ঔপনিৱেশিক অসমত ব্রিটিছসকলে আৰম্ভ কৰা শিক্ষা সংস্কাৰৰ গুৰুত্ব – Analysis of the Importance of Educational Reforms Introduced by the British in Colonial Assam
আৰম্ভণি
পঞ্চদশ শতিকাৰ অন্ত ভাগৰ পৰা ইউৰোপৰ ধৰ্মীয় মিছনেৰীসকল ভাৰতলৈ প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমে পৰ্টুগীজসকলে ভাস্কো-ডা-গামাৰ নেতৃত্বত ১৪৯৮ চনত কালিকটত ভৰি ৰখে। তাৰ পিছতে ডাচ, ডেনিছ, ফৰাচী আৰু ইংৰাজসকলে এই দেশলৈ প্ৰৱেশ কৰে। মূল উদ্দেশ্য আছিল ব্যৱসায়-বাণিজ্য, কিন্তু ভাৰতৰ ৰাজনৈতিক অপৰিপক্কতা দেখি তেওঁলোকে সাম্ৰাজ্য স্থাপন কৰাৰ চকু মেলে আৰু ইয়াৰ বাবে পৰস্পৰে প্ৰতিদ্বন্দ্বিতাত নামি পৰে। অৱশেষত, ইংৰাজসকলে সকলো প্রতিদ্বন্দী পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা কৰে।

পৰ্টুগীজসকলে প্ৰথম ইউৰোপীয় শক্তি হিচাপে ভাৰতত উপস্থিতি স্থাপন কৰিছিল। তেওঁলোকে গোৱা, দমন, দিউ আৰু বম্বেত ঘাঁটি স্থাপন কৰি, মাদ্ৰাজৰ চেনঠম আৰু বংগৰ হুগলী, চিটাগংত নিজৰ বাণিজ্যিক আৰু ধৰ্মীয় ক্ৰিয়াকলাপ বিস্তাৰ কৰিছিল। তেওঁলোকে প্ৰাথমিক বিদ্যালয় স্থাপন কৰি স্থানীয় ভাষা, ধৰ্ম, পাটিগণিত, শিল্প আৰু পোৰ্তুগীজ ভাষাত শিক্ষা দিছিল। উচ্চ শিক্ষাৰ বাবে জেচুইট কলেজ স্থাপন কৰিছিল, য’ত লেটিন, ধৰ্ম, তৰ্ক আৰু সংগীত শিকোৱা হৈছিল, লগতে ধৰ্মযাজকসকলক প্ৰশিক্ষণ দিয়া হৈছিল।
এজন প্ৰসিদ্ধ পৰ্তুগীজ মিছনেৰী আছিল চেইণ্ট জেভিয়াৰ (St. Xavier), যিয়ে ১৫৪২ চনত ভাৰতত খ্ৰীষ্ট ধৰ্ম প্রচাৰ কৰিবলৈ গাঁও গাঁও ঘূৰি ফুৰিছিল আৰু পুথি বিলাইছিল। ১৫৭৫ চনত বম্বেৰ বান্দ্ৰাত তেওঁ ‘চেইণ্ট এনি’ নামে বিশ্ববিদ্যালয় স্থাপন কৰে। তেওঁৰ স্মৃতিত বৰ্তমান বহু শিক্ষা প্ৰতিষ্ঠান দণ্ডায়মান। ১৫৭৫ চনত গোৱাত প্ৰথম জেচুইট কলেজ স্থাপন হৈছিল, য’ত ৩০০ জন শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিছিল। আকবৰেও এই কলেজসমূহৰ পৰা অনুপ্ৰাণিত হৈ আগ্ৰাত এনে এটা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। চিকিৎসা বিজ্ঞানত গাৰ্চিয়া-ডা-অৰ্টা (Garcia-da-Orta) নামৰ এজন পৰ্তুগীজ পণ্ডিতই ভাৰতৰ বনৌষধৰ ওপৰত প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল।
কিন্তু ১৭ শতিকালৈ অহা সময়ছোৱাত পৰ্তুগীজসকলৰ কাৰ্যকলাপ হ্ৰাস পাব ধৰিলে। ধৰ্মীয় অসহনশীলতা আৰু ইউৰোপীয় প্ৰতিদ্বন্দ্বিতাৰ লগতে আফ্ৰিকাৰ আৰু ব্ৰাজিলৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগ বাঢ়ি যোৱাৰ ফলত ভাৰতত তেওঁলোকৰ প্ৰভাৱ সীমিত হৈ পৰে। সেয়ে পোৰ্তুগীজ মিছনেৰীসকলৰ শিক্ষাৰ প্ৰচেষ্টা দীঘলীয়া প্ৰভাৱ পেলাব পৰা নাছিল।
ডেনিছ মিছনেৰীসকল ভাৰতত শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান ৰাখে। ১৭১৭ চনত ডেনিছ মিছনেৰীসকলে মাদ্ৰাজ, টাঞ্জোৰ, ত্ৰিচিনাপল্লি, তিনাভেলি আৰু শ্ৰীৰামপুৰত কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীন অঞ্চলত কাৰ্য কৰিব পাৰিছিল, আৰু সেইবাবে তেওঁলোকে ইংৰাজসকলৰ সহযোগত শিক্ষা বিস্তাৰত অৱদান আগবঢ়াইছিল।
দক্ষিণ ভাৰতত ডেনিছ মিছনেৰীৰ দুজন উল্লেখযোগ্য নেতা আছিল জিগেনবাগ (Ziegenbalg) আৰু প্লুষ্টস (Plustschou), যিয়ে ১৭০৬ চনত ত্ৰাঙ্কোবাৰত কাৰ্য আৰম্ভ কৰে। তেওঁলোকে তামিল ভাষাত ১৭১০ চনত প্ৰেছ স্থাপন কৰিছিল আৰু শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল। মাদ্ৰাজত দুটা চেৰিটি স্কুল, এখন পৰ্তুগীজ আৰু এখন তামিল ল’ৰা-ছোৱালীৰ বাবে, স্থাপন কৰিছিল। জিগেনবাগৰ মৃত্যু (১৭১৯) পাছত গ্ৰান্দলাৰ আৰু স্কোৱাৰ্টজে এই কাৰ্য অৱ্যাহত ৰাখিছিল। গ্ৰান্দলাৰে ১৭১৭ চনত মাদ্ৰাজত নতুন স্কুল স্থাপন কৰিছিল, আৰু ১৭৪২ চনত কায়েনন্দাৰে ইউৰেছীয়া আৰু ভাৰতীয়সকলৰ বাবে চেৰিটি স্কুল খোলে।
ৰবাৰ্ট ক্লাইবে গ্ৰান্দলাৰক কলিকতালৈ আনি ১৭৫৮ চনত এখন চেৰিটি স্কুল খোলায়। মাদ্ৰাজত ফ্ৰেডৰিক স্কোৱাৰ্টজে হাইদৰ আলীৰ দানৰ দ্বাৰা স্কুল স্থাপন কৰে, লগতে জন সুলিভানে দিয়া সহায়ত তাঞ্জোৰ, ৰমেন্দ্ৰপুৰম, শিৱগংগাত ইংৰাজী স্কুল স্থাপন কৰে, যি আছিল ভাৰতৰ প্ৰথম ইংৰাজী মাধ্যম স্কুল। ইয়াত ইংৰাজী, পাটিগণিত, তামিল, হিন্দী আৰু খ্ৰীষ্টীয় ধৰ্মতত্ত্বৰ শিক্ষা দিয়া হৈছিল। লগতে তেওঁলোকে স্থানীয় ভাষাত মুছলমানসকলৰ বাবে বিদ্যালয় খুলি বাইবেল অনুবাদ কৰিছিল আৰু তামিল ভাষাৰ ব্যাকৰণ লিখিছিল। তেওঁলোকে প্ৰায় ৫০,০০০ জন লোকক ধৰ্মান্তৰ কৰাইছিল। ১৮৪৫ চনত ডেনিছ মিছনেৰীসকলে ভাৰত এৰি গুচি যায়।
১৮১৩ চনৰ চাৰ্টাৰ আইন আৰু দেশীয় শিক্ষা ব্যৱস্থা (Charter Act of 1813 and Indigenous Education System)
১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাত উল্লেখ কৰা হৈছিল যে প্ৰতিবছৰ ১ লাখ টকা ভাৰতীয় সাহিত্যৰ পুনৰুত্থান, উন্নতি আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই ধাৰাটো ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় সচেতনতা আৰু চৰকাৰী পদক্ষেপৰ প্ৰথম উদাহৰণ। দেশীয় শিক্ষাৰ দুৰ্বল অৱস্থা উন্নত কৰিবলৈ চৰকাৰী বিত্তীয় সহায়ৰ প্ৰয়োজনীয়তা স্বীকৃত হৈছিল। কিন্তু এই আইনৰ নিৰ্দেশাৱলীত শিক্ষাৰ নীতি সম্পৰ্কে বিতর্ক আৰু প্ৰাচ্য-পাশ্চাত্য সমৰ্থকসকলৰ মাজত দীঘলীয়া বিবাদৰ সূচনা কৰে। এই বিবাদৰ মূল কাৰণ আছিল শিক্ষাৰ নীতি সম্পৰ্কে বিতর্ক, আইনখনৰ অস্পষ্ট নিৰ্দেশ, আৰু শিক্ষাৰ বিষয়ত কোম্পানীৰ উপযুক্ত কৰ্তৃপক্ষৰ অভাৱ। বিবাদৰ মুখ্য বিষয়সমূহ আছিল শিক্ষাৰ লক্ষ্য-উদ্দেশ্য কি হ’ব, শিক্ষাদানৰ মাধ্যম কি হ’ব (সংস্কৃত নে ইংৰাজী), শিক্ষাদানৰ কৰ্তৃত্ব কোনে ল’ব, আৰু শিক্ষাদান কেনে পদ্ধতিৰে দিব। ইংৰাজ আগমনৰ আগেয়ে ভাৰতত শিক্ষা ব্যৱস্থা গুৰুকুল প্ৰথাত আধাৰিত আছিল, য’ত গুৰুৱেই শিক্ষাৰ মূলকেন্দ্ৰ আছিল। পাছত ‘টোল’ আৰু ‘পাঠশালা’ আদি শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল আৰু মুছলমান ৰাজত্বকালত ‘মক্তাব’ আৰু ‘মাদ্ৰাছা’ৰ দৰে প্রতিষ্ঠানসমূহ দেখা গ’ল। এইসকল শিক্ষানুষ্ঠান চৰকাৰী নিয়ন্ত্ৰণৰ বাহিৰত আছিল আৰু প্ৰধানকৈ উচ্চ বৰ্গৰ ছাত্ৰসকলেহে ইয়াত শিক্ষা লাভ কৰিছিল।
👉 Read Also: Educational Administration And Management – Educational Planning
স্বাধীনতাৰ পূৰ্বৰ অসমত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিকাশ (Development of Primary Education System in Assam Before Independence)
চীনদেশী তীৰ্থযাত্ৰী হিউ-এন-চাংৰ বিবৰণত ৭শ শতিকাত কামৰূপৰ ৰাজা ভাস্কৰবর্মনৰ সময়ৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ কথা পোৱা যায়। তেওঁ শিক্ষাৰ প্ৰসাৰত বিশেষ উৎসাহী আছিল। সেই সময়ত ‘গুৰুকুল’ প্ৰথাৰ জৰিয়তে শিক্ষাদান কৰা হৈছিল, য’ত ছাত্ৰসকলে বেদ, বেদাঙ্গ, স্মৃতি আদি ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিছিল। অসমৰ সাঁচিপটত পুথি লিখাৰ প্ৰথা আৰম্ভ হৈছিল। লিপিৰ আগমনৰ আগতে মুখে-মুখে শিক্ষাদান চলিছিল।
১২২৮ চনৰ পৰা প্রায় ৬০০ বছৰ ধৰি আহোমসকলে অসম শাসন কৰাৰ সময়তো শিক্ষাক গুৰুত্ব দিয়া হৈছিল আৰু ইতিহাস সংৰক্ষণৰ বাবে পুথি লিখা হৈছিল। অসমত নিজস্ব ধৰণৰ কিছু শিক্ষা প্ৰতিষ্ঠান আছিল-
- হিন্দুৰ বাবে পাঠশালা,
- ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ হিন্দুৰ বাবে টোল,
- মুছলিমৰ বাবে মক্তাব, আৰু
- বৈষ্ণৱসকলৰ বাবে সত্ৰ।
এই সকলো প্রতিষ্ঠান অধিক সংগঠিত নাছিল, কিন্তু সেই সময়ৰ জনসাধাৰণলৈ শিক্ষা প্ৰসাৰত ই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
অসমত ব্রিটিছসকলৰ দ্বাৰা আৰম্ভ কৰা শিক্ষা ব্যৱস্থা (Education System Introduced by the British in Assam)
অসম হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰা ভাৰতৰ শেষ ৰাজ্য। ১৮২৬ চনত ব্ৰহ্মদেশৰ মানসেনা আৰু ইংৰাজসকলৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজ শাসনৰ অধীনলৈ আহে। অসম দখল কৰাৰ পাছত প্ৰথমে অসমৰ উপত্যকা বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ অধীনত ৰাখা হয়। মানস ৰজাৰ পৰা অসম পুনৰুদ্ধাৰ কৰি শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে অসমৰ শাসন ব্যৱস্থা ডেভিড স্কটৰ হাততেই আছিল। ১৮২৭ আৰু ১৮২৮ চনত অসম উপত্যকাক দুটা অংশত বিভক্ত কৰা হয়, উজনি আৰু নামনি অসম। দুয়োখন অংশত এজনকৈ এচিষ্টেণ্ট কমিচনাৰ নিযুক্তি কৰা হৈছিল। ডেভিড স্কটই অসমত বন্দী-বেটা প্ৰথা ৰদ কৰে আৰু মাটি বন্দোবস্তত ৰূপিত, বস্তি আৰু ফৰিঙ্গতি বুলি তিনি শ্ৰেণীত বিভাজন কৰে।
১৮৭৪ চনলৈকে অসমক বংগদেশৰ এক অংশ হিচাপে কোম্পানীয়ে ইয়াৰ প্ৰশাসন চলায়। কলিকতাত অসম প্ৰশাসনৰ মুখ্য কাৰ্যালয় স্থাপন কৰি গভৰ্ণৰ জেনেৰেলৰ এজেন্ট বা প্রতিনিধি হিচাপে ডেভিদ স্কট্ অসমলৈ আহে। অৱশ্যে ইংৰাজ শাসনৰ পূৰ্বেই খ্ৰীষ্টীয়ান মিছনেৰীসকলে অসমৰ ধৰ্মীয় আৰু শৈক্ষিক ক্ষেত্ৰত কাৰ্য আৰম্ভ কৰিছিল। শ্ৰীৰামপুৰৰ মিছনেৰীসকল বিশেষ উল্লেখযোগ্য।
১৮৩৬ চনত আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে ড° নাথন ব্ৰাউন আৰু অলিভাৰ টি. কাৰ্টাৰৰ নেতৃত্বত অসমত আগমন কৰে। তেওঁলোকে শদিয়াত কেন্দ্ৰ স্থাপন কৰে আৰু শিক্ষা-ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। স্থানীয় ভাষাত পাঠ্যপুথি ৰচনা আৰু স্কুল স্থাপন কৰে। কিন্তু ১৮৩৯ চনত খামথি-চিংফৌসকলৰ বিদ্ৰোহৰ বাবে তেওঁলোকে জয়পুৰলৈ কেন্দ্ৰ সলায়। পিছলৈ শিৱসাগৰ, নগাঁও, তেজপুৰ, গুৱাহাটীলৈও কাৰ্য বিস্তাৰ কৰে। ১৮৪৫ চনত গুৱাহাটীত বেপ্তিষ্ট চাৰ্ছ স্থাপন কৰে।
মিছনেৰীসকলৰ মহিলা শাখাই ‘জানানা স্কুল’ স্থাপন কৰি অসমত মহিলা শিক্ষাৰ আৰম্ভণি কৰে। যদিও এই বিদ্যালয় জনসমৰ্থনৰ অভাৱত বন্ধ হৈ যায়, ইয়াত প্ৰথমবাৰ সম্ভ্রান্ত ঘৰৰ ছোৱালীসকল শিক্ষাৰ সুযোগ পাইছিল।
১৮৪১ চনত ৱেলচ প্ৰেছবিটেৰিয়ান মিছনেৰীসকলে অসমত আগমন কৰে। তেওঁলোকে শ্বিলঙত মুখ্য কেন্দ্ৰ স্থাপন কৰি খাছীয়া আৰু জয়ন্তীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুল স্থাপন কৰে। ইয়াৰ ফলত পাহাৰীয়া অঞ্চলত শিক্ষাৰ হাৰ সমতলভূমি অঞ্চলতকৈ বেছি বৃদ্ধি পায়। তেওঁলোকে চুৰমা উপত্যকা আৰু লুচাই পাহাৰতো কেন্দ্ৰ স্থাপন কৰে। ছাৰ্লচ উডৰ ১৮৫৪ চনৰ শিক্ষা প্ৰতিবেদনত এই মিছনেৰীসকলৰ শিক্ষাত অৱদানৰ প্রশংসা কৰা হয়।
১৯ শতিকাৰ শেষভাগত চাৰ্ছ মিছনেৰী চছাইটি অসমৰ দৰঙ জিলাত কেন্দ্ৰ স্থাপন কৰে। কছাৰীসকলৰ মাজত তেওঁলোকে ধৰ্ম আৰু শিক্ষাৰ বিস্তাৰ কৰে।
অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদান বিশেষ স্মৰণীয়। ইংৰাজ শাসকসকলে ১৮৩৬ চনত বংগ ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল, কিন্তু মিছনেৰীসকলে তেওঁলোকৰ ভুল ধাৰণা সংশোধন কৰিবলৈ সহায় কৰে। প্ৰথম অৱস্থাত অসমীয়া জনতাই ইংৰাজক স্বাগতম জনাইছিল, কিন্তু পিছলৈ স্বাধীনচেতা অসমীয়াই ইংৰাজ শাসনৰ প্ৰতি আকৰ্ষণ হেৰুৱাই বিৰোধিতাত নামি যায়। এনে পৰিস্থিতিত ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰ আহোম ৰাজত্ব পুনঃপ্ৰতিষ্ঠাৰ উদ্দেশ্যে বিদ্ৰোহ ঘোষণা কৰে, যদিও সেই বিদ্ৰোহ ব্যৰ্থ হয়। তাৰ পাছত কেইবাজনো আহোম নেতাই ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰে। ফলস্বৰূপ, ১৮৩৩ চনৰ ২ মাৰ্চ তাৰিখে এখন চুক্তিৰ জৰিয়তে পুৰন্দৰ সিংহক শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে ধনশিৰী নদীৰ পূব দিশৰ উজনি খণ্ডৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। এই চুক্তি অনুসাৰে পুৰন্দৰ সিংহ ইংৰাজৰ আধিপত্যৰ অধীন হৈ পৰে। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক গদিচ্যুত কৰি সমগ্ৰ অসমক স্থায়ীভাৱে নিজৰ অধিকাৰত লৈ যায়।
আনন্দৰাম ঢেকিয়াল ফুকন, ৰেভাৰেণ্ড ব্ৰনচন, মিলচ্ আদি অসমীয়া ভাষাৰ পক্ষে কঠোৰ চেষ্টা কৰে। ফলত ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পায়।
শ্ৰীৰামপুৰৰ মিছনেৰীসকলে ১৮১৩ চনত আত্মাৰাম শৰ্মাৰ সহযোগত অসমীয়ালৈ ‘বাইবেল’ অনুবাদ কৰে, যি অসমীয়া ভাষাৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। ১৮৩৯ চনত উইলিয়াম ৰবীনচনে প্ৰথম অসমীয়া ব্যাকৰণ প্ৰকাশ কৰে। ১৮৪৪ চনত কাশীৰাম তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’ প্ৰকাশিত হয়। ড° নাথন ব্ৰাউনে ১৮৪৬ চনত প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুনোদয়’ প্ৰকাশ কৰে।
তাৰ পাছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ জোঁৱাৰে অসমো আৱদ্ধ হয়। অসমত ইংৰাজৰ অত্যাচাৰত ক্ষুব্ধ হৈ কিছুমান জনতাই চিপাহী বিদ্ৰোহ আৰম্ভ কৰে। সেই আন্দোলনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱা আদি দেশপ্ৰেমীক ফাঁচি দিয়া হয়। চিপাহী বিদ্ৰোহৰ পাছত অসমৰ শাসনব্যৱস্থা এজন কমিচনাৰৰ হাতলৈ যায়। বিদ্ৰোহটোৱে অসমীয়া মানুহৰ মনে স্বাধীনতাৰ স্পৃহা পুনৰুজ্জীৱিত কৰে। ড° মাইলচ ব্ৰনচনে ১৮৬৭ চনত প্ৰথম অসমীয়া-ইংৰাজী শব্দকোষ প্ৰস্তুত কৰে। ১৮৭৭ চনত অসমীয়া ভাষাৰ প্ৰথম উপন্যাস ‘কামিনী কান্ত’ প্ৰকাশিত হয়। মিছনেৰীসকলে ‘Pilgrim’s Progress’ আদিকে অসমীয়ালৈ অনুবাদ কৰে আৰু ভাষা-সাহিত্যৰ সাধনাত বহু কেইজন অসমীয়াক অনুপ্ৰেৰণা দিয়ে।
অৱশেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অসমে অংশগ্ৰহণ কৰে। তাৰ পাছত অসমে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ অব্যাহত ৰাখে, আৰু ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰে সৈতে অসমৰো ইংৰাজী শাসনৰ সমাপ্তি ঘটে।
২০ শতিকাৰ আৰম্ভণিতে লৰ্ড কাৰ্জনৰ উদাৰ নীতিৰ পাছতহে প্ৰাথমিক শিক্ষাত পুনৰ উদ্যম আহে। ১৯১৫ চনৰ অসম স্থানীয় স্ব-শাসন আইন অনুসৰি স্থানীয় সংস্থাসকলক প্ৰাথমিক আৰু মধ্যম শিক্ষা ব্যৱস্থাপনাৰ ব্যাপক ক্ষমতা দিয়া হৈছিল। অসমত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন ১৯২৬ চনত গৃহীত কৰা হয়।
👉 Read Also: Philosophical Foundation of Education – Concept of Education
অসম প্ৰাথমিক শিক্ষা আইন, ১৯২৬ৰ ব্যৱস্থা সমূহ (Provisions of the Assam Primary Education Act, 1926)
(ক) ই সমগ্ৰ অসমত প্ৰযোজ্য।
(খ) যিকোনো স্থানীয় সংস্থা তাৰ সভাত উপস্থিত সদস্যসকলৰ দুই-তৃতীয়াংশৰ সংখ্যাগৰিষ্ঠতাৰে বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে (৬-১১ বছৰৰ শিশুসকলৰ বাবে)।
(গ) স্থানীয় সংস্থাই চৰকাৰলৈ প্ৰস্তাৱ পঠাব লাগিব।
(ঘ) স্থানীয় সংস্থাই চৰকাৰলৈ সামগ্ৰিক খৰচ আৰু বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তনৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত খৰচৰ বিৱৰণ পঠাব লাগিব।
(ঙ) স্থানীয় সংস্থাই অতিৰিক্ত খৰচৰ এক-তৃতীয়াংশ বহন কৰিব আৰু ইয়াৰ বাবে শিক্ষা কৰ আৰোপ কৰিব।
(চ) চৰকাৰে অনুমোদন দিলে, বাকী দুই-তৃতীয়াংশ খৰচ প্ৰদান কৰিব।
(ছ) কোনো স্থানীয় সংস্থাই আঁচনি জমা নকৰিলে চৰকাৰে তাৰ পৰা আঁচনি বিচাৰিব পাৰে।
(জ) চৰকাৰে শিক্ষাৰ সৈতে জড়িত নিয়মাবলী নিৰ্ধাৰণ কৰিব পাৰে।
(ঝ) কোনো শিক্ষাৰ্থীৰ পৰা মাচুল লোৱা নহ’ব।
(ঞ) দৰিদ্ৰ শিশুসকলক কিতাপ-পত্ৰাদি বিনামূল্যে প্ৰদান কৰা হ’ব যদি শিক্ষা সমিতিয়ে অনুমোদিত কৰে।
(ট) স্থানীয় সংস্থা আৰু শিক্ষা সমিতিয়ে আইন প্ৰয়োগৰ দায়িত্ব ল’ব।
তথাপি, এই সময়ছোৱাত অসমত প্ৰাথমিক শিক্ষাই লাহে লাহে অগ্ৰগতি লাভ কৰিছিল। চৰকাৰৰ অনুদান প্ৰদানৰ ভুল নীতি, স্থানীয় বোৰ্ডসমূহৰ অদক্ষতা আৰু জনসাধাৰণৰ উদাসীন মনোভাৱই এই ধীৰগতিত অৱদান ৰাখিছিল। সীমিত সফলতাৰ বাবে আইনটো ১৯৩০ চনত সংশোধন কৰা হয়। এই সংশোধনে মৌলিক শিক্ষাক গুৰুত্ব দিছিল আৰু অসমলৈ সম্ৰাজ্য অনুদান মুক্তি কৰা হৈছিল। শিক্ষা ব্যৱস্থা সময়সাপেক্ষে প্ৰাথমিক (ভৰ্ণাকুলাৰ), উচ্চ/মাধ্যমিক আৰু কলেজ/উচ্চ শিক্ষালৈ বৰ্গীকৃত হৈ গ’ল। লগতে, টোল আৰু মাদ্ৰাছাৰ জৰিয়েও শিক্ষা প্ৰদান কৰা হৈছিল। ১৯৩৫ চনত প্রায় ১৬২ খন টোল আৰু ১২০ খন মাদ্ৰাছা আছিল।
খ্ৰীষ্টান মিছনাৰীসকলৰ অৱদান (Contributions of Christian Missionaries)
আধুনিক শিক্ষাৰ আৰম্ভণি আৰু অসমত ভাষা-সাহিত্যৰ উন্নতিৰ কৃতিত্ব খ্ৰীষ্টান মিছনাৰীসকলক দিয়া যায়। খ্ৰীষ্টান মিছনাৰীসকলে বিশেষকৈ আঞ্চলিক ভাষা উন্নয়ন আৰু জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। আমেৰিকান বাপ্তিষ্ট মিছনাৰী নেথান ব্ৰাউন আৰু অলিভাৰ কাটাৰে শিৱসাগৰত প্ৰায় ১৪ খন বিদ্যালয় স্থাপন কৰে। ১৮৪৬ চনত নেথান ব্ৰাউনৰ দ্বাৰা প্ৰথম অসমীয়া বাতৰি কাকত “অৰুণোদয়” প্ৰকাশ কৰা হৈছিল। তেওঁলোকে গাৰো পাহাৰ, খাচী-জয়ন্তিয়া পাহাৰ, নাগালেণ্ড, দৰং, নগাঁও, গুৱাহাটী আদি ঠাইত বিদ্যালয় স্থাপন কৰিছিল। তেওঁলোকে অসমীয়া ভাষাত বহু কিতাপ লিখিছিল। আন এজন বাপ্তিষ্ট মিছনাৰী মাইলছ ব্ৰন্সনে ১৮৬৭ চনত প্ৰথম অসমীয়া-ইংৰাজী অভিধান সম্পাদনা কৰিছিল।
খ্ৰীষ্টান মিছনাৰীসকলৰ মুখ্য অৱদানসমূহ:
ক) চেৰিটি স্কুল স্থাপন।
খ) ছাপাখানা স্থাপন।
গ) আঞ্চলিক ভাষাৰ উন্নয়নলৈ গুৰুত্ব।
ঘ) অনাথ শিশুৰ শিক্ষা।
ঙ) পাঠ্যপুথি মুদ্রণ আৰু প্ৰকাশ।
চ) বাতৰি কাকত প্ৰকাশ।
ছ) কিতাপ অসমীয়ালৈ অনুবাদ।
অসমত ব্ৰিটিছসকলৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ (Impact of the British on the Field of Education in Assam)
অসমত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপস্থিতিয়ে পূৰ্ব-স্বাধীনতা যুগৰ শিক্ষা ব্যৱস্থাত এক বিশেষ পৰিবৰ্তন আনিছিল। এই সময়ছোৱাত পশ্চিমী ধৰণৰ শিক্ষাৰ প্ৰৱৰ্তন হোৱা দেখা যায়, যাৰ দ্বাৰা আধুনিক শিক্ষাৰ যাত্ৰা আৰম্ভ হৈছিল। যদিও ইয়াৰে ফলত বিদ্যমান স্বদেশীয় শিক্ষা ব্যৱস্থা প্ৰভাৱিত হৈছিল, তথাপি ইয়াৰ এক দীঘলীয়া প্ৰভাৱ লক্ষ্য কৰা যায়।
১। পশ্চিমী ধৰণৰ শিক্ষাৰ প্ৰৱৰ্তন (Western Education)
ক) ব্ৰিটিছসকলে পশ্চিমী শিক্ষাৰ ধাৰণাক আগবঢ়াইছিল, য’ত ইংৰাজী ভাষা আৰু সাহিত্যৰ লগতে বিজ্ঞান আৰু গণিতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।
গ) এই শিক্ষাৰ লক্ষ্য আছিল ৰাজহুৱা কৰ্মত নিযুক্তিৰ বাবে লোকসকলক প্ৰস্তুত কৰা আৰু তেওঁলোকক উপনিৱেশিক প্ৰশাসনৰ সৈতে সম্পৃক্ত কৰি তোলা।
ঘ) ১৮৩৫ চনত স্থাপিত গুৱাহাটী ছেমিনাৰী (পিছত গুৱাহাটী ইংলিছ হাই স্কুল নামেৰে পৰিচিত) আছিল এই সময়ৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ মাইলফলক, যি অসমৰ মধ্যম বিদ্যালয় শিক্ষাৰ সূচনা হিচাপে গণ্য কৰা হয়।
ঙ) এই শিক্ষাৰ লগত আগবঢ়া পশ্চিমী চিন্তাধাৰা আৰু শিক্ষাৰ নৱপথে অসমৰ লোকসকলৰ মানসপটত পৰিবৰ্তন আনিছিল।
২। খ্ৰীষ্টান মিছনাৰীসকলৰ প্ৰভাৱ (Impact of Christian Missionaries)
ব্ৰিটিছৰ লগতে খ্ৰীষ্টান মিছনাৰীসকলেও শিক্ষাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
ক) তেওঁলোকে স্কুল স্থাপন কৰি বিশেষকৈ ছোৱালীৰ শিক্ষা প্ৰচাৰ কৰিছিল।
খ) ইংৰাজীক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত মিছনাৰীসকলে মুখ্য ভূমিকা লৈছিল, যাৰ দ্বাৰা পশ্চিমী শিক্ষা ধাৰণাৰ প্ৰসাৰ ঘটিছিল।
গ) ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ আগ্ৰহে পৰম্পৰাগত সমাজ ব্যৱস্থাতো নতুন বাতাবৰণৰ সৃষ্টিৰ সূচনা কৰিছিল।
৩। স্বদেশীয় শিক্ষাৰ ওপৰত প্ৰভাৱ (Impact on Indigenous Education)
ক) প্ৰথম অৱস্থাত ব্ৰিটিছসকলে অসমৰ স্বদেশীয় শিক্ষা ব্যৱস্থা সমৰ্থন কৰিছিল। দেভিড স্কটৰ দৰে কৰ্তৃপক্ষই এই দিশত প্ৰচেষ্টা হাতত লৈছিল।
খ) তথাপি পশ্চিমী শিক্ষাৰ প্ৰৱৰ্তনেৰে সময়চোৱাত পৰম্পৰাগত শিক্ষা কেন্দ্ৰসমূহ যেনে “টোল” আৰু “মাদ্ৰাছা” সময়সাপেক্ষে হ্ৰাস হৈছিল।
গ) এই স্থানসমূহত মূলত ধৰ্মীয় শিক্ষা, সংস্কৃত, আৰবি, ফাৰ্ছী আদি ভাষাৰ শিক্ষা দিয়া হৈছিল, কিন্তু পশ্চিমী ধৰণৰ পাঠ্যসূচীৰ বাবে দেশীয় শিক্ষাৰ প্ৰাসংগিকতা হ্ৰাস পাইছিল।
ফলস্বৰূপে, অসমৰ শিক্ষা পদ্ধতি এখন স্থানীয়-ধৰ্মীয় প্ৰভাৱৰ পৰা পশ্চিমী ধাৰণাত স্থানান্তৰ হৈ গৈছিল।
৪। শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বৃদ্ধি (Growth of Educational Institutions)
ক) ব্ৰিটিছ শাসনকালত শিক্ষাৰ প্ৰতিষ্ঠানৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছিল।
খ) ই ইংৰাজী আৰু আঞ্চলিক ভাষাত শিক্ষা আগবঢ়োৱা বিদ্যালয় উভয়কো সামৰি লৈছিল।
গ) ১৮৭৫ চনলৈকে অসমৰ ভিতৰত সাধাৰণ শিক্ষাৰ বাবে ১,২৯৩ খন শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি উঠিছিল, য’ত প্ৰায় ৩১,৪৬২ জন শিক্ষাৰ্থীৰ নামভৰ্তি হৈছিল।
ঘ) ইয়াৰ উপৰিও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় (Teacher Training Schools) স্থাপন কৰা হৈছিল, য’ত নতুন শিক্ষণ পদ্ধতিৰ সৈতে শিক্ষকৰ পৰিচয় কৰোৱা হয়।
ঙ) ব্ৰিটিছ নীতি অনুসৰি, স্থানীয় বিদ্যালয়সমূহক “গ্ৰান্ট-ইন-এইড” পদ্ধতিৰে আৰ্থিক সহায় প্ৰদান কৰা হৈছিল, যি পৰিচালনাত এক নতুন অধ্যায় মুকলি কৰিছিল।
৫। সমস্যাৱলী আৰু সীমাবদ্ধতা (Problems and Limitations)
এই নতুন শিক্ষা ব্যৱস্থাত যথেষ্ট সমস্যা আৰু সীমাবদ্ধতাও আছিল।
ক) পশ্চিমী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া ফলত স্থানীয় পৰম্পৰা আৰু সাংস্কৃতিক মূল্যবোধ উপেক্ষিত হৈ পৰিছিল।
খ) সম্পূৰ্ণ ব্যৱস্থাটো অভিজাত্যত কেন্দ্ৰীভূত হৈ পৰিছিল, কাৰণ মাত্ৰ এক সীমিত অংশ লোকসকলেহে শিক্ষাৰ সুযোগ লাভ কৰিছিল।
গ) চৰকাৰী অনুদান আৰু স্থানীয় শিক্ষা বোর্ডসমূহৰ অদক্ষতাৰ বাবে প্ৰাথমিক শিক্ষাৰ বিকাশত বাধা উৎপন্ন হৈছিল।
ঘ) আৰ্হিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাত শিক্ষা বাস্তৱজীৱনলৈ উপযোগী নহয় বুলি কোৱা হৈছিল।
৬। শিক্ষাৰ ক্ষেত্ৰত বৃহৎ প্ৰভাৱসমূহ (Major Impacts in the Field of Education)
ক) পশ্চিমী শিক্ষাৰ প্ৰচাৰই অসমৰ সমাজত এক নতুন চিন্তাধাৰাৰ প্ৰৱেশ ঘটাইছিল, যাৰ ফলত এক নতুন শিক্ষিত মধ্যবিত্ত শ্ৰেণী গঢ়ি উঠিছিল।
খ) অসমৰ ৰাজনীতি, সাহিত্য আৰু সমাজ সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰতো এই শিক্ষিত শ্ৰেণী অগ্ৰণী হৈ পৰিছিল।
গ) পশ্চিমী শিক্ষাৰ ফলত অসমৰ জনসাধাৰণ ইংৰাজী ভাষাৰ সৈতে পৰিচিত হ’ল আৰু এই পৰিচয়ৰ দ্বাৰা উপনিবেশিক আৰু বিশ্ব পৰিসৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ল।
ঘ) শিক্ষাৰ বিস্তাৰৰ লগত লগত ছোৱালীৰ শিক্ষাতো এক গুৰুত্বপূৰ্ণ অগ্ৰগতি আছিল, যি পৰম্পৰাগত ধাৰণাৰ পৰাই সমাজক আঁতৰাই লৈ গৈছিল।
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপস্থিতিয়ে অসমৰ পূৰ্ব-স্বাধীনতা যুগত শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ অধ্যায় আৰম্ভ কৰিছিল। পশ্চিমী শিক্ষাৰ প্ৰৱৰ্তন, মিছনাৰীসকলৰ প্ৰচেষ্টা, শিক্ষাৰ ক্ষেত্ৰত হোৱা বিস্তাৰ আৰু ইয়াৰ সৈতে সংগতি থকা সমস্যাৱলী, এই সকলোবোৰে অসমৰ সমাজত এক দীঘলীয়া পৰিৱৰ্তন আনি তুলিছিল। যদিও স্থানীয় শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ অৱক্ষয় আৰু শিকাৰ অধিকাৰ সীমাবদ্ধতাৰ দৰে সমস্যাবলী থাকিলেও, ইয়াৰে লগত লগত অসমৰ শিক্ষা, সমাজ আৰু ৰাজনীতিৰ ভিতৰত এক নৱজাগৰণৰ বীজ বপন হৈছিল।
এই সময়ৰ শিক্ষাই পৰৱৰ্তী অসমীয়া জাতীয় জাগৰণ, সাহিত্যিক আন্দোলন আৰু স্বাধিকাৰৰ দাবী সমৰ্থনৰ ক্ষেত্ৰতো এক শক্তিশালী ভিত্তি প্ৰদান কৰিছিল। অতএব, ব্ৰিটিছ শাসনকালৰ শিক্ষাৰ অভিসৰণক কেৱল উপনিবেশিক প্ৰভাৱ হিচাপে নহয়, অসমৰ আধুনিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিশ্লেষণ কৰা উচিত।
ঔপনিৱেশিক অসমত ব্রিটিছসকলৰ শিক্ষা সংস্কাৰৰ গুৰুত্ব (The Importance of British Educational Reforms in Colonial Assam)
১। আধুনিক শিক্ষাৰ আৰম্ভণি (The Beginning of Modern Education)
১৮২৬ চনৰ যাণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছ শাসনত সোমায় আৰু সেই সময়তে আধুনিক শিক্ষাৰ বাট মুকলি হয়। পূৰ্বত অসমত শিক্ষাৰ প্ৰধান উৎস আছিল টোল, মাদ্ৰাছা আৰু স্থানীয় বিদ্যালয়—সেইবোৰত প্ৰধানকৈ ধৰ্মীয় শিক্ষা, সংস্কৃত সাহিত্য, আৰু পুৰাণ-উপনিষদ আদি পঢ়োৱা হৈছিল। কিন্তু ব্ৰিটিছ শাসনে আহি শিক্ষাক ধৰ্মীয় ক্ষেত্ৰৰ পৰা সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰলৈ আঁতৰাই আনে। ডেভিড স্কট, কোম্পানীৰ প্ৰথম এজেণ্ট, অসমৰ বিভিন্ন অঞ্চলত বিদ্যালয় স্থাপন কৰে, যাৰ মূল উদ্দেশ্য আছিল প্ৰশাসন আৰু চৰকাৰী কাম-কাজত সহায় কৰা শিক্ষিত ব্যক্তি গঢ়ি তোলা। ফলত শিক্ষাৰ লগত চাকৰি সম্পৰ্কিত হোৱাৰ এটা ধাৰণা জন্মায়, যি পূৰ্বত অনুপস্থিত আছিল। এই আধুনিক শিক্ষাই অসমত নতুন বৌদ্ধিক জগতৰ ভিত্তি সাজিলে।
২। মিছনাৰীসকলৰ অৱদান (Contribution of Missionaries)
অসমত শিক্ষাৰ বিস্তাৰত মিছনাৰীসকলৰ ভূমিকা অতুলনীয়। আমেৰিকান বাপ্তিস্ট মিছন, বিশেষকৈ নাথান ব্ৰাউন, অলিভাৰ কাটাৰ, মাইলছ ব্ৰনছন আদি, অসমৰ বিভিন্ন ঠাইত বিদ্যালয়, মিছন কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকে স্থানীয় অসমীয়া ভাষাত বিদ্যালয় চলায়, অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত গুৰুত্ব দিয়ে, আৰু প্ৰথম অসমীয়া-ইংৰাজী অভিধান সম্পাদনা কৰে। লগতে, পাহাৰীয়া অঞ্চল—গাৰো, খাসি, জেইন্তিয়া, নাগা পাহাৰ আদি—ত জনজাতি শিক্ষাৰ বিস্তাৰত মিছনাৰীসকলে অগ্ৰণী ভূমিকা পালন কৰে। মিছনাৰীসকলৰ অনুপস্থিতিত, এই অঞ্চলসমূহৰ বহু জনগোষ্ঠী শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিলহেঁতেন। তেওঁলোকে কেবল শিক্ষাই নিদিলে, নতুন সাহিত্য, চিন্তাধাৰা আৰু সমাজ-সংস্কাৰ আন্দোলনতো পথ দেখুৱালে।
৩। চৰকাৰী কমিশন আৰু আইন (Government Commissions and Acts)
ব্ৰিটিছ চৰকাৰৰ বিভিন্ন শিক্ষা-সংক্রান্ত কমিশন আৰু আইনে অসমৰ শিক্ষাৰ গঠনগত আৰু প্ৰশাসনিক বিকাশ ঘটায়। হান্টাৰ কমিশন (১৮৮২)য়ে গ্ৰাম্য আৰু স্থানীয় বোৰ্ডসমূহক বিদ্যালয় স্থাপন আৰু শিক্ষাৰ মান নিৰীক্ষণৰ অধিকার দিয়ে, যাৰ দ্বাৰা বিদ্যালয়সমূহে স্থায়ী আৰু নিয়মিত প্ৰশাসন লাভ কৰে। ১৯১৫ চনৰ অসম লোকেল ছেল্ফ-গভৰ্ণমেণ্ট আইন এই ব্যৱস্থাক আৰু অধিক দৃঢ় কৰে। এই সকলোয়ে শিক্ষাৰ বিস্তাৰ আৰু সংগঠনত এটা নতুন চৰকাৰী গঠন আনিলে, যিয়ে স্বাধীনতাৰ পাছতো ভাৰতীয় শিক্ষাত প্ৰভাৱ পেলাই গৈছে। এই আইনি প্ৰচেষ্টাই বিদ্যালয়, কলেজ আৰু শিক্ষা বিভাগক সংগঠিত ৰূপত বিকাশ ঘটাবলৈ সহায় কৰিলে।
৪। প্ৰয়োজনীয় প্ৰাথমিক শিক্ষা- ১৯২৬ (Compulsory Primary Education (1926)
১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইন আছিল ভাৰতবৰ্ষৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আইনে ৬–১১ বছৰ বয়সৰ শিশুসকলৰ বাবে অবৈতনিক আৰু আবশ্যিক শিক্ষা নিশ্চিত কৰাৰ চেষ্টা কৰিছিল। স্থানীয় বোৰ্ডক বিদ্যালয় স্থাপন, শিক্ষক নিযুক্তি আৰু শিক্ষাৰ মান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছিল। গাঁও আৰু গৰিব অঞ্চলসমূহত শিক্ষা বিস্তাৰ, শিক্ষাৰ মানোন্নয়ন আৰু শিশুসকলক বিদ্যালয়লৈ আকৰ্ষণ কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছিল। যদিও এই আইনৰ সম্পূৰ্ণ কাৰ্যকৰিতা বিভিন্ন বাধাৰ বাবে সীমিত আছিল, তথাপি এই পদক্ষেপে অসমত শিক্ষা অধিকাৰ হিচাপে প্ৰচলন কৰিবলৈ বাট মুকলি কৰিলে।
৫। শিক্ষাৰ মানোন্নয়ন আৰু মাধ্যমিক শিক্ষাৰ বিকাশ (Improvement of Education Standards and Development of Secondary Education)
ব্ৰিটিছ চৰকাৰে অসমত কেৱল প্ৰাথমিক শিক্ষাই নহয়, মাধ্যমিক আৰু উচ্চ শিক্ষাৰো বিকাশ ঘটায়। ১৯০১ চনত প্ৰতিষ্ঠিত Cotton College হৈছে অসমৰ প্ৰথম উচ্চ শিক্ষা প্ৰতিষ্ঠান, যিয়ে বহু শিক্ষিত যুবক-যুৱতী গঢ়ি তুলিলে। ১৮৩৫ চনৰ মাকলে মিনিট অনুসৰি ইংৰাজী শিক্ষাৰ প্ৰবেশ ভাৰতীয় সমাজত এক নতুন শিক্ষিত মধ্যবৰ্গৰ সৃষ্টি কৰে, যিয়ে বিজ্ঞান, গণিত, ইতিহাস, ভূগোল আদি আধুনিক বিষয়ৰ সৈতে দেশীয় সমাজক সংযোগ কৰায়। এই মাধ্যমিক শিক্ষাই অসমত নতুন বৌদ্ধিক আন্দোলন, সাহিত্যিক পৰিচিতি আৰু সংবাদ মাধ্যমৰ বিকাশৰ পথ প্ৰসস্ত কৰিলে।
৬। মহিলা আৰু জনজাতি শিক্ষাৰ বিকাশ (Development of Education for Women and Indigenous Communities)
অসমত পূৰ্বে মহিলা আৰু জনজাতি শিক্ষাৰ ক্ষেত্ৰ অতি সীমিত আছিল। ব্ৰিটিছ শাসনকালত চৰকাৰ আৰু মিছনাৰীসকলৰ যুগ্ম প্ৰচেষ্টাৰে মহিলা শিক্ষাৰ আৰম্ভণি হয়। মিছনাৰী বিদ্যালয়সমূহত বিশেষকৈ ছোৱালীবোৰৰ বাবে শিক্ষা দিয়া আৰম্ভ হয়, যদিও সমাজত প্ৰথমতে তীব্ৰ প্ৰতিক্ৰিয়া দেখা যায়। পাহাৰীয়া অঞ্চলত মিছনাৰীসকলে জনজাতি ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ আনি মৌলিক শিক্ষা, স্বাস্থ্য আৰু জীৱনকৌশলৰ পাঠ প্ৰদান কৰে। মহিলা আৰু জনজাতি শিক্ষাৰ আৰম্ভণিয়ে অসম সমাজত নাৰী-সচেতনতা, সমাজ-সংস্কাৰ, আৰু অধিকাৰ-চেতনা বৃদ্ধি কৰিছিল।
৭। অর্থনৈতিক আৰু ৰাজনৈতিক প্ৰভাৱ (Economic and Political Impacts)
ব্ৰিটিছ শিক্ষাৰ ব্যৱস্থাই অসমত এখন শিক্ষিত মধ্যবৰ্গৰ জন্ম দিছিল। এই শিক্ষিত সমাজে চাকৰি, ব্যৱসায়, সাংবাদিকতা আৰু সাহিত্যিক কামত অংশ লৈ অৰ্থনৈতিক অৱস্থা উন্নত কৰিছিল। লগতে শিক্ষাই নতুন ৰাজনৈতিক চিন্তাধাৰা; জাতীয়তা, স্বাভিমান, স্বাধীনতাৰ আকাংক্ষা উদয় কৰাত সহায় কৰিছিল। ইংৰাজী শিক্ষাৰ মাধ্যমত অসমৰ বহু শিক্ষিত যুবক ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ আদি ৰাজনৈতিক আন্দোলনত অংশ ল’লে, যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক এক গুৰুত্বপূৰ্ণ অৱদানকাৰী ৰূপে আগবঢ়ালে।
৮। অসমীয়া ভাষাৰ প্ৰতি প্ৰভাৱ (Impact on the Assamese Language)
ব্ৰিটিছ শাসনৰ আৰম্ভণিতে অসমীয়া ভাষাৰ ওপৰত কিছুমান অস্বাস্থ্যকৰ প্ৰভাৱ পৰিছিল। ১৮৩৭ চনত বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত বঙালী ভাষা প্ৰৱেশ কৰায় অসমীয়াৰ স্থান সংকুচিত হয়। কিন্তু অসমীয়া শিক্ষিত সমাজ আৰু মিছনাৰীসকলৰ চাপৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষাক পুনৰ বিদ্যালয়সমূহৰ প্ৰাথমিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ব্ৰিটিছ শাসনৰ অন্তিম পৰ্য্যন্ত অসমীয়া ভাষা শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত নিজৰ সন্মান পুনৰুদ্ধাৰ কৰে, যিয়ে অসমীয়া জাতীয়তা আৰু সাংস্কৃতিক স্বাভিমানৰ বাবে এক প্ৰেৰণা হিচাপে কাম কৰে।
ঔপনিৱেশিক অসমত ব্রিটিছসকলৰ শিক্ষা সংস্কাৰৰ গুৰুত্বৰ নেতিবাচক প্ৰভাৱ (Negative Impact of British Educational Reforms in Colonial Assam)
অসমত ব্ৰিটিছ শাসনকালত শিক্ষাক্ষেত্ৰত আনুষ্ঠানিক আধুনিকতা আহিল বুলিয়েই সকলো দিশে পজিটিভ ফল হৈছিল বুলি ক’লে সম্পূৰ্ণ চিত্ৰ পোৱা নহয়। ইয়াৰ বহুটা দিশত গুৰুত্বপূৰ্ণ নেতিবাচক প্ৰভাৱো আছিল, যিয়ে অসমীয়া সমাজত গভীৰ প্ৰভাৱ পেলাইছিল।
১। ঔপনিৱেশিক উদ্দেশ্যৰ শিক্ষা (Education for Colonial Purposes)
ব্ৰিটিছ চৰকাৰে ভাৰতত আনুষ্ঠানিক শিক্ষা প্ৰৱৰ্তনৰ মূল উদ্দেশ্য আছিল নিজৰ প্ৰশাসনিক কামকাজৰ বাবে স্থানীয় মানুহক প্রস্তুত কৰা। শিক্ষাৰ উদ্দেশ্য আছিল কিছু সংখ্যক “আধা-পশ্চিমীয়” শিক্ষিত মধ্যবৰ্গ গঢ়ি তোলা, যিয়ে ইংৰাজৰ আজ্ঞা মানি প্ৰশাসন চলাব পাৰে। সেয়া কোনো ধৰণৰ জ্ঞান-মুক্তি বা সমাজৰ সকলো স্তৰৰ বাবে শিক্ষা বিস্তাৰৰ উদ্দেশ্যৰে কৰা হোৱা নাছিল। ফলত শিক্ষাৰ দিশে এটা ৰাস্তা মুকলি হ’লেও, সেই পথ মূলত ইংৰাজ শাসনৰ নিজৰ সুবিধা বঢ়াবলৈহে ব্যৱহৃত হৈছিল।
২। আঞ্চলিক ভাষাৰ ক্ষতি (Loss of Regional Languages)
১৮৩৭ চনত অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱেশ কৰোৱা হৈছিল, আৰু বিদ্যালয়ত বঙালী ভাষা শিক্ষা দিয়া আৰম্ভ হৈছিল। অসমীয়া ভাষা আৰু সাহিত্য এই সময়ত সাংস্কৃতিকভাৱে ক্ষতিগ্রস্ত হ’ল। অসমীয়া মধ্যবৰ্গীয় সমাজে নিজৰ মাতৃভাষাত শিক্ষা লাভৰ অধিকাৰ হেৰুৱালে, যিয়ে সমাজত ভাষাগত আৰু সাংস্কৃতিক বিচ্ছিন্নতাৰ জন্ম দিলে। যদিও ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পায়, তেতিয়ালৈ বহু ক্ষতি হৈ গৈছিল।
৩। সীমিত বিস্তৃতি (Limited Expansion)
শিক্ষাৰ বিস্তাৰ মুখ্যত নগৰ, ট্ৰেড চেণ্টাৰ, আৰু কিছু মিছনাৰী প্ৰভাবিত অঞ্চললৈ সীমাবদ্ধ আছিল। অসমত বৃহৎ সংখ্যক গ্ৰাম্য আৰু জনজাতি অঞ্চল শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ উপেক্ষিত হৈ থাকিল। ব্ৰিটিছ চৰকাৰে সকলো অঞ্চলত সমান শিক্ষা বিস্তাৰৰ বাবে প্ৰয়াস নিদিল, আৰু মিছনাৰীসকলৰ উদ্যোগো সীমিত পৰিসৰৰ ভিতৰতে আবদ্ধ হৈ থাকিল। ফলত শিক্ষাৰ সামাজিক সমতা অনুপস্থিত আছিল।
৪। অসামঞ্জস্যতা আৰু বৈষম্য (Inequality and Disparities)
শিক্ষাৰ সুযোগত বৰ্গ, জাতি আৰু ধৰ্মৰ ভিত্তিত বৈষম্য আছিল। উচ্চবৰ্গীয় আৰু নগৰবাসী লোকহে বিদ্যালয় আৰু কলেজত পঢ়াৰ সুবিধা লাভ কৰিছিল। নিচলা জাতি, কৃষক, আদিবাসী আৰু গৰিব জনগোষ্ঠী শিক্ষাৰ পৰা দূৰে থাকিল। তেওঁলোকৰ বাবে কোনো বিশেষ চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, যিয়ে এই বৈষম্য আৰু অধিক গভীৰ কৰিলে।
৫। পশ্চিমী মূল্যবোধৰ প্ৰভাৱ (Impact of Western Values)
ইংৰাজী শিক্ষা আৰু মিছনাৰী বিদ্যালয়সমূহে পশ্চিমী চিন্তা-চেতনা, মূল্যবোধ, আৰু জীৱনদৰ্শন অসমীয়া সমাজত প্ৰৱেশ কৰালে। ইয়াৰ ফলত পৰম্পৰাগত সমাজৰ ধৰ্মীয়, নৈতিক আৰু সাংস্কৃতিক ভিত্তি কিছু পৰিমাণে ক্ষীণ হ’ব ধৰিলে। বহু শিক্ষিত মধ্যবৰ্গীয় মানুহে নিজৰ সংস্কৃতি আৰু পৰম্পৰাত সন্দেহ কৰিব আৰম্ভ কৰিলে, যিয়ে নিজৰ পৰিচয়বোধত আঘাত দিলে।
৬। প্ৰযুক্তি আৰু বিজ্ঞান শিক্ষাৰ সীমাবদ্ধতা (Limitations of Technology and Science Education)
ব্ৰিটিছ শিক্ষাৰ অধিকাংশ প্ৰচেষ্টা সাহিত্য আৰু কলা বিষয়ত কেন্দ্ৰীভূত আছিল। বিজ্ঞান, প্ৰযুক্তি, আৰু ব্যৱসায়িক শিক্ষা প্ৰচণ্ড সীমিত আছিল। ফলস্বৰূপ, অসমত ব্যৱসায়িক আৰু প্ৰযুক্তিগত দিশৰ উন্নয়ন নহ’ল, আৰু অঞ্চলটোৰ অৰ্থনৈতিক পৃষ্ঠভূমিত উল্লেখযোগ্য শক্তি আহিব পৰা নাছিল।
৭। নতুন ধৰ্মীয় প্ৰভাৱ আৰু সংস্কৃতিক দ্বন্দ্ব (New Religious Influences and Cultural Conflicts)
মিছনাৰীসকল শিক্ষাৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ চেষ্টা কৰিছিল, যিয়ে বহু ঠাইত সমাজত ধৰ্মীয় আৰু সংস্কৃতিক দ্বন্দ্বৰ সৃষ্টি কৰিলে। বিশেষকৈ জনজাতি অঞ্চলত পৰম্পৰাগত ধৰ্মীয় বিশ্বাস আৰু খ্ৰীষ্টান মিছনাৰীৰ আচৰণৰ মাজত সংঘৰ্ষ দেখা গৈছিল, যিয়ে বহু ক্ষেত্ৰত সমাজক বিভক্ত কৰিলে।
৮। চাকৰি-কেন্দ্ৰিক শিক্ষা (Job-Oriented Education)
শিক্ষা ধাৰণাটোক মূলত চৰকাৰী চাকৰি পাবলৈ এটি উপায় হিচাপে গঢ়ি তোলা হৈছিল। ফলত শিক্ষাৰ সৃজনশীল আৰু উদ্ভাৱনশীল দিশ অনুপস্থিত হৈ পৰিল, আৰু শিক্ষাৰ প্ৰকৃত অৰ্থ– জ্ঞানপ্ৰাপ্তি আৰু মানসিক বিকাশ– ক্ষীণ হৈ পৰিল। শিক্ষিত সমাজ চাকৰি নিৰ্ভৰশীল হৈ পৰিল, যিয়ে ব্যৱসায় আৰু আত্ম-উদ্যোগৰ মনোভাৱ উন্মুখ কৰিব নোৱাৰিলে।
৯। আৰ্থ-সামাজিক বৈষম্যৰ সংমিশ্ৰণ (Interlinking of Socio-Economic Inequality)
শিক্ষাৰ সীমিত বিস্তাৰ আৰু বৈষম্যমূলক ধাৰণাই সমাজত আৰ্থ-সামাজিক বৈষম্য আৰু অধিক প্ৰগাঢ় কৰিলে। শিক্ষিত আৰু শিক্ষাবিহীন সমাজৰ মাজত এটা গভীৰ দুৰত্ব সৃষ্টি হ’ল, যিয়ে সমাজিক সংহতি আৰু একতাৰ বাবে এটা বাধা হৈ দাঁড়ালে।
১০। শিক্ষাৰ উপযোগিতাত ঘাটতি (Lack of Utility in Education)
ব্ৰিটিছ সময়ৰ শিক্ষা ধাৰণাটো মূলত ভাৰতীয় প্ৰেক্ষাপটৰ পৰা বিচ্ছিন্ন আছিল। গ্ৰাম্য জীৱন, কৃষি, স্থানীয় অৰ্থনীতি, আৰু স্থানীয় সমস্যা সমাধানত এই শিক্ষাৰ তেমন কোনো প্ৰয়োগমূলক দিশ নাছিল। ইয়াৰ ফলত শিক্ষা গ্ৰহণ কৰা মানেই গ্ৰাম্য জীৱন পৰিহাৰ কৰি নগৰলৈ চাকৰি বিচাৰি যোৱাটো একমাত্র লক্ষ্য হৈ পৰিল।
ব্ৰিটিছ শাসনে অসমত শিক্ষাৰ ক্ষেত্ৰত মৌলিক পৰিৱর্তন আনিছিল। ধৰ্মীয় শিক্ষাৰ পৰিসৰৰ পৰা সমাজ, অৰ্থনীতি, ৰাজনীতি, আৰু সংস্কৃতিৰ সৈতে জড়িত এক নতুন শিক্ষা ব্যৱস্থা গঢ়ি উঠিল। মিছনাৰী আৰু চৰকাৰী বিদ্যালয়, শিক্ষা-সংক্রান্ত আইন, আধুনিক পাঠ্যসূচী, মহিলা আৰু জনজাতি শিক্ষাৰ বিস্তাৰ, এই সকলোয়ে অসমীয়া সমাজত এক নতুন বৌদ্ধিক আৰু ৰাজনৈতিক চেতনাৰ জন্ম দিছিল। এই বীজেই স্বাধীনতা আন্দোলন আৰু আধুনিক অসম গঠন কৰিবলৈ ভিত্তি সাজিলে।
সামৰণি (Conclusion)
ঔপনিৱেশিক অসমত ব্ৰিটিছসকলে আৰম্ভ কৰা শিক্ষা সংস্কাৰসমূহ আধুনিক শিক্ষাৰ ভিত্তি স্থাপন কৰাত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। এইবোৰৰ ফলত অসমত আধুনিকীকৰণ, নতুন সুযোগ-সুবিধা আৰু সামাজিক পৰিৱর্তনৰ আৰম্ভণি হৈছিল। যদিও এই শিক্ষা সংস্কাৰসমূহ ঔপনিৱেশিক প্ৰয়োজনৰ বাবে সীমাবদ্ধ আছিল আৰু বহুক্ষেত্ৰত স্থানীয় সংস্কৃতি, ভাষা আৰু জ্ঞান পদ্ধতিক উপেক্ষা কৰা হৈছিল, তথাপিও ইয়াৰ দ্বাৰা অসমত শিক্ষা ব্যৱস্থাৰ এক নতুন অধ্যায় আৰম্ভ হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.