অসমীয়া সাহিত্য (Assamese Literature) বহু যুগৰ পৰা এক সমৃদ্ধ পৰম্পৰাৰ বাহক। নৱম-দাশম শতিকাৰ চৰ্যাপদৰ পৰা আৰম্ভ কৰি আজিৰ আধুনিক যুগলৈকে অসমীয়া সাহিত্যই অসংখ্য অমূল্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ, সমালোচনা, নাটক আদি সৃষ্টিৰে জনসাধাৰণৰ হৃদয় জয় কৰিছে। এই সাহিত্য সৃষ্টিৰ জগতত অসমীয়া সাহিত্যিক সকলে নিজৰ মৌলিক চিন্তা-চেতনা, সমাজ-সংস্কৃতিৰ প্ৰতিফলন আৰু সৃষ্টিশীলতাৰ জৰিয়তে এক অপূৰ্ব ভুমিকা পালন কৰিছে। সাহিত্যিকসকলে কেতিয়াবা নিজৰ আচল নামৰ সলনি ছদ্ম নাম ব্যৱহাৰ কৰি লিখিছিল। পুনৰ বহু সাহিত্যিকক তেওঁলোকৰ অৱদানৰ বাবে যুগে যুগে বিভিন্ন উপাধি বা খিতাপৰে সন্মানিত কৰা হৈছে। এই প্ৰৱন্ধটোত সেইবোৰক সম্পূৰ্ণ ৰূপে আলোকপাত কৰা হৈছে।

অসমীয়া সাহিত্যত (Assamese Literature) ছদ্ম নামৰ ব্যৱহাৰৰ প্ৰচলন
সাহিত্যিকসকলে কেতিয়াবা সমাজ-সংস্কৃতিৰ চাপ, ব্যক্তিগত গুপ্ততা ৰক্ষা অথবা এক নতুন সাহিত্যিক পৰিচয় সৃষ্টিৰ বাবে ছদ্ম নাম ব্যৱহাৰ কৰিছিল। এই ছদ্ম নামৰ জৰিয়তে বহুতো দ্ৰষ্টব্য সৃষ্টি সমাজলৈ আগবঢ়োৱা হৈছিল।
অসমীয়া সাহিত্যিকৰ ছদ্মনাম আৰু আচল নাম
অসমীয়া সাহিত্যত বহুজন খ্যাতনামা সাহিত্যিকই নিজৰ সৃষ্টিৰ সময়ত বিভিন্ন ছদ্মনাম ব্যৱহাৰ কৰিছিল। ইয়াত কিছুমান সাহিত্যিকৰ আচল নাম আৰু তেওঁলোকৰ ছদ্মনামৰ তালিকা প্ৰদান কৰা হ’ল—
ছদ্মনামৰ পিছফালে আচল নাম
- অঘৰী — প্ৰমোদ কুমাৰ বৰদলৈ
- অজগৰ — চৈয়দ আব্দুল মালিক
- অনিৰুদ্ধ কটকী — মুনীন বৰকটকী
- অস্তবক্ৰ — কমলাকান্ত ভট্টাচাৰ্য্য
- অস্বীকৃত — জগদীশ ফুকন
- এ নেটিভ — আনন্দৰাম ঢেকিয়াল ফুকন
- বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া — বিষ্ণুপ্ৰসাদ ৰাভা
- ভনানন্দ পাঠক — ড॰ বাণীকান্ত কাকতি
- ভানুনন্দন — ড॰ সূৰ্যকুমাৰ ভূঞা
- ভোলাই শৰ্মা — ৰজনীকান্ত বৰদলৈ
- বীনা বৰুৱা — ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা
- বাপচন্দ্ৰ ভাগৱতী — শৰৎ চন্দ্ৰ গোস্বামী
- বিহগুটি বৰা — বেণুধৰ শৰ্মা
- দিগন্ত গোস্বামী — দীনেশ চন্দ্ৰ গোস্বামী
- চিত্ৰসেন জখৰীয়া — হলিৰাম ডেকা
- ধনবৰ কাই — মহিম বৰা
- দদাই — কীৰ্তিনাথ হাজৰিকা
- এণ্ডি খুড়া — ড॰ নগেন দত্ত
- এখুদ ককাইদেউ — নৱকান্ত বৰুৱা
- এজন অসমীয়া — সত্যনাথ বৰা
- গুৰু দত্ত — গুণাভিৰাম বৰুৱা
- হয়বৰ অভয়াপুৰীয়া — পাৰ্বতী প্ৰসাদ বৰুৱা
- যদু — যতীন্দ্ৰনাথ দুৱৰা
- কাঞ্চন বৰুৱা — ভুৱন মোহন বৰুৱা
- কুমাৰ কিশোৰ — কিশোৰ কুমাৰ শৰ্মা
- কৃপাবৰ বেজবৰুৱা — লক্ষ্মীনাথ বেজবৰুৱা
- কেৰপাই শৰ্মা — বিনন্দ চন্দ্ৰ বৰুৱা
- লম্বোদৰ গগৈ — উপেন্দ্ৰনাথ শৰ্মা
- মনাই বৈৰাগী — মহেন্দ্ৰনাথ ডেকা ফুকন
- মামণি ৰয়চম গোস্বামী — ড॰ ইন্দিৰা গোস্বামী
- নতুন কৃপাবৰ — ৰত্নকান্ত বৰকটকী
- নিৰ্মলা দেৱী — তীৰ্থনাথ শৰ্মা
- নীলা বাইদেউ — নিৰ্মলপ্ৰভা বৰদলৈ
- নিৰঞ্জন ফুকন — ড॰ হীৰেন গোহাঁই
- নীলিম কুমাৰ — হেমেন কুমাৰ শৰ্মা
- পশুপতি ভৰদ্বাজ — ঊমাকান্ত শৰ্মা
- প্ৰিয় বন্ধু — ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- ৰংমন — ৰ’বীন দে
- ৰসেশ্বৰ হাজৰিকা — পবিত্ৰ কুমাৰ ডেকা
- ৰাস্না বৰুৱা — ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা
- ৰত্না তামূলী — প্ৰণৱ তামূলী
- ৰাম দাস গোস্বামী — ৰন্তেশ্বৰ মহন্ত
- ৰূপচন্দ্ৰ ভাগৱতী — শৰৎ চন্দ্ৰ গোস্বামী
- স্বামী অভাগানন্দ — ছৈয়দ আব্দুল মালিক
- সীমা দত্ত — নৱকান্ত বৰুৱা
- শীলভদ্ৰ — ৰেৱতী মোহন দত্ত চৌধুৰী
- সঞ্জয় — ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- সত্যপ্ৰিয় পাঠক — ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- সৌৰভ কুমাৰ চলিহা — সুৰেন্দ্ৰনাথ মেধি
- শান্তনু তামূলী — প্ৰমোদ চন্দ্ৰ তামূলী
- সোণাৰাম চান্দ’ — হেমচন্দ্ৰ বৰুৱা
- সদানন্দ — লম্বোদৰ বৰা
- শ্ৰী হৰ্ষ — আনন্দ চন্দ্ৰ আগৰৱালা
অসমীয়া সাহিত্যৰ (Assamese Literature) সাহিত্যিক সকলৰ উপাধি আৰু আসল নাম
অসমীয়া সাহিত্যৰ ইতিহাসত বিভিন্ন সাহিত্যিকক বিভিন্ন সময়ত বিশেষ উপাধি প্ৰদান কৰা হৈছে। এই উপাধিবোৰ সাহিত্যিকৰ কৃতিত্ব, অবদান আৰু ব্যক্তিত্বৰ প্ৰতি এক বিশেষ সন্মান।
অসমীয়া সাহিত্য-সংস্কৃতিৰ ইতিহাসত বহুত সাহিত্যিকে নিজৰ অমূল্য সৃষ্টিৰে নাম অমৰ কৰি ৰাখিছে। তলত অসমীয়া সাহিত্যিক সকলৰ কিছুমান প্ৰসিদ্ধ উপাধিৰ সৈতে তেওঁলোকৰ আচল নাম দিয়া হ’ল—
- অগ্নিকবি — কমলাকান্ত ভট্টাচাৰ্য্য
- অসম কেশৰী — অম্বিকাগিৰী ৰায়চৌধুৰী
- অতিন্দ্ৰীয়বাদী কবি — নলিনীবালা দেৱী
- অভিনয়াচাৰ্য — ব্ৰজনাথ শৰ্মা
- বকুলবনৰ কবি — আনন্দ চন্দ্ৰ বৰুৱা
- বনকোঁৱৰ — আনন্দি ৰাম দাস
- বনফুলৰ কবি — যতীন্দ্ৰনাথ দুৱৰা
- বিপ্লৱী কবি — প্ৰসন্নলাল চৌধুৰী
- বাগ্মীবৰ — নীলমনি ফুকন
- বিহগী কবি — ৰঘুনাথ চৌধাৰী
- ভাঙণি কোঁৱৰ — আনন্দ চন্দ্ৰ আগৰৱালা
- ধ্বণি কবি — বিনন্দচন্দ্ৰ বৰুৱা
- গীতি কবি — পাৰ্বতী প্ৰসাদ বৰুৱা
- জ্ঞানমালিনী কবি — মৌলানা মফিজুদ্দিন আহমদ হাজৰিকা
- কলাগুৰু — বিষ্ণুপ্ৰসাদ ৰাভা
- কবিতা কোঁৱৰ — অম্বেশ্বৰ চেতিয়া ফুকন
- লুইত কোঁৱৰ — ৰুদ্ৰ বৰুৱা
- নটসূৰ্য — ফনী শৰ্মা
- নিজৰা কবি — শৈলধৰ ৰাজখোৱা
- নাট্য প্ৰভাকৰ — সত্যপ্ৰসাদ বৰুৱা
- পাপৰি কবি — গণেশ চন্দ্ৰ গগৈ
- প্ৰতিমাৰ খনিকৰ — চন্দ্ৰ কুমাৰ আগৰৱালা
- ৰসৰাজ’ — লক্ষ্মীনাথ বেজবৰুৱা
- ৰূপকোঁৱৰ — জ্যোতিপ্ৰসাদ আগৰৱালা
- সাহিত্যৰথী — লক্ষ্মীনাথ বেজবৰুৱা
- শেৱালি কবি — ৰত্নকান্ত বৰকাকতী
- সাহিত্য ৰন্ত — চন্দ্ৰধৰ বৰুৱা
- শোণিত কোৱঁৰ — গজেন বৰুৱা
- উপন্যাস সম্ৰাট — ৰজনীকান্ত বৰদলৈ
অসমীয়া সাহিত্য (Assamese Literature) ৰ খ্যাতিমান ব্যক্তিসকলক প্ৰদান কৰা উপাধি
অসমীয়া সাহিত্যিকৰ উপাধিৰ লগতে অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তিক সামাজিক-সাংস্কৃতিক অৱদানৰ বাবে জনসাধাৰণ আৰু চৰকাৰৰ দ্বাৰা সন্মানসূচক উপাধি দিয়া হৈছে। অসমত বিভিন্ন সময়তে বিভিন্ন খ্যাতনামা ব্যক্তিক সমাজ, ৰাষ্ট্ৰ বা চৰকাৰীভাৱে সন্মান জনোৱা বাবে বিশেষ উপাধি প্ৰদান কৰা হৈছে। এই উপাধিসমূহে সেইসকল ব্যক্তিৰ কৰ্মশৈলী, প্ৰতিভা, সমাজসেৱা, শিল্প-সংস্কৃতি আৰু সাহিত্যিক অৱদানক উচ্চ মর্যাদাৰে প্ৰতিফলিত কৰে। তলত এনে কেইবাজন জনপ্ৰিয় অসমীয়া ব্যক্তিত্বৰ নাম আৰু তেওঁলোকক প্ৰদান কৰা খ্যাত উপাধিসমূহ উল্লেখ কৰা হ’ল—
- শ্ৰীমন্ত শংকৰদেৱ – মহাপুৰুষ, জগতগুৰু
- শ্ৰীশ্ৰী মাধৱদেৱ – বঢ়াৰ পো
- জ্যোতিপ্ৰসাদ আগৰৱালা – ৰূপকোঁৱৰ
- বিষ্ণু প্ৰসাদ ৰাভা – কলাগুৰু
- অম্বিকাগিৰী ৰায়চৌধুৰী – অসম কেশৰী
- তৰুণৰাম ফুকন – দেশভক্ত
- ব্ৰজনাথ শৰ্মা – অভিনয়াচাৰ্য
- নলিনীবালা দেৱী – অতীন্দ্ৰিয়বাদী কবি
- লক্ষ্মীনাথ বেজবৰুৱা – সাহিত্যৰথী, ৰসৰাজ
- ৰজনীকান্ত বৰদলৈ – উপন্যাস সম্ৰাট
- কমলাকান্ত ভট্টাচাৰ্য – অগ্নিকবি
- অম্বেশ্বৰ চেতিয়া ফুকন – কবিতা কোঁৱৰ
- নবীন চন্দ্ৰ বৰদলৈ – কৰ্মবীৰ
- বিক্ৰম সিং য়েইন – গণ শিল্পী
- পাৰ্বতী প্ৰসাদ বৰুৱা – গীতিকবি
- দেৱেশ্বৰ শৰ্মা – জননায়ক
- মফিজুদ্দিন আহমেদ হাজৰিকা – জ্ঞান মালিনীৰ কবি
- হেমচন্দ্ৰ বৰুৱা – ত্যাগবীৰ
- লক্ষ্মীধৰ শৰ্মা – দেশপ্ৰাণ
- বিনন্দ চন্দ্ৰ বৰুৱা – ধ্বনি কবি
- ফণী শৰ্মা – নটসূৰ্য
- সত্যপ্ৰসাদ বৰুৱা – নাট্য প্ৰভাকৰ
- শৈলধৰ ৰাজখোৱা – নিজৰাৰ কবি
- গণেশ চন্দ্ৰ গগৈ – পাপৰিৰ কবি
- চন্দ্ৰ কুমাৰ আগৰৱালা – প্ৰতিমাৰ খনিকৰ
- হীৰেন ভট্টাচাৰ্য – প্ৰেম আৰু ৰ’দালিৰ কবি
- আনন্দ চন্দ্ৰ বৰুৱা – বকুল বনৰ কবি
- ৰঘুনাথ চৌধাৰী – বিহগী কবি
- যতীন্দ্ৰনাথ দুৱৰা – বনফুলৰ কবি
- আনন্দিৰাম দাস – বনকোঁৱৰ
- প্ৰসন্নলাল চৌধুৰী – বিদ্ৰোহী কবি
- নীলমণি ফুকন – বাগ্মীবৰ, ককা
- কনকলতা – বীৰবালা
- আনন্দ চন্দ্ৰ আগৰৱালা – ভাঙনি কোঁৱৰ
- ৰুদ্ৰ বৰুৱা – লুইত কোঁৱৰ
- অমিয় কুমাৰ দাস – লোকনায়ক
- মতিৰাম বৰা – লোকপ্ৰাণ
- গোপীনাথ বৰদলৈ – লোকপ্ৰিয়
- ডা: ভুৱনেশ্বৰ বৰুৱা – লোকবন্ধু
- ৰত্নকান্ত বৰকটকী – শেৱালি কবি
- গজেন বৰুৱা – শোণিত কোঁৱৰ
- লক্ষ্মীৰাম বৰুৱা – সংগীতাচাৰ্য
- চন্দ্ৰধৰ বৰুৱা – সাহিত্য ৰত্ন
- ভীমবৰ দেউৰী – জননেতা
উপসংহাৰ
অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয় যে, সাহিত্যিকসকলে কেৱল সমাজক সঁহাৰি দিয়া সৃষ্টি আগবঢ়াইছে এনে নহয় ইয়াৰ লগতে তেওঁলোকে নিজৰ সৃষ্টিৰে এক বিশেষ সাহিত্যিক পৰিচয় সৃষ্টি কৰিছে। ছদ্ম নাম আৰু উপাধিবোৰে সাহিত্যিকৰ সাহিত্যপথৰ লগতে তেওঁলোকৰ সমাজ-সংস্কৃতিক অৱদানকো অমৰ কৰি ৰাখিছে।
Read also: Ganesh Gogoi Biography | গণেশ গগৈৰ জীৱনী
FAQs
1. অসমীয়া সাহিত্যত প্ৰথম ছদ্ম নাম ব্যৱহাৰ কৰা সাহিত্যিক কোনজন আছিল?
উত্তৰ: ইতিহাসত এনে নথিপত্ৰ নাই, কিন্তু ১৯শ শতিকাৰ পৰা ছদ্ম নামৰ ব্যৱহাৰ বেছি দেখা যায়।
2. “কলাগুৰু” উপাধি কোনে লাভ কৰিছিল?
উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভাই “কলাগুৰু” উপাধি লাভ কৰিছিল।
3. “সাহিত্যৰথী” বুলি কাক জনা যায়?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি জনা যায়।
4. নটসূৰ্য উপাধি কোনজন সাহিত্যিকে লাভ কৰিছিল পাইছিল?
উত্তৰ: বিশিষ্ট নাট্য ব্যক্তিত্ব ফণী শৰ্মাই “নটসূৰ্য” উপাধি লাভ কৰিছিল।
5. উপন্যাস সম্ৰাট উপাধি কোনজন সাহিত্যিকক দিয়া হৈছিল?
উত্তৰ: ৰজনীকান্ত বৰদলৈক “উপন্যাস সম্ৰাট” উপাধি দিয়া হৈছিল।
Read also: Assamese biography

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.








