ASOS Class 12 Assamese (MIL) Chapter 17 নাটঘৰ

ASOS Class 12 Assamese (MIL) Chapter 17 নাটঘৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 17 নাটঘৰ and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 17 নাটঘৰ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 17 নাটঘৰ Solutions for All Subject, You can practice these here.

নাটঘৰ

Chapter : 17

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। কবি নলিনীবালা দেৱীৰ কোন চনত জন্ম হয়?

উত্তৰঃ কবি নলিনাবালা দেৱীৰ ১৮৯৮চনত জন্ম হয়।

২। কবি নলিনীবালা দেৱীৰ প্ৰথম কবিতাপুথিখনৰ নাম কি? 

উত্তৰঃ কবি নলিনীবালা দেৱীৰ প্ৰথম কবিতাপুথিখনৰ নাম সন্ধিয়াৰ সুৰ। 

৩। নলিনীবালা দেৱীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম ‘এৰি অহা দিনবোৰ’।

৪। কোনখন গ্ৰন্থৰ বাবে কবিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে? 

উত্তৰঃ ‘অলকানন্দা’ গ্ৰন্থৰ বাবে কবিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 

৫। নলিনীবালা দেৱীয়ে কোন চনত পদ্মশ্ৰী উপাধি লাভ কৰে? 

উত্তৰঃ ১৯৫৭ চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰে। 

৬। ‘নাটঘৰ’ কবিতাটি কোনখন কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে? 

উত্তৰঃ ‘নাটঘৰ’ কবিতাটি সপোনাৰ সুৰ নামৰ কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে। 

৭। ‘বিফলতা লৈয়ে ৰচিলো জীৱন-গীতি’ —ইয়াৰ অৰ্থ কি? 

উত্তৰঃ কবিৰ মতে মানৱ জীৱনটো কৰুণ আৰু বিফলতাৰে পৰিপূৰ্ণ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। ‘জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা’ —এই কথাষাৰৰ দ্বাৰা কবিয়ে কি বুজাইছে?

উত্তৰঃ মানুহৰ জীৱনটো এটা সপোনৰ দৰে। সপোনত দেখা সকলো কথাই মিছা। কিয়নো সাৰ পোৱাৰ পিছত তাৰ কোনো স্থিতি নাথাকে। মানুহৰ জীৱনৰো সকলো কথাই মৰীচিকা সদৃশ। জীৱনৰ অন্তত তাৰ কোনা অৱশেষ নাথাকে। 

২। ” কোন মহাশূন্য ভেদি আহিছিলো অকলই”, ইয়াত কি কথা প্ৰকাশ পাইছে?

উত্তৰঃ কবিৰ মনত এক উত্তৰবিহীন চিৰন্তন প্রশ্নৰ উদয় হৈছে যে মানুহ এই বিশাল বিশ্বলৈ কোনো মহাশূন্য ভেদ কৰি আহে।

৩। ‘কতজনে কতৰূপে জীৱনৰ ভাও দি দি’ —এই বাক্যটিৰ অৰ্থ কেনেকুৱা?

উত্তৰঃ সংসাৰ মঞ্চত স্বামী, পুত্র, কন্যা আদিৰ নানা ভাও দিয়ে। 

৪। “শূন্য আজি নাটঘৰ, স্মৃতিৰ শলিতা জ্বালি

বহি বহি ৰাতিটো পুৱাল।” —ইয়াত ‘নাটঘৰ’শব্দটোৰে কি বুজাইছে?

উত্তৰঃ ইয়াত ‘নাটঘৰ’ শব্দটোৰে কবিয়ে সমগ্ৰ পৃথিৱীখনকে এখন ৰংগমঞ্চ বা নাট্যগৃহ বুলি বুজাব খুজিছে। এই মঞ্চত মানুহে ৰজা-প্রজা, সুখী-দুখী, সাধু-ভণ্ড আদিৰ নানা ভাও দিয়ে।

৫। কবিয়ে যি ছবি আঁকিবলৈ যত্ন কৰিছে তাত তেওঁ সফল হৈছে নে?

উত্তৰঃ কবিয়ে অতীতৰ হেৰোৱা ছবিবোৰ ৰূপৰ তুলিকা ধৰি আঁকিবলৈ কক্ষ যত্ন কৰিছে; কিন্তু তেওঁ বিফল হৈছে।

৬। অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ মনত যেতিয়া কোনা এটা বিষয় জানিবলৈ কৌতূহল উদ্ৰেক হয় অথচ কৌতূহল চৰিতাৰ্থ কৰা বা যাৰ বিষয়ে সঠিক জ্ঞান ইন্দ্রিয়গ্রাহ্য নহয় সেয়াই সহজ অৰ্থত অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ। যিসকল লোকে ইয়াৰ সন্ধান কৰে তেওঁলোককে অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী বুলি কোৱা হয়। ৰহস্যবাদীসকলে জগতৰ সকলো বস্তুতে এক পৰম সত্তা স্থিতি উপলব্ধি কৰে। তেওঁলোকৰ মতে জগতত থকা ভিন্ন তথা বিচিত্র বস্তুবোৰ সেই পৰম সত্তাহে অংশ। অখণ্ড দৃষ্টিৰে ভগৱৎ সত্বা বা তেওঁৰ বিশ্ব সৃষ্টিৰ সত্যক উপলব্ধি কৰি তেওঁৰ লগত মিলনৰ যি আকাংক্ষা জন্মে, সেই দৈৱী অনুভূতি সম্পন্ন আকাংক্ষাক সাহিত্যৰ মাজেৰে প্ৰকাশ কৰাই হ’ল ৰহস্যবাদ। ৰহস্যবাদ অকল এক অনুভূতিয়ে নহয়, নিজক এক বিশেষ অৱস্থালৈ লৈ যোৱাৰ প্ৰচেষ্টাও বুলি ক’ব পাৰি। 

৭। “জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি

ভুৱা দেখি লাগিছে ভাগৰ”, —ইয়াৰ দ্বাৰা কবিয়ে কি ক’ ব বিচাৰিছে? 

উত্তৰঃ কবিৰ মতে এই পৃথিৱীখন এখন ৰংগ মঞ্চস্বৰূপ। এই ৰঙ্গ মঞ্চতে কবি ভুৱা অভিনয় কৰি কৰি ভাগৰি পৰিছে। কিয়নো তেওঁৰ পৰম আকাংক্ষিত চিৰসুন্দৰৰ সান্নিধ্য পোৱা নাই।

৮। ‘চকুৰ চিনাকি দুদিনৰ’ —মানে কি? 

উত্তৰঃ সংসাৰত থকা কেইদিনহে মানুহে পৰস্পৰক চিনি পায়; মৃত্যুৰ পিছত আত্মাই কাৰো চিনাকি ল ‘বলৈ নাহে। সংসাৰখন যে অস্থায়ী তাকেই কবিয়ে ক’ব বিচাৰিছে। 

৯। জগতত কবিয়ে স্থায়ী মৰমৰ সন্ধান কিবা পালেনে নাই বুজাই লিখা।

উত্তৰঃ কোনোবা মহাশূন্য ভেদ কৰি এই জগতলৈ অহা কবিয়ে ইয়াত কোনো স্থায়ী মৰমৰ সন্ধান নাপালে। কিয়নো যিসকল তেওঁৰ স্বামী, পুত্ৰ-কন্যা আদি আপোন ৰূপত আহিছিল তেওঁলোক সকলোৱে তেওঁৰ অন্তৰ ভাঙি মাথোন দুখৰ স্মৃতিহে দি এজন এজনকৈ আঁতৰি গ’ল। সেয়েহে কবিয়ে অনুভৱ কৰিছে যে পৃথিৱীত থকা দিনকেইটাত ইজনে সিজনক দেখুওৱা মৰমবোৰ খন্তেকীয়াহে।

১০। প্রসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা : 

(ক) জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি

ভুৱা দেখি লাগিছে ভাগৰ,

সাগৰ-বালিতে সাজি ধেমালিৰ বালি ঘৰ

পাহৰিলো ৰূপ সাগৰৰ।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ ‘নাটঘৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

ৰঙ্গমঞ্চ স্বৰূপ পৃথিৱীত কবিয়ে মিছা অভিনয় কৰি ভাগৰি পৰাৰ লগতে মানুহৰ জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা ক’বলৈ গৈ কবিতাটিত এই স্তৱকটিৰ অৱতা কৰিছে।

ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ মতে সমগ্ৰ পৃথিৱীখনেই এখন ৰংগমঞ্চ এখনত বিভিন্নজন ভাৱৰীয়াই নিজ নিজ হঁহা-কন্দাৰ ভাও দিয়ে। ভাও শেষ হ’লে তেওঁলোক এজন এজনকৈ ৰঙ্গমঞ্চৰপৰা আঁতৰি যায়। অভিনেতা-অভিনেত্ৰী আঁতৰি যোৱাৰ দৰে কোনোবা মহাশূন্য ভেদ কৰি এই পৃথিৱীলৈ অহা মানুহেও মৃত্যুৰ লগে লগে কোনোবা অজান দেশলৈ গতি কৰে। ইয়াত তেওঁলোক কোনো স্থিতি নাথাকে। কবি অনুভৱ কৰিছে তেওঁ নিজেও এজন জীৱন নাটৰ ভাৱৰীয়া। জীৱন নাটৰ নানা দুখ-কষ্ট, শোক-তাপত জৰ্জৰিত হোৱা এটি চৰিত্ৰত কবিয়ে সুনিপুন অভিনয় কৰি কাৰুণ্য আৰু অৱসাদেৰে জীৱন ভৰাই তুলিছে। কিন্তু এনেধৰণৰ কষ্টকৰ চৰিত্ৰত ভাও দিও কবিয়ে পৰমজনৰ সান্নিধ্য নাপাই ব্যথিত হৈ পৰিছে। সেয়েহে কবিয়ে উপলব্ধি কৰিছে যে তেওঁ যেন সাগৰৰ পাৰত বালিঘৰ সাজোঁতে সাগৰৰ ৰূপেই পাহৰি গৈছে। যাৰ ফলত সাগৰৰ জোৱাৰে কবিৰ সেই বালিঘৰ সহজে উটাই লৈ গ’ল। 

(খ) কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ

চকুৰ চিনাকি দুদিনৰ

সসীমৰ ৰূপ-তৃষ্ণা অসীমত বুৰ যাব 

খহি গ’লে জৰী মৰমৰ।

উত্তৰঃ উল্লিখিত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ ‘নাটঘৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

এই পৃথিৱীত থকা মানুহবোৰ যে কোনো কাৰো আপোন নহয়, প্রত্যেকেই যে দুদিনৰহে চিনাকি সেই বিষয়ে ক’বলৈ গৈ কবিয়ে কবিতাটিত উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

কবিৰ মতে এই বিশাল বিশ্বখনি এখন ৰঙ্গমঞ্চ। ৰঙ্গমঞ্চত বিভিন্ন ভাৱৰীয়াই নিজ নিজ ভাও দি দর্শকক হাঁহি-কান্দোন, সুখ-দুখ, আনন্দ-বেদনা আদিৰ খোৰাক দিয়ে। একেদৰে এই বিশাল বিশ্বৰ মানুহৰো হাঁহি-কান্দোন, আনন্দ-বেদনা সকলো অভিনয়হে। আভনয় শেষ হ’লে মঞ্চৰ পৰা এজন এজনকৈ অভিনেতা অভিনেত্ৰী আঁতৰি যোৱাৰ দৰে মানুহো মৃত্যুৰ লগে লগে কোনোবা অজান দেশলৈ গতি কৰে। সেয়ে পৃথিৱীত থকা কালছোৱাত প্ৰকৃততে কোনো কাৰো আপোন নহয়। স্ত্রী-পুত্ৰ-কন্যা পৰিজনৰ বাবে লাগে লাগেকৈ হাবাথুৰি খোৱা মানুহে সকলোকে এৰি এদিন মৃত্যুৰ শীতল কোলাত স্থান ল’বলগীয়া হয়। 

মৃত্যুৰ পিছত জীৱাত্মাই এই পৃথিৱীৰ কাৰো খবৰ ল’বলৈ নাহে। আনকি এই পৃথিৱীত তেওঁৰ কোনো চিন চাবেই নাথাকে। গতিকে সকলোৱেই এই পৃথিৱীৰ দুদিনৰহে চিনাকি। সেয়েহে কবিয়ে ক’ব বিচাৰিছে যে মায়াৰ বান্ধোনতে আমি ‘মোৰ’‘আমাৰ’আদি বান্ধোনত বন্ধ খাওঁ। কিন্তু যিদিনা এই মায়াৰবান্ধোন ছিঙি যায় সিদিনা আমাৰ মনত এনে ভাবে ক্ৰিয়া কৰিব নোৱাৰে। এই বিশ্বজগত আৰু দেহৰ মায়াই হ’ল সসীম। আমাৰ মৃত্যুৰ লগে লগে জীৱাত্মা দেহৰ পৰা বাহিৰ হৈ যায় আৰু এইবোৰৰ ৰূপ-তৃষ্ণাও নাইকিয়া হৈ যায়। জীবাত্মাৰ তেতিয়া অকল অসীম বা অনন্তজনৰ লগতহে বিলীন হোৱাৰ বাসনা জন্মে। অসীম বা অনন্তজনৰ লগত বিলীন হ’লেহে আগৰ আত্মাই চিৰশান্তি লাভ কৰে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। নলিনীবালা দেৱীৰ ‘নাটঘৰ’ কবিতাটি ৰহস্যবাদী কবিতা হিচাপে বিচাৰ কৰা?

উত্তৰঃ অসমীয়া বিশ্ব কোষত উল্লেখ কৰা মতে “পৰম তাত্বিক দর্শন বা ব্ৰহ্ম দৰ্শনকে সাধাৰণতে অতীন্দ্ৰিয়বাদ বোলা হয়। এই দৰ্শনত দুই প্ৰকাৰৰ ধাৰণা থাকিব পাৰে, (ক) সসীমৰ মাজত পৰম সত্বাৰ অন্তবৰ্ত্তিতা, (খ) সকলো সসীমৰ সত্বাই দৰাচলতে অসৎ বা প্রপঞ্চ আৰু পৰম সত্বা বা ব্রহ্ম এই সকলোৰে অতীত, নিৰপেক্ষ আৰু একমাত্ৰ সৎ।” প্ৰাচ্য আৰু পাশ্চাত্য দুয়োখন দেশতে অতীন্দ্ৰিয়বাদী ধাৰণাটোৰ প্ৰভাৱ দেখা যায়। ইমানুৱেল কাণ্ট আৰু তেওঁৰ পৰৱৰ্ত্তী শ্বেলিৰ চিন্তাধাৰাত ‘অতীন্দ্ৰিয়’ পদৰ প্ৰয়োগ আছে যদিও কাণ্টে অতীন্দ্ৰিয় ধাৰণাৰ প্রাগঅনুভাবিক ধাৰণাৰ অৰ্থতহে শব্দটো প্ৰয়োগ কৰিছিল। তেওঁৰ পৰবৰ্ত্তী জার্মান ভাববাদী দার্শনিক সকলক সেয়েহে ব্যাপক অৰ্থত অতীন্দ্রিয়বাদী কোৱা হয়। ভাৰতবৰ্ষত জড়বাদী, চার্বাক আৰু পৰমাণুবাদী সম্প্ৰদায়ৰ বাহিৰে হিন্দু, বৌদ্ধ, জৈন আদি দৰ্শনত অতীন্দ্রিয়বাদী ধাৰণা অতি প্রবলভাবে দেখা যায়। হিন্দু দৰ্শনৰ গীতা আৰু উপনিষদবোৰ ৰহস্যবাদী আৰু অতীন্দ্ৰিয়বাদী ধাৰণাৰে সমৃদ্ধ গ্রন্থ।

এই ধাৰণামতে সমগ্র বিশ্ব জগতে এক পৰম সত্বাৰেই স্বৰূপ আৰু সেই সত্ত্বাই বৈদান্তিক, ব্যৱহাৰিক আৰু কলাত্মক সৌন্দৰ্যৰে বিশ্বক অনুপ্রাণিত আৰু জীৱন্ত কৰিছে। এয়েই ৰহস্যবাদ বা অতীন্দ্রিয়বাদী দৰ্শনৰ মূল কথা আমাৰ বৈষ্ণৱ কবিসকলকে ধৰি ৰোমাণ্টিক যুগৰ ভালেমান কবিৰ কবিতাত এই ধাৰণা প্ৰকট হৈ আছে। আচলতে ই এক অনন্ত ৰহস্য। সেয়েহে বৰ্ত্তমান ইয়াৰ অনুসন্ধান শেষ হৈ যোৱা নাই।

মাধৱদেৱে ঈশ্বৰৰ এই ব্যাপকতাকে লক্ষ্য কৰি কৈছে—

অব্যক্ত ঈশ্বৰ হৰি          কিমতে পুজিবা তাঙ্ক

ব্যাপকত দিবা বিসর্জ্জন। (নামঘোষা)

একেদৰে কবি নলিনীবালা দেবীয়েও কৈছে—

অব্যক্ত ঈশ্বৰ হৰি

ক’ত তুমি কেনেকৈ পুজিবা

বিশ্বব্যাপী ঈশ্বৰক ক’ত

আবাহন বিসর্জ্জন দিবা।

এইবোৰ কবিতাৰ মাজতে ৰঙে ৰূপে ভৰা এই পৃথিৱীখনৰ মোহময়ী সৃষ্টিৰ মাজতে তেওঁ তেওঁৰ পৰম পুৰুষৰ সন্ধান কৰিছে। অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী সকলে জগতৰ পৰম শক্তিক এক ব্যক্তিৰূপে কল্পনা কৰে, কোনোবাই পুৰুষৰূপে আন কোনোবাই নাৰীৰূপে। এই সসীম কল্পনাই তেওঁলোকৰ কবি মানসত অসীম ৰূপত মূৰ্ত্ত হৈ উঠে।বিশ্ব কবিৰ ভাষাত—

“সীমাৰ মাঝে অসীম তুমি 

বাজাও আপন বীণ” 

এনেবোৰ উপলব্ধিৰে সমৃদ্ধ দর্শনকে বা চিন্তা ভাৱনাকে আমি অতীন্দ্রিয়বাদ বা ৰহস্যবাদ বুলি কওঁ।

কবি নলিনীবালা দেবী এগৰাকী অতীন্দ্ৰিয়বাদী কবি। তেওঁৰ কবি মানসতো আহি পৰম পুৰুষে ব্যক্তিৰ ৰূপ লৈ সসীম সত্ত্বাৰে আত্মপ্রকাশ কৰিছে।

নিবিড় কৰা তোমাৰ পৰশ, গভীৰ মধুৰ ছন্দেৰে। 

দীপ্ত কৰা তৃপ্ত কৰা জ্যোতি আলোকেৰে।

কবিৰ অন্তৰৰ অসীম সত্বাই এইদৰে সসীম মানবীয় ৰূপ ললে। পৰজন্মৰ সান্ধিয়ে তেওঁক উন্মনা কৰিলে। তেওঁ সীমাৰ মাজতে লগ পাব খুজিলে অসীম সত্বাক-পুৱতিৰ শুভ লগনত, অৰুণৰ ৰঙা পোহৰত, তোমাৰ লগত মোৰ অনন্ত। মিলন, নিতে দেখা শেৱালি বনত। এইদৰে কবিৰ দৰ্শনে আহি জীৱনৰ সকলো এৰি থৈ শুদা হাত লৈ বিশ্বসুৰৰ পূজাৰী হৈছেহি। এই সুৰ কৃষ্ণৰ বাঁহীৰ দৰেই সুৰ। এই সুৰে তেওঁৰ বাবে নমাই আনিলে সৌন্দৰ্য্য, কেৱল মাথো সৌন্দৰ্য- এয়েই হ’ল অতীন্দ্ৰিয়বাদৰ শেষ স্তৰ, অসীমৰ মাজত মিলি যোৱাৰ সীমাহীন সুখৰ আন্তৰিক উপলব্ধি— “মোৰ এই পিঞ্জৰা/অশান্ত পখিটি দেখো/মেলি যাব খোজে অনন্তত/অসীমৰ অচিন বাটত।” গতিকেই নলিনীবালা দেৱীৰ এই দৃষ্টিভঙ্গীৰ মাজত নিখুঁতভাবে অতীন্দ্রিয়বাদী দর্শন প্রবাহিত হৈ আছে।

পাঠ্য নিৰ্দ্দিষ্ট কবিতাটোৰ মাজতো আমি অতীন্দ্ৰিয়বাদী ভাবধাৰাৰ সমন্বয় ঘটা বুলি ভাবিব পাৰো। ইয়াতো তেওঁ বিশ্ব জগতৰ চিৰন্তন নীতি-নিয়মৰ কথা উল্লেখ কৰিছে আৰু সকলোৰে শেষত যে এক মাত্ৰ পৰম সত্বাইহে সত্য এই তত্ত্বক তুলি ধৰিছে। সসীম জীৱনৰ মাজতে মানুহে নানা ভাওত নানা ৰূপত অৱৰ্ত্তীৰ্ণ হৈ নিজৰ জীৱন খেলা সমাপন কৰে আৰু তাৰ মাজে দিয়েই অসীমৰ লগত মিলি যায়। ইয়াৰ লগে লগে এই সসীম জীৱনৰ মাজত থকা আশা-আকাঙক্ষাও অসীমৰ লগতে মিলি যায়। কবিতাটোত মানৱ জীৱন বা বাহ্যিক সংসাৰখনৰ স্থায়িত্বহীনতা আৰু পৰম পুৰুষ বা অসীম সত্বাৰ স্থায়িত্বতাকে দাঙি ধৰা হৈছে। সেয়েহে নলিনীবালা দেবীৰ নাটঘৰ এটা অতীন্দ্ৰিয়বাদী কবিতা।

২। ভাৰতীয় দৰ্শনৰ প্ৰভাৱ নলিনীবালা দেৱীৰ কবিতাত কেনেদৰে পৰিছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত জড়বাদী, চাৰ্বাক আৰু পৰমাণুবাদী সম্প্ৰদায়ৰ বাহিৰে হিন্দু, বৌদ্ধ, জৈন আদি দৰ্শনত অতীন্দ্ৰিয়বাদী ধাৰণা অতি প্রবলভাবে দেখা যায়। হিন্দু দৰ্শনৰ গীতা আৰু উপনিষদবোৰ ৰহস্যবাদী আৰু অতীন্দ্ৰিয়বাদী ধাৰণাৰে সমৃদ্ধ গ্রন্থ। এই ধাৰণামতে সমগ্র বিশ্ব জগতে এক পৰম সত্বাৰেই স্বৰূপ আৰু সেই সত্বাই বৈদান্তিক, ব্যৱহাৰিক আৰু কলাত্মক সৌন্দৰ্যৰে বিশ্বক অনুপ্ৰাণিত আৰু জীৱন্ত কৰিছে। এয়েই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদী দৰ্শনৰ মূল কথা আমাৰ বৈষ্ণৱ কবিসকলকে ধৰি ৰোমাণ্টিক যুগৰ ভালেমান কবিৰ কবিতাত এই ধাৰণা প্ৰকট হৈ আছে। আচলতে ই এক অনন্ত ৰহস্য। সেয়েহে বৰ্ত্তমান ইয়াৰ অনুসন্ধান শেষ হৈ যোৱা নাই।

নলিনীবালা দেৱীৰ কবিতাত আমি অতীন্দ্রিয়বাদী ভাবধাৰাৰ সমন্বয় ঘটা বুলি ভাবিব পাৰো। এই সসীম জীৱনৰ মাজত থকা আশা-আকাঙ্ক্ষাও অসীমৰ লগতে মিলি যায়। তেওঁৰ কবিতাত মানৱ জীৱন বা বাহ্যিক সংসাৰখনৰ স্থায়িত্বহীনতা আৰু পৰম পুৰুষ বা অসীম সত্বাৰ স্থায়িত্বতাকে দাঙি ধৰা হৈছে৷ তেওঁ বিশ্ব জগতৰ চিৰন্তন নীতি-নিয়মৰ কথা উল্লেখ কৰিছে আৰু সকলোৰে শেষত যে এক মাত্ৰ পৰম সত্বাইহে সত্য এই তত্ত্বক তুলি ধৰিছে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। নলিনীবালা দেবী কাব্য জগতত কি হিচাপে পৰিচিত?

উত্তৰঃ অতীন্দ্ৰিয়বাদ কবি হিচাপে পৰিচিত।

২। সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন?

উত্তৰঃ নলিনীবালা দেৱী।

৩। নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰিছিল?

উত্তৰঃ সন্ধিয়াৰ সুৰ।

৪। নলিনীবালা দেৱীৰ কোন চনত মৃত্যু হৈছিল?

উত্তৰঃ নলিনীবালা দেৱীৰ ১৯৭৭ চনত মৃত্যু হয়। 

৫। নলিনীবালা দেৱীৰ পিতৃৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ। 

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। নলিনীবালা দেবীৰ কবিতা পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ সন্ধিয়াৰ সুৰ, সপোনাৰ সুৰ, পৰশমণি, অলকানন্দা, যুগ দেৱতা, জাগৃতি।

২। নলিনীবালা দেবীয়ে লিখা জীৱনী গ্ৰন্থ দুখন কি কি?

উত্তৰঃ স্মৃতিতীৰ্থ আৰু বিশ্বদীপ। 

৩। নলিনীবালা দেবীয়ে কি কি সৰ্বভাৰতীয় সম্মান পাইছিল?

উত্তৰঃ ‘পদ্মশ্ৰী আৰু সাহিত্য একাডেমী।

৪। নলিনীবালা দেৱী কোন চনত, কোন স্থানত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল?

উত্তৰঃ নলিনীবালা দেৱী ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল।

৫। ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে নলিনীবালা দেৱীক ‘পদ্মশ্রী’ উপাধিৰে বিভূষিত কৰিছিল।

৬। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ প্ৰতিধ্বনি থকা কাব্য সংকলন দুখনৰ নাম লিখা। 

উত্তৰঃ নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ প্ৰতিধ্বনি থকা কাব্য সংকলন দুখন হ’ল— ‘সন্ধিয়াৰ সুৰ’,‘পৰশমণি’।

৭। নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰকাশিত কাব্য সংকলন দুখনৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰকাশিত কাব্য সংকলন দুখনৰ নাম হ’ল— ‘যুগদেৱতা’ আৰু ‘জাগৃতি’।

৮। নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম লিখা। 

উত্তৰঃ নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম হ’ল— ‘স্মৃতি তীৰ্থ’ আৰু ‘বিশ্বদীপা’।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। কবি নলিনীবালা দেৱীৰ জীৱন আৰু কাব্য প্ৰতিভাৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ১৮৯৮ চনত গুৱাহাটীত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত কবি নলিনীবালা দেৱীৰ জন্ম হয়। তেওঁ বৰদলৈৰ জেষ্ঠা কন্যা। ১৯১৬ চনত স্বামীৰ অকাল মৃত্যু হোৱাত পাচোঁটা সন্তানৰ সৈতে তেওঁ পুনৰ বৰদলৈৰ ঘৰতে থাকিবলৈ লয়। অতি সৰুতেই তেওঁৰ জন্মগত প্রতিভাই আত্মপ্ৰকাশ কৰে– “হেৰা প্ৰভাতৰ অৰুণ কিৰণ ক’ত পালা এনে উজ্জ্বল বৰণ”– এই কবিতাটিৰ মাজেৰে। চৈধ্য বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হোৱা কবিয়ে অতি সোনকালেই জীৱনৰ দুর্বিসহ যাতনা বুকুত বান্ধি এক অশ্রুসিক্ত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। 

সেই যন্ত্ৰণাৰ মাজতে আকৌ তেওঁ দুটা সন্তানৰ অকাল বিয়োগৰ মৰ্মঘাটি বেদনা বুকুত বান্ধি ল’ব লগাত পৰিল। সাধাৰণ মানুহ হোৱা হ’লে এনেবোৰ জ্বালাময়ী– সংঘাতে তেওঁক নিচিহ্ন কৰি পেলালেহেঁতেন। কিন্তু কবিৰ মাজত থকা জন্মগত প্ৰতিভা আৰু পিতৃ বৰদলৈৰ অসীম সাহসে তেওঁক নতুনকৈ জীয়াই থাকিবলৈ শিকালে। গান্ধীবাদী লোকসকলৰ সঘন আহ-যাহ, গীতা-ভাগৱতৰ বাণী আদিয়ে তেওঁক তেওঁৰ আজন্ম প্রতিভাক পুনৰ বিচাৰি চাবলৈ প্ৰেৰণা দিলে। এইবোৰৰ ফলস্বৰূপেই কবিয়ে সৃষ্টি কৰিলে এমুঠি অমৰ কবিতা।

তেওঁৰ কবিতা পুথি সমূহ হ’ল : (ক) সন্ধিয়াৰ সুৰ, (খ) সপোনৰ সুৰ, পৰশমণি, (ঘ) অলকানন্দ (ঙ) যুগদেৱতা। ইয়াৰ উপৰিও তেওঁ স্মৃতিতীর্থ, বিশ্বদীপ আৰু চৰ্দাৰ পেটেল নামৰ তিনিখন জীৱনী গ্রন্থও ৰচনা কৰে। তেওঁ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথি খনৰ মাজেদিয়েই কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰে।

২। ‘নাটঘৰ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ কবি নলিনীবালা দেবী অতীন্দ্রিয়বাদী কবি। সেই হিচাপে তেওঁ বেদান্তৰ মূল তত্ত্ব ‘ব্ৰহ্মসত্য জগতমিথ্যা’ এই তত্ত্বৰে পৰিচালিত। ব্যক্তিগত জীৱনৰ গভীৰ অভিজ্ঞতাই তেওঁক জীৱনৰ এই সাৰশূণ্যতাৰ লগত বাৰুকৈয়ে পৰিচয় কৰাইছে। সেয়েহে ‘নাটঘৰ’কবিতাটোত তেওঁ দেখুৱাব খুজিছে যে এই জগতখন ৰঙ্গমঞ্চ আৰু মানুহ তাৰ ভাৱৰীয়া মাত্ৰ।

কবিয়ে প্ৰথমতেই তুলি ধৰিছে যে এই বিশ্বত কাৰো জীৱনেই সম্পূৰ্ণভাবে সফল নহয় ৷ সকলোৱেই অনুভৱ কৰে বিফলতাৰ কথা। তথাপি তাৰ মাজেদিয়েই মানুহে জীৱনৰ গীত ৰচি যায়। কবিৰ ব্যক্তিগত দুখে ইয়াত বিশেষভাৱে আত্মপ্রকাশ কৰিছে আৰু সেয়েহে তেওঁ কৈছে যে চকুলোৱেই একমাত্ৰ তেওঁৰ জীৱন। জীৱন এক সপোনৰ স্মৃতিহে, কিন্তু দিঠকত সকলোবোৰেই মৰীচিকা আৰু জীৱনৰ অৱশেষত মাথো এই বিশাল, বিফলতা, হা-হতাশা বা আপোন পৰৰ জোখ- মাখহে মাথো থাকেগৈ। কবিয়ে সেয়ে মনে মনে ভাবে তেওঁ বা কোন মহাশূণ্যৰ পৰা আহি এই বিশ্বত মেলা পাতিছিল? আচলতে জীৱৰ উৎপত্তি ব্ৰহ্মৰ পৰা যাৰ স্বৰূপ নিৰাকাৰ এক মহাশূণ্য। তাৰ পৰাই মানুহে আহি জগতত নিজৰ বেহা পাতেহি। কিন্তু জীৱনৰ শেষত মানুহে নিজেই ভাবি উলিয়াব নোৱাৰে কিহৰ কাৰণেনো এই মেলা পতা হৈছিল আৰু কিনো জীৱনত পালে। 

জীৱনটো এক অপূর্ণতাৰ সমষ্টি। সেয়েহে হয়তো মানুহৰ অনন্ত তৃষ্ণাই মানুহক অনবৰতে ধাবিত জন্মৰ পৰা মৃত্যুলৈ আকৌ মৃত্যুৰ পৰা জন্মলৈ। আচলতে এই জগত এক নাটঘৰ আৰু মানুহ মাত্ৰ তাৰ ভাৱৰীয়া। সেয়েহে নানাজনে নানাবেশে আহি ইয়াত অভিনয় কৰিছে আৰু নাট শেষ হোৱাৰ লগে লগে জীৱন নাটৰ যৱনিকা পেলাই এক ভগ্ন হৃদয় লৈ আঁতৰি গৈছে। নাটভগাৰ লগে লগে নাটঘৰ শূন্য হৈ পৰাৰ দৰেই জীৱন নাটৰ অৱসান হোৱাৰ লগে লগে সকলোৰ শূন্য হৈ পৰে, থাকে মাত্র সেই উৎসৱৰ, সেই আনন্দৰ বা সেই বৰণৰ হাঁহাকাৰৰ স্মৃতি। যুগে যুগে এই স্মৃতিৰ কলচিত হাত ভৰাই মানুহে আঁকে জীৱনৰ ৰূপলীলা সম্বলিত একোখন ছায়াচিত্ৰ যাৰ আৰু কোনো সত্যতাই নাই।

কবিৰ সেয়ে এনে অভিনয় কৰি বেজাৰ লাগিছে আৰু ভুৱা অভিনয় দেখি ভাগৰো লাগিছে। তেওঁৰ এনে লাগিছে যেন তেওঁ যেন সংসাৰৰ পাৰত বহি সাগৰৰ বালিতেই বালিঘৰ বান্ধোতে বান্ধোতে সাগৰৰ ৰূপকে পাহৰি পেলালে। ইয়াত তেওঁ জগতৰ অসাৰতাৰ কথা বৰ্ণনা কৰিছে। য’ৰ পৰা মানুহৰ আগমন, য’ৰ পৰা মানুহৰ সৃষ্টি আৰু যিটো একমাত্র সত্য সেই সত্যকে পাহৰি মানুহ একমাত্র অভিনয়তে ব্যস্ত হৈ পৰে আৰু তাকে জীৱনৰ সত্য বুলি পতিয়ন যায়, মোহান্ধ হৈছে। জগতৰ বাহিক্য ৰূপতে আমি ভোল যাওঁ, সত্যৰ অন্বেষণ হৈ পৰে স্থবিৰ। এই জগতত কোনো কাৰো আপোন নহয়, কোনো কাৰো চিনাকী নহয়, কোনো কাৰো মৰমৰ নহয়। সকলোৱে মাত্ৰ নিজৰ নিজৰ অভিনয়হে কৰি গৈছে আৰু প্ৰত্যেকৰে সম্পৰ্ক মাত্ৰ ৰঙ্গমঞ্চত লগ পোৱা সহশিল্পী সকলৰ দৰে, মাথোন দুদিনৰ চিনাকী। এই সকলোবোৰ হ’ল সসীমৰ ধাৰণা। অৰ্থাৎ মানুহৰ জীৱন এই সীমাৰ মাজত আৱদ্ধ। তথাপিও মানুহৰ আশা-আকাংক্ষাৰ শেষ নাই। কিন্তু এই সকলোবোৰ অসীমৰ মাজত বুৰ যাব। মৰমৰে বান্ধ খাই থকা জীৱন অসীম সত্বাৰ লগত মিলি যাব। এয়ে কবিতাটোৰ মূলভাব। 

৩। বিফলতা লৈয়ে ৰচিলো জীৱন গীত

 সৰি পৰে দুচকুৰ নীৰ’

—কবিয়ে কিয় তেওঁৰ জীৱন বিফল বুলি ভাবিছে?

উত্তৰঃ কবিতাটোত কবি নলিনীবালা দেবীৰ ব্যক্তিগত দুখানুভূতিয়ে এক নৈব্যক্তিক ৰূপ লৈ আত্মপ্রকাশ কৰিছে। কবি নিজে জীৱন যন্ত্ৰণাত কাতৰ অকাল বৈধব্য আৰু পুত্রশোকে জৰ্জৰিত কৰা কবিয়ে জীৱনক সামগ্রিকভাবে দুখৰ সমষ্টি বুলিয়েই ভাবিছে। কিন্তু কবিৰ এই ব্যক্তিগত দুখানুভূতি আৰু ব্যক্তিগত হৈ থকা নাই। কাৰণ মানৱ জীৱনটোৱেই অপূর্ণতাৰে ভৰা। সন্দেহ নাই যে এই অপূৰ্ণতাই আকৌ মানৱ জীৱনক গতিশীলো কৰি ৰাখিছে। তথাপিও আমি ক’বই লাগিব যে মানৱ জীৱনত এক অপূর্ণতা, এক বিফলতা আছে। কবিয়ে এই বিফলতাক এই বুলিয়েই ভাবিছে যে জীৱনৰ অসম্পূৰ্ণতাৰ বাবে পৰম ব্ৰহ্মৰ অসীম সত্বাৰ লগত মিলি যোৱাতো সম্ভৱ নহয়। এইটো সম্ভৱ হয়গৈ মৃত্যুৰ মাজেৰেহে৷ গতিকেই মানৱ জীৱন বিফল। পার্থিৱ সা-সম্পদে এই তৃষ্ণা দূৰ কৰিব নোৱাৰে আৰু সেয়ে জীৱনকালত বিফলতাৰে অতিক্ৰম কৰাও সম্ভৱ নহয়। সেয়েহে কবিয়ে জীৱনক বিফল বুলি ভাবিছে। 

৪। জীৱনৰ ভাও লৈ                    লাগিছে বেজাৰ আজি

ভুৱা দেখি লাগিছে ভাগৰ

সাগৰ তলিতে সাজি           ধেমালিৰ বালিঘৰ

পাহৰিলে ৰূপ সাগৰৰ। —কবিয়ে কিয় তেওঁৰ জীৱনৰ ভ্যও লৈ বেজাৰ লগাৰ কথা কৈছে?

উত্তৰঃ ‘নাটঘৰ’ কবিতাটোৰ মূল বক্তব্যই হ’ল জীৱনৰ অসাৰতা। কবিৰ মতে এই পৃথিৱী এখন নাটঘৰ আৰু আটায়ে তাৰ ভাওৰীয়া। বেদান্ত ‘ব্ৰহ্ম সত্য জগত মিথ্যা’ —এই তত্ত্বৰ আধাৰতে কবিয়ে জীৱনৰ এই অভিনয়ৰ সাৰশূণ্যতাৰ কথা দাঙি ধৰিছে।

কবিয়ে জানিছে যে এই সংসাৰ এখন নাটঘৰ। ইয়াত পুত্ৰ, পিতৃ, স্বামী, স্ত্রী কোনোৱেই ক’তো আপোন বা কোনোৱেই কাৰো পৰ নহয়। এইবোৰ মাথোন জীৱন নাটৰ একোটা অভিনয়হে। অভিনয় শেষ হলেই তেওঁ কাৰো বাবে ৰৈ নাথাকে। মিছাতে মোৰ বুলি ভাবি আমি সাময়িকভাবে তৃপ্ত হওঁ, কাৰণ আমি মায়াৰ মাজত বন্দী। সাগৰৰ পাৰৰ বালিত বহি বালিঘৰ সাজোতে সাজোতে যিদৰে সাগৰৰ আচল ৰূপ মানুহে পাহৰি পেলোৱা যায়, ঠিক তেনেকৈ জীৱন নাটৰ অভিনয়ৰ মাজত সোমাই পৰিও মানুহে নিজকে পাহৰি পেলায়। জীৱনটো সে সত্য নহয় ভুৱা তাৰ উপলব্ধি নোহোৱা হৈ পৰে। কিন্তু কবিয়ে এই সত্য সঠিকভাবে অনুধাৱন কৰিব পাৰিছে আৰু সেয়েহে তেওঁৰ এই অভিনয় কৰি আৰু ভাগৰ লাগিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top