অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Question Answer can be of great value to excel in the examination.
অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ
অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
৮। “শব্দ, বাক্য আৰু অলংকাৰ আদি সকলোবোৰ উপকৰণৰ ব্যৱহাৰে বাণীকান্ত কাকতিৰ গদ্যক স্বকীয়তা প্ৰদানত সহায় কৰিছে।” “জাতীয় চৈতন্য’ পাঠটিৰ আধাৰত কথাষাৰিৰ সাৰমৰ্ম বুজাই লিখা।
উত্তৰঃ অসমৰ পৰম্পৰাগত ঐতিহ্যবোধ, আধুনিক চিন্তা, প্রাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন সাহিত্যৰ অধ্যয়নলব্ধ জ্ঞানৰ সু-সমন্বয়ত ৰচিত বাণীকান্ত কাকতিৰ সাহিত্যৰাজিৰ জৰিয়তে এক নিজস্ব সাহিত্যিক গদ্যৰীতি গঢ় লৈ উঠা পৰিলক্ষিত হয়। কাকতিৰ ৰচনাৰ বিষয়বস্তু আৰু ৰচনাৰীতি দুয়োটা নিশৰ জৰিয়তেই তেওঁৰ সংহত মন আৰু সংযমী ব্যক্তিত্বৰ পৰিচয় ফুটি উঠিছে। সুন্দৰ ভাষাশৈলীৰ ব্যৱহাৰে তেওঁৰ গদ্যক যিদৰে নিটোল, সংযত আৰু বলিষ্ঠ ৰূপ প্ৰদান কৰিছে সেইদৰে প্ৰকাশভংগীৰ মাধুৰ্যই ইয়াক উপন্যাস, গল্প আদিৰ সমগোত্রীয় আকর্ষণ প্ৰদান কৰিছে। শব্দ, বাক্য আৰু অলংকাৰ আদি সকলোবোৰ উপকৰণৰ ব্যৱহাৰেই কাকতিৰ গদ্যক স্বকীয় ৰূপ লাভ কৰাত সহায় কৰিছে।
শব্দচয়ন : বিষয়বস্তুর অনুকূলে যথাযোগ্য শব্দ ব্যৱহাৰ কাকতিৰ ভাষাৰীতিৰ এক বিশেষ বৈশিষ্ট্য। তেওঁৰ ৰচনাৰ শব্দসমূহে বিষয়বস্তুৰ সৈতে থকা লেখকৰ গভীৰ সম্পৰ্ক, স্পষ্ট ধাৰণা আৰু তাৰ প্ৰতি থকা আন্তৰিকতাৰ পৰিচয় দাঙি ধৰে। যেনে— “মনৰ পুষ্টি আৰু প্রকাশ হয় ভাষাৰ সহায়েৰে সেইকাৰণেই জাতীয় চৈতন্য-গৰী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা বক্ষা কৰে। চৈতন্যৰ পৰিসৰ বঢ়াৰ লগে লগে ভাষাৰ প্ৰকাশিকা শক্তি বাঢ়ে। কোনো জাতিৰ অভিধান এখন মেলি চালে সেই জাতিৰ মানসিক পৰিসৰ মোটামুটি পৰিমাণ এটি পোৱা যায়। সেই মনেৰে চালে আমাৰ অসমীয়া ভাষাই কোনো সংস্কৃতিমূলক ভাৰতীয় ভাষাৰ ওচৰত মূৰ দোৱাব নেলাগে।”
শ্ৰুতিমধুৰ শব্দৰ সাৱলীল প্রয়োগ কৰা কাকতিৰ ৰচনাত সংস্কৃত শব্দৰ প্ৰাচুৰ্য যথেষ্ট। অৱশ্যে ইয়াৰ বাবে তেওঁৰ গদ্য দুর্বোধ্য বা অস্বাভাৱিক হোৱা নাই। উদাহৰণস্বৰূপে— “মন জয় কৰিব নোৱাৰিলে প্ৰভু পদত থকাসকলে গৌৰৱ খৰ্ব হোৱা বুলি ভাবে। আমাৰ শাস্ত্ৰতো আছে মিন এব মুষ্যাণাং কাৰণং বন্ধ মোক্ষয়োঃ”। মনেই বন্ধন আৰু মোচনৰ মূল কাৰণ।”
শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কাকতি ৰক্ষণশীল নহয়। সেয়েহে তেওঁৰ ৰচনাত সংস্কৃতৰ দৰে ইংৰাজী শব্দৰো মুকলি ব্যৱহাৰ পৰিলক্ষিত হয়। বিষয়বস্তুৰ উপযুক্ত সাৱলীল প্রকাশৰ বাবে য’তেই সাৰ্থক বুলি অনুভৱ কৰিছে তাতেই ইংৰাজী শব্দক গদ্যত স্থান দিছে। তদুপৰি বহু ক্ষেত্ৰতে ইংৰাজী শব্দৰ লগতে অসমীয়া ৰূপটোও তেখেতে উল্লেখ কৰিছে।
বাণীকান্ত কাকতিৰ গদ্যত ব্যৱহৃত ইংৰাজী শব্দৰ নিদৰ্শন হ’ল―
“পুৰণি ইহুদী জাতি ইতিহাসৰ সাঁথৰ। তেওঁলোকে নিজকেই chosen people of God, ঈশ্বৰৰ বাছনিত উঠা শ্রেষ্ঠ জাতি বুলি পৰিচয় দিছিল।”
“পহিলা মহাসমৰৰ পিছত ৰুচিয়াৰ ৰাজধানী ‘চেণ্টপিটাচ বার্গ’ৰ নাম সলাই পেট্রোগ্রড কৰা হয়। কিয়নো ‘বার্গ’ শব্দটো জার্মান ভাষাৰ পৰা অহা; তাৰ ঠাইত ৰুছীয় ‘গ্রার্ড’ বহুওৱা হল।”
তদুপৰি বহুক্ষেত্ৰত ইংৰাজীৰ লগে লগে অসমীয়া ৰূপবোৰো তেওঁলোকে উল্লেখ কৰি গৈছে। দার্শনিক প্রেমবাদ (Platonic), সুকীয়া, স্বকীয় (Idiom), ঈশ্বৰৰ বাছনিত উঠা শ্রেষ্ঠ জাতি (Chosen people God), নগৰ (Bard) ইত্যাদি। এই শব্দবোৰে অন্তর্নিহিত বিষয় উপলব্ধিত পাঠকক সহায় কৰিছে। ইয়াৰ উপৰি স্নেহাভিষিক্ত, ঈশ্বৰভিমুখী, অব্যক্তভাষণে, দুৰাকাঙ্খী, দেশহিতৈষণা ইত্যাদি সন্ধিযুক্ত শব্দৰ প্ৰাচুৰ্যই তেওঁৰ পদ্যৰ শব্দচয়নৰ অন্যতম বৈশিষ্ট্য।
বাণীকান্ত কাকতিয়ে ৰচনাৰ শব্দ ব্যৱহাৰত জতুৱা শব্দৰ বেছি প্ৰাধান্য দিয়া নাই যদিও সেৰেঙাকৈ দুই-এটা অতি আকর্ষণীয় অতুৱা শব্দৰ প্ৰয়োগে তেওঁৰ গাত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে— গা-ধোৱা; গা-ৰোৱা; গা-বোৱা; গা-গছ; গা-চোৱা; গা-টঙা; গা-নৰীয়া; গা-ভঙা; গাত থকা ইত্যাদি। প্রত্যেকটি ঠাঁচৰ চাৰিওফালে ভাবৰ প্ৰচুৰতাই আগুৰি আছে। গুৰু-গান্ধীৰ বিষয়বস্তু কম পৰিসৰত শব্দৰ মিতব্যয়ী ব্যৱহাৰেৰে তুলি ধৰাটোৱেই তেওঁৰ শব্দচয়নৰ প্ৰধান বৈশিষ্ট্য।
বাক্য গঠন : চিন্তাশীল প্রবন্ধ লেখকে কাকতিৰ গদ্যত সহজ-সৰল, চুটি-দীঘল আদি বিবিধ ভঙ্গীৰ বাক্যৰ সমাহাৰ ঘটিছে যদিও তেওঁৰ বাক্যৰীতি প্ৰধানকৈ অসমীয়া ভাষাৰ জতুৱা ঠাঁচযুক্ত বুলি ক’ব নোৱাৰি। অৱশ্যে জতুৱা ঠাঁচৰ বাক্য যে একেবাৰেই নাই তেনে কথাও নহয়। সংস্কৃত আৰু ইংৰাজী বাক্যৰীতিৰ দ্বাৰা প্ৰভাৱিত কাকতিয়ে বিভিন্ন ভঙ্গীৰে বাক্য গঠন কৰি সেইবোৰত স্পষ্ট আৰু অতি প্রভাবশালী ৰূপত থিয় কৰাবলৈ সক্ষম হৈছে। সৰল বৰ্ণনামূলক বাক উপৰি প্ৰশ্নবোধক, ভাববোধক বাক্যক অর্থবহ ৰূপত চাতুর্যপূর্ণভাবে তেওঁৰ গদাত সন্নিবেশ কৰা দেখা গৈছে। ইঙ্গিতপূৰ্ণ ৰূপত সার্থকভাৱে প্ৰয়োগ কৰা এনে বাক্য তেওঁৰ গদ্যত যথেষ্ট পোৱা যায়। আনহাতে, বিষয়বস্তু বা ভাব অনুসৰি তেওঁ যথেষ্ট সংখ্যক সংস্কৃত বাক্যৰ লগতে ইংৰাজী বা সংস্কৃত বা পুৰণি সাহিত্যৰ উদ্ধৃতি আদি সন্নিৱিষ্ট কৰি বাক্য ব্যৱহাৰ কৰিছে। অর্থৎ কাকতিৰ গদ্য চিন্তামূলক হলেও বিভিন্ন ৰীতিৰ বাক্যৰে ই সুসমৃদ্ধ আৰু এইসমূহে বিদ্যাৰণ্ডৰ স্পষ্ট প্ৰকাশৰ লগতে মনোধৰ্মী গদ্যৰ দৰে পাঠকৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে “ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে। আজিৰ দিনত অসমীয়াৰ অগণন জাতীয় সমস্যাৰ ভিতৰত ভাষা আৰু সাহিত্যৰ ভিতৰেদি জাতীয় চৈতন্য ৰক্ষা কৰিব পৰাটো প্ৰধান।”
অনুচ্ছেদ : শব্দ আৰু বাক্য ব্যৱহাৰৰ দৰেই অনুচ্ছেদ ৰচনাতো বাণীকান্ত কাকতিৰ সংযমী। মনৰ পৰিচয় পোৱা যায় ৷ তেওঁৰ স্পষ্ট বিষয়জ্ঞান আৰু গভীৰ, সুদৃঢ় চিন্তাৰাজিয়ে সু-সংবদ্ধ ৰূপত অনুচ্ছেদৰ জৰিয়তে প্রকাশ লাভ কৰা দেখা যায়। কাকতিৰ ৰচনাৰ প্ৰতিটো অনুচ্ছেদেই লেখকৰ ভাব-চিন্তাৰ একোটা দিশ পাঠকৰ সন্মুখত উন্মেচিত কৰিবলৈ সক্ষম। অপ্রয়োজনীয় বর্ণনাবহুল অনুচ্ছেদ তেওঁৰ গণ্যত পাবলৈ নাই। তদুপৰি অতি স্বাভাৱিক গতিৰে কাকতিৰ অনুচ্ছেদসমূহে পাঠকক বিষয়ৰ পৰা বিষয়লৈ আগবঢ়াই লৈ যাব পাৰে। উদাহৰণস্বৰূপে— “পুৰণি ইহুদী জাতি ইতিহাসৰ সাঁথৰ। তেওঁলোকে নিজকেই chosen people of God ঈশ্বৰৰ বাছনিত উঠা শ্রেষ্ঠ জাতি বুলি পৰিচয় দিছিল। অদৃষ্টৰ কোপত পুৰণি কালৰ পৰা আজিলৈকে তেওঁলোকৰ দৰে নিৰ্যাতিত জাতি এটা ওলোৱা নাই। থকা ঠাই, নিজৰ দেশ হেৰুৱালে। পৃথিবীময় সিঁচৰতি হৈ পৰিল। প্ৰবল খ্ৰীষ্টানসকলৰ অমানুষিক অত্যাচাৰ অসহায়ভাৱে মূৰ পাতি ল’ব লগাত পৰিল। কিন্তু পুৰণি জাতীয় গৌৰৱৰ চৈতন্য ইহুদীয়ে নেহেৰুৱালে।”
অলংকাৰ : অলংকাৰ প্ৰয়োগে গদ্যক মনোমোহা কৰাৰ লগতে অর্থঘনত্ব বৃদ্ধি কৰে। অলংকাৰ ব্যৱহাৰত কাকতিৰ দক্ষতা অতি চকুত লগা। অন্যান্য অলংকাৰৰ লগতে বিশেষকৈ উপমা প্ৰয়োগৰ চাতুৰ্যই কাকতিক গদাক এক নির্বচনীয় মনোহাৰিত্ব প্ৰদান কৰিছে। সুন্দৰ উপম আৰোপে গহীন সমালোচনামূলক গদ্যক অতি প্ৰভাৱশালী আৰু আকর্ষণীয় ৰূপত পাঠকৰ সন্মুখত উপস্থাপন কৰাত সক্ষম হৈছে। কিন্তু কাকতিৰ গদ্যৰ অলংকাৰ কেৱল বাহ্যিক চিকমিকনিৰ বাবে নহয়, সি গোটেই ভাবটোকেই সুন্দৰ ৰূপত তুলি ধৰিব পৰাকৈ সমগ্ৰ ভাষাৰ সৈতে একাত্ম হৈ পৰিছে। কাকতিৰ ভাষাৰীতিৰ মাধ্যমেৰে এক মধুৰ আলংকাৰিক ৰীতিৰ বিকাশ ঘটিছে। উদাহৰণস্বৰূপে— “জীব মাত্রেই কতু গ্ৰহৰ ক্ষেত্ৰত উপজে। সকলো শৰীৰময়, মনৰ ক্ৰিয়াৰ ভিতৰত স্নায়বিক চঞ্চলতা।”
প্রকাশভংগী : বাণীকান্ত কাকতিৰ ৰচনাৰ ৰূপ যিহেতু বৈচিত্র্যপূর্ণ নহয়, সেয়েহে ইয়াত বিচিত্র প্ৰকাশভংগীৰ চাতুৰ্থ সৃষ্টিৰো অৱকাশ নাই। কিন্তু তথাপিও স্থানবিশেষে সংযত পৰিমিত, স্থান বিশেষে যুক্তিনিষ্ঠ, ব্যঙ্গাত্মক, জ্ঞানব্যাপক আদি গদ্য-ব্যৱহাৰ কৰা কাকতিৰ প্ৰকাশভংগীৰ মাজত মহৰ আৰু মাধুৰ্য যথেষ্ট। সকলো ধৰণৰ বাহুলা বৰ্জন কৰি বিষয়বস্তুর স্পষ্ট, সহজবোধ্য ৰসব্যঞ্জক উপস্থাপনৰ ক্ষেত্ৰত কাকতিৰ প্ৰকাশভংগী প্রায় ক্ষেত্রতেই সফল আৰু যথোপযোগী। ঠায়ে ঠায়ে কাব্যিক ৰূপ লাভ কৰা কাকতিৰ গদ্য সবল আৰু সমৃদ্ধিশালী হোৱাৰ অন্যতম সহায়ক হ’ল তেওঁৰ প্ৰকাশভংগী। অসমীয়া সাহিত্যত বসোত্তীর্ণ উপন্যাসোপম প্রবন্ধ গদ্য নিৰ্মাণৰ ক্ষেত্ৰত কাকতিয়ে এক নতুন পথৰ সূচনা কৰি থৈ গ’ল ৷
লয়ঃ সৃষ্টিশীল গদ্যত চৰিত্ৰ বিশেষৰ উক্তি-প্রত্যুক্তি বা পৰিৱেশ পৰিস্থিতি বর্ণনা আদি লয়যুক্ত ভাষাৰে উপস্থাপনৰ সুবিধা যথেষ্ট। কিন্তু ভাৱ-ভাষাক কৃত্ৰিম আৰু ভাৰাক্ৰান্ত নকৰাকৈ চিন্তামূলক গদ্যত লয়ৰ আৰোপ সহজ কার্য নহয়। বাণীকান্ত কাকতিৰ সকলো ৰচনাই গভীৰ চিন্তাৰ কল। কিন্তু তাৰ মাজতেই কেতিয়াবা তেওঁৰ গদ্য লয়যুক্ত হৈ উঠিছে ৷ উদাহৰণস্বৰূপে—
ইংৰাজী ভাষাৰ মৰ্যাদা দিনক দিনে কমি আহিব লাগিছে। চৰকাৰে বাধ্যতামূলকভাৱে ল’ৰা ছোৱালীক প্রাথমিক শিক্ষা দিয়াৰ বন্দোবস্ত কৰিছে, একোখন গাঁও তুলি নিব পৰা দুখন বিৰাট গাড়ীয়ে “নিৰক্ষৰতা দূৰীকৰণ” কৰিবলৈ ডেকা-বুঢ়া সকলোৰে চকুত আখৰৰ ছবি বিজুলী – বস্তিৰে দেখুৱাই ফুৰিব লাগিছে।”
কাকতিৰ গদ্যত লয়ৰ আৰোপ ব্যাপক নহয়। অবশ্যে ঠায়ে ঠায়ে তেওঁ গদ্যত যথেষ্ট সৌন্দর্যপূর্ণভাৱে কাব্যিক মাধুর্য অনুভূত হয়। এনে মাধুৰ্যই তেওঁৰ গদ্য শক্তিশালী হোৱা সত্বেও এক কোমল আৱেশ প্ৰদান কৰিছে।
৯। “জাতীয় চৈতন্য” পাঠটিৰ বিষয়বস্তুৰ এটি সাধাৰণ আলোচনা দাঙি ধৰা।
উত্তৰঃ ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ ইতিহাসৰ গুৰিৰ পৰাই এইটো ৰীতি চলি অহা যেন অনুমান হয়। পুৰণি গ্ৰীক আৰু হিন্দু সভ্যতাৰ লোকসকলৰ মাজত প্ৰচলিত ‘বৰ্বৰ’ আৰু ‘ম্লেচ্ছ’ এই দুটা শব্দ ভাষাবাচক হোৱাৰ লগতে ইয়াৰ ধাতুগত অৰ্থ আছিল ‘অব্যক্তভাষণে’। যাক সাধাৰণত তল খাপৰ মানুহবোৰক তাচ্ছিল্যভাৱে অভিহিত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
লেখকৰ মতে, সভ্য উন্নত জাতিৰ মানুহবোৰে তল খাপৰ জাতিৰ ভাষাৰ পৰা কোনো শব্দই ধাৰলৈ নলয় । ইংৰাজী ভাষাত লেটিন, ফ্রান্স আদিৰ বহুতো শব্দ পোৱা যায়। কিন্তু আমি অধিবাসী কেসকলৰ ভাষাৰ পৰা শব্দ ধাৰ লোৱাটো তেওঁলোকে অগৌৰৱৰ কথাৰূপে বিবেচনা কৰিছিল।
ঠিক তেনেদৰে পুৰণি গ্ৰীকসকলে টিউটন জাতিক ‘বৰ্বৰ’ বুলি তাচ্ছিল্য কৰিছিল, তাৰে টিউমা জাতিৰে বৰ্তমান বংশধৰ জাৰ্মানসকলে বিশেষতঃ লেটিন জাতিসকলৰ পৰা শব্দ গ্ৰহণ কৰাটো অবিবেচিত কথা বুলি গণ্য কৰে।
সাধাৰণতে প্রত্যেক জাতিয়েই নতুন ভাব প্রকাশ কৰিবলৈ নিজৰ ভাষাৰ উপাদানেৰে নতুন শব্দ তৈয়াৰ কৰি লয়। ৰুছ জাতিয়ো এই ক্ষেত্ৰত অন্যতম। পহিলা মহাসমৰৰ পিছত ৰুছিয়াৰ ৰাজধানী ‘চেষ্টাপিটাচবাগ’ৰ নাম সলাই ‘পেট্রোগ্রাড’ কৰা হয়। ইয়াৰ অৰ্থ হৈছে নগৰ। যিহেতু ‘বাৰ্গ” শব্দটো জার্মান ভাষাৰ পৰা অহা; সেইবাবে তাৰ ঠাইত ৰুছীয় ‘গ্রাড’ বহুওৱা হ’ল।
ড° কাকতিদেৱে কোৱা মতে, পৰাধীনতা দুই প্ৰকাৰৰ – – শৰীৰ আৰু মন। মনৰ পৰাধীনতা সর্বগ্রাসী, ই যক্ষ্মাৰোগৰ বীজাণুৰ নিচিনা মাৰাত্মক। মানসিক পৰাধীনতাৰ বৰবিহ মেলি দিব পাৰিলে কোনো জাতিৰেই মনুষ্যত্বৰ অৱশেষ নাথাকে। সেইবাবে ক্ষমতালোভী দুৰাকাজীসকলে অধীনস্থসকলৰ মন জয় কৰিবলৈ চেষ্টা কৰে। মন জয় কৰিব নোৱাৰিলে প্ৰভু পদত থকাসকলে নিজৰ গৌৰৱ খৰ্ব হোৱা বুলি ভাবে। মনেই বন্ধন আৰু মুক্তিৰ মূল কাৰণ।
নিজকে ঈশ্বৰৰ বাছনিত উঠা শ্ৰেষ্ঠ জাতি বুলি পৰিচয় দিয়া ইহুদী জাতিৰ ইতিহাসৰ সাঁথৰ। পুৰণি কালৰ পৰা আজিলৈকে সেই জাতিটো নিৰ্মাৰ্মিত হৈ আহিছে। খ্ৰীষ্টানসকলে কৰা অমানুষিক অত্যাচাৰৰ ফলত ইহুদী জাতিটোৱে নিজৰ থকা ঠাই আনকি নিজৰ দেশো হেৰুৱালে। কিন্তু তেওঁলোকৰ এটি পৰিচয় আজিও জীৱিত। সেইটো হৈছে— পুৰণি জাতীয় গৌৰৱৰ চৈতন্য। আজিৰ দিনত আর্থিক আৰু মানসিক জগতত যিবোৰ ডাঙৰ ডাঙৰ সত্যই তোলপাৰ লগাইছে, সেই আটাইবোৰ ইহুদী ভাবুকৰ দান।
ৰাষ্ট্ৰনীতিঃ কার্লমার্ক্স— ইহুদী।
বিজ্ঞান জগত : আইনষ্টাইন — ইহুদী।
মনোবিজ্ঞান: ফ্রয়েড — ইহুদী।
এই আটাইবোৰ মনীষীৰেই জন্মস্থান জার্মানী — বর্তমান জগতত স্বজাতি গৌৰৱৰ লীলাভূমি। ইহুদীৰ মগজু আৰু মাটিৰ সহযোগ।
মহাত্মা গান্ধীৰ ৰাজনৈতিক দৰ্শন আত্মিক মুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। বলীয়ে অত্যাচাৰ কৰিলেও, মিনেৰে সেই অত্যাচাৰ মূৰত তুলি লোৱাটো উচিত নহয়। তাৰ সলনি অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব লাগে। ইয়াক যদিও ভাষাৰে প্ৰকাশিত কৰাটো অসম্ভব, কিন্তু মনৰ প্ৰতিবাদে এই অত্যাচাৰ নিৰোধ কৰাটো সম্ভাব্য নহয়। তথাপিও ই মনৰ স্বাধীনতা ৰক্ষা কৰে।
মনৰ পুষ্টি আৰু প্ৰকাশ ভাষাৰ মাধ্যমেৰে হোৱাৰ দৰে চৈতন্যৰ পৰিসৰ বঢ়াৰ লগে লগে ভাষাৰ প্ৰকাশিকা শক্তি বাড়ে। কোনো জাতিৰ অভিধান এখন মেলি চালে মানসিক পৰিধিৰ এটা পৰিমাণ পোৱা যায়। সেই হিচাপে চালে অসমীয়া ভাষাই কোনো সংস্কৃতিমূলক ভাৰতীয়ৰ ওচৰত মূৰ দোৱাব নালাগে। বৰং কিছুমান ক্ষেত্ৰত ইয়াৰ প্ৰকাশ কৌশলৰ শ্ৰেষ্ঠতাহে প্ৰতিপন্ন হয়।
ভাষাৰ প্ৰকাশ আৰু প্ৰাচুৰ্য জতুৱা ঠাঁচ বা সুকীয়া ৰীতিৰ ওপৰত নিৰ্ভৰ কৰে, ইয়াক ইংৰাজী ব্যাকৰণত ‘Idiom’ বোলে। ‘Idiom’ শব্দটো গ্ৰীক ভাষাৰ পৰা অহা। তাৰ অৰ্থ ‘স্বকীয়’, “সুকীয়া’। সুকীয়া ভাবৰ গতি হ’লেহে ভাষা-ৰীতিৰ উদ্ভৱ হয়।
একোটা সাধাৰণ শব্দ কেন্দ্ৰ কৰি অসমীয়া ভাষাত এটা সুকীয়া ৰীতি দেখিবলৈ পোৱা যায়। যেনে— ‘গা’ শব্দটো লক্ষ্য কৰিলে তাৰ বিভিন্ন সুকীয়া সুকীয়া অর্থ ওলাব। গা-ধোৱা; গা ৰোৱা; গা-বোৱা; গা-চোৱা, গা-গছ, গা-নৰীয়া; গা-টঙা, গা-ভঙা, গাত থকা ইত্যাদি।
ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে। ভাব নহ’লে ভাষাৰ আৱশ্যকতা নাথাকে ৷ আজিৰ দিনত অসমীয়াৰ অগণন জাতীয় সমস্যাৰ ভিতৰত ভাষা আৰু সাহিত্যৰ ভিতৰেদি জাতীয় চৈতন্য ৰক্ষা কৰিব পৰাটো প্ৰধান ৷
বর্তমান সময়ত অসম দেশ সৰ্বভাৰতৰ মুকলি চৰণীয়া পথাৰ, মাটি, বেহা-বেপাৰ আৰু চাকৰিৰ আশাত অগণন অব্যক্ত ভাষীয়ে ঘূৰি ফুৰিব লাগিছে। এনেদৰে বিদেশী মানুহৰ সংখ্যা বাঢ়ি গৈ থাকিলে আমিহে এটা সময়ত ‘অব্যক্তভাষী’ৰ শ্ৰেণীত পৰিমগৈ।
ইংৰাজী ভাষাৰ মৰ্যাদা দিনক দিনে কমি অহাৰ কাৰণ হৈছে— চৰকাৰে বাধ্যতামূলকভাবে ল’ৰা-ছোৱালীক প্রাথমিক শিক্ষাৰ দিয়াৰ বন্দোৱস্ত। একোখন গাঁও তুলি দিব পৰা দুখন বিৰাট গাড়ীয়ে “নিৰক্ষমতা দূৰীকৰণ কৰিবলৈ ডেকা-বুঢ়া সকলোৰে চকুত আখৰৰ ছবি বিজুলী বস্তিৰে দেখুৱাই ফুৰিব লাগিছে।
আমাৰ নিজা ভাষাত নিজা ভাবৰ পুথিত নাথাকিলে ল’ৰা-ছোৱালী, ডেকা-ডেকেৰীয়ে পঢ়িবলৈ বিদেশী ভাষা আৰু সাহিত্যৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ব।
১০। ড° বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ অসমীয়া গদ্যশৈলীৰ বিকাশৰ প্ৰধান মাধ্যম হ’ল প্ৰবন্ধ। অৰুণোদইৰ সময়তে আৰম্ভ হোৱা আধুনিক অসমীয়া গদ্যই হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, সত্যনাথ বৰা আদি সচেতন গদ্য নিৰ্মাতাৰ হাতত অতি পৰিশীলিত আৰু সবল ৰূপ লাভ কৰে। পৰৱৰ্তী সময়ত গদ্য নির্মাতাৰ হাতত অতি পৰিশীলিত আৰু আৰু সবল ৰূপ লাভ কৰে। পৰৱৰ্তী সময়ত জোনাকী, বাঁহী, ঊষা, চেতনা আদি আলোচনাসমূহে অসমীয়া গদ্যৰ ক্ৰমবিকাশমান ৰূপটোক সকলো ফালৰ পৰা পৰিপুষ্টি সাধনেৰে উজ্জ্বল কৰি তোলে।
কাকতিৰ সকলোবোৰ ৰচনাই গভীৰ চিন্তা প্ৰসূত, সংহত আৰু চিন্তাপ্রসূত। বিষয়বস্তু সম্পর্কে লেখাবোৰত ইয়াৰ প্ৰকাশ সাবলীল। ইংৰাজী, গ্রীক, সংস্কৃত আদি সাহিত্যৰ গভীৰ অধ্যয়নেৰে পুষ্ট কাকতিৰ তীক্ষ্ণ মেধাৱী চৰিত্ৰই তেওঁৰ ৰচনাৰ বিষয়বস্তুসমূহ ক’তো অপ্ৰয়োজনীয়ভাবে জটিল কৰা দেখা নাযায়।
কাকতিৰ গৱেষণালব্ধ ৰচনাৰাজি তেওঁৰ ব্যাপক অধ্যয়ন পুষ্ট মন, সামাজিক দায়বদ্ধতা, জাতীয়চৈতন্য, প্রতিভা আৰু পাণ্ডিত্যৰ পৰিচায়ক। নিজৰ জীৱনত ঈশ্বৰত বিশ্বাস ৰাখি এক সুন্দৰ জীৱনাদৰ্শৰে পৰিচালিত কাকতিয়ে ধৰ্মক সামাজিক সংস্কাৰৰ এক মাধ্যম বুলি ভাবিছিল। যুক্তিবাদী দৃষ্টিভংগীৰে বিশ্লেষণ কৰিহে তেওঁ ধর্মীয় আদর্শ বা ৰীতি-নীতিবোৰ গ্ৰহণ কৰিছিল। এক জাতীয় চেতনাৰে উদ্বুদ্ধ স্বদেশপ্রেমী ব্যক্তি হিচাপে কাকতিক অসমৰ সমাজ জীৱনৰ বিবিধ চিন্তাই চিন্তিত কৰি তুলিছিল। সেয়েহে অসমত শিক্ষাৰ প্ৰসাৰৰ বাবে, ঐক্য সম্প্রীতি গঢ়ি তুলিবৰ বাবে আৰু সামাজিক অস্থিৰতা আঁতৰাবৰ বাবে তেওঁ নিজাকৈ উপায় আগবঢ়াইছিল প্ৰবন্ধৰ জৰিয়তে।
কাকতিৰ সাহিত্যৰ সমালোচনাৰ প্ৰধান গুণ হ’ল নিৰপেক্ষতা। ব্যক্তিগত ইচ্ছা-আবেগ আদিক ক’তোৱেই প্রশয় নিদি তেওঁ সম্পূর্ণ যুক্তি সংগত আৰু বস্তুনিষ্ঠ বিশ্লেষণ তথা সিদ্ধান্তৰে ৰচনাসমূহ লিখিছে। নৱবৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ- মাধৱদেৱৰ প্ৰতি তেওঁ ব্যক্তিগত জীৱনত যথেষ্ট অনুৰক্ত। কিন্তু তেওঁৰ এনে বিষয় সংক্রান্তীয় লেখাতো নিজৰ আকৰ্ষণে সত্য উদ্ঘাটন আৰু উপস্থাপনৰ পৰা তেওঁক বিৰত কৰিব পৰা নাই।
কাকতিৰ সমালোচনাৰ অন্যতম প্রধান গুণ হ’ল যুক্তিপূর্ণ বিশ্লেষণ। সাহিত্যৰ কোনো কথা “ভাল বা বেয়া” বুলি কোৱাতেই সীমাবদ্ধ হৈ থাকিলে সি প্রকৃত সমালোচনা নহয়। কাকতিয়ে আন বিষয়ৰ সৈতে তুলনা কৰি সকলো কথাকে যুক্তিৰে প্ৰতিষ্ঠা কৰিছে। কাকতিৰ বিজ্ঞানসন্মত মন আৰু দৃষ্টিয়ে তেওঁক এই ক্ষেত্রত বিশেষভাবে প্ৰেৰণা যোগাইছে।
কাকতিৰ সমালোচনাবোৰ সুন্দৰভাৱে সুসংবদ্ধ। কেৱল নিজৰ মতৰ সৈতে মিলা কথাবোৰকে প্ৰকাশ নকৰি তেওঁৰ আলোচ্য বিষয় সংক্রান্তীয় বিভিন্ন দৃষ্টিবোৰৰ উল্লেখৰ মাধ্যমৰেহে নিজৰ মতামত প্রকাশ কৰিছে। সেয়েহে কাকতিৰ সমালোচনাই পাঠকক বিষয় সম্পর্কে স্পষ্ট ধাৰণা লাভ কৰাত সহায় কৰে।
কাকতিৰ সমালোচনাৰ অন্যতম বৈশিষ্ট্য হ’ল ৰস আৰু সৌন্দর্য। কাকতিৰ সাহিত্য সমালোচনাই পাঠকৰ মগজু আৰু চিন্তাৰ পৰিপুষ্টি সধাৰ সমানে মনক আশ্বাস দিব পাৰে। চিন্তাশীল ৰচনাবোৰতো সাহিত্য ৰস সৃষ্টিৰে উপভোগ্য ৰূপ দিব পৰাটো তেওঁৰ বিশেষ দক্ষতা।
সাহিত্য-সমালোচনা মূলতঃ এটা বিচাৰ আৰু সাহিত্য সমালোচকজন হ’ল — বিচাৰক। কাকতিয়ে এজন বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈ সকলোবোৰ ন্যায়সংগত কথা দ্বিধাহীন স্পষ্ট ভাষাত প্ৰকাশ কৰিছে। ইতিবাচক আৰু গঠনমূলক দৃষ্টিভংগীৰে আগবঢ়োৱা তেওঁৰ বিশ্লেষণৰ ক’তো ব্যক্তিগত বিদ্বেষ, ধ্বংসকামী চিন্তাৰ লেশমাত্রও নাই। প্ৰকৃতাৰ্থত বাণীকান্ত কাকতি হ’ল অসমীয়া সাহিত্যত প্রথম বিজ্ঞানসম্মত সাহিত্য সমালোচক।
১১। বিষয়বস্তুৰ প্ৰকাশৰ সুবিধা অনুসৰি ড° বাণীকান্ত কাকতিয়ে গদ্যৰ বিভিন্ন ৰীতি (ব্যংগাত্মক, বর্ণনাত্মক, মনন বিষয়ক ইত্যাদি)ৰ ব্যৱহাৰ কিদৰে কৰিছে? পাঠটিৰ আলমত বর্ণনা কৰা।
উত্তৰঃ বাণীকান্ত কাকতিৰ ৰচনাৰাজি মূলতঃ চিন্তামূলক আৰু গৱেষণামূলক প্রবন্ধ ৰচনাৰ ৰূপ যিহেতু বহুরূপী নহয়, সেয়েহে ইয়াত বৈচিত্র্যময় গদ্যৰীতি বিকাশৰো অৱকাশ নাই। কিন্তু তথাপি তেওঁৰ ৰচনাত কেইবাটাও ৰীতি সফল ৰূপত গঢ়ি উঠা দেখা গৈছে। সুন্দৰ আলংকাৰিক ৰীতিৰ দৃষ্টান্ত সৃষ্টি কৰা কাকতিয়ে ঠাই বিশেষে নিলংকাৰ পোনপটীয়া আৰু পৰিমিত ৰীতিয়েও ওজস্বী আৰু সবল গদ্য ৰচনা কৰিছে। যেনে ―
মনৰ পুষ্টি আৰু প্ৰকাশ হয় ভাষাৰ সহায়েৰে সেই কাৰণেই জাতীয় চৈতন্য-গৰ্বী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা ৰক্ষা কৰে। চৈতন্যৰ পৰিসৰ বঢ়াৰ লগে লগে ভাষাৰ প্ৰকাশিকা শক্তি বাঢ়ে।
বিষয়বস্তু প্ৰকাশৰ সুবিধা অনুসৰি কাকতিয়ে যুক্তিনিষ্ঠ, ব্যংগাত্মক, জ্ঞানজ্ঞাপক বা বার্তাবাহক, মনন বিষয়ক, বর্ণনাত্মক আদি ৰীতিৰ ব্যৱহাৰ কিদৰে কৰিছে তাৰ নিদৰ্শন তলত দাঙি ধৰা হ’ল—
বাংগাত্মক ৰীতিঃ “ইংৰাজী ভাষাৰ মৰ্যাদা দিনক দিনে কমি আহিব লাগিছে। চৰকাৰে বাধ্যতামূলকভাৱে ল’ৰা-ছোৱালীক প্ৰাথমিক শিক্ষা দিয়াৰ বন্দোবস্ত কৰিছে; একোখন গাঁও তুলি নিব পৰা দুখন বিৰাট গাড়ীয়ে “নিৰক্ষৰতা দূৰীকৰণ” কৰিবলৈ ডেকা-বুঢ়া সকলোৰে চকুত আখৰৰ ছবি বিজুলী-বস্তিবে দেখুৱাই ফুৰিব লাগিছে।”
বর্ণনাত্মক ৰীতিঃ “বর্তমান অর্থনৈতিক চাউল-সিধাৰ যুগত ভাষা, সংস্কৃতি, সাহিত্য, সকলোকে পণ্য বস্তু বুলি ভাবি ল’ব লাগে। ইউৰোপ, আদি উন্নত দেশবোৰত এইবোৰ বেপেৰৱা বস্তু, সেইকাৰণে নৰৱে, ডেনমার্ক আদি সৰু সৰু দেশবোৰো একোটা বিৰাট সাহিত্যৰ বাহ। বজাৰত বেলেগ ৰুচিৰ মানুহৰ বাবে যেনেকৈ নানান সোৱাদৰ মিঠাই তৈয়াৰ কৰা হয়, তেনেকৈ নানান ৰুচিৰ মানুহৰ বাবে নানান সোৱাদৰ কিতাপ তৈয়াৰ কৰাব লাগে।”
“ভাষাৰ বুৰঞ্জীত দেখা যায় সভ্য উন্নত জাতিৰ মানুহে অৱনত জাতিৰ ভাষাৰ পৰা শব্দ ধাৰলৈ নলয়। ইংৰাজী ভাষাত লেটিন, ফ্রান্স আদি উন্নত ভাষাৰ শব্দ লেখ-জোখ নাই। কিন্তু আদিম অধিবাসী কেসকলৰ ভাষাৰ পৰা লোৱা শব্দ নাই বুলিলেই হয়। কিয়নো ইংৰাজৰ মানত কেল্টবোৰ পৰাজিত জাতি আৰু পৰাজিত জাতিৰ ভাষাৰ পৰা শব্দ লোৱা অগৌৰৱৰ কথা।”
চিন্তামূলক নীতি : “মনৰ পুষ্টি আৰু প্ৰকাশ হয় ভাষাৰ সহায়েৰে। সেই কাৰণেই জাতীয় চৈতন্যগর্বী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা ৰক্ষা কৰে। চৈতন্যৰ পৰিসৰ বঢ়াৰ লগে লগে ভাষাৰ প্ৰকাশিকা শক্তি বাঢ়ে। কোনো জাতিৰ অভিধান এখন মেলি চালে সেই জাতিৰ মানসিক পৰিধিৰ মোটামুটি পৰিমাণ এটি পোৱা যায়। সেই মনেৰে চালে আমাৰ অসমীয়া ভাষাই কোনো সংস্কৃতিমূলক ভাৰতীয় ভাষাৰ ওচৰত মূৰ দোৱাব নেলাগে। বৰং কিছুমান ক্ষেত্ৰত ইয়াৰ প্ৰকাশ কৌশলৰ শ্ৰেষ্ঠতাহে দেখা যায়।”
যুক্তিনিষ্ঠ ৰীতিঃ “ভাবৰ বিলাস বা হেঁচা নহ’লে এনেবোৰ ঠাঁচ ওলালেহেতেন কিয় ? অসমৰ বনজ পদাৰ্থৰ প্ৰাচুৰ্যৰ দৰে ভাষাগত প্ৰাচুৰ্যও অপৰিমিত। কিন্তু পিতৃ-পুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পোৱা বহুল বাস্তুভূমিৰ এচুকত পঁজা এটি বান্ধি থাকি বাকীডোখৰক বান্দৰৰ বাহ কৰি দিয়াৰ দৰে আমাৰ ভাষায়ো পঢ়াশালীয়া পাঠ্যপুথিকেইখনত আশ্ৰয় লৈছে। জাতি হিচাপে অসমীয়া মানুহে ভাবিবলৈ এৰিছে, ভাব নহ’লে ভাষাৰ আৱশ্যকতা নাথাকে। নঙঠাৰ আকৌ পোছাক পৰিচ্ছদৰ হিচাপ।”
উল্লিখিত উদাহৰণসমূহৰ জৰিয়তে দেখা গৈছে যে বিভিন্ন বিষয় সার্থকভাৱে দাঙি ধৰিবলৈ যাওঁতে কাকতিৰ গদ্যৰ যোগেদি বিবিধ ৰীতি গঢ় লৈ উঠিছে। একোটা কথাৰ সাৰ্থকতা প্ৰতিপন্ন কৰিবৰ বাবে তেখেতে নানা উদাহৰণ, প্ৰসংগ আদি তুলি ধৰি গঢ়ি তোলাৰ উদাহৰণ ৰচনাত যথেষ্ট দেখা যায়। তদুপৰি ৰজনীকান্ত বৰদলৈক কটাক্ষ কৰি “বিজুলীত তেখেতে লিখা বহু লিখনিৰ জৰিয়তে ব্যংগাত্মক ৰীতিৰো প্ৰকাশ ঘটিছে। এজন গহীন বিষয়ৰ গদ্যচক ৰূপে বিবিধ ৰীতিৰ সাৰ্থক ব্যৱহাৰ কৰিব পৰাটো তেওঁৰ দক্ষতাৰ পৰিচায়ক।
উপাদান, গুণাগুণ, ৰীতি আদিৰ উপৰি গদ্য বিশ্লেষণৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল ইয়াৰ প্ৰকাশভাগী। অবশ্যে উপন্যাস, গল্প আদিৰ দৰে সাশ্রয়ী গণ্যত বিচিত্ৰ প্ৰকাশভংগীৰে ভাব প্ৰকাশৰ সুবিধা যিমান, সিমান সুযোগ চিন্তাশীল গদ্যত পোৱা নাযায়। যিহেতু বিষয়ৰ স্পষ্ট, নিৰপেক্ষ প্রকাশেই এনে ৰচনাৰ মুখ্য উদ্দেশ্য সেয়েহে ইয়াত লেখকৰ আৱেগ, কল্পনাৰ ৰহণেৰে প্ৰকাশভংগীক সুন্দৰ কৰাৰ অৱকাশ নাই। তথাপি সচেতন গদ্যশিল্পী বাণীকান্ত কাকতিৰ গদ্যৰ প্ৰকাশশৈলীৰ মাধুৰ্য আৰু বৈচিত্র্য যথেষ্ট। কাকতিয়ে ভাব-চিন্তাৰ কোনো ক্ষতি নোহোৱাকৈ তাক মনৰ ৰহণ সানি প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ এনে ৰীতিয়ে বিষয়বস্তু বসপূৰ্ণ আৰু পাঠকৰ বাবে ‘আকর্ষণীয় কৰি তুলিছে, উদাহৰণস্বৰূপে—
“আজিৰ দিনত অসম দেশ সৰ্বভাৰতৰ মুকলি চৰণীয়া পথাৰ। মাটি, বেহা-বেপাৰ আৰু চাকৰিৰ আশাত বাটে-ঘাটে অগণন অব্যক্ত ভাষীয়ে ভনভনাই ফুৰিব লাগিছে। সময়ত অব্যক্ত ভাষীৰ প্ৰাধান্য হ’লে (হোৱাটো প্ৰায় সম্ভাবনাৰ দুবাৰ ডলিত থিয় দিয়া যেন লাগিছেই) আমিহে “অব্যক্তভাষীৰ শ্ৰেণীত পৰিমগৈ।”“কিন্তু পিতৃ-পুৰুষৰ পৰা উত্তৰাধিকাৰ সুত্ৰে পোৱা বহুল বাস্তুভূমিৰ এচুকত পূঁজা এটি বান্ধি থাকি বাকীডোখৰক বান্দৰৰ বাহ কৰি দিয়াৰ দৰে আমাৰ ভাষায়ো পঢ়াশালীয়া পাঠ্যপুথিকেইখনত আশ্ৰয় লৈছে।”
এনেদৰে ভাবক নিজৰ মনৰ মাধুৰী সানি তুলি ধৰিবলৈ যাওঁতে ঠায়ে ঠায়ে কাকতিৰ প্রকাশভংগীয়ে এক কাব্যিক ৰূপ পৰিগ্ৰহ কৰিছে। অৱশ্যে এনে কাব্যিক ঠাঁচে গণ্যক ভাৰাক্ৰান্ত কৰা নাই বা ইয়াৰ মুক্ত গতিও কৃত্ৰিম আৰু বাধাপ্ৰাপ্ত হোৱা নাই।
বাণীকান্ত কাকতিৰ গদ্যৰ প্ৰকাশভংগীৰ আন এটা উল্লেখযোগ্য দিশ হ’ল বিষয়বস্তু স্পষ্ট আৰু …সহজবোধ্য ৰূপত উপস্থাপনৰ বাবে বিবিধ উদাহৰণ আদি সন্নিৱেশ কৰা। দেশী-বিদেশী বিভিন্ন সাহিত্যৰ প্ৰসংগ, চিত্ৰ আদিৰ উল্লেখেৰে গুৰু-গম্ভীৰ বক্তব্যকো পাঠকৰ সন্মুখত স্পষ্ট কৰি তুলি ধৰিব পৰাটো কাকতিৰ প্ৰকাশভংগীৰ অন্যতম চাতুর্য। উদাহৰণস্বৰূপে ―
“ভাষাৰ প্ৰকাশ-প্রাচুর্য নিৰ্ভৰ কৰে তাৰ জতুৱা ঠাঁচ বা সুকীয়া ৰীতিৰ ওপৰত, ইংৰাজী ব্যাকৰণত যাক Idiom বোলা হয়। Idiom শব্দটো গ্ৰীক ভাষাৰ পৰা অহা তাৰ অৰ্থ “স্বকীয়”, “সুকীয়া” সুকীয়া (আনতকৈ বেলেগ) ভাৱৰ গতি গ’লেহে ভাষা-ৰীতিৰ উদ্ভৱ হয়।”
উল্লিখিত দুয়োটা উদাহৰণৰ দুয়োটা প্ৰসংগৰ বৰ্ণনাই মূল বিষয়টোৰ স্বৰূপ স্পষ্টভাৱে অনুধাবন কৰাত পাঠকক যথেষ্ট সহায় কৰিছে। এনেদৰে বিভিন্ন সাহিত্যৰ পৰোক্ষ বৰ্ণনাৰ উপৰি কেতিয়াবা কাকতিয়ে অভীঙ্গিত বিষয়ৰ সহজবোধ্য প্ৰকাশৰ বাবে তুলনীয়ভাৱে বিবিধ উদ্ধৃতি আদিও ব্যৱহাৰ কৰিছে। এইবোৰে ভাব প্রকাশত সহায় কৰাৰ উপৰি গহীন বিষয়ৰ একঘেয়ামী বৰ্ণনাৰ পৰিবৰ্তে এক ব্যতিক্ৰম ৰীতি সৃষ্টি কৰি পাঠকক ৰস আৰু অনন্দৰ সন্ধান দিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে—
“মহাত্মা গান্ধীৰ ৰাজনৈতিক আদর্শ আত্মিক মোচনৰ ওপৰত প্ৰতিষ্ঠিত। বলীয়ে অত্যাচাৰ কৰিব, কিন্তু মনেৰে অত্যাচাৰ বা অন্যায় বৰণ কৰি নল বা অনাচাৰ বা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰকাশ্য ভাষাত সম্ভৱ নহ’লে মনৰ প্ৰতিবাদে অনাচাৰ বিৰোধী কৰিব নোৱাৰে। কিন্তু ই মনৰ স্বাধীনতা ৰক্ষা কৰে।”
(ঘ) ‘সাতাৱন হাল’ৰ অন্তৰ্গত ‘এক’ অংশ
অতি চমু প্রশ্নোত্তৰঃ
১। ব্ৰিটিছৰ বিৰুদ্ধে পোনপ্ৰথমে স্বাধীনতাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৫৭ চনত।
২। চাৰ জৰ্জ কেম্পবেলে চিপাহী বিদ্রোহ সম্পর্কে কি মন্তব্য আগবঢ়াইছিল?
উত্তৰঃ চাৰ জৰ্জ কেম্পবেলৰ মতে, এই যুদ্ধৰ সৃষ্টিকৰ্তা ভাৰতীয় চিপাহীবিলাক। এওঁবিলাকে বহুত দিনৰে পৰা চাচি থোৱা হল সুমুৱাবলৈ চল পালে এই ১৮৫৭ চনতে। ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতৰ পৰা বহিষ্কৃত কৰিবলৈ এই ছালতেই’ উঠি পৰি লাগিছিল। এই উঠি-পৰি লগা এয়ে হৈছে চিপাহী বিদ্রোহ, ওলোটা পাকে ক’বলৈ হ’লে, ইংৰাজৰ আমোলত হোৱা প্রথম স্বাধীনতাৰ যুদ্ধ।
৩। চিপাহী বিদ্রোহ সংঘটিত হোৱাৰ কাৰণ দুটা লিখা।
উত্তৰঃ চিপাহী বিদ্রোহ সংঘটিত হোৱাৰ কাৰণ দুটা হ’ল –
(ক) ইয়াৰ মূলত শাসন-প্রণালীৰ বিৰুদ্ধে বিক্ষিপ্ত বিদ্বেষ ভাব আৰু স্বাধীনতা হেৰুৱা জাতি এটাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ সংগ্রাম।
(খ) ব্ৰিটিছে নবাব, জমিদাৰসকলৰ মাটিৰ খাজনা বৃদ্ধি কৰাৰ এটা কাৰণ ।
৪। পেছোবাৰৰ শেষ ৰজা কোন আছিল?
উত্তৰঃ মহাৰাষ্ট্ৰ-মুকুট নানাছাহিব।
৫। মোগলৰ শেষ সম্রাট কোন?
উত্তৰঃ মোগলৰ শেষ সম্রাট বাহাদুৰ শ্বাহ।
৬। কোনে ২৯ মাৰ্চৰ দিনা ফৌজৰ চায়েন্টি জেনালেক ওলীয়াই বিচাৰিছিল?
উত্তৰঃ মংগল পাণ্ডে।
৭। মণিৰাম দেৱানৰ ফাঁচি কেতিয়া হৈছিল?
উত্তৰঃ ১৮৫৭ত।
৮। বেণুধৰ সভাই ১৯৫৭ চনত ক ত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ ধুবুৰীত।
৮। বেণুধৰ শৰ্মাই অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ডেনিয়েল ডিফ’ৰ ‘ৰবিন ক্রুছ’ গ্ৰন্থ। এইখনেই তেওঁৰ প্ৰথম ছপা পুথি
১০। ৰেণুধৰ শৰ্মাৰ গণ্য ৰচনাসমূহক কেইটা শ্ৰেণীত ভগাব পাৰি?
উত্তৰঃ দুটা শ্ৰেণীত ভগাব পাৰি ―
(ক) গহীন প্ৰৱন্ধ।
(খ) শিশু সাহিত্য আৰু অন্যান্য গদ্য।
১১। বেণুধৰ শৰ্মাৰ দুটা গহীন প্ৰবন্ধৰ নাম লিখা।
উত্তৰঃ কংগ্ৰেছৰ কাঁচিয়লী ৰ’লত, দক্ষিণপাট সত্ৰ।
১২। বেণুধৰ শৰ্মাৰ শিশু সাহিত্যৰ নাম লিখা।
উত্তৰঃ বাংপতা, লাতুমণি।
১৩। বেণুধৰ শৰ্মাৰ সাহিত্য সৃষ্টিৰ মূল প্ৰেৰণা কি আছিল।
উত্তৰঃ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা আৰু ইতিহাস প্রীতি।
১৪। বেণুধৰ শৰ্মাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ মজিমাৰ পৰা মেজলৈ।
১৫। বেণুধৰ শৰ্মাই কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘কংগ্ৰেছৰ কাঁচিয়লী ৰ’দত’ গ্ৰন্থখনৰ বাবে ১৯৬০৩ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
১৬। ৰত্নকান্ত বৰকাকতিদেৱে বেণুধৰ শৰ্মাক কি আখ্যা দিছিল?
উত্তৰঃ ‘বুৰঞ্জী সূর্য’।
১৭। বেণুধৰ শৰ্মাৰ গদ্যৰীতিৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ (ক) কথিত বাক্যভংগীৰ প্ৰয়োগ।
(খ) ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱৰ পৰা মুক্ত ।
১৮। বেণুধৰ শৰ্মাৰ গদ্যত ব্যৱহৃত এটা তৎসম শব্দৰ উদাহৰণ দিয়া।
উত্তৰঃ কর্ম।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। বেণুধৰ শৰ্মাৰ গদ্যৰীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ‘জোনাকী’ৰ পৰৱৰ্তী সময়ত যিসকল গদ্য লেখকে অসমীয়া গদ্যক সবল, বৈচিত্র্যময় ৰূপ প্ৰদান কৰে সেইসকলৰ ভিতৰত অন্যতম হ’ল বেণুধৰ শৰ্মা বেণুধৰ শৰ্মাৰ গদ্যৰীতিৰ এটি আকর্ষণীয় দিশ হ’ল— শব্দ প্রয়োগ। শব্দচয়নৰ বৈশিষ্ট্যই শৰ্মাৰ গদ্যক অসাধাৰণত্ব প্ৰদান কৰিছে। শৰ্মাৰ বাবে শব্দ যেন শব্দই নহয়, একো একোপটি অব্যর্থ অস্ত্ৰ, যাৰ সহায়েৰে তেওঁ অসমীয়া সাহিত্যত আপুৰুগীয়া এবিধ অদ্ভুত শক্তিশালী, পৌৰুষদীপ্ত, আটিল ধ্রুপদী গদ্যৰ নতুন দিগন্ত মুকলি কৰিছে। তৎসম, অর্ধ-তৎসম, তদ্ভব, দেশী, অনুবাদগত, বিদেশী নিজে সজা আদি বিবিধ শব্দৰ প্ৰয়োগেৰে তেওঁৰ গণ্য সমৃদ্ধ।
বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত হেৰাই যাবলৈ ধৰা অসমীয়া শব্দক যিদৰে বিশেষ মর্যাদা দিছে সেইদৰে তৎসম শব্দৰো মুকলি ব্যৱহাৰ কৰিছে। যত্নৰে সচেতন হৈ তেওঁ তৎসম শব্দ পৰিহাৰ কৰা নাই। কিন্তু সেইবোৰ কঠিন আৰু দুর্বোধ্য নহয়, সাধাৰণভাৱে প্ৰচলিত সহজ চিনাকি শব্দহে। শৰ্মাৰ গদ্যত ব্যৱহাত তৎসম শব্দৰ কিছু উদাহৰণ দাঙি ধৰা হ’ল— সৎকর্ম, পর্ব, কৃপা, ৰত্ন, উক্তি, গর্ভ, জ্ঞানবৃদ্ধ, জন্ম, ভার্য্যা, চিত্ত।
শৰ্মাৰ ৰচনাসমূহত তৎসম শব্দৰ প্ৰয়োগ আছে যদিও বহুল নহয়। কিন্তু ‘দক্ষিণ পাট সত্ৰ’ গ্ৰন্থখনৰ বিষয়বস্তুৰ সত্ৰ আৰু ধৰ্মকেন্দ্রিক হোৱা বাবে বক্তব্য বিষয়ৰ প্ৰয়োজনতে যথেষ্টসংখ্যক তৎসম আৰু ভকতীয়া শব্দ ব্যৱহাৰ কৰিছে। পুথিখনিৰ গুরু-গম্ভীৰ বিষয়ৰ সৈতে খাপখোৱা এনে শব্দ প্ৰয়োগ ৰীতিৰ উদাহৰণ হ’ল— “দত্তদের গোসাই ঈশ্বৰে বিধিমতে মহামার্জ্জনাদি শাস্তি কৰি সুৱৰ্ণ-বৌপাৰ ঘটত হস্ত স্পর্শন কৰে।”
বিভিন্ন শ্ৰেণীৰ বিবিধ শব্দ ব্যৱহাৰ কৰিলেও তেওঁৰ গদ্যৰ মূল আঁকাটো প্ৰধানকৈ নিতাজ জতুৱা আৰু তদ্ভব— এই দুই শ্ৰেণীৰ শব্দৰেই নিৰ্মিত হৈছে। ওপৰত থলুৱা শব্দৰ উল্লেখ কৰাৰ দৰেই ইয়াত তদ্ভৱ শব্দৰ উদাহৰণ মাত্ৰ দাঙি ধৰা হ’ল– মৰম, চকু, ভকত, কাণ, গাও, ভগা, ওজা।
অকৃত্রিম স্বদেশপ্রেম, জাতিপ্ৰেম আৰু অতীত প্ৰীতিৰ বাবে ভাব-ভাষা উভয়তে নিভাঁজ অসমীয়া ৰূপ প্ৰকাশ পালেও বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত ইংৰাজী শব্দও ব্যৱহাৰ নকৰাকৈ থকা নাই ইংৰাজী শব্দবোৰ কেতিয়াবা ইংৰাজী বৰ্ণৰে, কেতিয়াবা তাৰ উচ্চাৰণক অসমীয়া বৰ্ণৰে, কেতিয়াবা ইংৰাজী শব্দটো লিখি বন্ধনীত অসমীয়া অর্থ, কেতিয়াবা আকৌ অসমীয়া শব্দটো মুকলিকৈ ৰাখি বন্ধনীত ইংৰাজী শব্দটো ব্যৱহাৰ কৰিছে। যেনে— ষ্টেট ৰেলৱে, ডেপুটী ইন্সপেক্টৰ, লোকেল বর্ড, নভেল, গার্ড, পার্লিয়ামেণ্ট আদি।
আনকি অনেক ক্ষেত্ৰত অসমীয়া শব্দ ব্যৱহাৰৰ সুবিধা থকা স্থানতো তেওঁ ইংৰাজী শব্দ প্ৰয়োগ কৰিছে। যেনে—
“বাটত ভেটাভেটি হলেও ‘গোড়া’ বিদেশীজনক দেশী ‘নেটিভ’ জনে চেলাম নিবই লাগে।”
তেওঁৰ ৰচনাত অনুৰূপ আৰু যুৰীয়া শব্দৰ প্ৰচুৰ প্ৰয়োগো লক্ষ্য কৰা যায় একেটা বাক্যতে তেওঁৰ বহুতো যুৰীয়া শব্দৰ প্ৰচুৰ প্ৰয়োগো লক্ষ্য কৰা যায়। যেনে—
“গাওঁখন গছ-গছনিয়ে, বাঁহে-কাঠে, জেওৰাই-জপনাই বৰ গহীন আৰু ঘৰ-বাৰীবোৰ গাঁৱৰ ইবোৰ মানুহতকৈ আটোম-টোকাৰি, কলনি-তামোলনিৰে নদন-বদনো।”
সাধাৰণতে লেখকসকলৰ ভাষাত নোপোৱা এনে বহুতো শব্দৰ ব্যৱহাৰে তেওঁৰ ভাষাৰ ঠাঁচটিক সাধাৰণ মানুহৰ মুখৰ কথা যেন কৰি ঘৰুৱা ৰূপত গঢ়ি তোলাৰ লগতে বর্ণনীয় বিষয়কো জীৱন্ত আৰু স্পষ্ট কৰি তুলিছে। শৰ্মাৰ ৰচনাত উভৈনদী হৈ থকা এনে কেতবোৰ ঘূৰীয়া আৰু অনুৰূপ শব্দৰ উদাহৰণ দাঙি ধৰা হ’ল ঢিমিক-ঢামাক, কখন-মথন, খুনুক-থানাক, পিৰিক পাৰাক।
যিকোনো বিষয়বস্তুৰ সাৰ্থক প্রকাশ সম্ভৱ হৈ উঠে উপযুক্ত বাক্য গঠনৰ দ্বাৰাহে। বাক্যৰ গাঁথনি সু-সংবদ্ধ নহ’লে ইন্সিত অর্থপ্রকাশত বাধা জন্মে।
“ভাব প্ৰকাশ কৰিবলৈ প্ৰত্যক ভাষাৰে একোটা সুকীয়া ধৰণ আছে। সেই সুকীয়া ধৰণটোকে ভাষাৰ জতুৱা ঠাঁচ বোলে।”
এই জতুৱা ঠাঁচ ভাষাবিশেষৰ নিজস্ব সম্পত্তি। সেয়েহে এটা ভাষাৰ জতুৱা ঠাঁচ আন ভাষা ভাষী লোকে সহজে আয়ত্ত কৰিব নোৱাৰে। জতুৱা ঠাঁচৰ প্ৰয়োগে গদ্যক এক বিশেষ সৌন্দর্য প্ৰদান কৰে। বেণুধৰ শৰ্মাৰ বাক্য গঠনৰ প্ৰধান বৈশিষ্ট্যই হ’ল – নিভাজ জতুৱা ঠাঁচৰ প্ৰয়োগ।
সকলো শ্ৰেণীৰ গদ্যতে এনে জতুৱা ঠাঁচৰ প্ৰয়োগৰ বাবেই শৰ্মাৰ গদ্যই বেজবৰুৱাৰ গদ্যৰ দৰে সমগ্ৰ অসমীয়া গদ্য সাহিত্যৰ ভিতৰতে বিশেষ ৰূপ পৰিগ্ৰহ কৰি ব্যতিক্ৰম হৈ ধৰা দিছে আৰু সুকীয়া মৰ্যাদাও লাভ কৰিছে। তেওঁৰ ৰচনাৰ পৰা এনেধৰণৰ জতুৱা ঠাঁচযুক্ত পদ্যৰ কেইটামান উদাহৰণ দান্তি ধৰা হ’ল— “আভোকৰ ন মুঠিয়েই জুৰি থাকে, তাতে যদি অসময়মতে আকৌ কোনোবা এজন আহি টিকট লেফাফা খোজেছি, বৰঠাকুৰদেৱৰ খংটো টিকিচ কৰে পোনেই মূৰৰ ওপৰত উঠেগৈ ।”
মৌলিক সৃষ্টিৰ দৰেই অনুবাদ সাহিত্যতো তেখেতে বাক্য গঠনত জতুৱা ঠাঁচৰ ব্যৱহাৰ কৰিছে। যেনে—“ভিতৰ সোমায়েই তেখেতে বাবে চালে খপজপাই চকী-মেজত খুন্দা খুন্দুলি খাই ফুম্মুটিয়াই ফুৰিছিল।”
কোনো এজন লেখকৰ গদ্যৰীতিৰ বাক্য বিশ্লেষণৰ ক্ষেত্ৰত আন এটা মন কৰিবলগীয়া কথা হ’ল—“কোনো এটা বাক্য ক’বলৈ লেখা হৈছে নে পঢ়িবলৈ লেখা হৈছে? অকল পঢ়িবলৈ লেখা বাক্যবোৰ দীঘল হয়।”
বেণুধৰ শৰ্মাই বিষয়বস্তুৰ তাগিদাত প্রয়োজনবোধে দীঘল বাক্যও ব্যৱহাৰ কৰিছে। অৱশ্যে গদ্যৰ সাৱলীল গতি বাধাপ্রাপ্ত হোৱাকৈ দীঘল বাক্য তেওঁ কোনো ৰচনাতেই ব্যৱহাৰ কৰা নাই। উদাহৰণস্বৰূপে—“যি বংশই ডিমাপুৰ মায়বস্তুৰ খনিকাৰী বিদ্যাৰ বিভৱ সৃষ্টি কৰি গ’ল, যি বংশত তাম্ৰধ্বজ ৰজাই শতেক বাধা-বিঘিনি উপলঙ্ঘা কৰি আপোনাৰ আপোনাৰ গৌৰৱ অব্যাহত ৰাখিলে আৰু যাৰ বৰকুঁৱৰী চন্দ্ৰপ্ৰভাই পুতেক সুচন্দ্ৰৰ আমোলত ভুবেনশ্বৰ বাচস্পতি হতুৱাই ‘নাৰদীয় পুৰাণ’ লেখোৱাই মাতৃভাষাৰ সমৃদ্ধি বঢ়ালে আৰু ধাৰ মাজিউ কুঁৱৰী বাইচা ওদি পুতেক গম্ভীৰ সিংহৰ পৰা তেওঁ চতুৰ্থ পুৰুষত পৰিছেই, এনে গৌৰৱোজ্জ্বল বংশৰ উত্তৰাধিকাৰী হৈ কোন সতে এতিয়া কাপুৰুষৰ দৰে হাত সাৱটি বহি থাকিব?”
তেওঁৰ প্ৰায়বোৰ পুথিয়েই ইতিহাসৰ গুৰুগম্ভীৰ তথ্যসম্বলিত গহীন বিষয়ৰ ৰচনা হ’লেও এইবোৰত লেখকে চৰিত্ৰৰ মুখত যথেষ্ট কথিত ৰূপৰ বাক্য ব্যৱহাৰ কৰিছে। এনে কলা কৌশলৰ প্ৰয়োগৰ বাবে চিন্তাশীল ৰচনাহৈও নাটক-উপন্যাস আদিৰ দৰে এইবোৰে পাঠকৰ মনত বসবোধ জন্মাব পাবে। যেনে— “আটাই গুৱালেই পানী দিয়ে, নাম হয় জয়ৰামৰ। হক তেওঁ, গাখীৰৰ পানী দিয়েই জয়ৰামে ভূ-ভাৰম্ভত নাম থৈ গ’ল।” বাক্য ৰচনাৰ ক্ষেত্ৰত প্ৰধান কথা হ’ল বিষয় বা ভাব অনুসৰি কেনেধৰণৰ বাক্য উপযোগী হয় তাৰ প্ৰতি গুৰুত্ব দিয়া। এই ক্ষেত্ৰত বেণুধৰ শৰ্মা এজন সাৰ্থক খনিকৰ। তেখেতে পৰিৱেশোপযোগী কৰি সৰল, জটিল, যৌগিক, চুটি, দীঘল, ভাববোধক, প্রশ্নবোধক আনি বিভিন্ন বাক্য ব্যৱহাৰ কৰিছে। অনুপৰি সৰল, জটিল আৰু যৌগিক এই তিনিও শ্রেণীৰ বাক্যই শৰ্মাৰ গদ্যক সমৃদ্ধ কৰিছে যদিও বেণুধৰ শৰ্মাৰ গদ্যত সৰল বাক্যৰ পয়োভৰ অধিক। সুদক্ষ লেখক শৰ্মাই তেওঁৰ গদ্যত প্রশ্নবোধক, ভাববোধক আদি বাক্যৰো প্ৰয়োজনবোধ যথেষ্ট প্ৰয়োগ কৰিছে আৰু এনে প্রয়োগত তেওঁ কুশলহস্ততাৰো পৰিচয় দিছে। যেনে—
“এহাতে বিদেশী চৰকাৰক সন্তুষ্ট কৰা, ইহাতে জনমভূমিৰ গৌৰৱ উজ্বলোৱা এই দুয়োটা কাম তালে কাকে মিলাই কেইজনে কৰিব পাৰে?”
বেণুধৰ শৰ্মাৰ বাক্য ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱৰ পৰা মুক্ত আৰু বিবিধ গুণেৰে সমৃদ্ধ। বেণুধৰ শৰ্মাই হেৰাই যাবলৈ ধৰা গাঁৱলীয়া ভাষা বুটলি আনি তেওঁৰ ৰচনাত নিজা মান মর্যাদাৰে তুলি ধৰিলে। কৌশলপূৰ্ণ গদ্যৰীতিৰে বিষয়বস্তুক পাঠকৰ আগত জীৱন্ত ৰূপত উপস্থাপন কৰি স্বদেশপ্রীতি আৰু সচেতন চিন্তা বৃদ্ধিৰ চেষ্টা কৰিলে। কাৰণ শৰ্মাৰ সাহিত্য সৃষ্টিৰ মূল প্ৰেৰণাই আছিল স্বদেশপ্রেমী মন। তেওঁৰ গদ্যৰীতিৰ মাজেদি তেওঁৰ ব্যক্তিত্ব, চিন্তা, মানসিকতাৰ এক সৰল অকৃত্ৰিম ৰূপ প্ৰতিবিম্বিত হৈছে। কিন্তু সহজতে অপ্রচলিত কেতবোৰ শব্দ আৰু ভংগী সচেতনভাৱে আৰোপ কৰা বাবে তেওঁৰ গদ্যই পৰৱৰ্তী সময়ত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল। তথাপি নিভাঁজ অসমীয়া ভাষা আৰু নিজস্ব প্রকাশভংগীৰ বাবেই অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত বেণুধৰ শৰ্মা আৰু তেওঁৰ গদাৰীতিৰ এক বিশেষ মূল্য আছে।
২। বেণুধৰ শৰ্মাৰ হাতত গদ্যৰ ভাষা গঠন ৰীতিয়ে এক অনবদ্য ৰূপত প্রতিষ্ঠিত হৈ নতুন ৰূপ লোৱা পৰিলক্ষিত হৈছে – সাতাৱন ছালৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ বুৰঞ্জীৰ সত্য ঘটনাই বেণুধৰ শৰ্মাৰ সাহিত্যৰ মূল বিষয়বস্তু হ’লেও ৰচনাশৈলীৰ বৈচিত্ৰ্যৰ বাবেই এইবোৰ অতি ৰসাল আৰু সৌন্দর্যপূর্ণ। ঐতিহাসিক, সামাজিক তথ্যক সাহিত্য ৰূপত উপস্থাপন কৰিব পৰাটো তেওঁৰ গদ্যৰীতিৰ অন্যতম গুণ। ভাষাশৈলী আৰু প্ৰকাশভঙ্গীৰ বৈশিষ্ট্যই বেণুধৰ শৰ্মাৰ গদ্যক এক সুকীয়া ৰূপ প্ৰকাশ কৰিছে।
“বেণুধৰ শৰ্মাৰ বাক্য গঠনৰ প্ৰধান বৈশিষ্ট্য হ’ল নিভাঁজ জতুৱা ঠাঁচৰ প্ৰয়োগ। সকলো শ্ৰেণীৰ গদ্যতে এনে জতুৱা ঠাঁচৰ সফল প্ৰয়োগৰ বাবেই বেজবৰুৱাৰ গদ্যৰ দৰে সমগ্ৰ অসমীয়া গদ্য সাহিত্যৰ ভিতৰতে বিশেষ ৰূপ পৰিগ্ৰহ কৰি ব্যতিক্ৰম হৈ ধৰা দিছে আৰু সুকীয়া মর্যাদাও লাভ কৰিছে। তেওঁৰ ৰচনাৰ পৰা এনে ধৰণৰ জতুৱা ঠাঁচযুক্ত গদ্যৰ উদাহৰণ দাঙি ধৰা হ’ল―
(ক) “পর্বত গুচি ভৈয়াম হ’ল, ব্রাহ্মণ চাণ্ডাল একেলগে বহি তীর্থযাত্ৰা কৰিবলগীয়া হ’ল। ‘ছাতে শুকোৱা, মুঠতে লুকোৱা কাপোৰ তৈয়াৰ কৰিব নোৱাৰা হ’ল। সংস্কাৰৰ নামত ভুৱা দি ব্ৰিটিছে আমাৰ জাত মাৰিবলৈ হে আহিছে বুলি সকলোৰে বিশ্বাস হ’ল।”
(খ) “সংস্কাৰ যদিও এগুণে হৈছিল, অপকাৰ দহগুণে হৈছিল।”
(গ) “এডেও দুডেও লোটা নিবৰ ছেও ধৰি আলহীয়েই গিৰিহঁত হোৱা দেখি ভাৰতবাসীৰ গা বাজি গ’লগৈ।”
তেওঁৰ বুৰঞ্জীবিষয়ক ৰচনা আদিত প্রয়োজন বিশেষে চুটি আৰু দীঘল দুই ধৰণেৰে বাক্য ব্যৱহাৰ কৰি বৰ্ণনাসমূহ আকষণীয় কৰি তুলিছে। ‘সাতাৱন ছালৰ ৰচনাৰীতিলৈ আঙুলিয়াই দেখুৱাব পাৰি। বিষয়বস্তুৰ তাগিদাত প্রয়োজনবোধে আকৌ দীঘল বাক্যও ব্যৱহাৰ কৰিছে। অৱশ্যে গহীন বিষয়ৰ ৰচনাত সামগ্রিক বিচাৰত তেওঁৰ গদ্যত চুটিবাক্যৰ প্ৰাধান্য অধিক । উদাহৰণস্বৰূপে—
চুটি বাক্য :
(ক) ব্ৰিটিছে নৱাব- জমিদাৰসকলৰ ভূ-স্বত্বৰ পৰীক্ষা কৰোৱালে মাটিৰ খাজনা বঢ়ালে। আগেয়ে যি মাটিৰ যি খাজনা আছিল, নতুন জোখ কৰি ব্ৰিটিছ চৰকাৰে তাত অন্যায়কৈ খাজনা লগাবলৈ প্ৰস্তাৱ কৰিলে।”
দীঘল বাক্য : “হেজাৰ মতভেদ হওঁক, আগন্তুক বিপদে যেনেকৈ সকলোকে মৈয়াই সমান কৰি পেলায়, এই জাতমবা কথাষাৰেও তেনেকৈ শত ভেদাভেদ আঁতৰাই দুৰ্বলী, নিৰুৎসাহী, জাত-অভিমানী চিপাহীহঁতক সবল, উৎসাহী আৰু সাম্যভাৱৰ কৰি পেলালে।”
তেওঁৰ পাঠটিৰ বিষয়বস্তু ইতিহাসৰ গুৰুগম্ভীৰ তথ্য সম্বলিত গহীন বিষয়ৰ ৰচনা হ’লেও এইবোৰত লেখকে চৰিত্ৰৰ মুখত যথেষ্ট কথিত ৰূপৰ বাক্য ব্যৱহাৰ কৰিছে। এনে কলা কৌশলৰ প্ৰয়োগৰ বাবে চিন্তাশীল ৰচনা হৈও নাটক-উপন্যাস আদিৰ দৰে এইবোৰে পাঠকৰ মনত বসবোধ জন্মাব পাৰে। যেনে—
“পোছোৱাবৰ শেষ ৰজা মহাৰাষ্ট্ৰ মুকুট নানাছাহিব পেছোৱাই কেউফালৰ পৰা তেওঁৰ হাত ভৰি বান্ধি অনা দেখি মুক্ত হোৱাৰ উপায় চিন্তিবলৈ ধৰিলে। পূৰ্বৰ একৰাৰ মতে, তেওঁ পেঞ্চন পাব লাগিছিল।”
বাক্য ৰচনাৰ ক্ষেত্ৰত প্ৰধান কথা হ’ল বিষয় বা ভাব অনুসৰি কেনে ধৰণৰ বাক্য উপযোগী হয়। তাৰ প্ৰতি গুৰুত্ব দিয়া। এই ক্ষেত্ৰত কোথৰ শৰ্মা এজন সার্থক খনিকৰ। তেওঁ পৰিবেশোপযোগী কৰি সৰল, জটিল, যৌগিক, ছুটি, দীঘল, ভারবোধক, প্রশ্নবোধক আনি বিভিন্ন বাক্য ব্যৱহাৰ কৰিছে। সংস্কৃত, ইংৰাজী, তদ্ভৱ আৰু থলুৱা শব্দ আদিৰ প্রয়োগেৰে বাক্য ৰচনা কৰাৰ দৰে কেতিয়াবা আকৌ সম্পূর্ণ সংস্কৃত বাক্যকেই ৰচনাত সন্নিবিষ্ট কৰিছে। কেতিয়াবা পুৰণি সাহিত্যৰ উদ্ধৃতি দি আকর্ষণীয় বাক্য ৰচনা কৰিছে। ইতিহাসৰ বিষয়বস্তুক লৈ ৰচিত শৰ্মাৰ গদ্যসমূহত বুৰঞ্জীৰ বাক্যৰীতিৰ ঠাড়ো পৰিলক্ষিত হৈছে। তেওঁৰ কুশলহত্ততাৰ পৰিচয় দিব পৰা এটা বাক্যৰ উদাহৰণ হৈছে—
“পুৰুষানুক্ৰমে চলি অহা অয্যোধাৰ নৱাবক ভাঙি সেই প্ৰদেশ ব্ৰিটিছ সাম্ৰাজ্যযুক্ত কৰা হ’ল। নবাবে যেতিয়া হাড়ে হিমজুৱে বুজিলে যে তেওঁ কেৱল ইংৰাজীৰ হাতৰ পুতলা, তেতিয়া তেওঁ দিল্লীৰ ভগা সম্ৰাটৰ লগত গোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।” বেণুধৰ শৰ্মাৰ বাক্যৰীতিত প্রশ্নবোধক বাক্যই বিশেষভাৱে সহায় কৰিছে। উদাহৰণস্বৰূপে—
(ক) “তাতে, মানুহটোৱে হুমুনিয়াহ কাঢ়িবৰ বেজাৰেৰে কৈ পেলালে বোলে, তুমি জাতিটোকে বৰ পালা। নমো নমো পাৰিজাত হৈ ফুলিলে কি হ’ব?”
(খ) “ আৰু দুদিনমান ৰ’বা; গৰু-গাহৰিৰ চৰ্বিত তিয়াই থোৱা বাৰুদৰ টোটা কামুৰিব লাগিব । তেতিয়ানো জাতটি ক’ত থ’বা?”
বেণুধৰ শৰ্মাৰ বাক্য ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱৰ পৰা মুক্ত আৰু বিবিধ গুণেৰে সমৃদ্ধ। দুই এটা সাধাৰণ দোষ-গুণ থাকিলেও সামগ্রিক বিচাৰত বেণুধৰ শৰ্মাৰ বাক্যৰীতি সুন্দৰ আৰু সফল। বেণুধৰ শৰ্মাৰ ৰচনাত বিভিন্ন ধৰণৰ বাক্যৰ উদাহৰণ পোৱা যায়। উদাহৰণস্বৰূপে—
তদ্ভৱ আৰু থলুৱা শব্দৰ বাক্য :
(ক) “হিন্দুস্তানৰ দেশীয় ৰাজ্যবোৰৰ পুৰাতনীয়া প্রথাত হস্তক্ষেপ কৰা বাবে ইংৰাজৰ প্ৰতি তেওঁবিলাক বিষমৰূপেও বিতৃষ্ট।”
(খ) “ কিয়নো, টোটা কাৰখানাত কি নিয়মে টোটা তৈয়াৰ কৰা হয় তাৰ বুজ তেওঁবিলাকে ল’বৰ আৱশ্যক নাছিল। পাপ কাম লুকাই থ’বৰ কাৰো শকতি নাই।”
বেণুধৰ শৰ্মাই বিভিন্ন শ্ৰেণীৰ বাক্য ৰচনাৰে তেওঁৰ নিজৰ গদ্যৰীতিত এক সুকীয়া বৈচিত্র্যময় ৰূপ প্ৰদান কৰাৰ লগতে বিষয়বস্তু সহজবোধ্য সাৱলীল, সপূৰ্ণ আৰু স্পষ্টৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।
৩। বেণুধৰ শৰ্মাই গদ্যৰীতিৰ ক্ষেত্ৰত শব্দচয়ন কৰোতে কি কি বৈশিষ্ট্য পালন কৰা পৰিলক্ষিত হৈছিল? ‘সাতাৱন ছাল’ পাঠটিত পৰিদৃষ্ট হোৱা বৈশিষ্ট্যসমূহৰ উদাহৰণেৰে ফহিয়াই লিখা।
উত্তৰঃ ‘জোনাকী’ৰ পৰবৰ্তী সময়ত যিসকল গদ্য লেখকে অসমীয়া গদ্যক সবল, বৈচিত্র্যময় ৰূপ প্ৰদান কৰে সেইসকলৰ ভিতৰত অন্যতম হ’ল বেণুধৰ শৰ্মা। বুৰঞ্জীৰ সত্য ঘটনাই বেণুধৰ শৰ্মাৰ সাহিত্যৰ মূল বিষয়বস্তু হ’লেও ৰচনাশৈলীৰ বৈচিত্ৰ্যৰ বাবেই এইবোৰ ৰসাল আৰু গুৰুত্বপূর্ণ। ঐতিহাসিক, সামাজিক তথ্যক সাহিত্যৰ ৰূপত উপস্থাপন কৰিব পৰাটো তেওঁৰ গদ্যৰীতিৰ অন্যতম গুণ। ভাষাশৈলী আৰু প্ৰকাশভংগীৰ বৈশিষ্ট্যই বেণুধৰ শৰ্মাৰ গদ্যক এক সুকীয়া ৰূপ প্ৰদান কৰিছে।
বেণুধৰ শৰ্মাৰ গদ্যৰীতিৰ এটি আকর্ষণীয় দিশ হ’ল শব্দচয়ন। শব্দচয়নৰ বৈশিষ্ট্যই শৰ্মাৰ গদ্যক অসাধাৰণত্ব প্ৰদান কৰিছে। তৎসম, অর্ধ-তৎসম, তদ্ভৱ, দেশী-বিদেশী, অনুবাদগত, নিজে সজা আদি বিবিধ শব্দৰ প্ৰয়োগেৰে তেওঁৰ গদ্য সমৃদ্ধ। কিন্তু বিভিন্ন শব্দ প্রয়োগ কৰিলেও নিভাঁজ অসমীয়া থলুৱা শব্দৰ প্ৰাচুৰ্যহে তেওঁৰ গণ্যত লক্ষ্য কৰা যায়। তদুপৰি বহু ইংৰাজী শব্দৰ পৰিৱৰ্তে তাৰ অসমীয়া ৰূপ সাজি তেওঁ ৰচনাত ব্যৱহাৰ কৰিছে। ই তেওঁৰ শব্দ ব্যৱহাৰৰ উল্লেখনীয় বৈশিষ্ট্য। শব্দ প্ৰয়োগৰ এনে বৈশিষ্ট্যৰ জৰিয়তে বেণুধৰ শৰ্মাৰ মন, চিন্তা আৰু ব্যক্তিত্বৰ জাতে পাতে অসমীয়া ৰূপৰ পৰিচয় পোৱা যায়। অসমীয়া ভাষাৰ পৰা হেৰাই যাবলৈ ধৰা নিভাঁজ শব্দবোৰ বুটলি আনি তেওঁ তেওঁৰ ৰচনাত ঠাই দিছেহি। তেওঁৰ ৰচনাত ব্যৱহৃত এনে জতুৱা শব্দ কেতবোৰ হ’ল- কাফেৰ ফিৰিঙী, প্ৰাণটাকি, মাহেন্দ্রক্ষণ, গপগপীয়া, ফুমুটি, হাড়ে-মগজুবে, টাচ’ৰি কোবোৱা, ধমধমীয়া, থৈয়া নথৈয়া, কুটস্থালি, বণচালী, সম্রা সৰকা, গহৰি কৰা ইত্যাদি।
বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত অসমীয়া শব্দৰ দৰে তৎসম শব্দৰো মুকলি ব্যৱহাৰ কৰিছে। যত্নৰে সচেতন হৈ তেওঁ তৎসম শব্দ পৰিহাৰ কৰা নাই। কিন্তু সেইবোৰ কঠিন আৰু দুৰ্বোধ্য নহয়; সাধাৰণভাৱে প্রচলিত সহজ চিনাকি শব্দহে। সেয়েহে এনে শব্দৰ প্ৰয়োগে তেওঁৰ ৰচনাত প্ৰাঞ্জল আৰু অকৃত্ৰিম ৰূপত আঘাত কৰা নাই। শৰ্মাৰ গদ্যত ব্যৱহৃত তৎসম শব্দৰ কিছু উদাহৰণ দাঙি ধৰা হ’ল- ধর্ম, অর্থ, কর্ম, মোক্ষ, গৃহ, জন্ম, স্মৃতি, ক্ষণ, বৃত্ত, কর্তা, ব্রাহ্মণ, মিত্র, সর্গ, গর্ব, মন্দ, মুক্ত, ইত্যাদি।
তৎসম শব্দৰ দৰে বেণুধৰ শৰ্মাই তেওঁৰ গদ্যত অর্ধ-তৎসম শব্দৰো ব্যৱহাৰ কৰিছে। অৱশ্যে এনে ব্যৱহাৰ যথেষ্ট পাতলীয়া দোহন, কাম, দহন, গান, বিষম, উৱন, শকতি, যতন ইত্যাদি। বিভিন্ন শ্ৰেণীৰ বিবিধ শব্দ ব্যৱহাৰ কৰিলেও তেওঁৰ গদ্যৰ মূল জঁকাটো প্ৰধানকৈ নিভাঁজ জতুৱা আৰু তদ্ভৱ— এই দুই শ্ৰেণীৰ শব্দৰেই নিৰ্মিত হৈছে। ওপৰত থলুৱা শব্দৰ উল্লেখ কৰাৰ দৰেই ইয়াত তদ্ভৱ শব্দৰ উদাহৰণ মাত্ৰ দাঙি ধৰা হ’ল— ভঙা, বিষম, জুই, মাটি, ভাঙি, অইন ইত্যাদি। অকৃত্রিম স্বদেশপ্রেম, জাতিপ্ৰেম আৰু অতীত প্ৰীতিৰ বাবে ভাব-ভাষা উভয়তে নির্ভাজ অসমীয়া ৰূপ প্ৰকাশ পালেও বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত ইংৰাজী শব্দও ব্যৱহাৰ নকৰাকৈ থকা নাই৷ ইংৰাজী শব্দবোৰ কেতিয়াবা ইংৰাজী বৰ্ণৰে, কেতিয়াবা তাৰ উচ্চাৰণক অসমীয়া শব্দৰে, কেতিয়াবা ইংৰাজী শব্দটো লিখি বন্ধনীত অসমীয়া অর্থ, কেতিয়াবা আকৌ অসমীয়া শব্দটো মুকলিকৈ ৰাখি বন্ধনীত ইংৰাজী শব্দটো ব্যৱহাৰ কৰিছে। যেনে— চাৰ, ফ্রীড, খ্রিষ্ট, ব্ৰিটিছ, কোম্পানী, পেঞ্চন, কাপ্তান, গৱৰ্ণমেণ্ট, কামান, চার্জেণ্ট, জেনেৰেল, ইষ্ট ইণ্ডিয়া।
আনকি অনেক ক্ষেত্ৰত অসমীয়া শব্দ ব্যৱহাৰৰ সুবিধা থকা স্থানতো তেওঁ ইংৰাজী শব্দ প্ৰয়োগ কৰিছে। যেনে— “হিন্দু-মুছলমানকৈ গৰু-গাহৰিৰ চৰ্বি চেলেকাই খ্রিষ্টান গৱৰ্ণমেণ্ট এইদৰে জাতি-কিষ্টা মাৰিবলৈ ফান্দ পাতিছিল।”
এনেদৰে মুকলিমনে ইংৰাজী শব্দ ব্যৱহাৰ কৰা ৰীতিয়ে এটা কথা প্ৰমাণ কৰে যে মাতৃভাষাৰ নিভাঁজ শব্দৰ ব্যৱহাৰ চিৰাচৰিত সহজ ৰীতি হ’লেও ইংৰাজী বা অন্যান্য ভাষাৰ প্ৰতিও তেওঁ একেবাৰে বীত শুদ্ধ নহয়। সেয়েহে আৰবী-ফাৰ্চী, হিন্দুস্তানী আদি অনেকে শব্দ সম্ভাৰেৰে তেওঁৰ ৰচনা সৌষ্ঠৱশালী।
বেণুধৰ শৰ্মাই বহু সময়ত কিছুমান ইংৰাজী শব্দ ইংৰাজী ৰূপতে প্রয়োগ নকৰি নিজে একোটা নতুন অসমীয়া ৰূপ সাজিহে প্ৰয়োগ কৰিছে। সাধাৰণতে অৰ্থৰ স্পষ্টতাৰ বাবে এনে শব্দৰ ইংৰাজী ৰূপটোও তেওঁ লগতে উল্লেখ কৰিছে। তদুপৰি ইংৰাজী শব্দক ভিত্তি নকৰাকৈ ও তেওঁ কিছুমান শব্দ নিজে সাজি ব্যৱহাৰ কৰা দেখা গৈছে।
কাপ্তান (অধিনায়ক): হাটী (বেৰেক)
বাঁহৰ চাঙ (বেঞ্চ): সুৰুঙা (এভনিউ)
বৰসেনাপতি (কাপ্তান): সজা (ফ্রেম)
থেম (মার্চ): ধূৰা (camp)
নৌ-ফুকন (Navy-captain): ঠগা (ৰেক)
ঠগা (চেলফ): বিজুলী (ডাক)
বাঙী: (পাৰ্চেল)
এনেদৰে নিজে শব্দ সাজি ব্যৱহাৰ কৰাটো বেণুধৰ শৰ্মাৰ শব্দচয়নৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তেওঁৰ ৰচনাত অনুৰূপ আৰু যুৰীয়া শব্দৰ প্ৰচুৰ প্ৰয়োগো লক্ষ্য কৰা যায়। একেটা বাক্যতে তেওঁ বহুতো যুৰীয়া শব্দ সন্নিৱিষ্ট কৰিছে। যেনে—
বেপাৰ-বাণিজ্য, ধ্বনি-প্রতিধ্বনি
এদিন-দুদিন, জয়-গান
উঠি-পৰি, ব্রাহ্মণ চাণ্ডাল
পৰ্বত-ভৈয়াম, ৰান্ধি-বাঢ়ি
হাত-ভৰি, সন্দেহ-ঘৃণা
নৱাব-জমিদাৰ, হাড়ে-মগজুৱে
ব্ৰিটিছ-বিষয়া, ভাত-মাছ
চিঠি-পত্ৰ, গৰু-গাহৰি
কলা-কৌশল, সুযোগ-সুবিধা
অসন্তোষ-অবিশ্বাস, নগৰীয়া-গাঁৱলীয়া
চহকী-দুখীয়া, হজুৱা-বিষয়া
জাতি-কিষ্টা, কুচ কাৱাজ
খাৰ-বাৰুদ, টোটা-গুলী
চেঁচনি-বুজানি, তুঁহ জুই
থৈয়া-নথৈয়া, খণ্ড-বিখণ্ড
সাধাৰণতে লেখকসকলৰ ভাষাত নোপোৱা এনে বহুতো শব্দৰ ব্যৱহাৰে তেওঁৰ ভাষাৰ ঠাঁচটিক সাধাৰণ মানুহৰ মুখৰ কথা যেন কৰি ঘৰুৱা ৰূপত গঢ়ি তোলাৰ লগতে বৰ্ণনীয় বিষয়কো জীৱন্ত আৰু স্পষ্ট কৰি তুলিছে।
বেণুধৰ শৰ্মাৰ গদ্যত ধ্বন্যাত্মক শব্দৰ ব্যাপক লক্ষ্য কৰা যায়। এনে শব্দ প্ৰয়োগৰ বাবে পৰিৱেশ,
বিষয়বস্তু আদি তেওঁৰ ৰচনাত অকৃত্রিম, সৰস, স্পষ্ট আৰু সৰল ৰূপত উপস্থাপিত হৈছে।
এনে শব্দৰ কেইটামান উদাহৰণ দাঙি ধৰা হ’ল— দিনক দিনে গাঁৱে-গাঁরে, নগৰে নগৰে, তলে-তলে, দেশ-জয়, উমাই-উমাই, চাওঁতে চাওঁতে, লাখ-লাখ, জুমে-জুমে, শাৰী শাৰী, লাখ-লাখ। বেণুধৰ শৰ্মাৰ গদ্যৰ শব্দচয়নৰ আন এটা চকুত লগা বৈশিষ্ট্য হ’ল— সন্ধিযুক্ত শব্দৰ প্ৰাচুৰ্য। সংস্কৃত আৰু অসমীয়া দুই শ্ৰেণীৰে বহুতো সন্ধিযুক্ত শব্দ তেওঁ সঘনাই ব্যৱহাৰ কৰা দেখা যায়। যেনে— ভাবাপন্ন, নিরুৎসাহী, আত্মোৎসর্গ, সাম্রাজ্যভুক্তি ইত্যাদি।
তেওঁৰ নিভাঁজ সৰল ব্যক্তিত্বৰ প্ৰভাৱত শব্দচয়নৰো মূল সুৰ থলুৱা ৰূপতেই গঢ় লৈ উঠিছে। শব্দ ব্যৱহাৰৰ চকুতল বৈশিষ্ট্যৰ বাবেই তেওঁৰ গদ্যৰীতিৰ ৰূপ আন লেখকৰ সৈতে নিমিলে।
৪। বেণুধৰ শৰ্মাৰ গদ্যত অলংকাৰ প্ৰয়োগৰ কৌশলসমূহ ‘সাতাৱন ছাল’ পাঠটিৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ বেণুধৰ শৰ্মাৰ গদ্যত অলংকাৰৰ বহুল প্ৰয়োগ লক্ষ্য কৰা যায়। গধুৰ বিষয়বস্তুৰ বচনাতো অলংকাৰৰ সু-সংযোগে তেওঁৰ বক্তব্যক সহজবোধ্য আৰু মনোৰম ৰূপত পাঠকৰ আগত তুলি ধৰিছে। চিন্তাসমৃদ্ধ গদ্যতো এনেদৰে অলংকাৰ প্ৰয়োগ কৰিব পৰাটো শৰ্মাৰ দক্ষতাৰ অন্যতম দিশ। কাৰণ কৌশলগতভাৱে সংযোগ নহ’লে এনে ৰচনাত অলংকাৰে সৌন্দৰ্য সৃষ্টি নকৰি স্নানহে কৰে আৰু বক্তব্যৰ প্ৰকাশো অস্পষ্ট কৰি তোলে। বেণুধৰ শৰ্মাৰ গদ্যত আন সকলো অলংকাৰৰ ভিতৰত উপমাৰ প্ৰাধান্য অতি চকুতলগা। যিকোনো বিষয়বস্তুকে বৰ্ণনা কৰিবলৈ গৈ সহজতে তেওঁ উপমা আৰু তুলনাৰ আশ্ৰয় লৈছে।
বেণুধৰ শৰ্মাৰ অলংকাৰ সংস্থাপন ৰীতিয়ে তেওঁৰ ৰুচি- অভিৰুচি, ব্যক্তিত্বৰো ইংগিত পাঠকক দিবলৈ সক্ষম হৈছে। কাৰণ উপমা, ৰূপক আদিৰ ক্ষেত্ৰত তেখেতে উপমেয়ৰ সহজ আৰু সুন্দৰ প্ৰকাশৰ বাবে যিবোৰ উপমাৰ আশ্ৰয় লৈছে, সেইবোৰ সম্পূৰ্ণ থলুৱা আৰু অসমৰ মাটিৰ পৰা বুটলি লোৱা। ইয়াৰ জৰিয়তে তেওঁৰ সৰল ব্যক্তিত্ব আৰু অসমৰ মাটি-পানীৰ সৈতে নিবিড় সম্পৰ্কৰ পৰিচয় পোৱা যায়।
শৰ্মাৰ ৰচনাত উভৈনদী হৈ থকা উপমা অলংকাৰৰ দুটামান উদাহৰণ দাঙি ধৰা হ’ল— “হিন্দুৰ মনতো অতীত স্মৃতিয়ে দেখা দিলেহি। হিন্দু-মুছলমান ভ্ৰাতৃভাবত পমি গ’ল। দুয়ো জন্মভূমিৰ জয়গান গাবলৈ ধৰিলে। হিন্দুস্থানৰ বিজয়-বৈজয়ন্তী উৰাবলৈ দুয়ো পক্ষ প্ৰাণ টাকি লাগিল।”
অনুপ্রাস : “হিন্দুস্তানৰ বিজয়-বৈজয়ন্তী উৰাবলৈ দুয়ো পক্ষ প্রাণটাকি লাগিল।” “ইংৰাজৰ উচ্ছেদ হক’— এই মন্ত্ৰই হিন্দু-মুছলমানৰ অন্তৰত ধ্বনিত-প্রতিধ্বনিত হ’বলৈ ধৰিলে।”
ব্যাজস্তুতি : “১৮৫৭ ছালৰ ৩১ ডিচেম্বৰ তাৰিখে মণিৰাম দেৱানকো আলিপুৰৰ পৰা পঠিয়াই দিয়া হ’ল যোৰহাটত স্বাধীনতা স্পৃহাৰ ‘পুৰস্কাৰ ল’বলৈ।”
“স্বাধীনতাৰ নিমিত্তে এই যে দুই লাখ পুৰুষ-সিংহৰ আত্মোৎসর্গ, ইয়েই হৈছে ব্ৰিটিছ আমোলত ভাৰতজোৰা স্বাধীনতাৰ প্ৰথম যুদ্ধ আৰু ইয়েই সংঘটিত হয় ইং ১৮৫৭ ছালত।”
কূটচিহ্নৰ প্ৰয়োগ : বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত কুটচিহ্ন প্ৰয়োগ কৰি গদ্যক সাৰ্থক ৰূপত গঢ়ি তুলিছে। বিশেষকৈ প্ৰশ্নবোধক আৰু ভাববোধক চিনৰ সুকৌশলী প্রয়োগে বিভিন্ন স্থানত সাধাৰণ ভাষাই ক’ব নোৱাৰা বহুত কথা স্পষ্ট কৰি তোলাত সহায় কৰিছে। বেণুধৰ শৰ্মাৰ ৰচনাৰ পৰা কূটচিহ্ন প্ৰয়োগৰ এনে নিদৰ্শন ধৰা হ’ল—
(ক) “নন্দকুমাৰৰ নিচিনা ধী-শক্তি-সম্পন্ন ব্ৰাহ্মণক কাঁচি দিলে। মিশ্যনেৰী পাদুৰী চাহাবৰ হতুৱাই খ্রিষ্টধর্ম প্ৰচাৰ কৰিলে। ভাৰতত বিজুলী তাঁৰৰ বিস্তাৰ হ’ল; ৰেলগাড়ী হ’ল, ডাকঘৰ হ’ল, দূৰৈৰ বাট চমু হ’ল।”
(খ) “আৰু ৰুদিনমান বা ‘বা; গৰু গাহৰিৰ চৰ্বিত তিয়াই থোৱা বাৰুলৰ টোটা কামুৰিব লাগিব । তেতিয়ানো জাতটি ক’ত থ’বা?”
কূটচিহ্ন ব্যৱহাৰত শৰ্মা যে সচেতন আৰু পাৰদৰ্শী আছিল ওপৰৰ উদাহৰণটোৰ পৰাই উপলব্ধি কৰিব পাৰি।
গদ্যত খণ্ডবাক্য, পটন্তৰ আদিৰ প্ৰয়োগে ভাষা শুৱলা কৰাৰ লগতে অর্থও সুদুৰপ্ৰসাৰী ৰূপত প্ৰকাশত সহায় কৰে। ফকৰা, প্রবচন, খণ্ডবাক্য আদি হ’ল কোনো এটা ভাষাৰ জতুৱা বাক ভঙ্গী প্ৰতিফলিত কৰা নিজস্ব মূল্যবান সম্পদ। সেয়েহে ইয়াক যিকোনো লেখকে সম্পূর্ণকৈ আয়ত্ত কৰি সহজে ৰচনাত খাপখোৱাকৈ প্ৰয়োগ কৰিব নোৱাৰে। কিন্তু বেণুধৰ শৰ্মাৰ সকলো শ্ৰেণীৰ ৰচনাতে খণ্ডবাক্য, পটন্তৰ আদি উভৈনদী এইবোৰৰ সু-সংযোগে তথ্যপূর্ণ হোৱা সত্বেও তেওঁৰ গদ্য সৰস হোৱাত সহায় কৰাৰ লগতে লেখকৰ ব্যক্তিত্বৰ হাড়ে-হিমজুৱে অসমীয়া ৰূপটোকো পাঠকৰ আগত দাঙি ধৰিছে। উদাহৰণস্বৰূপে—
“ক্রমাৎ, ইংৰাজৰ উচ্ছেদ সাধনৰ নিমিত্তে এইবোৰ অসন্তোষ-অবিশ্বাসেই লংকাদাহৰ অগ্নি পৰিণত হ’লগৈ। কাণপুৰ, মীৰাট, বাৰাণসী, ইলামবাদ, বেহাৰত একোটা একোটা আগ্নেয়গিৰি প্রস্তুত হ’ল।”
“তাতে মানুহটোৱে হুমুনিয়াহ কাঢ়ি বৰজোৰেৰে কৈ পেলালে বোলে, ‘তুমি জাতটোকে বৰ পালা। নমো নমো পাৰিজাত হৈ ফুলিলে কি হ’ব ?”
সমগ্ৰ অসমীয়া গদ্য সাহিত্যৰ ভিতৰতে বেণুধৰ শৰ্মাৰ গদ্যত জতুৱা, খণ্ডবাক্য, পটন্তৰ, ফকৰা আদিৰ প্ৰাধান্য বেছিকৈ দেখা যায়।
৫। বেণুধৰ শৰ্মাৰ সাহিত্যসমূহত ভাবৰ প্ৰকাশ কৰিবলৈ যাওঁতে বেলেগ বেলেগ গদ্যৰীতিয়ে কিদৰে বিভিন্ন স্থানত প্ৰকাশিত হৈছে আলোচনা কৰা।
উত্তৰঃ বেণুধৰ শৰ্মাই নিজৰ বক্তব্য পাঠকৰ সন্মুখত ৰসব্যঞ্জক আৰু প্ৰত্যয়জনক ৰূপত উপস্থাপন কৰিবলৈ যাওঁতে তেওঁৰ হাতত বিভিন্ন গদ্যৰীতি গঢ় লৈ উঠা দেখা গৈছে। প্রকাশভংগীৰ দিশৰ পৰা গদ্যৰীতিক বাখৰুৱা আৰু উকা বুলি যি দুটা শ্ৰেণীবিভাগ কৰা হৈছে তাৰ ভিত্তিত বিশ্লেষণ কৰিলে দেখা যায় যে বেধৰ শৰ্মাৰ গদ্যৰীতি প্ৰধানকৈ অলংকৃত বা বাখৰুৱা।
তদুপৰি বক্তব্য উপস্থাপনৰ ধৰণৰ ফালৰ পৰা গদ্যক যি পাঁচটা ভাগত ভাগ কৰা হৈছে সেইবোৰৰ ভিতৰত বেণুধৰ শৰ্মাই প্ৰধানকৈ বৰ্ণনাত্মক আৰু নাটকীয় ৰীতিৰ আশ্ৰয়তে গদা ৰচনা কৰিছে যদিও যুক্তিনিষ্ঠ, জ্ঞানজ্ঞাপক আৰু চিন্তামূলক গদ্যৰীতিৰো মাজে মাজে প্রয়োগ কৰিছে। বেণুধৰ
শৰ্মাৰ সাহিত্যসমূহতো ভাবৰ উপযুক্ত প্ৰকাশেৰে অভীষ্ট কৰিবলৈ যাওঁতে সাহিত্য বেলেগ বেলেগ গদ্যৰীতিয়ে বিভিন্ন স্থানত কি দৰে গঢ় লৈ উঠিছে তাৰ উদাহৰণ দাঙি ধৰা হ’ল―
যুক্তিনিষ্ঠ ৰীতি : “ৰজাদেৱে সিংহদুৱাৰলৈকে বনমালী বাপুকে আদি কৰি ‘বাপুসকলক নি বোলে’, ‘বুঢ়াগোহাঞিয়ে মোকে প্ৰীতি কৰি দিয়া তোমালোকৰ বাক্য এৰি দি ‘বুঢ়াগোহাঞি কোনোখান বোলো। ইকালেও কুশল নহ’ব, পৰকালেও নৰকত পৰিম।’ এই বুলি বাপুসকলক বুঢ়াগোহাঞিৰ তালৈ পঠিয়াই দিলে।”
ৰজাঘৰীয়াৰ বিবাদ মীমাংসাৰ মধ্যস্থতা কৰিবলৈ বনমালী গোঁসাইক আগত থৈ ধর্মধ্বজে গুৰুবাক্য উলওঘা নকৰো বুলি শপত খোৱাটোৱেই বুজায় যে ধৰ্ম গুৰুসকলৰ ভিতৰত বনমালী গোঁসায়েই সৰ্ব্বাগ্রগণ্য আছিল আৰু গোঁসাইৰ ধৰ্মপৰায়ণতা আৰু সমদর্শিতাৰ ওপৰত বিশেষ প্ৰাধান্য আৰোপ কৰা হৈছিল।” যুক্তিতৰ্কত এটা বস্তুৰ উপস্থাপন কৰি ক্ৰমান্বয়ে তাৰ সত্যতা প্রতিপাদন কৰাৰ দৰে লেখকেও বনমালী গোঁসাইৰ মাহাত্ম্য আৰু প্ৰাধান্য প্রমাণৰ বাবে প্ৰথমন কথাখিনি উল্লেখ কৰিছে।
জ্ঞানজ্ঞাপক আৰু চিন্তামূলক গদ্যৰীতি : “কাণ্ডাহাৰৰ ফীল্ড মার্শেল লৰ্ড ৰবাৰ্টছে কয়, ভাৰতত অকল ভাৰতীয় চিপাহীবোৰেই বিদ্ৰোহ কৰা নাই— অকল চিপাহীৰ অসন্তোষ বিক্ষোভেই ইয়াৰ কাৰণ নহয়। ইয়াৰ মূলত শাসনপ্ৰণালীৰ বিৰুদ্ধে বিক্ষিপ্ত বিদ্বেষ ভাব আৰু স্বাধীনতা হেৰুউৱন জাতি এটাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ সংগ্ৰাম। হিন্দুস্তানৰ দেশীয় ৰাজ্যবোৰৰ পুৰাতনীয়া প্রথাত হস্তক্ষেপ কৰা বাবে ইংৰাজৰ প্ৰতি তেওঁবিলাক বিষমৰূপে বিতুষ্ট।”
ব্যংগাত্মক ৰীতিঃ ‘এওঁৰ হাতত সচৰাচৰ বাতৰি কাকত এখন থাকে। কাকতখন প্ৰায়েই ইংৰাজী। অসমীয়া ভাষাৰ কাকত নলয় — ল’লে জানোচা অসমীয়া ভাষা উন্নতি চিন্তাৰ ‘দোষত’লিপ্ত হ’ব লাগে। কিনি যে নলয়েই নে, উপযাচি দিলেও পঢ়ি নাচায়। মক্কেলক বান্ধত পেলোৱাৰ ফন্দি, এইবিধ চমুৱা উকীলে বৰকৈ বুজ নেপায়। কিন্তু, এওঁ যে উকীল, সেই কথা হ’লে খোজ-কাটলে ‘পোছাক’ৰ বাহাৰে সকলোতে বুজাই দিয়ে।
“দিনক দিনে এই ভাবটোও দৃঢ়ৰূপে প্রতিপন্ন হ’বলৈ ধৰিছে যে ব্ৰিটিছ আহিছে ভাৰতবৰ্ষক ৰেলৰ চিৰী আৰু বিজুলী তাবৰ খুঁটাৰে খুঁটি ভাৰতবাসীক হাত-ভৰি ভাঙি খোৰা দ কৰিবলৈ। প্রকৃততে কথা সেয়ে। এডেও পুড়েও লোটা নিবৰ ছেও ধৰি আলহীয়েই গিৰিহঁত হোৱা দেখি ভাৰতবাসীৰ গা বাজি গ’লগৈ।”
এনেদৰে বিবিধ শব্দ প্রয়োগ, বাক্য, লয় অনুচ্ছেদ আদিৰ উপৰি গদ্যৰীতিৰ বিশ্লেষণত মন কৰিবলগীয়া আন এটি বিষয় হ’ল— বর্ণনাক্ষমতা। তদুপৰি তেওঁৰ গদ্যৰীতি, স্পষ্ট, প্রাঞ্জল, ৰসময় আৰু সুসংবদ্ধ, যিবোৰ গুণৰ বাবে ইয়াক সফল গদ্যৰীতি বুলি ক’ব পাৰি। প্ৰবন্ধ সাহিত্য, জীবনী সাহিত্য, শিশু সাহিত্য সকলোতে বেণুধৰ শৰ্মাই যিকোনো বিষয়বস্তু বা ভাব, পৰিৱেশ, চৰিত্ৰ আদিক অতি আকর্ষণীয় আৰু চাক্ষু ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে— “চ’ৰাঘৰে গোঁসাইঘৰে লগালগি । বাৰীৰ দক্ষিণহাতে, চ’ৰাঘৰৰ আগতে থিয়কৈ (পূবা-পছিমাকৈ) সোঁহাতলৈ গোহালি ঘৰ। মাৰল ঘৰ ভড়াল ঘৰৰ মাজতে চোতাল । পদুলিত অপনা বা দুৱাৰ নাই, তিনডাল নঙলা। ঘৰ মুখতে চাৰিং জান-পাটী দৈ, বাঁহনি, আম গছেৰেই ভৰা। জান পাৰ হৈয়ে দক্ষিশলৈ কঠীয়াতলী। সেইখন আগেয়ে বাম বুলি কৈছিল।” ইয়াত অকৃত্ৰিম বৰ্ণনাৰীতি আৰু বিষয়োপযোগী ভাষাৰ সু-সমন্বয়ে গোটেই পৰিৱেশটোৱেই পাঠকৰ আগত চিত্ৰবৎ দাঙি ধৰিবলৈ সক্ষম হৈছে। আন এটা উদাহৰণ―
“সামস্ত ৰজাসকলৰ লগত মিত্ৰতা কৰি বা সিসকলৰ ৰাজ্য কৰতলীয়া কৰি তাত ব্ৰিটিছ-বিষয়া সোমাই, সিসকলৰ ৰাজ্য ব্ৰিটিছৰ আৰ্হিত গঠন কৰিবলৈ ধৰিলে। এই আৰ্হি ব্ৰিটিছৰ নিমিত্তে ভাত-মাছ হৈছিল যদিও, ৰজাসকলৰ নিমিত্তে কলগ্ৰহ নোহোৱাকৈ নাছিল। ইয়াকে ব্ৰিটিছে শান্তি স্থাপন কৰা নীতি বুলি কৈছিল।”
বেণুধৰ শৰ্মাৰ সাহিত্যৰাজি বিশ্লেষণ কৰিলে গদ্যৰীতিৰ এক সামগ্রিক ৰূপ এনেদৰে পাঠকস চকুত ধৰা দিয়েহি। কিন্তু তেওঁৰ গদ্যৰ এনে সাৰ্বজনীন বৈশিষ্ট্য আছে যদিও শিশু সাহিত্যৰ গদ্যৰীতি আন কিছুমান পৃথক গুণেৰেও বিশেষত্বপূর্ণ।
বেণুধৰ শৰ্মাই হেৰাই যাবলৈ ধৰা গাঁৱলীয়া ভাষা বুটলি আনি তেওঁৰ ৰচনাত নিজা মান মৰ্যাদাৰে তুলি ধৰিলে, কৌশলপূৰ্ণ গণ্যৰীতিৰে বিষয়বস্তুক পাঠকৰ আগত জীৱন্ত ৰূপত উপস্থাপন কৰি স্বদেশপ্রীতি আৰু সচেতন চিন্তা বৃদ্ধিৰ চেষ্টা কৰিলে। কাৰণ শৰ্মাৰ সাহিত্য সৃষ্টিৰ মূল প্ৰেৰণাই আছিল জাতিপ্রেমী, স্বদেশপ্রেমী মনটো। তেওঁৰ গদ্যৰীতিৰ মাজেনি তেওঁৰ ব্যক্তিত্ব, চিন্তা, মানসিকতাৰ এক সৰল অকৃত্ৰিম ৰূপ প্ৰতিবিম্বিত হৈছে। কিন্তু সহজতে অপ্রচলিত শব্দবোৰ আৰু ভংগী সচেতনভাৱে আৰোপ কৰা বাবে তেওঁৰ গদ্যই পৰৱৰ্তী সময়ত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল। তথাপি নিভাঁজ অসমীয়া ভাষা আৰু নিজস্ব প্ৰকাশভংগীৰ বাবেই অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত বেণুধৰ শৰ্মা আৰু তেওঁৰ গদাৰীতিৰ এক বিশেষ মূল্য আছে।
৬। ‘সাতাৱন ছাল’ পাঠটিৰ বিষয়বস্তুৰ সাধাৰণ আলোচনা আগবঢ়োৱা।
উত্তৰঃ বেণুধৰ শৰ্মাৰ সাহিত্যচৰ্চাৰ প্ৰধান উদ্দেশ্য আছিল — ইতিহাসৰ সত্য উদ্ঘাটন কৰি তাৰ নির্মোহ, যুক্তিপূর্ণ ব্যাখ্যা বিশ্লেষণেৰে জনসাধাৰণৰ সন্মুখত দেশ, ব্যক্তি আৰু সমাজৰ প্ৰকৃত ৰূপ দাঙি ধৰি এইবোৰৰ প্ৰতি প্ৰতিজন অসমীয়াকে সচেতন কৰি তোলা ।
জয়সিংহ আৰু পৃথ্বীৰাজৰ মাজত যি গৃহকন্দল হৈছিল, তাৰ ফলতেই গোটেই ভাৰতবৰ্ষত নবাব-পাদশ্বাহৰ আধিপত্য চলিছিল। তুর্কীস্থান-আফগানিস্তানৰ পৰা অহা মানুহবোৰ ভাৰতীয় সংস্কৃতিৰ লগত মিল হৈ ইয়াতে থাকি গ’ল। দুর্ভাগ্যক্রমে, বেপাৰ-বাণিজ্যৰ বাবে কেন্দ্ৰ হৈ পৰা ভাৰতবৰ্ষত ব্ৰিটিছে আধিপত্য স্থাপন কৰিলে। ফলত ইউৰোপীয় সভ্যতাই খোপনি পুতিলেহি। ভাৰতবৰ্ষ ব্ৰিটিছৰ ভূমি নহৈ দোহন ভূমিহে হৈ পৰিল।
মুছলমান মৌলৱীৰ ধৰ্মশিক্ষা আছিল— যুদ্ধত জয়ী হৈ অহাৰ আশা নাথাকিলেহে ফিৰিঙী শাসনৰ সেও হ’ব লাগে। হিন্দুৰ মনতো এই আশাই ধৰা দিলেহি। হিন্দুস্তানৰ জয় উৰাবলৈ দুয়ো পক্ষৰ মাজত অধিয়াঅৰি হ’ল। ইংৰাজক ভাৰতবৰ্ষৰ পৰা খেদি পঠিওৱাৰ নিমিত্তে হিন্দু মুছলমানৰ অন্তৰ ধ্বনিত হৈ উঠিল। ১৮৫৭ চনত সদৌ ভাৰতবাসী যুটীয়া হৈ ভাৰত বুৰঞ্জীত এটি অভূতপূর্ব সোণালী অধ্যায়ৰ সূচনা কৰিবলৈ ওলাই আহিল। এই সুযোগেই ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবাসীক পোনপ্রথমে স্বাধীনতাৰ যুদ্ধত প্ৰবৃত্ত কৰিলে। অর্থাৎ এয়াই আছিল ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ প্ৰথম যুদ্ধ।
ছাব জর্জ কেম্পবেলৰ মতে এই যুদ্ধৰ সৃষ্টিকর্তা ভাৰতীয় চিপাহীবিলাক। কিয়নো বহুত দিনৰে পৰা তেওঁলোকৰ মনত সাচি থোৱা এই ক্ষোভবিলাক ১৮৫৭ চনত জাগ্ৰত হৈ উঠিছিল। এয়ে হৈছে চিপাহী বিদ্রোহ।
কাগুাহাৰৰ ফীল্ড মার্শেল লৰ্ড ৰবাৰ্টছে কয়, ভাৰতত অকল ভাৰতীয় চিপাহীবোৰেই বিদ্রোহ কৰা নাই— অকল চিপাহীৰ অসন্তোষ-বিক্ষোভেই ইয়াৰ কাৰণ নহয়। ইয়াৰ মূলত শাসন প্ৰণালীৰ বিৰুদ্ধে বিক্ষিপ্ত বিদ্বেষ ভাব আৰু স্বাধীনতা হেৰুওৱা জাতি এটাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ সংগ্রাম। হিন্দুস্তানৰ দেশীয় ৰাজ্যবোৰৰ পুৰাতনীয়া প্ৰজাত হস্তক্ষেপ কৰা বাবে তেওঁবিলাক বিষমৰূপে বিতুষ্ট। হিমালয়ৰ পৰা কুমাৰীকালৈকে ভাৰতীয় সামন্ত ৰজাসকলেও বিদ্রোহত যোগদান কৰিছিল। কাৰণ সকলোৰে মুখত এটাই কথা— ব্ৰিটিছ সোমোৱাৰে পৰা ভাৰতৰ সকলো নাশ হ’ল। ভাৰতত ব্ৰিটিছৰ শাসন প্রতিষ্ঠিত হ’ল। ইংৰাজক সমৰ্থন কৰা সকলে ইংৰাজৰ হৈ প্ৰচাৰ কৰিছিল।
ব্ৰিটিছৰ শাসন প্ৰণালীৰ প্ৰতি এনেবোৰ অবিশ্বাস, সন্দেহ আৰু ঘৃণাৰ জুইত হুহুৰীয়া বা দিলে সংস্কাৰৰ নামত যে ব্ৰিটিছ জাত মাৰিবলৈ আহিছে— এইবাৰ কথাই। ব্ৰিটিছে যদিও সতীত্বধর্ম ৰক্ষা কৰা পৌৰাণিক সতীদাহ প্রথা উঠাই দিছিল, ব্রাহ্মণ চাণ্ডাল একেলগে বহি তীর্থযাত্রা কৰিব লগা হোৱা, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা আদি ঘটনাই ধর্মীয় দিশত বেয়াকৈ আঘাত হানিছিল।
তদুপৰি আগতে কাৰাগাৰত থকা প্ৰত্যেকজন ফাটেকিয়ালিক বেলেগে বেলেগে ৰান্ধি-বাঢ়ি খাবলৈ দিয়া হৈছিল। কিন্তু ইংৰাজে সেই নিয়মটোও উঠাই দিছিল। ইয়াৰ উপৰিও ব্ৰিটিছ সাধাৰণ জনসাধাৰণ শোষণ কৰা যেনে— মাটিৰ খাজনা বৃদ্ধি কৰা, সামন্তৰজাসকলক কৰতলীয়া ৰাজ্য হিচাপে গঠন কৰা, ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে জিলাৰ পিছত জিলা, দেশৰ পিছত দেশ জয় কৰি দিয়া আদি কাৰ্যই এই বিদ্রোহ অর্থাৎ ১৮৫৭ চনৰ বিদ্ৰোহত ফিৰিঙতি তুলিছিল।
পুৰুষানুক্ৰমে চলি অহা অযোধ্যাৰ নৱাবক ভাঙি সেই প্রদেশক ব্ৰিটিছ সাম্রাজ্যভুক্ত কৰা হ’ল। নৱাবে যেতিয়া হাড়ে-মগজুৱে ভাবিলে যে তেওঁ কেৱল ইংৰাজৰ হাতৰ পুতলা, তেতিয়া তেওঁ দিল্লীৰ সম্ৰাটৰ লগত গোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। অয্যোধাৰ নৱাবক বছৰি বাৰ লাখ টকা পেঞ্চন দিয়া হৈছিল। কিন্তু ৰাজ্য কঢ়াৰ সলনি সেইটো তেওঁ গ্ৰহণ নকৰিলে। তদুপৰি ইংৰাজসকলে যেতিয়া মোগল শেষ সম্রাট বাহাদুৰ শ্বাহৰ ৰাজধানী দিল্লীখন তুলি আনি তাৰ পৰা ৬৫ মাইল দূৰৈত বহুৱাই তেওঁৰ পুতেকহঁতক সম্রাট উপাধি লোৱাৰ পৰা বঞ্চিত কৰিলে, তেতিয়া এই অপমান আৰু আত্মগ্লানি অসহ্যকৰ হৈ উঠিল।
ক্ৰমাৎ, ইংৰাজৰ উচ্ছেদ সাধনৰ নিমিত্তে এইবোৰ অসন্তোষ অবিশ্বাসেই লংকাদাহৰ অগ্নিত পৰিণত হ’লগৈ। কাপুৰ, ঝাজি, মীৰাট, বাৰাণসী, ইলাহাবাদ, বেহাৰত একোটা একোটা আগ্নেয়গিৰি প্ৰস্তুত হ’ল। চহকী-দুখীয়া, নগৰীয়া গাঁৱলীয়া, হুজুৱা-বিষয়া সকলোৰে মনত একেটি কথা খেলিবলৈ ধৰিলে— কেনেকৈ ভাৰতভূমিত স্বৰাজ আৰু স্ব-ধৰ্ম প্ৰতিষ্ঠা কৰা হয়, কেনেকৈ ভাৰতৰ পৰা ইংৰাজক খেদিব পাৰি। খেদিব লাগিব নিশ্চয়; কিন্তু কলা-কৌশল, সুযোগ-সুবিধা, ভিন্ন ভিন্ন ভাবাপন্ন জনমত একে নহ’লেতো নোৱাৰি। গতিকে সকলোৱে সেই সুযোগৰ অপেক্ষাত ৰ’ল।
ব্ৰিটিছে দেশ দখল কৰি সৈন্য বিভাগৰ সৰহ ভাগকে ভাৰতীয় কৰি লৈছিল। তেওঁবিলাকৰ কাৰ্য পৰ্যবেক্ষণ কৰিবলৈ আৰু তেওঁবিলাকক আদেশ দিবলৈ ভাৰতীয় অধিনায়ক বা কাপ্তান নিয়োগ কৰা নহৈছিল। ফৌজ মাত্রেই ইংৰাজ সেনাপতিৰ দ্বাৰাইহে পৰিচালিত হৈছিল। ব্ৰিটিছসকলে চিপাহীবিলাকক কামত সুমুৱাওঁতে তেওঁলোকৰ জাত-কুল ৰক্ষা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছসকলে সেই প্রতিশ্রুতি নাৰাখিলে। ব্ৰিটিছসকলে খাৰ-বাৰুদৰ টোটাবোৰ গৰু-গাহৰিৰ চৰ্বী মিহলাই বনাবলৈ ধৰিলে। হিন্দু-মুছলমানক গৰু-গাহৰিৰ চৰী চেলেকাই খ্রিষ্টান গৱৰ্ণমেণ্টে এইদৰে জাতি-কিষ্টা মাৰিবলৈ ফান্দ পাতিছিল। কুজ-কাৱাজ কৰাৰ আগতে চিপাহীবিলাকে এই টোটাবোৰ দাঁতেৰে কামুৰি খাৰবোৰ উলিয়াই ল’ব লাগিছিল। ভাৰতীয় চিপাহীসকলে এই সম্পর্কে জ্ঞাত নাছিল তাৰপিছত তেওঁলোকে এই কথা গম পাই আগন্তুক বিপদে যেনেকৈ সকলোকে মৈয়াই সমান কৰি পেলায়, এই জাতমৰা কথাষাৰেও তেনেকৈ শত ভেদাভেদ আঁতৰাই দুৰ্বলী, নিরুৎসাহী, জাত-অভিমানী চিপাহীহঁতক সবল, উৎসাহী আৰু সাম্যভাবৰ কৰি পেলালে।
১৮৫৭ চনৰ মাৰ্চ মাহত তেওঁলোকে ঘোষণা কৰিলে যে সিহঁতে এই নতুন টোটা ব্যৱহাৰ নকৰে, আনকি, সেই টোটা ব্যৱহৃত হোৱা বন্দুকো ব্যৱহাত নকৰে। পিছত বহমপুৰৰ ইংৰাজ অধিনায়ক আৰু বিষয়াবিলাকে তেওঁলোকক অর্থাৎ চিপাহীবোৰক নানা ছলাহী কথাৰে পতিয়ন নিয়াব খুজিছিল যদিও ব্যর্থ নহ’ল। ২৯ মাৰ্চৰ দিনা মংগল পাণ্ডে নামৰ এজন চিপাহীয়ে ফৌজৰ চার্জেন্ট জেনালেক গুলীয়াই মাৰিছিল। দমদমৰ ওচৰৰ বাৰাকপুৰৰ পৰাই এই বিদ্ৰোহৰ ফিৰিঙতি বিদ্যুৎ সঞ্চাৰে গোটেই ভাৰতত ওফৰি পৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰণালীৰ বিৰুদ্ধে, হাত গৌৰৱ উদ্ধাৰ কৰিবলৈ চল চাই থকা বিচক্ষণ ভাৰতীয়সকলৰ অন্তৰত আগৰে পৰা যিকুৰা জুই উমি উমি জ্বলি আছিল, মংগল পাণ্ডেৰ এনে দুঃসাহসিক কার্যই তাক বেছিকৈহে বঢ়াই তুলিলে, ফলত ভাৰতৰ এই মুক্তি স্পৃহা ভাৰতীয়ৰ লগত ব্ৰিটিছ কৰ্তৃপক্ষৰ তুমুল সংঘর্ষ হ’ল। চাওঁতে চাওঁতে লাখ-লাখ ভাৰত সন্তান স্বাধীনতা সংগ্ৰামৰ অগ্নিকুণ্ডত প্ৰাণ বিসর্জন দিলে। ভাৰত-উদ্ধাৰৰ নিমিত্তে হিন্দু-মুছলমানৰ টোপাটো তেষ বৰষিলে । দিল্লী অৱৰোধ, পলাশীৰ প্ৰতিশোধ, কাণপুৰ আৰু ছেকেণ্ডৰাবাদৰ হত্যাত তেজৰ নৈ বৈ গ’ল। সামৰিক বিষয়াই মুছলমান বিদ্ৰোহীক গাহৰি ছালেৰে সী, গোটেই গাটোত গাহৰি চৰ্বি সানি স্বাধীনতা প্ৰচেষ্টাৰ পোতক তুলিলে হিন্দু বিদ্ৰোহীক জুমে জুমে শাৰী পতাই থিয় এফালৰ পৰা গুলীয়াই হত্যা কৰিলে।
ইয়াৰ প্ৰতিৰোধ কৰিবলৈ গৈয়েই দুই লাখ মুক্তি যুঁজাৰু ভাৰতীয়ই অকালতে তেওঁবিলাকৰ প্ৰাণ বিসর্জন দিলে। স্বাধীনতাৰ নিমিত্তে এই যে দুই লাখ পুৰুষ-সিংহৰ আত্মোৎসর্গ, ইয়েই হৈছে ব্ৰিটিছ আমোলত ভাৰতজোৰা স্বাধীনতাৰ প্ৰথম যুদ্ধ আৰু ইয়েই সংঘটিত হয় ১৮৫৭ত। ভাৰতত পূব প্রাপ্তত থকা অসমেও স্বাধীনতা যুদ্ধৰ বিদ্ৰোহত আগভাগ লৈছিল। দূৰত্বৰ প্রতিবন্ধক থাকিলেও আৰু সাম্ৰাজ্যভুক্তিত কালৰ ন্যূনতা হ’লেও ব্ৰিটিছ গৱৰ্ণমেন্টে সদৌ হিন্দুস্তানতকৈ অসমৰ ডিঙিত দাসত্বৰ জিজিৰি পিন্ধাবলৈ অতিশয় সতৰ্কতাৰে কুটস্থালি নীতি প্ৰৱৰ্তন কৰিছিল। ইয়াক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি গৈছিল মণিৰাম দেৱান। তাৰ বাবেই ব্ৰিটিছে তেওঁক ফাঁচিকাঠত ওলোমাইছিল। সেয়ে ১৮৫৭ চনৰ স্বাধীনতা যুদ্ধ মানেই মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচি ।
৭। ‘সাতাৱন ছাল’ পাঠটিৰ প্ৰবন্ধশৈলীৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ বেণুধৰ শৰ্মাৰ ভাষাৰীতি বা প্ৰকাশিকা শক্তিৰ কেইটামান বৈশিষ্ট্য হল―
(ক) বেণুধৰ শৰ্মাৰ ভাষা নিটোল অর্থাৎ (balanced) বা সজ্বলিত।
(খ) সাধাৰণ অসমীয়া শব্দৰ মধুৰ ব্যৱহাৰ তেওঁৰ ভাষাৰীতিৰ এটি বিশিষ্ট অংগ।
(গ) তেওঁ নিজৰ উপমা, ৰূপক আৰু নিজৰ গঠন-ৰীতি ব্যৱহাৰ কৰি ভাষাক এটি অভিনৱ ঘৰুৱা ৰূপ দিছিল।
(ঘ) শৰ্মাৰ ভাষা যুক্তিনিষ্ঠ, স্পষ্ট, সৰল, সাৱলীল আৰু বৰ্ণনা বাহুল্যবর্জিত।
(ঙ) কোনো কোনো ঠাইত তেওঁৰ ভাষা কাব্যসুলভ গদ্য হোৱাৰ লগতে ছন্দৰে মনোৰম হৈ উঠা দেখা যায়।
(চ) বেণুধৰ শৰ্মাৰ কথাশৈলীৰ আটাইতকৈ মনোৰম গুণ হ’ল – কল্পনাময় চিত্র গুণ।
(ছ) অৱহেলিত শব্দক ৰীতিবদ্ধ কৰি শিল্পীসুলভ কৌশলেৰে ভাষাত স্থান দি ব্যৱহাৰৰ উপযোগী কৰি তোলে কাকতিদেৱে।
(জ) তেওঁৰ ৰচনাক অধিক অর্থবহ আৰু নিটোল কৰি তুলিবলৈ তৎসম শব্দ, সংস্কৃতৰ উপমা অলংকাৰ, খণ্ডবাক্য বা বাক্যাংশৰ প্ৰয়োগ কৰিছে।
(ঝ) বেণুধৰ শৰ্মাৰ ৰচনাৰ আন এটি প্রধান বিশেষত্ব হ’ল— সু-সংগঠিত ৰূপত বক্তব্য প্ৰকাশ। অৰ্থাৎ প্ৰতিটো প্ৰবন্ধৰে আৰম্ভণি, বিকাশ আৰু শেষ এই তিনিটা স্তৰ সুনিয়ন্ত্রিত ৰূপত পোৱা যায়।