🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

ASOS Class 12 Psychology Chapter 20 মনোবৈজ্ঞানিক বিসংগতিঃ

ASOS Class 12 Psychology Chapter 20 মনোবৈজ্ঞানিক বিসংগতিঃ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 20 মনোবৈজ্ঞানিক বিসংগতিঃ and select needs one.

ASOS Class 12 Psychology Chapter 20 মনোবৈজ্ঞানিক বিসংগতিঃ

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 20 মনোবৈজ্ঞানিক বিসংগতিঃ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

মনোবৈজ্ঞানিক বিসংগতিঃ

Chapter : 20

20.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

(ক) অস্বাভাৱিক আচৰণৰ প্ৰকৃতি হিচাপে বিবেচনা শক্তিহীনতাৰ বিষয়ে (irrationality) ব্যাখ্যা কৰা।

উত্তৰঃ অস্বাভাৱিক আচৰণৰ প্ৰকৃতি হিচাপে বিবেচনা শক্তিহীনতাত আনৰ সৈতে সঠিকভাবে ভাব বিনিময় কৰিব নোৱাৰে।

(খ) অস্বাভাৱিক আচৰণৰ কাৰণসমূহ কি?

উত্তৰঃ কিছুমান উপাদান আছে যিবোৰে অস্বাভাৱিক আচৰণৰ কাৰণসমূহত সহযোগিতা কৰে । তেনে কিছুমান উপাদান হ’ল–

(ক) জৈৱিক উপাদান: জৈৱিক উপাদান যিবোৰে অস্বাভাৱিক আচৰণ গঢ় দিয়ে তেনে আনুবংশীক উপাদানবোৰ হ’ল, জৈৱসূত্রিকামূলক বৈকল্য বা বিকলাৱস্থা, মস্তিস্ক বা অন্তস্রাবী বিকল অৱস্থা যিবোৰ অস্বাভাৱিক আচৰণৰ বাবে বিকাশ হয়।

(খ) মনোবৈজ্ঞানিক উপাদান: অস্বাভাৱিক আচৰণৰ কাৰক মনোবৈজ্ঞানিক উপাদানসমূহ চিনাক্ত আৰু মূল্যাংকন কৰাতো জটিল যিহেতু সেইবোৰে পৰোক্ষভাৱে ক্ৰিয়া কৰে। ফলাফল প্রভাৱ অধিক আশাব্যঞ্জক নহয় কিন্তু যদি শৈশৱত গ্ৰহণ কৰা বিভিন্ন প্রক্রিয়াক বিশ্লেষণ কৰা হয় যেনে, অধিক সুৰক্ষা বা অধিক প্রশ্রয় অসামঞ্জস্য পুৰস্কাৰ আৰু শাস্তি, এই উপাদানসমূহে অস্বাভাৱিক আচৰণৰ বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়ায়।

20.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। উদ্বিগ্নতাৰ বিসংগতি বুলিলে কি বুজা?

উত্তৰঃ আমি আটায়ে আমাৰ জীৱনত কিছু ধৰণৰ উদ্বিগ্নতাৰ অভিজ্ঞতা লাভ কৰিছো। কেতিয়াবা পৰীক্ষাৰ সময়ত বা সাক্ষাৎকাৰৰ ফলাফলৰ অপেক্ষাৰ সময়ত বা অতি মৰমৰ কোনোবা এজনৰ মৃত্যুত, উদ্বিগ্নতাৰ আমি অভিজ্ঞতা লাভ কৰো। আমাৰ নিজস্ব কিছুমান পথো আছে যাৰ দ্বাৰা আমি উদ্বিগ্নতা মোকাবিলা কৰো। কিন্তু যদিহে উদ্বিগ্নতাক সঠিক সময়ত সঠিকভাৱে চিকিৎসা কৰা নহয় তেতিয়া ই বিসংগতিৰ ৰূপ লয়। উদ্বিগ্নতাৰ বিসংগতি হৈছে এনে এক বিসংগতি যিয়ে ব্যক্তিতৰ পৰিবেশ বা সামাজিক ক্রিয়া হ্ৰাস কৰে অতিৰিক্ত উদ্বিগ্নতাৰ বাবে।

২।‌ যিকোনো দুটা উদ্বিগ্নতাৰ বিসংগতিৰ প্ৰকাৰৰ তালিকা প্রস্তুত কৰা। 

উত্তৰঃ উদ্বিগ্নতাৰ বিসংগতি হৈছে এনে এক বিসংগতি যিয়ে ব্যক্তিৰ পৰিৱেশন বা সামাজিক ক্রিয়া হ্রাস কৰে অতিৰিক্ত উদ্বিগ্নতাৰ বাবে।

(ক) সার্বজনীন কৰি তোলা উদ্বিগ্নতাৰ বিসংগতি: এই বিসংগতিৰ মূখ্য লক্ষণ অবাস্তৱ বা অতিমাত্রা দুঃচিন্তা। GAD ৰ বিভিন্ন লক্ষণ হৈছে অৱসাদ, মূৰঘূৰণি, ঘমা, কঁপনি, উদ্বিগ্নতা, মনোযোগত অসুবিধা ইত্যাদি

(খ) আতঙ্কৰ বিসংগতি: প্রবল উদ্বিগ্নতা আৰু ইয়াৰ লগতে উল্লেখনীয় শাৰীৰিক লক্ষণ যেনে ধপধপনিৰ বৃদ্ধি, উশাহৰ সমস্যা আৰু অসহায় অনুভৱ এই বিসংগতিত দেখিবলৈ পোৱা যায়।

20.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। দুটা স্তৰ তালিকাবদ্ধ কৰা যিয়ে ব্যক্তিৰ সাৰমৰ্ম (substance) সম্বন্ধীয় বিসংগতিত সহায় কৰে। 

উত্তৰঃ (ক) বিষহৰণমূলক কর্ম উপযোগীকৰণ।

(খ) অপসৰণৰ উপসৰ্গসমূহ সহজ কৰাৰ বাবে ঔষধৰ প্ৰয়োগ। 

২। মনোবিদলন ৰোগৰ দুটা লক্ষণ উল্লেখ কৰা।

উত্তৰঃ ১। অগতানুগতিক ধৰণৰ যান্ত্ৰিক ক্রিয়া, কথাকোৱাৰ অসুবিধা যেনে কথাৰ পুনৰাবৃত্তি বা অনমনীয় স্থিতি।

২। মৌখিক অসমমিতি, ভাবৰ দুৰ্বল বিকাশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top