ASOS Class 12 Assamese (MIL) Chapter 3 হৰৰ কৃষ্ণস্তুতি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 3 হৰৰ কৃষ্ণস্তুতি and select needs one.
ASOS Class 12 Assamese (MIL) Chapter 3 হৰৰ কৃষ্ণস্তুতি
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 3 হৰৰ কৃষ্ণস্তুতি Solutions for All Subject, You can practice these here.
হৰৰ কৃষ্ণস্তুতি
Chapter : 3
পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ
১। ‘হৰৰ কৃষ্ণস্তুতি’কবিতাটিৰ কবিজনাৰ এটি পৰিচয় দিয়া।
উত্তৰঃ ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিৰ কবিজনাৰ নাম শ্ৰীমন্ত শংকৰদেৱ। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱৰ আলিপুখুৰীত। তেওঁ কেৱল ধৰ্মগুৰুৱেই নাছিল। তেওঁ আছিল অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা। অসমীয়া জাতিৰ সংগঠক আৰু সমাজ সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰো প্ৰচাৰৰ অৰ্থে সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰপৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰিছিল। কীৰ্ত্তন ঘোষা তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও খণ্ড, উত্তৰাকাণ্ড ৰামায়ণ’ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। উচ্চভাৱ, ভাষা আৰু শাস্ত্ৰীয় ৰাগ তালযুক্ত বৰগীত শংকৰদেৱৰ অনন্য সৃষ্টি। তেওঁ ‘ৰুক্মিণীহৰণ’‘হৰিশ্চন্দ্ৰ উপাখ্যান’ আদি কাব্য ৰচনা কৰাৰ লগতে ‘নিমিনৱসিদ্ধ সংবাদ’ ‘ভক্তিপ্রদীপ’ আদি তত্ত্বমূলক গ্রন্থও ৰচনা কৰিছিল। ‘ভক্তিৰত্নাকৰ’-তেওঁৰ সংস্কৃত ভাষাত লিখা একমাত্র তত্ত্বমূলক গ্রন্থ। অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱে সংলাপবিহীন নাট ‘চিহ্নযাত্ৰা’ৰ জৰিয়তে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলি পত্নী প্রসাদ, কালিয়দমন, ৰুক্মিণীহৰণ আদি ছখন অংকীয়া নাট ৰচনা কৰে।
১। ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটি ক’ৰ পৰা তুলি অনা হৈছে? ইয়াত কোনে কাক স্তুতি কৰিছে?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন-ঘোষাৰ ‘হৰমোহন’ অধ্যায়ৰ পৰা ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটি তুলি অনা হৈছে।
ইয়াত চৰাচৰ জগতৰ অধিপতি কৃষ্ণক শিৱই স্তুতি কৰিছে।
১। ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিত ‘তুমি পৰমাত্মা জগতৰ ঈশ এক’ বুলি কাক কিয় কোৱা হৈছে।
উত্তৰঃ মাধৱেই সকলো জীৱৰে মূল পৰমাত্মা আৰু জগতৰ একমাত্ৰ গৰাকী জগতৰ সকলো দৃশ্যমান বিষয়ৰ মাজতে তেওঁ আছে। সোণ আৰু সোণৰ অলংকাৰৰ মাজত মূলতঃ যিদৰে কোনো পার্থক্য নাই গতখন আৰু ঈশ্বৰৰ মাজতো তেনেদৰে পাৰ্থক্য নাই। জীৱজগত আৰু জড়জগতৰ তেৱেঁই স্ৰষ্টা।
১। ব্যাখ্যা কৰা—
(ক) তুমি কাৰ্যকাৰণ সমস্তে চৰাচৰ।
সুবর্ণ কুণ্ডলে যেন নুহিকে অন্তৰ।।
উত্তৰঃ সকলো সময়তে ভগৱানৰ মায়াত মোহিত হৈ অজ্ঞানীজনে আত্মাস্বৰূপ ঈশ্বৰক চিনি নোপোৱা হয়। সকলো প্ৰাণীৰে হৃদয়ত তেওঁ আছে কিন্তু সেই পৰম তত্ত্ব বুজি নাপাই তেওঁক বাহিত বিচাৰি ফুৰে। তেৱেঁই অর্থাৎ মাধৱেই একমাত্ৰ সঁচা তাৰ বাহিৰে জগতৰ সকলোবোৰেই মিছা। সেইকথা জানি বুজি জ্ঞানীসকলে তেওঁ বাহিৰত বিচাৰি ফুৰি হৃদয়ত ধ্যন কৰে৷
(খ) তুমি সে কেৱলে সত্য মিছাসৱে আন।
জানি জ্ঞানী গ্ৰহণ কৰে হৃদয়ত ধ্যান।।
উত্তৰঃ সকলো সময়তে ভগৱানৰ মায়াত মোহিত হৈ অজ্ঞানীজনে আত্মাস্বৰূপ ঈশ্বৰক চিনি নোপোৱা হয়। সকলো প্ৰাণীৰে হৃদয়ত তেওঁ আছে কিন্তু সে পৰম তত্ত্ব বুজি নাপাই তেওঁক বাহিত বিচাৰি ফুৰে। তেৱেঁই অৰ্থাৎ মাধৱেই একমাত্ৰ সঁচা তাৰ বাহিৰে জগতৰ সকলোবোৰেই মিছা। সেইকথা জানি বুজি জ্ঞানীসকলে তেওঁ বাহিৰত বিচাৰি ফুৰি হৃদয়ত ধ্যন কৰে।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ দেৱতা আৰু অসুৰসকলে অমৰত্ব লাভ কৰাৰ উদ্দেশ্যে অমৃত মন্থন কৰাৰ সময়ত বিষ্ণুৱে মোহিনী বেশ লৈ দেৱতাসকলক অমৃত পান কৰাইছিল। সেই সময়ত হৰ অৰ্থাৎ মহাদেৱ উপস্থিত নাছিল। সেইকথা পিছত জানিব পাৰি তেওঁ বিষ্ণুৰ মোহিনী ৰূপ চাবলৈ ব্যাকুল হৈ পৰি পাৰ্বতী আৰু নন্দীভৃঙ্গী সহ লৰালৰিকৈ বিষ্ণুৰ ওচৰ পালেগৈ। বিষ্ণুৰ ওচৰ পাই হৰই প্ৰথমে তেওঁক স্তুতি কৰিবলৈ ধৰিলে। ‘হৰৰ কৃষ্ণস্তুতি’ৰ মাজেৰে পৰম পুৰুষ ভগৱন্তৰ মাহাত্ম্য অতি সুন্দৰকৈ প্ৰকাশ পাইছে। ইয়াত কৃষ্ণৰ মহিমা এনেদৰে প্ৰতিফলিত হৈছে যে মাধৱেই হৈছে বিধিৰ বিধিদাতা, বিধাতাৰো ভাগ্য নিয়ন্তা। তেওঁ জগতখনৰ সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী আৰু সকলোৰে জন্মদাতা পিতৃ-মাতৃস্বৰূপ। কার্যৰূপ জড়জগতৰ কাৰণস্বৰূপ তেওঁ আৰু জগতখনৰৰ মাজত কোনো ভেদ নাই। সোণ আৰু তাৰে তৈয়াৰী অলংকাৰৰ মাজত যিদৰে প্ৰভেদ নাথাকে জগত আৰু ঈশ্বৰৰ মাজতো কোনো প্রভেদ নাই। সকলো জীৱ তেওঁৰেই অংশস্বৰূপ।
জগতৰ সকলোৰে মাজত আত্মা শক্তিৰূপে লুকাই আছে। কিন্তু অজ্ঞানীসকলে মায়াত মোহিত হৈ তেওঁক চিনি নাপাই, তেওঁৰ তত্ত্ব বুজিব নোৱাৰি বাহিৰত বিচাৰি ফুৰে। মায়া ঈশ্বৰৰেই শক্তি। এই মায়াই অসত্য বস্তুকো সত্য যেন দেখুৱাই জগতক ভুলাই ৰাখে। ইয়াতে মোহিত হৈ জীৱই নিজেই সকলো বুলি ভাবি ভগৱানক পাহৰি থাকে, ঈশ্বৰক চিনি নোপোৱা হয়। এই পৰিদৃশ্যমান জগতখনৰ সকলো মিছা অর্থাৎ বিনাশীল, পৰম পুৰুষ মাধৱেই একমাত্র সত্য, নিত্য। হৰই মাধৱৰ ওচৰত সুখ, ভোগ, মুক্তি একো নিবিচাৰি তেওঁৰ চৰণত যাতে সদায় ভক্তি অটুত থাকে তাকেই কামনা কৰিছে। তেওঁৰ মুখে যেন সদাই ভগৱানৰ নাম উচ্চাৰণ কৰে, কাণে যেন সদায় কৃষ্ণকতা শুনিবলৈ পায়, হৃদয়ত যেন সদায় ভগৱন্তৰ চৰণ আৰধনা কৰিব আৰু তেওঁ যেন কোনো দিনেই সৎ লোকৰ সঙ্গৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাকেই মাধৱৰ চৰণত আশীৰ্বাদৰূপে ভিক্ষা কৰিছে।