অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Question Answer can be of great value to excel in the examination.
অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য
অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। লীলা গগৈৰ গদ্যশৈলীৰ বিষয়ে লিখা।
উত্তৰঃ লীলা গগৈৰ ৰচনাৰ অন্যতম সম্পদ হ’ল ইয়াৰ গদ্যৰীতি। গগৈৰ ব্যক্তিত্ব আৰু ৰচনাৰ মাজত অসমীয়া জাতীয় জীৱনৰ বিশিষ্ট উপাদান জড়িত হৈ আছে। এই উপাদানসমূহেই লীলা গগৈক যথার্থ জাতীয় লেখকলৈ ৰূপায়িত কৰিছিল। জাতি হিচাপে সকলো মানুহ এক হ’লেও ব্যক্তি হিচাপে প্ৰত্যেকৰে কোনো এটা বৈশিষ্ট্য থাকিবই।
লীলা গগৈৰ ব্যক্তিত্ব আৰু ৰচনাৰ মাজত অসমীয়া জাতীয় জীৱনৰ মাত-কথাই প্রধান ভূমিকা গ্ৰহণ কৰিছে। ৰচনাত ব্যৱহৃত জতুৱা ঠাঁচ, ধ্বন্যাত্মক শব্দ, ফকৰা, প্রবাদ-প্রবচন, উপমা, যুৰীয়া শব্দ, বচনভঙ্গী আদি উপাদানসমূহে গগৈৰ ভাষাক শক্তিশালী ৰূপ প্ৰকাশ কৰিছে। তদুপৰি ৰচনাসমূহৰ প্ৰাঞ্জল ভাষা আৰু ব্যঞ্জনাময় উপকৰণে পাঠকক আপ্লুত কৰিছে।
ভাবক প্রকাশ কৰিবলৈ যাওঁতে গগৈয়ে স্বকীয়ভাৱে এক শৈলী ব্যৱহাৰ কৰিছিল। লীলা গগৈৰ স্বকীয় শৈলী প্ৰকাশক কিছুমান উদ্ধৃতিৰ উদাহৰণ দিয়া হ’ল— “শৰীৰত জ্বলি উঠা জুইকুৰা নিশা বহুত দপদপকৈ জ্বলি উঠে। জ্বলি উঠা জীৱনৰ আদিম ক্ষুধা”।
“যৌৱনৰ আগলি বয়সতে কবিৰ কবি অন্তৰখনে কিবা এটা অভাৱ অনুভৱ কৰিছিল। কিবা এটা বিচাৰি পোৱা নাছিল ৷ এই পোৱা-নোপোৱাৰ প্রশ্ন সমাধান নহওঁতেই সেইবোৰ অতীত হৈ গ’ল।”
“সাহিত্য চৰ্চা মোৰ আজন্ম সাধনা’ বুলি জীৱনৰ বিয়লি বেলিকাত বুকু ডাঠি কোৱা সেই গৰাকী পুৰুষেই হ’ল চিৰকুমাৰ কবি যতীন দুৱৰা”।
“মাকৰ অসীম চেনেহৰ উমত ডাঙৰ-দীঘল হোৱা দুৱৰাই ডেকা কালত দুগৰাকী অমায়িক মৰমিয়াল মাতৃসনা বৌৱেকৰ আদৰ পাইছিল…… দুৱৰা পমি গৈছিল।” (যতীন বৰুৱাৰ ব্যক্তিগত জীবন) অভিজ্ঞতা আৰু অধ্যৱসায়েৰে পৰিপুষ্ট এইজন ব্যক্তিৰ ৰচনাৰাজিৰ প্ৰধান বৈশিষ্ট্য হৈছে নিমজ ব্যক্তি, সাৱলীল কথাৰীতি । লীলা গগৈৰ সৃষ্টিশীল ৰচনাসমূহত সামাজিক জীৱনৰ সামূহিক প্রতিফলন ঘটা দেখা যায়। গগৈৰ গদ্যৰীতি নিভাঁজ, সহজ-সৰল সূৰ্য্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতে অসমীয়া সাহিত্যত লীলা গগৈৰ স্থান বুলিলেও অত্যুক্তি কৰা নহ’ব।
উপমাযুক্ত বাক্য : “ব্রহ্মপুত্ৰৰ বিশালতাক মনৰ বিশালতাৰে জয় কৰি মকতা জোৰা দি হ’লেও
মিলনৰ সাকো সাজিবলৈ সজাগ”। (চিৰি লুইতলৈ চাই)
“আঘোন মহীয়া এই দেশলৈ আহোঁতে লুইতৰ পাৰৰ সোণ চেকুৰা যেন সৰুৱা পথাৰবোৰৰ সোণগুটি ধানৰ সোণালী সৰিয়হৰ ফুলবোৰ দেখি এই দেশৰ বাবে সাৰ্থক সেই ‘মু-ডুন-চুন খাম’ নামটো বিচাৰি উলিয়াইছিল। ……. সোণচেকুৰাই অভিনন্দন জনাইছিল”। (আহোম ভাষাত অসমৰ ভৌগোলিক নামকৰণ)
তদুপৰি গগৈৰ ৰচনাত বিবিধ উপমাৰ লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে— পাভ মাছৰ নিচিনা গাল দুখনি, খোঁপা ফানৰ নিচিনা চুলি, মানী মাছৰ নিচিনা পা, চম্পাকলীয়া আঙুলি, পুৰঠ নিপোটল ডেকাটোৰ, পাজীসেৰীয়া আঙুলি, খামুচীয়া কঁকাল ইত্যাদি ।
শব্দচয়নঃ গগৈৰ ৰচনাসম্ভাৰত আৰ্থ-সামাজিক, ধর্মীয় বিশ্বাস, সাংস্কৃতিক জীৱনধাৰা প্ৰতিফলন ঘটাবলৈ বিশেষ বিশেষ পটভূমিত কিছুমান শব্দ ব্যৱহাৰ কৰিছে। গগৈয়ে অসমৰ জনজীৱনত অপ্রচলিত শব্দৰ লগতে কিছুমান অপ্ৰচলিত শব্দকো সুন্দৰকৈ বিষয়ৰ সৈতে খাপ খুৱাই ব্যৱহাৰ কৰিছে। গগৈৰ ৰচনাত প্ৰয়োগ হোৱা শব্দচয়নৰ এনে কলা-কৌশলে ৰচনাৰ বিষয়বস্তুসমূহক অর্থবহ, নিটোল আৰু মিতব্যয়ী কৰি তুলিছে।
লীলা গগৈৰ ৰচনাশৈলী একক বা স্বকীয় বৈশিষ্ট্যসম্পন্ন। তেখেতৰ ৰচনাত মনোৰম বাভংগী সাৱলীল আৰু সৰল নিভাঁজ ঘৰুৱা শব্দ, নির্বাচিত শব্দ, খণ্ডবাক্য, উপমা প্রবাদ-প্রবচন আদিৰ যথোপযুক্ত প্রয়োগ প্রকাশভংগীয়ে পাঠক-সমাজক আকৃষ্ট কৰিছে। অতিৰঞ্জনৰ আভাস নাই। ঠায়ে ঠায়ে দীঘল বাক্যৰো প্ৰয়োগ কৰা দেখা যায়। উদাহৰণস্বৰূপে—
“পৃথিৱীৰ কেঁচা মঙহৰ জুতি বুধি এৰি যি দিনাই উৰ্বৰতা লৈ পৃথিৱীৰ বুকু আঁচুৰি ধান বনৰীয়া সঁচ আনি সিঁচি পেটৰ মুঠি দিহা কৰিবলৈ শিকিলে সিদিনাই মানুহৰ মুৰতো কৃষ্টিৰ কঠীয়া গলি………. কৃষ্টিৰ কঠীয়া লহপহকৈ বাঢ়ি সংস্কৃতিৰ সোণগুলি পথাৰত সোণসেৰীয়া হৈ বাঢ়ি সংস্কৃতিৰ সোণতলীয়া পথাৰত সোণসেৰীয়া হৈ জিলিকি উঠিল।”
বিভিন্ন জনগোষ্ঠীয়ৰ লগত সম্পর্কিত নামবাচক শব্দ :
আহোম : আহোম শালি, আহোম বগৰী, আহোম ফোহোঁৰা ।
মিৰি/ মিচিং : মিৰি আলু, মিৰিকাটেঙা, মিৰিজন, মিৰিমাহ ইত্যাদি।
চুটিয়া : চুড়িয়া লফা, চুড়িয়া শালিকা, চুটিয়া ধনু, চুটিয়া হিলে, চুটিয়া কাজী, চুটিয়া লফা ইত্যাদি।
কছাৰী : কছাৰী শালি, কছাৰী মোৰ ইত্যাদি
মিচিমি : মিচিমি তিতা, মিচিমি দা ইত্যাদি।
গৰিয়া : গৰিয়া আলু, গৰিয়া খোকা ইত্যাদি। গৰিয়াসকলক লৈ ৰচনা কৰা যোজনা — গৰু হ’ল গৰিয়া, পো হ’ল চোৰ, জীৰ হ’ল নটিনী উপায় হেৰাল মোৰ ইত্যাদি।
মিকিৰ : মিকিৰ পুৰা, মিকিৰ লতা ইত্যাদি ।
চিংফৌ : চিংফৌ-মোনা ।
মান : মানকচু, মানধঁপাত, মানধনীয়া, মান খাৰ, মান লাই ।
চীনা : চীনা লাই, চীনা আলু, চীনা বাদাম, চীনা হাঁহ।
ভোট : ভেটিজলকীয়া, ভোটমনোহৰ, ভোটগুটি, ভোট এবং ইত্যাদি।
বাংলা : বঙালী এৰা, বঙালী কাৰী, বঙালী পুৱা, বালী ম’হ (শিং, ঠেক) ইত্যাদি।
জতুৱা ঠাঁচ, ফকৰা যোজনা, প্ৰবাদ আদিৰ প্ৰয়োগ : লীলা গগৈৰ ৰচনাৰাজিৰ ভাষা বিশ্লেষণ কৰিলে ভালেমান অসমীয়া জতুৱা ঠাঁচ, জতুৱা খণ্ডবাক্য আৰু প্ৰবাদ-প্রবচন ঠাহ খাই আছে। এইবোৰৰ প্ৰয়োগে তেওঁৰ ৰচনাৰাজিৰ প্ৰকাশভঙ্গী সুন্দৰ, ৰসাল আৰু সজীৱ কৰি তুলিছে। অসমীয়া লোকজীৱন আৰু লোকভাষাৰ লগত লীলা গগৈৰ নিবিড় সম্পৰ্ক আছিল। তেওঁৰ ৰচনাত অসমৰ জনজীৱনত প্ৰচলিত ফকৰা-যোজনা, প্রবাদ-প্রবচনে বিস্তৰ স্থান অধিকাৰ কৰিছে। তলত তেওঁৰ ৰচনাত ব্যৱহৃত প্ৰবাদ-প্রবচনৰ কিছুমানৰ উদাহৰণ আগবঢ়োৱা হ’ল— আহোমৰ তলে পুতল, আহোম ভেলেঙ্গা, আহোমনীৰ কাপোৰ (দামী কাপোৰ) নগা স্বভাৱৰ প্ৰকৃতিৰ লবা নগামতা, নগা কটা, নগাক বেচা, নগা সংক্রান্তি, নগাৰ চাংতলে বাট, নগা শোৱন, এবিধ সতকাই নুশুকুৱা, যাৰ নাম নগা ঘা, নগা নির্মালি বোলে, নগাটো চাই হোৱাটো, সজালো পৰালো নগাই নিয়ে বুলি নগায়ো নিনিলে মাজে ডাঙৰ বুলি, নাগিনীয়ে ল’ৰা পায়, নগাই জাল খায় ইত্যাদি প্রবচন সৃষ্টি হৈছে।
লীলা গগৈৰ ৰচনাত খণ্ডবাক্য, জতুৱা শব্দ আৰু যুৰীয়া শব্দ : লীলা গগৈৰ ৰচনা সম্ভাৰত ব্যৱহৃত খণ্ডবাক্য, জতুৱা শব্দ, যুৰীয়া শব্দ, যুৰীয়া শব্দসম্ভাৰ তলত উল্লেখ কৰা হ’ল—
খণ্ডবাক্য : বিয়লি, বেলিকা, মৌ-চেপা, বুকু জাঠি, ছাটকৰে, চেনেহৰ উমত, সুঠাম দেহ, যৌৱনৰ আগলি বয়সত, কলহৰ কাণেৰে ঢলা, সাৰুৱা পলসত, ছাগলী খেদা, লেলপেল নিছিগা, কাতি শতা, কৃষ্টিৰ কঠীয়াতলী, খামোচ মাৰি, পাহৰণিৰ অটল গৰ্ভত, চকুত লগা, ঘৰ চাৱনি-যোৱা, টুপাই বুৰ মৰা, আখৈ পৰমায়, কলীয়া ডাৱৰে ঢকা, ন-পানী-ফুটা, জিভা-টাপালি, মুখ-উপালি, ফুল-জাৰি, হাড়-কপোৱা জাৰ, কাঁচিয়লি ৰ’ল, জাঙুল খাই, ৰান্ধনি বেলি, মেলানি মগা, খন্দোৱা খোৱা, দিনে-ৰাতিয়ে খপি, মৰকীয়া খোৱা, মনৰ সফুৰা, মেলি, বলিয়া বা, যাউতি-যুগীয়া ইত্যাদি।
বিশেষণ শব্দ : ৰঙা-লাহী, গৰু চকুৱা, তিতা-ফুলীয়া, কলা-মণি, পোৱাল মণি, আহোম শালি, কছাৰি-শালি, চুটিয়া শালি, মাণিকি মধুৰী নিৰ-কদম, চিকণ-শালি, সুৱাগমণি, শল-পোনা, সেকেচনি জ্বৰ, গোমা আকাশ, সৰুকটীয়া বাট, মাণিকী-মুকুতা, লাৱণী পৰশ, দীঘলী লৰুৱা বীপ ইত্যাদি।
ঘৰুৱা জীৱনত ব্যবহৃত শব্দ : দগধা, ঠোঙাল খোৱা, আধাখুদা, খেৰেচিয়াই, ভোটভোটাই, গেজেপনি, উষ্ণখনি, কলেংচেনেও, মিটমিটাই, ৰজনজনাই, বুঝা কাৰাং, বিনৈবন, পিৰপিৰণি, বকিয়া বগাই, উপাকলীয়া, তেঁতুৱে ধৰা, উচ্চতা উৰুত্তা, ডেৰচোৱা, অজান্তিমূলুক, খেৰেজু থেকেৰা, উদিয়াই, গুৱাদানি, গিৰিপনি, ৰাইজাই, ডেই থৈ।
অসমীয়া সংস্কৃতি সম্বন্ধীয় শব্দ : বৰ্ঘৰ, মাৰল ঘৰ, টৌকেৰাহী, কাঁহী-বাটি, মটং-মঠীয়া, চৰিয়া-লোটা, তাঁত-শাল, ঢেঁকী-শাল, আখল-শাল, পানী চাঙ, খুঁটা-চতি, গিৰিপনি, খামিডাঠ, খোলাচপৰীয়া ইত্যাদি ।
ড° লীলা গগৈৰ ৰচনাসমূহৰ অন্য এক উল্লেখযোগ্য দিশ হ’ল — চহা জীৱনৰ নিমজ ভাষা আৰু তথ্য-পাতিবে বিশ্লেষণ কৰাৰ বাবে প্রকাশভঙ্গীৰ কতো যেন অলপো অভজা নাই ।
মুঠৰ ওপৰত ফকৰা যোজনা, পট-প্রবচন, জতুৱা শব্দসমূহে গগৈৰ ৰচনাৱলীক এক নতুন ৰূপত সজাই তুলিছে।
২। লীলা গগৈৰ ৰচনাত প্ৰয়োগ হোৱা বাক্যৰীতিৰ কলা-কৌশলে ৰচনাৰ বিষয়সমূহক অর্থবহ আৰু মিতব্যয়ী কৰি তুলিছে। ‘বুৰঞ্জী বিচাৰি’ পাঠটিৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰঃ অভিজ্ঞতা আৰু অধ্যৱসায়েৰে পৰিপুষ্ট লীলা গগৈৰ ৰচনাৰীতিৰ প্ৰধান বৈশিষ্ট্য হৈছে— নিমজ ভাষা আৰু সাৱলীল কথা ৰীতি। গদ্যৰ বাক্য বিশ্লেষণৰ জৰিয়তে লেখকৰ বুদ্ধিমত্তা, কৌশল আদিৰ উমান পোৱা যায়। লীলা গগৈ বাক্যৰীতিয়েও লেখকৰ নিজস্ব বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ আভাস দাঙি ধৰে। তেওঁ ব্যক্তি, সমাজ বা দেশখনক লৈ যিবোৰ তেজস্বী চিন্তা কৰে সেই সকলো চিন্তা-আদর্শ আদিকে যেনেদৰে ভাৱে তেনেদৰেই লিখি যোৱাৰ ফলত গদ্য বাক্যৰাজি অধিক ক্ষেত্ৰতেই দীঘল-চুটি হৈ পৰিছে। ‘বুৰঞ্জী বিচাৰিত এই বাক্যৰীতি প্রবল। অতি কমকৈহে তেওঁ ইয়াত সৰল চুটি বাক্য ব্যৱহাৰ কৰিছে। তেওঁৰ ৰচনাত পোৱা চুটি বাক্যৰ উদাহৰণ হ’ল—
(ক) “দশৰথ ৰজাৰ এটা ফোঁহা হৈছিল। বিষত কেঁকাই থকা দেখিব নোৱাৰি কৈকেয়ীয়ে চেপি পূজ উলিয়াই দিলে। বিষয় উপশম পাই দশৰথে কৈকেয়ীক দুটা বৰ দিলে। এটা বৰেৰে ৰামক বনবাস দিলে । ৰাম বনলৈ গ’ল। বনত ৰাৱণে সীতাক হৰণ কৰিলে। ৰাম ৰাৱণৰ যুদ্ধ হ’ল। তাৰ আগতে আৰু এলানি ঘটনা সংঘটিত হ’ল। ৰাম ৰাৱণৰ যুদ্ধত লাখ লাখ প্রাণী মৰিল। সোণৰ লংকা ধ্বংস হ’ল। এটা ফোঁহাৰ পটভূমিত অতবোৰ ঘটনা ঘটিল।”
(খ) “এদিন ৰেজিষ্টাৰী ডাকত এখন চিঠি পালোঁ। ধুনীয়া, গোট গোট আখৰ। লিখিছিল, ‘মোৰ হাতত এখন বুৰঞ্জী আছে। আখৰ পঢ়িব নোৱাৰোঁ। উদ্ধাৰ কৰিব পাৰিলে ভাল।”
বক্তব্য বিষয়ৰ প্ৰয়োজন অনুসৰি লেখকে বিভিন্ন ৰীতিৰ বাক্য গদ্যত ব্যৱহাৰ কৰিব পাৰিলে গদ্য শুৱনি হয়। অর্থ স্পষ্ট হয় আৰু পাঠকতো আমনি নালাগে। সৰল-জটিল আৰু যৌগিক এই তিনিও শ্ৰেণীৰ বাক্যৰে গদ্যক সুন্দৰভাৱে লীলা গগৈয়ে ভাবৰ উপযুক্ত বাহন ৰূপে গঢ়ি তুলিছে।
তদুপৰি লীলা গগৈৰ গদ্যত প্ৰশ্নবোধক বাক্যৰো যথেষ্ট প্ৰয়োগ লক্ষ্য কৰা যায় যিকোনো বিষয় সম্পর্কে মনত জাগি উঠা প্রশ্নক তেওঁ তেনেৰূপেই গদ্যত সন্নিবিষ্ট কৰিছে। প্ৰশ্নবোধক বাক্যৰ সুন্দৰ প্ৰয়োগে তেওঁৰ গদ্যৰীতিক আন এক সৌন্দৰ্য প্ৰদান কৰিছে। যেনে—
(ক) “হাতত পায়ো বাটতে হেৰুৱাই মোৰ মনটো সেমেকি গ’ল। উক্ত পুৰোহিতজনকো মই চিনি পাওঁ কিন্তু তেওঁক আমনি কৰোঁ কেনেকৈ ?”
গদ্যৰীতিৰ বিশ্লেষণত মন কৰিবলগীয়া আন এটা বিষয় হ’ল অনুচ্ছেদ ৰচনা। একোটা সার্থক অনুচ্ছেদে সমগ্ৰ ৰচনাটিৰ এটা দিশ সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰি। প্ৰবন্ধৰ গদ্যত এনে ৰীতিয়ে ইয়াৰ গাঁথনি সবল কৰাৰ লগতে বিষয়কো সুবিন্যস্ত ৰূপত উপস্থাপন কৰে। লীলা গগৈৰ গদ্যতো অনুচ্ছেদ ৰচনাৰ ক্ষেত্ৰত সসংবদ্ধতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে—
“অসমীয়া বুৰঞ্জী সাহিত্যৰ বুৰঞ্জীত সবাতোকৈ চাঞ্চল্যকাৰী বৰঞ্জীৱন হ’ল চকৰিফেঁটী বুৰঞ্জী। আজিকালি প্ৰত্যেকৰে ঘৰত থকা সাঁচিপতীয়া বুৰঞ্জীখনকে চকৰিফেঁটী বুলি দাবী কৰে। প্ৰকৃত চকৰিফেঁটী বুৰঞ্জীখনত অন্য জাতি আৰু ফৈদৰ পৰা আহোমলৈ তুলি লোৱা মানুহৰ ইতিবৃত্ত লিখা থাকে।”
কূটচিহ্নৰ যথোপযোগী ব্যৱহাৰৰ ওপৰত অৰ্থৰ প্ৰকাশ যথেষ্ট নির্ভৰ কৰে। শব্দৰে কৈ শেষ কৰিব নোৱাৰা অনেক ভাব, অনুভূতি, চিন্তা আদি যতিচিহ্নই পাঠকৰ চকুৰ আগত দাঙি ধৰিব পাৰে। বিৰাম সৃষ্টিৰ উপৰি অর্থবহভাৱে ভাব প্রকাশক ৰূপতো তেখেতে সফলতাৰে কূটচিহ্ন ব্যৱহাৰ কৰা দেখা গৈছে। উদাহৰণস্বৰূপে—
“মই তেতিয়া বি.এ পাছ কৰা নাই। কিন্তু কিয় ক’ব নোৱাৰোঁ, উক্ত পদৰ বাবে আবেদন কৰাৰ প্রবৃত্তি জাগি উঠিল, লোভ সামৰিব নোৱাৰিলোঁ। আবেদন কৰিলোঁ; দেখা-সাক্ষাতলৈ নেমাতিলে কিন্তু অতি অপ্রত্যাশিতভাৱে এদিন নিযুক্তি পত্ৰ আহিল ।”
উল্লিখিত উদাহৰণটিৰ পৰা গগৈৰ কূটচিহ্ন ব্যৱহাৰৰ প্ৰতি থকা সচেতনতাত ইংগিত পোৱা যায়।
তেওঁৰ গদ্যৰীতিত নাটকীয় গঢ়াৰীতিৰ বৈশিষ্ট্যও পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে—
চাহ জলপান খাই ভাগৰ পলুৱাই কথা পাতি থাকোতে ঘৰৰ গৰাকীয়ে এটোপোলা সাঁচিপাত আনি ক’লে, “এইখন বুৰঞ্জী, কোনেও পঢ়িব নোৱাৰে, পৰি আছে।” তিনিখনমান পুথি এখন হৈ আছে। ওখ-চাপৰ, চুটি-দীঘল মিলাই চোৱাত তিনিখন পুথি ওলাল। দুখন মহাভাৰতৰ বিভিন্ন খণ্ড আৰু ‘এখন বুৰঞ্জী’। বুৰঞ্জীখন মই লৈ আছিলোঁ আৰু নকল কৰি ড° ভূঞাক দিলোঁ।”
সকলো লেখাই একেজাতীয় হোৱা সত্ত্বেও এনেদৰেই লীলা গগৈয়ে সুযোগ বুঝি বিভিন্ন ৰীতিৰ ব্যৱহাৰেৰে গদ্যক সমৃদ্ধ কৰি তুলিছিল। কিন্তু সকলো প্ৰকাৰৰ গদ্য ৰচনাৰ ক্ষেত্ৰতে তেখেতে সংযত, পৰিমিত আদৰ্শৰ পৰিৱৰ্তে আলংকাৰিক ৰীতিৰ মাধ্যমেৰেহে আগবঢ়া দেখা যায়। অর্থাৎ সামগ্রিকভাৱে তেওঁৰ ৰচনাত মনৰ ভাবাৱেগৰ প্রাবল্যই হৈছে এনে ৰীতিৰ বিকাশৰ প্ৰধান কাৰণ সাধাৰণ বৰ্ণনাৰ দ্বাৰাই লেখকে বিষয়বস্তু, মনৰ আৱেগ, উষ্মা আদিক ৰচনাত ক্ষিপ্ৰতাৰে প্ৰকাশ কৰি গৈছে। অৱশ্যে লীলা গগৈৰ তেজস্বী ব্যক্তিত্ব আৰু চিন্তাধাৰাৰ প্ৰভাৱত তাৰ মাজতেই তেওঁৰ নিজস্ব ভংগিমাৰ পৰিচয় ফুটি উঠিছে।
লীলা গগৈৰ গদ্যৰ শব্দচয়নৰ আন এটা চকুত লগা বৈশিষ্ট্য হ’ল— সন্দিযুক্ত শব্দৰ প্ৰাচুৰ্য। যেনে— স্বত্বাধিকাৰী, পদার্পণ, সম্পূর্ণাঙ্গ, সময়ানুক্রমণিকা, গোটাচেৰেক, সমুপস্থিত।
গদ্যত খণ্ডবাক্য, পটন্তৰ আদিৰ প্ৰয়োগে ভাষা শুৱলা কৰাৰ লগতে অর্থও সুদূৰপ্ৰসাৰী ৰূপত প্ৰকাশত সহায় কৰে। বহু কথাৰে বুজাব নোৱাৰা কথা এটাও একোটা ফকৰাই সহজতে বুজাই দিব পাৰে। আনহাতে এই ফকৰা, প্রবচন, খণ্ডবাক্য আদি হ’ল কোনো এটা ভাষাৰ জতুৱা বাক্ ভংগী প্ৰতিফলিত কৰা নিজস্ব মূল্যৱান সম্পদ। সেয়েহে ইয়াক যিকোনো লেখকে সম্পূর্ণকৈ আয়ত্ত কৰি সহজে ৰচনাত খাপখোৱাকৈ প্ৰয়োগ কৰিব নোৱাৰে।
লীলা গগৈৰ ৰচনাৰাজিৰ ভাষা বিশ্লেষণ কৰিলে ভালেমান অসমীয়া জতুৱা ঠাঁচ, জহুৱা খণ্ডবাক্য আৰু প্ৰবাদ-প্রবচন ঠাহ খাই আছে। এইবোৰৰ প্ৰয়োগে তেওঁৰ ৰচনাৰাজিৰ প্ৰকাশভঙ্গী সুন্দৰ, ৰসাল আৰু সজীৱ কৰি তুলিছে। অসমীয়া লোকজীৱন আৰু লোকভাষাৰ লগত লীলা গগৈৰ নিবিড় সম্পর্ক আছিল। তেওঁৰ ৰচনাত অসমৰ জনজীৱনত প্ৰচলিত ফকৰা-যোজনা, প্রবাদ প্রবচনে বিস্তৰ স্থান অধিকাৰ কৰিছে। উদাহৰণস্বৰূপে―
(ক) “সৰু সৰু কাহিনীৰ গাত বগুৱা বাই কেনেকৈ ঘটনা আগবাঢ়ি যায়, তাৰহে কথা ক’ব খুজিছোঁ”।
(খ) “অপদাৰ্থ পুতেক কেইটাৰ হাতত পৰি বুৰঞ্জীখন চিৰদিনলৈ লোপ পালে।”
(গ) “সম্ভৱতঃ ঘৰত জুই লাগোঁতে কিছুমান পাত হানি হ’ল; বুৰঞ্জীখনৰ নাড়ী ছিগিল।” লীলা গগৈৰ ৰচনাসমূহৰ অন্য এক উল্লেখযোগ্য দিশ হ’ল— চহা জীৱনৰ নিমজ আৰু তথ্য পাতিৰে বিশ্লেষণ কৰাৰ বাবে প্ৰকাশভঙ্গীৰ ক’তো যেন অলপো অভজা নাই। অসমীয়া সংস্কৃতিৰ ৰহঘৰা নিৰ্মাণত ‘মৌ-গুটি যেন হালোৱা-হজুৱাৰ ওঁঠৰ ভাষাহে যে পূৰঠ আহিলা’— এই নিশত চিন্তা চৰ্চা কৰা সাহিত্যিকৰ ভিতৰত লীলা গগৈ বিৰল সাহিত্যিক।
ড° লীলা গগৈৰ সাহিত্যিক হিচাপে এক সুকীয়া বৈশিষ্ট্য আছে। অসমৰ গাঁৱে-ভূঞে বোকা পানী খচকি বাস্তব অভিজ্ঞতাৰ সৈতে মুখামুখি হৈ তেওঁ সাহিত্য সৃষ্টিৰ সমল সংগ্ৰহ কৰিছে। গতিকে গগৈৰ লেখনী পঢ়ি গ’লে অসমীয়া জাতীয় জীৱনৰ এক জীৱন্ত চিত্ৰ চকুৰ আগত জলজল পট্পটকৈ উদ্ভাসিত হৈ উঠে।
মুঠৰ ওপৰত ফকৰা-যোজনা, পটন্তৰ-প্রবচন, জতুৱা শব্দসমূহে গগৈৰ ৰচনাৱলীক এক নতুন ৰূপত সজাই তুলিছে। অসমীয়া সাহিত্যত নিমজ আৰু নিভাঁজ ভাষা প্রয়োগ কৰাৰ ক্ষেত্ৰত …. লীলা গগৈৰ ৰচনাসমূহে অসমীয়া ভাষা-সাহিত্যত সুকীয়া আসন অধিকাৰ কৰি থাকিব।
৩। ড° লীলা গগৈৰ সাহিত্যকৃতিৰ বিষয়ে উল্লেখ কৰি অসমীয়া গদ্য সাহিত্যত তেওঁৰ স্থান নিৰূপণ কৰা।
উত্তৰঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ পূজাৰী ডালীলা গগৈয়ে সমগ্ৰ জীৱনৰ অধ্যৱসায় আৰু বাস্তৱ অভিজ্ঞতাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। গগৈদেৱ একাধাৰে কবি, লোক-সংস্কৃতিৰ গৱেষক, ঔপন্যাসিক, শিশু সাহিত্যিক, বুৰঞ্জী সাহিত্যৰ গৱেষক আৰু হাস্যৰসাত্মক গদ্যৰ ৰচক।
লীলা গগৈয়ে কুৰি বছৰ বয়সত সাহিত্যিক জীৱনৰ পাতনি মেলে। তেওঁ মুঠতে ৫৪ খন গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থসমূহৰ ভিতৰত বুৰঞ্জী, সংস্কৃতি, লোক-সংস্কৃতি, লোক-সাহিত্য, পুৰণি পুথি সম্পাদনা, লঘু ৰচনা, গীত আৰু গীতি কবিতা আদি। সংস্কৃতি বিষয়ক লীলা গগৈৰ গ্ৰন্থসমূহ হ’ল— টাই-সংস্কৃতিৰ ৰূপৰেখা, আহোম জাতি আৰু অসমীয়া সংস্কৃতি, অসমীয়া সংস্কৃতি, বিহুঃ এটি সমীক্ষা আৰু সাহিত্য সংস্কৃতিৰ বুৰঞ্জী । লীলা গগৈয়ে ভালেকেইখন লঘু ৰচনাৰ পুথি ৰচনা কৰে। এই পুথিসমূহ হৈছে— ‘কল্পিং ছিগা ৰেল, বৃকোদৰ বৰুৱাৰ বিয়া, বিশেষ কি লিখিম, বিয়েৰিং চিঠি, ঘেঘেী বাহু, মুকলি চিঠি, হাঁহি আৰু বাঁহী ইত্যাদি। বুৰঞ্জীয়ে পৰশা নগৰ, হেৰুৱা দিনৰ কথা, শৰাইঘাটৰ যুদ্ধৰ কথা, বেলিমাৰ গ’ল, বুৰঞ্জীয়ে কথা কয়, বুৰঞ্জী সাহিত্য, বুৰঞ্জীৰ ৰূপৰেখা, শিৱসাগৰ আদি ভালকেইখন বুৰঞ্জী-সাহিত্য বিষয়ৰ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
সেইদৰে লোক-সাহিত্যৰ ওপৰত লিখা অসমীয়া লোক- সাহিত্যৰ ৰূপৰেখা, মণিৰাম দেৱানৰ গীত, অসমীয়া লোকগীত, বিহুগীত আৰু বনঘোষা, জোনবাই এ এটি তৰা দিয়া আদি।
লীলা গগৈৰ বিবিধ বিষয়ক পুথিখন হ’ল— সীমান্তৰ মাটি আৰু মানুহ। এই পুথিখনৰ বাবে তেওঁ ইউনেস্কো বঁটা লাভ কৰে। গগৈয়ে সংকলন কৰা সম্পাদনা কৰা পুথিকেইখন হ’ল— সাহিত্যঃ দুটি মান আলোচনা, চিন্তাৰ স্বাক্ষৰ পুৰণি পুথি সম্পাদনা কৰা পুথিসমূহ হ’ল— কুমাৰ হৰণ, কালীয় দমন, চোৰধৰা, অশ্বকৰ্ণ বধ ইত্যাদি। তদুপৰি গগৈয়ে অনুবাদ কৰা পুথিকেইখনৰ ভিতৰত ‘বঙ্গৰ লোককৃষ্টি’ অন্যতম। একেদৰে ঔপন্যাসিক হিচাপেও খ্যাতি অৰ্জন কৰা লীলা গগৈৰ উপন্যাসকেইখন হ’ল – ডকাইত কোন, সৰগৰ মুকুতা, নীলা খামৰ চিঠি, নৈ বৈ যায়। তদুপৰি লীলা গগৈয়ে বিভিন্ন আলোচনী, বাতৰি কাকতত প্ৰবন্ধ-পাতি লিখিছিল। সেইবোৰৰ ভিতৰত — সাহিত্যত হাস্যৰস, মনোধর্মী, খুহুতীয়া ৰচনা, যতীন দুৱৰাৰ ব্যক্তিগত জীৱন, মাধৱ কন্দলি আৰু মহামাণিক্য কবি, বুৰঞ্জী-সাহিত্যত ত্ৰিপুৰাৰ বুৰঞ্জীৰ স্থান, ভাৰতীয় লিপি আৰু অসমীয়া লিপিৰ বুৰঞ্জী, অসমৰ লোকসংস্কৃতি : অমঙ্গল, লোক-বিশ্বাসত বৰষুণ, অসমত আহোম ভাষা, আহোমসকলৰ পূজা পাতল, আহোম ৰাজত্বত সাংস্কৃতিক – বিকাশ, আহোমসকলৰ বিবাহ পদ্ধতি, জাতি গঠনত স্বৰ্গদেউসকল, থামতিসকলৰ বুৰঞ্জী ইত্যাদি। গদ্য সাহিত্যত স্থান : সূৰ্য্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতে অসমীয়া সাহিত্যত লীলা গগৈৰ স্থান বুলিলেও অত্যুক্তি কৰা নহ’ব। ড° মহেন্দ্ৰ বৰাই লীলা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এনেদৰে কৈছিল—
“এতিয়াৰ পৰা আৰু সেইটো শুধু অসমীয়া ভাষা লিখিব ক’ব জনা অসমীয়া সাহিত্যিক নোহোৱা হৈ পৰিল, যিটো অসমীয়া ভাষাত বাৰে বঙলুৱা ভাষাৰ ছাট পাবলৈ নাই, যিটো অসমীয়া ভাষা সাহিত্যৰথী বেজবৰুৱাৰ কাপ-মৈলামৰ ভাষা আছিল। সেইটো ভাষাৰেই ড° গগৈয়ে অসমীয়া সাহিত্যৰ ভঁৰাললৈ তিনিবিধ সাহিত্যৰ অৰিহণা যোগাই থৈ গৈছে। ফৰকাল হাঁহিৰ লেখাৰ সাহিত্য, এখন সৃষ্টিধর্মী উপন্যাস আৰু কেইবাখনো অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ অন্বেষণমূলক প্রবন্ধ সাহিত্য।”
ভাষা সাহিত্যৰ প্ৰভাৱ সমাজৰ ওপৰত অতি গভীৰ কিন্তু সমাজক প্ৰভাৱিত কৰিবলৈ হ’লে বা সময়ৰ পৰিধি নেওচি যুগজয়ী কীৰ্ত্তি লাভ কৰিবলৈ হ’লে সাহিত্যত থাকিব লাগিব লেখকৰ উচ্চ প্ৰতিভা আৰু চিন্তাৰ আচোৰ লীলা গগৈৰ গদ্য সাহিত্যৰ মাজেদি লেখকৰ সৰল ব্যক্তিত্ব আৰু প্ৰতিভাৰ ছবি স্পষ্টৰূপে প্ৰতিভাত হৈছে। নাটক, গল্প, উপন্যাস, শিশু-সাহিত্য আদি সাহিত্যৰ প্ৰায় সকলো বিষয়তে অৰিহণা যোগোৱা গগৈৰ গদ্যত দোষ-দুর্বলতা আদি থাকিলেও অসমীয়া জতুৱা ভংগীৰ সুদক্ষ প্ৰয়োগ, বিষয়বস্তুৰ ৰসসমৃদ্ধ উপস্থাপন, পাঠকৰ মানসিকতাৰ অনুকূলে সবল ৰূপত ভাষা ব্যৱহাৰ কৰি বিভিন্ন দিশৰ পৰা তেওঁৰ গদ্যই এক বিশেষ মর্যাদা লাভ কৰিছে। বিশেষকৈ আধুনিক অসমীয়া গদ্যক ৰসৰ বাহকৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গগৈৰ এক বিৰল কৃতিত্বৰ অধিকাৰী। অসমীয়া নিভাঁজ ভাষাৰীতিৰ চমৎকাৰ প্ৰয়োগ, কৌশল আৰু বৈশিষ্ট্যপূর্ণ আকর্ষণীয় প্ৰকাশভংগীৰ জৰিয়তে গঢ়ি তোলা লীলা গগৈৰ ‘ব্যক্তিগত গদ্যৰীতি’ অসমীয়া সাহিত্যত একক আৰু ব্যতিক্রম।
প্ৰতিটো বিষয়ৰ প্ৰতি থকা সূক্ষ্ম দৃষ্টি, আন্তৰিকতা আৰু ধাৰণ বা চিন্তাৰ স্বচ্ছতাৰ প্ৰভাবত কাকতিৰ গদ্যৰীতিও হৈ উঠিছে সংবেদনশীল অথচ বলিষ্ঠ আৰু সংযমী অথচ সহজ আৰু সাৱলীল।
৪। ‘বুৰঞ্জী বিচাৰি’ পাঠটিত লেখকে বুৰঞ্জী বিচাৰি সম্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কেনেকৈ ব্যক্ত কৰিছে লিখা।
উত্তৰঃ বুৰঞ্জী উদ্ধাৰ অভিযানৰ অন্তৰালত লীলা গগৈয়ে বহুতো তিতা, মিঠা, বেহা অভিজ্ঞতাৰ সম্মুখীন হৈছে। তাৰে কিছুমান অভিজ্ঞতা তেখেতে ব্যক্ত কৰিছে।
প্রথমতে লেখকে ১৯৪৮ চনৰ কথা ব্যক্ত কৰিছে— ‘মই শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ ৰিডিং ক্লাবৰ চেক্ৰেটাৰী নিৰ্বাচিত হৈছিলোঁ। দ্বিতীয় মহাসমৰৰ সময়ৰে পৰা সম্ভৱত ১৯৪৪-৪৫ চনৰে পৰা ৰিডিং ক্লাবৰ আলমাৰী কেইটা বন্ধ হৈ আছিল। চেকেটাৰী নিৰ্বাচিত হোৱাৰ পিছত তলা ভাঙি চাওঁতে কিছুমান যুদ্ধকালীন প্ৰচাৰ পত্ৰ আৰু দুখন কিতাপ পোৱা গ’ল। কিতাপ দুখনৰ এখন ‘তুংগুপ্তীয়া বুৰঞ্জী’ আনখন ইংৰাজী-অসমীয়া অভিধান। পিছৰ যুগত বুৰঞ্জী চৰ্চাৰ ৰূপ বঢ়োৱাৰ গুৰিতে এই বুৰঞ্জীখন।
দ্বিতীয় দফাটোত লেখকে ‘তুংমুতীয়া বুৰঞ্জী পঢ়ি তেওঁৰ অধ্যয়নৰ মনোবল বঢ়াত ডাকত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পৰা প্ৰকাশিত দুখনমান বুৰঞ্জী আনি পঢ়াৰ কথা উল্লেখ কৰিছে। ইয়াৰ পৰাই আহোম ৰাজত্বৰ থূলমূল ধাৰণা এটি মনত গঢ় লয়। লেখকৰ ভাষাত — “সেয়া কলেজত পঢ়া কালৰ কথা। অৱশ্যে কলেজতো পঢ়িছিলো মাত্ৰ দুবছৰ। সেয়া ১৯৫০-৫১ চন। বুৰঞ্জী কেইখন পঢ়ি অলপ কথা শিকি ‘নতুন অসমীয়া’ কাকতত বুৰঞ্জীয়ে ফকৰা কয় ’ আৰু ‘ফকৰাই বুৰঞ্জী কয়’ শিতানত দুটামান প্ৰবন্ধ লিখিছিলোঁ। সেই প্রবন্ধ দুটাই কাৰ মনত কি ধাৰণা সৃষ্টি কৰিছিল ক’ব নোৱাৰো।” লেখকৰ এই দুটি প্রবন্ধই ড° সূৰ্য্যকুমাৰ ভূঞা আৰু বেণুধৰ শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বেণুধৰ শৰ্মাই পোষ্টকার্ড এটাত চমুকৈ উদ্গনি দিয়াৰ লগতে শিৱসাগৰত লগ পাওঁতে মুখেৰেও প্ৰশংসা কৰি উৎসাহ দিছিল।
তৃতীয় দফাটোত লেখকে নিজৰ পৰিয়ালৰ বুৰঞ্জীৰ প্ৰতি থকা ৰূপৰ কথা উল্লেখ কৰিছে। লেখকৰ ভাষাত—“মোৰ বয়স যেতিয়া ৮/৯ বছৰ তেতিয়া আমাৰ আখলশালৰ পানীচাঙত এখন সাঁচিপতীয়া পুথি দেখিবলৈ পাইছিলোঁ। কেতিয়াবা মনে মনে সেই পুথিখন মেলি চাইছিলোঁ । আখৰ পঢ়িব নোৱাৰিছিলোঁ। আমাৰ বংশৰে বুঢ়া এজনে বুৰঞ্জীখন পঢ়িবলৈ নিছিল। বুঢ়া মৰিল। অপদার্থ পুতেক কেইটাৰ হাতত পৰি বুৰঞ্জীবন চিৰদিনলৈ লোপ পালে। অনুমান কৰিছোঁ, বুৰঞ্জীখন ‘বাঁহগড়ীয়া আতন বুঢ়াগোহাঁইৰ বুৰঞ্জী’ আছিল। কাৰণ, আমাৰ বাঁহগড়ীয়া বুঢ়াগোহাঁই ফৈদৰ লগত সংযোজিত লেবাং হাতীমূৰীয়া ফৈদৰ গঢ়গঞা ৰজাই দিখৌ পাৰৰ হাবি ভঙাই পতা সেইখন লেবাং হাতীমূৰীয়া গাঁও।”
১৯৫৪ চনৰ আগভাগত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ বাবে এজন ৰিছাৰ্চ স্কলাৰ বিচাৰি বাতৰি কাকতত বিজ্ঞাপন ওলাইছিল। উক্ত পদৰ বাবে গগৈয়ে আবেদন কৰিলে আৰু তেওঁলৈ অপ্রত্যাশিতভাৱে নিযুক্তি পত্ৰ আহিল। বেতন মাত্র ৭৫ টকা। লেখকৰ ভাষাত — “জুলাই মাহৰ কোনো এটা গৰম দিনত মই কামত যোগ দিলোঁ। শ্রদ্ধেয় ড’ সূৰ্য্যকুমাৰ ভূঞাই মইনো কি কি কিতাপ পঢ়িছো, বুৰঞ্জীতনো মোৰ কিমান ৰাপ জানিবলৈ গোটাচেৰেক প্ৰশ্ন কৰি মোৰ কাম কি হ’ব বুজাই দিলে। পুৰণি বুৰঞ্জীৰ পৰা আহৰণ কৰা সমলৰ ভিত্তিত অসমীয়া মানুহৰ ৰাজনৈতিক ধ্যান-ধাৰণাৰ বিষয়ে গৱেষণা কৰিবলৈ বিষয় নিৰ্দিষ্ট কৰি দিলে।”
পঞ্চম দফাটোত তেওঁ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত কাম কৰি থকাৰ সময়ত নিতৌ সন্ধিয়া ড° ভূঞাৰ ঘৰলৈ যোৱাৰ কথা উল্লেখ কৰিছে। লেখকৰ ভাষাত — “সেই সময়ৰ সম্পৰ্ক ডাইৰেক্টৰ কৰ্মচাৰী নাছিল, তেনেই ঘৰুৱা তেনে পৰিৱেশত কথা পাতি থাকোতে এদিন কৈছিল। ‘নামতি বা ইয়াৰ আশে-পাশে ভোগাই দত্ত নামৰ এজন মানুহ আছে, তেওঁৰ ঘৰত এখন বুৰঞ্জী আছে, য’ত জয়মতী কুঁৱৰীৰ কাহিনী লিপিবদ্ধ আছে। সেই সময়তে ড° ভূঞাই মোক কৈছিল,— ‘তোমালোকৰ শিৱসাগৰ অঞ্চলতে বহুতো বুৰঞ্জী পুথি আছে, যত্ন কৰিলে উদ্ধাৰ কৰিব পাৰিবা।’
দহবছৰ কাম কৰাৰ অন্তত লেখকে ভোগাই দত্তৰ সন্ধান কৰি ভোগাই দত্তৰ ঘৰ-ঠিকনা বিচাৰি উলিয়ায় যদিও ভোগাই দত্তক লগ ধৰিব নোৱাৰাত এজন কলেজীয়া ছাত্ৰক তেওঁৰ ওচৰলৈ নিয়োগ কৰিলে। ছাত্ৰখনে ভোগাই দত্তৰ পৰা বুৰঞ্জীখন উদ্ধাৰ কৰিছিল যদিও, দেউতাকে পুথিখন কাঢ়ি লৈছিল। পিছত গম পালে যে বুৰঞ্জীখন গুৱাহাটীতে কাৰোবাৰ হাতত লুপ্ত হৈছিল।
ষষ্ঠ দফাটোত লেখকে ‘আতম বুঢ়াগোঁহাইৰ বুৰঞ্জীৰ বিষয়ে বৰ্ণনা কৰিছে। — “মই আৰু মোৰ বন্ধু লগ লাগি দুকুৰি মাইলমান চাইকেল মাৰি আহি ভাগৰ লগাত গড়গাঁও নগৰৰ ওচৰত এঘৰ মানুহত সোমালোঁ। চাহ-জলপান খাই ভাগৰ পলুৱাই কথা পাতি থাকোতে ঘৰৰ গৰাকীয়ে এটোপোলা সাঁচিপাত আনি ক’লৈ, “এইখন বুৰঞ্জী, কোনেও পঢ়িব নোৱাৰে, পৰি আছে।
ড° লীলা গগৈয়ে বুৰঞ্জীকেইখন আনি নকল কৰি ড° সূৰ্য্যকুমাৰ ভূঞাক দিলে। বাঁহগড়ীয়া আতন বুঢ়াগোহাঁইৰ বুৰঞ্জী এখন আগতে ‘দেওধাই অসম বুৰঞ্জীত সন্নিৱিষ্ট হৈছিল। কিন্তু সেইখন বুৰঞ্জী অসম্পূৰ্ণ আৰু সময়ানুক্রমণিকা ত্রুটীপূর্ণ আছিল। ড° ভূঞাই উক্ত বুৰঞ্জীবন সম্পাদনা কৰি ‘সাতসৰী অসম বুৰঞ্জীত সন্নিৱিষ্ট কৰিছিল। বুৰঞ্জীখন ঘূৰাই দিওঁতে পলম হোৱাত ‘পিঠিৰ ছাল ছিডিম’ বুলি ইয়াৰ গৰাকীয়ে ধমকিও দিছিল।
স্বৰ্গদেউ নগৰৰ মৈদামখনিৰ কাষত স্বৰ্গদেউসকলৰ স্মৃতিত তৰ্পণ উৎসৱ অনুষ্ঠিত হৈছিল আৰু তাত তিনিখন সৰু সৰু বুৰঞ্জী প্ৰদৰ্শন কৰা হৈছিল। প্ৰদৰ্শিত বুৰঞ্জীকেইখনৰ বিষয়বস্তু আছিল ৰজাৰ কাৰেং, দ’ল-দেৱালয়, মৈদাম, পুখুৰী আদিৰ জোখ-মাখ আৰু তাত ব্যৱহৃত সমলৰ তালিকা আছিল। সেই অনুষ্ঠানতে লেখককো নিমন্ত্ৰণ কৰা হৈছিল আৰু প্ৰদৰ্শিত বুৰঞ্জীকেইখনৰ পাঠ উদ্ধাৰ কৰিবলৈ দিয়া হৈছিল। লেখকে তিনিখন বহীত সুকীয়া সুকীয়াকৈ পাঠ উদ্ধাৰ কৰিছিল। কিন্তু পিছত যিজন মানুহে দায়িত্ব লৈ বুৰঞ্জীকেইখন দিছিল তেওঁ বুৰঞ্জীখন আকৌ ঘূৰাই দিবলৈ খাটনি ধৰিছিল। লেখকৰ ভাষাত — “মই ততালিকে ঘূৰাই দিলোঁ, কিন্তু পিছত দেখিলোঁ, বুৰঞ্জী কেইখনৰ এটা খণ্ডিত ৰূপ শনিৰ পাচালী’ আকাৰত ছপা হৈ ওলাইছে। কিন্তু যিজন মানুহে বুৰঞ্জী কেইখন মোক দি কাম আধাৰনৱাকৈ ঘূৰাই নি একেচুঙা গাখীৰকো কেইবাখনো হাটত বিক্ৰী কৰাৰ নীতি লৈছিল, ডেৰকুৰি বছৰৰ পিছত এদিন চক্রান্তটো সদৰি কৰি অলপ টান কথা ক’লো।” পিছত বুৰঞ্জীকেইখনৰ সমলখিনি ‘টাই সংস্কৃতিৰ ৰূপৰেখা ত ব্যবহাৰ কৰিছিল।
আন এদিনাখন বুৰঞ্জী এখনৰ গৰাকীয়ে ৰেজিষ্টাৰী ডাকত এখন চিঠি পঠালে৷ চিঠিখনত লিখা আছিল— “মোৰ হাতত এখন বুৰঞ্জী আছে৷ আগৰ পঢ়িব নোৱাৰোঁ। উদ্ধাৰ কৰিব পাৰিলে ভাল। প্রয়োজন হ’লে ডাকত পঠিয়াই দিম।” লেখকৰ উত্তৰ পাই বুৰঞ্জীৰ গৰাকীয়ে ডাকেদি লেখকৰ ওচৰত পঠিয়াই দিলে। সম্ভৱত ঘৰত জুই লগাত বুৰঞ্জীখনৰ বেছিভাগ পাত জ্বলি নষ্ট হ’ল। লেখকৰ ভাষাত — “শেষত প্রতিখিলা পাত পঢ়ি পঢ়ি ঘটনাৰ ক্ৰম মিলাবলৈ যত্ন কৰি আংশিক কৃতকাৰ্য্য হ’লোঁ।” কিন্তু এইক্ষেত্ৰতো প্ৰবন্ধকাৰে আকৌ চকুচৰহাৰ চকুৰ পোৰণিয়ে দহি নিলে। এদিন আবেলি অচিনাকি মানুহ এজনে আহি ক’লে— “আপোনাক অমুকে এখন বুৰঞ্জী দিছে। বুৰঞ্জীখনৰ প্ৰকৃত গৰাকী মইহে। মোক ঘূৰাই দিয়ক।” শেষত লেখকে বুৰঞ্জীখনৰ গৰাকীক বুৰঞ্জীখন ঘুৰাই দিলে। তাৰ পৰা উদ্ধাৰ কৰিব পৰা কথাখিনি “হেৰোৱা দিনৰ কথা’ পুথিখনত সন্নিৱিষ্ট কৰিলে।
লেখকে তেওঁৰ হাতত থকা সপ্তদশ শতিকাত ৰচনা কৰা এখন সাচিপতীয়া পুথিৰ কথা উল্লেখ কৰিছে আৰু লগতে বুৰঞ্জীখনক আহোম- মোগল সংঘৰ্ষৰ বিৱৰণ’ বুলি আখ্যা দিছে। বুৰঞ্জীখন পাকৈত হাতৰ পৰিণতি। আখৰ-পানী, ভাষা, শব্দ-বিন্যাস সকলোতে মৌলিকতা আৰু নিৰ্ভৰযোগ্যতা বিদ্যমান। কিন্তু ইৰিপ্ৰসাদ নেওগে তেওঁৰ বন্ধুৰ ঘৰত হৈ থকা অসুখ-বিসুখ, বিপদ-বিপর্যয়ৰ মূল কাৰণ এই বুৰঞ্জী বুলি কৈ মানুহঘৰৰ পৰা বুৰঞ্জীখন লৈ আহিছিল। বুৰঞ্জীখনৰ শেষফালৰ এটা অংশ লেখকে সম্পাদনা কৰিছিল। এই বুৰঞ্জীখনৰ পাঠ উদ্ধাৰ কৰি তাৰে গইনা লৈ আহোম মোগল তথা অসম-মোগল ৰাজনৈতিক সম্পৰ্কৰ এখনি উচ্চ পৰ্যায়ৰ গৱেষণা গ্রন্থ বুলি লিখিব পাৰি।
লেখকৰ ভাষাত — “শিৱসাগৰৰ এটি সম্ভ্রান্ত ব্ৰাহ্মণ পৰিয়ালত এটোপোলা বুৰঞ্জী আছিল। এদিন ঘৰৰ গৰাকীয়ে মোক লগ পাই ক’লে, ‘হেৰি আমাৰ ঘৰত কেইখনমান বুৰঞ্জী আছে, এদিন আহিবচোন।’ সময় পলম নকৰি যথাস্থানত উপস্থিত হৈ গৰাকীক জনোৱাত গৰাকীয়ে “অশৌচ’ হৈ থকা বুলি নিদিলে। বুৰঞ্জীৰ লোভ সামৰিব নোৱাৰাত আকৌ এদিন গৈ উপস্থিত হ’ল। তেতিয়া ঘৰৰ মানুহে বুৰঞ্জীৰ টোপোলাটো পুৰোহিত লৈ যোৱা কোৱাত লেখকে পুৰোহিতজনক পটাই-মেলি বুৰঞ্জীখনৰ টোপোলাটো লৈ আনিলে। ঘৰ লৈ আহি টোপোলাটো খুলি তাত চাৰি-পাঁচখন বুৰঞ্জী দেখিলে। তাৰে ভিতৰত এখন বুৰঞ্জীৰ সকলো লক্ষণ প্রাচীন, লিপি আৰু সাঁচিপাততো প্রাচীনতা বিদ্যমান বর্তমান। অসমীয়া বুৰঞ্জীৰ সাহিত্যৰ আৰম্ভণি কাল যে ষোড়শ শতিকাৰ আদিভাগ এই বুৰঞ্জীখনে তাৰ প্ৰমাণ দিব পাৰে। এখন বুৰঞ্জীৰ বিষয়বস্তু সুকুমাৰ মহন্তৰ ঘৰৰ বুৰঞ্জীৰ লগত মিল আছে। এখন বুৰঞ্জী বাঁহগড়ীয়া আতন বুঢ়াগোঁহাইৰ বুৰঞ্জীৰ প্ৰতিলিপি।
১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিষয়ত কাম কৰি থকাৰ সময়ত সোণাৰিৰ ওচৰৰ এখন হাবিতলীয়া গাঁৱত লোক-সাহিত্য সংগ্ৰহ কৰিবলৈ যোৱাত লেখকে গড়গঞা লিপিৰে লিখা ধুনীয়া এখন বুৰঞ্জীৰ পুথি পালে। তাৰে প্রথম দুখিলা পাত নাই প্রথম পাতটোত কাৰেংঘৰৰ বুৰঞ্জী লিখা আছিল। বুৰঞ্জীখনত জয়ন্তা, মেচ (কোচ), কছাৰী আৰু চুতীয়াৰ উপকথামূলক সৃষ্টিকথা লিখি পিছত কেনেকৈ আহোমৰ সম্পৰ্কলৈ আহিল তাৰ উল্লেখ কৰা আছে। বুৰঞ্জীখনৰ ভাষা নিতান্তই ঘৰুৱা আৰু কথিত ঠাঁচৰ বুৰঞ্জীখনৰ অধিকাংশ মণিদীপ’ কাকতত আৰু অংশ বিশেষ অসম সাহিত্য সভা পত্ৰিকাত প্রকাশ পায়।
“ষাঠিৰ দশকৰ কথা মই এখন বুৰঞ্জীৰ পিছত কুৰি বছৰো অধিক কাল লাগি আছে৷ কিন্তু বুৰঞ্জীখন উদ্ধাৰ কৰিব পৰা নাই। কেনেকৈ, কি প্ৰসঙ্গত বুৰঞ্জীখনৰ কথা ওলাল, ক’ব নোৱাৰে, এদিন গৈ বুৰঞ্জীৰ গৰাকীৰ ঘৰত ওলালোগৈ। গৰাকীয়ে বিশেষ আপত্তি নকৰাকৈ পুথিখন দিলে। পুথিখন গদাধৰ সিংহৰ ৰাজত্বকালত হঠাতে শেষ হৈছে এই বুৰঞ্জীখনৰ ৰচনাশৈলী উচ্চ খাপৰ; তথ্যসমৃদ্ধ আৰু ভাষা ভাল। বৈশিষ্ট্য হ’ল এইখন বুৰঞ্জীত জয়মতী কুঁৱৰীৰ কথা স্পষ্টকৈ উল্লেখ আছে। বুৰঞ্জী পোৱাতে সন্তুষ্ট নেথাকি অঞ্চলটোত অধিক বুৰঞ্জীৰ বাবে অনুসন্ধান চলাওঁ।”
অসমীয়া বুৰঞ্জী সাহিত্যৰ বুৰঞ্জীত সবাতোকৈ চাঞ্চল্যকাৰী বুৰঞ্জী হ’ল চকৰিফেঁটী বুৰঞ্জী। আজিকালি প্ৰত্যেকৰে ঘৰত থকা সাঁচিপতীয়া বুৰঞ্জীখনকে চকৰিফেঁটী বুলি দাবী কৰে। প্ৰকৃত চকৰিফেঁটী বুৰঞ্জীখনত অন্য জাতি আৰু ফৈদৰ পৰা আহোমলৈ তুলি লোৱা মানুহৰ ইতিবৃত্ত লিখা থাকে। আৰম্ভণিৰে পৰা লিখি আহি গদাধৰ সিংহৰ ৰাজত্বকালৰ পৰা প্ৰধান বিষয়াসকলৰ নাম লিখি তেওঁবিলাক মূলতে কোন ফৈদৰ নগা, মিৰি, বৰাহী, মৰাণ, চতায়া কছাৰী ইত্যাদি লিখিবলৈ ধৰে। প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত বিষয়াসকলৰ বৰ্ণনা নিওঁতে বৰবৰুৱা কীৰ্ত্তিচন্দ্ৰক জলমবটা বুলি উল্লেখ কৰে, তাতেই নগৰত জগৰ আছিল। কীর্তিচন্দ্ৰই বুৰঞ্জীদাহ কৰাৰ পিছতো বুৰঞ্জীখনৰ অন্ততঃ দুটা সাঁচিপতীয়া পাণ্ডুলিপি জীয়াই থাকিল ৷ ইয়াৰে এখন উদ্ধাৰ কৰি ‘প্ৰকাশ’ আলোচনীত প্ৰকাশ কৰিছিলোঁ। এই বুৰঞ্জীখনৰ পৰা অষ্টাদশ ঊনবিংশ শতিকাৰ আহোম ৰাজ্যৰ সামাজিক জীৱনৰ পৰিচয় পাব পাৰি। তুলি দিয়া অন্য জাতি আৰু জনজাতিৰ পৰা আহি আহোম সমাজত সোমোৱা মানুহেও যোগ্যতাৰ বলত যেতিয়া উচ্চ পদ আৰু ক্ষমতা পাবলৈ ধৰিলে তেতিয়া প্রাচীন, শিৰফুটা পৰিয়ালৰ মানুহ বিক্ষুব্ধ হৈ উঠিছিল। তাৰেই প্ৰতিফলন ঘটিছে চকৰিফেঁটী বুৰঞ্জীত ।