অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য

অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Question Answer can be of great value to excel in the examination.

অসমীয়া গদ্যৰ চানেকি Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য

Join Telegram channel

Table of Contents

অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit Unit 5 সাম্প্ৰতিক কালৰ অসমীয়া গদ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

সাম্প্ৰতিক কালৰ অসমীয়া গদ্য

ASSAMESE

অসমীয়া গদ্যৰ চানেকি (ক)

● অসমীয়া ভাষাৰ গিয়াতি-কুটুম (বিৰিঞ্চি কুমাৰ বৰুৱা)

● বুৰঞ্জী বিচাৰি (লীলা গগৈ)

● আধুনিক আৰু আধুনিকতাবাদ (হীৰেন গোহাঁই) অসমীয়া মানুহৰ ইতিহাসৰ ‘অসমীয়া নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীসমূহ’ অংশ নগেন শ‍ইকীয়া)

(ক) অসমীয়া ভাষাৰ গিয়াকি-কুটুম 

অতি চমু প্রশ্নোত্তৰঃ

১। ভাষাসমূহক প্রধানতে কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ভাষাসমূহক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল— 

(ক) অষ্ট্ৰিক গোষ্ঠী।

(খ) দ্রাৱিড় গোষ্ঠী।

(গ) ভোট-চীন বা তীব্বতী-চীন গোষ্ঠী।

(ঘ) আর্য গোষ্ঠী।

২। পণ্ডিতসকলে অস্ট্রিক ভাষাগোষ্ঠীক কেইটা শাখাত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰিবছে। সেইবোৰ হ’ল— অষ্ট এচিয়াটিক আৰু অষ্ট্ৰ নৈচিয়ান্।

৩। সময়ৰ পিনৰ পৰা চালে, কোনটো ভাষাক অসমৰ অতি প্রাচীন ভাষা বুলি বিবেচনা কৰা হয়?

উত্তৰঃ অন্তিক ভাষাক।

৪। অষ্ট্রিক ভাষা প্রাচীন কালত কোন কোন ঠাইৰ মানুহৰ মাজত প্ৰচলিত আছিল? 

উত্তৰঃ অষ্ট্ৰিক ভাষা অসম আৰু বংগদেশৰ ঘাইকৈ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ পাৰত বসতি কৰা মানুহৰ মাজত প্ৰচলিত আছিল।

৫। অষ্ট্রিক ভাষাত পানী বুজাবলৈ কি কি উপসর্গ ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ অষ্ট্ৰিক ভাষাত পানী বুজাবলৈ হো-হোং (হোৱাংহো) তি-ভূ-লাও আদি উপসর্গ ব্যৱহাৰ কৰা হয়। 

৬। অসমীয়া লাওপানী শব্দটোৰ অৰ্থ কি?

উত্তৰঃ অসমীয়া লাওপানী শব্দটোৰ অৰ্থ পৰিষ্কাৰ পানী ।

৭। ডক্টৰ বাণীকান্ত কাকতিৰ মতে, কামৰূপ, কামাখ্যা, চমতা, বকতা, চপতগ্রাম, প্ৰাগজ্যোতিষপুৰ, দৰং, ধৰ্মতুল আদি অসমৰ স্থানবাচক শব্দসমূহ কোন ভাষাৰ পৰা আহিছে বুলি মন্তব্য কৰিছে?

উত্তৰঃ অষ্ট্ৰিক ভাষাৰ পৰা। 

৮। অসমৰ পুৰণি তাম্ৰ শাসনত উল্লেখ থকা ‘উমই প্রোল’ নামৰ ঠাইৰ শব্দটো ক’ৰ পৰা আহিছে বুলি কোৱা হয়? 

উত্তৰঃ দ্রাবিড় ভাষাৰ পৰা। 

৯। দ্রাবিড় ভাষাৰ পৰা অসমীয়াত সোমোৱা শব্দৰ উদাহৰণ দিয়া।

উত্তৰঃ জুলি, জুৰি, কুব, পূব, পুৰি, ভিত্তি, ভিটা আদি শব্দ। 

১০। দ্রাবিড় ভাষাৰ ‘গোড্ড’ শব্দটো অসমীয়া ভাষাৰ কোন কোন্ শব্দাংশৰ মূল বুলি পণ্ডিতসকলে অনুমান কৰিছে?

উত্তৰঃ দ্ৰাবিড় গো অসমীয়া গুৰি, শিমলুগুৰি, কঠালগুৰি শব্দাংশৰ মূল বুলি পণ্ডিতসকলে অনুমান কৰিছে।

১১। বিৰিঞ্চি কুমাৰ বৰুৱাই কি দুটা ছদ্মনামত উপন্যাস ৰচনা কৰিছিল?

উত্তৰঃ ‘বীণা বৰুৱা’ আৰু ‘ৰাস্না বৰুৱা’ ছদ্মনামত ।

১২। ‘অসমীয়া ভাষাৰ গিয়াতি কুটুম’ প্রবন্ধটি ক’ত প্ৰকাশ পাইছিল?

উত্তৰঃ ‘আকাশীত।

১৩। সম্বন্ধবাচক কোনবোৰ শব্দ অষ্ট্ৰিক ভাষাৰ পৰা অসমীয়ালৈ আহিছে?

উত্তৰঃ আবু, ককাই, বাই আদি শব্দ ।

১৪। বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা?

উত্তৰঃ (ক) তথ্যপূৰ্ণ বাক্য-প্রয়োগত গুৰুত্ব প্রদান।

(খ) সুদক্ষ কথনশৈলী।

১৫। বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন পুথিৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? 

উত্তৰঃ ১৯৬৪ চনত ‘অসমৰ লোক-সংস্কৃতি গ্ৰন্থৰ বাবে।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। সাম্প্ৰতিক কালৰ অসমীয়া গদ্যৰ বিষয়ে নিবন্ধ প্ৰস্তুত কৰা।

উত্তৰঃ সাম্প্ৰতিক কালৰ গদ্যৰ সময় নিৰূপণ স্পষ্টভাৱে এটা সীমাৰেখা টানি কৰিব নোৱাৰি যদিও কিছুমান বিশেষ লক্ষণ, গদাৰ স্বৰূপ আৰু লিখকৰ ধ্যান-ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা সময় নিৰূপণ কৰিব লাগিব।

পঞ্চাশৰ দশক আৰু তাৰ পিছৰ লিখকসকলৰ লিখনিত আন এটা কথা সহজতে লক্ষ্য কৰিব পাৰি যে অকল বিষয়বস্তুতে নহয় গদ্যৰ প্ৰকাশভঙ্গীতো তেওঁলোকে ইংৰাজী সাহিত্যৰ কৰ্ণবিন্যাস | নীতি অধিকাংশে অনুসৰণ কৰিছিল। অসমীয়া গদ্যত ইংৰাজী ভাষাৰ বিৰতি (Punctuation) পদ্ধতি প্ৰয়োগ কৰা দেখা যায় আৰু নিত্যব্যবহার্য ভাষাৰ ঠাইত বিদেশী শব্দ প্রধান নাইবা তাৰ পৰিভাষিক শব্দক স্থান দিয়া দেখা যায়। অৱশ্যে লিখকৰ কৌশলৰ দ্বাৰা এই শব্দবোৰৰ ৰূপ অসমীয়ালৈ আনিব পাৰিলে ই বৰ ভাল কথা হয়।

আধুনিক অসমীয়া গদ্য ৰচকসকলৰ ভিতৰত হেম বৰুৱা (১৯১৫-৭৭) বিশেষভাৱে অগ্রণী। ভ্রমণ সাহিত্যত সমকালীন সময়ৰ কোনো লিখকে সম্ভৱতঃ ইমান জনপ্রিয়তা অৰ্জন কৰিব পৰা নাহ, যিটো হেম বৰুৱাই কৰিছে। ‘সাহিত্য দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইউৰাইল’, ‘মেকং ম দেখিলো আনি তেওঁৰ ভ্ৰমণ সাহিত্য। তেওঁৰ ভ্ৰমণ কাহিনীবোৰ পঢ়ি যাওঁতে প্ৰতিটো দেই অন্তৰত হেন্দোলনি খাই যায়।

কবি প্ৰিয়াৰ খোপাত ৰঙা এটি কৰবীক ফুল জলমলাই উঠাৰ দৰেই মাটিৰ বান্ধোন এৰি বিদেশীমুখী আমাৰ প্লেনখন আকাশৰ মেখেলা বগাই উঠাৰ লগে লগেই সূদূৰ মক্কো চহৰৰ ৰঙা’ অস্পষ্ট ছবি এখন মোৰ কল্পনাত জলমলাই উঠিছিল। আমাৰ এৰি অহা পৃথিৱীখনৰ মাজত একোৱেই নাছিল, মাধোন পুৱাৰ কেঁচা ৰ’দত চিকমিকাই থকা ডাৱৰৰ পৰ্বতবোৰ। মেঘত ৰধিৰ কিৰণ লগা এটি পৰিৱেশ। কোমল চকচকৈ বগা ডাৱৰবোৰ, ইমান নিপোটল দেখিলেই চুই দিবৰ মন যায়।” (ৰঙা কৰবীৰ ফুল)

ইংৰাজী ভাষা, সাহিত্যত অগাধ পাণ্ডিত্য থকা বৰুৱাৰ মন যেনে উদাৰ, কল্পনা যেনে— বিলাসা ভাষাও তেওঁৰ ভাবৰ আগে আগে দৌৰি ফুৰে। কোনো কোনো ঠাইত ইংৰাজী শব্দ টানি আজোৰি, সানি পুতুকি অসমীয়া সাঁচত গঢ়ি পেলাইছে। যেনে—

“ন-ন আৰ্হিৰ এৰোপ্লেন আদি সজাই থোৱা হৈছে। সেইদৰে অট মবাইলৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে তাৰ নমুনা স্বৰূপে ন-ন আৰ্হিৰ কাৰ, বাহ সজাই থোৱা হৈছে। সকলোতকৈ ভাল লাগিল আনবিক শক্তিৰ পেভেলিমনটো।” (ৰঙা কৰবীৰ ফুল)

বৰুৱাৰ উপন্যাস আৰু চুটি গল্পৰ ভাষাও কোমল আৰু আৱেগিক। আধুনিক সমালোচনা সাহিত্যত বৰুৱাৰ এখন সুকীয়া আসন আছে। ‘আধুনিক সাহিত্য, ‘আচুফুল’, ‘সাহিত্য আৰু সমস্যা’ আদি তেওঁৰ উৎকৃষ্ট সমালোচনা সাহিত্য। এনে লিখনিৰ গদ্যও অতি উচ্চ পৰ্যায়ৰ।

সাম্প্ৰতিক কালৰ এজন বিশিষ্ট গল্প লিখক হৈছে ছৈয়দ আব্দুল মালিক। যোৱা দুটা দশকত সঞ্চালনিভাৱে বিভিন্ন বিষয়ৰ ওপৰত সৰহ সংখ্যক উপন্যাস আৰু গল্প ৰচনা কৰা ব্যক্তি মালিক হ’ব প্ৰথমজন। ‘ৰথৰ চকৰি ঘূৰে’, ‘বনজুই’, ‘ছবিঘৰ’, ‘মাটিৰ চাৰি’, ‘জীয়া-জুৰিৰ ঘাট’, ‘সূৰুষমুখীৰ স্বপ্ন’, আদি প্ৰায় কুৰিখন উপন্যাস আৰু পৰশমণি, মৰম মৰম লাগে, শিখবে শিখৰে আদি চুটি গল্পৰ পুথি আৰু শেহতীয়া আলোচনা গ্রন্থ ‘ধন্য নৰ তনু ‘ভাল’ ৰচনাই মালিকৰ সাহিত্যিক জীৱনৰ উজ্জ্বল দিশৰ পৰিচয় দিছে। মালিকৰ প্ৰতিখন উপন্যাস আৰু প্রতিটো চুটি গল্পতে একোটা স্বকীয় বৈশিষ্ট্য ফুটি উঠিছে। “সংলাপৰ বাহুল্য, মানবতাবোধ, যৌন-জীৱনৰ আতিশয্য, ৰোমাণ্টিক ভাব, কল্পনা আৰু গদ্যৰ মাজত কাব্যগন্ধী ভাষা তেওঁৰ | লিখনিত ফুটি উঠিছে। তেওঁ যৌন সম্পৰ্কীয় গল্পবোৰত আধুনিক মনস্তত্ত্বৰ প্ৰয়োগ হৈছে।

মালিকৰ একেশাৰীৰেই আন এজন উপন্যাসিক, সমালোচক, গাল্পিক ৰচক যোগেশ দাস। দাসৰ ‘ডাবৰ আৰু নাই’, ‘জোনাকীৰ জুই’, ‘উৎকণ্ঠ-উপকণ্ঠ’, ‘অবৈধ’ আদি উপন্যাস, ‘পণীয় তৰা’, ‘আন্ধাৰৰ আঁৰে আঁৰে’, ‘পৃথিৱীৰ অসুখ’ আদি গল্প-সংকলন আৰু বিভিন্ন আলোচনা আৰু কিতাপত সিঁচৰিত হৈ থকা আলোচনামূলক প্রবন্ধবোৰৰ ভাষা অত্যাধুনিক।

আনহাতে সমালোচক হোমেন বৰগোহাঞিৰ মতে— যোগেশ দাসৰ গল্প-উপন্যাসৰ দুৰ্বলতাৰ অংশ হ’ল— তেওঁৰ নিষ্প্রাণ আৰু বৈচিত্র্যহীন ভাষা।

প্রফুল্ল দত্ত গোস্বামী বহু ভাষাত প্ৰখৰ জ্ঞান থকা ব্যক্তি। সাম্প্ৰতিক কালৰ এজন বিখ্যাত সমালোচক। তেওঁৰ কেইখনমান বিখ্যাত পুথি হ’ল— অসমীয়া জন সাহিত্য, সাহিত্য আৰু জীৱনী, কেঁচাপাতৰ কপনি, মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ, এটা জীয়া কাহিনী, বিলাত সাতমাহ আনি। সাহিত্যৰ মাজত নিজকে সুপ্রতিষ্ঠিত কৰিব পৰা ব্যক্তি গোস্বামী। তেওঁৰ লিখনিত অসমীয়া সাহিত্যৰ এটা যুগ বিৱৰ্তনৰ ধাৰা লক্ষ্য কৰা যায়। গভীৰ মননশীল ব্যাখা, নিৰপেক্ষ যুক্তি আৰু চিন্তাৰ চানেকি গোস্বামীৰ লেখাত পোৱা যায়। ইংৰাজী সাহিত্যৰ প্ৰথ জ্ঞান থকা গোস্বামীয়ে তেওঁৰ সাহিত্যত অসমৰ লোক-জীৱনৰ লগত সাঙোৰ খাই থকা বহু সন্ধান পাঠকক দিছে।

আন এজন শক্তিশালী লেখক হ’ল– সত্যেন্দ্রনাথ শর্মা। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত অসমীয়া নাট্য সাহিত্য, কাহিনী কাব্যৰ প্ৰবাহ, ৰামায়ণৰ ইতিবৃত্ত আদি শৰ্মাৰ উৎকৃষ্ট গ্রন্থ। ইয়াৰ উপৰিও শতাধিক গ্ৰন্থৰ ভূমিকা আৰু আলোচনীমূলক প্রবন্ধ লিখি অসমীয়া গদ্য সাহিত্যৰ বুৰঞ্জীত শৰ্মাই এখন সুকীয়া আসন গ্ৰহণ কৰি আছে। সংস্কৃত সাহিত্যত অগাধ পণ্ডিত শৰ্মাই তেওঁৰ লিখনিত তৎসম শব্দ সীমাৰ মাজত থাকিহে প্ৰয়োগ কৰিছে। বহু অলংকাৰ পিন্ধাই | ভাষা ভাৰাক্ৰান্ত কৰা নাই “গৌড়ীয় বৈষ্ণব আলংকাৰিকসকলে ভক্তি প্রধান নাটসমূহৰ ৰস বিচাৰ বিশেষ কৌশলেৰে নিষ্পন্ন কৰিছে। তেওঁলোকে ‘ৰতিৰ অৰ্থ সম্প্ৰসাৰণ কৰি তাৰ ৰস পৰিণতি দেখুৱাইছে। এটা অর্থ সম্প্ৰসাৰণ তেওঁলোকে জোৰ কৰি কৰা নাই। বিশ্বনাথ চক্ৰৱৰ্তীৰ প্ৰসিদ্ধ অলংকাৰ গ্ৰন্থ ‘সাহিত্য দৰ্পন ত ইয়াৰ বীজ নিহিত আছে। বিশ্বনাথৰ মতে, প্ৰিয় বস্তুৰ প্ৰতি মানব মনৰ সহজ অনুৰাগেই ৰতি।” (অংকীয়া নাটৰ ৰস বিচাৰ), 

ওপৰৰ উদ্ধৃতিটোৰ ভাষা যিমান সকল সিমান পোনপটীয়া।

পঢ়ি যাওঁতে কোনো আঁৰ নালাগে।

চল্লিশৰ পিছৰ দশকৰ আন এজন সাহিত্যিক, বুৰঞ্জী লিখক, সমালোচক লীলা গগৈ । ‘কপলিং চিঙা ৰেম্প’ৰ মাধ্যমেৰে গঢ় লৈ সমাজত জনপ্ৰিয়তা লাভ কৰা গগৈৰ ‘বুৰঞ্জীয়ে গৰ’, আহোম জাতি আৰু অসমীয়া সংস্কৃতি’, নৈ বৈ যায়, অসমীয়া সংস্কৃতি, অসমৰ জন পবিত্র অসম আদি বহুকেইখন মূল্যৱান গ্ৰন্থ আৰু অনেক আলোচনামূলক প্রবন্ধ আছে। সাহিত্যৰ বিষয়-বস্তু সাধাৰণতে জাতীয় সংস্কৃতি, বুৰঞ্জী আৰু পুৰাতত্ত্ববিষয়ক । ভাষা নি সাবলীল, সমালোচক মহেন্দ্ৰ বৰাই গগৈয়ে লিখা ‘অসমৰ সংস্কৃতিৰ ভাষাবিষয়ক মন্তব্য দি লিখিছে— ‘আনবোৰ গুণৰ লগতে পুথিখনৰ আন এটা বিশেষ গুণৰ মণিকাঞ্চন সং ঘটিছে। গুণটো হ’ল পুথিখনৰ ভাষা। সিংহিনীৰ গাখীৰ যেনেকৈ সোণৰ চক্ৰতহে থ’ব অসমীয়া ভাষা-সংস্কৃতিৰ চা-চানেকি তেনেকৈ নিহ-নিপাহী অসমীয়া ভাষাতহে দিব পা (আগকথা : অসমৰ সংস্কৃতি)

সাম্প্ৰতিক কালৰ অপ্ৰতিদ্বন্দ্বী লিখক সমালোচক হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য। চুটি উপন্যাস, আলোচনীমূলক প্রবন্ধ আদিৰে সাহিত্য জগতত প্ৰতিষ্ঠিত ব্যক্তি ভট্টাচাৰ্যই ৰাজ ৰিঙিয়ায়, আই, শতঘ্নী, ইয়াৰুইঙ্গম, মৃত্যুঞ্জয়, প্ৰতিপদ আদি উপন্যাস সাহিত্য ৰচনা কৰি সমাজৰ গতিশীল আৰু বিৱৰ্তিত অৱস্থাৰ প্ৰতি সম্পূৰ্ণ সজাগ ভট্টাচাৰ্যই মানৱীয় ৰীতি-নী প্রতি সহানুভূতিশীল মনোভাৱ পোষণ কৰিছে। তেওঁৰ ৰচনাত থকা এনে প্ৰমূল্যবোধৰ ব মৃত্যুঞ্জয়’ উপন্যাসত তেওঁক ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত কৰা হৈছে। ভাৰতীয় বহু ভ ওপৰত জ্ঞান থকা ভট্টাচাৰ্যৰ ভাষা সাধাৰণতে গহীন, গম্ভীৰ আৰু চিত্ৰধৰ্মী। চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ গদ্যৰীতিত ভট্টাচাৰ্যৰ দৰে প্ৰায় একে পৰ্যায়ৰ গহীন-গম্ভীৰ অথচ প্ৰাপ্ত মন্দাক্রান্তা, মেঘমল্লাৰ, জন্মান্তৰ আদি তেওঁৰ উপন্যাস সাহিত্য। শ‍ইকীয়াৰ উপন্যাসৰ পৰিশীলত

অভিব্যক্তি মন কৰিবলগীয়া বৈশিষ্ট্য। এজন সাংবাদিক হিচাপেও শ‍ইকীয়াৰ গদ্যৰ এটা সুকীয়া মূল্য আছে। তেওঁৰ আটাইতকৈ ভাল লগা গুণ হ’ল উপস্থাপন ৰীতি। “সকলো মহান ব্যক্তিৰ লগত সংস্পৰ্শ সাধনৰ একোটা ঐতিহাসিক দিশ আছে। ইতিহাসৰ এক স্বর্ণমন্দিত কাহিনী, কৃষ্ণৰ সন্মুখত অর্জুন, ৰাম সন্মুখত হনুমান, ছক্ৰেটিছৰ সন্মুখত প্লেটো, ৰামকৃষ্ণৰ সন্মুখত বিবেকানন্দ, মহাত্মাৰ সন্মুখত বিনোৱা, এওঁলোকৰ প্ৰথম মিলনৰ দৃশ্য প্ৰায়ে মনৰ চকুৰ আগত দেখি হৃদয় ৰোমাণ্টিক হৈ উঠে।” উপমাৰ মাজেৰে কৰা এনে চিত্রধর্মী লিখনী গদ্য-সাহিত্যৰ উৎকৃষ্ট চানেকি তেওঁৰ বাক্যৰীতি অতি মসৃণ।

সাম্প্ৰতিক কালৰ আগশাৰীৰ সাহিত্যিক, সমালোচক হ’ল হোমেন বৰগোহাঞি। সুৱালা নামৰ উপন্যাসৰ মাজেদি পঢ়ুৱৈ সমাজৰ লগত পৰিচিত হৈ তান্ত্রিক, তিমিৰ তীৰ্থ, পিতাপুত্র, অ বহুকেইখন উপন্যাস তেওঁ ৰচনা কৰিছে। প্ৰেম আৰু মৃত্যুৰ কাৰণে, বিভিন্ন নৰক, স্বপ্ন স্ব বিষাদ আদি বহুকেইখন তেওঁৰ গল্প সংকলন আছে। এজন অত্যন্ত সাহসী আৰু স্পষ্টবাদী লেখক বৰগোহাঞিৰ গদাৰীতিও স্পষ্ট আৰু স্বচ্ছল। তেওঁৰ ওপৰত মনোস্তত্ব অন্বেষণমূলক ৰীতিৰ প্ৰভাৱ অতি গভীৰ। সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীৰ মতে বৰগোহাঞিৰ ওপৰত ফুয়েনীয় প্রভাৱতকৈও অৱস্থিতিবাদৰ প্ৰভাৱ বেছি স্পষ্ট। এজন ভাল গদ্য লিখকৰ লিখনিত থাকিবলগীয়া গুণ যেনে সৰলতা, স্পষ্টতা, সংক্ষিপ্ততা বৰগোহাঞিৰ গদ্যত আছে, লগতে আছে শব্দৰ বৌদ্ধিক মর্মার্থ। ক’ব খোজা কথাখিনি সূক্ষ্মভাব আৰু মনোগ্ৰাহী বৰ্ণনাৰে দাঙি ধৰিব পৰা ক্ষমতা বৰগোহাঞিৰ লিখনিত পোৱা যায়। 

কবিতাৰ লয়লাসপূর্ণ, ভাষা বৰগোহাঞিৰ গদ্যত নাই। তেওঁৰ সমালোচনাৰ ভাষা এনেকুৱা— “সকলো ধৰণৰ সৃষ্টিধর্মী সাহিত্যক ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰি। এভাগ ৰচনা সকলো প্ৰকাৰে সাহিত্য গুণ সমৃদ্ধ হোৱা সত্বেও তাৰ আৱেদন অপৰিহাৰ্য কাৰণত আঞ্চলিক পৰিসৰত সীমাবদ্ধ। আনবিধ ৰচনাই তাৰ চিৰন্তন আৰু বিশ্বজনীন বিষয়বস্তুৰ গুণত সৰ্ব্বমানৱৰ অন্তৰ স্পৰ্শ কৰে। বালবিধৱাৰ বেদনাক বিষয়বস্তু হিচাপে লৈ যিমানে সুন্দৰ লিখা নহওঁক । সি কেতিয়াও ইউৰোপীয় পাঠকৰ মনত সাহিত্যিক সহানুভূতিৰ উদ্ৰেক কৰিব নোৱাৰে। ঠিক সেইদৰেই হলিউদৰ চিত্ৰতাৰকাৰ জীৱন কাহিনীও অসমীয়া পাঠকৰ মনত আচহুৱা অনুভূতিৰেই সৃষ্টি কৰে।” (বিশ্বসাহিত্যত অসমীয়া চুটিগল্পৰ উৰি স্থান)

পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ লিখকসমূহৰ শ্ৰেষ্ঠ লিখনিসমূহ বৰগোহাঞিয়ে গভীৰভাৱে অধ্যয়ন কৰি কৰি তাৰ ভাল বস্তুবোৰৰ প্ৰতিফলন অসমীয়া সাহিত্যত যে পেলাইছে তাৰ আভাস তেওঁৰ লিখনিত পোৱা যায়। তেওঁৰ লিখাত ক’তো বাহুল্য নাই, ক’তো অস্পৃষ্টতা নাই।

একে মাপকাঠিৰেই অন্য এজন অসমীয়া সাহিত্যৰ বিখ্যাত গদ্য লেখক হীৰেণ গোহাঁই বৰগোহাঞিৰ দৰে অসংখ্য দেশী-বিদেশী নামী-দামী লিখকৰ সাহিত্য পঢ়ি বিশেষ অভিজ্ঞত গোটোৱাৰ আভাস দুয়োগৰাকী সাহিত্যিকৰ ৰচনাত পোৱা যায়। বিজ্ঞান, ধর্ম, অর্থনীতি, ৰাজনীতি সমাজনীতি, গণিত, পৰিসংখ্যা সকলো বিষয়তে প্রভূত জ্ঞান থকা গোঁসাইৰ ৰচনা-ৰীতি অতি বলিষ্ঠ, নিৰ্ভীক আৰু স্পষ্ট। ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞান থাকিলেও ভাষা লিখোতে অসমীয়া ভাষাৰ মাজৰ পৰা বচা বচা শব্দ বুটলি আনি ভাষা শুৱলা, বলিষ্ঠ আৰু বেগৱান কৰিব পৰা নাৰ শক্তি গোঁসাইৰ কলমত পোৱা যায়। 

“সাহিত্যৰ সততা আৰু সত্য এনে চিঞৰ বাখৰেৰে প্ৰমাণ কৰিব নোৱাৰি। তাৰ বাবে লাগিব একেধাৰে সজীৱ আৰু গতিশীল অনুভূতি আৰু ধৈর্যশীল মনোনিবেশ। আমাৰ বিদ্ৰোহী দলে। সেইবোৰ গুণৰ পৰিচয় সঘনে দিছে বুলি বিশ্বাস নহয়। মানৱ বিষয়ৰ পূৰ্ণাঙ্গ সত্য অকুণ্ঠ আৰু সবিচলিতভাৱে প্ৰকাশ কৰিবলৈ সাহিত্যৰ নিশ্চয় অধিকাৰ আছে। অধিকাৰেই নহয়, দায়িত্বও কাৰণ সমাজ সংৰক্ষণৰ দাবীত একালৰ জীৱন্ত সত্য প্রায়েই অন্ধ অভ্যাসত পৰিণত হয়। এনে প্রস্তুৰীভূত সমাজে প্রত্যেক ব্যক্তিয়ে অর্দ্ধসচেতন যন্ত্ৰত ৰূপান্তৰিত কৰিবলৈ অহৰহ চেষ্টা কৰে।”

গাঁহাইৰ বাক্যৰীতি সকলো সময়তে একে নহয়। মনত অতিপাত খং উঠিলে বা কিছু আৱেগিক হলে তেওঁৰ কথনভংগী তীব্রভাবে কোবাল হ” আৰু তেতিয়া বাক্যবোৰ দীঘলীয়া হয়, কিন্তু জানো বাক্যই শালীনতা নেহেৰুৱায়।

বর্তমান সময়ৰ এগৰাকী শক্তিশালী অথচ অধিক সংযত আৰু গাম্ভীৰ্যপূৰ্ণ লেখক হ’ল মহেন্দ্ৰ ৰা । তেওঁৰ ‘ৰমন্যাসবাদ”, সাহিত্য উপক্রমণিকা, সাহিত্য আৰু সাহিত্য আদি অসমীয়া ভাষাত তাত্ত্বিক আলোচনা প্রসিদ্ধ গ্রন্থ। পৃথিৱীৰ বহুকেইটা ভাষাৰ, বিশেষকৈ ইংৰাজী ভাষা, সাহিত্যৰ বিদগ্ধ পণ্ডিত বৰাৰ লিখনিত বুদ্ধিনিষ্ঠতা, আদি ভাবৰ সমাৱেশ দেখা যায়। বহু কেইখন গ্ৰন্থৰ ভুমিকাত ব্যৱহাৰ কৰা বৰাৰ যুক্তিনিষ্ঠ, ৰসাল আৰু প্ৰাঞ্জল ভাষাই তেওঁৰ সবল গদ্য ৰীতিৰ উদাহৰণ দাঙি ধৰে।

“পৃথিৱীৰ অসংখ্য জ্ঞানবেত্তাৰ অপৰিচিত অসমীয়া ভাষাত সন্দিকৈদেৱ জ্ঞান সমুদ্র মন্থন কৰি উলিওৱা কেনেকুৱা মূল্যবান মণি-মুক্তাৰ যোগান ধৰিছে এই প্ৰবন্ধটোত — ভাবিলে আচৰিত হ’ব লাগে। খৃঃ পূঃ ৩০০ অব্দৰ পৰা খৃঃ পূঃ ৭০০ অব্দৰ ভিতৰত প্রণীত আৰু ফৰাচী পণ্ডিত ফাঁচোৱা লেনৰমাৰ দ্বাৰা আৱিষ্কৃত বেলনিয় ঋগ্বেদৰ সম্পৃক্ত প্রাচীন বেবিলনৰ ইতিহাস, চুমেৰীয় সাহিত্যৰ সাহিত্যিক সৌন্দৰ্য আৰু হিব্রু ভাষাত ৰচিত ওগুটেষ্টামেণ্ট আৰু সংস্কৃত ভাষাত ৰচিত বৈদিক সাহিত্যৰ লগত তাৰ তুলনামূলক আলোচনা পৃথিৱীৰ যিকোনো দেশৰেই সাহিত্যৰ অতি মূল্যৱান সম্পদ হ’ব পাৰে। 

শব্দৰ যথাৰ্থতা ৰক্ষা কৰি ভাবৰ গভীৰতম স্থানত প্ৰৱেশ কৰিব পৰা সমকালীন লিখকসকলৰ ভিতৰত মহেন্দ্ৰ বৰা অন্যতম।

সাম্প্ৰতিক কালৰ ভাল গদ্য লিখক এজন হ’ল ভবেন্দ্রনাথ শ‍ইকীয়া। নিজে সৃষ্টি কৰা উপমাৰ দ্বাৰা অতি সাৱলীল আৰু সুখপাঠ্য হিচাপে বাকাবোৰ সংযোগ কৰি যায় যে পঢ়ি যাওঁতে বৰ আমেজ লাগে। বাক্যবোৰ চুটি চুটি কিন্তু প্ৰচাৰধৰ্মী নহয়। তেওঁৰ লিখনিৰ মাজত সমাজৰ একোটা জলন্ত সমস্যা দাঙি ধৰে আৰু উত্তৰো নিজেই দি যায়।

২। ‘অসমীয়া ভাষাৰ গিয়াতি-কুটুম’ পাঠটিৰ বিষয়বস্তুৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা আৰু লগতে পাঠটিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষাৰ লগত অসমৰ অন্য ভাষা-উপভাষাৰ লগত সমন্ধ বিচাৰ কৰাৰ উপৰিও অসমত কিমান ভাষা আৰু কোন কোন গোষ্ঠীৰ ভাষা আছে সেইবোৰৰ বিষয়ে আৰম্ভণিতে আলোচনা কৰিছে।

ভাষাবিদসকলৰ মতে অসমক ভাষাৰ যাদুঘৰ বুলি কোৱা হয়। পৃথিৱীত দুহেজাৰৰো অধিক ভাষা আছে আৰু তাৰ ভিতৰত দুশতকৈও অধিক ভাষা-উপভাষা অসমতে আছে।

ভাষাতত্ত্বৰ পিনৰ পৰা বিশ্লেষণ কৰিলে অসমৰ ভাষাসমূহক প্ৰধানতে চাৰিটা পৰিয়াল গোষ্ঠীত

পেলাব পাৰি। যেনে— 

(১) অধিক গোষ্ঠী।

(২) দ্রাবিড় গোষ্ঠী।

(৩) ভোট চীন বা তীব্বতী-চীন গোষ্ঠী।

(৪) আর্য গোষ্ঠী।

পণ্ডিতসকলে অষ্ট্রিক ভাষা গোষ্ঠীক দুই শাখাত ভাগ কৰিছে। অষ্ট্ৰ’এছিয়াটিক আৰু অষ্ট্ৰ নেচিয়ান । প্রথম শাখাক পুনৰ দুই ভাগত বিভক্ত কৰা হৈছে— মনমেৰ : ইয়াৰ ভিতৰত পৰিছে ব্ৰহ্মদেশৰ মনবা তালৈং, কম্বোজৰ খমেৰ আৰু ইন্দোচীনৰ কেইটিমান ভাষা। দ্বিতীয় ভাগত পৰিছে খাছী আৰু চোটনাগপুৰ মধ্যপ্ৰদেশৰ কোলমুণ্ডা ভাষা। অষ্ট্ৰ নেচিয়ান শাখাৰ ভিতৰত মালয়ী, যৱদ্বিপীয়, বলিদ্বিপীয় আৰু মাদাগাস্কাৰত প্ৰচলিত কেইটিমান ভাষা ।

সময়ৰ পিনৰ পৰা চালে অষ্ট্ৰিক ভাষাই অসমৰ অতি প্রাচীন ভাষা। এসময়ত এই ভাষা অসম আৰু বংগদেশৰ ঘাইকৈ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ পাৰত বসতি কৰা মানুহৰ মাজত প্ৰচলিত আছিল। পিছৰ যুগত ভোট-চীন বা তিব্বত-চীনভাষী মানুহৰ দল সৰহকৈ অসমত যেতিয়া সোমাল তেতিয়া এই ভাষা-ভাষী মানুহে খাছী পাহাৰত আশ্ৰয় ল’লেগৈ প্রাচীন অষ্ট্রিক ভাষাৰ ভালেমান শব্দ হাজাৰ হাজাৰ বছৰৰ পূৰ্বেই সংস্কৃতে নির্বিবাদে গ্ৰহণ কৰিছে।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, লাংগল, নাৰিকল, বদলি, তাম্বুল, গুবাক, হৰিত্ৰা, শৃঙ্গাবেৰ (আদা) বাতিংগান (বেঙেনা), অলাবু (আলু) এইবোৰ শব্দ অগ্নিক ভাষাৰ দান। ইয়াৰ উপৰি অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়, বাণীকান্ত কাকতি প্ৰমুখ্যে ভাষাবিদসকলে গঙ্গা, ব্রহ্মপুত্র, লুইত, কৰতোৱা, ফলংগা, টিং, তিয়ক, তিপাত, দিহং দিবা, বদতি, নিচাৎ, নামতি, তিৰাপ আদি নদীৰ নামো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে বুলি অনুমান কৰে। অষ্ট্ৰিক ভাষাত পানী বুজাবলৈ হো-হো (যেনে— হোৱাংহো) তি-তু-লাও আদি উপসর্গ ব্যৱহাৰ কৰা হয়। অসমীয়া লাও পানী শব্দটোৰ লাও অৰ্থ হৈছে পৰিষ্কাৰ পানী। ড° কাকতিৰ মতে কামৰূপ, কামাখ্যা, প্ৰাগজ্যোতিষপুৰ, বকতা, চামতা, চপতগ্রাম, দৰং, ধমতুল আদি অসমৰ স্থানবাচক শব্দসমূহ অষ্ট্ৰিক ভাষাৰ পৰা আহিছে। কুৰি শব্দটো আৰু কুৰি হিচাপে বস্তু গণনাৰ নিয়মটোও অষ্ট্ৰিকৰ । ভালেমান জীৱ জন্তু, গছ-গছনি, বস্তু আদিৰ নাম অসমীয়া ভাষাত অন্ত্রিক ভাষাৰ পৰা সোমোইছে। মেথোন লতামাকৰি, নাহৰফুটুকী, কুকুৰনেচিয়া, ভুৰা (মতা গাহৰি), গাহৰি, ৰাং কুকুৰ, মুগা, তেজপিয়া, হেপা, জহামাল, কেৰ্কেটুৱা, কামচৰাই, চিকৰা, টিয়া, জহা (ধান), মৈদাম, পাহাৰ, হাবি, ধিপ, টিলা, টিং, সিজু, কপৌফুল, মাকৰিছিলা, সিজু, উৱৈ, কাঠ, ভূৰ, দলং, হোলা, কিংবাপ, ছাপা, চিংগা, চুট (গৰৰ), সোঁটা, আচু (সুতা), বাও (খৰাহিৰ), হোলোঙা ইত্যাদি। শৰীৰৰ অংগ প্রত্যংগ বুজোৱা ভালেমান অসমীয়া শব্দও এই ভাষাৰ পৰা আহিছে। লাটুম আৰু ধোপ খেলৰ নাম অষ্ট্ৰিকৰ। ইয়াৰ বাহিৰেও আমাৰ দৈনন্দিন জীৱনৰ সকলো সময়তে ব্যৱহাৰ হোৱা অলেখ শব্দাৱলী অষ্ট্ৰিক ভাষাৰ পৰা পোৱা গৈছে। তাৰে কেতবোৰ হৈছে — খং, হোংগোৰা, জঞ্জাল, ভোদা, শোলা, তেলেকা, আলাবালু, ঘটমুট, লেংগা, বেজ বেজ, মেজ মেজ, গেৰেকণি, লেটলেটি, গোহৰি ইত্যাদি। কথাই কথাই শলগা ‘এৰা’ শব্দ আৰু সভাই সমিতিয়ে হিয়া ‘উবুৰিয়াই’ বোলা শব্দ – দুয়োটা অষ্ট্ৰিকৰ।

সম্বন্ধবাচক কেইবাটাও শব্দ অধিক ভাষাৰ পৰা অসমীয়া লৈ আহিছে বুলি ড” কাকতিয়ে মত প্ৰকাশ কৰিছে। আবু, ককাই, বাই আদিৰ শব্দ এই শাৰীত পৰিছে। বিভিন্ন শব্দ ব্যৱহাত হোৱা অসমীয়া ভাষাৰ এটি প্রধান বৈশিষ্ট্য। অন্য আর্য ভাষাত এই নিয়ম বিৰল। বঙালী অথবা হিন্দী ভাষাই ভাই আৰু অগ্নি বা বহিন শব্দই অগ্ৰজ আৰু অনুজ দুয়োকে বুজায়। সেই সম্বন্ধৰ পাৰ্থক্য বুজাবলৈ ৰঙালী আৰু হিন্দী ভাষাত বড় আৰু ছোট আদি বিশেষণ ব্যৱহাৰ কৰা হয়। অসমীয়াত কিন্তু প্রত্যেক সম্বন্ধৰ কাৰণে সুকীয়া শব্দ আছে। যেনে— বাই-ভনী, ককাই-বাই, ভিনিহি বৈনাই। এনেদৰে সম্বন্ধ পদ নিৰ্মাণৰ পদ্ধতি অসমীয়াত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱত গঢ় লৈ উঠিছে। 

দ্রাৱিড় ভাষী মানুহ অসমত আছিল নে নাই এই বিষয়ে পণ্ডিতসকলৰ মাজত এতিয়াও মতভেদ আছে। সংস্কৃত ভাষাৰ ওপৰত অৱশ্যে দ্রাৱিড় ভাষাৰ যথেষ্ট প্ৰভাৱ আছে, সেই সূত্ৰে অসমীয়াৰ ওপৰতো দ্রাৱিড় ভাষাৰ প্ৰভাৱ অৱশ্যেই আছে। অসমৰ ভালেমান ঠাইৰ নামৰ পিছত দ্ৰাৱিড় ভাষাৰ প্ৰত্যাংশ পোৱা গৈছে। সেইবোৰ হৈছে জুলি, জুৰি, কুব, পূব, ভিত্তি, পুৰি, ভিটা। অসমৰ পুৰণি তাম্ৰশাসনত ‘উমইপ্রোল’ নামৰ ঠাইৰ উল্লেখ আছে। এই নামটিৰ ‘প্রোল’ অংশটি দ্রাবিড় ভাষাৰ পৰা অহা বুলি ড’সুনীতি কুমাৰ চট্টোপাধ্যায়ে মন্তব্য কৰিছে। শব্দটোৰ অৰ্থ হৈছে ধানৰ পথাৰ। দ্রাবিড় ‘গোড্ড’ অসমীয়া গুৰি, শিমলুগুৰি, কঠালগুৰি শব্দাংশৰ মূল বুলি কোনো কোনো পণ্ডিতে অনুমান কৰে।

প্ৰৱন্ধশৈলীৰ বৈশিষ্ট্য :

(ক) বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভাষা সাধাৰণতে সৰল আৰু নিটোল ৰূপত প্ৰকাশিত। 

(খ) সাধাৰণতে তেওঁৰ ভাষাত সাধাৰণ অসমীয়া শব্দৰ সুমধুৰ ব্যৱহাৰ তেওঁৰ ভাষাৰীতিৰ এক অনবদ্য অংগ।

(গ) তেওঁৰ ভাষাৰীতিৰ আন এটা বৈশিষ্ট্য হ’ল — তেওঁৰ ভাষা সাধাৰণতে বাহুল্যবর্জিত। 

(ঘ) তেওঁৰ সাহিত্যৰাজিত পৰিপুষ্ট হোৱা প্ৰতিটো অনুচ্ছেদৰ বৰ্ণনা সৰল। স্পষ্ট আৰু সাৱলীল। 

(ঘ) বিৰিঞ্চি কুমাৰ বৰুৱাৰ ৰচনাৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— সুসংগঠিত ৰূপত বক্তব্যৰ প্ৰকাশ। অৰ্থাৎ প্ৰতিটো আৰম্ভণি আৰু শেষ এই দুটা স্তৰ সুনিয়ন্ত্রিত ৰূপত পোৱা যায়।

৩। বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদ্যশৈলী সম্পর্কে লিখা। 

উত্তৰঃ অসমীয়া গদ্য-সাহিত্যৰ জগতত বিৰিঞ্চি কুমাৰ বৰুৱাৰ এক বিশিষ্ট স্থান আছে। বিশেষকৈ এগৰাকী কল্পনাশ্রয়ী গদ্যৰ লেখক ৰূপে আৰু এগৰাকী প্ৰৱন্ধ লেখক ৰূপে তেখেতৰ এক নিজা ভংগী প্রত্যক্ষ কৰা যায়। গল্প, উপন্যাস আৰু প্ৰবন্ধ— এই তিনিওটা শাখাতে বিৰিঞ্চি কুমাৰ বৰুৱাৰ স্বকীয় বৈশিষ্ট্যপূর্ণ গদ্যৰীতিৰ নিদৰ্শন পোৱা যায়।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ ৰচনাশৈলীত জহুৱা প্ৰয়োগতকৈ সহজ আৰু পোনপটীয়া প্ৰকাশিকা শক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদ্য শৈলীৰ প্ৰথম চকুত লগা দিশটো হৈছে তথ্যপূর্ণ বাক্য প্রয়োগত গুৰুত্ব প্রদান। তেখেতে প্ৰৱন্ধসমূহৰ মাজত আলংকাৰিক প্ৰয়োজনত বা শুনিবলৈ শুৱলা হ’বৰ বাবেই বাক্য প্ৰয়োগ কৰি ভাষাক অনর্থক শ্ৰুতিমধুৰ কৰিব বিচৰা নাছিল; বৰঞ্চ তেখেতে প্ৰয়োগ কৰা প্ৰতিটো বাক্যতে যাতে কিবা এটা তথ্য নিহিত হৈ থাকে, তাৰ ওপৰত গুৰুত্ব দিছিল। এনে বাক্যৰ লগত যিমান পাৰি কমকৈ বৰ্ণনাসূচক অর্থ প্রকাশক বাক্য বা তথ্যহীন। অথচ প্রয়োজনীয় বাক্য সংযোগ কৰি একোটাহঁত অনুচ্ছেদ কৰিছিল। উদাহৰণস্বৰূপে–

“আধুনিক অসমীয়া সাহিত্যৰ বিভিন্ন শ্ৰেণীত মুছলমান লেখকসকলৰ বিশিষ্ট দান আছে। ব্ৰিটিছ যুগৰ প্ৰাৰম্ভতে অসমীয়া কবিতাৰ মিষ্টিক ভাব সংযোগ কৰিছে মৌলবী মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘জ্ঞান মালিনী’য়ে বীৰবলৰ হাঁহি দিছে মজাৰ গল্পৰ লিখক মহলেনি আহমেদ আৰু সহজ-সৰল কবিতাৰ যোগে নৈতিক শিক্ষা দিছে মহম্মদ চুলেমান খাঁৰ ‘কবিতা পাঠে।”

ওপৰৰ অনুচ্ছেদটোত প্ৰথমৰ বাক্যটো বাদ দি বাকী দুয়োটা বাক্যতে তথ্যৰ প্ৰয়োগ আছে। তেওঁৰ প্ৰৱন্ধমূলক গদ্যত তথ্য-সমৃদ্ধ বর্ণনা যিদৰে থাকে, সেইদৰেই থাকে লোক-সাংস্কৃতিক উপকৰণ এটিৰ চাক্ষুস অভিজ্ঞতালব্ধ জ্ঞানেৰে প্ৰদান কৰা জীৱন্ত ছবি এখন। যিহেতু তেওঁ বেছিভাগ ক্ষেত্ৰতে ক্ষেত্র অধ্যয়নৰ যোগেদি তথ্য সংগ্ৰহ কৰিছিল আৰু যি বিষয়ে কথা কয় সেই বিষয়টোৰ সম্পৰ্কে সবিশেষ অধ্যয়ন কৰি লয়, সেইবাবে তেওঁৰ লেখাসমূহৰ মাজতো হুবহু চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা পোৱা যায়। বহু আধুনিক গৱেষণা-কৰ্মৰ দৰে বৰুৱাৰ গৱেষণামূলক লেখনিৰ গদ্য তথ্য-উৎস নিৰ্দেশেৰে ভাৰাক্ৰান্ত গদ্য নহয়। বৰং এই গদ্য বর্ণনাত্মক আৰু সৰস। একপ্ৰকাৰে ক’বলৈ গ’লে তেখেতে গৱেষণালব্ধ তথ্যসমূহো কাহিনীৰ কথনৰ দৰে ৰস লগাকৈ ক’ব পাৰে। বহু সময়ত ৰসাল বর্ণনাবোৰ স্পষ্ট কৰিবলৈ তুলনা আৰু প্ৰাসংগিক তথ্যও উল্লেখিত হৈ থাকে। উদাহৰণস্বৰূপে—

“অসমৰ জনজাতিসকলে যুদ্ধত জয়লাভৰ উদ্দেশ্য যুজাৰসকলক সহায় কৰিবলৈ আৰু সাম্প্রদায়িক সম্প্রীতি শক্তিশালী কৰিবলৈ নৃত্যৰ আয়োজন কৰে। বাটলাৰে লিখিছে যে “অতীত কালত কুকিসকলে যুদ্ধত জয় লাভ কৰিলে শত্ৰুৰ মূৰ ঘৰলৈ লৈ আহে আৰু গাঁও সোমোৱাৰ লগে লগে যুঁজাৰুসকলে যুদ্ধৰ সাজ-পাৰ পিন্ধি নৃত্য কৰে।” বহুতো নগা ফৈদৰ ৰণ নৃত্য আছে।”

উল্লিখিত বর্ণনাত জনজাতীয় ৰণ-নৃত্যৰ কথা ক’বলৈ যাওঁতে কথাৰ ছলেৰে বাটলাৰৰ উক্তি উল্লেখ কৰিছে যদিও এই উক্তিয়ে বৰ্ণনাংশ ভাৰাক্ৰান্ত কৰিব পৰা নাই। তদুপৰি অলপমান কথাৰ মাজতে জনজাতিবোৰৰ মাজত এনেধৰণৰ ৰণনৃত্য সামগ্ৰিকভাৱে প্ৰচলন থকা কথা ও প্রত্যয়জনকভাৱে উপস্থাপন কৰিছে।

সুদক্ষ কথনশৈলীৰ যোগেদি পাঠকৰ স’তে পোনপটীয়া সংযোগ স্থাপনত সুবিধা হয়। এই কথনশৈলী যিকোনো কাহিনী-কথন শৈলীৰ দৰেই ৰসগ্ৰাহী আৰু কথকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। বিৰিঞ্চি কুমাৰ বৰুৱা এনে এগৰাকী সুদক্ষ গদ্যশিল্পী যি তথ্য নিৰ্ভৰ প্ৰসংগ এটাকো ৰসগ্ৰাহীকৈ বৰ্ণনা কৰিব পাৰে। সেইবাবেই তেওঁৰ প্ৰবন্ধ এটাকো ৰসগ্রাহীকৈ বৰ্ণনা কৰিব পাৰে। এনে কৰিবলৈ যাওঁতে মূল বক্তব্য বিকৃত নকৰাকৈ কেতিয়াবা তথ্য-নিৰ্ভৰ বৰ্ণনাৰ মাজতো তেখেতে সুন্দৰকৈ আলংকাৰিক বক্তব্য সংযোগ কৰি প্ৰৱন্ধ একোটাৰ ভাষা ৰসগ্ৰাহী কৰি তুলিছিল। উদাহৰণস্বৰূপে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰন্থৰ পৰা উদ্ধৃত তলৰ উদ্ধৃতিকেইটাই এই কথা প্ৰমাণ কৰিব :

(ক) “প্রবাহমান জীব-যৌৱনৰ লগত নদীৰ সোঁতৰ সাদৃশ্য যথার্থ।” 

(খ) সাহিত্যিক ভাষা-সৰোবৰৰ মলি দূৰ কৰি পৰিপুষ্ট কৰিবলৈ কথিত ভাষাৰ বোৱতী সুঁতিৰ ধাৰ একোটা আবশ্যক। কথিত ভাষাতকৈ সাহিত্যিক ভাষা আপেক্ষিক স্থিৰ, ই সঘনাই সলনি নহয় । কোনো বিশিষ্ট ৰাজনৈতিক আৰু ধাৰ্মিক কাৰণ হেতু সাহিত্যিক ভাষাৰ জন্ম হয়।”

(গ) বিভিন্ন ফালৰ পৰা বাগৰি অহা বাৰিধাৰাৰ সংযোগত সাগৰ অভিমুখে বৈ যোৱা নদী। যেনেকৈ শক্তিশালী হয়, সেইদৰে অষ্ট্ৰিক তিব্বতবর্মী ভাষাৰ সন্মিলনত অসমীয়া ভাষাৰ দিনে দিনে ঐশ্বর্য আৰু বৈচিত্র্য বাঢ়িছে।”

বিৰিঞ্চি কুমাৰ বৰুৱা ভাষাৰ মিতব্যয়িতা আৰু স্পষ্টতাৰ ক্ষেত্ৰত অতি সচেতন আছিল। কম কথাতে ৰসগ্ৰাহীকৈ বক্তব্য উপস্থাপন কৰাটো সহজ কথা নহয়। তাতে লোক-সংস্কৃতি চৰ্চাৰ দৰে প্ৰসংগ এটাত কম কথাতে একোটা বক্তব্য প্রকাশ কৰাটো যথেষ্ট অসুবিধাজনক। কাৰণ এই ক্ষেত্ৰখনৰ সামগ্রিক ব্যাপকত্বই বৰ্ণনাৰ ক্ষেত্ৰতো বাহুল্য দাবী কৰে। কিন্তু বৰুৱা ডাঙৰীয়াই এনে বর্ণনাও কম কথাত অথচ স্পষ্টকৈ উত্থাপন কৰিব পাৰিছিল। এনে কৰিবলৈ যাওঁতে বহু সময়ত আনুষংগিক প্ৰসংগ আলোচনাৰ বাবে দীঘলীয়া ব্যাখ্যাবাদ দি বন্ধনীৰ ভিতৰত কথাখিনি উদাপন কৰা হৈছে। উদাহৰণস্বৰূপে—

(ক) ধৰ্ম আৰু সামাজিক অনুষ্ঠানত, সাধাৰণ বিশ্বাসত (দেও-ভূত দূৰ কৰা, অমংগল আঁতৰোৱা, সতীত্ব আৰু সততাৰ পৰীক্ষাত, শাওপাতত, ৰোগ নিৰাময়ত), কৃষি কৰ্মত (যেনে— পথাৰত বস্তিজ্বলোৱা) উৎসৱ আৰু খেল-ধেমালিত, অগ্নিৰ ব্যৱহাৰ আছে।” 

(খ) “এই বিশেষ সম্বন্ধৰ মানুহ হ’ল শাহু-বোৱাৰী আদি (জোঁৱায়েকে শাহুৱেকৰ মুখ চাব নোৱাৰে; ভাই বোৱাৰী জেঠালৰ আগত ওলাব নোৱাৰে)।” 

(গ) এই প্রথম অনুকৰণ দেৱতাক অনুকৰণ কৰাৰ কাৰণ হ’ল তেওঁলোকৰ সন্তুষ্টিবিধান (এজনে আনজনক অনুকৰণ কৰিলে যাক অনুকৰণ কৰা হয় তেওঁৰ প্ৰতিপত্তি আৰু আত্মগৌৰৱ বাঢ়ে)।”

ওপৰৰ বক্তব্যসমূহত বন্ধনীৰ ভিতৰত অতিৰিক্ত ব্যাখ্যা আগবঢ়াই এক দীঘলীয়া বৰ্ণনা বর্জন কৰা হৈছে। ফলত বৰ্ণনাংশ চক্ষু, কিন্তু স্পষ্ট আৰু গ্রহণযোগ্য ৰূপত উপস্থাপিত হৈছে। ই বৰৱাৰ পদ্ধতিগত চিন্তা-চৰ্চাৰে এক ফলশ্ৰুতি বুলি ক’ব পাৰি। 

বৰুৱাই তথ্য-সূত্ৰৰ নিৰ্দেশেৰে বা উদ্ধৃতি ব্যৱহাৰেৰে নিজৰ প্ৰবন্ধসমূহক এক পোছাকী ওজন প্ৰদান কৰা নাই বৰং নিজৰ অধ্যয়নৰ যোগেদি লাভ কৰা জ্ঞানক পাঠকৰ ওচৰলৈ সহজভাৱে কাষ চপাই নিয়াতহে তেওঁ গুৰুত্ব দিছিল। কিন্তু এই কথাও মন কৰিব লাগিব যে, অত্যাবশ্যকীয় ক্ষেত্ৰসমূহত উদ্ধৃতিৰ ব্যৱহাৰত তেওঁ কৃপণালি কৰা নাই। কোনো কোনো ক্ষেত্ৰত ইংৰাজী ভাষাৰ উক্তি হুবহু উল্লেখ কৰি তেওঁ বক্তব্যৰ বিষয় সাৱলীল কৰিছে। উদাহৰণস্বৰূপে “অসমীয়া শব্দ গঠনত নামবাচক শব্দ”ৰ বিষয়ে বক্তব্য বৰ্ণনা কৰি থাকোঁতে এই কথাষাৰ ইমান খাপ খোৱাকৈ ব্যৱহাৰ কৰিছে যে, মূল লেখকগৰাকীৰ অস্তিত্বও ইয়াত গুৰুত্বপূৰ্ণ হৈ থকা নাই। আনহাতে বৰুৱা ডাঙৰীয়াই এনে উদ্ধৃতিবোৰ বেছিভাগ ক্ষেত্ৰতে ইংৰাজীতে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ অসমীয়া অনুবাদ সংযোজন কৰা নাই। কিন্তু বিদেশী ভাষা এটাতে কোৱা এই উক্তিবোৰ মূল পাঠৰ অৰ্থৰ্দ্ধোৰত বাধা হৈয়ো দেখা দিয়া নাই। কোৱা বাহুল্য যে, এনেদৰে বিদেশী ভাষা এটাক দেশীয় ভাষাৰ বৰ্ণনাত যথাযথ অথচ সাৱলীল ৰূপত প্ৰয়োগৰ দক্ষতা বেজবৰুৱাৰ লেখনীৰ মাজত দেখা যায়।

বেজবৰুৱাৰ উত্তৰসুৰী বিৰিঞ্চি কুমাৰ বৰুৱাই এই কৌশল কাৰ পৰা আহৰণ কৰিছে সেয়া কোৱা সম্ভৱ নহয়। একেদৰেই তেওঁ বিভিন্ন সময়ত পুৰণি অসমীয়া সাহিত্যৰ উক্তিও ব্যৱহাৰ কৰিছে। এই বাক্‌ভংগীৰ মাজত এগৰাকী উচ্চদ্ৰৰীয় গৱেষকৰ লগতে এগৰাকী সুদক্ষা বক্তাক বিচাৰি পোৱা যায়। যি শ্রোতাৰ আগত সাৱলীলভাৱে কথা কৈ গৈ আছে আৰু য’ত যি কথা ক’লে বক্তব্য স্পষ্ট হয়, তাত সেই মতেই সমলসমূহৰ সমাৱেশ ঘটোৱা হৈছে। একেধৰণেৰেই তেখেতে বহুতো অসমীয়া শব্দৰ ইংৰাজী পৰিভাষাটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি পাঠকৰ বাবে সহজ কৰি উল্লেখ কৰিছে। ভাষাৰ মৰ্যাদা ৰক্ষাৰ খাতিৰত নিজৰ ভাষাটোৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিব লাগে। কিন্তু এনে কিছুমান বিষয় আছে, যিবোৰত ইংৰাজী পৰিভাষা এটাই অসমীয়া শব্দৰ অৰ্থ স্পষ্ট কৰি দিব লাগে। কিন্তু এনে কিছুমান বিষয় আছে, যিবোৰত ইংৰাজী পৰিভাষা এটাই অসমীয়া শব্দৰ অৰ্থ স্পষ্ট কৰি দিব পাৰে। আনহাতে কেতিয়াবা পৰিচিত অসমীয়া পৰিভাষা এটাৰ গাত ভেঁজা দি পাঠকে ইংৰাজী পৰিভাষাটোৰ জ্ঞান লাভ কৰিব পাৰে। বৰুৱা ডাঙৰীয়াই এনে ক্ষেত্ৰত সচেতনতাৰ পৰিচয় দি অসমীয়াৰ লগতে ইংৰাজী পৰিভাষাটোও উল্লেখ কৰিছে। উদাহৰণস্বৰূপে―

মিহলি শব্দ (Hybrid words), নাম (Versus), অনুকাৰ শব্দ (Echo-words), ৰিপিট (Rivet), অক্ষৰ বা শব্দাংশ (Syllable), অপিনিহিতি (Epenthesis), মাৰবিন (Ameri can), ত্রিপাল (Tarpaulin) আদি।

শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত স্বাভাৱিকতে বিৰিঞ্চি কুমাৰ বৰুৱা সমকালীন আৰু পূৰ্বসূৰীৰ ৰচকসকলৰ গদ্যৰ প্ৰকাশভংগীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। সেইবাবে তৎসম শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰচুৰ নহ’লেও গতানুগতিক প্ৰয়োগৰ পৰা তেওঁ আঁতৰি অহা নাই। দ্বিত্ব বৰ্জন নকৰা বাবে ধৰ্ম্ম, কৰ্ম্ম, মৰ্ম্ম, চৰ্ম্ম, পূর্ব্বে, নির্দিষ্ট ইত্যাদি শব্দবোৰ ব্যৱহাৰ কৰিছে। আনহাতে পুৰণি অসমীয়াৰ অনুৰূপে উচ্চাৰণ অনুযায়ী ‘ঙ’ ধ্বনি থকা বহু বর্ণত ‘ঞ্জ’ যুক্তাক্ষৰ ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে— দাঙ্গি, বঙ্গলা, ডিঙ্গি, চেঙ্গা, শিঙ্গি, মঙ্গল, চেঙ্গেলী আদি শব্দবোৰৰ কথা উনুকিয়াব পাৰি। বহু সময়ত তেওঁ শব্দৰ সংযুক্ত ৰূপ ব্যৱহাৰ কৰি বাক্যৰ ধ্বনি মাধুর্য সৃষ্টি কৰা দেখা যায়। এইক্ষেত্ৰত উচ্চাৰণোপযোগী, প্রখ্যাতকীৰ্ত্তি, মহাৰাজাধিরাজ, ভাবব্যঞ্জনা, সর্বপ্রধান, স্বভাৱানুগত, ক্ষণপ্রভা, কালাগ্নি, প্রলয় – অগ্নি আদি যুগ্মৰূপবোৰলৈ উনুকিয়াব পাৰি।

বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া গৱেষণাধর্মী গদ্যক সহজ-সৰল অথ্য ভাব-অভিব্যঞ্জক ৰূপত ব্যৱহাৰ কৰাত গুৰুত্ব দিছিল। তেখেতৰ এই সমস্ত কৰ্মৰ আঁৰৰ শক্তি আছিল জাতিৰ প্ৰতি থকা প্ৰচণ্ড অনুৰাগ। লীলা গগৈৰ বুৰঞ্জী সাহিত্য গ্ৰছৰ পাতনি লেবিলৈ গৈ বুৰঞ্জী অধ্যয়নৰ প্রয়োজনীতাৰ কথা কওঁতে বৰুৱাদেৱে আওপকীয়াকৈ নিমজ গদ্যৰচনাৰ আঁৰৰ প্ৰেৰণাদায়িনী শক্তিৰ কথাকে কোৱা যেন ধাৰণা হয়। সেইবাবেই তেওঁৰ প্ৰৱন্ধমূলক ৰচনাসমূহ গৱেষণালব্ধ জ্ঞানৰ ফচল যদিও ইয়াৰ প্ৰকাশভংগী সহজ-সৰল আৰু যিকোনো স্তৰৰ পাঠকৰ বাবে পঠনীয়। আনকি তেখেতৰ বাক্যবোৰ কেতিয়াবা জটিল ৰূপ লৈছে যদিও প্রকাশিকা শক্তি ব্যাহত কৰা নাই। সংস্কৃতীয়া ঠাঁচৰ প্ৰভাৱ থাকিলেও তেওঁৰ বৰ্ণনা এনে প্ৰভাৱেৰে ভাৰাক্ৰান্ত নহয়। তেওঁৰ বর্ণনা-ভংগীত এগৰাকী ৰসদায়ী কথকৰ অস্তিত্ব সর্বদা বিৰাজমান।

(খ) বুৰঞ্জী বিচাৰি

অতি চমু প্রশ্নোত্তৰঃ 

১। ড° লীলা গগৈয়ে বুৰঞ্জীসমূহক কেইটা ভাগত ভাগ কৰিছে? 

উত্তৰঃ সাতটা ভাগত।

২। লীলা গগৈয়ে বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত কোনখন বুৰঞ্জীক অনুসৰণ কৰিছিল? 

উত্তৰঃ তুংখুঙীয়া বুৰঞ্জী।

৩। ‘নতুন অসমীয়া’ কাকতত প্ৰকাশ পোৱা লীলা গগৈৰ প্ৰবন্ধ দুটা কি কি? 

উত্তৰঃ বুৰঞ্জীয়ে ফকৰা কয়, ফকৰাই বুৰঞ্জী কয় ।

৪। লীলা গগৈ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত কাৰ অনুপ্ৰেৰণা লাভ কৰিছিল?

উত্তৰঃ বেণুধৰ শৰ্মা আৰু ড° সূৰ্য্যকুমাৰ ভূঞা। 

৫। ড° সূৰ্য্যকুমাৰ ভূঞাই কোনখন বুৰঞ্জী সম্পাদনা কৰি ‘সাতসৰী অসম বুৰঞ্জী ‘ত সন্নিৱিষ্ট কৰিছিল?

উত্তৰঃ বাঁহগড়ীয়া আতন বুঢ়াগোহাঁইৰ বুৰঞ্জী। 

৬। চৰাইদেউৰ নগৰৰ মৈদামনিৰ কাষত স্বৰ্গদেউসকলৰ স্মৃতিত তপৰ্ণ উৎসৱত কি প্ৰদৰ্শন কৰা হৈছিল?

উত্তৰঃ তিনিখন বুৰঞ্জী।

৭। বুৰঞ্জী তিনিখনৰ বিষয়বস্তু কি আছিল?

উত্তৰঃ ৰজাৰ কাৰেং, দ’ল-দেৱালয়, মৈদাম, পুখুৰী আদিৰ জোখ-মাখ আৰু তাত ব্যৱহৃত সমলৰ তালিকা।

৮। লীলা গগৈয়ে সেই বুৰঞ্জীকেইখনৰ সমলখিনি ক’ত সন্নিৱিষ্ট কৰিছিল?

উত্তৰঃ টাই সংস্কৃতিৰ ৰূপৰেখাত। 

৯। ‘হেৰোৱা দিনৰ কথা’ কাৰ গ্ৰন্থ?

উত্তৰঃ লীলা গগৈৰ।

১০। ‘আহোমৰ দিন’কাৰ গ্ৰন্থ?

উত্তৰঃ হিতেশ্বৰ বৰবৰুৱাৰ।

১১৷ চকৰিফেঁটী বুৰঞ্জীত কি কি সমল আছিল?

উত্তৰঃ প্ৰকৃত চৰকিফেঁটী বুৰঞ্জীখনত অন্য জাতি আৰু ফৈনৰ পৰা আহোমলৈ তুলি লোৱা মানুহৰ ইতিবৃত্ত লিখা থাকে। আৰম্ভণিৰে পৰা লিখি আহি গদাধৰ সিংহৰ ৰাজত্বকালৰ পৰা প্রধান বিষয়াসকলৰ নাম লিখি তেওঁলোক মূলতে কোন ফৈদৰ – নগা, মিৰি, বৰাহী, মৰাণ, চুতীয়া, কছাৰী ইত্যাদি লিখি থাকে।

১২। লীলা গগৈয়ে কোনখন অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? 

উত্তৰঃ মৰিগাওঁ (১৯৯৪)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top