অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Question Answer can be of great value to excel in the examination.
অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য
অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
(ঘ) অসমীয়া মানুহৰ ইতিহাসৰ ‘অসমীয়া নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীসমূহ’ অংশ
অতি চমু প্রশ্নোত্তৰঃ
১। ‘অসমৰ নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীসমূহ’ শীর্ষক প্রবন্ধটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ নগেন শইকীয়াৰ ‘অসমীয়া মানুহৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে।
২। বাণীকান্ত কাকতিয়ে কছাৰী’শব্দটো ক’ৰ পৰা হোৱা বুলি সম্ভাৱনা দেখুৱাইছে?
উত্তৰঃ বাণীকান্ত কাকতিয়ে ‘কছাৰী’ শব্দটো কিৰাত আৰু তাতো আগৰ কক্ষাৎ শব্দৰ পৰা হোৱাৰ সম্ভাৱনা দেখুৱাইছে।
৩। কছাৰী শব্দৰ উৎপত্তি সম্পর্কে কি বুলি ‘পেৰিপ্লাছ’ গ্ৰন্থত উল্লেখ আছে?
উত্তৰঃ গংগা উপত্যকা পোৱাৰ আগতে ‘কিহাডেজ’ আৰু অন্যান্য চেপেটা নাকৰ জনগোটৰ লগত ভেট হৈছিল। ঊনবিংশ শতিকাৰ আন এজন নৃ-গৱেষক কর্ণেল শ্বেক্সপীয়েৰে মত পোষণ কৰে যে ‘কচ্চ’ শব্দৰ পৰা কছাৰী শব্দৰ উৎপত্তি হৈছে।
৪। দার্জিলিং পৰ্বতৰ কাষৰ অঞ্চল আৰু মীৰাং অঞ্চলক নেপালৰ মানুহে কি দেশ বুলিছিল?
উত্তৰঃ ‘কচ্চ’ দেশ। এই ঠাইত থকা লোকসকলক বোলা হৈছিল কছাৰী।
৫। ‘The Kacharis’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ এছ. এণ্ডেলে ৰচনা কৰিছিল।
৬। ‘The Kacharis’ গ্ৰন্থত এছ. এণ্ডেলে কছাৰীসকলে ক’ৰ পৰা প্ৰব্ৰজন কৰিছিল বুলি উল্লেখ কৰিছে?
উত্তৰঃ তিব্বত আৰু উত্তৰ-পশ্চিম চীনৰ হোৱাংহো আৰু ইয়াং, চিকিয়াং উপত্যকাৰ পৰা প্ৰব্ৰজন কৰিছিল বুলি উল্লেখ কৰিছে।
৭। খাটাসকল কি জানী বুলি পৰিচিত?
উত্তৰঃ অষ্ট্ৰিক ভাষী।
৮ ৷ মংগোলীয় মূলৰ লোকসকলৰ ভাষাৰ মূল কি?
উত্তৰঃ চীন-তিব্বতীয় ভাষা গোষ্ঠী।
৯। চীন-তিব্বতীয় ভাষা-গোষ্ঠীৰ দুটা ঠাল কি কি?
উত্তৰঃ (ক) তিব্বেতো-বর্মী।
(খ) শ্যাম-চীনীয় বা টাই-চীন।
১০। তিকোতো বৰ্মীৰ মূলৰ পৰা কি তিনিটা ঠাল ওলাইছে?
উত্তৰঃ (ক) তিব্বত হিমালয়।
(খ) উত্তৰ অসম।
(গ) অসম ব্রহ্ম বা অসম-বর্মী ঠাল।
১১। তিব্বতী হিমালয়ী শাখাৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ তিব্বতীয় ভাষা আৰু ভোট ভাষা ৷
১২। উত্তৰ অসম শাখাৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ আদি, মিচিং, সিঁচি (ভলা), মিচিমি।
১৩। অসম-বৰ্মী শাখাৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ এই শাখাৰ বড়ো-কছাৰী ভাষাৰ মূলৰ পৰা ওলাইছে বড়ো, কছাৰী, গাৰো, ৰাভা, ডিমাছা, তিৱা, কাৰ্বি, চুতীয়া, মেচ, হোজাই, মৰাণ আদি ৷
১৪। অসম বৰ্মী শাখাৰ নগা উপশাখাৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ কন্যাক, আও, চেমা, আংগামী, ৰেংমা ইত্যাদি।
১৫। অসম বর্মী তৃতীয়টো ঠাল কুকিচীনৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ মণিপুৰৰ মেইতেই আৰু মিজোৰামৰ মিজোভাষা।
১৬। শ্যাম-চীনীয় ভাষা ঠালৰ পৰা কি কি ভাষা ওলাইছে?
উত্তৰঃ টাই খামতি, টাই আইতন, টাই ফাকে টাই তুৰং।
১৭। ইণ্ডো-ইউৰোপীয় মূলৰ পৰা ওলোৱা ভাষাই কি কি দেশ-মহাদেশত বিস্তাৰিত হৈ আছিল?
উত্তৰঃ ইউৰোপ, পশ্চিম এছিয়া, ভাৰত, মধ্য প্ৰাচ্য।
১৮। দক্ষিণ ভাৰতত প্ৰচলিত ভেড্ডীয় নৃ-গোষ্ঠীৰ ভাষা এটা লিখা।
উত্তৰঃ দ্ৰাৱিড় ভাষা ।
১৯। ভাৰতীয় আর্যভাষাৰ মূল কি?
উত্তৰঃ ইণ্ডো-ইউৰোপীয় ভাষা।
২০। অসমৰ নৃ-গোষ্ঠীৰ মাজত আলপাইন-জৈৱিক উপাদানৰ অৱস্থিতি কোনে লক্ষ্য কৰিছে?
উত্তৰঃ হাটনে।
২১। বৈদিক যুগটোৰ আৰম্ভণি সম্পৰ্কে কোনে কোনে পণ্ডিতে কি কি সময়সীমা নিৰ্ধাৰণ কৰিছে?
উত্তৰঃ বৈদিক যুগটোৰ আৰঙণি মেক্সমূলাৰে খ্ৰীঃ পূঃ এহেজাৰ, জেকবিয়ে খ্ৰীঃ পুঃ চাৰি হেজাৰ পাঁচশ, বাল গংগাধৰ তিলকে খ্ৰীঃ পূঃ ছহেজাৰ বুলি, উইণ্টাৰনিজে খ্ৰীঃ পূঃ দুহেজাৰ বা দুহেজাৰ পাঁচশ বুলি সিদ্ধান্ত কৰিছে।
২২। আলপাইন আৰু নডিকসকলৰ দুয়োটা গোষ্ঠীয়েই নৃ-গোষ্ঠী হিচাপে একেনে?
উত্তৰঃ আর্যভাষী হ’লেও এই দুয়োটা গোষ্ঠী নৃ-গোষ্ঠী হিচাপে পৃথক।
২৩। আলপাইন আৰু নাৰ্তিকসকলৰ মাজত এটা পার্থক্য লিখা।
উত্তৰঃ নার্তিকসকল দীর্ঘমস্তকী, আনহাতে আলপাইনসল দীর্ঘমস্তকী নহয়। বৰং অবয়ৱব দিশৰ পৰা আপেক্ষিকভাৱে খর্বাকৃতি, ঘূৰণীয়া মস্তকী আৰু দীৰ্ঘ নাসিকাৰ আছিল।
২৪। “হৰপ্পা আৰু মহেঞ্জোদাৰৰ সভ্যতাৰ শেষৰ সময়ত আৰ্য-ভাষ ‘অসুৰ-পূজক’ (আহুৰামাজদা) ইৰাণীয় আলপাইনৰ দল ভাৰতলৈ সোমোৱা বুলি কোনে মন্তব্য কৰিছে?
উত্তৰঃ কনকলাল বৰুৱাই ।
২৫। অসমীয়া ব্রাহ্মণ, কায়স্থ আৰু কলিতাসকল নৃ-গোষ্ঠীয়ভাৱে কোন গোষ্ঠীৰ বুলি কোৱা হৈছে?
উত্তৰঃ আলপাইন গোষ্ঠীৰ ।
২৬। মানুহৰ সভ্যতাৰ তিনিটা স্তৰ কি কি?
উত্তৰঃ (ক) প্রথম স্তৰ — জুইৰ ব্যৱহাৰ।
(খ) দ্বিতীয় স্তৰ — কৃষিকৰ্ম কৰিবলৈ শিকা ।
(গ) তৃতীয় স্তৰ — নগৰ সভ্যতা গঢ়ি তোলাৰ স্তৰ।
২৭। ককেছীয়সকলে কোনটো উপত্যকাদি প্ৰৱেশ কৰিছিল?
উত্তৰঃ গংগা উপত্যকা।
২৮। ‘The Assamese’ কাৰ গ্ৰন্থ?
উত্তৰঃ অড্রে কেণ্টলিৰ।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। নগেন শইকীয়াদেৱে মংগোলীয় মূলৰ লোকসকলৰ ভাষাগোষ্ঠীৰ কেনেদৰে বৰ্ণনা কৰিছে লিখা।
উত্তৰঃ মংগোলীয় মূলৰ লোকসকলৰ ভাষাৰ মূল হ’ল— চীন তিব্বতীয় ভাষা-গোষ্ঠী। এই মূলৰ দুটা ঠাল : এটা হ’ল তিব্বেতো-ধৰ্মী আৰু আনটো হ’ল শ্যাম-চীনীয় বা টাই-চীন। তিব্বৈতো-বৰ্ম৷ মূলৰ পৰা তিনিটা ঠাল ওলাইছে : (১) তিব্বত হিমালয় (২) উত্তৰ অসম আৰু (৩) অসম ব্ৰহ্মা বা অসম-বর্মী ঠাল। ইয়াৰে ভিতৰত হিমালয় ঠালৰ পৰা ওলাইছে তিব্বতীয় ভাষা আৰু ভোট ভাষা। উত্তৰ অসম শাখাৰ পৰা ওলাইছে আদি, মিচিং, নিচি (ডফলা), মিচিমি আৰু ইবিলাকৰ অনেক উপভাষা। প্ৰতিটো ‘বক্তি’ বা গাঁৱতেই একো একোটা সম্প্ৰদায় আৰু প্ৰতিটো সম্প্রদায়ৰে একোটা নিজস্ব ভাষা আছে। নক্টে, ৱাংচু, চিংফৌ, খেলা, চোহা, ইদু, খামতি আদি প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ নিজৰ ভাষা আছে।
অসম বৰ্মী শাখাৰ পৰাই অসমৰ অনেক থলুৱা ভাষাৰ উদ্ভৱ হৈছে। এই শাখাৰ বড়ো-কছাৰী ভাষাৰ মূলৰ পৰা ওলাইছে— বড়ো, কছাৰী, গাৰো, ডিমাছা, ৰাভা, তিৱা, কোঁচ, কাৰ্বি, মেচ, চুতীয়া, মৰাণ, হোজাই আদি ভাষা।
অসম-ব্ৰহ্ম শাখাৰ পৰাই ওলাইছে নগা-ৰাজ্যৰ ভাষাসমূহ। নগাসকলৰ প্ৰধান গোষ্ঠীকেইটা হ’ল— কন্যাক, আংগামী, আও, চেমা, লোঠা, চাখেচাং, কাবুই, ফোম, য়িমচুংগি, চাং, বেংমা, পচুৰি আদি চৈধ্যটা ভাষা গোষ্ঠী। আকৌ ইবিলাকৰো উপ-ভাষাগোষ্ঠীসমূহ আছে। এই উপগোষ্ঠীসমূহৰো নিজা নিজা ভাষা আছে। তাৰ বাহিৰেও ৰেংমেই, কছাৰী, তিৰখিৰ, চিন, মাও আৰু নেপালী ভাষাৰ লোকো আছে। নগাৰাজ্যত কমেও ছাব্বিছটা ভাষা আছে। যদিও এই আটাইবোৰ এটা উৎসৰ পৰা ওলাইছিল। সুৰীয়া বৈশিষ্ট্যৰ পৃথকতাই প্ৰতিটো ভাষাকে আনটোৰ পৰা পৃথক কৰি তুলিছে। ফলত এটা ভাষা-ভাষী মানুহে আনটো ভাষা নুবুজে।
অসম বৰ্মী শাখাৰ তৃতীয়টো ঠাল হ’ল— কুকি-চীন। এই ঠালৰ পৰা ওলাইছে মণিপুৰৰ মেইতেই ভাষা আৰু মিজোৰামৰ মিজোভাষা। কিন্তু দুয়োটা ভাষাৰ মাজত পাৰ্থক্য ইমান বেছি যে বাস্তৱিকতাৰে কোনো মেইতেই ভাষীয়েই মিজো ভাষা নুবুজে আৰু কোনো মিজো ভাষীয়েই মেইতেই নুবুজে।
শ্যাম-চীনীয় ভাষা ঠালৰ পৰা ওলোৱা ভাষাসমূহ হ’ল— টাই খামতি, টাই আইতন, টাই খাময়া, টাই ফাকে, টাই তুৰং আৰু টাই আহোম। টাই আহোম ভাষাত ষোড়শ শতিকামানলৈকে বুৰঞ্জী লিখাৰ প্ৰথা আছিল তাৰ পিছত সেই প্রয়োগো নোহোৱা হ’ল। কেৱল সীমিত সংখ্যক মোহন বাইলুংসকলৰ যিসকলে পুৰণি ৰীতিৰে ধৰ্মীয় কোনো অনুষ্ঠান বা চকলং কৰে, তেতিয়া সেই ভাষাৰ শব্দাৱলী ব্যৱহাৰ কৰে। টাই খামতি আৰু টাই ফাকেসকলে পাৰিবাৰিক জীৱনত খামতি আৰু ফাকে ভাষা ব্যৱহাৰ কৰিলেও ৰাজহুৱা জীৱনত তেওঁবিলাক অসমীয়া ভাষী। আইতন, খাময়াং বা শ্যাম আৰু ভুৰ সকলৰো মাতৃভাষা অসমীয়া, কেবল সেই ভাষাৰ কিছু শব্দাবলী হয়তো হৈ গৈছে।
চীন-তিব্বতীয় মূলৰ পৰা ওলোৱা তিব্বেতো-বৰ্মী আৰু শ্যাম-চীনীয় ভাষা পৰিয়াল সমগ্ৰ উত্তৰ-পূর্বাঞ্চল এনেভাবে ছানি ধৰে আছে যে ভাষাৰ এই মানচিত্ৰখনেই সংশ্লিষ্ট ভাষাৰ নৃ গোষ্ঠীসকলৰ অৱস্থিতিৰ প্ৰাধান্যৰ সাক্ষ্য বহন কৰে। তাৰে অনেকেই ইতিহাসে ঢুকি পোৱা কালৰ আগতে লৈ অহা ভাষাৰ পৰিৱর্তে উমৈহতীয়া ভাষাৰ সৃষ্টিত নিজস্ব বৰঙণি যোগাই সেই ভাষাক নিজৰ ভাষা কৰি ল’লে। বিশেষকৈ সমতল অঞ্চলৰ এনে এক উমৈহতীয়া জীৱন খ্ৰীষ্টপূৰ্ব কালৰ পৰা লাহে লাহে গঢ় ল’বলৈ ধৰিলে। একেটা নৃ-গোষ্ঠী আৰু একেটা ভাষাগোষ্ঠীৰ মূলৰ পৰা ওলারো বিভিন্ন জীবন-যাপন কৰাৰ ফলত তেওঁবিলাকৰ ভাষিক আৰু সাংস্কৃতিক প্রকৃতি বেলেগ ৰূপৰ হ’ল। অন্যান্য নৃ-গোষ্ঠী আৰু ভাষা-গোষ্ঠীৰ সংস্পৰ্শলৈ নহালৈকে এই ভাষাসমূহ তেওঁবিলাকৰ সুৰীয়া ভাষা আছিল বহু পৰিমাণে সংকেতসূচক আৰু আনৰ বাবে অনুকৰণীয়।
২। অসমৰ নৃ-গোষ্ঠীসকলৰ মাজত আলপাইনসকলৰ জৈৱিক উপাদানৰ অৱস্থিতিৰ দিশটো নগেন শইকীয়াই কেনেদৰে দেখুৱাইছে?
উত্তৰঃ ভাৰতীয় আর্যভাষাৰ মূল ইণ্ডো-ইউৰোপীয় ভাষা। এই ভাষা-ভাষীসকলৰ (নৃ-গোষ্ঠীৰ নহয়) বসতি ইউৰাল পর্বতমালাৰ দক্ষিণ-পশ্চিম বা উত্তৰ-পশ্চিম নাইবা দক্ষিণ ৰাছিয়াৰ ইউৰেছীয় অঞ্চলেই আছিল বুলি ভাষাতত্ত্ববিদসকলে ঠাৱৰ কৰিছে। ভাৰতবৰ্ষত ভাৰতীয় আর্যভাষাসম্ভূত ভাষাৰ সংখ্যাই হ’ব সৰ্বাধিক। এই ভাষাৰ প্ৰাচীনতম ঠালটো কেতিয়া ভাৰতবৰ্ষলৈ সোমাই আহিছিল সঠিককৈ কোৱা টান। এই ঠালটো গ্ৰীয়াৰ্ছনে কোৱা বেদ-বহির্ভূতআর্যভাষী হ’লে বৈদিক যুগক অনেক আগতেই আহিব লাগিব। তেওঁ দেখুৱাইছে যে হিন্দী, ৰাজস্থানী আদি আৰ্য-ভাষা সম্ভূত ভাষাতকৈ গুজৰাটী, মাৰাঠী, ওড়িয়া, বাংলা, অসমীয়া আদি আর্যভাষা কিছু পৃথক। নীহাৰৰঞ্জন ৰায়ে অনুমান কৰে যে বেদ-বহির্ভূত আর্যভাষা আল্পো-দীনাৰীয় জাতিবে ভাষা আছিল। গ্ৰীয়াছৰ্নে কোৱা এই বেদ-বহির্ভূতআর্যভাষা যে আলপাইন গোষ্ঠীৰ ভাষা সেই কথা প্ৰায় সকলো নৃতত্ত্ববিদে স্বীকাৰ কৰিছে।
হাটনে অসমৰ নৃ-গোষ্ঠীৰ মাজত আলপাইন জৈৱিক উপাদানৰ অৱস্থিতি লক্ষ্য কৰিছে। তেওঁ মিলছৰ লোথা নগা সম্পৰ্কীয় গ্ৰন্থৰ ভূমিকাত কৈছে যে নগাসকলৰ মাজতো অন্যান্য উপাদানৰ উপৰিও আলপাইন উপাদানো আছে। তিব্বেতো-বর্মী ভাষা-ভাষী উত্তৰ-পূব ভাৰতৰ প্ৰায়বিলাক মংগোলীয় মূলৰ মানুহৰ মাজত অষ্ট্ৰিক আৰু আলপাইনৰ উপৰি নেগ্ৰিটো’ উপাদানো আব বি. ডিক্সনকে ধৰি অনেক পণ্ডিতে থকাৰ কথা কৈছে। অৱশ্যে অষ্ট্ৰিক আৰু আলপাইন উপাদানৰ মিশ্ৰণ অস্বীকৃত হোৱা নাই ।
এই আলপাইন গোষ্ঠীৰ ভাৰতলৈ প্ৰব্ৰজন নিশ্চয় বৈদিক আর্যভাষা গোষ্ঠীৰ আগতেই হৈছিল। বৈদিক যুগটোৰ আৰম্ভণি মেক্সমূলাৰে খ্ৰীঃ পূঃ এহেজাৰ। জেকবিয়ে খ্ৰীঃ পূঃ চাৰি হেজাৰ পাঁচশ, বাল গঙ্গাধৰ তিলকে খ্ৰীঃ পূঃ ছহেজাৰ বুলি ক’ব খোজে ৷
কনকলাল বৰুৱাই হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ শেষৰ সময়ত আৰ্য-ভাষী ‘অসুৰ পূজক’ ইৰাণীয় আলাপাইনৰ দল ভাৰতলৈ সোমোৱা বুলি কৈছে। তেওঁ এই কথাও লক্ষ্য কৰিছে যে মহেঞ্জোদাৰোত মানুহৰ মূৰৰ যিবিলাক খোলা পোৱা গৈছে, তাৰে এটা আলপাইন গোষ্ঠীৰ মানুহৰ। এই আলপাইনবিলাকৰ এটা দল সিন্ধু, গুজৰাট, মহাৰাষ্ট্ৰ পৰ্যন্ত গ’ল, আৰু “আন এটা গ’ল পঞ্জাৱ আৰু মধ্য ভাৰতত সৰহ দিন নাথাকি পোনে পোনেই পূব ভাৰতলৈ গ’ল ।……… অনুমান ভাৰতবৰ্ষলৈ বৈদিক আৰ্যসকল অহাৰ আগতেই উত্তৰ বংগ আৰু অসমত আলপাইন প্রাধান্য হয়।” (কনকলাল বৰুৱা)।
নৃ-তাত্বিক আৰু পুৰাতাত্বিক অধ্যয়নে দেখুৱাইছে আৰ্যসকলৰ (নর্ডিক আৰু আলপাইন দুয়োটা নৃ-গোষ্ঠীৰ আগমনৰ আগতে ‘ভূ মধ্যসাগৰীয়’ এই নামেৰে আধুনিক নৃ-বিজ্ঞানীসকলে পৰিচয় নিয়া প্রাচীন প্ৰাবিড়ীয়সকলৰ প্ৰাধান্য উত্তৰ-পশ্চিম ভাৰতবৰ্ষতো আছিল। প্ৰাবিড়ীয়সকলৰ প্ৰভাৱ উত্তৰ-পূব ভাৰতবৰ্ষত কম। তাৰ এটা প্ৰধান সাক্ষী হ’ল— অসমীয়া ভাষাত মূর্ধন্য ধ্বনিৰ অনুপস্থিতি। এই ধ্বনি অসমত নথকাৰ এটা প্ৰধান কাৰণ হ’ল আলপাইন আর্যভাষীসকলৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰি ঠালটো পঞ্জাৱ বা সিন্ধুপ্রদেশত নথকাটো। অসমীয়া ভাষাত মূর্ধন্য ধ্বনি নথকাৰ ঘাই কাৰণ মূর্ধন্য ধ্বনি নথকা আলপাইন আর্যভাষাৰ প্ৰভাৱ বুলি কনকলাল বকবা প্ৰমুখ্যে বুৰঞ্জীবিদসকলে দেখুৱাইছে। ভাৰতীয় ভাষাসমূহৰ ধ্বনি বিজ্ঞান বিষয়ক প্রথম পুঁথি Phonology of Assamese Language লেখক দেৱানন্দ ভৰালীয়েও সংস্কৃত ভাষাত নথকা কিন্তু পূৰ্বৰ আর্যভাষাৰ থকা অনেক শব্দ যে অসমীয়াত ব্যৱহৃত হৈ আহিছে, তাৰ কিছু উদাহৰণ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ গ্ৰন্থত দাঙি ধৰিছে। অসমীয়া ভাষাত প্ৰাক সংস্কৃত আর্যভাষাৰ এই প্রভাবে ইংগিত দিয়ে যে প্ৰাক-সংস্কৃত আর্যভাষা কোৱা এটা নৃ গোষ্ঠী পাণিনিয়ে অষ্টাধ্যায়ী ৰচনা কৰাৰ আগতে, অর্থাৎ খ্রীঃ পূঃ পঞ্চম শতিকাৰ আগতে ব্রহ্মপুত্র উপত্যকাত প্ৰৱেশ কৰিছিল। এই গোষ্ঠীটো আলপাইন নামেৰে চিহ্নিত হৈছে।
ভাৰতীয় মানুহৰ মাজলৈ প্ৰশস্ত মস্তকী লক্ষনটো লৈ অহা নৃ-গোষ্ঠীয় আলপাইন প্ৰজাতিৰ আর্থেনিয়া শাখাটো বুলি নৃ-তাত্ত্বিকসকলে মত প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰায় আট হাজাৰ বছৰৰ আগেয়েই প্ৰব্ৰজন কৰি অহা আলপাইন গোটৰ লোকসকলেই তেওঁবিলাকৰ ভাষাৰ লগতে কিছু দ্রাৱিড় উপাদানো লৈ অহাৰ সম্ভাৱনা নথকা নহয়। অসমীয়া ভাষাত দ্রাবিড় উপাদান সোমোৱাৰ পথ এটা সিও নিৰ্দেশ কৰিব পাৰে। কিন্তু অন্যান্য ভাষাৰ দৰে দ্রাবিড় ভাষাৰ উপাদান অসমীয়াত বেছি নহয়।
এই আলপাইন-আর্দেশীয়সকল হিমালয়ৰ পাদদেশেৰে গংগা উপত্যকাইদি ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰি অহাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত তাৰো প্ৰায় এহেজাৰ বছৰৰ আগৰে পৰা অহা বুলি অনুমিত বৃহৎ মংগোলীয় মূলৰ অনেক সৰু-বৰ গোট আহি থিতাপি লৈছিলহি। তেওঁবিলাকৰ সংখ্যাধিকাৰ ফলতে তেওঁবিলাকৰ প্ৰব্ৰজনৰো প্ৰায় এহেজাৰ মান বছৰৰ আগতে প্ৰব্ৰজন কৰি অহা বুলি অনুমিত অষ্ট্ৰেলীয়সকলৰ ভাষিক, সাংস্কৃতিক আৰু নৃ-তাত্ত্বিক উপাদানসমূহো ৰৈ গ’ল।
৩। অসমীয়া মানুহ গঢ়ি তোলার ককেছীয়সকলৰ বৰঙণি সম্বন্ধে প্ৰৱন্ধ যুগুত কৰা।
উত্তৰঃ খ্ৰীষ্টপূৰ্ব কালতে ব্ৰহ্মপুত্ৰ উপত্যকালৈ সোমোৱা আনটো নৃ-গোষ্ঠী হ’ল ককেছীয় নৃ গোষ্ঠী। এওঁবিলাক গংগা উপত্যকাইনি সোমাই অহা বুলিয়েই কোৱা হৈছে। কিন্তু কীন আদি নৃতত্ত্ববিদে ককেছীয় প্ৰজাতিৰ লোক ব্ৰহ্মপুত্ৰ উপত্যকালৈ উত্তৰ-পূব দিশেদি সোমাই অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছে। পণ্ডিতসকলে অনুমান কৰিছে যে “অতি প্রাচীন ককেছীয় দল এটাই . পশ্চিমৰ পৰা মংগোলীয় আৰু চীনদেশৰ মাজেৰে জাপানলৈ প্ৰব্ৰজন কৰিছিল বুলি ভাববি থল আছে। পিছলৈ মংগোলীয়ৰ অভ্যুত্থানত এই প্রাচীন ককেছীয়বোৰ নিঃশেষ হৈ যায়। মাত্ৰ “আইনু” নামেৰে পৰিচিত এটা গোট মংগোলীয়ৰ দ্বাৰা পৰিবেষ্টিত হৈ জাপানত তিষ্টি আছে। ভুবনমোহন দাসে আৰু কৈছে, “এই প্ৰব্ৰজনৰ এটা সোঁতে দক্ষিণ চীনদেশৰ পৰা দক্ষিণলৈ গতি কৰি অসমত প্ৰৱেশ কৰে বুলি কোনো কোনোৱে ক’ব খোজে। সেইবাবেই হয়তো মিচিমি, ডফলা আদি লোকৰ মাজত কিছু ককেছীয় উপাদান দেখা যায়।” ককেছীয়সকলৰ জৈৱিক, ভাষিক আৰু সাংস্কৃতিক উপাদানে যে অসমীয়া মানুহ গঢ়ি তোলাত প্রভূত বৰঙণি যোগাই গৈছে সেই বিষয়ে সন্দেহ নাই। ককেছীয় বুলি ক’লেই বা আৰ্য ক’লেই সাম্প্ৰতিক কালত অনেক লোকে ঐতিহাসিক তথ্যৰ অধ্যয়ন নকৰাকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বহিৰাগত বুলি গণ্য কৰাৰ প্ৰৱণতা এটা দেখা যায়।
সামাজিক নৃতত্ত্বই প্ৰমাণ কৰিছে যে প্রাচীন নৃ-গোষ্ঠীবোৰৰ কোনোটোৱেই পৃথিৱীৰ ক’তো একে ঠাইতে একে থাকিল। প্ৰব্ৰজন আৰু প্ৰতি প্ৰব্ৰজনৰ সোঁত তাৰ নিজস্ব গতিৰে বৈ আছিল। কালক্ৰমত এনে প্ৰব্ৰজনকাৰী একো একোটা গোট কোনো ঠাইত থকাৰ সুবিধা পাই হয় সুদীর্ঘকাল নহয় স্থায়ীভাৱে থাকিবলৈ লৈছিল । জীৱিকাৰ বেলেগ বৃত্তি আৱিষ্কাৰ নকৰালৈকে প্ৰকৃতিৰ ওপৰতে তেওঁবিলাকে নিৰ্ভৰ কৰি চলিছিল । ব্ৰহ্মপুত্র উপত্যকালৈও যিদৰে অষ্ট্ৰেলীয়সকল প্ৰব্ৰজন কৰি আহিছিল, তেনেকৈ মংগোলীয়সকলৰ বিভিন্ন ফৈদ ইতিহাসে ঢুকি পোৱাৰ আগৰপৰা আধুনিক কাললৈকে আহি আছে, তেনেদৰেই এসময়ত আহিছিল আলপাইনসকল আৰু ইতিহাসে ঢুকি পোৱাৰ আগৰে পৰা যে চামে চামে আহি আছে ককেছীয়সকলৰো বিভিন্ন ঠাল-ঠেঙুলি। আনকি আধুনিক অষ্ট্ৰেলীয় নৃ-গোষ্ঠীৰ লোকৰ প্ৰৱাহো বৈ আহি আছে। সৰু সুঁতি হ’লেও ইবিলাকেও অসমৰ জনগাঁথনিত নিজস্ব বৰঙণি আহি যোগাইছেহি।
নৃতত্ত্ববিদসকলে অসমীয়া মানুহ গঢ়ি তোলাত মংগোলীয়, আলপাইন আৰু ককেছীয়সকলৰ ভূমিকা বিশেষভাবে লক্ষ্য কৰিছে। ককেছীয়সকল হ’ল দীর্ঘমস্তকী, সংকীৰ্ণ আৰু উচ্চনাসিক্যৰ ঢৌ খেলোৱা চুলিৰ, দীর্ঘায়িত মুখমণ্ডলৰ, প্ৰশস্ত বক্ষৰ ওখ-পাখনৃ-গোষ্ঠী। কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰৰ মাজৰ পশ্চিম ৰুছদেশৰ বিশাল অঞ্চলত ককেছাছ এই নৃ-গোষ্ঠীৰ আদি বাসস্থান বুলি ১৭৭৫ চনত প্ৰথম যোহান ফ্রিদেখি ব্লুমেনবেথ নামৰ নৃতাত্ত্বিকজনে এই নৃ গোষ্ঠীক ‘কচেইড’ অর্থাৎ ককেছীয় নাম দিয়ে। এই নৃ-গোষ্ঠীৰ তিনিটা শাখা-নর্ভিক, আলপাইন আৰু ভূমধ্যসাগৰীয়। কিন্তু আল্লচ পর্বতমালাৰ ওচৰত থকা গোটটোৰ নৃ-গোষ্ঠীগত বিশেষত্ব,
নডিকসকলতকৈ বা ভূমধ্যসাগৰীয় গোটটোৰ নৃ-গোষ্ঠীগত বিশেষত্ব আলপাইনসকলতকৈ কোনো কোনো ক্ষেত্ৰত পৃথক পৰিলক্ষিত হয়। সেইবাবে ককেছীয় শব্দটো বহুসময়ত বহুল অৰ্থত ব্যৱহাত হোৱা চকুত পৰে। দেখা যায় ককেছীয়সকলৰ মাজত ঢৌ খেলোৱা চুলি, ৰক্তাভ আৰু পীতাম্বৰ পৰা ডাঠ মুগা বৰণ আনকি কলা বৰণলৈকে গাৰ ৰং, ঠেক, ওখ আৰু দীর্ঘায়িত নাকৰ পৰা মধ্যমীয়া দৈৰ্ঘ্যৰ নাকলৈকে বিভিন্নতা দেখা গ’লেও সাধাৰণ বিশেষত্বসমূহে তেওঁবিলাকক একেটা নৃ-গোষ্ঠীৰ অন্তৰ্গত কৰি ৰাখিছে।
৪। নাৰ্ডিক ভাৰতীয় আৰ্যৰূপে কেনেদৰে পৰিচিত হৈছিল লিখা।
উত্তৰঃ ককেছীয় গোষ্ঠীৰ তিনিটা শাখা-নাৰ্ডিক, আলপাইন আৰু ভূমধ্যসাগৰীয়। সাংস্কৃতিক নৃতত্ত্ববিদসকলৰ অনেকে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সুদৃঢ় ভিত্তি স্থাপনত নডিকসকলৰ অৱদানেই সৰ্বাধিক বুলি মত পোষণ কৰে। ‘বাঙালীৰ ইতিহাসত নীহাৰৰঞ্জন ৰায়েও সদৃশ মত পোষণ কৰি কৈছে যে আদি নর্ডিকসকলেই বৈদিক সভ্যতা আৰু সংস্কৃতিৰ সৃষ্টিকর্তা। উত্তৰ ইউৰোপৰ নর্ডিকসকলৰ লগত এওঁলোকৰ সম্পৰ্কৰ ঘনিষ্ঠতা সত্ত্বেও পৃথকতাও আছে, বিশেষকৈ চুলি আৰু শৰীৰৰ বৰণৰ ক্ষেত্ৰত ভাৰতীয় নর্ডিকসকলৰ চুলিৰ ৰং ডাঠ বাদমীৰ পৰা ঘন কল আৰু গাৰ ৰং বাদামীৰ পৰা ৰক্তিম-গৌৰ। পঞ্জাৱৰাজপুতনাকে ধৰি উত্তৰ পশ্চিম ভাৰতৰ পৰা বৰ্তমানৰ পাকিস্তান, বেলুচিস্তান, আফগানিস্তান পর্যন্ত অঞ্চলটোত আদি নাৰ্তিকসকলৰ প্ৰাধান্য দেখা যায়।
ভাৰতবৰ্ষত অন্যান্য নৃ-গোষ্ঠীৰ লগত হোৱা সংমিশ্ৰণ আৰু প্রাকৃতিক আৰু ভৌগোলিক পৰিবেশৰ প্ৰভাৱত এই নৃ-গোষ্ঠীৰ আৱয়াবিক পৰিবৰ্তন ঘটিল। এই নৃ-গোষ্ঠীয়েই, ভাৰতৰ প্ৰাচীন নৃ-গোষ্ঠীসমূহৰ ওপৰতো নিজস্ব প্ৰভাৱ বিস্তাৰ কৰি এটা সংমিশ্ৰিত সভ্যতা আৰু সংস্কৃতি গঢ়ি তুলিলে। এওঁলোকেই ভাৰতীয় আর্য নামেৰে পৰিচিত হ’ল। এই আর্য গোটটো অহাৰ আগতে ভাৰতবৰ্ষত এটা উন্নত সভ্যতা আছিল।
মহেঞ্জোদাৰো আৰু হৰপ্পাকে ধৰি ভাৰত উপমহাদেশত খনন কাৰ্যৰ দ্বাৰা আৱিষ্কৃত প্ৰায় সত্তৰখনমান চহৰৰ অৱস্থিতিয়ে তাৰ সাক্ষ্য বহন কৰে। এই আৰ্যসকল ভাৰতবৰ্ষলৈ অহাৰ সময়ত ভাৰতবৰ্ষত সভ্যতাৰ তৃতীয়টো স্তৰ গঢ় লৈ উঠিছিল। তথাপি তেওঁবিলাকে আহি প্ৰাধান্য বিস্তাৰ গুৰিতে আছিল তেওঁবিলাকৰ বাহুবল আৰু যুদ্ধ জয়ৰ কৌশল, বেগবান বাহন হিচাপে ঘোঁৰা আৰু শব্দভাণ্ডাৰৰ চহকী এটা উন্নত ভাষা। গাঁও বা নগৰ পাতি একে ঠাইতে বসবাস নকৰা এই গোষ্ঠীটোৱে বিভিন্ন অঞ্চল অতিক্ৰম কৰি অহাৰ ফলত শব্দসম্ভাৰৰ চহকী হৈ পৰিছিল। মন্দিৰ নিৰ্মাণ, বিগ্ৰহ নিৰ্মাণ, পূজা-পদ্ধতি, এই আটাইবোৰেই আৰ্যেতৰ ভাষা পুৰণি নৃ-গোষ্ঠীৰ পৰা গ্ৰহণ কৰা বিষয়। এতেকে, ইণ্ডো-আর্য বা ভাৰতীয় আর্যভাষী এই নর্ডিক নৃ-গোষ্ঠীটোৱে লাহে লাহে তুলিলে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সোধ।
৫। নগেন শইকীয়াৰ গদ্যৰীতি সম্পৰ্কে টোকা লিখা।
উত্তৰঃ নগেন শইকীয়াৰ গদ্যৰ উপস্থাপন শৈলী :
(১) সৰল আৰু প্ৰাঞ্জল : নগেন শইকীয়াৰ কাহিনী বিযুক্ত বচনাবোৰত প্ৰকাশভংগীৰ আড়ষ্টতা নাই। এক সৰল গতিৰে মনোমোহাকৈ বিষয়বস্তু উপস্থাপন কৰে। তেওঁ গদ্য প্ৰাঞ্জল আৰু সাৱলীল ৷ উদাহৰণস্বৰূপে—
(ক) “ আখৰ-জোঁটনি সৰলীকৰণৰ প্ৰেৰণা আমেৰিকাৰ বতাহে স্বাভাৱিকভাৱেই আমেৰিকা প্রবাসী অসমীয়াসকলকো দান কৰিছে।”
(আমেৰিকাত দহদিন)
(খ) “দেখা গ’ল, যি য’ৰ পৰা আনন্দ পায়, তেওঁ তাকে সুন্দৰ দেখে।” (সাহিত্য-বাদ বৈচিত্রা)
(গ) “ অসমীয়া ভাষাত প্ৰাক-সংস্কৃত আর্যভাষাৰ এই প্ৰভাৱে ইংগিত দিয়ে যে প্ৰাক-সংস্কৃত আর্যভাষা কোৱা এটা নৃ-গোষ্ঠী পাণিনিয়ে অষ্টাধ্যায়ী ৰচনা কৰা আগতে, অর্থাৎ খ্রীঃ পূঃ পঞ্চম শতিকাৰ আগতে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। এই গোষ্ঠীটো আলপাইন নামেৰে চিহ্নিত হৈছে।” (অসমৰ নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীসমূহ)
(২) বর্ণনামূলক : নগেন শইকীয়াৰ প্ৰবন্ধাৱলীৰ গদ্য সাধাৰণতে বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক। পাঠকে বুজি পোৱাকৈ সৰল আৰু প্ৰাঞ্জল ভাষাৰে তেওঁ বিষয়বস্তুসমূহ বিশ্লেষণ কৰি বৰ্ণনা কৰে। পাঠকৰ সহজ বোধগম্যৰ বাবে তেওঁৰ গদ্যত বর্ণনামূলক ৰীতি পোৱা যায় । তেওঁৰ কাহিনীবিযুক্ত গদ্যবোৰ প্ৰায়ে ইতিহাসৰ প্ৰেক্ষাপটত বিচাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে—
(ক) “অসমীয়া জনগোষ্ঠীৰ আটাইতকৈ প্ৰভাৱশালী জনগোষ্ঠীটো হ’ল- মংগোলীয়। মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা-প্রশাখা দক্ষিণ-পূব এছিয়াত সিঁচৰতি হৈ আছে।” (ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা)
(খ) “মিছনেৰীসকলৰ মাজত নাথান ব্ৰাউন আছিল এজন ভাষাবিদ। তেওঁ অসমীয়া ভাষা খৰচি মাৰি শিকি লৈছিল আৰু তেঁৱেই ‘অৰুণোদই’ আৰম্ভণিৰ পৰা একেবাৰে কেইবছৰো সম্পাদনা কৰিছিল। তদুপৰি অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণৰো তেওঁ প্ৰণেতা আছিল।” (ভূমিকা, জোনাকী)
(গ) “নৃ-তাত্ত্বিক আৰু পুৰাতাত্বিক অধ্যয়নে দেখুৱাইছে, আৰ্যসকলৰ (নর্ডিক আৰু আলপাইন দুয়োটা নৃ-গোষ্ঠীৰ) আগমনৰ আগতে ‘ভূমধ্যসাগৰীয়’— এই নামেৰে আধুনিক নৃ বিজ্ঞানীসকলে পৰিচয় নিয়া প্রাচীন প্ৰাৰিতীয়সকলৰ প্ৰাধান্য উত্তৰ-পশ্চিম ভাৰতবৰ্ষতা আছিল। এইটোও স্থিৰ হৈছে যে মহেঞ্জোদাৰো আৰু হৰপ্পাত পাঁচ হেজাৰ বছৰৰ আগৰ যিবিলাক পুৰাতাত্ত্বিক আৰু নৃ-তাত্ত্বিক সমল আবিষ্কৃত হৈছে, সেইবিলাকো এই দ্রাবিড়ীয়সকলৰ কৃতি আৰু কীৰ্ত্তিৰ পৰিচায়ক।” (অসমৰ নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীসমূহ)
(৩) তথ্যসমৃদ্ধ : নগেন শইকীয়াৰ কাহিনীবিযুক্ত গদ্যসমূহ বিষয় বস্তুনিষ্ঠ, নিৰপেক্ষ, প্রণালীবদ্ধ বিশ্লেষণ আৰু যুক্তিমূলক চিন্তাৰ সমাহাৰ বুলি ক’ব পাৰি। তেওঁৰ ৰচনাৰাজি যথেষ্ট তথ্যসমৃদ্ধ। তেওঁ যিকোনো এটা বিষয় উপস্থাপন কৰোঁতে যথেষ্ট তথ্যসমৃদ্ধ উপস্থাপন কৰে। উদাহৰণস্বৰূপে ―
(ক) “আহোম ৰজাৰ দিনত মাটিৰ গুণ বিচাৰ কৰি দিবৰ কাৰণে মাটি-চেলেকা বৰুৱা নামৰ বিষয় সৃষ্টি কৰি লোৱা হৈছিল। বিশেষকৈ পুখুৰী খন্দোৱাৰ সময়ত মাটি চেলেকা বৰুৱাই মাটিৰ গুণাগুণ নিৰ্ণয় কৰি দিব লাগিছিল।” (অসমীয়া মানুহৰ ইতিহাস)
(খ) “ভাৰতীয় আর্যভাষাৰ মূল ইণ্ডো-ইউৰোপীয় ভাষা। এই ভাষা-ভাষীসকলৰ বসতি ইউৰাল পর্বতমালাৰ দক্ষিণ-পশ্চিম বা উত্তৰ-পশ্চিম নাইবা দক্ষিণ ৰাছিয়াৰ ইউৰেছীয় অঞ্চলেই আছিল বুলি ভাষাতত্ত্ববিদসকলে ঠাৱৰ কৰিছে। ভাৰতবৰ্ষত ভাৰতীয় আর্যভাষাসম্ভূত ভাষাৰ সংখ্যাই হ’ল সর্বাধিক ” (অসমৰ নৃ-গোষ্ঠী আৰু ভাষা গোষ্ঠীসমূহ)
(৪) প্ৰশ্নৰ অৱতাৰণাৰে বিষয় প্রৱেশ : নগেন শইকীয়াৰ গদ্যৰ উপস্থাপনৰ আন এক বিশেষত্ব হ’ল কোনো এটা বিষয়ৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে এটা প্ৰশ্নৰ অৱতাৰণা কৰি লোৱা হয়। প্ৰশ্নৰ অৱতাৰণা কৰি পাঠকক বিষয়বস্তুৰ গভীৰতা সম্পৰ্কে অৱগত কৰে। এনেদৰে প্রশ্নৰ অৱতাৰণা কৰাৰ পিছত তেওঁ বিষয়টো বিশ্লেষণ কৰি বৰ্ণনা কৰে। উদাহৰণস্বৰূপে।
(ক) “কিন্তু অসম এই শব্দটোনো কি অৰ্থত কেতিয়াৰ পৰা ব্যৱহৃত হ’বলৈ ধৰিলে?” (অসমীয়া মানুহৰ ইতিহাস)
(খ) “এই নর্ডিক গোষ্ঠীটোৰ অসমীয়া মানুহ গঢ়ি তোলাত কিবা জৈৱিক উপাদানৰ বৰঙণি আছেনে?” (অসমৰ নৃ-গোষ্ঠী আৰু ইয়াৰ ভাষাগোষ্ঠীসমূহ)
(৫) শব্দচয়ন : ভাষাৰ মূল আধাৰ শব্দ। শব্দৰ প্রকাশিকা শক্তিৰ ওপৰতে ভাব প্রকাশৰ স্বৰূপ নিৰ্ভৰ কৰে। শব্দ প্রয়োগৰ দক্ষতাৰ ওপৰতে ভাব প্রকাশৰ ক্ষমতা লুকাই থাকে। নগেন শইকীয়াৰ গদ্যৰাজিত প্ৰয়োজনসাপেক্ষে তৎসম আৰু তদ্ভৱ শব্দৰ উপৰি ইংৰাজী, বাংলা, হিন্দী আদি ভাষাৰ শব্দৰ প্ৰয়োগ কৰিছে। ইৰিলাকৰ উপৰি হুৰীয়া শব্দ, দ্বিৰুক্ত শব্দ, লিপ্যন্ততি শব্দ, সন্ধিযুক্ত শব্দ, ঘৰুৱা অসমীয়া শব্দৰ প্ৰয়োগ হৈছে।
(ক) লিপ্যন্তৰিত শব্দ : নগেন শইকীয়াৰ গদ্যত লিপ্যন্তৰিত শব্দৰ বহুল প্রয়োগ ঘটিছে। অৱশ্যে ইও প্ৰয়োজনৰ তাগিদাত উদাহৰণস্বৰূপে – ‘কিহাতে ‘জ’, ‘পেৰিপ্লাছ’, ‘ডিক্সন’। ‘কিহাডে’জ’,
(খ) ঘুৰীয়া শব্দ : যুৰীয়া শব্দৰ ব্যৱহাৰো নগেন শইকীয়াৰ গদ্যত দেখা যায়। যেনে— ধ্যান-ধাৰণা, ধৰা বন্ধা, নথি-পত্র, তথ্য-পাতি, শাখা-উপশাখা, দেশ-মহাদেশ, ভাষা-ভাষী, উত্তৰ পশ্চিম, সৰ-ডাঙৰ, ঠাল-ঠেঙুলি।
(গ) দ্বিরুক্ত শব্দ : অসমীয়া ভাষাৰ জতুৱা ভংগী প্রকাশক দ্বিৰুক্ত শব্দ প্রয়োগো শইকীয়াৰ গদ্যত যথেষ্ট পৰিমাণে দেখা যায়। উদাহৰণস্বৰূপে— ধীৰে ধীৰে, চামে চামে, কিবা-কিবি, মাজে মাজে, শাৰী শাৰী, ওচৰা-ওচৰি।
(৬) বাক্যবিন্যাস : নগেন শইকীয়াৰ গদাৰাজিৰ বাক্যৰ পৰিসৰ ক্ষেত্রবিশেষে দীঘল আৰু ক্ষেত্রবিশেষে চুটি। বিষয়বস্তুৰ বৰ্ণনা কৰোতে তেওঁৰ গদ্যৰ প্ৰায়বোৰ বাক্য দীঘল হৈ পৰিছে। বাক্যবোৰ দীঘল কৰোতে সংযোজক অব্যয় ‘আৰু’, বিৰাম চিন ‘কমা’ (,)ৰ ব্যৱহাৰ কৰিছে। চুটি বাক্যতকৈ দীঘল বাক্যৰ ব্যৱহাৰ বেছি। উদাহৰণ স্বৰূপে—
(ক) “মানুহে তাৰ জীৱনৰ সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে নিজৰ মস্তিষ্কৰ কৰ্ষণ কৰি আৰু বুদ্ধি প্ৰয়োগ কৰি স্তৰে স্তৰে গঢ়ি তুলিছে তাৰ সভ্যতা আৰু মানুহৰ হৃদয়বৃত্তিক সুন্দৰকৈ প্ৰকাশ আৰু প্ৰয়োগ কৰিবলৈ কৰা যত্নৰ মাজেনি গঢ়ি তুলিছে তাৰ সংস্কৃতি।” (ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা)
(খ) “কিন্তু ইয়াৰ ভৌগোলিক বৈশিষ্ট্যই, প্রাকৃতিক অৱস্থানে, ইয়াৰ এতিয়ালৈকে পোৱা নানা ঐতিহাসিক সমলে, ইয়াৰ বিচিত্ৰ জনগাঁথনি আৰু বৰ্ণাঢ্য লোক জীৱন, ইয়াৰ ভাষাৰ উন্নত ৰূপে আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাই এই ৰাজ্যখনৰ এক প্রাচীন ইতিহাসৰ সম্ভেদ দান কৰিছে।” (অসমীয়া মানুহৰ ইতিহাস)
(গ) অসমীয়া মানুহৰ মাজত ককেছীয় উপাদান সম্পৰ্কে কৰা বৈজ্ঞানিক অনুসন্ধানৰ ফল দাধি ধৰি ভুৱনমোহন দাসে কৈছে যে “ককেছীয় প্রজাতিৰ বিভিন্ন প্ৰকাৰ, যেনে— ভূমধ্যসাগৰীয়, আলপাইন, আর্মেনীয়, ইৰাণ-চীনীয় আৰু ইণ্ডো-আৰ্যই অসমৰ মানুহৰ আবয়াৱিক ৰূপ গঠনত নানান উপাদান যোগান ধৰিছে।” (অসমৰ নৃ-গোষ্ঠী আৰু ইয়াৰ ভাষাগোষ্ঠীসমূহ)
(৭) নগেন শইকীয়াৰ গদ্যৰচনাত চুটি বাক্যও অনেক পোৱা যায়। উদাহৰণস্বৰূপে—
(ক) অন্তহীন বিষয় অন্তহীন জিজ্ঞাসা।
(খ) বন্ধ এটা সংস্কৃতি নহয়।
(গ) ইতিহাস অত্যন্ত নির্মম।
(৮) অনুচ্ছেদ : অনুচ্ছেদ ৰচনাৰ ক্ষেত্ৰত নগেন শইকীয়াৰ গদ্যৰ স্বকীয়তা আছে। তেওঁৰ গদ্যৰ অনুচ্ছেদবোৰত একো একোটা স্বয়ং সম্পূর্ণ ভাবৰ সন্নিৱেশ ঘটিছে। প্রত্যেক অনুচ্ছেদত এটা মূল বাক্য থাকে, যি অনুচ্ছেদটোৰ বিষয়বস্তুক সংক্ষিপ্তকৈ প্ৰকাশ কৰে। অনুচ্ছেদৰ বাক্যবোৰে সুন্দৰভাৱে পৰস্পৰৰ মাজত সংগতি ৰক্ষা কৰিছে। উদাহৰণস্বৰূপে—
“ইণ্ডো-ইউৰোপীয় মূলৰ পৰা ওলোৱা ভাষাই ইউৰোপ, পশ্চিম এছিয়া, মধ্যপ্রাচ্যকে ধৰি ভারত উপ-মহাদেশকো সামৰি লৈছে। দক্ষিণ ভাৰতত ভেত্ৰীয় নৃ-গোষ্ঠীৰ দ্ৰাবিড় ভাষা অৱশ্যেই ইণ্ডো ইউৰোপীয় বৃত্তৰ ভিতৰত নপৰিলেও খ্ৰীষ্টপূৰ্ব কালৰ পৰা হোৱা সংমিশ্ৰণৰ ফলত ভাৰতীয় আৰ্য ভাষাৰ অনেক ৰূপগত আৰু ধ্বনিগত বৈশিষ্ট্যই সামৰি লয়।”
(৯) শইকীয়াই অনুচ্ছেদ ৰচনা কৰোঁতে কেতিয়াবা কোনোটো দীঘল আৰু কোনোটো চুটি হৈছে। উদাহৰণস্বৰূপে—
দীঘল অনুচ্ছেদ : “অসম ব্ৰহ্ম শাখাৰ পৰাই ওলাইছে নগা-ৰাজ্যৰ ভাষাসমূহ। নগাসকলৰ প্রধান গোষ্ঠীকেইটা হ’ল— কন্যাক, আও, চেমা, কাবুই, ফোম, পচৰি আদি চৈধ্যটা ভাষা গোষ্ঠী। আকৌ ইবিলাকৰো উপ-ভাষাগোষ্ঠীসমূহ আছে। এই উপগোষ্ঠীসমূহৰো নিজা নিজা ভাষা আছে তাৰ বাহিৰেও ৰেংমেই, কছাৰী, চিন, মাও আৰু নেপালী ভাষাৰ লোকো আছে। নগাৰাজ্যত কমেও ছাব্বিছটা ভাষা আছে। যদিও এই আটাইবোৰ এটা উৎসৰ পৰা ওলাইছিল, সুৰীয়া বৈশিষ্ট্যৰ পৃথকতাই প্ৰতিটো ভাষাকে আনটোৰ পৰা পৃথক কৰি তুলিছে। ফলত এটা ভাষা-ভাষী মানুহে আনটো ভাষা নুবুজে।”
চুটি অনুচ্ছেদ : “ইণ্ডো-ইউৰোপীয় মূলৰ পৰা ওলোৱা ভাষাই ইউৰোপৰ, পশ্চিম এছিয়া, মধ্যপ্রাচ্যকে ধৰি ভাৰত উপ-মহাদেশকো সামৰি লৈছে। দক্ষিণ ভাৰতত ভেড্ডীয় নৃ-গোষ্ঠীব প্রাবিড় ভাষা অৱশ্যেই ইণ্ডো-ইউৰোপীয় বৃত্তৰ ভিতৰত নপৰিলেও খ্ৰীষ্টপূৰ্ব কালৰ পৰা হোৱা সংমিশ্ৰণৰ ফলত ভাৰতীয় আৰ্য ভাষাৰ অনেক ৰূপগত আৰু ধ্বনিগত বৈশিষ্ট্য সামৰি লয়।”
এক সাৱলীল গদ্য চৰ্চাৰ নিদৰ্শন নগেন শইকীয়াৰ কাহিনীযুক্ত গদাৰীতিৰ মাজত পোৱা যায়। বর্ণনামূলক, কাব্যধর্মী উপস্থাপন শৈলীৰে তথ্যসমৃদ্ধ, চিন্তামূলক তথা জ্ঞানমূলক গদ্যই তেওঁৰ ৰচনাৰাজিক অভিনবত্ব দান কৰিছে বুলি ক’ব পাৰি। তেওঁৰ ৰচনাত ইতিহাসচেতনা, গবেষণামূলক দৃষ্টিভংগী, যুক্তিৰ প্ৰতি আনুগত্য আদি গুণবোৰ দেখিবলৈ পোৱা যায়।