ASOS Class 12 Assamese (MIL) Chapter 7 বৰগীত (মাই হেৰ গোকুল……), Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 7 বৰগীত (মাই হেৰ গোকুল……) and select needs one.
ASOS Class 12 Assamese (MIL) Chapter 7 বৰগীত (মাই হেৰ গোকুল……)
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 7 বৰগীত (মাই হেৰ গোকুল……) Solutions for All Subject, You can practice these here.
বৰগীত (মাই হেৰ গোকুল……)
Chapter : 7
পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ
(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :
১। মাধৱদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।
২। মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি?
উত্তৰঃ তেওঁৰ পিতৃ, মাতৃৰ নাম হ’ল গোবিন্দগিৰি আৰু মনোৰমা।
৩। মাধৱদেৱৰ ঝুমুৰা কেইখনৰ নাম লিখা।
উত্তৰঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভোজন, বিহাৰ।
৪। মাধৱদেৱৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীর্তি কি?
উত্তৰঃ মাধৱদেৱৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি হ’ল নামঘোষা।
৫। মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল।
৬। বৰগীতসমূহৰ ভাষা কি?
উত্তৰঃ ব্ৰজাৱলী।
৭। শ্ৰীকৃষ্ণই কঁকাল আৰু ভৰিত কেনে ধৰণৰ অলংকাৰ পিন্ধিছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই কঁকালত কিংকিনী আৰু ভৰিত নূপূৰ অলংকাৰ পিন্ধিছিল।
৮। কানুক চান্দ বয়নে মানে কি?
উত্তৰঃ কানু মানে কৃষ্ণৰ ঘৰত মতা নাম আৰু চান্দ বয়ন মানে জোনৰ দৰে ধুনীয়া মুখ।
৯। ‘দীন বৎসল কৰু দায়া’ বুলি কবিয়ে কি ক’ব খুজিছে?
উত্তৰঃ কবিয়ে দীনদয়াময় হৰিৰ চৰণত শিৰ দোৱাই দুখী কাতৰ ভক্তক দয়া কৰিবলৈ ভক্তিভাৱে প্ৰাৰ্থনা কৰিছে।
(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :
১। বৰগীতটিত ‘গোকুল চান্দ’ বুলি কাক কৈছে?
উত্তৰঃ বৰগীতটিত ‘গোকুল চান্দ’ বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।
২। ‘হাসি ৰসে ভুৱন ভুলাৱে’ মানে কি?
উত্তৰঃ ‘হাসি ৰসে ভুৱন ভুলাৱে’ মানে কৃষ্ণই লগৰ গোপশিশুসকলৰ লগত হাঁহি আনন্দৰে যেন গোটেই পৃথিৱীখনকে মোহিত কৰিছে।
৩। শ্ৰীকৃষ্ণৰ শৰীৰৰ বৰণ কেনেকুৱা?
উত্তৰঃ কৃষ্ণৰ শৰীৰ শ্যাম বৰণীয়া।
৪। ‘পীত পট পৰিলম্বিত’ বুলিলে কি বুজা?
উত্তৰঃ পীত মানে হালধীয়া, পট মানে পাটকাপোৰ আৰু পৰিলম্বিত মানে কেউকাষে ওলমি থকা। অর্থাৎ শ্যাম বৰণীয়া কৃষ্ণৰ শৰীৰ হালধীয়া পাটৰ বস্ত্ৰই শোভা কৰিছে।
৫। শ্ৰীকৃষ্ণৰ ডিঙিত কিহৰ মালাই শোভা কৰিছে?
উত্তৰঃ শ্ৰীকৃষ্ণৰ ডিঙিত কদম ফুলৰ মালাই শোভা কৰিছে।
৬। কৃষ্ণৰ ৰূপক কাৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ কামদেৱৰ ৰূপৰ লগত তুলনা কৰা হৈছে।
৭। শ্ৰীকৃষ্ণৰ শিৰত কিহে শোভা বৰ্দ্ধন কৰিছে?
উত্তৰঃ শ্ৰীকৃষ্ণৰ শিৰত ময়ুৰৰ চৰাইৰ পাখিয়ে শোভা বৰ্দ্ধন কৰিছে।
(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
১। ‘বৰগীত’টিৰ কথাখিনি তোমাৰ ভাষাৰে প্ৰকাশ কৰা।
উত্তৰঃ হে মাই যশোদা। গোকুলৰ চন্দ্ৰ সদৃশ শ্রীকৃষ্ণ আহি উপস্থিত হৈছে আৰু তেওঁ নৃত্যৰ সাজেৰে সাজি সকলো বালকৰ হৃদয় জয় কৰি আনন্দ মনেৰে জগতকো সন্মোহিত কৰিছে।
শ্যাম বৰণীয়া কৃষ্ণৰ শৰীৰ হালধীয়া বস্ত্ৰই শোভা কৰিছে আৰু কণ্ঠত কদম ফুলৰ মালা দুলিছে। মূৰত ম’ৰা চৰাইৰ নেজ দুলি থকা কৃষ্ণৰ ৰমনীয় চেহেৰা কৌটি কামদেৱৰ দৰে মোহনীয় হৈ উঠিছে। গাই গৰুৰ খোজত উৰা ধুলিবোৰ কৃষ্ণৰ শৰীৰত পাতল সোণ বৰণীয়া হৈ জিলিকিছে পদধ্বনি কোমল পঞ্চম ৰাগৰ গীতৰ দৰে বাজিব ধৰিছে। কৃষ্ণৰ ককাঁলৰ কাষৰ জুনুকা আৰু ভৰিৰ নপূৰৰ ধ্বনি শুনি গাইবোৰ আতি উলাহেৰে যাব ধৰিছে। কৃষ্ণৰ চন্দ্ৰৰ নিচিনা মুখৰ দৰ্শন পাই গোপী সকলে ঘনে ঘনে চাবলৈ ধৰিছে। কবি মাধৱদেৱে হাতত চৰণ মূৰতলৈ এইখিনি কথাকে কৈছে আৰু নিজকে নিঃকিন বালক হিচাপে বৰ্ণনা কৰি ভগৱানৰ দয়া ভিক্ষা কৰিছে।
২। “ৰূপে কোটি মদন মন মোহন” বুলি কাৰ ৰূপৰ কথা কৈছে?
উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ ৰূপৰ কথা কোৱা হৈছে। শ্যাম বৰণীয়া শৰীৰত হালধীয়া বস্ত্ৰৰ শোভা, কণ্ঠত কদম ফুলৰ মালা আৰু শিৰত ময়ুৰৰ নেজে তেওঁক কৌটি মদনৰ মন মুহিব পৰা লেখীয়া কৰি তুলিছে।
৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
(ক) কহয় মাধৱ হৰি চৰণ শিৰে ধৰি
দীন বৎসল কৰু দায়াৰে।।
উত্তৰঃ উল্লেখিত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘মাই হেৰ গোকুলচান্দ’ নামৰ বৰগীতটোৰ পৰা উদ্ধৃত।
উদ্ধৃত কবিতাফাঁকি এটি বৰগীতৰ অন্তিম পদ। বৰগীতবোৰত উচ্চস্তৰৰ ভক্তিৰস আৰু ভগৱানৰ লীলা-খেলাৰ বিষয়ে প্ৰকাশ পাইছে। উল্লেখিত বৰগীতটি কৃষ্ণৰ লীলা মালাৰ গীত আৰু এই গীতত তেওঁৰ অনুপম সৌন্দৰ্য আৰু তেওঁৰ বৃন্দাবন যাত্ৰাৰ এটি বর্ণনা প্রকাশ পাইছে। বৰগীতটিত এই ধৰণে গৰু গাই লৈ বৃন্দাবনলৈ যোৱা কৃষ্ণৰ চক্ৰৰ দৰে মুখৰ দৰশন পাই গোপীসকলে ঘনে ঘনে তেওঁৰ মুখলৈ চাবলৈ ধৰিছে। এইখিনি বৰ্ণনাৰ পিচত গীতটিৰ সামৰণি মাৰি তেওঁ ভগৱানৰ চৰণ শিৰত লৈ নিজকে এজন অতি দুখীয়া বা নিঃকিন শিশুবুলি কৈ ভগৱানৰ দয়া বাঞ্ছা কৰিছে। মাধৱাদেৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল— তেওঁৰ ৰচনাত থকা এই দাস্যভাৱ বা বিনয়ভাব। তেওঁ প্ৰতিটো ৰচনাৰ শেষত নিজকে ভগৱানৰ দাস বা ভগৱানৰ ওচৰত এটি নিঃকিন শিশু হিচাপে ঘোষণা কৰি তেওঁ কৃপা প্রার্থনা কৰিছে। উল্লেখিত বৰগীতটোৰ মাজতো মহাপুৰুষ জনাৰ এই বৈশিষ্ট্য দেখা পোৱা গৈছে।
পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ
(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :
১। মাধৱদেৱৰ কাব্যখনৰ নাম লিখা।
উত্তৰঃ ৰাজসূয় কাব্য।
২। মাধৱদেৱৰ এখন নাটকৰ নাম লিখা।
উত্তৰঃ চোৰধৰা।
৩। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল?
উত্তৰঃ আদিকাণ্ড ৰামায়ণ।
৪। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ভক্তি ৰত্নাৱলী।
৫। ‘ৰাজসূয়’ কাব্যৰ ৰচক কোন?
উত্তৰঃ মাধৱদেৱ।
৬। মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কি ৰস প্ৰকাশিত হৈছে।
উত্তৰঃ বাৎসল্য ৰস।
৭। মাধৱদেৱ বিৰচিত নাটকেইখনক কি বুলি কোৱা হয়।
উত্তৰঃ ঝুমুৰা।
৮। কিমান চনত মাধৱদেৱ বৈকুণ্ঠগামী হয়?
উত্তৰঃ ১৫৯৬ চনত।
৯। নামঘোষাৰ আন এটা নাম কি?
উত্তৰঃ হেজাৰী ঘোষা।
১০। মাধৱদেৱৰ নাটকেইখন আৰু কি কি?
উত্তৰঃ মাধৱদেৱৰ নাটক হ’ল ছখন। চোৰধৰা পিম্পৰা গুচোৱা, দধিমথন, ভুমি-লেটোৱা, ভোজন-বিহাৰ আৰু অৰ্জ্জুন ভঞ্জন।
১১। অসমীয়া সাহিত্যৰ কোন কেইজন ভক্তকবিৰ—গীতৰ বৰগীত আখ্যা দিয়া হৈছে।
উত্তৰঃ অসমীয়া সাহিত্যত একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতখিনিকহে ‘বৰগীত’ আখ্যা দিয়া হৈছে।
(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
১। ব্ৰজাৱলী ভাষাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ।
২। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
(ক) শ্যাম শৰীৰ পীত পট পৰিলম্বিত
কণ্ঠে কদম্ব মালা লুলুৰে।
ৰূপে কোটি মদন মন মোহন
শিৰে শিখণ্ডক দুলে ৰে৷
উত্তৰঃ উদ্ধৃত গীত ফাঁকি মহাপুৰুষ শ্ৰীমাধৱদেৱ বিৰচিত বৰগীত (মাই হেৰ গোকুল…) নামৰ গীতটিৰ পৰা লোৱা হৈছে। বালক শ্ৰীকৃষ্ণৰ দৈহিক ৰূপ লাৱণ্যৰ এখনি মন পৰশা ছবি গীত ফাঁকিত সুন্দৰভাৱে প্ৰকাশিত হৈছে।
শ্ৰীকৃষ্ণৰ শৰীৰৰ ৰূপ সৌন্দর্য অভিনৱ। তেওঁৰ শৰীৰ শ্যাম অর্থাৎ নীল বৰণীয়া। সেই নীল বৰণীয়া উজ্জ্বল শৰীৰত তেওঁ পৰিধান কৰে সুন্দৰ হালধীয়া পাটৰ কাপোৰ। হালধীয়া পাটৰ কাপোৰ নীল বৰণীয়া শৰীৰৰ জেউতি অধিক চ’ৰাইছে। ইয়াৰ লগতে শ্ৰীকৃষ্ণই ডিঙিত আৰি লৈছে কদম ফুল। এই কদম ফুলৰ মালাই তেওঁৰ শৰীৰত দুলি আছে। তেওঁৰ ৰূপ লাৱণ্যৰ তুলনা কৰা হৈছে প্ৰেমৰ দেৱতা মদন অর্থাৎ কামদেৱৰ লগত কৌটি মদনে যেন এক হৈ তেওঁৰ শৰীৰৰ শোভা বৰ্দ্ধন কৰিছে। সেই শোভা অতি মোহনীয়। এনে ৰূপৰ প্ৰাচুৰ্যৰ মাজত তেওঁৰ শিৰত ময়ুৰ চৰাইৰ পাখি জিলিকি আছে। মুঠতে গীতফাকিৰ জৰিয়তে বালক শ্ৰীকৃষ্ণৰ মধুৰ মূৰুতি, শৰীৰৰ অপূৰ্ব ৰূপ-কান্তি আৰু পৰিধান কৰা সাজ-সজ্জাৰ মনোমোহা ৰূপৰ কথা সুন্দৰভাৱে প্ৰকাশিত হৈছে।
৩। বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা। নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱৰ প্রিয়তম শিষ্য মাধৱদেৱ অবিবাহিত আছিল। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাং আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম-প্ৰচাৰ কৰাৰ উপৰি তেওঁ কাব্য, নাট, পদ, ভটিমা, গীত ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। ইয়াৰ উপৰি তেখেতৰ আন আন ৰচনাসমূহ হ’ল—
আখ্যানমূলক ৰচনা — ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা — জন্মৰহস্য, ভক্তি ৰত্নাৱলী। নামমালিকা,
নাটক — অর্জুন ভঞ্জন বা দধিমথন অংকীয়া নাট।
ঝুমুৰা — চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভোজন, বিহাৰ।
মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰে। এই আটাইবোৰৰ মাজেদি তেওঁৰ বিৰল সাহিত্য প্ৰতিভা প্ৰকাশ পাইছে।
৪। ‘মাই হেৰ গোকুলাচান্দ’ নামৰ বৰগীতটোৰ ৰচক মাধৱদেৱৰ পৰিচয় দাঙি ধৰা।
উত্তৰঃ বৰ্তমান অসমৰ উত্তৰ লক্ষীমপুৰ বা নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নৈ পাৰত হৰশিঙা বৰাৰ ঘৰত ১৪৮৯ চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষ মাধৱদেৱ পোনতে শাক্ত ধৰ্মী আছিল। কিন্তু মনোৰমা আয়েকৰ জীৱনৰ বাবে গোঁসানীলৈ ছাগলী আগ কৰাৰ কথা লৈ ১৫২২ খৃষ্টাব্দত তেওঁৰ শঙ্কৰদেৱৰ লগত বিতর্ক হয় আৰু বিতৰ্কত হাৰি শংকৰদেৱক গুৰুমানি বৈষ্ণৱ ধর্ম-গ্রহণ কৰে।
১৫৬৮ চনত শংকৰদেৱৰ প্রচাৰিত নৱ বৈষ্ণৱ ধর্মৰ সমস্ত দায়িত্বভাৰ মাধৱ পুৰুষৰ ওপৰত অৰ্পণ কবি গুৰু জনা স্বৰ্গী হয়। ইয়াৰ পিচত তেওঁ স্বকীয় ভাবে নাটধর্ম প্রচাৰত আত্মনিয়োগ কৰে আৰু সুন্দৰীদিয়াত নিজা সত্ৰপাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্রদান কৰে। মাধৱদেৱে নিঃসন্দেহ এক বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী লোক আৰু তেওঁৰ সাহিত্য প্রতিভা সচাঁই প্রশংসনীয়। তেওঁ নামঘোষা’ নামৰ গ্ৰন্থই সমস্ত বৈষ্ণৱ সাহিত্যৰ ভিতৰতে এক বিশেষ ধৰণৰ শ্রেষ্ঠত্বদাবী কৰিব পাৰে। চিৰকালে কুমাৰ হৈ থাকি একনিষ্ঠভাবে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসর্গা কৰা মাধৱদেৱ সঁচাকৈয়ে গুৰুভক্তি আৰু ত্যাগৰ জগতত এক চিৰস্মৰণীয় নাম হৈ থাকিব।
মাধৱদেৱৰ অন্যতম ৰচনা হ’ল ‘নামঘোষা’। ইয়াৰ উপৰিও তেওঁ ৰামায়ণৰ আদি কাণ্ড ৰচনা কৰে। মাধৱদেৱে ঝুমুৰা শ্ৰেণীত নাট ৰচনা কৰি শ্ৰীকৃষ্ণৰ শিশুলীলাৰ কাহিনীবোৰ অতি মনোৰমভাবে বর্ণনা কৰিছে। চোৰধৰা, পিম্পৰা, ভোজন ব্যৱহাৰ, ভূমি লুতিৱা, কোটৰা খেলোৱা আদি মাধৱদেৱৰ নাট। এইখিনিৰ উপৰিও মাধৱদেৱে ২৫৭টা বৰগীত ৰচনা কৰিছিল আৰু ‘গুৰু ভটিমা’ৰ দৰে অনুপম ভটিমাৰ সৃষ্টি কৰিছিল। মাধৱদেৱৰ ৰচনাসমূহ ভক্তিৰ দিশৰ পৰা নহয় সাহিত্যৰ দিশৰ পৰাও উচ্চ শ্রেণীৰ ৰচনা।