ASOS Class 12 Psychology Chapter 21 দলীয় প্ৰক্ৰিয়াসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 21 দলীয় প্ৰক্ৰিয়াসমূহ and select needs one.
ASOS Class 12 Psychology Chapter 21 দলীয় প্ৰক্ৰিয়াসমূহ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 21 দলীয় প্ৰক্ৰিয়াসমূহ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
দলীয় প্ৰক্ৰিয়াসমূহ
Chapter : 21
21.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। এটা দলৰ সংজ্ঞা দিয়া?
উত্তৰঃ যেতিয়া দুগৰাকী অথবা অধিক মানুহে এটা সাধাৰণ লক্ষ্য সাধন কৰাৰ বাবে পাৰস্পৰিক কাৰ্য সম্পাদন কৰে, এটা দল বিদ্যমান হয়।
২। এটা দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
উত্তৰঃ পৰস্পৰ নিৰ্ভৰশীলতা।
21.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। মানুহে কিয় দলবোৰত যোগদান কৰে?
উত্তৰঃ মানুহে দলসমূহত যোগদান কৰে কাৰণ–
• দলে লক্ষ্যসমূহ সাধন কৰাৰ বাবে সহায় কৰে।
• দলৰ সম্পদসমূহ আছে।
• নিৰাপত্তাৰ বাবে প্ৰয়োজন পূৰণ কৰে।
• সামাজিক পৰিচয় প্ৰদান কৰে।
২। এটা দল গঠনত অনুসৰণ কৰা স্তৰ চাৰিটাৰ নাম লিখা।
উত্তৰঃ অভিবিন্যাস, কার্যতৎপৰতাৰ কেন্দ্ৰ, প্ৰবিধান আৰু ৰীতিসিদ্ধকৰণ।
21.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। দুই প্ৰকাৰৰ দলসমূহ কি কি?
উত্তৰঃ প্ৰাথমিক দলসমূহ আৰু মাধ্যমিক দলসমূহ।
২। এটা গৌণ দলৰ উদাহৰণ দিয়া।
উত্তৰঃ শিক্ষকসকলৰ সংগঠন।
21.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। এটা দলে এগৰাকী ব্যক্তিতকৈ কিয় অধিক সম্ভাব্য বিপদ গ্ৰহণ কৰে?
উত্তৰঃ কাৰণ দলত যদি অকৃতকার্যতা সংঘটিত হয় ভগাই ল’বলৈ আন লোকসকল আছে।
২। সামাজিক সহজকৰণৰ প্ৰভাৱ কি?
উত্তৰঃ আন লোকসকলৰ উপস্থিতিৰ বাবে যেতিয়া এগৰাকী লোকৰ কার্য সম্পাদন উন্নত হয়, ইয়াক সামাজিক সহজকৰণ বুলি কোৱা হয়।
পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ
১। এটা দলৰ সংজ্ঞা দিয়া।
উত্তৰঃ যেতিয়া দুগৰাকী অথবা অধিক ব্যক্তিয়ে পাৰস্পৰিক ক্ৰিয়া কৰিবলৈ লয়, আমি তেতিয়াই এটা দলৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। ভিন্ন লোকৰ মাজত পাৰস্পৰিক ক্রিয়া বা আন্তঃক্ৰিয়াৰ আৰু সামাজিক সম্বন্ধ গঢ়ি তোলাৰ নানা কাৰণ আছে। উদাহৰণ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়নসমূহৰ বাবে শ্রেণীপৰিৱেশৰ বাহিৰত সহযোগিতা কৰাৰ বাবেই (collaborate) পাৰস্পৰিক কাৰ্য কৰিবই লাগিব। আন সকলেও যিহেতু তেওঁলোকে কোনো এখন ঠাইত বসবাস কৰে আৰু সাধাৰণ লক্ষ্য সমানে ভগাই লয়, পাৰস্পৰিক ক্ৰিয়া কৰিবই লাগিব। তেওঁলোকে কোনো এখন ঠাইত বসবাস কৰে আৰু সাধাৰণ লক্ষ্য সমানে ভগাই লয়, পাৰস্পৰিক ক্ৰিয়া কৰিবই লাগিব।
তেওঁলোকে একেলগে খেলা ৰ বাবে ইচ্ছা প্রকাশ কৰিব আৰু বন্ধুত্বৰ প্ৰয়োজনীতা (need for companionship) পৰিপূৰ্ণ কৰিব বিচাৰিব পাৰে। কিছুমান লোক হয়তো দৈৱসংযোগত (by chance) লগালগি হ’ব পাৰে কিন্তু তেওঁলোকে পাৰস্পৰিক ক্ৰিয়া বৰ্তাই ৰাখিব বিচাৰিব পাৰে কাৰণ তেওঁলোকে ইজনে সিজনৰ সঙ্গ (company) যোগ্য প্রতিদান স্বৰূপ (rewarding) হিচাপে গণ্য কৰিব পাৰে। এনেভাৱে এইটো সুস্পষ্ট যে দলে লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা চলায়। এটা লক্ষ্য যিমানেই স্পষ্ট (explicit ) হৈ উঠিব, দলৰ প্ৰতিনিধিসকলৰ মাজত সম্বন্ধ কিছুসময়ৰ (কেইমাহমান বা বছৰৰ বাবে সুস্থিৰ অথবা বৰ্তি থাকিব পাৰে। এটা দলৰো গঠন বা সংৰচনা (structure) থাকে আৰু প্ৰতিনিধিসকলে ভাবিবলৈ লয় যে তেওঁলোকে এটা দলৰ অংশ স্বৰূপ অথবা তেওঁলোকৰ মাজত অংশ স্বৰূপ হোৱাৰ (belonging) উপলব্ধি থাকে।
ভৌতিক স্তৰত (Physical level) এটা উদ্দেশ্যৰ সৈতে যিকোনো সমূহীয়াত্ব বা যৌথত্বক এটা দল বুলি ক’ব পাৰি। পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখন সমিতিও এটা দল, বেংক বিষয়াসকলৰ এখন সমিতিও এটা দল, এটুকুৰা বৃহৎ আকাৰৰ কাঠৰ টুকুৰা কাটিবলৈ এখন কৰত ধাৰ দি থকা (manning a saw) দুগৰাকী মিস্ত্রিয়েও এটা দল গঠন কৰে আৰু ফুটবল খেলি থকা জোঁট এটাও (a team) এটা দল, ইত্যাদি। এই সকলো দলেই আবয়বিক (physical) ভৰত সজীৱ হৈ থাকে আৰু এইবোৰৰ মাজত প্ৰত্যক্ষ অথবা মুখামুখি পাৰস্পৰিক কার্য ঘটি থাকে। এইদলবোৰত দলৰ প্ৰতিনিধিসকলৰ মাজত প্ৰত্যক্ষ আৰু তাৎক্ষণিক যোগাযোগ সম্ভৱ হয় আৰু এনে কার্য স্বাভাবিকভাৱ সংঘটিত হয়।
নিশ্চিত কিছুমান সমূহীয়া বৈশিষ্ট্যৰ অধিকাৰী হোৱা লোকসকলেও এটা দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰিব পাৰি। উদাহৰণ হিচাপে এটা শ্ৰেণীৰ (a class) সকলো শিখ (Sikh) ছাত্ৰ-ছাত্ৰীয়ে এটা দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰিব পাৰি; সেই সমষ্টিটোৰ সকলো মৌলিক উপাদানে (elements) অন্ততঃ এটা সমুহীয়া বৈশিষ্ট্যৰ (common characteristics) অধিকাৰী হয় যিটোৰ প্ৰতিনিধি নোহোৱা (non-members) লোকসকলৰ ক্ষেত্ৰত অভাব হোৱা দেখা যায়। তেনে সমষ্টিবোৰৰ ক্ষেত্ৰত প্ৰতিনিধিসকলৰ মাজত কোনোধৰণৰ মুখামুখি (face to face) যোগাযোগৰ প্ৰয়োজন নহয়। এগৰাকী প্রতিনিধিয়েও আন এগৰাকী সদস্যক অপৰিহাৰ্যভাৱে (necessarily) নাজানিব ও পাৰে।
এনেদৰে, এনেভাৱেও কোৱা হ’ব পাৰে যে এটা দলে দুগৰাকী অথবা অধিক লোক অন্তৰ্ভুক্ত কৰি লয় (comprise) যিসকলে পাৰস্পৰিক ক্ৰিয়াত লিপ্ত হয় আৰু সমূহীয়া লক্ষ্যৰ অংশীদাৰ হয়। তেওঁলোকৰ স্থিৰ সম্বন্ধ থাকে। আৰু তেওঁলোক আভ্যন্তৰীণভাৱে নিৰ্ভৰশীল আৰু এই সমূহীয়াত্বৰ অংশ স্বৰূপ (belonging) হোৱা বুলি উপলব্ধি কৰে।
২। এটা দলৰ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা।
উত্তৰঃ এটা দলত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে আন্তনিৰ্ভৰশীলতা (interdependence)। ই আচৰণ আৰু কাৰ্যসমূহৰ ফলাফলৰ লগত সম্বন্ধযুক্ত হ’ব পাৰে। আহাচোন আমি তিনি প্ৰকাৰৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে পৰীক্ষা কৰি চাওঁ।
(i) আচৰণৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (The interdependence of behaviour) এই সত্যটোৰ কথাকে সুচায় যে এগৰাকী সদস্যৰ আচৰণে আন এগৰাকী সদস্যৰ আচৰণ সৃষ্টি কৰে আৰু ইয়াৰ ফলত গোটেই দলটোক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ জোৰ প্ৰদান কৰে।
(ii) ফলাফলৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (The interdependence of outcome) এই সত্যটোৰ কথাকে সূচায় যে এগৰাকী সদস্যৰ ফলাফল (পুৰস্কাৰ লাভ কৰা) অকল তেওঁৰ (his/her ) আচৰণৰ ফল নহয়, এনে ফলাফল দলপ অন্যান্য সদস্যসকলৰ আচৰণৰ ওপৰতো নিৰ্ভৰশীল। উদাহৰণ হিচাপে, এটা ওপৰত খোজ কঢ়াৰ সময়ত, তুমি তেতিয়ালৈকে নিৰাপদ যেতিয়ালৈকে কোনোবাই তোমাক সন্মুখৰ পৰা অথবা পিচফালৰ পৰা খুণ্ডা নামাৰে। ইয়ে আকৌ ভগাই লোৱা ভাগ্যৰ কথাটো সূচায়, এটা কাৰ্য বা ঘটনাৰ ফলাফলৰ দলৰ প্ৰতিগৰাকী সদস্যৰ বাবে কম বেছি পৰিমাণে সমান তাৎপর্য আছে।
(iii) কাৰ্যৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (Task interdependence) এই সত্যটোৰ কথাকে সূচায় যে এটা লক্ষ্য সাধন কৰিবলৈ হ’লে (to achieve), দলব প্রতিনিধিসকলে তেওঁলোকৰ কাৰ্যকলাপবোৰ সুসম্বন্ধী কৰি (coordinate) ভুলিব লাগিব। উদাহৰণ হিচাপে, ফুটবল খেলাৰ সময়ত অথবা ক্রিকেট খেলাৰ সময়ত এখন খেলত জিকাৰ বাবে বিভিন্ন খেলুৱৈৰ কাৰ্যকলাপসমূহৰ মাজত সুসমন্বয় অতি দৰকাৰী। তেওঁলোকে পৰিপূৰক নীতিৰ ওপৰত ভিত্তি কৰি (on the basis of the principle of complementary) কাৰ্য সম্পাদন কৰে।
৩। দলসমূহৰ ক্ৰমবিকাশৰ চাৰিটা স্তৰৰ বিষয়ে চমুভাবে বর্ণনা কৰা।
উত্তৰঃ দলগঠনৰ প্ৰক্ৰিয়াই চাৰিটা স্তৰ অনুসৰণ কৰে। এনে স্তৰবোৰ হৈছে (ক) অভিবিন্যাস বা নৱীকৰণ (orientation) (খ) কার্যতৎপৰতাৰ কেন্দ্ৰ (focus) (গ) প্রবিধান বা বিধি ব্যৱস্থা (regulation) আৰু (ঘ) ৰীতিসিদ্ধকৰণ (formalization)। আহাচোন এইবোৰ স্তৰৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে অধিকভাৱে শিকোঁহক।
(ক) প্রথম স্তৰ– অভিবিন্যাস বা নৱীকৰণ (Stage-1 Orientation) দল গঠনৰ প্ৰাৰম্ভিক স্তবত, শক্তি অথবা হ’বলগীয়া প্রতিনিধিসকলে একেলগে কাম কৰাৰ পৰা আৰু এটা সময়ত পাৰস্পৰিক কাৰ্যত লিপ্ত হৈ থকাৰ পৰা হ’ব পৰা লাভলাভ অথবা লোকচানসমূহৰ বিষয়ে অধিক সচেতন হৈ উঠে। মানুহে ইজনে সিজনৰ অনুৰাগ, সামর্থ্য্যসমূহ অথবা লোকচানসমূহৰ বিষয়ে অধিক সচেতন হৈ উঠে। মানুহে ইজনে সিজনৰ অনুৰাগ, সামৰ্থ্যসমূহ আৰু জ্ঞান ইত্যাদিৰ বিষয়ে প্রশ্ন সুধি আৰু প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰি অধিক সময় অতিবাহিত কৰে।
(খ) দ্বিতীয় স্তৰ– কার্যতৎপৰতাৰ কেন্দ্ৰ (Stage-2 Focus) যেতিয়া এগৰাকী ব্যক্তিয়ে সিদ্ধান্ত কৰে যে তেওঁলোকৰ বিশেষ লক্ষ্য সাধন কৰাৰ বাবে এটা দল গঠন কৰা কাৰ্যটো তেওঁলোকৰ মনোযোগৰ কেন্দ্ৰ লক্ষ্য সাধনৰ উপায়ৰ (অথবা কেনেকৈ) প্রতি কেন্দ্রীভূত হয়। এই অৱস্থাত প্রতিনিধিসকল দলৰ লক্ষ্য সাধনৰ কাৰণে অৱদানৰ কথাটো আন প্রাপ্তব্য সম্পদসমূহৰ বিষয়ে (available resources) আৰু সেই দলৰ প্ৰতিনিধিসকলৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া সাম্ভাব্য উপকাৰসমূহৰ বিষয়ে অধিক স্পষ্ট হৈ উঠে।
(গ) তৃতীয় স্তৰ– প্রবিধান বা বিধিব্যৱস্থা (Stage-3 Regulation) এটা দীঘলীয়া সময়ৰ বাবে পাৰস্পৰিক কাৰ্যৰ কাৰণে দলৰ প্ৰতিনিধিসকলৰ সামাজিক আদান প্ৰদানৰ এটা আৰ্হি প্ৰসিদ্ধ (emerge) হৈ উঠে। প্ৰতিগৰাকী সদস্যৰে ভূমিকা আৰু কাৰ্যসমূহ স্পষ্টভাৱে সুত্রায়িত কৰা হয়। এই স্তৰতে এগৰাকী লোকে দলটোৰ নেতা হৈ উঠে আৰু দলটোৰ কার্যকলাপবোৰৰ আদান প্রদানত সিদ্ধান্তমূলক ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে। আন সদস্যসকলে নির্দেশনার বাবে সেই নেতা গৰাকীৰ সন্মুখলৈ লক্ষ্য কৰা।
(ঘ) চতুর্থ স্তৰ– ৰীতিসিদ্ধকৰণ (Stage-4 Formalization) এই স্তৰত তৃতীয় স্তৰত প্ৰসিদ্ধ হৈ পৰা মানদণ্ডসমূহ আৰু ভুমিকাসমূহ (norms and roles) ৰীতিসিদ্ধ কৰি তোলা হয়। দলৰ প্ৰতিনিধি সকলে, লিখিত অথবা বাক্যৰ দ্বাৰা (in writing or in their speech) এই নিয়মসমূহৰ অস্তিত্ব স্বীকাৰ কৰি লয় আৰু সেইবোৰ মানি চলাৰ বাবে তেওঁলোকৰ ইচ্ছাসমূহ দেখুৱায়।
৪। এটা দলৰ অংশ হোৱা প্ৰক্ৰিয়াই ব্যক্তিৰ আচৰণ কি ভাবে প্রভাৱিত কৰে?
উত্তৰঃ এটা দলৰ প্ৰতিনিধি হোৱাৰ যোগেদি এগৰাকী ব্যক্তিয়ে তেওঁৰ আচৰণৰ ওপৰত নানা উপায়েৰে প্রভাৱ পেলোৱাটো দেখা যায়।
সিদ্ধান্ত গ্রহণ (Decision Making): এইটো দেখা গৈছে যে সিদ্ধান্ত লোৱাৰ সময়ত এগৰাকী ব্যক্তিয়ে, যেতিয়া তেওঁক অকলশৰীয়াভাৱে এৰি দিয়া হয়, কম বিপদশঙ্কা (risk) গ্ৰহণ কৰে। আনহতে, তেওঁ যেতিয়া এটা দলত থাকে, ব্যক্তিগৰাকীৰ ক্ষেত্ৰত অধিক পৰিমাণৰ বিপদশঙ্কা লোৱাৰ প্ৰৱণতা দেখা যায়। এগৰাকী ব্যক্তিতকৈ এটা দলে সামগ্রিকভাৱে অধিক বিপদশঙ্কা লোৱাৰ প্রবণতা দেখা যায়। এগৰাকী ব্যক্তিতকৈ এটা দলে সামগ্রিকভাবে অধিক বিপদশা গ্ৰহণ কৰে। এই পৰিঘটনাক (phenomenon) জনপ্রিয়ভাবে সঙ্কটাৱস্থা বিচ্যুতি (risky shift) বুলি জনা যায়।
এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় কিয় ব্যক্তিসকলতকৈ দলসমূহে অধিক সম্ভাব্য বিপদ (risk) গ্ৰহণ কৰে? এইটো বিশ্বাস কৰা হয় যে, ই দায়বদ্ধতাৰ বিস্তাৰৰ (spread of responsibility) বাবেই হয়। প্রকৃত সত্যটো হৈছে এয়াই যে যদিহে অকৃতকার্যতা সংঘটিত হয় ইয়াৰ দায় (blame) ভগাই লোৱাৰ বাবে আন প্রতিনিধিসকল আছে যিটোৱে দলৰ প্ৰতিনিধি সকলক সম্ভাব্য অকৃতকাৰ্যতাৰ বাবে অতি কম ব্যক্তিগত জাবৰ উপলব্ধি নিয়ে। সংকটাবস্থা বিচ্যুতি (risky shift) আকৌ প্রত্যয়জনক যোগাযোগৰ (persuasive communication) অংশৰ পৰা পৰ্যবসিত হয়। যদিহে এটা দলৰ প্ৰায়বোৰ সদস্যই সংকটৰ উপাদানটোক বিবেচনাধীন সমস্যা এটাৰ প্ৰতি শুদ্ধ প্রতিক্রিয়া হিচাপে মানি লয়, তেতিয়া আলাপ-আলোচনাৰ পৰা উলিয়াই লোৱা প্ৰায়বোৰ কাৰণ আৰু সুব্যাখ্যাই (reasons and justification) বিপদক (risk) সমর্থন জনাব।