ASOS Class 12 Political Science Chapter 25 মানৱ অধিকাৰ

ASOS Class 12 Political Science Chapter 25 মানৱ অধিকাৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 25 মানৱ অধিকাৰ and select needs one.

ASOS Class 12 Political Science Chapter 25 মানৱ অধিকাৰ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 25 মানৱ অধিকাৰ Solutions for All Subject, You can practice these here.

মানৱ অধিকাৰ

Chapter : 25

25.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. শুদ্ধ উত্তৰত (✓) চিহ্ন প্ৰয়োগ কৰাঃ 

(a) মানৱ অধিকাৰসমূহ মানুহৰ অস্তিত্বৰ লগত সাঙুৰ খাই থাকে। সত্য/ অসত্য)

উত্তৰঃ সত্য।

(b) শ্রেণীবদ্ধ অধিকাৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰসূহক অন্তৰ্ভুক্ত কৰে। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

(c) মানৱ অধিকাৰৰ সুৰক্ষা তথা উন্নতি ৰাষ্ট্ৰৰ চাৰিসীমাতে সীমাবদ্ধ নহয়৷ (সত্য/ অসত্য)

উত্তৰঃ অসত্য। 

2. খালী ঠাই পূৰ কৰা— 

(a) মানৱ অধিকাৰসমূহ_____(সার্বজনীন/ স্থানীয়)

উত্তৰঃ মানৱ অধিকাৰসমূহ সাৰ্বজনীন। 

(b) মানৱ অধিকাৰসমূহপ্রয়োজনতঃ_____। (স্থিৰ/ গতিশীল/ বন্ধ প্ৰকৃতিৰ)

উত্তৰঃ মানৱ অধিকাৰসমূহ প্ৰয়োজনতঃ গতিশীল। 

(c) মানৱ অধিকাৰে মানৱতাৰ______ৰীতিসমূহ আৱৰি আছে। (পুৰণি/ মধ্যযুকীয়/ মৌলিক) 

উত্তৰঃ মানৱ অধিকাৰে মানৱতাৰ মৌলিক ৰীতিসমূহ আৱৰি আছে।

25.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. শুদ্ধ উত্তৰত (✓) চিহ্ন প্ৰয়োগ কৰাঃ

(a) সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা 1949 চনত গ্ৰহণ কৰা হ’ল। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

(b) চলিত শতিকাৰ মানৱ অধিকাৰৰ ধাৰাৰ আৰম্ভণি, দ্বিতীয় বিশ্বযুদ্ধৰ অত্যাচাৰ তথা ধ্বংসলীলাই চিহ্নিত কৰে। (সত্য/ অসত্য) 

উত্তৰঃ সত্য।

(c) মৌলিক অধিকাৰৰ দৰে মানৱ অধিকাৰো আইনৰ দ্বাৰা বলবৎ কৰিব পাৰি। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

2. খালী ঠাই পূৰ কৰা—

(a) মানৱ অধিকাৰ এতিয়া গঢ় লৈ উঠিছে_____। (স্থানীয়/ ৰাষ্ট্ৰীয়/ সাৰ্বজনীন ৰূপত)

উত্তৰঃ মানৱ অধিকাৰ এতিয়া গঢ় লৈ উঠিছে সাৰ্বজনীন ৰূপত।

(b) গোটেই বিশ্বৰ নেতাসমূহ একগোট হৈছিল_____ অনুষ্ঠিত মানৱ অধিকাৰৰ বিশ্ব সন্মিলনৰ বাবে৷ (ভিয়েনা/ জেনেভা/ নিউয়র্ক) 

উত্তৰঃ গোটেই বিশ্বৰ নেতাসমূহ একগোট হৈছিল ভিয়েনাত অনুষ্ঠিত মানৱ অধিকাৰৰ বিশ্ব সন্মিলনৰ বাবে।

(c) 18 আৰু 19 শতিকাৰ অধিকাৰসমূহক জনা যায়_____অধিকাৰ হিচাপে। (ব্যক্তিগত/ সামাজিক/ শ্রেণীবদ্ধ)

উত্তৰঃ 18 আৰু 19 শতিকাৰ অধিকাৰসমূহক জনা যায় শ্রেণীবদ্ধ অধিকাৰ হিচাপে।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. আমি কিদৰে মানৱ অধিকাৰক শ্রেণীভুক্ত কৰিব পাৰো? 

উত্তৰঃ মানৱ অধিকাৰৰ শ্ৰেণীকৰণৰ বিভিন্ন পন্থাউপায় আছে। তৰেকিছুমান তলত উল্লেখ কৰ হ’ল—

(ক) শ্রেণীবদ্ধ অধিকাৰঃ ইয়াত পৌৰ আৰু ৰাজনৈতিক অধিকাৰসূহক অন্তৰ্ভুক্ত কৰা হয় আৰু ই সাধাৰণতে ব্যক্তিৰ কাৰ্য প্ৰভাৱিত কৰা ৰাষ্ট্ৰৰ ক্ষমতাৰ বাধা প্ৰদান কৰে৷

(খ) মৌলিক অধিকাৰঃ মানৱ অধিকাৰৰ সংখ্যা নতুনকৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, কিছুমান অধিকাৰ প্লাৱিত হোৱাৰ আশংকা দেখা গৈছে। ফলশ্ৰুতিত “মৌলিক অধিকাৰ” শব্দ দুটিৰ প্ৰয়োগৰ যোগেদি কিছুমান বিশেষ অধিকাৰৰ অধিক গুৰুত্ব আঙুলিয়াই দিয়াৰ চেষ্টা কৰা হৈছে। কিছুমান অধিগাৰ ইমানেই তাৎপর্যপূর্ণ যে, সেইসমূহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নীতিত সদায় অগ্ৰাধিকাৰ লাভ কৰাটো বাঞ্চনীয়। এই অধিকাৰে, ব্যক্তিৰ মৰ্যাদা তথা বস্তুগত প্রয়োজনসমূহ পূৰণৰ বাবে প্ৰয়োজনীয় সকলো অধিকাৰক অন্তৰ্ভুক্ত কৰে।

(গ) সামূহিক আৰু ব্যক্তিগত অধিকাৰঃ সাধাৰণতে, অধিকাংশ মানৱ অধিকাৰ ব্যক্তিৰ লগত জড়িত। তদুপৰি, এইটোও স্পষ্টকৈ ওলাই পৰিছে যে, তাৰ কিছুমান সামূহিক বা গোটতহে কেৱল ব্যৱহাৰ কৰিব পৰা যায়৷ যেতিয়া কোনো অধিকাৰ প্ৰয়োগৰ যোগ্যতা, কোনো বিশেষ গোটৰ সদস্যপদৰ লগত সংযুক্ত হৈ তাকে, তেদিয়াহে সামূহিক অধিকাৰ প্রশ্ন উত্থাপিত হয়।

(ঘ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ অধিকাৰঃ স্পষ্টকৈ, মানৱ অধিকাৰৰ এই শ্ৰেণীকৰণে, অধিকাৰৰ ঐতিহাসিক বিকাশক বুজায়। পৌৰ আৰু ৰাজনৈতিক আধিকাৰ হ’ল প্ৰথম প্ৰজন্মৰ, সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ হ’ল দ্বিতীয় প্ৰজন্মৰ অধিকাৰ। আজিৰ শৈক্ষিক মহলে, এক তৃতীয় প্ৰজন্মৰ অধিকাৰৰ অৱস্থিতিৰ উল্লেখ কৰে, যিবোৰ সামূহিক অধিকাৰ। উদাহৰণস্বৰূপে— শান্তি লাভৰ অধিকাৰ, উন্নয়নৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, এক চ্ছ পৰিৱেশৰ অধিকাৰ ইত্যাদি। মৌলিক অধিকাৰসমূহ প্ৰয়োজনত গতিশীল।

2. মানৱ অধিকাৰৰ ছয়টা প্রধান বৈশিষ্ট্য কি কি?

উত্তৰঃ ১। মানুহৰ অধিকাৰ আছে, সহজভোৱে কাৰণ তেওঁলোক মানুহঃ 

সকলো মানুহৰে এক মানৱীয় মর্যাদাসম্পন্ন জীৱন-যাপনৰ অধিকাৰ আছে আৰু সকলো মানুহে এই উদ্দেশ্য পূৰণৰ বাবে কাৰ্য কৰে। এই অধিকাৰসমূহ জাতি, বর্ণ, ধর্ম, লিংগ ইত্যাদিৰ ভিত্তিত অস্বীকাৰ কৰিব নোৱাৰি৷

২। মানৱ অধিকাৰসমূহ সার্বজনীনঃ

মানৱ অধিকাৰে ৰাষ্ট্ৰ, জাতি, লিংগ, বর্ণ ইত্যাগিক মূল্য প্রদান নকৰে৷ সকলো ॥ ৰাষ্ট্ৰৰ, জাতিৰ, ধৰ্মৰ, বৰ্ণৰ মানুহে সকলো ঠাইতে একে অধিকাৰ লাভ কৰে। বিশ্বৰ সকলো মহাদেশৰ সকলো উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰই সকলো নাগৰিকৰ বাবে একে অধিকাৰৰ প্ৰত্যাভূতি কৰিব লাগে।

৩। মানৱ অধিকাৰে সকলোকে সমানভাৱে বিচাৰ কৰেঃ

মানৱ অধিকাৰে এই ধাৰণাটো মানি চলে যে, “সকলো মানুহ মুক্ত আৰু সমান অধিকাৰ তথা মৰ্যাদাৰে জন্মলাভ কৰে।” সেয়েহে বিভিন্ন সংস্কৃতি, পৰম্পৰা, ৰাজনৈতিক বিশ্বাস তথা পৰামৰ্শ, সামাজিক উৎপত্তি, প্রস্থিতি, লিংগবিষয়ক, ইত্যাদি দিশসমূহক সন্মান জনাই সকলোৱে সমান সা-সুবিধা আৰু ব্যৱহাৰ বাঞ্চা কৰে। চৰকাৰে সেয়েহে, দেশৰ সকলো মানুহক সমান সা-সুবিধা প্ৰদানৰ বাবে কাম কৰিবলাগে আৰু কেতবোৰ নিৰ্দিষ্ট অংশ যেনে— মহিলা, শিশু আৰু অক্ষম, তেওঁলোকক সেই সা-সুবিধাসমূহ সমানে প্ৰদানৰ ক্ষেত্ৰত অতিৰিক্ত কামত লিপ্ত হ’ব লাগে।

৪। এই অধিকাৰসমূহ প্রাথমিকভাৱে ব্যক্তিৰ লগত জড়িতঃ

ই বুজাই যে মানৱ অধিকাৰ ব্যক্তি আৰু ৰাষ্ট্ৰীয় সম্পৰ্কৰ লগত জড়িত সেইবাবে চৰকাৰে এনে এখন সমাজ গঢ়ি তুলিব লাগে য’ত সকলো ব্যক্তিয়ে নিজৰ অধিকাৰসমূহ সম্পূৰ্ণকৈ আৰু মুক্তভাৱে প্ৰয়োগ কৰিব পাৰে৷

৫। মানৱ অধিকাৰে মানৱতাৰ মৌলিক ৰীতিসমূহক আৱৰি আছেঃ 

এই অধিকাৰসমূহ ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ আৰু মৰ্যাদাসম্পন্ন জীৱনৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে৷ জীয়াই থকাৰ অধিকাৰ দাসত্বৰ পৰা স্বাধীনতা, যাতনা/অত্যাচাৰৰ পৰা স্বাধীনতা ইত্যাদি এই অধিকাৰৰ উদাহৰণ।

৬। মানৱ অধিকাৰৰ সুৰক্ষা আৰু উন্নতি ৰাষ্ট্ৰৰ চাৰিসীমাতে সীমাবদ্ধ নহয় বৰং গোটেই বিশ্বতে প্রযোজ্য নির্দিষ্ট আদর্শ কিছুমান ই চুক্তিবদ্ধ কৰেঃ 

মানৱ অধিকাৰে তাৰ প্ৰতি সন্মান, সুৰক্ষা আৰু উন্নতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অৱস্থাৰ (পৰিবেশৰ) সৃষ্টিৰ দিশত ৰাষ্ট্ৰসমূহক দায়বদ্ধ কৰে।

3. ভাৰতীয় সংবিধানে প্ৰদান কৰা মানৱ অধিকাৰৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানে মানৱ অধিকাৰৰ প্ৰাপ্য গুৰুত্বৰ স্বীকৃতি প্রদান কৰি কিছুমান মৌলিক অধিকাৰক ইয়াৰ তৃতীয় অংশত প্ৰত্যাভূতি কৰিছে যিয়ে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ আৰু সাংবিধানিক প্রতিকাৰৰ অধিকাৰক অন্তৰ্ভুক্ত কৰিছে। সংবিধানে 32 নং অনুচ্ছেদ মৰ্মে প্ৰদান কৰা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰে মৌলিক অধিকাৰসমূহ বলবৎ কৰাৰ বাবে ভাৰতীয় উচ্চম ন্যায়ালয়ৰ প্ৰকৃত ক্ষমতাৰ নিৰ্দেশ কৰিছে।ইহ’ল ব্যক্তিৰ অধিকাৰ ভংগৰ বিৰুদ্ধে সাংবিধানিক সুৰক্ষাৰ এক ব্যৱস্থা।

ভাৰতৰ সংবিধানে চতুর্থ অংশত পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ উল্লেখ আছে, যিবোৰ শাসনৰ মৌলিক ৰীতি আৰু ৰাষ্ট্ৰই তাৰ নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত এইসমূহত চকু দিবলাগে। এইসমূহে এক সামাজিক শৃংখলা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ কৰ্তব্য— মানুহৰ কল্যাণ সাধন কৰা, সামাজিক ন্যায়, কৰ্মৰ অধিকাৰ, শিক্ষা আৰু সামাজিক নিৰাপত্তা, কামৰ বাবে ন্যায়সংগত আৰু মানৱীয় অৱস্থা, দুৰ্বল শ্ৰেণীৰ আগ্ৰহৰ উন্নতি সাধন, পুষ্টিৰ স্তৰ/মান উন্নত কৰা, জীৱনৰ মানদণ্ড উন্নতকৰা, জনস্বাস্থ্যৰ উন্নতি পৰিৱেশ তন্ত্ৰ পাৰিপাৰ্শ্বিকতা আৰু বন্য জীৱনৰ সুৰক্ষা তথা উন্নতি, ইত্যাগিক সামৰি লয় ৷

তদুপৰি, মৌলিক অধিকাৰৰ প্ৰত্যাভূতিক শক্তিশালী কৰিবলৈ সংবিধানৰ 51(A) নং অনুচ্ছেদত প্রত্যেক নাগৰিকৰ বাবে এক বিস্তৃত মৌলিক কৰ্তব্যৰ প্রকাশো ভাৰতীয় সংবিধানত দেখা যায়। ইয়াৰ উপৰিও, এফালে যিদৰে 32 নং অনুচ্ছেদে ন্যায়ালয়ক মৌলিক অধিকাৰসমূহ বলবৎ কৰাৰ দিশত শক্তিশালী কৰি তুলিছে, 226 নং অনুচ্ছেদে একে অভিপ্রায়তে ক্ষমতা প্রয়োগৰ দিশত উচ্চ ন্যায়ালয়সমূহক শক্তিবন্দ কৰি তুলিছে। উৰ্দ্ধতম ন্যায়পালিকাৰ সাংবিধানিকভাৱে বাধ্যতামূলক প্রাথমিক কৰ্তব্য হ’ল মানৱ অধিকাৰৰ সুৰক্ষা তথা বলবৎ কৰা। ন্যায়িক সমীক্ষাৰ দৰে, আইনৰ শাসনো ভাৰতীয় সংবিধানৰ এক প্ৰধান মূল বৈশিষ্ট্য। মানৱ অধিকাৰৰ বিস্তৃতিৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ভূমিকা প্ৰশংসনীয় আৰু এই দিশত সংবিধানৰ 21 নং অনুচ্ছেদ অধিক ফলপ্রসূ হিচাপে পৰিগণিত হৈছে। বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় উচ্চতম ন্যায়ালয়ে এই অনুচ্ছেদৰ অন্তৰ্গত দিশত মানৱ অধিকাৰ বংগৰ বাবে ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে ৷ যেনে— মানৱীয় মর্যাদাৰ অধিকা, স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ, শিশুকালৰ সুৰক্ষাৰ অধিকাৰ আদি।

4. চমু টোকা লিখাঃ

(a) মানৱ অধিকাৰৰ সাৰ্বজনীনকৰণ।

উত্তৰঃ ইউৰোপৰ কিছুমান প্ৰাচীন/আগতীয়া ৰাষ্ট্ৰীয় চনদ আৰু সংবিধানত অধিকাৰ সম্বন্ধীয় দলিলৰ সংযোজনে এটা কথা আঙুলিয়াই দিয়ে যে মানৱ অধিকাৰৰ ধাৰণা এক অলপতে উদ্ভৱ হোৱা ধাৰণা নহয়।

কিছুমান নির্দিষ্ট মৌলিক স্বাদীনতাক স্বীকৃতি প্রদান কৰা প্ৰাচীন ইউৰোপীয় চনদসমূহ আছিল— মেগ্নাকার্টা (1215), ইউনিয়ন অৱ ৰেটচেট (1579) (Union of Utrecht – Netherlands) নেডাৰলেণ্ড আৰু ব্ৰিটিছ বিল অৱ ৰাইটচ (1689) (British Bill of Rights-1689)।

এই চনদসমূহে, বিশেষ প্ৰস্থিতিত অৱস্থান কৰা ব্যক্তি কিছুমানে দাবী কৰিব পৰা কিছুমান স্বাধীনতাক নিৰ্দিষ্ট কৰিছিল, কিন্তু সেইসমূহে সকলোকে আৱৰি লোৱা নাছিল,বৰং সেইসমূহ এক বিশেষ ব্যক্তিকহে অৰ্পণ কৰা হৈছিল। তাৰ পৰৱৰ্তী কেইটামান শতিকাত, ক্রমান্বয়ে স্বাধীনতাৰ ধাৰণা প্ৰস্থিতিৰ পৰা পৃথক কৰা হ’ল আৰু ইয়াক সকলো মানুহৰে অধিকাৰ হিচাপে গণ্য কৰা হ’ল।

যেতিয়া উত্তৰ আমেৰিকাৰ ব্ৰিটিছ উপনিবেশসমূহে স্বাধীনতাৰ যুঁজত লিপ্ত আছিল, তেতিয়া তেওঁলোকে সাৰ্বজনীন সমতা আৰু অহস্তান্তৰযোগ্য কিছুমান অধিকাৰৰ উপস্থিতিৰ ভিত্তিত 1776 চনত তেওঁলোকৰ নিজৰ ‘স্বাধীনতাৰ ঘোষণাপত্র’ তৈয়াৰ কৰিছিল। এই দলিলসমূহ অৱশেষত আমেৰিকাৰ অধিকাৰৰ বিধেয়ক ‘আমেৰিকান বিল অব ৰাইটছ’ (American Bill of Rights)-ত অন্তৰ্ভুক্ত কৰা হৈছিল, যিবোৰ আমেৰিকাৰ সংবিধানৰ এক অংশ। মানৱ অধিকাৰৰ ধাৰণাৰ আন্তঃৰাষ্ট্ৰীয় বিকাশক (ফ্রান্স ডিক্লাছেন অৱ ডি ৰাইটছ অৱ মেন— 1789)-ৰ যোগেদি স্পষ্টকৈ (মানুহৰ অধিকাৰৰ ফৰাছী (ঘোষণা) প্ৰকাশ কৰিব পৰা যায়।

ওঠৰ আৰু উনৈশ শতিকাৰ অধিকাৰসমূহক ‘মূল শ্রেণীবদ্ধ অধিকাৰ’ হিচাপে অভিহিত কৰা হয়, যিয়ে ব্যক্তিৰ স্বাধীনতাৰ লগত সংযুক্ত হৈ থাকে আৰু বহুতো ৰাষ্ট্ৰীয় সংবিধানত স্থান দখল কৰিছে। চৰকাৰে আজিকালি, নিয়োগ, শিক্ষা, স্বাস্থ্য আৰু কল্যাণৰ ক্ষেত্ৰত কেতবোৰ নতুন বৰ্গৰ অধিকাৰ সন্নিৱিষ্ট কৰিছে। সেইসমূহক ‘সামাজিক অধিকাৰ’ হিচাপে জনাজাত।

সামাজিক অধিকাৰসমূহ আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাত প্ৰথমে চামিল কৰা হৈছিল, উদাহৰণস্বৰূপে— আন্তঃর্জাতিক শ্রমিক সংগঠন (International Labour Organization)- ILO, 1919 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই বিভিন্ন শ্রম সম্পৰ্কীয় নিৰ্দেশনাৰ মূল হোতা।

(b) ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ভূমিকা।

উত্তৰঃ 1993 চনত ভাৰতত ‘মানৱ অধিকাৰ সুৰক্ষা আইন’ জাৰি কৰা হয়, যিয়ে মানৱ অধিকাৰৰ শ্ৰেষ্ঠতব সুৰক্ষা ততা তাৰ লগত সম্পৰ্কীত বিষয়সমূহৰ মীমাংসাৰ বাবে এখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ গঠনত সন্মতি প্রদান কৰে। এই আইনৰ 2(1) (d) অংশত ‘মানৱ অধিকাৰ’ৰ সংজ্ঞা দিয়া হৈছে। ইয়াত প্ৰকাশ কৰা হৈছে যে, জীৱন, স্বাধীনতা, সমতা আৰু ব্যক্তিৰ মৰ্যাদাৰ লগত সংযুক্ত অধিকাৰসমূহ, যাক সংবিধানে প্ৰত্যাভৃতিকৰে আৰু আন্তর্জাতিক চুক্তিত যিয়ে চামিল হৈ আছে আৰু ভাৰতত ন্যায়্যলয়ৰ দ্বাৰা বলবৎযোগ্য, সেইসমূহে হ’ল মানৱ অধিকাৰ। এই আইন 12 নং অংশত আয়োগৰ কাৰ্যাৱলীৰ গণনা আগবঢ়োৱা, হৈছে, যিয়ে এক বৃহৎ এলেকা সামৰি লয় আৰু প্ৰকাশ কৰে যে, এই আয়োগ কেৱল মানৱ অধিকাৰৰ ভংগ বা মানৱ অধিকাৰৰ বংগৰ ক্ষেত্ৰত হোৱা অৱহেলাজনিত গোচৰৰ অনুসন্ধানতে লিপ্ত নহয় বৰং ই মানৱ অধিকাৰ সংস্কৃতিৰ উন্নতি আৰু মানু অধিকাৰৰ উন্নতিৰ বাবে প্রয়োজনীয় যিকোনো কার্য পালনকো সামৰি থাকে৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ দিনৰ পৰাই 1993 ইভাৰতীয় উচ্চতম ন্যায়ালয়ৰ সৈতে পৰিপূৰকভাৱে তাৰ ভূমিকা পালন কৰি আহিছে, বিশেষতঃ সেইসমূহ কাৰ্য য’ত প্ৰকৃতিগতভাৱে আয়োগে সুফল দেখুৱাব পাৰে, যেনেযিকোনো পৰিঘটনা বা সংস্থাৰ কাৰ্য চোৱা-চিতা তত্ত্বাৱধান লোৱা৷ যেই হওঁক, এই সংস্থাসমূহৰ মাজৰ নিৰ্ভৰশীলতাই উল্লেখনীয়ভাৱে দেশত মানৱ অধিকাৰ সুৰক্ষা কৌশলৰ উন্নতি সাধন কৰে, যি ৰাষ্ট্ৰৰ এক প্ৰাথমিক দায়িত্ব।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে, মানৱ অধিকাৰ আইনৰ 12 নং অংশত অন্তৰ্ভুক্ত ইয়াৰ কাৰ্যাৱলীও ব্যাখ্যা আগবঢ়াইছে যাৰ যোগেদি শাসনৰ সংস্থাসমূহৰ কাম-কাজত তত্ত্বাৱধানলৈ মানৱ অধিকাৰৰ সুৰক্ষা অধিক নিশ্চিত আৰু তাৰ উলংঘা ৰোধ কৰিব পাৰি। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক ঘটকৰ ভূমিকাত দৃষ্টিনিক্ষেপ কৰে যাতে সু-শাসনে সংবিধান আৰু আইনৰ শাসনৰ সহায়ত মানৱ অধিকাৰৰ সুৰক্ষা অধিক কার্যকৰী কৰাৰ দৃঢ়বিশ্বাস আগত ৰাখি শাসনৰ গুণমান, উন্নত কৰিব পৰা যায়। এই দুই অংশৰ মাজৰ যোগসূত্ৰ প্ৰত্যক্ষ আৰু স্পষ্ট।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিভিন্ন চৰকাৰী এজেন্সী বা সন্ত্রাসবাদী সংগঠনে সম্পূৰ্ণকৈ উলংঘা কৰা বহুতো মানৱ অধিকাৰৰ গোচৰ অনুসন্ধান কৰিছে। আয়োগে মানৱ অধিকাৰ ভংগৰ গোচৰৰ অনুসন্ধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা যিকোনো চৰকাৰ বা কোনো তাৰ অধীনস্থ সংগঠনৰ পৰা তথ্য বা প্রতিবেদন বিচাৰিব পাৰে আৰু এক নিৰ্ধাৰিত সময়ৰ ভিতৰত তাক দাখিল কৰিবলৈ নিৰ্দেশ কৰিব পাৰে।এই অনুসন্ধানসমূহৰ পাছত আয়োগে এক সিদ্ধান্তলৈ আহিছে যে, য’ত মানৱ অধিকাৰৰ উলংঘা হয়, তাত তলত দিয়া পদক্ষেপসমূহ হাতত ল’ব লাগে।

১। য’ত অনুসন্ধানে প্ৰকাশ কৰে কোনো প্রশাসনিক বিষয়াৰ দ্বাৰা মানৱ অধিকাৰৰ উলংঘা বা তেওঁৰ গাফিলতিৰ বাবে মানৱ অধিকাৰ ভংগত বাধা। প্ৰদান কৰিব পৰা হোৱা কৰি বিহিত ব্যৱস্থা লোৱা পৰামৰ্শ দিব লাগে।

২। এই দিশত সংশ্লিষ্ট উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে।

৩। আয়োগে সংশ্লিষ্ট চৰকাৰ অথবা কৰ্তৃপক্ষক দুর্দশাগ্রস্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক তাৎক্ষণিক মধ্যৱৰ্তী সাহাৰ্য অনুদান প্ৰদানৰ পৰামৰ্শ দিয়ে। 

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে তাৰ সিদ্ধান্তসমূহ আদালতৰ, ন্যায়ালয়ৰ পন্থাৰে প্ৰদানো নকৰে আৰু তাৰ পৰামৰ্শসমূহ ন্যায়ালয়ৰ আদেশ দলে বলবত্ত কৰিব পৰা নাযায়। কিন্তু আয়োগৰ পৰামৰ্শসমূহে বিস্তৃত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সামাজিক আৰু ৰাজনৈতিক দিশত গভীৰ প্ৰভাৱ পেলাইছে। টাডা (TADA) আইনৰ বিৰুদ্ধে আয়োগে পৰিচালনা কৰা প্ৰচাৰ কাৰ্যৰ ভূমিকা এইক্ষেত্ৰত উল্লেখনীয়। ইয়াৰ এক অস্থায়ী আইনৰ ক্ষমতা আছিল, যি 1995 চনৰ 23 মে’ত উকলি যায়৷ যেতিয়া টাডা (TADA) বাতিল হৈ পৰে, তেতিয়া চৰকাৰৰ এক বিকল্প আইনৰ প্ৰস্তাৱত সংসদে সন্মতি প্ৰদন নকৰিলে।

(c) মানৱ অধিকাৰৰ সুৰক্ষা তথা উন্নতিৰ বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা।

উত্তৰঃ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্তৰ ধাৰণাত মানৱ অধিকাৰৰ প্ৰভাৱে এক গভীৰ পৰিৱৰ্তন কঢ়িয়াই আনিছে। আজিৰ কোনো ৰাষ্ট্ৰই ক’ব নোৱাৰে যে তাৰ নাগৰিকসকলক সি কিদৰে বিবেচনা কৰিব, সেইটো তাৰ এক ঘৰুৱা (ব্যক্তিগত) বিষয়। মানৱ অধিকাৰৰ বিশ্বায়নৰ লগতে এক ‘গোলকীয় গাঁও’ৰ আধুনিক ধাৰণাই পৃথিৱীৰ যিকোনো অৱস্থাৰ মানৱ অধিকাৰক এক আন্তর্জাতিক বিচার্য বিষয়লৈ উন্নিতি কৰিছে। ঐচ্ছিক সংগঠনসমূহ যাক বেচৰকাৰী সংগঠন (NGO) হিচাপেও জনা যায়। সেইসমূহে গোটেই বিশ্বৰ সকলো সমাজতেই মানৱ অধিকাৰৰ প্ৰতি সন্মতি প্ৰদান আৰু তাৰ উন্নয়নত, উন্নতিত আগভাগ লৈছে। 

মানৱ অধিকাৰ ভংগৰ গম্ভীৰ বিষয়সমূহত আন্তর্জাতিক বেচৰকাৰী সংগঠন‌ যেনে— এমানদুটি ইণ্টাৰনেছনেল, হিউমেন ৰাইটছ ৱাটছ আৰু বেচৰকাৰী সংগঠন যেনে— পিপুলছ ইউনিয়ন ফ’ৰ ছিভিল লিবাৰটিছ কাৰ্যসমূহৰ পূৰ্বৰ য়োগোছলোভিয়া (কাছোভো, বোদুনিয়া ইত্যাদি) ৰ’ৱানডা, পূব টাইমূৰ, ছিৰিয়া, লিউনী, ছুডান, ভাৰতৰ গুজৰাট আৰু অন্যান্য বহুসংখ্যক ঠাইত সংঘাটৰ ক্ষেত্ৰত স্পষ্ট উদাহৰণ । আন্তর্জাতিক পর্যায়ত এই সংগঠনসমূহৰ কাম-কাজসমূহৰ মাজত 1996 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্রতিষ্ঠা কৰা মানৱ অধিকাৰ আয়োগৰ মাধ্যমেদি এক সহযোগিতা স্থাপনৰ ব্যৱস্থা কৰা হয় ।

বেচৰকাৰী সংগঠনসমূহৰ এই কাৰ্যসমূহৰ ফলস্বৰূপে, ৰাষ্ট্ৰসমূহৰ বাবে তেওঁলোকৰ আভ্যন্তৰীণ মানৱ অধিকাৰৰ নিৰ্দেশনাসমূহৰ কাৰ্যকৰীকৰণৰ প্রতিবেদন এক আইনী/সংসদীয় অংশ (মানৱ অধিকাৰ কমিটি, শিশুৰ বাবে থকা কমিটি, মহিলাৰ কমিটি, বৰ্ণ-বৈষম্য দূৰীকৰণ সংক্রান্তীয় কমিটি)ক প্ৰদান কৰাটোও একেদৰেই প্ৰয়োজনীয় হৈ পৰিছে।

এইশতিকাৰ আগভাগলৈকে, সার্বভৌম ৰাষ্ট্ৰসমূহে সময়মতে তাৰ আভ্যন্তৰীণ বিষয়ত য’ত চৰকাৰে তাৰ নাগৰিকৰ ওপৰত কৰা ব্যৱহাৰ অন্তৰ্ভুক্ত, তাৰ প্ৰতিবেদন এক আন্তর্জাতিক সংস্থাক/ সংৰচনাক প্ৰদান কৰাটো আৰু সেই প্রতিবেদনৰ আলোচনাত ৰাষ্ট্ৰখনৰ লগতে আন্তর্জাতিক সংস্থাটোৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সদস্যৰ অংশগ্ৰহণৰ বিষয়টো চিন্তাৰো অগোচৰ আছিল। এইটো আজি কেৱল মানৱ অধিকাৰৰ ধাৰণাটোৰ ক্ষমতাৰ বাবে সম্ভৱ হৈ উঠিছে। মানৱ অধিকাৰৰ সুৰক্ষা তথা উন্নতিত বে-চৰকাৰী সংগঠনসমূহৰ ভূমিকা আজি বিতৰ্কৰ বিষয় নহয় ৷ ইয়াৰ প্ৰভাৱ স্পষ্ট আৰু প্ৰকাশ্য। প্রকৃত মানৱ অধিকাৰ এজেন্সিসমূহৰ লগতে চৰকাৰী আৰু বেচৰকাৰী, মানৱ অধিকাৰ আন্দোলনসমূহ ভাৰতত যথেষ্ট শক্তিশালী। মানৱ অধিকাৰ উলংঘন ৰোধ কৰাৰ দিশত এক প্রধান প্রতিবন্ধক হ’ল দৰিদ্ৰতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top