ASOS Class 12 Assamese (MIL) Chapter 6 ভাব সম্প্রসাৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 6 ভাব সম্প্রসাৰণ and select needs one.
ASOS Class 12 Assamese (MIL) Chapter 6 ভাব সম্প্রসাৰণ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 6 ভাব সম্প্রসাৰণ Solutions for All Subject, You can practice these here.
ভাব সম্প্রসাৰণ
Chapter : 6
পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ
১। নিম্নলিখিত বচনবোৰ ছাত্ৰ-ছাত্ৰীয়ে মন দি পঢ়ক। বচনবোৰ সত্য হয় তেতিয়া তাৰ সন্মুখত থকা খালী ঠাইত হয় চিহ্ন (✓) দিয়া আৰু অসত্য হলে পূৰণ চিহ্ন (×) দিব পাৰে।
(ক) ভাব সম্প্ৰসাৰণত টোকা গোট, আলোচনা আদি কৰা হয়।
(খ) ব্যাখ্যা সন্দৰ্ভত উল্লেখ কৰা হয় আৰু উদাহৰণত দিব পৰা যায়।
(গ) ব্যাখ্যা আৰু ভাব সম্প্ৰসাৰণ একেটাই হয়।
(ঘ) ভাবাৰ্থত যিকোনো, উক্তি বা সুন্দৰ উক্তিৰ কেন্দ্ৰীয় ভাবক সংক্ষেপতে স্পষ্ট কৰি তোলা হয়।
(ঙ) ভাবার্থক কেবাটাও অনুচ্ছেদত লিখা হয়।
উত্তৰঃ (ক) × (খ)✓ (গ) × (ঘ) ✓ (ঙ) ✓
২। খালী ঠাইবোৰ পূৰণ কৰা।
(ক) ভাব সম্প্ৰসাৰণ, সংক্ষেপণৰ___ হয়।
উত্তৰঃ ভাব সম্প্ৰসাৰণ, সংক্ষেপণৰ এক প্ৰকাৰ বিপৰীত হয়।
(খ) সংক্ষেপ কোনো বৃহৎ ৰচনাৰ__ক ধৰিবলৈ চেষ্টা কৰে৷
উত্তৰঃ সংক্ষেপণ কোনো বৃহৎ ৰচনাৰ সংক্ষেপতক ধৰিবলৈ চেষ্টা কৰে।
(গ) ভাব সম্প্ৰসাৰণৰ মূল অর্থ বা কেন্দ্ৰীয় ভাবক__ ৰে বুজাবলৈ চেষ্টা কৰে।
উত্তৰঃ ভাব সম্প্ৰসাৰণৰ মূল অর্থ বা কেন্দ্ৰীয় ভাবক বিস্তাৰে ৰে বুজাবলৈ চেষ্টা কৰে।
(ঘ) ভাব সম্প্ৰসাৰণৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূর্ণভাবে পালন___ হয়।
উত্তৰঃ ভাব সম্প্ৰসাৰণৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূর্ণভাবে পালন কৰা নহয়।
(ঙ) নিবন্ধত উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ___ হয়।
উত্তৰঃ নিবন্ধত উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ বহলকৈ প্ৰয়োগ হয়।
৩। (ক) ভাব সম্প্রসাৰণৰ অৰ্থ কি বুলি ভাবা?
উত্তৰঃ ভাব সম্প্ৰসাৰণৰ অৰ্থ হ’ল— ডাঙৰ বা বিস্তৃত ৰূপ কৰা। ইয়াৰ কেন্দ্ৰীয় ভাবটোক বিস্তাৰকৈ বুজাই দিবলৈ যত্ন কৰা হয়।
(খ) ভাব সম্প্ৰসাৰণ আৰু ভাবাৰ্থৰ মাজৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ ভাবার্থক ভাব বিস্তাৰৰ এটা সীমা আছে, কিন্তু ভব সম্প্ৰসাৰণত তেনে সীমা নাই। ভাবাৰ্থত উক্তিৰ কেন্দ্ৰীয় ভাবক সংক্ষেপে প্রস্তুত কৰা হয়। সম্প্ৰসাৰণত মূল ভাবক বহলাই ব্যাখ্যা কৰিব লাগে। মূল ভাব যদি সম্পূর্ণভাৱে স্পষ্ট নহয় তেন্তে তাক কেবাটাও অনুচ্ছেদত লিখিব পাৰি। ভাব সম্প্ৰসাৰণত উক্তিৰ মূল আৰু গৌণ ভাব দুয়োটা দিয়া হয়। এনেদৰে ভাবাৰ্থত মূল অর্থ দিবলৈ অপেক্ষা কৰা হয়। এইদৰে ভাবাৰ্থ সীমিত শব্দৰ ভিতৰত কেন্দ্রীয়ভাৱ স্বষ্ট কৰা হয়।
(গ) ভাব সম্প্ৰসাৰণ এবিধ লঘু নিবন্ধ হয় নে? অলপ ভাবি দুয়োটাৰ পাৰ্থক্য বুজাই লিখা।
উত্তৰঃ ভাব সম্প্ৰসাৰণ এবিধ লঘু নিবন্ধ হয়। কিন্তু ইয়াৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূর্ণ ভাৱে পালন কৰা নহয়। নিবন্ধৰ বিষয়ৰ কোনো সীমা নাই। নিবন্ধত কোনো অংশ উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ বহলকৈ প্ৰয়োগ হয়। সম্প্ৰসাৰণত বহুত কম হ’ব পাৰে।
(ঘ) ভাব সম্প্ৰসাৰণ আৰু ব্যাখ্যাৰ মাজত কি পার্থক্য আছে।
উত্তৰঃ ভাব সম্প্ৰসাৰণ কৰোঁতে উক্তি, সূত্ৰৰ আদিত কেন্দ্ৰীয় ভাব স্পষ্ট কৰাৰ কাৰণে তাক বিস্তাৰ কৰা হয়। য’ত নেকি ব্যাখ্যাত বিস্তাৰৰে বিবেচনা কৰাৰ লগে লগে টোকা নোট নাইবা আলোচনাও হয়। ব্যাখ্যা সন্দৰ্ভত উল্লেখ কৰা হয় আৰু উদাহৰণত দিয়া হয়। যিহেতু ভাব সম্প্ৰসাৰণত ইয়াক বাদ দিয়া নহয়।
৪। (ক) নির্দিষ্টতাবাচক প্রত্যয় কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ বস্তু বা বিষয় আদিৰ স্বৰূপ নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ শেষত যিবোৰ প্রত্যয় যুক্ত কৰা হয় তাকে আমি নির্দিষ্টতা বাচক প্ৰত্যয় বুলি ক’ব পাৰোঁ।
যেনেঃ কণ-ল ‘ৰাকণ, পোনাকণ আদি।
অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ
১। ভাব সম্প্ৰসাৰণ বুলিলে কি বুজা?
উত্তৰঃ ভাব সম্প্ৰসাৰণ মানে হ’ল কোনো এটা লেখাৰ পৰা উদ্ধৃত বাক্য বা খণ্ডৰ পৰা তাত অন্তর্নিহিত ভাবক মুকলিকৈ লিখা। উদ্ধৃত বাক্য বা খণ্ডটিৰ সম্পূর্ণ পাঠৰ ধাৰণা এটি কৰি ল’ব লাগে। উদ্ধৃত বাক্য বা পংক্তি একাধিকবাৰ পঢ়ি ইয়াত ব্যৱহৃত শব্দৰাজিৰ সহায়ত মূল পাঠ বা কবিতাৰ বক্তব্যৰ ধাৰণাহে কৰিব লাগে। ভাব সম্প্ৰসাৰণ কৰোঁতে ভাষাৰ প্ৰয়োগৰ পিনে সতর্ক দৃষ্টি দিব লাগে। সহজ সৰল আৰু মনোগ্ৰাহী ভাষাৰ প্ৰয়োগ কৰিব লাগে। মূল লিখকৰ শব্দ প্রয়োগ নকৰি তাৰ অনুৰূপকৈ নিজৰ শব্দ বা বাক্যৰীতি প্ৰয়োগ কৰা উচিত।
২। ভাব সম্প্ৰসাৰণৰ প্ৰাথমিক চৰ্ত কি?
উত্তৰঃ ভাব সম্প্ৰসাৰণৰ সময়ত ভাষাৰ প্ৰয়োগিক দিশটোলৈ লক্ষ কৰিব লাগে। ভাব সম্প্ৰসাৰণৰ ভাষা হ’ব লাগে সহজ-সৰল আৰু পঢ়োতাৰ মনোগ্ৰাহী। এয়ে ভাব সম্প্ৰসাৰণৰ প্ৰাথমিক চৰ্ত।
৩। ভাব সম্প্ৰসাৰণ কৰোঁতে কি কি বিষয়ৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিব লাগে?
উত্তৰঃ ভাব সম্প্ৰসাৰণ কৰোঁতে সাধাৰণতে কেইটিমান বিষয়ৰ প্ৰতি দৃষ্টি ৰখা দৰ্কাৰ তলত সেই বিষয়ে উল্লেখ কৰা হ’ল।
(১) ভাব সম্প্ৰসাৰণ কৰোঁতে ভাষাৰ প্ৰয়োগৰ ফালে সতর্ক দৃষ্টি দিব লাগে। ভাষা সহজ-সৰল আৰু মনোগ্ৰাহী হোৱাৰ প্ৰতি ধ্যান দিব লাগে।
(২) মূল বাক্যাংশ বা পদ্যাংশ থকা শব্দৰ প্রয়োগ যাতে কৰা নহয়, সেই বিষয়ত দৃষ্টি দিয়া উচিত।
(৩) মূল উদ্ধৃতিত থকা কেতবোৰ গুৰুত্বপূৰ্ণ শব্দৰ ব্যৱহাৰ লিখকজনে কিয় আৰু কেনেদৰে কৰিছে, ভাব সম্প্রসাৰণ কৰোঁতে সেই দিশলৈ বিশেষ দৃষ্টি দিব লাগে।
৪। ভাব সংকোচন কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ এটি দীঘলীয়া উদ্ধৃতিৰ খণ্ডৰ পৰা তাত সন্নিবিষ্ট মূল ভাবটি উলিয়াই আনি এটা বা দুটা বাক্যত তাক প্ৰয়োগ কৰাকে ভাব সংকোচন বোলে।
৫। ভাব সংকোচন কৰোঁতে কি কি বিষয়ত নজৰ দিব লাগে?
উত্তৰঃ ভাব সংকোচন কৰোতে কেইটামান বিষয়ৰ প্ৰতি নজৰ দিয়া উচিত। তলত সেই সম্পর্কে উল্লেখ কৰা হ’ল।
(১) ভাব সংকোচন কৰোঁতে উদ্ধৃতিৰ বিষয়ৰ যাতে চর্বিত চর্বন নহয়, পুনৰ উল্লেখ নঘটে আৰু সম্পূর্ণ মূলানুগামী নহয় সেই কথালৈ চকু দিয়া উচিত।
(২) মূলৰ সাৰখিনি উদ্ধাৰ কৰি আনি প্ৰকাশ কৰোঁতে যাতে উদ্ধৃতিৰ ৰীতি প্রয়োগ নকৰি লিখোতাজন নিজস্ব ৰীতিৰে প্ৰয়োগ কৰে সেই বিষয়ত দৃষ্টি দিয়া যুগুত।
৬। তলৰ বিলাকৰ ভাব সম্প্ৰসাৰণ কৰা।
(ক) “অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই।
মোৰ অবিহনে এই বিপুল বিশ্বৰ
কেনিও অকণো হানি নাই।”
উত্তৰঃ কবিতাফাঁকিৰ জৰিয়তে এই মহাবিশ্বত মানৱ জীৱনৰ যে বাস্তৱিক অর্থ একো নাই, আচলতে মানুহবোৰ যে অতি নগণ্য তাকেই বুজাব বিচৰা হৈছে।
কবিয়ে কৈছে যে এই বিশ্বখন হৈছে অনাদি অনন্ত অকাৰ্য্য অক্লেষ্ঠ। যাক কোনো সীমাৰ বা প্ৰকাৰৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি। এই মহান বিশ্ব কেতিয়া আৰম্ভ হৈছিল আৰু ই কেতিয়ালৈকে চলি থাকিব সেই কথা আজি কোনেও ক’ব নোৱাৰে৷ এই অনন্ত বিশ্ব আকৌ অসংখ্য ধূলিকণাৰে আবৃত্ত। কবিয়ে অসংখ্য ধূলিকণাৰে এই বিশ্বত বসবাস কৰা মানৱ জাতিৰ সংখ্যাকেই বুজাইছে আৰু এই অসংখ্য ধূলিকণাৰ মাজত কবিও যে এটি সামান্য ধূলিকণা তাক উপলব্ধি কৰিছে।
এই মহাবিশ্বৰ অসংখ্য ধূলিকণাৰ পৰা যদি এটি দুটি ধূলিকণা নাইকিয়া হয় তেতিয়া যেনেদৰে বিশ্বৰ একো পৰিবৰ্ত্তন নহয়; ঠিক তেনেদৰে এই বিশ্বৰ পৰা মানৱৰূপী এটি দুটি ধূলিকণা শেষ হৈ গ’লেও বিশ্বৰ কাম-কাজ নিৰ্দিষ্ট গতিত নিয়াৰিকৈয়ে চলি থাকিব আৰু বিশ্ব প্ৰকৃতিৰ গতিত অকণো হানি বিঘিনি নঘটিব।
এইদৰে কবিয়ে বিশ্ব প্ৰকৃতিৰ লগত মানুহৰ অস্তিত্ব ৰিজাই চাইছে। কবিয়ে উপলব্ধি কৰিছে যে মানৱ জীৱনত মানুহৰ অহংকাৰ কৰিবলগীয়া একো নাই। ধন জন জীৱন যৌৱন সঁচাকৈয়ে অসার্থক। মহাপুৰুষজনাৰ বৰগীতেৰেই ক’ব পাৰি—
“অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহি সংসাৰ।
পুত্ৰ পৰিবাৰ সবাহু অসাৰ
কৰহু কাহেৰি সাৰ।। ”
কিন্তু মানুহে মানৱ জীৱনৰ এই প্ৰকৃত সত্যটো উপলব্ধি নকৰি নানাধৰণৰ অহংকাৰ হাই-কাজিয়া আদিৰ বশৱৰ্তী হয়। কবিয়ে এই মহাবিশ্বত তেওঁৰ অস্তিত্ব কিমান সেইকথা ভালদৰে উপলব্ধি কৰিছে আৰু তেওঁ যে এটি ক্ষুদ্র ধূলিকণা সদৃশ সেই কথা প্ৰকাশ কৰিছে। গতিকে এই বিশ্বত কোনেও নিজকে অন্যতকৈ মহান বা শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি লাভ নাই; সময়ত আমি সকলো একে পথৰেই যাত্রী।
(খ) “বাটৰ দুৱৰি বন গছকত পৰা
তাৰে এটি বাতে দিয়ে স্বৰ্গৰ বতৰা।”
উত্তৰঃ কবিতাফাঁকিৰ জৰিয়তে এই পৃথিৱীৰ সামান্য বস্তু এটিৰ পৰা বিৰাট ডাঙৰ বস্তু এটিলৈকে যে সকলোৰে গুৰুত্ব আছে তাকে প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।
মানৱ সভ্যতাৰ জন্মৰ পৰা পৃথিৱীত কিছুমান লোকে আন কিছুমান লোকক সৰু বা নগণ্য বুলি তুচ্চজ্ঞান কৰা দেখা যায়। কিন্তু প্ৰকৃততে মানুহে কাকো সৰু বুলি ভাবিব নালাগে। সৰু বুলি ভাবিবলৈ লোৱাটো দৰাচলতে জ্ঞানী লোকৰ চিন নহয়। কাৰণ আজি যাক সৰু বা নগণ্য বুলি ভবা হয়, কাইলৈ সিয়েই বিৰাট সত্যৰ সন্ধান দিব পাৰে। গতিকে ধন জন, পার্থিৱ সম্পদ নিঃকিন লোকক সৰু বুলি গণ্য কৰাটো কেতিয়াও সমীচিন নহয় আৰু মানুহে তেনে ধাৰণাক কেতিয়াও প্ৰশংসাৰ চকুৰে চাব নালাগে।
এই জগতখনৰ সকলো বস্তুকেই পৰম পুৰুষ ভগৱানৰ অংশ বুলি ভাবি ল’ব লাগে। সেয়ে কবিয়ে কৈছে যে মানুহৰ গছকত পৰা অতি নগণ্য বাটৰ দুৱৰি বনপাত এটিৰো যেনেদৰে গুৰুত্ব আছে ঠিক তেনেদৰে অতি নগণ্য বুলি ভবা লোক এজনৰো সমাজত যথেষ্ট গুৰুত্ব আছে। জগত বস্তু সম্পৰ্কীয় ধাৰণা আৰু প্ৰতিটো বস্তুৰ সৈতে যে ভগৱান জড়িত হৈ আছে এই কথাখিনি প্রকাশ কৰিবলৈকো কবিয়ে এই তুলনা প্রকাশ কৰিছে। সেয়ে মহাপুৰুষ জনাই ভগৱানৰ অস্তিত্বৰ কথা ব্যাখ্যা কৰি কীৰ্ত্তনত কৈছে—
“তুমি পশু-পক্ষী নৰ তৰু তৃণ।
অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন।।”
মানুহৰ গছকত পৰা দুৱৰি বনবোৰৰ যে কোনো মূল্য নাই, সেই কথা আমি ভাবিব নালাগিব। পাৰমার্থিক দৃষ্টিত সেই দুৱৰি বনবোৰো মহামূল্যৱান কিয়নো চাব জানিলে সেই দুৱৰি বনৰ পাততো স্বৰ্গৰ বতৰা নিহীত হৈ আছে আৰু আমিও দুৱৰি বন সদৃশ সকলো বস্তুৰ প্ৰতি তেনে দৃষ্টিহে দিব লাগে। একেদৰে মানুহৰ প্ৰতি মানুহৰে তেনে দৃষ্টিয়ে জগতখনৰ সমানতাৰ পথলৈ আগবঢ়াই নিব। কবিতাফাঁকিৰ জৰিয়তে এইদৰে ভগৱানৰ অস্তিত্বৰ দ্বাৰা সাম্যবাদী মনোভাৱ প্ৰকাৰ কৰা হৈছে আৰু পৃথিৱীৰ সকলো বস্তুৰ প্ৰতি সমদৃষ্টি আৰোপ কৰাটো কবিয়ে কামনা কৰিছে।