Assam Jatiya Bidyalay Class 7 History Chapter 8 অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 7 History Chapter 8 অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 8 অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী
Chapter -8
ASSAM JATIYA VIDYALAYA
অসম জাতীয় বিদ্যালয়
প্রশ্নোত্তৰঃ
১। মৈদাম মানে কি বুজা?
উত্তৰঃ আদিতে আহোমসকলে মৃতদেহ দাহ নকৰি পুতি থৈছিল। এনেদৰে মৃতদেহ পুতি সৎকাৰ কৰা কাৰ্যকে মৈদাম দিয়া বুলি কোৱা হয়। এই মৈদামবিলাক আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যৰ এক উৎকৃষ্ট নিদর্শন। মৃত লোকজন ৰাজবংশৰ লোক বা ৰজা হ’লে তেওঁলোকক পোতা ঠাইখিনিৰ ওপৰত পাহাৰ বা টিলাৰ দৰে মাটি ওখকৈ দি সমাধিক্ষেত্র সাজিছিল। এয়াই হ’ল মৈদাম।
২। মৈদাম দিওঁতে কি কি বস্তু দিছিল আৰু কিয় দিছিল?
উত্তৰঃ মৈদাম দিওঁতে মৃতকে দৈনন্দিন ব্যৱহাৰ কৰা সকলো বস্তু যেনে— সাজ-পোচাক আৰু অলংকাৰ, প্ৰসাধনৰ সামগ্ৰী আদি মৃতকৰ লগত দিছিল। তেওঁলোকৰ বিশ্বাস আছিল যে মৰাৰ পিছতো তেওঁলোকে সেইবিলাক নিত্যব্যবহার্য বস্তু ব্যৱহাৰ কৰে।
৩। কেতিয়াৰপৰা আৰু কোনজন ৰজাৰ মৃতদেহ আহোমমতে আৰু হিন্দুমতে শ দাহ কৰা হৈছিল?
উত্তৰঃ যেতিয়াৰ পৰা আহোম ৰজাসকলৰ মাজত হিন্দু ধর্মই প্ৰভাৱ বিস্তাৰ কৰিছিল, তেতিয়াৰ পৰাই শৱদেহ দাহ কৰি সৎকাৰ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃতদেহ হিন্দুমতে দাহ কৰি তাৰ অস্থি নি আহোমমতে চৰাইদেউত মৈদাম দিছিল।
৪। আহোম যুগৰ শ সৎকাৰ পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰঃ আহোম যুগৰ শ সৎকাৰ কৰা কাৰ্যটোক মৈদাম দিয়া বুলি কোৱা হয়। এই পদ্ধতিত শৱদেহ মাটিত পুতি সৎকাৰ কৰা হয়। এই মৈদাম দিয়াৰ কিছুমান নিয়ম আছিল। ৰাজকাৰেঙৰ (গড়গাঁৱৰ) চাৰিওফালে থকা গুপ্ত দুৱাৰেদি নগৰৰ বাহিৰ ফালেৰে শ নিয়া আলিয়েদি নি শ-ধোৱা পুখুৰীত শৱদেহ স্নান কৰোৱাই চৰাইদেউত মৈদাম দিয়া হৈছিল। শৱ সৎকাৰ কৰা সময়ত মৈদামবিলাকত মৃতকে জীৱিত অৱস্থাত দৈনন্দিন ব্যৱহাৰ কৰা সকলো বস্তু লগত দিছিল। আহোমসকলে বিশ্বাস কৰিছিল যে, মৰাৰ পিছতো তেওঁলোকে সেইবিলাক নিত্য ব্যৱহাৰ্য বস্তু ব্যৱহাৰ কৰে।
৫। চমু উত্তৰ লিখাঁ।
(ক) জয়সাগৰ পুখুৰীটো কোনজন ৰজাই খন্দোৱাইছিল?
(খ) শিৱসাগৰ পুখুৰীটো কাৰ নামত উচৰ্গিত?
(গ) আহোম ৰাজত্বকালৰ কোনটো পুখুৰী আটাইতকৈ পুৰণি বুলি ধৰা হয়?
(ঘ) গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল?
উত্তৰঃ (ক) ৰুদ্ৰ সিংহই।
(খ) স্বৰ্গদেউ শিৱসিংহৰ নামত। কোনো কোনো বুৰঞ্জীবিদৰ মতে ভগৱান শিৱৰ নামত উছৰ্গা কৰা বাবেহে হেনো পুখুৰীটোৰ নাম শিৱসাগৰ হয়।
(গ) ৰাজমাও পুখুৰী।
(ঘ) ভগদত্তই।
৬। উত্তৰ লিখা।
(ক) অঠাই সাগৰ কি? ইয়াক কিয় অথাই সাগৰ বুলি কোৱা হয়?
(খ) ৰহঢলা মানে কি বুজাই লিখাঁ।
(গ) কি কি কাৰণত পুখুৰী খন্দোৱা হৈছিল লিখাঁ।
উত্তৰঃ (ক) আহোম যুগৰ ভটীয়াপাৰৰ এটি পুখুৰীৰ নাম অথাই সাগৰ। ‘অথাই সাগৰ’ৰ আভিধানিক অর্থ হৈছে―থাউনি নোপোৱা বৰ দ আৰু বহল পানী। এই পুখুৰীটো হয়তো থাউনি নোপোৱা দ আৰু বহল আছিল বাবেই ইয়াক অথাই সাগৰ বুলি কোৱা হৈছিল।
(খ) আহোম যুগত কিছুমান পুচুৰীৰ তলিখন অর্থাৎ নাগমাৰিডালৰ চাৰিওফালে কিছু ঠাই পকীকৰণ কৰা হৈছিল। এই ষোল বা কৰালখিনিৰ লগত থলুৱা বিবিধ দ্রব্য মিহলি কৰি এক বিশেষ প্রক্রিয়াৰ মাজেদি তৈয়াৰ কৰা ৰহ বা পাৰাৰ দৰে পদাৰ্থ ঢালি দিয়া হৈছিল। ইয়াকেই ৰহঢলা বুলি কোৱা হৈছিল।
(গ) মূলতঃ দুটা উদ্দেশ্যেৰে পুখুৰী খন্দোৱা হৈছিল— ঠাইখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আৰু খোৱা পানীৰ অভাৱ দূৰ কৰিবৰ বাবে। পুখুৰী খন্দোৱাৰ কিছুমান অন্যান্য কাৰণো আছিল। যেনে— ভগদত্ত ৰজাই জীয়েক ভানুমতীৰ সয়ম্বৰ উপলক্ষে গুৱাহাটীত দীঘলীপুখুৰী খন্দাইছিল, ৰুদ্ৰ সিংহই মাক সতী জয়মতীৰ নাম যুগমীয়া কৰিবৰ বাবে জয়সাগৰ পুখুৰী খন্দাইছিল, স্বৰ্গদেউ শিৱসিংহৰ ৰাণী ‘বৰৰজা’ অম্বিকাই স্বামীৰ নাম অনুসৰি শিৱসাগৰ পুখুৰী খন্দাইছিল। কিছুমানে আকৌ বাৰীৰ ভিতৰতে পুখুৰী খান্দি সেই মাটিৰে ঘৰৰ ভেটি সজাইছিল।
৭। আহোম যুগত পুখুৰী খন্দোৱাৰ দায়িত্বত থকা বিষয়াকেইজনৰ পদবী কি কি আছিল?
উত্তৰঃ আহোম যুগত পুখুৰী খন্দোৱাৰ দায়িত্বত থকা বিষয়াকেইজনৰ পদবীবোৰ আছিল— ৰসেদ্ৰ বৰুৱা, দৰবধৰা বৰুৱা আৰু মাটিচেলেকা বৰুৱা। ৰসেন্দ্ৰ বৰুৱা ‘ৰহ’ তৈয়াৰ কৰা বিভাগটোৰ দায়িত্বত আছিল। মাটিৰ গুণাগুণ পৰীক্ষা কৰি ঠাই নিৰ্বাচন কৰাৰ দায়িত্বত আছিল ক্ৰমে দৰবধৰা বৰুৱা আৰু মাটিচেলেকা বৰুৱা।
৮। হৰ্জৰ বৰ্মন কোন আছিল? তেওঁ ক’ত আৰু কিয় পুখুৰী খন্দোৱাইছিল লিখা।
উত্তৰঃ হৰ্জৰ বৰ্মন শালস্তম্ভ বংশৰ এজন ৰজা আছিল। তেওঁ তেজপুৰত নগৰৰ সৌন্দর্য বৰ্দ্ধনৰ বাবে পুখুৰী খন্দোৱাইছিল।
৯। আহোম যুগৰ পুখুৰী খন্দোৱাৰ বা সজোৱাৰ পদ্ধতি দুটাৰ বিষয়ে তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ আহোম যুগত পুখুৰী খন্দোৱা বা সজোৱাৰ দুটা পদ্ধতি আছিল। প্রথম পদ্ধতিমতে পুখুৰী খান্দিবলৈ নিৰ্বাচন কৰা ঠাইখিনি প্ৰথমে চাফ-চিকুণ কৰি লোৱা হয়। তাৰ পিছত ঘোৰ অন্ধকাৰ ৰাতি ডাঙৰ কাঁহৰ কাঁহীত মিঠাতেলেৰে কিছুমান ডাঙৰ মাটিৰ চাকি জ্বলাই লৈ তাৰ সহায়ত নির্দিষ্ট দায়িত্বত থকা পাইকবিলাকে বিশেষ পদ্ধতিৰে পানীত উই চিনাক্ত কৰি চিন দি থয়। লগত যোৱা মানুহে সেই চিন দিয়া ঠাইত শালকাঠেৰে তৈয়াৰ কৰা গাত খাঁজ কটা নাগমাৰি পোতে। তাৰ পিছত নাগমাৰিডালক কেন্দ্ৰ কৰি চাৰিওফালে অলপ দকৈ মাটি খান্দি পাৰ বান্ধি দিয়ে। গোটেই পুখুৰীটো দকৈ খান্দি নেপেলায়। নির্দিষ্ট আয়তন হিচাব কৰি চাৰিওফালে পাৰ বান্ধে। ডাঙৰ পুখুৰীৰ পাৰকেইটা আকৌ বান্ধে। এনেকৈ সজোৱা প্রায়বিলাক পুখুৰীয়ে উহৰপৰা ওলোৱা পানীৰে উপচি পৰে।
দ্বিতীয় পদ্ধতিমতে, নৰাবগৰীৰ ঠাল একোটাৰ পাত-পত্ৰ কাঢ়ি লৈ এহাতমান দীঘল ডাল এটা মাটিৰ সমান্তৰালকৈ ৰাখি মানুহ এজনে পুখুৰী খন্দাৰ বাবে নিৰ্বাচিত ঠাই খণ্ডত খোজ কাঢ়ি ফুৰে। এনেকৈ খোজ কাঢ়ি ফুৰোতে যি ঠাইত ডালটো লম্বমান হয়, সেই ঠাইতে পানীৰ উঁহ আছে বুলি ধৰি লৈ নাদ খান্দে। পানীৰ উঁহ ওলালে তাতে পাৰ বান্ধি পুখুৰী সাজে।
১০। আহোম যুগৰ পুখুৰী সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ অসমৰ স্থাপত্যৰ অন্য এক নিদর্শন হ’ল পুখুৰীবিলাক। আহোম যুগত বহুতো পুখুৰী খন্দোৱা বা সজোৱা হৈছিল। চুডাংফা বা বামুণীকোঁৱৰৰ ৰাজমাওৰ স্মৃতিত উছৰ্গিত ‘ৰাজমাও পুখুৰী ‘টোকে আহোম যুগৰ প্ৰথম পুখুৰীৰ নিদৰ্শন বুলি জনা যায়। সেয়া হ’লেও আহোম যুগৰ পুখুৰী বুলি ক’লে পোনতে মনলৈ অহা পুখুৰীকেইটা হৈছে — জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী আৰু গৌৰীসাগৰ পুখুৰী। সেইটো সময়ত খন্দোৱা কিছুমান উল্লেখযোগ্য পুখুৰী হৈছে—লখিমী পুখুৰী (হৰিনাথ বৰপাত্ৰই সজোৱা), ন পুখুৰী বা ৰুদ্রসাগৰ পুখুৰী (জয়ধ্বজ সিংহই সজোৱা), ৰহদৈ পুখুৰী (গদাধৰ সিংহই সজোৱা), লিগিৰী পুখুৰী, বুঢ়াগোহাঁই পুখুৰী, শ ধোৱা পুখুৰী, ৰহঢলা পুখুৰী, গাভৰু পুখুৰী, যোৰ-পুখুৰী, শিল পুখুৰী ইত্যাদি। উল্লেখযোগ্য ১০০ পুৰা বা তাতকৈ বেছি এলেকাৰ মাটি আগুৰি থকা পুখুৰীবিলাকক সাগৰ বুলি কোৱা হৈছিল।
সাধাৰণতে ঠাইৰ সৌন্দৰ্য বৰ্দ্ধন কৰা আৰু খোৱা পানীৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যৰেই পুখুৰী খন্দোৱা হৈছিল যদিও অন্য কাৰণো আছিল। মহাৰাজ ৰুদ্ৰ সিংহই জয়সাগৰ পুখুৰী খন্দাইছিল মাক সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে। সেইদৰে স্বৰ্গদেউ শিৱ সিংহৰ ৰাণী (বৰৰজা) অম্বিকাই নিজৰ স্বামীৰ নামত শিৱসাগৰ পুখুৰী খন্দাইছিল । আনহাতে, কিছুমান মানুহে নিজৰ বাৰীৰ ভিতৰতে পুখুৰী খান্দি সেই মাটিৰে ঘৰৰ ভেটি সাজিছিল।
আহোমসকলে পুখুৰী খান্দোতে পানীৰ উঁহ বিচাৰি উলিয়াবলৈ দুটা পদ্ধতি ব্যৱহাৰ কৰিছিল। এটা পদ্ধতিত তেওঁলোকে এখন ডাঙৰ কাঁহৰ কাঁহীত মিঠাতেলেৰে জ্বলোৱা কিছুমান ডাঙৰ মাটিৰ চাকি ব্যৱহাৰ কৰিছিল। আনটো পদ্ধতিত নৰাবগৰীৰ ডাল ব্যৱহাৰ কৰিছিল। পুখুৰী খন্দা কামৰ দায়িত্বত তিনিজন বিষয়া আছিল। তেওঁলোকক ক্রমে— ৰমেন্দ্ৰ বৰুৱা, দৰবধৰা বৰুৱা আৰু মাটিচেলেকা বৰুৱা বুলি জনা যায়।
উল্লেখযোগ্য যে জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰীকে ধৰি আহোম যুগৰ কিছুমান পুখুৰী আজি পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থল আৰু ঋতু অনুযায়ী বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণ ক্ষেত্র।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। আদিতে আহোমসকল কোনটো ধৰ্মৰ লোক আছিল বুলি কোৱা হয়?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ।
২। মৈদামৰ জোখ কেনেধৰণৰ আছিল?
উত্তৰঃ মৈদামৰ জোখ এনেধৰণৰ — দীঘে ১২ হাত, বহলে ১০ হাত আৰু ওখকৈ ১৩ হাত।
৩। নাগমাৰি কি?
উত্তৰঃ আহোমসকলে পুখুৰী খান্দিবলৈ বা সজাবলৈ পানীৰ উঁহ থকা ঠাইখিনিত শালগছৰ কাঠেৰে তৈয়াৰী এটা খুঁটা পুতিছিল। খুঁটাটোৰ গাত সাপ মেৰাই থকাৰ দৰে খাজ কটা থাকে। সেই খাজবিলাকেৰে পানী ওপৰলৈ উঠি আহে। এই বিশেষ খুঁটাটোক নাগমাৰি বোলা হয়। নাগৰ (সাপৰ) আকৃতিৰে কটা বাবেই মাৰিডালক নাগমাৰি বোলা হয়।
৪। আহোমসকলে পুখুৰী খান্দোতে কিয় ৰহ ঢালিছিল?
উত্তৰঃ ৰহ ঢালিলে পুখুৰীৰ পানী পৰিষ্কাৰ আৰু ফটফটীয়া নিৰ্মল হৈ থাকে। সেইবাবেই আহোমসকলে পুখুৰী খান্দোতে ৰহ ঢালিছিল।