Assam Jatiya Bidyalay Class 7 History Chapter 4 আহোম ৰাজ্যৰ শাসন ব্যৱস্থা

Assam Jatiya Bidyalay Class 7 History Chapter 4 আহোম ৰাজ্যৰ শাসন ব্যৱস্থা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 4 আহোম ৰাজ্যৰ শাসন ব্যৱস্থা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 4 আহোম ৰাজ্যৰ শাসন ব্যৱস্থা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহোম ৰাজ্যৰ শাসন ব্যৱস্থা

Chapter -4

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। কোন চনত আহোম শাসনৰ অন্ত পৰিছিল? 

উত্তৰঃ ১৮২৬ চনত।

২। কোনজন আহোম ৰজাৰ ৰাজত্বকালত শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ ৰাজত্বকালত।

৩। চুকাফা শব্দৰ অৰ্থ লিখাঁ। 

উত্তৰঃ চুকাফা শব্দৰ অৰ্থ হ’ল— স্বৰ্গৰ পৰা অহা বাঘ।

৪। চুহুংমুং শব্দৰ অৰ্থ লিখাঁ। 

উত্তৰঃ চুহুংমুং শব্দৰ অৰ্থ হ’ল—বিখ্যাত দেশৰ বাঘ। 

৫। আহোম ৰজাই নিজৰ নামৰ শেষত ‘সিংহ’ উপাধি কিয় গ্ৰহণ কৰিছিল? 

উত্তৰঃ ‘সিংহ’ শব্দটোৱে এবিধ বিশেষ জন্তুক বুজালেও কোনো এটা জাতিৰ সর্বশ্রেষ্ঠ ব্যক্তি বা মুখিয়াল লোকক বুজাবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়। আহোম ৰজাসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ শ্ৰেষ্ঠতা বুজাবলৈ নামৰ শেষত সিংহ উপাধি গ্ৰহণ কৰিছিল।

৬। আহোম শাসন ব্যৱস্থাত কাক পাত্ৰ-মন্ত্ৰী বোলা হৈছিল? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ উচ্চ পৰ্যায়ৰ মন্ত্ৰণাদাতাসকলক সামুহিকভাৱে পাত্ৰ-মন্ত্ৰী বোলা হৈছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা আৰু বৰফুকন আছিল প্রধান পাত্ৰ-মন্ত্ৰী।

৭। আহোম শাসন ব্যৱস্থাত থকা প্রধান পাত্র-মন্ত্রী তিনিজনক কি বুলি জনা গৈছিল? 

উত্তৰঃ আহোম শাসন ব্যৱস্থাত থকা প্রধান পাত্র-মন্ত্রী তিনিজনক ক্ৰমে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু পৰপাত্ৰগোহাঁই বুলি জনা গৈছিল। এওঁলোক তিনিওজনে শাসন কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত ৰজাক পোনে পোনে সহায়-সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াইছিল।

৮। বৰবৰুৱাৰ প্ৰধান দায়িত্ব কি আছিল? 

উত্তৰঃ বৰবৰুৱা আছিল ৰাজ্যৰ মুখ্য কাৰ্যনিৰ্বাহক আৰু বিচাৰাধিকাৰ। তেৱেঁই ৰজাৰ অভিষেকৰ ব্যৱস্থা, ভ্রমণসূচী নিৰ্ণয় কৰা আদি কৰ্তব্যও পালন কৰিছিল। 

৯। বৰফুকনৰ প্ৰধান কাৰ্য আৰু তেওঁ শাসনকাৰ্য প্ৰধানকৈ কোন ঠাইৰপৰা পৰিচালনা কৰিছিল? 

উত্তৰঃ আহোম ৰাজ্যৰ পশ্চিম দিশৰপৰা হ’ব পৰা আক্ৰমণ প্ৰতিহত কৰাটো বৰফুকনৰ প্ৰধান কাৰ্য আছিল। বৰফুকনে প্ৰধানকৈ গুৱাহাটীত থাকি নামনি আহোম ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল।

১০। আহোম ৰজাৰ বিষয়ে এটি টোকা লিখাঁ। 

উত্তৰঃ আহোম ৰাজবংশই তেৰ শতিকাৰ প্ৰথম ভাগৰ পৰা ২৮২৬ চনলৈকে প্রায় ছয়শ বছৰ অসমত ৰাজত্ব কৰিছিল। আহোম শাসন ব্যৱস্থাত ৰজাই আছিল মুখ্য শাসক। তেওঁৰ আদেশ-নির্দেশেই আইনৰ দৰে প্ৰচলিত হৈছিল। আহোমসকলক স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ বংশধৰ বুলি কোৱা হয়। সেইবাবেই আহোম ৰজাসকলৰ নামৰ আগত ‘স্বৰ্গদেউ’ শব্দটো যোগ কৰা হৈছিল। স্বৰ্গদেউ অৰ্থাৎ‍ ৰজাই ৰাজ্য শাসনত তেওঁক সহায়-সহযোগিতা কৰিবলৈ পাত্ৰ-মন্ত্ৰী, ডাঙৰীয়াসকলক নিজৰ পছন্দমতে নিয়োগ কৰিছিল।

আহোম ৰজাসকলে বংশানুক্রমিক ৰাজপাটত উঠিছিল। ৰজাৰ মৃত্যু হ’লে তেওঁৰ ডাঙৰ পুতেক সিংহাসনত উঠিছিল। কেতিয়াবা অৱশ্যে এই নিয়মৰ ব্যতিক্ৰম ঘটিছিল। স্বৰ্গদেউ চুডাংফা বা বামুণীকোঁৱৰৰ দিনৰপৰা আহোম ৰজাসকলৰ মাজত শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ পৰম্পৰা এটা আৰম্ভ হৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ পিছৰপৰা এই প্রথা বিলোপ হয়। আহোম ৰজাসকলৰ প্ৰতিটো নামৰ একোটা অৰ্থ আছিল। সাধাৰণতে তেওঁলোকৰ নামৰ আগৰ আখৰ ‘চু’ আৰু শেষৰ আখৰটো ‘ফা’ বা ‘মু’ আখৰেৰে হোৱা দেখা যায়। আহোম ৰজাসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছৰপৰা হিন্দু নাম একোটাও লৈছিল। ভাৰতৰ বহুতো হিন্দু ৰজাই ‘সিংহ’ উপাধি লোৱাৰ দৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছৰপৰা আহোম ৰজাসকলে তেওঁলোকৰ হিন্দু নামৰ শেষত সিংহ উপাধি লিখিছিল। ইয়াৰদ্বাৰা তেওঁলোকে নিজৰ যোগ্যতা, শ্রেষ্ঠতা তথা শক্তি প্রতিপন্ন কৰিব বিচাৰিছিল।

১১। চমু টোকা লিখাঁ। (প্ৰতিটোৰে মূল্যাংক ৫)

(ক) পাইক প্ৰথা।

(খ) খেল প্রথা।

(গ) পঁচা প্ৰথা।

(ঘ) বন্দী বেটীৰ ব্যৱস্থা।

উত্তৰঃ (ক) পাইক প্ৰথা : আহোম ৰাজ্যত পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ সকলো সুস্থ-সবল, কর্মঠ পুৰুষ প্ৰজাক পাইক বোলা হৈছিল। প্ৰয়োজন অনুসৰি পাইকসকলে ৰজাৰ হৈ যুদ্ধলৈ যোৱা, বাট-পথ নিৰ্মাণ কৰা, দৌল দেৱালয় সজা, খেতি-বাতি কৰা আদি কামত নিজকে নিয়োগ কৰিব লাগিছিল। প্রতিজন পাইকে ৰজাঘৰৰ প্ৰতি কাম কৰি দিয়াৰ বিনিময়ত খেতিৰ উপযোগী দুই পূৰাকৈ মাটি ভোগ কৰিবলৈ পাইছিল। উল্লেখযোগ্য যে ব্ৰাহ্মাণ, ৰাজপৰিয়ালৰ মানুহ, দেওধাই আদি পুৰোহিত শ্ৰেণী আৰু তেওঁলোকৰ লগুৱা-লিকচৌসকলক পাইকৰ দায়িত্ব দিয়া হোৱা নাছিল।

চাৰিজন পাইকেৰে একোটা গোট হৈছিল। প্ৰতিজন পাইকে পাল পাতি ৰজাঘৰত কাম কৰি দিব লাগিছিল। সময়ে সময়ে দুজন আৰু তিনিজন পাইকেৰে একোটা গোট কৰা হৈছিল। একোটা গোটৰ মুখীয়ালজনক ‘মূল’ বোলা হৈছিল। দ্বিতীয় আৰু তৃতীয়জনক যথাক্রমে ‘দেৱাল’ আৰু ‘তেৱাল’ বোলা হৈছিল।

(খ) খেল প্রথা : স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত ১৬০৯ খ্ৰীঃত মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ সংস্কাৰ কৰি খেল প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ পাইকবোৰক বেলেগ বেলেগ ভাগত ভাগ কৰিছিল। একে বৃত্তি সম্প্ৰদায়ৰ মানুহবোৰক একেলগ কৰি পতা ভাগবোৰক ‘খেল’ বুলি কোৱা হৈছিল, যেনে— মোনাৰি খেল, কাঁড়ী খেল ইত্যাদি। প্ৰতিটো খেলত এহাজাৰৰ পৰা পাঁচ হাজাৰ পৰ্যন্ত পাইক আছিল। পাইকৰ কাম-কাজ ভালদৰে তদাৰক কৰিবৰ কাৰণে মোমাই তামুলীয়ে কিছুমান বিষয়া নিযুক্তি দিছিল। সেইমতে প্রতি কুৰিজন পাইকৰ ওপৰত এজন ‘বৰা’, এশজনৰ ওপৰত ‘শ‍ইকীয়া’, এহাজাৰৰ ওপৰত ‘হাজৰিকা’, তিনি হাজাৰৰ ওপৰত ‘ৰাজখোৱা’ আৰু প্ৰতি দহ হাজাৰ পাইকৰ ওপৰত এজন ‘ফুকন’ নিযুক্তি দিছিল। যিজনৰ তলত যিমান সংখ্যক পাইক থাকে তেৱেঁই সিমান ওপৰ খাপৰ বিষয়া আছিল।

(গ) পঁচা প্ৰথা : ‘পঁচা’ শব্দৰ অৰ্থ হ’ল বৰঙণি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতেই এই পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰা হৈছিল। আহোম ৰাজ্যৰ দাঁতিকাষৰীয়া পাহাৰীয়া জাতিবিলাকৰ আক্ৰমণ, অত্যাচাৰ-উৎপীড়নৰ পৰা আহোম ৰাজ্যৰ ৰজাসকলক ৰক্ষা কৰিবলৈ পঁচা প্ৰথাৰ প্ৰচলন কৰা হৈছিল। ৰজাই বান্ধি দিয়া নিয়ম অনুযায়ী গাঁৱৰ বাসিন্দাসকলে নিজৰ খেতি পথাৰৰ ধান-মাহকে ধৰি অন্যান্য লাগতিয়াল সামগ্ৰীসমূহ নিজৰ সাধ্যমতে যোগাৰ কৰি সাঁচি থৈ দিছিল। পাহাৰীয়া লোকবিলাকো ছমাহে বছৰেকে নিয়মীয়াকৈ নামি আহিছিল, আৰু গাঁৱৰ মানুহে সিহঁতৰ বাবে থৈ দিয়া বৰঙণি বা পঁচা তুলি লৈ উভতি গৈছিল। পঁচা প্ৰথাৰ কিছুমান সুফল আছিল। এই প্রথা প্রচলন হোৱাৰ পিছত পাহাৰীয়া জাতিৰ আকস্মিক আক্ৰমণৰ পৰা অসমত প্ৰজা বহু পৰিমাণে ৰক্ষা পৰিছিল। পুত্ৰ-পৌত্রাদিক্ৰমে ‘পঁচা’ তুলিবলৈ আহি অসমীয়া মানুহৰ লগত লেন-দেন কৰাৰ ফলত প্ৰতিটো পাহাৰীয়া জাতিয়ে অসমীয়া ভাষা শিকিছিল। এইদৰে কালক্ৰমত অসমীয়া ভাষা এই পাহাৰীয়া জাতিবিলাকৰ উমৈহতীয়া ভাষা হৈ পৰিছিল।

(ঘ) বন্দী বেটীৰ ব্যৱস্থা : আহোম যুগত বন্দী-বেটী প্রথা বা দাস প্রথা প্রচলিত আছিল। এই প্রথাকে গোলাম-বন্দী বুলিও কোৱা হয়। প্ৰতিজন ডাঙৰীয়া আৰু ওখ বিষয়াৰ ঘৰত বিনামূলীয়া বন্দী বেটী আছিল। এই বন্দী-বেটাসকলক যুদ্ধ বন্দী হোৱা মানুহৰ পৰা ৰখা হৈছিল। কেতিয়াবা পাহাৰীয়া বা দাঁতিকাষৰীয়া মানুহৰ পৰাও সিহঁতক কিনি ৰখা হৈছিল। বন্দী বেটীবিলাকৰ ওপৰত ৰজাৰ কোনো অধিকাৰ নাছিল। ইহঁত ৰণলৈকো যাব নালাগিছিল। গৰাকীৰ ঘৰুৱা, পথৰুৱা সকলো কাম বন্দী-বেটীয়ে কৰিছিল। নিজৰ গৰাকীৰ বাহিৰে ইহঁতে আন কাৰো আদেশ মানিব নালাগিছিল। গৰাকীয়ে ইহঁতক নিজৰ ইচ্ছামতে কিনা-বেচা কৰিব পাৰিছিল। ৰজাঘৰীয়া কষ্টকৰ কাম কৰিব নালাগিছিল বাবে সমাজৰ নিম্নখাপৰ প্ৰজাবিলাকে পাইক হোৱাতকৈ বন্দী বেটী সোমাবলৈ বেছি ভাল পাইছিল। এই কাৰণতে বহুতে আপোন ইচ্ছাৰেও আনৰ ঘৰত দাস বা বন্দী হৈছিলগৈ। পাইক শ্ৰেণীত কেৱল পুৰুষকহে অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু দাস প্রথাত পুৰুষ-মহিলা উভয়েই বন্দী-বেটীৰ কামত নিযুক্ত হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। আহোম ৰাজ্যৰ মুখ্য ৰাজভঁড়ালৰ হিচাপ-নিকাচৰ দায়িত্ব পালন কৰা বিষয়াজনক কি বুলি কোৱা হৈছিল? 

উত্তৰঃ চাংকাকতী।

২। আহোমৰ ৰাজত্বকালত ‘কটকী ‘ৰ কি কাম আছিল? 

উত্তৰঃ আন ৰাজ্যৰ ৰজাৰ সৈতে সম্পৰ্ক স্থাপন, যুদ্ধৰ সন্ধি আদি কাৰ্য সম্পাদন কৰা। 

৩। কোনজন স্বৰ্গদেৱে আহোম ৰাজ্যত স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম কৰিছিল? 

উত্তৰঃ স্বৰ্গদেউ গৌৰীনাথ সিংহই।

 ৪। আহোম ৰাজত্বত আঞ্চলিক শাসনকর্তাক কিয় ‘ৰজা’ নামেৰে সম্বোধন কৰা হৈছিল?

উত্তৰঃ আহোম ৰাজত্বত ৰজা আৰু ৰাজবংশৰ কোঁৱৰসকলকহে আঞ্চলিক শাসনকর্তা নিযুক্ত কৰা হৈছিল। সেইবাবেই তেওঁলোকক ৰজা’ বুলি সম্বোধন কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top