Assam Jatiya Bidyalay Class 7 History Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো

Assam Jatiya Bidyalay Class 7 History Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 7 History Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো

Chapter -7

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। চমু উত্তৰ লিখা।

(ক) গৰগাঁও ৰাজধানীৰ পৰা বহিৰাজ্যৰ লগত সম্পৰ্ক ৰাখিবলৈ সজা আলিটোৰ নাম কি আছিল?

(খ) ধোদৰ আলিটো বৰ্তমান ক’ৰপৰা ক’লৈকে বিস্তৃত?

(গ) বিবুধি গড় কোনে সজাইছিল?

(ঘ) নামদাঙৰ শিলৰ সাঁকোডাল বৰ্তমান কোনটো ৰাষ্ট্ৰীয় ঘাইপথত পৰে?

উত্তৰঃ (ক) বৰআলি।

(খ) গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ চেউলী আলিৰ পৰা নাহৰকটীয়াৰ জয়পুৰলৈকে বিস্তৃত।

(গ) পূর্ণানন্দ বুঢ়াগোহাঁয়ে।

(ঘ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰে।

২। চমুটোকা লিখা।

(ক) গোহাঁই কমল আলি।

(খ) ফকৰা-যোজনাত অসমৰ আলিবাট।

(গ) বৰ আলি।

উত্তৰঃ (ক) গোহাঁই কমল আলি : কোচ ৰজা নৰনাৰায়ণে প্ৰথমবাৰ চিলাৰায়ৰ নেতৃত্বত আহোম ৰাজ্য আক্ৰমণ কৰোতে যাতায়াত ব্যৱস্থাৰ অসুবিধাৰ বাবে পৰাজয়বৰণ কৰিছিল। সেয়ে তেওঁ আন এজন ভায়েক গোহাঁই কমলৰ তত্ত্বাৱধানত ডফলা পাহাৰৰ নামনিয়েদি কোচ ৰাজ্যৰ পৰা লক্ষীমপুৰৰ নাৰায়ণপুৰলৈকে এটা আলিবাট বন্ধাইছিল। গোহাঁই কমলৰ নেতৃত্বত বন্ধোৱা এই আলিটো গোহাঁই কমল আলি বুলি জনাজাত৷

(খ) ফকৰা-যোজনাত অসমৰ আলিবাট : অসমৰ লোক সমাজত প্ৰচলিত ফকৰা- যোজনাত বিভিন্ন বস্তুৰ লগতে অসমৰ আলিবাটেও স্থান পাইছে। ৰাজধানী গড়গাঁৱৰ লগত বিভিন্ন আলিৰ যোগাযোগৰ বিষয়ে প্রচলিত তেনে এটি ফকৰা-যোজনা হৈছে ইয়াতে মাৰিলোঁ টিপা, গড়গাঁৱ পালেগৈ শিপা। তেনেদৰে আন কিছুমান ফকৰা যোজনা হৈছে— বেটীয়ে ভাঙিলে কটৰা, গড়গাঁৱ পালেগৈ বতৰা; নগৈ গড়গাঁৱৰ বতৰা কোৱা; ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে গোৱা ইত্যাদি।

(গ) বব আলি : গড়গাঁৱ নগৰৰ পৰা দক্ষিণলৈ বৰদুৱাৰ পাৰ হৈ বৰ আলি নির্মাণ কৰা হৈছিল। চূণপোৰৰ ওচৰত দিখৌ নৈৰ বৰঘাটেদি পাৰ হৈ দক্ষিণে মেচাগড়-বগীদৌলৰ ওচৰত বাঁহগড়ত লাগি জয়সাগৰ-গৌৰীসাগৰ হৈ দিখৌমুখত শেষ হৈছে। এইটো আছিল আহোম ৰাজ্যৰ প্ৰধান আলিবাট। এই আলিটোৰ লগত ৰাজ্যৰ প্ৰায়বোৰ আলিৰে যোগসূত্র আছে। আনকি এই আলিয়েদি আহি ব্ৰহ্মপুত্ৰইদি জলপথেৰে আন ৰাজ্যৰ লগত যোগাযোগ আছিল। বৰ্তমান ইয়াৰ একাংশ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত পৰে।

৩। আহোম যুগৰ আলিবাট আৰু যাতায়াত ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ প্ৰায় সোতৰ শতিকা মানলৈকে অসমত আলিবাট আৰু যাতায়াত ব্যবস্থাन তেনেধৰণৰ উন্নতি হোৱা নাছিল। আহোমসকলে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কামৰ সুবিধাৰ বাবে কিছু আলিবাট সজাইছিল, যাৰ ফলত যাতায়াত ব্যৱস্থাই ক্রমান্বয়ে উন্নতি লাভ কৰিছিল। আহোম যুগৰ বহুতো আলিবাট ৰাজধানী সংলগ্ন আছিল। এই আলিবাটবোৰ সুৰক্ষিত আছিল। ৰাজধানীত সোমাবলৈ চাৰিওফালে চাৰিখন দুৱাৰ বা পথ আছিল। প্রায় প্রতিখন দুৱাৰতে একোখন তোৰণ আছিল। এই দুৱাৰবোৰত থকা তোৰণবোৰ আচলতে নিৰাপত্তাৰক্ষীৰ নিৰীক্ষণ চকী বুলিহে অনুমান কৰাৰ থল আছে।

আহোম যুগত কিছুমান গুপ্ত দুৱাৰ বা পথো আছিল। মহাৰাজ ৰুদ্ৰসিংহই মেটেকাত ৰংপুৰ নগৰ সাজি ৰাজধানী পাতিছিল। সেই ৰাজধানীৰ পৰা গড়গাঁৱলৈ গুপ্তভাৱে আহিবলৈ দিখৌ নদীৰ তলেদি অৰ্থাৎ মাটিৰ তলেদি এটি সুৰংগ পথ সজাইছিল। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত বৰ্তমান এই পথটো বন্ধ হৈ পৰিছে।

আহোম যুগৰ আলিবাট আৰু যাতায়াত ব্যৱস্থাৰ কথা ক’বলৈ হ’লে আমি শিলৰ সাঁকোবোৰৰ কথাও ক’ব লাগিব। আহোম যুগত নামদাঙৰ শিলৰ সাঁকো, দৰিকাৰ শিল সাঁকো, দিছৈৰ শিলৰ সাঁকো আদি শিল সাঁকো নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰা ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা নামদাঙৰ শিলৰ সাঁকোখনে তেতিয়াৰপৰা বৰ্তমানলৈকে অসংখ্য যান-বাহনৰ গধুৰ বোজা বহন কৰি যাতায়াত ব্যৱস্থাত উল্লেখযোগ্য অৰিহণা যোগাই আহিছে।

আহোম যুগত সজোৱা কেইটামান উল্লেখযোগ্য আলি হৈছে― বৰআলি, ধোদৰ আলি, বৰবৰুৱা আলি, নগা আলি, মেটেকা আলি ইত্যাদি। 

৪। আহোম যুগৰ যিকোনো তিনিটা আলিবাটৰ বৰ্তমান স্থিতি উল্লেখ কৰা।

উত্তৰঃ আহোম যুগৰ তিনিটা আলিবাটৰ বৰ্তমান স্থিতি তলত উল্লেখ কৰা হ’ল ―

(১) বৰ আলি : গড়গাঁৱ নগৰৰ পৰা দক্ষিণলৈ বৰদুৱাৰ পাৰ হৈ বৰ আলি নিৰ্মাণ কৰা হৈছিল। এইটো আছিল আহোম ৰাজ্যৰ মুখ্য বা প্ৰধান আলিবাট। কিয়নো এইটো বাটৰ লগত ৰাজ্যৰ প্ৰায়বোৰ আলিৰে যোগসূত্র আছে। আনকি এই আলিয়েদি আহি ব্রহ্মপুত্রইদি জলপথেৰে আন ৰাজ্যৰ লগত যোগাযোগ আছিল। বৰ্তমান ই জয়সাগৰৰ পৰা গৌৰীসাগৰলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰে।

(২) ধোদৰ আলি : এই আলিটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ চেউনী আলিৰ পৰা আৰম্ভ হৈ তিতাবৰ, নাজিৰা, চৰাইদেউ, নামৰূপ আদি হৈ নাহৰকটীয়াৰ জয়পুৰত লাগিছেগৈ। গদাধৰ সিংহৰ দিনত ৰাজ্যৰ ধোদ অর্থাৎ‍ এলেহুৱা লোকসকলৰ হতুৱাই নিৰ্মাণ কৰোৱা এই আলিটো আজিও অক্ষত অৱস্থাত আছে।

(৩) খৰিকটীয়া আলি : বৰ্তমান জয়সাগৰৰপৰা (শিৱসাগৰ কলেজৰ পূব দিশেদি) দক্ষিণলৈ গৈ খৰিকটীয়া আলিটো নগা পৰ্বতত লগ লাগিছে। ৰজাৰ ৰান্ধনিশাললৈ পৰ্বতৰ পৰা খৰি অনাৰ সুবিধাৰ বাবে এই আলিটো সজোৱা হৈছিল। এই আলিটো এতিয়াও ব্যৱহৃত হৈ আছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। অসমত প্ৰকৃততে কেতিয়াৰপৰা যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি হয়?

উত্তৰঃ অসমলৈ ইংৰাজসকল অহাৰ পিছৰ পৰা।

২। কোনজন আহোম ৰজাই ধোদৰ আলি নিৰ্মাণ কৰাইছিল? 

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহই।

৩। বর্তমান আলিবাট হিচাবে ব্যৱহৃত আহোম যুগৰ দুটা গড়ৰ নাম লিখা।

উত্তৰঃ ৰাজগড় আৰু লাহদৈগড়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Assam Jatiya Bidyalay Class 7 History Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো”

  1. মজা খালিকি ইমান এড । এডটো নৌমন কম কৰিব। 🤣🤣🥺🥺🌚🌚😲😲😊😊⛓️‍💥⛓️‍💥☠️☠️🤡🤡🛃🛃🛂🛂✅✅❌❌🚡🚡😡😡🙈🙈🔥🔥🤔🤔⏩⏩🎮🎮🥳🥳🙏🙏😬😬🌀🌀😂😂🫠🫠😔😔🇮🇳🇮🇳🤩🤩🥰🥰🫀🫀🤨🤨💚💚🪶🪶😈😈😭😭😀😀😃😃😄😄😁😆😅😂🤣😭🥳🤩🥰🥰😘😙😗😗😉😙😚🥰😍🤩🥳🥳🥳😉😗😙🤩🥳🫠🙃🙂🥲🥹😊☺️😌🙂‍↕️🥴🤪😜😝😛😋🤤😏🙂‍↔️😔🥺😬😑😐😶😶‍🌫️🫥🤐😱🫣🤗🥱🤭🫢🤫🤔🫡🤨🧐😒🙄😮‍💨😤😠😡🤬😕🫤🙁☹️😢😥😟😓😞😰😨😧😦😮😯😲😳🤯🥵🥶🫨😵‍💫😵😫😩😣😖🤢🤮🤮😴😪🤧🤧🤒🤕😷🤥😈💩🤡🥸😎🤓🤑🤠😇👿👻💀☠️👹👺☃️⛄🎃😺🌜🌛🌞🌝🌚👾👽🤖😸😹😻😼😽🙀😿😾🙈💢💥⚡✨🌟⭐💫🙊🙉💨💦💤🕳️🔥💯🎉🎊❤️🩶🖤🤎💜💙🩵💚💛🧡🤍🩷💘💝💖💗💓💞💕🫂💋❤️‍🔥💔❤️‍🩹❣️♥️💟💌👤👤🗣️👣🧠🫀🫁🩸🦠👂👃👅🫦👄👁️👀🦴🦷🦻🦶🦵🦿🦾💪👏👎👍🫳👊✊🤛🤜🤲👐🙌🫶🫴🫱🫲🫸👋🫷🤚🖐️✋✋✋🤏🤌🤙🤙🫰🤞🫸🤘🤟🫵👉☝️✍️✍️🤝💅🙏🤳🤾🚶🧑‍🦽🧑‍🦼🧖🧍🤸🧖🧎🧘🤸🏋️🏃🤺🧚🪂🤼⛷️🧜🧕👱🧑🌀🌬️🌄⚡🌀🌬️🌄🏝️

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top