Assam Jatiya Bidyalay Class 7 History Chapter 5 অসমৰ ৰণ – কৌশল, অস্ত্র-শস্ত্র ইত্যাদি

Assam Jatiya Bidyalay Class 7 History Chapter 5 অসমৰ ৰণ – কৌশল, অস্ত্র-শস্ত্র ইত্যাদি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 5 অসমৰ ৰণ – কৌশল, অস্ত্র-শস্ত্র ইত্যাদি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 5 অসমৰ ৰণ – কৌশল, অস্ত্র-শস্ত্র ইত্যাদি The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ ৰণ – কৌশল, অস্ত্র-শস্ত্র ইত্যাদি

Chapter -5

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। চমু উত্তৰ লিখাঁ।                   

(ক) আহোম ৰজাই লোৱা তৰোৱালখনৰ নাম কি আছিল? 

(খ) নাও প্ৰস্তুত কৰাৰ দায়িত্বত থকা ফৈদটোৰ নাম কি আছিল?

(গ) কেতিয়াৰপৰা অসমত বন্দুকৰ প্ৰচলন হৈছিল?

(ঘ) বন্দুক হিচাবে ব্যৱহাৰ কৰা আহোম যুগৰ আহিলাবিধৰ নাম কি আছিল?

উত্তৰঃ (ক) হেংদাং।

(খ) নাওশলীয়া।

(গ) তুর্বকৰ লগত হোৱা যুদ্ধত আহোমসকল জয়ী হোৱা সময়ৰ পৰা।

(ঘ) বৰটোপ। 

২। উত্তৰ লিখা।                     

(ক) ‘চোৰবছা’ সৈন্যৰ কাম কি আছিল? 

(খ) শিলাকুটিবিলাকৰ কাম কি আছিল?

উত্তৰঃ (ক) আহোমৰ ৰাজত্বকালত কিছুমান বছা বছা সৈন্যক চোৰৰ দৰে সাজ পিন্ধাই শত্ৰু-শিবিৰলৈ পঠোৱা হৈছিল। তেওঁলোকক চোৰবছা সৈন্য বোলা হৈছিল। শত্রু শিবিৰলৈ গৈ শত্ৰুৰ বণ-কৌশল, শত্ৰুৰ গতি-বিধি আদি লক্ষ্য কৰি আহোম ৰজাক জনোৱাটো এই চোৰবছা সৈন্যৰ কাম আছিল।

(খ) আহোমসকলৰ যুদ্ধৰ এবিধ আহিলা আছিল বৰটোপ। শিলাকুটিসকলৰ কাম আছিল বৰটোপৰ গুলী তৈয়াৰ কৰা। শিৱসাগৰৰ শিলাকুটিসকলে কঠিন শিলেৰে বৰটোপৰ গুলী তৈয়াৰ কৰিছিল।

৩। আহোম ৰাজ্যৰ সৈন্যবাহিনীত কি কি প্ৰকাৰৰ সৈন্য আছিল? উল্লেখ কৰা। 

উত্তৰঃ আহোম ৰাজাৰ সৈনাবাহিনীত কাড়ী পাইক, চমুৱা পাইক, হিলৈদাৰী, চোৰবছা, মাউত, চাউল সমনীয়া, খাৰঘৰীয়া, গন্ধীয়া আদি সৈনা আছিল।

৪। আহোম ৰাজ্যৰ সৈন্যবাহিনী পৰিচালনা কৰাৰ প্ৰধান দায়িত্ব কোন কোন বিষয়াই পালন কৰিছিল? 

উত্তৰঃ আহোম ৰাজাৰ সৈন্যবাহিনী পৰিচালনা কৰাৰ প্ৰধান দায়িত্ব বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা আৰু বৰফুকনে পালন কৰিছিল।

৫। যুদ্ধত ব্যৱহাৰ হোৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ উল্লেখ কৰাঁ। 

উত্তৰঃ যুদ্ধত ব্যৱহাৰ হোৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ আছিল ― হাতীমুৰা বা হাতীমুৰীয়া, তুবুকী, মিঠাসোলেং, বাঘমৰীয়া, গাঁঠিয়া, পহলঙ্গি, কামচাড়ী, হাত-হিলৈ, পথাৰ কলাই, কামায়ণ, জমুৰ কেঁচাই, টোৱা, খোকা, বছদোৰী আদি।

৬। আহোম সৈন্যই যুদ্ধত ব্যৱহাৰ কৰা ধনু-কাঁড়ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ আহোম সৈন্যৰ এবিধ শক্তিশালী যুঁজৰ আহিলা আছিল ধনু-কাড়। দূৰৈৰ পৰা লোকচক্ষুৰ আঁৰ লৈ যুদ্ধ কৰাত ধনু-কাড় ব্যৱহাৰ কৰা হৈছিল। সাধাৰণ ধনুৰ উপৰি বৰধনু, চুটীয়া ধনু, কাঁড়ফাই ধনু আদি অতি বিষময়, তীব্ৰবেগী আৰু শক্তিশালী ধনু আহোমসকলে যুদ্ধৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। এই ধনুবিলাকত বিভিন্ন ধৰণৰ বা আকৃতিৰ কাড় ব্যৱহাৰ কৰা হৈছিল। তাৰ ভিতৰত শিঙিমুৰী কাড় অতি বিষাক্ত আছিল। এই কাঁড়বিলাকত ব্যৱহাৰ কৰিবৰ বাবে কণিবিহৰ গুটি খুন্দি, মিচিমিৰ বৰবিহ, নগা-ডফলাই যোগান ধৰা পৰ্বতীয়া বিহ দি এবিধ বিষাক্ত দ্রব্য তৈয়াৰ কৰি লয়। এই মিশ্রণবিধ কাড়ৰ আগৰ অংশত লগাই শত্ৰুৰ ফালে নিক্ষেপ কৰিছিল। এইবিধ কাড় বৰ বিষাক্ত আছিল। ধনুচোঁচা, বিহিয়া, বিহতোলা, কমাৰ আদি খেলে ধনু আৰু কাঁড় সজা কাম কৰিছিল।

৭। আহোম সৈন্যবাহিনীত ব্যৱহাৰ হোৱা নাওবিলাকৰ নাম উল্লেখ কৰা।

উত্তৰঃ আহোম সৈন্যবাহিনীত ব্যৱহাৰ হোৱা নাওবিলাকৰ নাম আছিল—বৰনাও, পানচৈ নাও, চ’ৰা নাও, গুটীয়া নাও, মাৰ নাও, হোলোং নাও, ধাপৰ দিয়া নাও, চুচি নাও, মগৰযুৰি নাও, কোঢ়া নাও, হিলাই নাও ইত্যাদি।

৮। আহোম সৈন্যৰ যুদ্ধৰ কৌশল কেনে আছিল আলোচনা কৰা।

উত্তৰঃ অসমত প্ৰায় ছয় শ বছৰ ৰাজত্ব কৰা আহোমৰ সৈন্যই কেবাখনো যুদ্ধত লিপ্ত হ’ব লগা হৈছিল। এই যুদ্ধবিলাকত তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিছিল। গৰিলা যুদ্ধ, নৌ যুদ্ধ, দগা যুদ্ধ, চোৰবছা সৈন্যৰ যুদ্ধই আছিল তেওঁলোকৰ প্ৰধান ৰণকৌশল। চোৰবছা সৈন্যৰ সহায়ত শত্রুপক্ষৰ গোপন খবৰ, ৰণ-কৌশল আদিৰ বুজ লৈ আহোম সৈন্যবিলাকে সেইমতে ৰণনীতি তৈয়াৰ কৰিছিল। গৰিলা যুদ্ধৰ ৰণনীতিত হাবিতলীয়া ঠাইত গোপনে আশ্ৰয় লৈ শিঙিমুৰী কাঁড় মাৰি শত্ৰুক বধ কৰা, সৰু নৈবোৰৰ সাঁকোবোৰ শত্ৰু পাৰ হৈ আহি উভতিব নোৱাৰাকৈ ভাঙি থোৱা, ঘৰ ঘেৰাও কৰি বা ৰাতি ঘৰৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ কৰি জুই লগাই দিয়া,খাদ্য-বস্তুৰ যোগান বন্ধ কৰা, পৰ্বতৰ ওপৰৰ পৰা শিল বগৰাই বাট-পথ বন্ধ কৰা, শত্রু সৈন্য বধ কৰা, সৰু নৈ, জান-জুৰি সিঁচি বা পানীৰ সোঁত-ভেটা মাৰি বন্ধ কৰি দিয়া, শত্ৰুৰ বৰটোপত পানী ধলা, বাট-পথত লোহাৰ শূল, শিঙৰি পেলাই থৈ বিপদত পেলোৱা আদি আহোম সৈন্যৰ উল্লেখযোগ্য যুদ্ধ কৌশল আছিল। নৌ যুদ্ধত নাওবোৰ লগ লগাই শত্ৰুক ভেটা দিয়া, শত্রু পক্ষক উজাই আহিবলৈ দি সুবিধাজনক ঠাই চাই পিছফালৰ পৰা উভতিব নোৱাৰাকৈ শলঠেকত পেলাই আক্রমণ কৰা আহোম সৈন্যৰ অন্যতম ৰণকৌশল আছিল। তদুপৰি ৰাজ্যক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আহোম সৈন্যই গড় সাজি শত্রু সৈন্যক বাধা দিছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে সময় অনুযায়ী আহোম সৈন্যৰ যুদ্ধ কৌশল অতি উন্নত আছিল যাৰ বাবে তেওঁলোকে প্রবল প্রতাপী মোগল সৈন্যবাহিনীকো পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

৯। আহোমৰ ৰণকৌশল, অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে এটি বিৱৰণ লিখাঁ। 

উত্তৰঃ গৰিলা যুদ্ধ, নৌ যুদ্ধ, দগা যুদ্ধ, চোৰবছা সৈন্যৰ যুদ্ধই আছিল আহোমৰ প্রধান ৰণকৌশল। চোৰবছা সৈন্যৰ দ্বাৰা শত্ৰু-শিবিৰৰ গোপন তথ্য, ৰণ-কৌশল আদিৰ বুজ লৈ সেইমতে আহোম সৈন্যই ৰণ-কৌশল প্ৰস্তুত কৰিছিল। গৰিলা যুদ্ধৰে তেওঁলোকে শত্ৰু সৈন্যক হঠাতে আক্ৰমণ কৰিছিল। নৌ যুদ্ধত নাওবোৰ লগ লগাই শত্ৰুক বাধা দিছিল আৰু শত্রুপক্ষক উজাই আহিবলৈ দি সুবিধাজনক ঠাইত পিছফালৰপৰা আক্ৰমণ কৰি শলঠেকত পেলাইছিল। শত্ৰুক বাধা দিয়া বা শলঠেকত পেলোৱাৰ উদ্দেশ্যে সাঁকো ভাঙি থোৱা, পাহাৰৰ পৰা শিল বগৰাই বাট-পথ বন্ধ কৰাৰ লগতে শত্ৰু সৈন্য বধ কৰা, পানীৰ সোঁত ভেটা মাৰি বন্ধ কৰি দিয়া, শত্ৰুৰ বৰটোপত পানী ধলা আদি বিভিন্ন ৰণকৌশল আহোম সৈন্যই ব্যৱহাৰ কৰিছিল।

আহোমৰ ৰাজত্বকালত ব্যৱহাৰ কৰা প্ৰধান অস্ত্ৰ-শস্ত্ৰ আছিল— দা তৰোৱাল, যাঠী-জোং, কোল-পচা, চাক-জোং, বর্শা, ধনু-কাড়, হিলৈ, বৰটোপ আদি। ৰজাই হেংদাং লোৱাৰ উপৰিও মর্যাদাৰ প্রতীক হিচাপে প্রধান সেনাপতি, পালি সেনাপতি সকলেও হেংদাং ল’ব পাৰিছিল। সাধাৰণতে চুটি নালৰ দীঘল দা, দীঘল মীট দা, নাকৈ দা, কপি দা, নাল দীঘল মেচি দা আদি আছিল সাধাৰণ সৈন্যৰ তৰোৱাল হিচাবে ব্যৱহাৰ কৰা অস্ত্ৰ। যুদ্ধৰ এবিধ শক্তিশালী আহিলা হিচাবে আহোম সৈন্যই ধনু-কাড়ো ব্যৱহাৰ কৰিছিল। তুৰ্বকৰ লগত হোৱা যুদ্ধৰ পিছত আহোমসকলে যুদ্ধক্ষেত্ৰত প্ৰত্যক্ষভাৱে বন্দুকো ব্যৱহাৰ কৰিবলৈ লৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। কুৰুক্ষেত্ৰ মহাৰণত যুদ্ধ কৰা আমাৰ ৰাজ্যৰ ৰজাজনৰ নাম কি? 

উত্তৰঃ ভগদত্ত।

২। আহোমসকলে যুদ্ধত ব্যৱহাৰ কৰা তিনিবিধ ধনুৰ নাম লিখাঁ।

উত্তৰঃ বৰধনু, চুটীয়া ধনু আৰু কাঁড়ফাই ধনু।

৩। আহোমসকলে যুদ্ধত ব্যৱহাৰ কৰা আটাইতকৈ বিষাক্ত কাঁড়বিধ কি আছিল?

উত্তৰঃ শিঙিমুৰী।

৪। হিলৈ যুদ্ধ পৰিচালনা কৰা খেলটোৰ নাম লিখা।

উত্তৰঃ হিলৈদাৰী খেল।

৫। বৰ্হিদেশৰ লগত সম্পৰ্ক ৰাখিবৰ বাবে আহোমসকলে কি পথ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ জলপথ।

৬। ‘বিবুধি গড়’ কোনে সঁজাইছিল আৰু কিয় সজাইছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিৰ্দেশত বিবুধি গড় সজোৱা হৈছিল। মোৱামৰীয়া প্ৰজাই বাৰে বাৰে কৰা বিদ্ৰোহৰ হাতৰ পৰা তেতিয়াৰ নতুন ৰাজধানী যোৰহাট নগৰক ৰক্ষা কৰিবৰ বাবে এই গড় সজোৱা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top