুটে ইংৰাজীত লিখা ‘গালিভাৰছ ট্ৰেভেল’ ব্যংগ ৰচনাৰ বিখ্যাত উদাহৰণ। উল্লিখিত ৰচনাসমূহৰ দৰে হেমচন্দ্ৰৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী” তো দুৰ্নীতিগ্ৰস্ত সমাজৰ বাহ্যিকতা আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে প্রচণ্ড ক্ষোভ ঢোকা বাংগধর্মী ৰচনা, ৰীতিৰে প্ৰকাশ কৰা হৈছে। অসমীয়া সামাজিক জীৱনৰ অধঃপতন আৰু ধৰ্মীয় জীৱনৰ ভণ্ডামি আৰু গোড়ামিক কেইটামান চৰিত্ৰৰ সহায়েৰে নিৰ্মমভাৱে আক্ৰমণ কৰা হয়। পুথিখন ছটা ক্ষুদ্ৰ ক্ষুদ্ৰ অধ্যায়ত বিভক্ত।
অসমীয়া সামাজিক আৰু ধৰ্মীয় জীৱনৰ এন্ধাৰ দিশটোত পোহৰ পেলাহছে। বিষয়ৰ প্ৰতি লেখকৰ ক্ষোভ আৰু ঘৃণা প্রকাশভংগীয়ে স্পষ্ট কৰি তুলিছে। “বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী” অসমীয়া সামাজিক জীৱনৰ অধঃপতন আৰু ধৰ্মীয় জীৱনৰ গোড়ামিক ব্যাংগ কৰি লিখা উপন্যাসধৰ্মী ৰচনা। লেখকৰ নেতিবাচক দৃষ্টিভংগীয়ে পুথিখনত উপন্যাসৰ বাবে প্রয়োজনীয় মানৱীয় অনুভূতিৰ স্বাভাৱিক আৰু সূক্ষ্ম প্ৰকাশত বাধা দিলেও কাহিনী নির্মাণ আৰু চৰিত্ৰ চিত্ৰণত সামাজিক বাস্তৱতাৰ পোহৰ পৰি উপন্যাসৰ ওচৰ চপা অসমীয়া পুথিৰ প্রথম নিদর্শন হিচাপে ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ নাম ল’ব লাগিব।
৩। হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ ৰচনাখনৰ বিষয়বস্তু আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ গ্ৰন্থখন হেমচন্দ্ৰৰ সমাজ সচেতন, সংস্কাৰবানী দৃষ্টিভংগীৰ পৰিচয় দিয়ে। এইখন ১৮৭৬ ৩ প্রকাশিত হয়। ‘কোৱাভাতুৰী’ৰ বিষয়, হেমচন্দ্ৰৰ চৌপাশে থকা সমাজখন। কিন্তু হেমচন্দ্ৰ বৰুৱাই চৰিত্ৰৰ স্বাভাৱিক আশা-আকাঙ্খা, আৱেগ অনুভূতিৰে পূৰ্ণ এটি সজীব, সুসংবদ্ধ কাহিনী পৰিৱেশন কৰাৰ পৰিবৰ্তে ব্যংগৰ মাধ্যমেৰে সমাজৰ কদৰ্য ৰূপটো উদঙাই দিয়াৰ ওপৰতেই গুৰুত্ব আৰোপ কৰিছে। হেমচন্দ্ৰৰ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’তো দুৰ্নীতিগ্ৰস্ত সমাজৰ বাহ্যিকতা আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে প্রচণ্ড ক্ষোভ ঢোকা ব্যংগধর্মী ৰচনা ৰীতিৰে প্ৰকাশ কৰা হৈছে। অসমীয়া সামাজিক জীৱনৰ অধঃপতন আৰু ধৰ্মীয় জীৱনৰ ভণ্ডামি আৰু গোড়ামিক কেইটামান চৰিত্ৰৰ সহায়েৰে নিৰ্মমভাবে আক্রমণ কৰা হৈছে।
প্ৰথম অধ্যয়ত কোৰানীয়া সত্ৰৰ অধিকাৰ গোৱৰ্ধন দেউ-আতাৰ চৰিত্ৰ বিশ্লেষণ কৰা হৈছে। দেউআতাৰ ধৰ্মীয় জ্ঞানৰ শূন্যতা, আচাৰ-ব্যৱহাৰৰ কৃত্ৰিমতা আৰু শিষ্যৰ পৰা বয়-বস্তু আদায়ৰ আকাঙ্খা উদঙাই দেখুওৱা হৈছে। দ্বিতীয় অধ্যায়ত গোবধন দেউক নগৰলৈ আহি অভিজাত আহোম পৰিয়ালৰ অসাৰপ্ৰাপ্ত বিষয়া মৰ্কটেশ্বৰ ফুকনৰ টোলত আশ্ৰয় লোৱা দেখা গৈছে। এই টোলতেই পত্নী আইচুদেওৰে সৈতে ভক্তি ৰসৰ বিষয়ে আলাপ-আলোচনা কৰোঁতে গুৰু শিষ্যৰ মাজত প্ৰণয়ৰ ভাব উপজে। তৃতীয় অধ্যায়ত গোবৰ্ধনৰ লগতে চাহাবৰ খাটনিয়াৰ আৰু খাটনি লোটনিত পটু ভণ্ডেশ্বৰ বৰুৱাৰ চৰিত্ৰ দাঙি ধৰা হৈছে। গোৱৰ্ধন আতায়ে ভণ্ডেশ্বৰৰ চ’ৰাত পৰিখন বর্গই উত্থাপন কৰা শাস্ত্ৰৰ কথা বুজিবলৈ টান পাই আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি লাহেকৈ সেই ঠাইৰ পৰা পলায়ন কৰিছে। চতুর্থ অধ্যায়ত কালীৰ উপাসক, মন্ত্র-সিদ্ধ, বিশিষ্ট ব্রাহ্মণৰূপে খ্যাত, ভণ্ড বীৰেশ্বৰ বৰুৱাৰ চৰিত্ৰ আৰু মৰ্কটেশ্বৰ ফুকনৰ পত্নী আইচুদেওৰে সৈতে তেওঁৰ সম্পৰ্কৰ কথা কোৱা হৈছে। এই সম্পৰ্কৰ বাৱে বাপুরে ঈর্ঘাত জ্বলি-পুৰি গোৱৰ্ষনৰ বিৰুদ্ধে আদালতত কঠাল চুৰিত মিছা অভিযোগ দিয়ে। পঞ্চম অধ্যায়ত চাহাবে কঠাল চুৰিৰ মোকদমাৰ বিচাৰ কৰি আচামী গোবৰ্ধনক মুকলি কৰি অনা, আইচুদে সৈতে দেউতাৰ প্ৰণয়জনিত সম্পৰ্ক গাঢ় হোৱা, মৰ্কটেশ্বৰ ফুকনৰ মৃত্যু হোৱা, আইচনেও টান মৰিয়াত পৰা আৰু অৱশেষত আইচুদেওৰ মৃত্যুৰ পাছতে গোৱৰ্ধন দেউ-আতা মৃত্যুমুক্ত পৰাৰ বিৱৰণ দিয়া হৈছে।
গোবর্ধন দেউৰ অন্তঃসাৰশূণ্য শাস্ত্রীয় জ্ঞান আৰু ভণ্ডামিৰ পৰিচয় দিয়া হৈছে এইদৰে—
“কোৰাখনীয়া সত্ৰৰ গোবৰ্ধন দেউ আতা পৰম বৈষ্ণৱ, কংশ-ৰজাৰ চন্দন-যোগাতী কুঁজী- বাইৰ বংশৰ জাত, সাক্ষাত গুৰ জনৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ দেউআতাৰ পৰিনাতি : ঘোষা, কীৰ্ত্তন, ৰত্নাৱলী এই তিনিখানি শাস্ত্ৰ প্ৰভুৰ ওষ্ঠাগু, ইয়াত বাজে গুণমালা, ভটিমা, চপয়, তোতয় এইবিলাক মুখে আখৈ ফুটাৰ দৰে ফুটে। বৰগীতত গোঁসাইদেউ এনেহে পাৰ্গত যে, তেওঁ পুৱতীয়া নিশা গীত ধৰিলে ওচৰৰ গছবিলাকেও পাত-লৰোৱাৰ ছলেৰে তালফৰে আৰু কুকুৰ শিয়ালেও প্ৰেমত বাউল হৈ ৰাগ দিয়ে।”
গোঁসাই-ঈশ্বৰৰ উপৰি পুৰুষসকল তিৰীলগীয়া আছিল। কিন্তু গোঁসাই-দেউৱে মধুপুৰ থানৰ ধূলা- মালা লৈ নিৰ্ম্মল উদাসীন ধৰ্ম্মত আশ্ৰয় কৰিছে, তিৰী জাতিৰ মুখ নাচায়, আনকি তিৰিলগীয়া ভকতে অনা জলকো গ্ৰহণ নকৰে।
অসমীয়া সমাজক ব্যাভিচাৰ, কু-সংস্কাৰৰ পৰা মুক্তি কৰি আধুনিক ধ্যান-ধাৰণাৰ সমৃদ্ধ কৰিবলৈ হেমচন্দ্ৰ বৰুৱাই সৰ্বতোমুখী প্রচেষ্টা চলাইছিল। ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ অসমীয়া সামাজিক জীৱনৰ অধঃপতন আৰু ধৰ্মীয় জীৱনৰ গোড়ামিক ব্যংগ কৰি ৰচনা কৰা।
৪। হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যৰাজিত প্ৰতিফলিত হোৱা গদ্য সাহিত্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ মিছনেৰীসকলৰ দ্বাৰা ৰচিত আৰু ‘অৰুণোদই’ কাকত প্ৰকাশিত প্ৰৱন্ধৰাজিৰ জৰিয়তে গঢ় লোৱা আধুনিক অসমীয়া গদ্যক পৰিশীলিত আৰু নিটোল ৰূপদানৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ ভূমিকা গুৰুত্বপূৰ্ণ। হেমচন্দ্ৰৰ প্ৰথম অৱস্থাৰ ৰচনাত মিছনেৰীৰ দ্বাৰা প্ৰতিষ্ঠিত বর্ণবিন্যাস আৰু গদ্যৰীতিৰ প্ৰভাৱ সুস্পষ্ট, কিন্তু পৰৱৰ্তী কালত সংস্কৃতৰ আদৰ্শত অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰি বৰ্ণবিন্যাসৰ ক্ষেত্ৰত সংস্কৃতীয়া নিয়ম প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰথমাদি বিভক্তিৰ যথাৰ্থ সংযোগ আৰু পদৰ সুসংগত প্ৰয়োগেৰে বাক্য ৰচনা কৰি অসমীয়া গণ্যৰীতিক বিশুদ্ধ, সুস্থ আৰু সাধু ৰূপ দান কৰে।
উল্লেখযোগ্য যে, বৰুৱাই তৎসম, তদ্ভব, দেশীয় আৰু বিদেশী শব্দাবলীৰ লগতে অসমীয়া জতুৱা ঠাঁচ, খণ্ড বাক্যাদিৰ সংযোগত তেওঁৰ গদ্যৰীতিক সাৱলীল, ঘৰুৱা ৰূপ দিবলৈ প্ৰয়াস কৰিছিল যদিও তেওঁ ইংৰাজী গদ্যৰ আদৰ্শৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাছিল ইংৰাজী গদ্য ৰীতিৰ প্ৰধান তিনিটা বিভাগ সকল, মধ্যগ আৰু অলংকৃত। মধ্যগা গদ্যৰীতি পোনপটীয়া, সুবিন্যস্ত, বিষয়ানুগ আৰু সংযত। ইয়াত ভাবোচ্ছ্বাস সম্পূৰ্ণৰূপে অনুপস্থিত। অলংকাৰাদিৰ প্ৰয়োগো ইয়াত লক্ষ্য কৰা নাযায়। হেমচন্দ্ৰ বৰুৱাৰ ‘আত্মজীৱন চৰিত’ কে ধৰি ভাবগধুৰ ৰচনাৱলীৰ মাজত মধ্যগা গদ্যৰীতিৰ আভাস পৰিদৃষ্ট হয়। উদাহৰণস্বৰূপে—
”সেই সময়ত মোৰ দদাইদেও লক্ষ্মীনাথ বৰুৱা শিৱসাগৰত কলেক্টৰিৰ চিৰৰ্ত্তামাৰ আছিল। পিতৃৰ সংবাদ পাই তেওঁ আমাৰ ঘৰলৈ গৈ আমাৰ পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ নিলে আৰু চৰকাৰী কাম শিকিবৰ নিমিত্তে মোক মাহে চাৰি টকা বেতনও নবিশ নিযুক্ত কৰিলে।”
হেমচন্দ্ৰই অসমীয়া লোক সমাজৰ মাজত প্ৰচলিত ঘৰুৱা মাত-কথাৰ ঠাঁচতো তেওঁৰ আন এটি দানীতি তুলি ধৰিছে। এই ৰীতি সৰল, নিভাঁজ, স্পষ্ট আৰু লোকৰুচিৰ অনুকূল। তেওঁৰ দ্বাৰা ৰচিত ‘কানীয়াৰ কীৰ্তন’ নাটকত এই বিধ গদ্যৰীতিৰ সণ্টালনি প্রয়োগ লক্ষ্য কৰিব পাৰি। যেনে ―
ললিতা : আই ঐ দেহি। ল’ৰাটিৰ নো কি হ’ল? খিনাই দেখোন হাড়— কেইডাল হে আছে গৈ। ভাত-পানীও খাব নোৱাৰে। হেৰ বাপা, তোৰনো কি হৈছে? দিনেকে দিনে দেখোন খিনাইহে গৈছ, আৰু ভাত খাব নোৱাৰ কিয়?
কীৰ্ত্তি : জানো আই! ৰোগ বেথা দেখো একো নাই। তেওঁ সদায় গাটো বেয়া লাগি থাকে, হাত-ভৰিবোৰ কুট-কুটায়, একো খাবৰ মন নেযায়; মুখখান আৰুচি আৰু হামিবোৰ আহি থাকে। কিনো হৈছে ক’বই নোৱাৰোঁ।
ভদ্ৰঃ এৰা, ময়ো দেখি বিবুদ্ধিত হৈছো, কিনো হৈছে ল’ৰাটোৰ ক’বই নোৱাৰো। কালি বৰদলৈৰ
হতুৱাই তাৰ সোৱৰণীখান চোৱালো, তাতে তেওঁ ক’লে বোলে, তাৰ গোৰত শনি হৈছে, ভাল নহয়, শনিস্তৱ পাঠ কৰাব লাগে।
ওপৰৰ সংলাপছোৱাৰ গদ্যৰীতিলৈ চাই সহজে অনুমান কৰিব পাৰি যে, হেমচন্দ্ৰই কথিত ঠাঁচক সাহিত্যিক গদ্যৰ মৰ্যাদা দিব বিচাৰিছিল।
হেমচন্দ্ৰ বৰুৱাৰ আন এটা গদ্যৰীতি ব্যংগাত্মক। তেওঁৰ দ্বাৰা ৰচিত ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ আৰু ‘কানীয়াৰ কীৰ্তন’ত এই বিষ গদ্যৰ প্ৰয়োগ লক্ষ্য কৰা যায়। শ্লেষ, ব্যজন্ততি, মূলশব্দৰ বিবৃতিকৰণ, অৰ্থৰ গদ্য বিকৃত ব্যাখ্যা, গহীন কথা লঘু সুৰত উপস্থাপন, সুকীয়া শব্দৰ সৃষ্টি আদিৰ জৰিয়তে তেওঁৰ এইবিধ গদ্যই লাভ কৰিছে নিৰ্মম ব্যংগাত্মক ৰূপ। ইয়াৰ যোগেদি সংকাৰকামী বৰুৱাৰ তীক্ষ্ণ সমাজচেতনা ব্যংগাত্মক দৃষ্টিভংগী আৰু পৰ্যবেক্ষণশীলতাৰ পৰিচয় স্পষ্টভাৱে পাব পাৰি। উদাহৰণস্বৰূপে—
(ক) কোবনীয়া সত্ৰৰ গোৱৰ্দ্ধন নেউ আতা পৰম বৈষ্ণৱ, কংস ৰজাৰ চন্দন যোগ্যতী কুঁজী বাইৰ বংশত জাত, সাক্ষাত গুৰুজনৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ দেউ আতাৰ পৰিনাতি। বৰগীতত গোঁসাইদেউ এনেহে পাৰ্গত যে তেওঁ পুৱতীয়া নিশাগীত জুৰিলে ওচৰৰ গছবিলাকেও পাত লবোৱাৰ ছলেৰে তাল ধৰে আৰু কুকুৰ-শিয়ালেও প্ৰেমত বাউল হৈ ৰাগ দিয়ে। তেওৰ শিষ্যৰ জীৱটি কেনেকৈ উদ্ধাৰ হ’ব প্ৰভুৱে সদায় তাকেহে চিন্তে, তাতে শিষ্যৰ ভাল বস্তু এটি দেখিলেই তাৰ প্ৰতি দয়া কৰি সেই বস্তুটি ‘গ্রহণীয় ভাব’ কৰিবলৈ মহাপ্ৰভুৰ ইচ্ছা জন্মে।
(খ) মংগলতী — গধূলি পাঁচজন বা সাতজন কানীয়া ভকতক কানিপাণ খুৱাই একে ৰদীয়া ভাল কোমল চাউল, ম’হৰ এটা গাখীৰ, মালভোগ কল, গুড় এইবিলাকেৰে তেওঁলোকক আকণ্ঠ পূৰাই জলপান কৰাব লাগে। ইয়াৰে নাম কানীয়া সেৱা। ইয়াৰ সমান ডাঙ্গৰ কাম নাই । মিঠে বন্ধা বৰ সবাহ, পাল-নাম, হীৰা-নাম, একো ইয়াৰ সমান নহয়। এই কেইটা কাম কৰিলেই বাপা ভাল হ’ব।
গদ্যৰীতিৰ আলোচনা প্ৰসংগত যতিচিহ্নৰ প্ৰয়োগ সম্পর্কেও উনুকিয়াবলগীয়া হয়। কিয়নো, যতিচিহ্নৰ যথাৰ্থ প্ৰয়োগৰেহে গণ্য শৃংখলিত আৰু অর্থপূর্ণ হয়। উল্লেখযোগ্য যে, মিছনেৰীসকলে বিবিধ যতিচিহ্নৰ প্ৰয়োগেৰে তেওঁলোকৰ গদ্য ৰচনাক যি শৃংখলা দান কৰিছিল হেমচন্দ্ৰ বৰুৱাই তাক এক বিশিষ্ট মাত্রা প্রদান কৰে। তদুপৰি ৰচনাৰ অনুচ্ছেদ বিভাজন ৰীতিও তেওঁ যথার্থ ৰূপত প্ৰতিষ্ঠা কৰে।
এইদৰে হেমচন্দ্ৰ বৰুৱাই মিছনেৰীসকলৰ দ্বাৰা পৃষ্ট আধুনিক অসমীয়া গদাৰ ত্রুটি-বিচ্যুতি আঁতৰাই তাক সৃজনশীল সাহিত্যৰ বাহকৰূপে গঢ়ি তোলে। হেমচন্দ্ৰ বৰুৱাৰ গদ্যৰীতিয়েই উত্তৰসুৰীসকলে আদৰ্শকৰূপে গ্ৰহণ কৰি তাক প্ৰৱাহশীল আৰু বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে।
৫। স্বৰ্গৰ দুৱৰী গোৱৰ্দ্ধন-দেউ-আতাৰ চৰিত্ৰ’ শীৰ্ষক পাঠটিৰ আধাৰত গদ্যৰীতিসমূহফিহিয়াই লিখা।
উত্তৰঃ ‘স্বৰ্গৰ দুৱৰী গোৱৰ্দ্ধন-দেউ-আতাৰ চৰিত্ৰ’ শীৰ্ষক অংশটি হেমচন্দ্ৰ বৰুৱাৰ প্ৰণীত ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী” শীৰ্ষক গ্ৰন্থখনিৰ পৰা লোৱা হৈছে।
মিছনেৰীসকলৰ দ্বাৰা ৰচিত ‘অৰুণোদই’ত প্রকাশিত প্ৰৱন্ধৰাজিৰ জৰিয়তে গঢ় লোৱা আধুনিক অসমীয়া গদ্যক পৰিশীলিত আৰু নিটোল ৰূপদানৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ ভূমিকা অতিকৈ গুৰুত্বপূর্ণ। হেমচন্দ্ৰৰ প্ৰথম অৱস্থাৰ ৰচনাত মিছনেৰীৰ দ্বাৰা প্ৰতিষ্ঠিত বর্ণবিন্যাস আৰু গদ্যৰীতিৰ প্ৰভাৱ সুস্পষ্ট। কিন্তু পৰৱৰ্তী কালত সংস্কৃতৰ আদৰ্শত অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰি তেওঁ বৰ্ণবিন্যাসৰ ক্ষেত্ৰত সংস্কৃতীয়া নিয়ম প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰথমাদি বিভক্তিৰ যথার্থ সংযোগ আৰু পদৰ সুসংগত প্রয়োগেৰে বাক্য ৰচনা কৰি অসমীয়া গদ্যৰীতিক বিশুদ্ধ, শুদ্ধ আৰু সাধু ৰূপ দান কৰে। বৰুৱাই তৎসম, তদ্ভৱ, দেশীয় আৰু বিদেশী শব্দাৱলীৰ লগতে অসমীয়া জতুৱা ঠাঁচ, খণ্ড বাক্যাদিৰ সংযোগত তেওঁৰ গদ্যৰীতিক সাৱলীল, ঘৰুৱা ৰূপ দিবলৈ প্ৰয়াস কৰিছিল যদিও তেওঁ ইংৰাজী গদ্যৰ আদৰ্শৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাছিল। অসমীয়া ভাষাৰ বৰ্ণবিন্যাস ভাষাটোৰ মূল অনুযায়ী লিখাৰ পৰম্পৰা হেমচন্দ্ৰৰ যত্নতহে আধুনিক অসমীয়াত ৰক্ষা পৰে বুলি অভিমত কৰিব পাৰি। উল্লিখিত পাঠটিত এই আটাইবোধ বৈশিষ্ট্য সম্যক প্ৰয়োগ কৰি অসমীয়া ভাষাৰ সাধুস্বৰূপ এটা ভৱিষ্যৎ প্ৰজন্মক তৈয়াৰ কৰি দি থৈ গৈছিল। উদাহৰণস্বৰূপে―
তৎসম শব্দ : ধৰ্ম্ম, শাস্ত্র, জন্ম, স্বৰ্গ ইত্যাদি।
তদ্ভব : সাজ, গিয়ান।
অর্ধতৎসম : ভকত, ধৰম, কৰম ।
কামৰূপী শব্দ : আতৈ, এখান।
প্ৰশংসাৰ ছলেৰে নিন্দাই হেমচন্দ্ৰ বৰুৱাৰ ব্যঙ্গ গদ্যক অতি তীব্ৰ কৰি তোলে। উদাহৰণস্বৰূপে—
“বৰগীতত গোঁসাই-দেউ এনেহে পাৰ্গত যে তেওঁ পূৱতীয়া নিশা গীত ধৰিলে ওচৰৰ গছ গছনিও পাত লৰোৱাৰ চলেৰে তাল ধৰে, আৰু কুকুৰ শিয়ালেও প্ৰেমত বাউল হৈ ৰাগ দিয়ে।”
হেমচন্দ্ৰই নিজৰ গদ্যত প্ৰয়োজন সাপেক্ষে কেতবোৰ উপহাস সূচক শব্দ নিজে তৈয়াৰ কৰিও প্রয়োগ কৰিছে। যেনে— তিৰি-লগীয়া, পলায়ধ্বং, বোম্বনিলে, ওষ্টাগ্র ইত্যাদি।
কেতিয়াবা ক’তো বিচাৰি নোপোৱা উপমাও তেওঁ প্ৰয়োগ কৰিছে— “আমাৰ গোঁসাই-দেউৰো মহিমা কম নহয়, এতিয়া কালৰ কাল বুলিও কিচিখ্যাৰ বান্দৰৰ ৰজাৰ কোঁৱৰ এজনাই গোঁসাই দেউৰ ঠাইত মালা-যন্ত্ৰ লৈ বছৰেকত তিনটা লঙ্কাৰ কণ মৌ-কৰ দিয়ে। গোঁসাই-দেউ “মহাপুৰুষ গুৰৰ শুধ সত পথৰ” পৰা একাঙ্গুলো লৰচৰ নহয়,” “অন্য দেৱী দেউৰ” নাম মুখেৰে লোৱা থাকোক কাণেৰে শুনিলেও কাণত সোপা দিয়ে, “অইন দেৱী-দেউৰ” নামেৰে মানুহৰ নাম থাকিলে তাক সলাই “কালীৰামক”, “মহীৰাম”, “দুৰ্গাৰামক”, “দহ হতীয়াৰাম”, “শিৱনাথক”, “অটীয়ানাথ” বুলি হে মাতে।
“এবেলি এজন পৰমাৰ্থ-বস্তুলৈ আশা কৰা ভকতে কুৰাল-গুৰি-সত্ৰৰ নাম ঘৰত ভাগতী বাপুৱে কৃষ্ণৰ লীলা কথন কৰোঁতে ভকতসকলক প্ৰেমত বাউল হৈ বাগৰি ফুৰা দেখি তেৱোঁ দুবাৰমান মাটিত লেটি ল’লে।”
এনে ধৰণৰ ব্যঙ্গাত্মক ৰীতি বিশ্লেষণ কৰিয়েই অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক সত্যেন্দ্রনাথ শৰ্মাই মত দিছে যে নির্মম তীব্র ব্যঙ্গ হেমচন্দ্ৰক পৰৱৰ্তী কোনো লেখকে অতিক্রম কৰি যাব পৰা নাই।
আনহাতে, হেমচন্দ্ৰ বৰুৱাৰ গম্ভীৰ গদ্যত চিন্তাৰ বিশুদ্ধতা আৰু ভাবৰ পৰিপূৰ্ণতা বিচাৰি পোৱা যায় ৷ অতি ঘৰুৱা ভাষাৰেও তেওঁৰ গদাই পাঠকক আকৰ্ষণ কৰাত সক্ষম। ভাববস্তুৰ সহজ-সৰল গতি আৰু প্ৰাঞ্জলতা তেওঁৰ অন্যতম বৈশিষ্ট্য। তলত উদ্ধৃত ছেদটোৱে কথাষাৰৰ থোর্থতা প্ৰতিপন্ন কৰিব―
“কিন্তু সেই বাক্য ফেৰিৰ ভাবাৰ্থত অলপ সংশয় হোৱাত তেওঁ গোঁসাই-ঈশ্বৰৰ গুৰিলৈ গৈ সেৱা কৰি মাত লগালে “প্রভু ইস্পৰ” বিৰিন্দা সুধিলে, জানিবা বিৰিণা বনকে বুজায়, তাক সদায় দেখিয়েই আছোহক, এতিয়া বিপিনা বুলি নো কি?” তাতে গোঁসাই-দেউৱে গম্ভীৰ ভাৱেৰে উত্তৰ দি বুলিলে, “আতৈ ৰাম সঙ্গ সোধা গৈছে, “বিপিনা” বুলি বিৰিণাৰ কোমল কেওঁখিনি, ই বৰ গূঢ়ার্থ, সকলোৱে তার সঞ্জেন নেপায়।” আমাৰ’ প্ৰভু ইস্পৰে বিদ্যাৰ কিমানলৈ ভেদিছে, এয়ে তাৰ চিন।
হেমচন্দ্ৰৰ গদ্যত অসমীয়া ভাষাৰ নিভাঁজ নিটোল ৰূপটোৱে প্ৰাণ পাই উঠিছিল যদিও মাজে মাজে তেওঁৰ গদ্যত ইংৰাজী বাক্য ৰীতিৰ প্ৰভাৱ নপৰাকৈ থকা নাছিল। অৱশ্যে ইংৰাজী ভাষাৰ জ্ঞান, সমসাময়িক পৰিৱেশ আৰু ইংৰাজীৰ ব্যৱহাৰ এইক্ষেত্ৰত পৰোক্ষভাৱে ক্ৰিয়া কৰিছিল বুলি অনুমান কৰিব পাৰি। ইংৰাজী ভাষাৰ প্রভাৱৰ উদাহৰণ তলত উল্লেখ কৰা হ’ল―
“কোৰনীয়া সত্ৰৰ গোৱৰ্দ্ধন দেউ আতা পৰম বৈষ্ণৱ, কংসৰজাৰ চন্দন- যোগাঁতী কুঁজী বাইৰ বংশত জাত, সাক্ষাত গুৰু জনৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ-দেউ আতাৰ পৰি নাতি। ঘোষা, কীৰ্তন, ৰত্নাৱলী এই তিনি খানি শাস্ত্ৰ প্ৰভুৰ ওষ্ঠাগু, ইয়াত বাজে গুণমালা, ভটিমা, চপয়, টোটয়, এইবিলাক হ’লে মুখে আখৈ ফুটাদি ফুটে।”
তেওঁৰ গদ্যত অসমীয়া কথিত ৰূপৰো ব্যৱহাৰ দেখা পোৱা যায়। যেনে—
“কিন্তু গোঁসাই-দেউৱে মধুপুৰ থানাৰ ধূলা-মালা লৈ নিৰ্ম্মল উদাসীন-ধৰ্ম্মত আশ্রয় কৰিছে, তিৰী-জাতিৰ মুখকে নে চায়;”
“আতৈ ৰাজ সজ সোধা গৈছে,”
হেমচন্দ্ৰৰ গদ্যশৈলী সংযত, যুক্তিপূর্ণ, সুবিন্যস্ত আৰু যথাযথ। গণ্যত ভাৱৰ স্পষ্টতা আৰু ভাষাৰ সৰলতা সহজে লক্ষণীয়। সেয়েহে গুণাভিৰাম গদ্যৰ দৰে হেমচন্দ্ৰৰ গদ্যতো অষ্টাদশ শতিকাৰ মধ্যগ ৰীতিৰ স্থিতি বিচাৰি পোৱা যায়। ব্যঙ্গহীন গদ্যবোৰৰ গহীন ভঙ্গীমা যেন চিৰ অনুকৰণীয়।
এনে ধৰণৰ সুন্দৰ সুষমা আৰু আকৰ্ষণীয় গদ্য ৰচনাবে হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক সুফলা আৰু বৰলে কৰি তুলিছিল। যদিও আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ মাজতেই অসমীয়া গদ্যৰ আধুনিক স্বৰূপটোৱে গা কৰিছিল। সেই ৰূপ তেজাল মঙহ আৰু তেজেৰে জীপাল হৈ উঠিছিল হেমচন্দ্ৰৰ গণ্যৰ মাজেৰেহে। হেম বৰুৱাই উচিত মন্তব্য কৰিছে যে, তেওঁৰ গদ্যশৈলীৰ সাবলীলতা আৰু ক্রিয়াশীলতাই আধুনিক অসমীয়া গহ্যৰীতিক বৈচিত্র্যপূর্ণ, ঐশ্বর্যশালী কৰি তুলিলে আকৌ সত্যেন্দ্রনাথ শৰ্মাই সঠিক বিশ্লেষণেৰে মত দিছে যে মিছনেৰীসকলে ব্যৱহাৰ কৰা সঠিক আখৰ-জোটনি আৰু অসমীয়া কথিত গদ্য ৰীতিত নিহিত থকা ত্ৰুটিবোৰ আঁতৰ কৰি হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক এটি স্থিৰ ৰূপ দি স্থায়ী ভেঁটিত প্ৰতিষ্ঠা কৰে ।
৬। হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যকৃতি সম্পর্কে লিখা।
উত্তৰঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত ১৮৩৫ চনত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা ৷ বাৰ বছৰ বয়সত পিতৃ বিয়োগ হোৱাত খুৰাক লক্ষ্মীৰাম বৰুৱাৰ লগত থাকি সংস্কৃত পঢ়ে আৰু কেইবছৰমান পিছতে মাহে ৪ টকা বেতনত নকল নবিছৰ কামত সোমায়। সেই সময়ৰ শিৱসাগৰ জিলাৰ অধিপতি কেপ্তেইন ব্রোডী চাহাবৰ অনুপ্ৰেৰণা আৰু সহায়ত খুৰাকে নজনাকৈ ইংৰাজী পঢ়িবলৈ লয়। রোডী চাহাব আৰু মিছনেৰীসকলৰ সংস্পৰ্শই তেওঁৰ দৃষ্টিভংগীৰ প্ৰসাৰতা আনি দিয়ে। ‘অৰুণোদয়’ৰ জৰিয়তে তেখেতৰ সাহিত্যিক জীৱন আৰম্ভ হয়। ১৮৫৬ চনত ‘অৰুণোদই ত ‘সোণাচাঁদ’ ছদ্মনামত তেখেতে প্ৰৱন্ধ লিখে। তাৰ বাহিৰেও মিছনেৰীসকলে প্ৰৱৰ্তন কৰা বর্ণবিন্যাস সংশোধন কৰি সংস্কৃতমূলক কৰিবলৈ ‘অৰুণোদয়’ও প্রবন্ধ লিখিছিল, কাৰণ তেনে কৰিলে অসমীয়া শব্দৰ বানান পদ্ধতি বৈজ্ঞানিক আৰু মুলানুগ হ’ব বুলি তেওঁ ভাবিছিল। ১৮৫৯ চনত তেখেতৰ ‘অসমীয়া ব্যাকৰণ’, ১৮৭৩ চনত ‘আদিপাঠ’, ১৮৮৬ চনত ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’ আৰু ১৮৯২ চনত ‘পঢ়াশালীয় অভিধান’, আৰু দুবছৰ পিছত সংক্ষিপ্ত হেমকোষ’ প্রকাশ পায় তেওঁৰ জীৱিত কালত ‘হেমকোষ’ প্ৰকাশ নহ’ল। ১৯০০ চনত হেমচন্দ্র গোস্বামী আৰু গর্ডন চাহাবৰ চেষ্টাত তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তস্ত ‘হেমকোষ’ ছপা হৈ ওলায়। ‘আদিপাঠ’, ‘পাঠমালা’, ‘স্বাস্থ্য ৰক্ষাৰ নিয়ম’ নামৰ ইংৰাজী পুথিৰ ভাঙণি আদি ছাত্ৰৰ উপযোগী পুথি প্ৰণয়ন কৰি সেই সময়ৰ চৰকাৰৰ পৰা ১১০০ টকা পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ‘হেমকোষ’ বৰুৱাৰ পাণ্ডিত্য, ভাষাজ্ঞান, আৰু অপৰিসীম পৰিশ্ৰমৰ আদৰ্শ দাঙি ধৰে। এইখন গাই গুটীয়া বা অকলশৰীয়া চেষ্টাৰ চূড়ান্ত সৌধ।
হেমচন্দ্ৰ বৰুৱাৰ অন্য এক কৃতিত্ব তেখেত এগৰাকী নাট্যকাৰ হিচাপে। তেখেতে ডেকা বয়সতে (১৮৬১) আৰু তাৰ পিছত ৰচনা কৰা বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ এই দুখন পুথিত অসমীয়া সমাজৰ অধঃপতনৰ ব্যঙ্গচিত্ৰ দাঙি ধৰিছে। ‘কানীয়াৰ কীৰ্তন’ কানি বৰবিহৰ গৰাহত পৰি কেনেকৈ চৰিত্ৰ আৰু সম্পত্তি দুয়োটাই নষ্ট হয় তাক সুন্দৰ ৰূপত দাঙি ধৰিছে। ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী ত অসমীয়া সমাজৰ বাহ্যিক নৈতিকতা আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰালত থকা ব্যাভিচার, ভণ্ডামি, দুর্নীতিৰ বিকট ৰূপটো প্ৰকাশ কৰিছে। ব্যাজস্তুতি, অপ্রস্তুত প্ৰশংসা, শ্লেষোক্তি আদিৰ প্ৰয়োগ কৰাৰ ফলত হেমচন্দ্ৰ বৰুৱাৰ ব্যঙ্গই তীব্রতা লাভ কৰিছে। নিৰ্মম তীব্র ব্যঙ্গ ৰচনাত হেমচন্দ্ৰ বৰুৱাৰ পৰৱৰ্তী কোনো লেখকে অতিক্ৰম কৰিব পৰা নাই।
‘আসাম নিউজ’ কাকতৰ সম্পাদক ৰূপেও হেমচন্দ্ৰ বৰুৱাই কৃতিত্বৰ পৰিচয় দি গৈছে। এই কাকতেই বৰ্তমান অসমীয়া বৰ্ণবিন্যাস পদ্ধতিৰ মান স্থিৰ কৰি দিয়ে। হেমচন্দ্ৰ বৰুৱাই ইংৰাজীত লিখা ‘Assamese Marriage System’ (অসমীয়া বিবাহ পদ্ধতি) এখন উল্লেখযোগ্য পুঁথি। বৈজ্ঞানিক পদ্ধতিৰ প্ৰথম অভিধান প্ৰণয়নকাৰীৰূপে, অসমীয়া আখৰ জোঁটনিক সুস্থিৰ ৰূপ দিওঁতা হিচাপে, আদর্শ গদ্য লেখক ৰূপে হেমচন্দ্ৰ বৰুৱাই অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে।
৭। হেমচন্দ্ৰ বৰুৱাৰ ৰচনাত দেখিবলৈ পোৱা ‘ৱ’ আখৰৰ ব্যৱহাৰৰ যথাৰ্থতা দেখুৱাই তেওঁৰ ৰচনাসমূহৰ বাক্যৰীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ স্বকীয়তা প্ৰমাণত সহায় কৰা বৰ্ণটো হ’ল ‘ৱ’ কাৰণ এই আখৰটো – বঙলা ভাষাত ব্যৱহাৰ নহয়। হেমচন্দ্ৰ বৰুৱাই শিক্ষা গ্ৰহণ কৰা সময়ত অসমত বঙলা ভাষাই প্রতিষ্ঠা লাভ কৰিছিল। অসমীয়া ভাষা এলাগী হৈ পৰিছিল। অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাত সহায় আগবঢ়ায় আমেৰিকাৰ খৃষ্টান ব্যপ্তিষ্ট মিছনেৰীসকলে। ‘অৰুণোদয়’ কাকত প্ৰকাশ কৰাৰ # লগতে বহুতে লিখক সাহিত্যিকৰ জন্ম দিলে। হেমচন্দ্ৰ বৰুৱাও এই কাকতৰ নিয়মীয়া লিখক আছিল। এই সূত্রে মিছনেৰীসকলৰ বৰ্ণবিন্যাস সংশোধন কৰিবলৈ তেওঁ চেষ্টা চলালে। এইক্ষেত্ৰত তেওঁ অসমীয়া খৃষ্টান নিধিৰাম ফাৰৱেলৰ পৰা বিশেষ বাধা পাইছিল। তথাপি কৰুৱাই চেষ্টাৰ ত্ৰুটি কৰা নাছিল। নিধিৰামে এইক্ষেত্ৰত বহুতো লোকৰ মত লৈছিল । সকলোৰে ঘাই আপত্তি ‘ৱ’ আখৰটো ব্যৱহাৰ কৰিব লাগিলে আমেৰিকাৰ পৰা চলাই আনিব লাগিব। কিন্তু মিছন সভা অধিক ব্যয় কৰিবলৈ সন্মত নহয়। কিন্তু বৰুৱাই সহজে এৰি নিদিলে।
তেওঁক এইক্ষেত্ৰত সহায় কৰিবলৈ সন্মত হ’ল পাদ্রী ডষ্ট কম্পট চাহাবে। অৱশেষত ‘ব’আখৰটোৰ ব্যৱহাৰ চলিল। হেমচন্দ্ৰ বৰুৱাই ‘আদিপাঠ’ ছপোৱাৰ সময়ত স্কুল ইন্সপেক্টৰ মাৰ্টিন চাহাবেও সেইটো আখৰৰ ব্যৱহাৰত বাধা প্ৰদান কৰিছিল। যদিও সেই বাধা নিটিকিল। পিছলৈ বহুত লেখা-লেখিৰ শেষত তেওঁ ভুল বুজিব পাৰি স্কুলৰ কিতাপত ‘ব’ আখৰ ব্যৱহাৰৰ বাবে চিফ কমিছনাৰৰ আজ্ঞা লৈছিল। তেতিয়াৰ পৰা অসমীয়া ভাষা-সাহিত্যত ‘ব’ আখৰৰ ব্যৱহাৰ সঞ্চালনিকে চলিবলৈ ধৰিলে। হেমচন্দ্ৰৰ ৰচনাতো এই ব’ আখৰৰ ব্যৱহাৰ দেখা যায়। উদাহৰণস্বৰূপে— ‘কোৱা, ভাৱ’, ‘অইন দেৱী’ইত্যাদি। হেমচন্দ্ৰ বৰুৱাৰ ভাষাত যুৰীয়া শব্দৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে— ‘আঁউহী-একাদশী’, ‘গোঁসাই ঈশ্বৰ’, ‘কোৱা-কুই, জুই-পানী, গোঁসাই-দেউ, লৰচৰ নীতি-নিবন্ধ, শলা বস্তি। মিছনেৰীসকলৰ বাক্যৰীতিৰ লগত হেমচন্দ্ৰ বৰুৱাৰ বাক্যৰীতিৰ বৈশিষ্ট্যসমূহৰ পাৰ্থক্য দেখা যায়। উদাহৰণস্বৰূপে—
অৰুণোদই গদ্য : হেমচন্দ্ৰ বৰুৱা গদ্য।
ধর্ম : ধৰ্ম্ম।
খেমা : ক্ষমা।
ইচা : ইচ্ছা।
গিয়ান : জ্ঞান।
বৰুআ : বৰুৱা।
হই : হৈ।
উচ্চাৰন : উচ্চাৰণ।
পর্বত : পৰ্ব্বত, পর্বত।
কণী : কনি।
দেবি : দেৱী।
নোহোআ : নোহোআ ইত্যাদি।
হেমচন্দ্ৰ বৰুৱাই তেওঁৰ ভাষাত ‘অৰুণোদই’ৰ মিছনেৰীসকলে প্ৰৱৰ্তন কৰা ‘স’ৰ ঠাইত শ, ষ, স এই গোটাই কেইটা ধ্বনি ব্যৱহাৰ কৰিছিল। যেনে— শিবনাথ, শিয়াল, কংশ, একাদশী, ঈশ্বৰ, ধৰ্ম্ম-শাস্ত্ৰ, আশা।
হেমচন্দ্ৰ বৰুৱাই ব্যৱহাৰ কৰা গদ্যৰ কেইটামান ধ্বনিগত প্ৰয়োগৰ নমুনা তলত উল্লেখ কৰা হ’ল―
(ক) ‘য’ বৰ্ণটোৰ একাকী প্রয়োগ তেওঁৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে— যোগাই, যোগান, যোগাতী।
(খ) ঙ বৰ্ণটোৰ ঠাই ‘ঙ্গ’ বৰ্ণৰ প্ৰয়োগ হেমচন্দ্ৰ বৰুৱাৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। উদাহৰণস্বৰূপে— ভঙ্গায়।
(গ) চন্দ্ৰবিন্দুৰ ব্যৱহাৰ তেওঁৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে— জাঁপ, তেওঁ, গাঁৱত, কুঁজী, কোঁৱৰ।
(ঘ) ‘ও’ ধ্বনিৰ ব্যৱহাৰ তেওঁৰ ভাষাত দেখিবলৈ পোৱা যায় যেনে— নিমিত্ততে, মুহূর্ততে, কীৰ্ত্তন।
(ঙ) জ্ঞ, হা, যুক্তাক্ষৰবোৰ তেওঁৰ বাক্যৰীতিৰ আন এটা বৈশিষ্ট্য। যেনে— আজ্ঞা, গ্রাহ্য।
অৰুণোদই যুগৰ গদ্যসমূহত থকা কিছুমান বৈশিষ্ট্য তেওঁৰ ৰচনাৰীতিৰ অন্যতম বৈশিষ্ট্য। তেওঁ নির্দিষ্টতাবাচক প্রত্যয়ৰূপে, জনী, গোঁসাইদেউ আদি প্ৰত্যয় ব্যৱহাৰ কৰিছে। আৰু বহুবচনাত্মক হিচাপে জাতি, বিলাক আদি ৰূপ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
(খ) ধনৰ ব্যৱহাৰ
অতি চমু প্রশ্নোত্তৰঃ
১। কোনকেইখন পাশ্চাত্য লেখকৰ সৈতে সত্যনাথ বৰাৰ প্ৰৱন্ধসমূহৰ তুলনা কৰা যায়?
উত্তৰঃ পাশ্চাত্য লিখক ‘বেকন’ আৰু ‘ছেমুৱেল স্মাইলছৰ প্ৰৱন্ধৰ সৈতে সত্যনাথ বৰাৰ প্ৰৱন্ধসমূহৰ তুলনা কৰা হয়।
২। সত্যনাথ বৰাৰ প্ৰৱন্ধসমূহৰ লিখন শৈলী ইংৰাজী সাহিত্যৰ কোন লিখন শৈলীৰ অনুৰূপ?
উত্তৰঃ সত্যনাথ বৰাৰ প্ৰৱন্ধসমূহৰ লিখন শৈলী ইংৰাজী সাহিত্যৰ Aphoristic বা Erigramatic লিখন শৈলীৰ অনুৰূপ।
৩। ‘ধনৰ ব্যৱহাৰ’ প্ৰৱন্ধটো সত্যনাথ বৰাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘ধনৰ ব্যৱহাৰ’ প্ৰৱন্ধটো সত্যনাথ বৰাৰ ‘সাৰথি’ পুথিৰ পৰা লোৱা হৈছে।
৪। অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে কাক জনা যায়?
উত্তৰঃ অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে সত্যনাথ বৰাক জনা যায়।
৫। সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থ কি আছিল?
উত্তৰঃ গীতাৱলী। সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থ কি আছিল?
৬। সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি?
উত্তৰঃ ‘ গীতাৱালী’।
৭। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখন হ’ল— সত্যনাথ বৰাৰ ‘আকাশ ৰহস্য’।
৮। গুৱাহাটীৰ পৰা প্ৰকাশিত ‘জোনাকী’ কাকতখনৰ সম্পাদকৰ নাম কি?
উত্তৰঃ সত্যনাথ বৰা।
৯। সত্যনাথ বৰাই কিমান চনৰ পৰা কিমান চনলৈ গুৱাহাটীৰ ‘জোনাকী’ কাকতৰ সম্পাদক কৰিছিল?
উত্তৰঃ ১৯০১ চনৰ পৰা ১৯০৩ চনলৈ তেওঁ ‘জোনাকী’ৰ সম্পাদক আছিল।
১০। সত্যনাথ বৰাৰ একমাত্ৰ ব্যাকৰণ পুথিখনৰ নাম কি?
উত্তৰঃ বহল ব্যাকৰণ (১৯২৫)।
১১। ‘গীতাৱলী’ কেইটা গীতৰ সংকলনৰ পুথি?
উত্তৰঃ ২৮ টা।
১২। কামৰূপ জিলাৰ কথিত অসমীয়া ভাষাত ৰচিত সত্যনাথ বৰাৰ গীতৰ পুথিখনৰ নাম কি?
উত্তৰঃ কামৰূপীয়া লোকগীতৰ সংকলন।
১৩। সত্যনাথ বৰাৰ ব্যংগাত্মক প্ৰৱন্ধমূলক পুথিখনৰ নাম কি?
উত্তৰঃ ‘কেন্দ্ৰসভা’ (১৯২৪)।
১৪। সত্যনাথ বৰাৰ সাহিত্য সমালোচনামূলক পুথিখনৰ নাম কি?
উত্তৰঃ ‘সাহিত্য-বিচাৰ’।
১৫। সত্যনাথ বৰাৰ ‘সাৰথি’ কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰঃ ১৯১১ চনত।
১৬। ‘সাৰথি’ ৰ প্ৰৱন্ধসমূহ আগতেই কোন কাকতত প্ৰকাশ পাইছিল?
উত্তৰঃ ‘ঊষা’ত প্ৰকাশ পাইছিল।
১৭। ‘অসমীয়া ব্যাকৰণৰ দ্বিতীয় আৰু অধিকতৰ উত্তোল মাইলৰ খুঁটি’ হিচাপে কাক কোৱ হয়?
উত্তৰঃ সত্যনাথ বৰাৰ বহল ব্যাকৰণ ‘ক।
১৮। সত্যনাথ বৰাৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সত্যনাথ বৰাৰ গদ্যৰ দুটা বৈশিষ্ট্য হ’ল –
(ক) জতুৱা ঠাঁচৰ প্ৰাধান্য অধিক।
(খ) চুটি চুটি বাক্যৰ প্ৰাধান্য।
১৯। সত্যনাথ বৰাৰ প্ৰৱন্ধটিত দেখিবলৈ পোৱা দুটা তৎসম শব্দ লিখা।
উত্তৰঃ কৰ্ম্ম, ধৰ্ম্ম।
২০। কৃপণ লোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা— কৃপণ লোকৰ দুই ধৰ্ম।
২১। অর্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?
উত্তৰঃ আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্র।
২২। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা ।
২৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ অলপ আয় আৰু সৰহ ব্যয় দৰিদ্ৰ হোৱাৰ চিন।
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ?
উত্তৰঃ লেখকে উল্লেখ কৰা অনুসৰি ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ আছে। প্রথমে, ধনেৰে সুখ সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, ভাল কাপোৰ, ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী দোলা আদি সাংসাৰিক সুখৰ আহিলা ধনেৰে গোটাই উপভোগ কৰিব পবি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাক ভাত, কাপোৰ নোহোৱাক কাপোৰ যোগান ধৰিব পাৰি। বিপদত পৰা মানুহক ধনেৰে উদ্ধাৰ কৰিব পাৰি।
২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ কৃপণৰ বিবেচনাত ধনৰ মূল্য সবহ, কামৰ মূল্য কম। সেয়েহে কৃপণ লোকে নিজেও নিকৰে, তান মানুহে কৰিলেও সহিব নোৱাৰে।
৩। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য হ’ল—
(ক) কৃপণ মানুহ কেৱল সঞ্চয় কৰাত উত্ৰাৱল। আনহাতে, ধোঁৱাখুলীয়া মানুহ খৰচ কৰাত উত্ৰাৱল।
(খ) কৃপণে ধনৰ ভাণ্ডাৰ গঢ়ি মনত সন্তোষ লাভ কৰে। ধোঁৱাখুলীয়াৰ পক্ষে কিন্তু ধন এটা অসহনীয় বোজা আৰু বিষম আহুকাল স্বৰূপ ।
৪। ‘ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ”- ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰা ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কৃপণ লোকৰ ধন ক্ষয় সন্দৰ্ভত আলোচনা কৰিবলৈ গৈ কবিয়ে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। কৃপণ লোকৰ সঞ্চয়ৰ সন্দৰ্ভত ক’বলৈ গৈ লিখকে উল্লেখ কৰিছে যে, আমাৰ সমাজত কেতবোৰ মানুহ আছে যি কেৱল সঞ্চয়ৰ নিমিত্তেই ধন গোটায়, ধনৰ পৰিমাণ বাঢ়িলেই তেওঁলোকৰ আনন্দৰ পৰিমাণ বাঢ়ে, ধন নামৰ তেনে লোক উদ্বাউল যদিও ধনৰ সঠিক ব্যৱহাৰ তেওঁলোকে নাজানে। তেওঁলোকে কোনো কামতে ধন খৰচ কৰিব নোখোজে, কেৱল চকুৰে সঞ্চিত ধনৰাশি চাই থকাতে তেওঁলোকে পৰম আনন্দ পায়। কিন্তু তেনেদৰে সঞ্চয় কৰা ধনৰ কোনো মূল্য নাই। সেয়ে তেওঁলোকৰ মনত ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই তেওঁলোকৰ বাবে সুখ ।
৫। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে?
উত্তৰঃ লিখকৰ মতে, মানুহে ঋণক পাপৰ লগত তুলনা কৰে, কিয়নো পাপী মানুহে যেনেদৰে নানা যন্ত্রণা ভোগে, তেনেদৰে ঋণী মানুহেও লাঞ্ছনা ভোগ কৰিবলগা হয়। ঋণ লোৱা মানুহে সমাজত গৰিহণা খায়, মান-মর্যাদা হেৰুৱায় আৰু মনৰ সুখ-শান্তি নোহোৱা হয়। লেখকে ঋণক ব্যাধিৰ লগত ৰিজাইছে। ব্যাধিয়ে যেনেদৰে মানুহৰ তেজ-মাংস ক্ষয় কৰে, তেনেদৰে ঋণেও মানুহৰ অৱস্থা ক্ষয় কৰে। ব্যাধি এবাৰ হ’লে যেনেদৰে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান হয়, ব্যাধি অনুক্ৰমে বাঢ়ি যোৱাৰ দৰে ঋণো বাঢ়ি যায়। ঋণ থাকিলে মানুহৰ অৱস্থাৰ উন্নতি নহয় এনেবোৰ কাৰণতে ঋণক পাপৰ লগত তুলনা কৰা হয় বুলি লেখকে উল্লেখ কৰিছে।
৬। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় চমুকৈ লিখা।
উত্তৰঃ লেখকে উল্লেখ কৰা অনুসৰি, অসজ বৃত্তিধাৰী লোকে তেনে বৃত্তিসমূহ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। তেনে লোকে ভাল বস্তু খাবলৈ অভিলাষ কৰে যদিও তাৰ বাবে নিজৰ ধন খৰচ নকৰে। নিজৰ ঘৰত পেটে ভাতে খাই থাকিলেও পৰৰ ঘৰত উপাদেয় বস্তু নহ লৈ ভোজন নকৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাটো যাব পাৰে, কিন্তু আনৰ কামত গাড়ী-গুড়া নহ’লে এখোজো ন’লৰে। খাৱন-পিন্ধন সম্বন্ধে শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা । নিজৰ ঘৰৰ আচল অৱস্থাৰ কথা তেনে লোকে কেতিয়াও সদৰী হ’বলৈ নিদিয়ে।
৭। জোনাকী জ্বৰৰ গদ্যসমূহৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ ‘অৰুণোদই’ কাকতৰ পৰৱৰ্তী সময়ত অর্থাৎ ১৮৮৯ চনত কলকাতাত ‘জোনাকী’ মুখপত্ৰ প্ৰকাশ পোৱাৰ পাছৰে পৰা আধুনিক অসমীয়া গদাৰ শক্তিশালী প্ৰৱাহ এটা আৰম্ভ হয়।
‘আসাম বন্ধু’ৰ পাততেই গদ্য লেখক হিচাপে ভুমুকি মৰা সত্যনাথ বৰাই জোনাকী পাততো গদ্য-চৰ্চা অব্যাহত ৰাখিছিল। ‘জোনাকী’ৰ আৰম্ভণি স্তৰৰ সাহিত্যিকসকলৰ ভিতৰত সত্যনাথ কৰাৰ হাতত আধুনিক অসমীয়া গদ্যই বিশেষভাৱে সমৃদ্ধি আৰু পৰিপুষ্টি লাভ কৰে। বিবিধ সৃষ্টি কৰ্মৰ মাজেৰে সচেতনভাৱে অসমীয়া গদ্যৰীতিক এক নিটোল ৰূপ দি অসমীয়া গদ্যৰ উৎকৰ্ষ সাধনৰ বাবে অহোপুৰুষাৰ্থ কৰা ব্যক্তিসকলৰ ভিতৰত সত্যনাথ বৰা বিশেষভাবে উল্লেখযোগ্য। সত্যনাথ বৰাৰ গদ্য ৰচনাসম্ভাৰ বিষয়ভেদে বেলেগ বেলেগ। বৰাৰ গদ্য, ৰচনাসম্ভাৰ ভাবগধুৰ আৰু চিন্তামূলক গ্রন্থ সাৰথি, চিন্তাকলি, বিজ্ঞান আৰু তত্ত্বমূলক গ্রন্থ ‘আকাশ বহস্য’, ‘আত্মকথা’, বা সম্পাদকীয় কথা, সমালোচকমূলক গ্রন্থ ‘সাহিত্য বিচাৰ’, ব্যঙ্গ আৰু হাস্যৰসাত্মক গ্রন্থ ‘কেন্দ্ৰসভা’ আৰু অন্যান্য গ্ৰন্থ আৰু আলোচনীত প্ৰকাশিত-অপ্রকাশিত প্রবন্ধ আদি ভিন্ন বিষয়বস্ত্ৰ আৰু ভাষিক বৈচিত্ৰাৰে সমৃদ্ধ। মাতৃভাষাৰ প্ৰতি থকা গভীৰ প্ৰেম, বস্তুনিষ্ঠ সাগৰ্ভ ৰচনাশৈলী, মৃদু ব্যঙ্গ হাস্যৰসৰ প্ৰকাশ আদি গুণৰ প্ৰতি দৃষ্টি ৰাখি গদ্য সাহিত্য ৰেচনা কৰাৰ বাবে বৰাৰ গদ্য ৰচনাসম্ভাৰে পাঠকক সহজে আকর্ষণ কৰে। বৰাৰ গদ্যত শব্দ ব্যৱহাৰৰ অন্যতম বৈশিষ্ট্য হৈছে— মিতব্যয়িতা। যিমান পাৰে খুব কম কথাৰ মাজত অধিক ভাব প্রকাশ কৰাৰ ক্ষমতা সত্যনাথ বৰাৰ গদ্য লেখাসমূহত দেখিবলৈ পোৱা যায়। ইংৰাজী লেখক ‘বেকনৰ’ লেখাত থকা এনে বৈশিষ্ট্য বৰাৰ গদ্য ৰচনাতো প্রতিফলন ঘটাৰ বাবে তেওঁক কোনো সমালোচকে অসমৰ ‘বেকন’ বুলি অভিহিত কৰিছে। বৰাই গদ্যৰচনাত ভাব প্ৰকাশৰ বাবে সদায় জুখি-মাখি শব্দ প্ৰয়োগ কৰা আৰু গদ্য ৰচনাৰ বাক্যবোৰ চুটি চুটি হোৱাৰ * বাবে তেওঁৰ প্ৰকাশৰীতিত কোনো মেৰপাক দেখিবলৈ পোৱা নাযায়।
‘আসাম বন্ধু’ৰ পাততে গদ্য চৰ্চা কৰা ৰত্নেশ্বৰ মহন্তই জোনাকী কাকততো গদ্য চর্চা অব্যাহত ৰাখিছিল। বিষয়ৰ আকৰ্ষণীয় উপস্থাপনৰ বাবে মহস্তৰ গদ্যত মাজে মাজে আলংকাৰিক ৰীতিবদ্ধ শৈলী আৰু বসাত্মক আবেদন দেখিবলৈ পোৱা যায়। ব্যাকৰণৰ প্ৰতি সদ্য সচেতন মহন্তই অসমীয়া ভাষাৰ শুদ্ধতা অক্ষুণ্ণ ৰখাৰ প্ৰতিও সদায় যত্ন লৈছিল। তদুপৰি বাক্যবিন্যাস ৰীতিত আৰু বর্ণবিন্যাসত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। সংস্কৃতানুগত ভাষাৰীতি, ইংৰাজী শব্দৰ প্ৰয়োগ তেওঁ গদ্যত ব্যৱহাৰ কৰিলেও প্রবচন, ফকৰা-যোজনা আদিৰ প্ৰয়োগে তেওঁৰ গদ্যৰীতিত লোকজীৱনৰ প্ৰভাৱ যে স্পষ্ট সেই কথাকে উনুকিয়াই দিয়ে। নিজৰ বক্তব্যক প্রতিষ্ঠা কৰিবলৈ বহুল পৰিমাণে উদ্ধৃতি, উদাহৰণ আদিৰ ব্যৱহাৰৰ জৰিয়তে যুক্তিমূলকভাৱে দাঙি ধৰাৰ চেষ্টা কৰিছে। সেয়ে মহন্তৰ গদ্যত যুক্তিনিষ্ঠ গদ্যৰীতি আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী পৰিলক্ষিত হয়। ‘জোনাকী’ৰ সময়ছোৱাত অসমীয়া গদ্যক সমৃদ্ধিশালী কৰি তোলা গদ্য লেখকসকলৰ ভিতৰত লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, বেণুধৰ শৰ্মা, মফিজুদ্দিন আহমদ হাজৰিকা, হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচার্য, কনকলাল বৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা।
‘লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্য সাহিত্যৰাজিৰ ৰাপ ইমানেই বৈচিত্র্যপূর্ণ যে সমস্ত ৰচনাৰাজিত একেধৰণৰ গদ্যৰীতিৰ প্ৰয়োগ ঘটিছে বুলি ক’ব পৰা নাযায়। বেজবৰুৱাৰ ৰচনাত বিষয় অনুসৰি ভিন্ন ধৰণৰ গদ্যৰীতিৰ প্ৰয়োগ ঘটিছে বুলি ক’ব পৰা নাযায়। বেজবৰুৱাৰ ৰচনাত বিষয় অনুসৰি ভিন্ন ধৰণৰ গদ্যৰীতি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। শিশুৰ কাৰণে লিখা ৰচনাত এক নিজস্বভঙ্গী লক্ষ্য কৰা যায়। আনহাতে তত্ত্বমূলক ৰচনাৰ গদ্যৰীতিৰ লগত উপন্যাস অথবা গল্পৰ গদ্যৰীতি একে নহয়। বেজবৰুৱাই প্ৰৱন্ধ, উপন্যাস, গল্পসমূহত বৰ্ণনাত্মক আৰু জ্ঞানজ্ঞাপক গদ্যৰীতি, কৃপাবৰ বৰুৱাৰ ৰচনাসমূহত ব্যংগাত্মক বা হাস্যৰসাত্মক গদ্যৰীতি, তত্ত্বমূলক ৰচনাত বিশ্লেষণাত্মক ৰীতি প্ৰয়োগ কৰিছে।
বেজবৰুৱাৰ সমকালৰ আন এজন লিখকে পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচনাৰীতি পোনপটীয়া আৰু বিশ্লেষণধর্মী। গোহাঞি বৰুৱাৰ উপন্যাসৰ গণ্য প্ৰধানকৈ বৰ্ণনাত্মক। তেওঁৰ বর্ণনাত্মক গদ্যৰ মাজতে বিষয়ানুগ ভাবৰ আবেগ, সৃষ্টিশীলতা আৰু চালিকা শক্তি বিদ্যমান। গোহাঞি বৰুৱাৰ ৰচনাত অসমীয়া জতুৱা ঠাঁচ, ঘৰুৱা শব্দ, প্রবাদ-প্রবচনৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। উদাহৰণ- মৌচেপা বহুপ, হেপোৰ-টেপোৰ, নাকনি কাকনি, গজলীয়া গাঞ্জ যেন, আও মৰণে মৰা, ভূ-তা নোপোৱা ইত্যাদি। বাক্য গঠনৰীতিতো অংকীয়া নাট, ওট্টদেৱৰ গন্য, বুৰঞ্জীৰ গদ্য আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। গোহাঞি বৰুৱাই ৰচনা মাজে মাজে বহু পৰিমাণে ইংৰাজী শব্দৰ প্ৰয়োগ ঘটাইছে আৰু প্ৰয়োজন সাপেক্ষে ইংৰাজী শব্দৰ অনুকৰণত কিছুমান নিজাধৰণে শব্দ সৃষ্টি কৰি লৈছে। উদাহৰণস্বৰূপে অনুগ্রহ বিদায় (Privilege leave). নৰিয়া বিদায় (Sick leave), ভিতৰ বিশ্বাস (Confidential), হাত জোকাৰণী চালামী (handshake), আত্মবাচনি (Preference) ইত্যাদি।
জোনাকী যুগতে আধুনিক অসমীয়া গদ্যই পূর্ণতা লাভ কৰিছে বুলি ক’ব পাৰি । জোনাকী যুগৰ আন এজন লিখক চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনাৰীতিত পাণ্ডিত্যপূৰ্ণ ৰচনাশৈলীৰ নিদৰ্শন পোৱা যায়। এই যুগৰ লেখকসকলে অসমীয়া জতুৱা ঠাঁচ, ঘৰুৱা শব্দ, যোজনা-পঠন্তৰ আদিৰ প্ৰয়োগ কৰি অসমীয়া গদ্যৰ ঠাঁচটো পূৰ্ণ মাত্ৰাই ৰক্ষা কৰিছে। ৰজনীকান্ত বৰদলৈও তেওঁৰ উপন্যাসৰ মাজেৰে অসমীয়া গদ্যক এক সৌষ্ঠবশালী ৰূপত গঢ়ি তুলিছে। বিষয়বস্তুৰ উপস্থাপন, সৰল বৰ্ণনাৰীতি, জতুৱা ঠাঁচ, প্রবচনৰ বহুল প্ৰয়োগ তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায় ৷ তদুপৰি জনজাতীয় ভাষাৰ শব্দৰ ব্যৱহাৰৰ লগতে পৰিৱেশ আৰু ব্যক্তিভেদে সুকীয়া সুকীয়া ভাষাৰ প্রয়োগ বৰদলৈৰ গদ্যৰ অন্যতম বৈশিষ্ট্য।
জোনাকী যুগৰ অন্যতম বাটকটীয়া হেমচন্দ্ৰ গোস্বামীৰ গণ্যটো জতুৱা ঠাঁচ, খণ্ডবাক্য, প্রবচন আৰু নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগ লক্ষণীয়। অৱশ্যে গোস্বামীৰ গদ্যত মাজে মাজে ইংৰাজী শব্দৰ প্ৰয়োগো লক্ষ্য কৰা যায়। বিষয়বস্তুক স্পষ্ট ৰূপত তুলি ধৰিবলৈ তুলনাৰ আশ্ৰয় লোৱাটো গোস্বামীৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। অৱশ্যে এই তুলনাত অসমীয়া মাটিৰ গোন্ধ পোৱা যায় ৷ বর্ণনাত্মক গদ্যৰীতিৰে বিষয়বস্তু উপস্থাপন কৰিলেও কোনো কোনো ক্ষেত্ৰত যুক্তিনিষ্ঠ ৰীতিৰ প্রয়োগো তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায়। আনহাতে, মফিজুদ্দিন আহমদ হাজৰিকাৰ গদ্যত জতুৱা ঠাঁচ, খণ্ডবাক্য পটন্তৰ আদিৰ প্ৰয়োগ কৰাৰ লগতে আলংকাৰিক ভাষাৰীতি আৰু ধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ গদ্য আকৰ্ষণীয় আৰু মাধুৰ্য প্ৰদানত সহায় হৈছে।
কমলাকান্ত ভট্টাচার্যই হেমচন্দ্ৰ গোস্বামীৰ দৰে গদাৰ মাজে মাজে কম-বেছি পৰিমাণে বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত তুলনাৰ আশ্ৰয় লোৱা দেখিবলৈ পোৱা যায়। ভট্টাচাৰ্যৰ গণ্য অলংকাৰবিহীন পোনপটীয়া সহজ-সৰল আৰু ভাষাৰীতি প্রাঞ্জল। বেণুধৰ ৰাজখোৱাৰ নাটকৰ গদ্যৰীতি কৃত্রিম, অৱশ্যে প্ৰৱন্ধ সাহিত্যৰ ক্ষেত্ৰত এনে কৃত্রিমতা লক্ষ্য কৰা নাযায়। বিষয়বস্তু যুক্তিনিষ্ঠতাৰে প্ৰতিপন্ন কৰিবৰ বাবে বিবিধ প্রসংগ, উদ্ধৃতি আদি ব্যৱহাৰ কৰাৰ বাবে তেওঁ গদ্য পাঠকৰ বাবে আকৰ্ষনীয় হৈ পৰিছে। কনকলাল বৰুৱাই বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ভাষাৰীতি পোনপটীয়া। অৱশ্যে প্ৰয়োজন অনুসৰি ইংৰাজী শব্দৰ প্ৰয়োগো তেওঁৰ গদ্যত পৰিলক্ষিত হয়।
আনন্দচন্দ্ৰ আগৰৱালাৰ গদ্যত বিষয়বস্তু প্ৰকাশৰ ক্ষেত্ৰত সংস্কৃত আৰু ইংৰাজী ভাষাৰ উদাহৰণৰ প্রয়োগ দেখিবলৈ পোৱা যায়। তদুপৰি বিষয়বস্তু অনুসৰি ন ন প্রকাশভংগী ব্যৱহাৰ কৰাটো তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য।
বেণুধৰ শৰ্মাৰ গদ্যৰ এক প্ৰধান বৈশিষ্ট্য হৈছে— জতুৱা ৰূপৰ প্ৰয়োগ। লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতেই অসমীয়া গদ্যৰ কালিকা জতুৱা ৰূপটোক ধৰি ৰাখিবৰ বাবে চেষ্টা কৰা বেণুধৰ শৰ্মা হৈছে অন্যতম গদ্য লেখক। শৰ্মাই ৰচনাত বৰ্তমান সমাজত অপ্রচলিত পুৰণি শব্দবোৰত বুটলি আনি প্রয়োগ কৰাৰ উপৰি তৎসম, তদ্ভৱ, ইংৰাজী ভাষাৰ শব্দ, টাই ভাষাৰ শব্দ প্রয়োগ কৰি অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিছে। অকৃত্রিম জাতীয় প্ৰীতি আৰু অতীত প্ৰীতিৰ বাবে। শৰ্মাৰ ভাব-ভাষাতো নিভাঁজ অসমীয়া ঘৰুৱা ৰূপ এটাৰ সততে প্ৰকাশ ঘটিছে। কুঁজৰ মূৰত কিলটো দিব পৰাকৈ শৰ্মাই জতুৱা খণ্ডবাক্য, প্রবাদ-প্রবচন আৰু উপমা আদি এই ৰূপসমূহৰ সঘনে ব্যৱহাৰ কৰাত তেওঁৰ গদ্য আকর্ষণীয় হোৱাৰ লগতে সফলতা অৰ্জন কৰিছে আৰু হাড়ে হিমজুৱে অসমীয়া ৰূপটোক পাঠকৰ আগত দাঙি ধৰাতো সফল হৈছে। অসমীয়া জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ বিশুদ্ধতা ৰক্ষা কৰা ব্যক্তিৰ ভিতৰত শৰ্মাৰ স্থান বেজবৰুৱাৰ পাছতেই।
অসমীয়া গদ্যৰীতিৰ বিকাশত কনকলাল বৰুৱাৰ গদ্যৰীতিৰো অৰিহণা নুই কৰিব নোৱাৰি। গহীন প্ৰৱন্ধ ৰচনাৰ জৰিয়তে বৰুৱাই এক নিজস্ব গদ্যভংগী গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আঁৰ-বেৰহীন পোনপটীয়া ভাষাৰ যিকোনো বিষয়বস্তুৰে গুৰুত্ব প্রতিপন্ন কৰাৰ চেষ্টা তেওঁৰ ৰচনাৰ মাজত দেখা পোৱা যায় প্ৰয়োজন বিশেষে ইংৰাজী শব্দকো নিজৰ সাহিত্যত ঠাই দিয়া বৰুৱাৰ গদ্য অৱশ্যে বৈচিত্ৰবৰ্জিত আৰু সম্পূৰ্ণ অনাড়ম্বৰ। তেওঁৰ গদ্যৰীতিৰ মাজত সৰল গাম্ভীৰ্য আৰু মাধুৰ্য বিৰাজমান।
অসমীয়া গ্যৰীতি ‘জোনাকী’ৰ সময়ত পৰিপুষ্ট হোৱাত অৰিহণা যোগোৱা আন এজন ব্যক্তি হ’ল— পানীন্দ্ৰনাথ গগৈ। তেওঁৰ শব্দৰীতিৰ অন্যতম বৈশিষ্ট্য হৈছে তৎসম শব্দৰ যথেষ্ট ব্যৱহাৰ। অন্তৰত থকা স্বদেশপ্রীতি, দায়িত্ববোধ আৰু স্বদেশ প্ৰজাতিৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি পুঞ্জীভূত হোৱা খং-ক্ষোভ আদিৰ স্পষ্ট প্ৰকাশ তেওঁৰ গঢ়াৰ মাজত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে—
“চাকৰী লাগে, চাকৰীৰ নামে ছিপাহী, চাপৰাছী, চকিদাৰ সোমোৱাতো লাজ চৰম নাই। কিন্তু হায় কি দুদেব! চাকৰী যে পোৱা টান। দেশাধিকাৰে আমাক কামৰ লায়ক বিবেচনা নকৰে নিদিয়েও।”
এনে ক্ষোভৰ প্ৰভাৱতে তেওঁৰ বাক্যৰীতিও ঠায়ে ঠায়ে দীঘলীয়া হৈ উঠিছে যদিও সৰল, চুটি আৰু সাগৰ্ভ বাক্যৰো সুন্দৰ প্ৰয়োগ দেখা যায়। যেনে— “জাতীয় প্রেম জাতীয় উন্নতি মূল ভিত্তি।”
অৱশ্যে গগৈৰ গণ্য সকলো সময়তে সাৱলীল আৰু সাশ্রয়ী নহয়। বিষয়ৰ সৌন্দৰ্যহীন প্রকাশো গদ্যৰ মাজত দেখা পোৱা যায়।
“জোৱান ডার্ক’, ঈশ্বৰচলা বিদ্যাসাগৰ, পৰীক্ষা, বৰষুণ, ক্ষমা আদি বিবিধ গণ্য ৰচনা কৰা আনন্দচন আগৰৱালাৰ লেখাৰ জৰিয়তেও স্বকীয় এক গদ্যৰীতি গঢ় লৈ উঠিছে। সকলো ৰচনাতে সুবিধা উলিয়াই সম্বোধনবাচক ভংগীৰ প্ৰয়োগ আৰু সংস্কৃত-ইংৰাজী আদি উদ্ধৃতিৰে সন্নিবেশ কৰাটো তেওঁৰ গদাৰ অন্যতম বৈশিষ্ট্য। তদুপৰি কেতবোৰ ৰচনাত সৰু সৰু একোটা বিষয়কো প্রকাশভংগীৰ নতুনত্বৰে ৰসম্পূৰ্ণ ৰূপত প্ৰকাশৰ প্ৰয়াস দেখা যায়। উদাহৰণস্বৰূপে—
‘আমি অতি সৰু সৰু অতি সৰু বৰষুণৰ টোপ— ভাইহঁত অকলে নাযাবা। আদবাটতে পাছে . ‘দত শুকাই যাবা। ফুলকলিৰ ক্ষুদ্ৰ হৃদয়কো তিয়াব নোৱাৰিবা। কিন্তু হাজাৰে হাজাবে, লাখে লাখে, কোটিয়ে কোটিয়ে, অনুদে অবুর্গে যাওঁ বলাছোন— গোটেইখন পৃথিৱীক পানীৰে ও পাচাই দিম । পৰ্বতৰ বুকুত ভৰি দি সৰসৰ কৰে বৈ সহস্ৰ সহস্ৰ হুংকাৰ তুলি ভৈয়ামলৈ নামিম। মাটিক সাৰুৱা কৰিম। নৈ আৰু নিজৰাক ৰূপৰ সাজ পিন্ধাম।”
এনেদৰে গদ্যই সৌন্দৰ্যপূৰ্ণ ৰূপ লাভ কৰিলেও জীৱনীমূলক লেখা, ভ্রমণ বৃত্তান্তকে ধৰি আন বহু প্ৰবন্ধতেই তেওঁৰ বিষয়বস্তু একাদিক্রমে বর্ণনা কৰি খোৱাতে অধিক গুৰুত্ব দিয়াত গদ্যৰীতিৰ মাজত কলাত্মক সৌন্দৰ্যৰ অভাৱ ঘটিছে। প্ৰবন্ধসমূহত যিদৰে জটিল বিষয়বস্তুকো পাঠকে বুজিব পৰাকৈ সৰল ৰূপত উপস্থাপন কৰিছে, সেইদৰে চুটি দুটি বাক্যৰ সহযোগত কম পৰিসৰতে তেওঁৰ পৰিৱেশ, ঘটনা আদিক গল্পসমূহত ৰূপায়ণ কৰিছে।
সত্যনাথ বৰা, বেজবৰুৱা, গোহাঞিবৰুৱা আদিয়ে ‘জোনাকী’ৰ সময়ত আধুনিক অসমীয়া গদ্যক ভাষাশৈলী আৰু প্ৰকাশভংগী উভয় নিশৰ পৰাই মহত্বপূৰ্ণ আৰু বৈচিত্ৰপূৰ্ণ কৰাৰ যি | প্রচেষ্টা চলালে, সেইক্ষেত্ৰত উল্লিখিত সাহিত্যিকসকলৰ উপৰি ঘনশ্যাম বৰুৱা, সোণাৰাম চৌধুৰী, তুলসী প্রসাদ দত্ত, চন্দ্ৰধৰ বৰুৱা আদি বহুজনে সংখ্যাগতভাৱে কম হ’লেও যি অৱদান আগবঢ়ালে সেই সকলোৰে সমন্বয়ত অসমীয়া গদ্যৰীতিৰ এক চহকী পৰম্পৰা গঢ় লৈ উঠিল। এই পৰম্পৰাকে ভিত্তি কৰি আন এচাম লেখকে বিবিধ ৰূপৰ গদ্য ৰচনাৰে অসমীয়া গদ্যৰীতিক আৰু অধিকভাৱে বিস্তৃতি আৰু সমৃদ্ধি প্ৰদান কৰিলে। সাহিত্যিকসকলৰ মন পূৰ্বৰ ৰোমাণ্টিক ভাবধাৰাৰ পৰিৱৰ্তে বাস্তৱবাদী দৃষ্টিভংগীয়ে গ্ৰাস কৰাত বিষয়বস্তুৰ লগতে গদ্যৰীতিলৈকো বহু পৰিবৰ্তন আছিল। এইদৰে এই সময়ৰ বহু লেখকে এই সময়ৰ গদাৰ পৰিবৰ্তন আৰু পৰিৱৰ্তন সাধনত অৰিহণা যোগালে।