ASOS Class 12 Psychology Chapter 22 ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ

ASOS Class 12 Psychology Chapter 22 ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 22 ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ and select needs one.

ASOS Class 12 Psychology Chapter 22 ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 22 ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণ

Chapter : 22

22.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

সঁচানে মিছা উল্লেখ কৰা।

১। আৰম্ভণিতে শিশুৱে নিজৰ আৰু আনৰ মাজত পাৰ্থক্য নির্ণয় কৰিব নোৱাৰে। সঁচা/মিছা

উত্তৰঃ সঁচা।

২। শিশু ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ আত্ম ধাৰণা নিৰ্দিষ্ট হৈ উঠে। সঁচা/মিছা

উত্তৰঃ মিছা।

৩। মানুহে পৰিৱেশত বিকাশ লাভ কৰি থকা ব্যক্তিক প্রয়োজনীয় পৰিস্থিতি আৰু নিৰ্দেশনা (context and guidance) প্ৰদান কৰে। সঁচা/মিছা

উত্তৰঃ সঁচা।

৪। ধাৰণাসমূহ গঠন কৰাৰ সময়ত আমি বিশ্বাস কৰা উৎসসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ। সঁচা/মিছা

উত্তৰঃ সঁচা।

৫। প্ৰাৰম্ভিক বয়সৰ পৰাই ল’ৰা-ছোৱালীসকল আন মানুহৰ উপলব্ধিৰ প্ৰতি মননশীল (sensitive) প্ৰদান কৰে। সঁচা/মিছা

উত্তৰঃ সঁচা।

22.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পছন্দ কৰা:

১। আমি যেতিয়া অনুৰূপতা (সাদৃশ্য) আৰু আন্তঃব্যক্তিক আকর্ষণ (আসক্তি) স্বীকাৰ কৰো:

(ক) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল মনোভাৱ আৰু ধ্যান ধাৰণাসমূহৰ পৰা আমাতকৈ পৃথক প্ৰকৃতিৰ।

(খ) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল মনোভাৱ আৰু ধ্যান ধাৰণাসূহৰ পৰা আমাৰ লগত সদৃশ (অনুৰূপ)। 

(গ) সেইসকল মানুহক ভাল পাওঁ যিসকল আকর্ষণীয় (মোহনীয়)।

উত্তৰঃ (খ) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল মনোভাৱ আৰু‌ ধ্যান ধাৰণাসূহৰ পৰা আমাৰ লগত সদৃশ (অনুৰূপ)। 

২। আমি দীর্ঘ-দিনীয়া সম্বন্ধবোৰ ভাল পাওঁ:

(ক) কাৰণ আমি সম্বন্ধবোৰৰ মূল্য দিওঁ।

(খ) কাৰণ পৰস্পৰনিৰ্ভৰশীলতা মূল্য দিওঁ।

(গ) কাৰণ আমি আমাৰ ভাল পোৱাসকলৰ লগত সংলগ্ন হৈ আছো। 

(ঘ) ওপৰৰ সকলোবোৰ।

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

ব্যক্তিত্বৰ নিৰ্দ্ধাৰণত তলত উল্লেখ কৰা অভিগমন কিদৰে সম্ভৱ, চমুকৈ লিখা।

১। আত্ম-বিকাশত আনসকলৰ বোধৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ শৈশৱৰ শেষৰ ফালে শিশুসকলে এটা বস্তুনিষ্ঠ অস্তিত্ব হিচাপে আত্ম প্ৰতিনিধিত্ব গঠন কৰিবলৈ (constructing a representation of the self) আৰম্ভ কৰে। আনসকলে আমাৰ বৈশিষ্ট্যবোৰ সূত্ৰায়িক কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। আমি আমাৰ আচৰণসমূহ আনৰ আশা-আকাংক্ষা অনুসৰি সমাযোজিত কৰি লওঁ। ভাষাৰ ওপৰত নিজৰ কিছু প্রভুত্বৰ সৈতে শিশুসকলে তেওঁলোকৰ আত্ম-জ্ঞান সংগঠিত কৰে। এইটো মনত ৰাখিব পাৰি যে বিশেষ কিছু বস্তুক মোৰ বুলি বুজি উঠে অথবা সিদ্ধান্ত কৰি শিশুসকলে সকলোবোৰৰ পৰা ‘মোৰ’ (me) সম্পৰ্কীয় পাৰ্থক্যকৰণৰ পূৰ্বধাৰণা কৰি লয়। তৃতীয় বছৰৰ শিশুসকলে নানাধৰণৰ বৈশিষ্ট্যসমূহ দেখুৱাবলৈ গতি কৰে। তেওঁলোকে আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহৰ, চেহেৰা, মতামতসমূহ আৰু ইচ্ছা (internal processes, appearance, opinions and volition) আদিৰ অস্তিত্বৰ ইংগিত প্ৰদান কৰে। শিশুসকলে তেওঁলোকৰ আত্ম-ধাৰণাসমূহ (self-concepts) বিকাশপ্রাপ্ত কৰি লোৱাৰ লগে লগে তেওঁলোকে অধিকভাৱে পৃথকীকৃত হৈ পৰে।

এইটো মনত ৰাখিবলগীয়া যে আত্ম ধাৰণাৰ বিকাশ প্রাথমিকবাবে সামাজিক কাৰ্য। পৰিৱেশত উপস্থিত থকা অন্যান্য ব্যক্তিসকলে তেওঁলোকক পৰিস্থিতি আৰু পৰামৰ্শ প্ৰদান কৰে। উদাহৰণ হিচাপে, পিতৃ-মাতৃসকলে ল’ৰা- ছোৱালীসকলক তেওঁলোকৰ কাৰ্যকলাপৰ স্বীকৃতি প্ৰদান কৰে। উদাহৰণ হিচাপে, পিতৃ-মাতৃসকলে ল’ৰা-ছোৱালীসকলক তেওঁলোকৰ কাৰ্যকলাপৰ স্বীকৃতি প্রদান কৰা স্বীকৃতি প্ৰদান নকৰাটো এটা সাধাৰণ ঘটনা। তেওঁলোকে লক্ষ্যসমূহৰ কথা পৰামৰ্শ হিচাপে আগবঢ়ায় আৰু আকাংক্ষাসমূহ উৎসাহিত কৰে। তেওঁলোকে শিশুসকলৰ পৰিবেশৰ বিভিন্নধৰণৰ ঘটনা আৰু কাৰ্যসমূহৰ বিষয়ে কয়। এই সকলো অৱস্থাই শিশুক ‘আত্ম’ৰ বিষয়ে শিকাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। বিশেষকৈ শিশুসকলে আৱেগিক নিয়ন্ত্রিত অৱস্থাৰ বিষয়ে শিকে।

যি কি নহওক, আত্ম একমাত্ৰ আনৰ দ্বাৰা আকৃতি প্ৰদান কৰিবলগীয়া কিবা এটা বুলি বিবেচনা কৰাটো অশুদ্ধ হ’ব। ই হৈছে এটা জটিল সামাজিক গুণফল (social product) য’ত শিশুৰ নিজস্ব অভিজ্ঞতাইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

‘আত্মা’ৰ বিষয়ে বা নিজৰ বিষয়ে শিকাৰ সময়ত,শিশুসকলে এনে এটা উপলব্ধিও বিকাশপ্রাপ্ত কৰি লয়, যে অন্যান্য বস্তুসমূহৰ পৰা মানুহ পৃথক প্ৰকৃতিৰ, মানুহৰ নিশ্চিত কিছুমান বৈশিষ্ট্য আছে আৰু স্বাধীন মনোবৈজ্ঞানিক অস্তিত্ব আছে। শিশুসকল আন ব্যক্তিসকলৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰে। তেওঁলোক মুহ আৰু অন্যান্য বস্তুসমূহৰ মাজত থকা পাৰ্থক্যসমূহৰ প্ৰতি সচেতন হৈ পৰে। এইটো দেখা গৈছে যে আনসকলক উপলব্ধি কৰা কথাটো নিজক উপলব্ধি কৰাৰ লগত সম্বন্ধযুক্ত হৈ আছে। 

শিশুসকল প্ৰাৰম্ভিক বয়সৰ পৰাই আনৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহ যেনে উপলব্ধিসমূহ, চিন্তাসমূহ আৰু অভিপ্রায়সমূহৰ (feelings, thoughts and intentions) প্রতি সচেতন। বয়স বাঢ়ি যোৱাৰ লগে লগে এনে সচেতনতা বিকাশপ্রাপ্ত হৈ উঠে আৰু বিকাশপ্রাপ্ত হৈ থাকে । বিদ্যালয়লৈ যোৱা বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে আনৰ বিষয়ে বিস্তাৰিত আৰু জটিল ব্যাখ্যা প্ৰদান কৰে। শিশুসকলে সচেতনভাৱে এটা সামাজিক উপলব্ধি গঠন কৰি লয়। ইয়ে শিশুসকলৰ নিজৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহ আৰু আনৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ মাজত থকা সাদৃশ্যতাসমূহ বিচাৰি উলিওৱা কাৰ্য অন্তৰ্ভুক্ত কৰি লয়।

২। আন্তঃব্যক্তিক আকৰ্ষণত বিভিন্ন উপাদানসমূহৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ আমি অন্যান্য সকলো ব্যক্তিৰ দ্বাৰা পৰিব্যপ্ত হৈ থকা এখন সামাজিক জগতত বসবাস কৰোঁ। আমি সঘনাই তেওঁলোকৰ লগত পৰিয়ালত, বিদ্যালয়ত, বজাৰত, প্ৰায় সকলোতে পাৰস্পৰিক ক্ৰিয়াত লিপ্ত হওঁ। আনলোকসকলৰ লগত সম্বন্ধ ৰক্ষা কৰোঁতে সত্তাই নিজে নিজেই প্ৰাপ্ত হৈ উঠে। এই প্ৰকাৰে ব্যক্তিসকলৰ মাজত যি প্ৰক্ৰিয়াসমূহ বাস্তৱায়িত হয় সেইবোৰক প্ৰায়োগিক দিশৰ পৰা আন্তঃব্যক্তিক প্রক্রিয়াসমূহ হিচাপে জনা যায় যিবোৰ আমাৰ জীৱনবোৰত প্ৰধান হৈ পৰে। সমাজ মনোবিজ্ঞানীসকলে এই বিভিন্ন প্রক্রিয়াবোৰ— বিস্তাৰিতভাৱে অনুসন্ধান কৰিছে। ইয়াত আমি দুটা প্ৰক্ৰিয়াৰ আকৰ্ষণ আৰু দীৰ্ঘকালীন সম্বন্ধৰ (attraction and long term relationship) বিষয়ে শিকিমহঁক।

ব্যক্তিসকলৰ মাজত আকৰ্ষণ এটা সাধাৰণ অভিজ্ঞতা। এয়া একমাত্ৰ অন্তৰঙ্গ মানুহ যেনে পত্নী আৰু পতিৰ মাজত (wife and husband) উপস্থিত নাথাকে, বন্ধুসকল আৰু কাম কৰা ঠাইৰ সঙ্গীসকলৰ মাজতো উপস্থিত থাকে। আমি লক্ষ্য কৰা এটা অতি দৰকাৰী বস্তু হৈছে আমি যিবোৰ মানুহক ভাল পাওঁ তেওঁলোকৰ লগত সময় কটাও আৰু যিসকলক ভাল নাপাও তেওঁলোকৰ লগত সময় অতিবাহিত নকৰোঁ। তোমালোকে হয়তো জানিবলৈ অনুৰাগী হৈ উঠিবা কেনেকৈনো আকর্ষণ সংঘটিত হয় আৰু কি উপাদানসমূহে ইয়াক প্রভাৱিত ৰূপে। আহাচোন এনে উপাদানবোৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোহঁক।

শাৰীৰিক আকর্ষণীয়তা (Physical Attractiveness): এইটো সাধাৰণতে পোৱা যায় যে যিবোৰ লোক শাৰীৰিক ভাৱে আকর্ষণীয় আমি তেওঁলোকৰ প্ৰতি অধিক ইতিবাচক ভাৱে প্ৰতিক্ৰিয়া কৰোঁ। আমি প্ৰায়েই আকৰ্ষণীয় মানুহৰ প্ৰতি অধিক সুপ্রসন্নভাৱে (favourably) কাৰ্য কৰো।

অনুৰূপতা আৰু পৰিপুৰকতা ( Similarity and Complementarity): আমাৰ প্ৰতি যিবোৰ লোক সদৃশ বা অনুৰূপ (similar) তেওঁলোকক আমি ভাল পাওঁ। এইটো কোৱা হয় যে একে জাকৰ লোকে (birds of a feather) একেলগে দল বান্ধে। আন কথাত যিসকল লোক একে ধৰণৰ মনোভাৱ বা দৃষ্টিভংগীৰ আৰু ধ্যান-ধাৰণাৰ অংশীদাৰ হয় আমাৰ দ্বাৰা তেনে লোকসকলক পছন্দ কৰা অথবা ভাল পোৱা হয়। পৰিপূৰকতা (complementarity) হৈছে এটা অৱস্থা য’ত আমি পাওঁ যে যিবোৰ মানুহ পৃথক কিন্তু ইজনে সিজনৰ পৰিপূৰক হয়, তেওঁলোকে ইজনে সিজনৰ লগত পাৰস্পৰিক ক্ৰিয়া কৰিবলৈ ভাল পায় ৷ ইয়ে এগৰাকী চহকী আৰু এগৰাকী দুখীয়া মানুহৰ আকৰ্ষণৰ ব্যাখ্যা প্ৰদান কৰিব পাৰে।

ঘনিষ্ঠতা আৰু আত্মীয়তা (Familiarity and Propinquity): আত্মীয়তা বা সামীপ্য মানে হৈছে একেবাৰে ওচৰৰ অথবা শৰীৰিক সান্নিধ্য (physical proximity)। এইটো পোৱা গৈছে আমি যিসকলক সঘনাই দেখা পাওঁ তেওঁলোকৰ লগত বন্ধুত্ব গঢ়ি উঠে। এনেভাৱে নৈকট্য বা অন্তৰঙ্গতা আৰু ঘনিষ্ঠতাই (nearness and familiarity) আন লোকৰ প্ৰতি আমাৰ আকৰ্ষণ গঢ় দি তোলে। বাৰে বাৰে হোৱা আন্তঃব্যক্তিক সংযোগসমূহে প্ৰায়েই আন্তঃব্যক্তিক আকৰ্ষণৰ দিশলৈ আগুৱাই নিয়ে।

পাৰস্পৰিক অনুৰাগ (Reciprocal Liking): আমি কোনো এগৰাকী লোকক ভাল পাওঁ নে নাপাওঁ সেয়া এই সত্যৰ ওপৰত নিৰ্ভৰশীল যে আন ব্যক্তিগৰাকীয়ে তোমাক ভাল পায় নে নাপায়। আমি প্রায়েই তেনে লোকসকলক এৰিব খোজো যিসকলে আমাৰ বিষয়ে ঋণাত্মক (Negative) দৃষ্টিভংগী প্রকাশ কৰে আৰু তেওঁলোকৰ লগত থাকিব বিচাৰো যিসকলে আমাক ভাল পায়।

প্রভাৱ (Affects): প্রভাৱে তেনে অনুভূতিসমূহ (feelings) আৰু আৱেগবোৰৰ (emotions) কথা সূচায় যিবোৰ তীব্ৰতা আৰু পৰিচালনাৰ (intensity and direction) দিশৰ পৰা পৃথক হয়। এনেভাৱে আমাৰ অনুভূতিসমূহ (feelings) বৰ তীব্র অথবা কম তীব্ৰ হ’ব পাৰে আৰু ইতিবাচক অথবা নেতিবাচক (positive or negative) হ’ব পাৰে। বিভিন্ন অধ্যয়নে দেখুৱাইছে যে এগৰাকী লোক যিয়ে কোনো কাম কৰে যি ইতিবাচক বা নেতিবাচক প্রভাৱ সূত্রপাত কৰে (tigger) অথবা সংঘটিত কৰে আমাৰ দ্বাৰা তেনে কাম ভাল পোৱা অথবা বেয়া পোৱা হ’ব পাৰে। একেদৰে কোনোৱে যদি একমাত্র ইতিবাচক অথবা নেতিবাচক প্ৰভাৱৰ সৈতে সংযুক্ত হৈ আছে আমাৰ দ্বাৰা ভাল পোৱা অথবা বেয়া পোৱা হ’ব পাৰে।

৩। দীৰ্ঘদিনীয়া সম্বন্ধৰ কাৰণে গুৰুত্বপূ হিচাপে তুমি ভবা উপাদানসমূহ চিনাক্ত কৰা।

উত্তৰঃ আমাৰ প্ৰায়বোৰ সম্বন্ধ দীঘলীয়া সময়ৰ বাবে চলি থাকে। এইবোৰ জীৱন ব্যাপী বন্ধুত্ব, বিবাহ ইত্যাদি হ’ব পাৰে। সম্বন্ধবোৰ বিভিন্ন প্ৰকাৰে পৃথক পৃথক হয়। উদাহৰণ হিচাপে এইবোৰ জীৱন ব্যাপী বন্ধুত্ব, বিবাহ ইত্যাদি হ’ব পাৰে। সম্বন্ধবোৰ বিভিন্ন প্ৰকাৰে পৃথক পৃথক হয়। উদাহৰণ হিচাপে এইবোৰ অন্তৰঙ্গতাৰ মাত্ৰাৰ দিশৰ পৰা (degree of intimacy), প্রতিশ্রুতি (commitment) আৰু গুণৰ (quality) মাত্ৰাৰ দিশৰ পৰা পৃথক পৃথক হ’ব পাৰে।

বহুলোকে সম্বন্ধবোৰ এক প্ৰকাৰৰ সামাজিক সংযোগ (contact) হিচাপে ভাৱে। আমি সম্বন্ধবোৰক সম্বন্ধ বজাই ৰখাৰ সময়ত পোৱা পুৰস্কাৰ সমূহৰ পৰিভাষাসমূহেৰে মূল্য প্ৰদান কৰোঁ। যিবোৰ ক্ষেত্ৰত আমি অনপযুক্ত (inadequate) সেইবোৰ ক্ষেত্ৰত পুৰস্কাৰসমূহ অধিক মূল্যৱান যি কি নহওঁক, প্ৰায় সকলোবোৰ ওচৰ সম্পৰ্কসমূহত আভ্যন্তৰীৰ নিৰ্ভৰশীলতা আটাইতকৈ সাধাৰণ উপাদান হিচাপে কাৰ্যত পৰিণত হয়। ব্যক্তি হিচাপে ল’ৰা-ছোৱালীসকলক এক নিশ্চিত প্ৰকাৰৰ অনুৰাগ ব্যৱহাৰ কৰি মাকসকলৰ দ্বাৰা ব্যৱহাৰ কৰা হয়। এয়া আত্মপ্রত্যয়শীল, বৰ্জনমূলক, অথবা দ্বিভাৱগ্ৰস্ত হ’ব পাৰে। মনোবিজ্ঞানীসকলে ভাৱে যে শিশুসকলে আন এগৰাকী ব্যক্তিক বিশ্বাস আৰু মৰম কৰিবলৈ শিকে, অবিশ্বাস আৰু এৰি ফুৰিবলৈ অথবা দুয়োটা তেওঁলোকৰ দ্বাৰ প্ৰদৰ্শিত মৰম চেনেহেৰ ডোলৰ ওপৰত ভিত্তি কৰি কৰিবলৈ শিকে। এইটো দেখা গৈছে যে শিশুসকলৰ লগত মাকৰ সম্পৰ্ক স্পৰ্শগত, দৃষ্টিসম্বন্ধীয়, মৌখিক আৰু তেওঁৰ সচেতনাতা আৰু শিশুসকলৰ প্রয়োজনবোৰৰ প্ৰতি প্ৰতিক্ৰিয়াধৰ্মীয়তাই নিৰাপদ সংযোজনাৰ দিশলৈ আগুৱাই নিয়ে।

ল’ৰা-ছোৱালীসকলৰ পিতৃ-মাতৃসকলৰ আৰু জ্ঞাতিসকলৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ আৰ্হিয়ে শিশুসকলৰ মাজত মৰম আৰু অনুৰাগৰ গুণ নিৰূপণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা পোৱা মৰম পিতৃ-মাতৃৰ প্ৰতি আকৰ্ষণৰ দ্বাৰা আৰু ব্যক্তিগত গুণসমূহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ভাৰতীয় সমাজ জীৱনত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা কিছুমান গুণ বা নৈতিকতাৰ (virtues) কথা তলত দিয়া হ’ল:

বদান্যতা বা দালশীলতা: পিতৃ-মাতৃক সহায় কৰা, ক্ষমা কৰা আৰু সহা কৰা। 

ন্যায়: পিতৃ-মাতৃৰ প্ৰতি নৈতিক বা সামাজিক দায়িত্বপালন কৰা আৰু তেওঁলোকৰ অধিকাৰসমূহৰ প্ৰতি সন্মান কৰা।

সুবুদ্ধি বা সতর্কতা বা সাবধনতা: তেওলোকৰ লাভৰ বাবে যুক্তি ব্যৱহাৰ কৰা (Using reason for their benefit)। 

সহিষ্ণুতা বা ধৈর্য্য বা সহনশীলতা: তেওঁলোকৰ লাভৰ বাবে কঠোৰতাৰ মুখামুখি হোৱা।

সংযম বা পৰিমিতাচাৰ: বিভেদমূলক আবেগসমূহ নিয়ন্ত্ৰণ কৰা আৰু আত্ম অনুশাসন অনুশীলন কৰা।

নিকট বন্ধুত্ব: নিকট সম্বন্ধ তেতিয়া বিচাৰি পোৱা যায় যেতিয়া বন্ধুসকলে একেলগে অধিক সময় অতিবাহিত কৰে, বিভিন্ন অৱস্থাত পাৰস্পৰিক মত বিনিময় কৰে, ইজনে সিজনৰ প্ৰতি আৱেগিক সমর্থন আগবঢ়ায়। বাল্যকালত ল’ৰা-ছোৱালীসকলে বন্ধুসকলৰ লগত নানা কাৰ্য ভগাই লোৱাৰ আকাংক্ষা কৰে যাৰ দ্বাৰা সকলোৱে আনন্দ পাব বিচাৰে। ওপৰত উল্লেখ কৰা অনুৰাগৰ প্ৰকাশভঙ্গীয়ে শিশুসকলৰ পাৰস্পৰিক ক্ৰিয়াৰ উপায়সমূহ প্ৰভাৱিত কৰে, আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্বন্ধসমূহৰ গুণ প্ৰভাৱান্বিত হয়। 

কৈশোৰ কালত আৰু ডেকা বয়স্ককালত বন্ধুত্ব অধিক অন্তৰঙ্গ হ’বলৈ আগবাঢ়ে। এইটো উল্লেখ কৰা হৈছে যে তিৰোতাসকলে পুৰুষসকলতকৈ অধিক নিকট বন্ধুত্বৰ বিষয়ে অভিমত দিয়ে। অন্তৰঙ্গ সম্বন্ধ নানা ধৰণৰ আচৰণসমূহৰ মাজেৰে যেনে আত্ম-প্ৰকাশৰ আচৰণ, আৱেগিক প্রকাশ, সমর্থন প্ৰদান কৰা আৰু গ্ৰহণ কৰা, বিশ্বাসৰ অভিজ্ঞতা আহৰণ, আৰু ইজনে সিজনৰ সঙ্গত সুস্থিৰ অনুভৱ কৰা প্ৰকাশিত হয়। কিছুমান মানুহে নিকট বন্ধুত্ব বিকাশপ্রাপ্ত কৰিবলৈ অসমৰ্থ হয় আৰু অকলশৰীয়া অনুভৱ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top