Assam Jatiya Bidyalay Class 7 History Chapter 2  অসমীয়া সংস্কৃতিৰ ভৌগলিক সীমা

Assam Jatiya Bidyalay Class 7 History Chapter 2 অসমীয়া সংস্কৃতিৰ ভৌগলিক সীমা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 2 অসমীয়া সংস্কৃতিৰ ভৌগলিক সীমা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 2 অসমীয়া সংস্কৃতিৰ ভৌগলিক সীমা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

 অসমীয়া সংস্কৃতিৰ ভৌগলিক সীমা

Chapter -2

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ

১। মহাভাৰত মহাকাব্যত থকা মতে প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা উল্লেখ কৰা। 

উত্তৰঃ মহাভাৰত মহাকাব্যত থকা মতে প্রাগজ্যোতিষপুৰৰ সীমা উত্তৰে ― হিমালয় পর্বতৰ নামনিলৈকে আৰু দক্ষিণ – পশ্চিম বংগোপসাগৰলৈকে বিয়পি আছিল। 

২। পেৰিপ্লাছ নামৰ গ্ৰীক গ্ৰন্থখনৰ বৰ্ণনা মতে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা কি আছিল? 

উত্তৰঃ পেৰিপ্লাছ নামৰ গ্রীক গ্ৰন্থখনৰ বৰ্ণনা মতে প্রাচীন প্রাগজ্যোতিষপুৰ ৰাজ্যৰ দক্ষিণ-পশ্চিম সীমাত বংগোপসাগৰ আৰু উত্তৰে নেপাল আৰু ভূটানৰ অংশবিশেষো অন্তর্গত আছিল। প্রাচীন প্রাগজ্যোতিষপুৰৰ পশ্চিম সীমা কৰতোৱা নদীৰ সিপাৰে কোশীলৈকে বিস্তৃত হৈ থকাৰ উল্লেখ পোৱা যায়। 

৩। চীন দেশৰ পৰ্যটক হিউৱেন চাঙৰ বিৱৰণ অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা। 

উত্তৰঃ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লিখিত বিৱৰণ অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমাৰ বিস্তৃতিৰ কথা জানিব পৰা যায়। হিউৱেন চাঙৰ বিৱৰণ মতে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপ ৰাজ্যৰ দক্ষিণ-পূৱ দিশৰ সীমা চীনদেশ আৰু ব্ৰহ্মদেশৰ (বর্তমান মিয়ানমাৰ) পার্বত্য অঞ্চল পর্যন্ত বিস্তৃত হৈছিল।

৪। প্রাচীন কামৰূপ ৰাজ্যৰ সীমা উল্লেখ থকা এখন তাম্রলিপি আৰু এখন শিলালিপিৰ নাম লিখা। 

উত্তৰঃ প্ৰাচীন কামৰূপৰ সীমা উল্লেখ থকা তাম্রলিপি আৰু শিলালিপি দুখনৰ নাম হৈছে ক্ৰমে ― নিধানপুৰ তাম্রলিপি আৰু নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ শিলালিপি।

৫। কালিকা পুৰাণ নামৰ গ্ৰন্থমতে প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখাঁ। 

উত্তৰঃ কালিকা পুৰাণ মতে প্রাচীন কামৰূপ ৰাজ্যৰ আকৃতি তিনিকোণীয়া। এই তিনিকোণীয়া ৰাজ্যখনৰ দৈর্ঘ্য এশ যোজন আৰু প্রস্থ ত্ৰিছ যোজন। পূৱ দিশে দিক্কৰ অৰ্থাৎ‍ দিক্ৰং নদী আৰু পশ্চিমে কৰতোয়া নদী পর্যন্ত প্রাচীন কামৰূপৰ সীমা বিস্তৃত হৈছিল।

৬। প্রাচীন অসমৰ সীমা উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।  

উত্তৰঃ প্ৰাচীন অসমৰ সীমা উল্লেখ থকা তিনিখন গ্রন্থ হৈছে– কালিকা পুৰাণ, যোগিণীতন্ত্ৰ আৰু হৰগৌৰী সংবাদ। 

৭। দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত পাৰ্থক্য কি লিখা। 

উত্তৰঃ দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত কিছুমান পার্থক্য আছে। প্রথম কথা, দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ পৰিসৰ একে নহ’বও পাৰে। ৰাজনৈতিক সীমা নিৰ্দিষ্ট আৰু স্পষ্ট হৈ থাকে। কিন্তু এটা জাতিৰ বা এখন দেশৰ সাংস্কৃতিক সীমাই ৰাজনৈতিক সীমা অতিক্রম কৰি দেশে-বিদেশে বিয়পি পৰিব পাৰে। য’তেই একোটা জাতিৰ মানুহে বাস কৰে, তাতেই সেই জাতিৰ সংস্কৃতিৰ চৰ্চা, বিকাশ সাধন সম্ভৱ হ’ব পাৰে। দ্বিতীয়তে, ৰাজনৈতিক সীমাৰ সাল-সলনি সহজেই হ’ব পাৰে। কিন্তু সাংস্কৃতিক সীমাৰ মিল স্থায়ী হৈ ৰয়। উদাহৰণস্বৰূপে আমি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ কথাই ক’ব পাৰো। এই অঞ্চলটোৰ ৰাজ্য কেইখনৰ ৰাজনৈতিক সীমা বেলেগ হ’লেও ইয়াৰ অধিবাসীসকলৰ সাংস্কৃতিক ঐক্য আৰু সমন্বয়ৰ সাদৃশ্য আছে। তেনেদৰে এসময়ত ভাৰতৰ ভিতৰতে থকা বাংলাদেশ, পাকিস্তান বর্তমান বেলেগ দেশ হ’লেও বহু ক্ষেত্ৰত ইয়াৰ অধিবাসীসকলৰ কলা-কৃষ্টিৰ গভীৰ সাদৃশ্য আছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। মহাভাৰতত উল্লেখ থকা প্ৰাগজ্যোতিষপুৰৰ ৰজাজনৰ নাম লিখাঁ। 

উত্তৰঃ ভগদত্ত।

২। প্রাচীন প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমাৰ উল্লেখ থকা গ্ৰীক গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ পেৰিপ্লাছ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top