Assam Jatiya Bidyalay Class 8 Assamese Chapter 2 সৰস্বতীৰ বৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 সৰস্বতীৰ বৰ Class 8 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 8 Assamese Chapter 2 সৰস্বতীৰ বৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 2 সৰস্বতীৰ বৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
সৰস্বতীৰ বৰ
Chapter – 2
অসম জাতীয় বিদ্যালয়
EXERCISE QUESTION ANSWER
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
(ক) বিদ্যাৱতী দেখাত কেনে আছিল ?
উত্তৰঃ বিদ্যাৱতী দেখাত অতি ৰূপৱতী আছিল।
(খ) বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কি কৈছিল ?
উত্তৰঃ বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কৈছিল যে যিজনে তেওঁক তৰ্কত সৰুৱাব পাৰিব, তেওঁৰ লগতহে বিদ্যাৱতী বিয়া হব।
(গ) দেশ- বিদেশৰ পণ্ডিত সকলে বিদ্যাৱতীৰ লগত তৰ্কত হাৰি কি বুদ্ধি সাজি উলিয়াইছিল ?
উত্তৰঃ দেশ-বিদেশৰ পণ্ডিত সকলে বিদ্যাৱতী ৰ লগত তৰ্কত হাৰি এটা বুদ্ধি সাজি উলিয়াইছিল। বুদ্ধিটো হল বিদ্যাৱতীক এটা জধামুখলৈ বিয়া দিব।
(ঘ) কালিদাসে শুবলৈ গৈ আঁঠুয়াৰ ওপৰত কিয় জাপ মাৰিছিল ?
উত্তৰঃ কালিদাসে আগতে কেতিয়াও আঁঠুয়া দেখা নাছিল বাবে বেচনাত উঠিবলৈ কেনিও সুৰুঙা নাপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঠুয়াৰ ওপৰত জাপি মাৰিছিল।
(ঙ) বিদ্যাৱতীয়ে খঙত কালিদাসক কি বুলি কৈছিল ?
উত্তৰঃ বিদ্যাৱতীয়ে কালিদাসক এই বুলি কৈছিল যে কালিদাসে সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱাকৈ সেই ঘৰত সোমাব নোৱাৰিব।
(চ) ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাসে কলৈ গৈছিল ?
উত্তৰঃ ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাসে সেই ৰাতিয়ে ঘৰৰ পৰা বাহিৰ হৈ হাবিলৈ গৈছিল।
(ছ) কঠোৰ তপস্যা কৰিও সৰস্বতীক দেখা নোপোৱাৰ পাছত কি কৰিছিল ?
উত্তৰঃ কঠোৰ তপস্যা কৰিও চাৰস্বতীক দেখা নোপোৱা ৰ পিছত নিৰাশ হৈ সৰোবৰৰ দ-পানীত পৰি মৰিবলৈ সংকল্প কৰিছিল।
(জ) স্বামীৰ অগাধ পণ্ডিণ্ত্য দেখে বিদ্যাৱতীয়ে কি কৈছিল ?
উত্তৰঃ স্বামীৰ অগাধ পাণ্ডিত্য দেখি বিদ্যাৱতী আনন্দদ অধীৰ হৈছিল আৰু তেওঁ কালিদাসৰ চৰণত পৰি ক্ষমা খুজিছিল।
২। বিদ্যাৱতী আৰু কালিদাসৰ মাজত হোৱা তৰ্ক -যুদ্ধখনৰ বৰ্ণনা তোমাৰ ভাষাৰে লিখা। তৰ্ক-যুদ্ধখনত কাৰ জয় হৈছিল ?
উত্তৰঃ মূৰ্খ কালিদাসক পণ্ডিত সকলে শিকাই-বুজাই আনি বিদ্যাৱতীক ক’লে যে এজন নতুন পণ্ডিত আহিছে, কিন্তু এই পণ্ডিতজন মৌন মুখেৰে নামাতে, ঠাৰে-চিয়াৰেহে তৰ্ক কৰিব লাগিব। এই কথা শুনি বিদ্যাৱতীয়ে কালিদাসৰ লগত তৰ্ক আৰম্ভ কৰিলে। প্ৰথমে ৰাজকন্যাই এটা আঙুলি দেখুৱালে। কালিদাসে ভাবিলে,ৰাজকন্যাই তেওঁৰ এটা চকু কাৰো বুলিছে। কালিদাসে ৰাজকন্যাৰ দুয়োটা চকু কা ৰিব বুলি ভাবি দুয়োটা আঙুলি দেখুৱালে ।তেতিয়া পণ্ডিত সকলে আনন্দত হাত চাপিৰি মাৰি কলে যে কালিদাসে জিকিছে কাৰণ ৰাজ কন্যাই এটা আঙুলি দেখুৱাই বুজিছিল যে সৃষ্টিষ্টকৰ্তা এজন,কিন্তু কালিদাসে দুটা আঙুলি দেখুৱাই সৃষ্টিকৰ্তা প্ৰকৃত আৰু পুৰুষ এই দুজন বুলি দেখুৱাইছিল।
বিদ্যাৱতীয়ে এইবাৰ মাটিৰ ফালে টুৱাই দেখুৱালে। কালিদাসে ৰাজকণ্যা ই তেওঁক মাটিত মুখ ঠেকেৰিব খুজিছে, গতিকে কালিদাসে আঙুলি এটা ওপৰলৈ তুলি ঘূৰাবলৈ ধৰিলে, অৰ্থাৎ ৰাজকণ্যা ক এইদৰে তেওঁ চাৰিপাক খুৱাব। পণ্ডিত সকলে হাত-চাপৰি বজাই কলে যে কালিদাসে জিকিছে, কাৰণ বিদ্যাৱতীয়ে আঙুলিটো মাটিৰ ফালে টুৱাই বুজিছিল যে পৃথিৱী থিৰ হৈ আছে কিন্তু কালিদাসে আঙুলি ঘূৰাই কলে পৃথিৱী ঘূৰি আছে থিৰ হৈ থকা নাই। এই দৰে বিদ্যাৱতী আৰু কালিদাসৰ মাজত তৰ্ক যুদ্ধ হৈছিল।
৩। কালিদাসে জধামূৰ্খ বুলি বিদ্যাৱতীয়ে কি দৰে জানিব পাৰিলে ?
উত্তৰঃ বিয়াৰ পাছত প্ৰথম ৰাতি কালিদাসে শুবলৈ যাওঁতে দাড়ি- পাৰ্টিৰ ওপৰত আঠুয়া তৰা দেখি বৰ অবাক হল। কাৰণ কালিদাসে আগতে কেতিয়াও আঁঠুয়া তৰা দেখা নাই। কালিদাসে সোমাবলৈ বাট বিচাৰি নাপাই ওপৰেদি সোমাবলৈ বাট আছে বুলি ভাবি আঁঠুয়া ৰ ওপৰত জাপ মাৰি দিলে । কালিদাসৰ কাণ্ড দেখি বিদ্যাৱতীয়ে অবাক আৰু জানিব পাৰিলে যে পণ্ডিত সকলে চল কৰি তেওঁক এটা জধামূৰ্খৰ লগত বিয়া দিয়ালে। এনেতে বাহিৰত এটা উটে চিঞৰিলে। ৰাজকণ্যা ই সংস্কৃতত সুধিলে, যে সেইয়া কিহে চিঞঁৰিছে। কালিদাসে সংস্কৃত ভালকৈ নাজানিছিল এবাৰ উত্ত্ব বুলি কলে।বিদ্যাৱতীয়ে আকৌ সোধাত ‘ উষ্ট ‘ বুলি কলে। তেতিয়া বিদ্যাৱতীয়ে ভালকৈ জানিব পাৰিলে যে কালিদাস এটা জধামূৰ্খ।
৪। কালিদাসে কিদৰে বিদগ্ধ পণ্ডিত হৈছিল ?
উত্তৰঃ বিদ্যাৱতীয়ে কালিদাসক জধামূৰ্খ বুলি গম পাই ঘৰৰ পৰা উলিয়াই দিয়ে আৰু কলে যে সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে সেই ঘৰত থাকিব নোৱাৰে। ঘৈণীয়েকৰ পৰা এনে অপমান পাই কালিদাসে সেই ৰাতিয়ে ঘৰৰ পৰা বাহিৰ হৈ হাবিৰ ফালে খোজ ল’লে।
কালিদাসে হাবিৰ মাজে মাজে গৈ ৰাতি পোৱাৰ সময়ত এটা সৰুবোৰ পালে। সেই সৰুবোৰৰ দাঁতিত তেওঁ সৰস্বতীক একান্ত মনে আৰাধনা কৰিবলৈ বহিল। কিন্তু কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নাপালে। অভহেশত নিৰাশ হৈ সৰুবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰি পানীত জাপ মাৰি দিলে। এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু কলে যে কালিদাস আপেনাঘাতি হব নালাগে, সেইদিনাৰ পৰা কালিদাস সৰস্বতীৰ বৰ পুত্ৰ।এইদৰে কালিদাসে সৰস্বতীৰ বৰ লাভ কৰি বিদগ্ধ পণ্ডিত হ’ল।
৫। মহাকবি কালিদাসৰ সাহিত্যকৃত্তিৰ বিষয়ে শিক্ষকৰ পৰা জানি লোৱা।
উত্তৰঃ কালিদাস সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত। ভাৰত গৌৰৱ কালিদাসৰ নাম সাহিত্য জগতত সুপৰিচিত । ‘ৰঘুবংশ’ আৰু কুমাৰ সম্ভৱ ‘ কাব্য দুখন তেওঁৰ অনুপম সৃষ্টি। তেওঁৰ তিনিখন নাটৰ ক্ৰমে অভিজ্ঞানম্ শকুন্তলম্ ‘ মালবিকাগ্নিমিত্ৰম ‘ ‘বিক্ৰমবংশীয়’ । ইয়াৰ ভিতৰত অভিজ্ঞানম্ শকুন্তলম্ ‘ নাটকখন বিশ্বসাহিত্য ত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰি আহিছে। কোৱা হয় ” কাব্যেষু নাটকম্ ৰম্যং
তত্ৰ ৰম্যা শকুন্তলা” এইবোৰ উপৰিও ‘ঋতুসংহাৰ”,মেঘদূত’ নামৰ খণ্ডকাব্য দুখন কালিদাসৰ অপূৰ্ব সৃষ্টি’শ্ৰোতাবোধ’,’নলোদয়’
শৃঙ্গাৰ, তিলক এই গন্থ সমূহ তেওঁৰেই কৃতি বুলি কোনো কোনো মনিষীয়ে কব খোজে। মহা কবি কালিদাসৰ এই অনুপম কাব্য তথা নাটকত নানা ৰসৰ সমাহাৰ ঘটিছে আৰু বিশ্ব সাহিত্যৰ মাজত শ্ৰেষ্ঠ স্থান দখল কৰিছে সেয়ে আমি কব পাৰো-“ন কালিদাসক অপৰ: কবিন্দ্ৰ:”।
৬। সমৰ্থক শব্দ লিখা।
(ক) আৰাধনা = উপাসনা ।
(খ) অধীৰ = অস্থিৰ ।
(গ) কঠোৰ = কঠিন, টান ।
(ঘ) পণ্ডিত = বিদ্বান, বিদ্যাৱন্ত।
(ঙ) তপস্যা = ধ্যান।
৭ । বুজা আৰু লিখা ।
(ক) কালিৰ দাস = কালিদাস ।
(খ) দেৱীৰ দাস = দেৱীৰদাস ।
( গ) চন্দীৰ দাস = চন্দীদাস ।
৮। বাক্য ৰচনা কৰা ।
(ক) হাত দীঘল।
(খ) হাতত হাৰে ভৰিত হাৰে ।
(গ) উভত গেৰে নাচ ।
(ঘ) হাড়ক মাটি কৰা ।
উত্তৰঃ (ক) হাত দীঘল :- হাত দীঘল মানুহক সকলোৱে সমীহ কৰে ।
(খ) হাতত হাৰে ভৰিত হাৰে :- এদিন সিদ্ধাৰ্থই হাতত হাৰে ভৰিত হাৰে ঘৰৰ পৰা ওলাই গৈছিল।
(গ) উভত গেৰে নাচ :- জ্ঞানীসকলে কেতিয়াও উভত গেৰে নানাচে।
(ঘ) হাড়ক মাটি কৰ :- খেতিয়কে হাড়ক মাটি কৰি খেতি কৰিলে কিন্তু আহিন মহীয়া বানপানীয়ে সকলো সংহাৰ কৰিলে।
৯। “বোপাই তই আপোনঘাতী নহ’বি আজিৰ পৰা তই মোৰ বৰ পুত্ৰ হলি। কথাষাৰ কোনে, কাক, কি প্ৰশংগত কৈছিল বুজাই লিখা ।
উত্তৰঃ কথাষাৰ সৰস্বতী দেৱীয়ে কালিদাসক কৈছিল।যেতিয়া কালিদাসৰ পত্নী বিদ্যাৱতীয়ে তেওঁক জধামূৰ্খ বুলি জানিলে তেতিয়া ঘৰৰ পৰা উলিয়াই দি সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱা লৈকে ঘৰলৈ উভতি আহিব নোৱাৰে বুলি কলে।কালিদাসে ঘৈণীয়েকৰ পৰা অপমান পাই থাকিবলৈ গৈ এটা সৰুবৰৰ পাৰত সৰস্বতীক একান্ত মনে ধ্যান কৰিলে। কিন্তু কঠোৰ তপস্যা কৰাৰ পাছতো সৰস্বতীক দেখা নোপোৱাত তেওঁ আপোনঘাতী হবলৈ সৰুবৰত জাপ দিলে । এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু এই প্ৰসংগত এই কথাষাৰ কৈছিল।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.