Assam Jatiya Bidyalay Class 4 Science Chapter 1 বস্তু বা পদাৰ্থ

Assam Jatiya Bidyalay Class 4 Science Chapter 1 বস্তু বা পদাৰ্থ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 বস্তু বা পদাৰ্থ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Science Chapter 1 বস্তু বা পদাৰ্থ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 1 বস্তু বা পদাৰ্থ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বস্তু বা পদাৰ্থ

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। সকলো পদাৰ্থ কিহৰে গঠিত ?

উত্তৰঃ সকলো পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত।

২। গোটা বা কঠিন বস্তু কিয় বৈ নাযায় ?

উত্তৰঃ গোটা পদাৰ্থৰ কণিকাবোৰ নিজ নিজ ঠাইতে থাকে বাবে বৈ নাযায়।

৩।জুলীয়া বা গেছীয় পদাৰ্থ কিয় বৈ যায় ?

উত্তৰঃ জুলীয়া বা গেছীয় পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে। কণিকাবোৰ সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। সেয়েহে জুলীয়া বা গেছীয় পদাৰ্থ সহজতে বৈ যাব পাৰে।

৪।পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে। এইটো দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ মাজত যে ফাঁক থাকে, সেইটো তলৰ পৰীক্ষাটোৰ পৰা বুজিব পাৰি।

এটা কাচৰ গিলাচত পানী লোৱা হ’ল। পানী খিনি গিলাচটোৰ কিমানলৈ আছে সেইটো বুজিবৰ বাবে এটা দাগ দিয়া হ’ল। এতিয়া পানীখিনিত চামোচেৰে চেনি লাহে লাহে মিলাই দিয়া হ’ল। চামোচেৰে ঘূটি দিলে চেনিখিনি পানীত সম্পূৰ্ণভাৱে মিহলি হৈ যাব। পানী খিনি চাকি চালে মিঠা পোৱা যাব। নতুনকৈ পানী মিহলাই দিলেও পানীখিনি দাগটোৰ ওপৰলৈ উঠি অহা নাই। অৰ্থাৎ পানীৰ আয়তন বঢ়া নাই। কিন্তু চেনিখিনি পানীৰ মাজতে আছে। ইয়াৰ পৰা বুজিব পাৰি যে পানীৰ মাজত ফাঁক আছে। সেয়েহে চেনিখিনি পানীৰ কণিকাবোৰৰ মাজত থকা ফাঁকত সোমাই গৈছে। পৰীক্ষাটোৰ পৰা বুজা গ’ল যে পদাৰ্থৰ কণিকাবোৰ মাজত ফাঁক আছে।

পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে

৫।প্পানীত দ্ৰৱিত হোৱা তিনিবিধ আৰু দ্ৰৱিত নোহোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ পানীত দ্ৰৱিত হোৱা তিনিবিধ পদাৰ্থ হ’ল―

(ক) চেনি।

(খ) লোণ।আৰু

(গ)চ’ডা।

পানীত দ্ৰৱিত নোহোৱা তিনিবিধ পদাৰ্থ হ’ল―

(ক) লো।

(খ) কাঁচ।আৰু

(গ) দস্তা।

৬। নিমখ বা চেনি খোলাকৈ ৰাখিলে কিয় ভিজে ?

উত্তৰঃ আমি জানো যে বায়ুত জলীয় ভাপ থাকে। নিমখ বা চেনি পানীত মিহলি হয়। সেয়েহে বায়ুত থকা জলীয় ভাপ চেনি বা নিমখৰ  সংস্পৰ্শলৈ আহিলে চেনি বা নিমখ ভিজা ধৰণৰ হৈ পৰে।

৭।নমনীয়তা মানে কি ?

উত্তৰঃ কিছুমান পদাৰ্থ হাতুৰীৰে কোবাই চেপেটা কৰিব পাৰি। পদাৰ্থৰ কোবাই চেপেটা কৰিব পৰা গুণটোৱেই পদাৰ্থ বিদৰ নমনীয়তা। তেনেকুৱা ধৰণৰ পদাৰ্থক নমনীয় পদাৰ্থ বোলে।

৮।প্নমনীয় পদাৰ্থ কাক বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থ হাতুৰীৰে কোৱাই সহজে চেপেটা কৰিব পাৰি তাক নমনীয় পদাৰ্থ বোলে। যেনে― সোন, তাম।

৯। অনমনীয় পদাৰ্থ কাক বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থ হাতুৰীৰে কোৱালে চেপেটা হোৱাৰ পৰিৱৰ্তে ভাঙি যায় তেনে পদাৰ্থক অনমনীয় পদাৰ্থ বোলে। যেনে― কাঁচ, শিল।

১০। ক’লা ৰঙৰ চছমা ব্যৱহাৰ কৰাৰ সুবিধা কি ?

উত্তৰঃ ক’লা ৰঙৰ চছমাৰে সহজে পোহৰ পাৰ হৈ যাব নোৱাৰে। সেয়েহে অত্যাধিক ৰ’দত ক’লা ৰঙৰ চছমা ব্যৱহাৰ কৰা দেখা যায়।

১১। স্বচ্ছ পদাৰ্থ মানে কি ? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে অতি সহজে পোহৰ পাৰ হৈ যাব পাৰে তাকেই স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। যেনে― কাঁচ, ফটফটীয়া পানী।

১২। কিছু চেনি অলপ পানীত মিহলি হৈ আছে। চেনিখিনি কেনেকৈ পৃথক কৰিবা ? ছবি আঁকিবা

উত্তৰঃ           

চেনিখিনি কেনেকৈ পৃথক কৰিবা

চিত্ৰত দেখুৱা ধৰণে তিনিডাল কাঠৰ বা বাঁহৰ খুঁটিৰে এডাল ষ্টেণ্ড সাজি লোৱা হ’ল। অলপ পানীত কিছু চেনি মিহলি কৰি লোৱা হ’ল। এতিয়া

চেনি মিহলি পানীখিনি এখন ট্রে বা প্লেটত লোৱা হ’ল। প্লেটখন চিত্ৰত দেখুৱা ধৰণে ষ্টেণ্ডৰ ওপৰত বহুৱাই দিয়া হ’ল। এতিয়া এডাল মমবাতি জ্বলাই প্লেট বা ট্রেখনৰ দ্ৰবটো গৰম কৰোঁহক। পানীখিনি লাহে লাহে ভাপ হৈ ওপৰলৈ উৰি যাব আৰু চেনিখিনি ট্রে বা প্লেটখনৰ দানা আকাৰে ৰৈ যাব। কাৰণ চেনি ভাপ হৈ ওপৰলৈ উৰি নাযায়।

উপৰোক্ত পৰীক্ষাৰ জৰিয়তে চেনি পানীৰ পৰা পৃথক কৰিব পৰা যাব।

১৩। তিনিবিধ পদাৰ্থৰ (যেনে, পানী, বায়ু আৰু কাঁচৰ) তিনিটাকৈ ভৌতিক ধৰ্ম লিখা।

উত্তৰঃ পানী, বায়ু আৰু কাঁচৰ ভৌতিক ধৰ্ম হ’ল :

পানী : (ক)পানীৰ নিজা আকাৰ নাই। যিটো পাত্ৰত থোৱা হয়, সেই পাত্ৰটোৰে আকাৰ লয়।

(খ) পানী এঠাইৰ পৰা আন ঠাইলৈ বৈ যাব পাৰে।

(গ) পানী তাপ পালে ভাপ হৈ ওপৰলৈ উৰি যায়।

বায়ু : (ক)বায়ুৰ তাপ পালে প্ৰসাৰণ বাঢ়ে।

(খ) বায়ু সম্পূৰ্ণভাবে স্বচ্ছ। সেয়েহে পোহৰ সোনকালে পাৰ হৈ যাব পাৰে।

(গ) বায়ুত বিভিন্ন ধৰণৰ গেছ থাকে।

কাঁচ : (ক) কাঁচ একেবাৰে ঠুনুকা পদাৰ্থ।

(খ) কাঁচৰ মাজেৰে সহজে পোহৰ পাৰ হৈ যাব পাৰে।

(গ) কাঁচ তাপৰ কম পৰিবাহী।

১৪। শুদ্ধ নে অশুদ্ধ (✔) চিন দিয়া।

(ক) ঘোলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ। শুদ্ধ/অশুদ্ধ

(খ) পানী তপতালে কণিকাবোৰৰ মাজত ফাঁক কমে। শুদ্ধ/অশুদ্ধ

(গ) মাটি পুৰিলে কঠিনতা বেছি হয়। শুদ্ধ/অশুদ্ধ

(ঘ) এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে। শুদ্ধ/ অশুদ্ধ

(ঙ) ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি। শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) ঘোলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ।X

(খ) পানী তপতালে কণিকাবোৰৰ মাজত ফাঁক কমে।X

(গ) মাটি পুৰিলে কঠিনতা বেছি হয়।

(ঘ)  এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে। X

(ঙ) ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি। X

১৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ লগ লগাই বাক্যবোৰ সম্পূৰ্ণ কৰা।

‘ক’ অংশ‘খ’ অংশ
ৰবৰৰ বলতাপ পৰিৱাহিতা বেছি
শিলৰ কঠিনতানমনীয়তা বাঢ়ে
তপতালে লোহাৰকাচতকৈ স্বচ্ছ নহয়
কাঠতকৈ লোহাৰঠুনুকা নহয়
তেলসেনা কাগজচকমাটিতকৈ বেছি

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
ৰবৰৰ বলঠুনুকা নহয়
শিলৰ কঠিনতাচকমাটিতকৈ বেছি
তপতালে লোহাৰনমনীয়তা বাঢ়ে
কাঠতকৈ লোহাৰতাপ পৰিৱাহিতা বেছি
তেলসেনা কাগজকাচতকৈ স্বচ্ছ নহয়

১৬। দ্ৰৱ বুলিলে কি বুজা ?

উত্তৰঃ পানীত চেনি মিহলি কৰিলে চেনিখিনি পানীত দেখা নোপোৱা হয়। চেনি মিহলি পানীখিনিয়েই দ্ৰৱ।

১৭। স্বচ্ছ পদাৰ্থ কাক বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে অতি সহজে পোহৰ পাৰ হৈ যাব পাৰে তাকেই স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। যেনে― কাঁচ, ফটফটীয়া পানী।

১৮। অস্বচ্ছ পদাৰ্থ কাক বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সহজে পোহৰ পাৰ হৈ যাব নোৱাৰে তাকেই অস্বচ্ছ পদাৰ্থ বুলি কোৱা হয়।

১৯। পদাৰ্থৰ তাপৰ পৰিবাহীতা বুলিলে কি বুজা ?

উত্তৰঃ সকলো পদাৰ্থ একেধৰণে তাপৰ পৰিবাহী নহয় কিছুমান পদাৰ্থৰ তাপ পৰিবাহী ক্ষমতা বেছি আৰু আন কিছুমানৰ তাপ পৰিবাহী ক্ষমতা কম।

পদাৰ্থৰ তাপ পৰিবাহী ক্ষমতাটো তলত পৰীক্ষাৰ পৰা বুজিব পাৰি। জুইত সেকিলে বস্তু সাধাৰণতে তপত হয়। কিছুমান পদাৰ্থ সোনকালে তপত হয় আৰু আন কিছুমান কিছু সময় ৰ’ব লগা হয়। এইটো বুজাৰ কাৰণে সৰু পৰীক্ষা এটা কৰি চাব লাগিব।

পদাৰ্থৰ তাপৰ পৰিবাহীতা

এডাল মমবাতি জ্বলাই সৰু লোহাৰ তাৰ এখন হাতেৰে (চিত্ৰত দেখুওয়া ধৰণে) মমডালৰ জুই শিখাত লগাই ৰখা হ’ল। কিছু সময় পাচত গোটেই লোহাৰ তাৰডাল গৰম হৈ যাব। আৰু তাৰডাল ধৰি থকা মুৰাটো হাতেৰে ধৰি থাকিব পৰা নাযাব। অৰ্থাৎ তাপ গোটেই তাৰডালত বিয়পি পৰিছে। লোহাৰ তাৰডাল তাপৰ সু-পৰিবাহী হোৱা বাবে সোনকালে তাৰ ডাল গৰম হৈ পৰিছে।

পদাৰ্থৰ তাপৰ পৰিবাহীতা

এইবাৰ তাৰডাল পৰিৱৰ্তে বাঁহৰ কামি এটা ধৰিলে কামিচাতত অতি সোনকালে তাও বিয়পি নপৰে, কিন্তু কামিডালৰ মমবাতিৰ শিখাত লাগি থকা মূৰটো জ্বলি যাব কিন্তু কামিডাল বহু সময় ধৰি থাকিব পাৰি। ইয়াৰ পৰা বুজা গ’ল যে কামিডাল তাপৰ কম পৰিবাহী।

২০। পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি ?

উত্তৰঃ পদাৰ্থৰ অৱস্থা সাধাৰণতে তিনিটা― 

(ক) গোটা।

(খ) জুলীয়।আৰু

(গ) গেছীয় অৱস্থা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top