ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব

ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব Solutions for All Subject, You can practice these here.

জীৱনৰ শান্তিপৰ্ব

Chapter : 4

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। সত্যনাথ বৰাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল। 

২। সত্যনাথ বৰাৰ দুখন প্ৰবন্ধ পুথিৰ নাম লিখা।

উত্তৰঃ সত্যনাথ বৰাৰ দুখন প্ৰবন্ধ পুথিৰ নাম হ’ল সাৰথি আৰু চিন্তাকলি। 

৩। সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ গীতাৱলী।

৪। সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বহল ব্যাকৰণ।

৫। সত্যনাথ বৰাৰ দুখন হাস্য-ব্যংগাত্মক পুথিৰ নাম লিখা।

উত্তৰঃ সত্যনাথ বৰাৰ দুখন হাস্য-ব্যংগাত্মক পুথিৰ নাম হ’ল সভ্যতাৰ মথাউৰি আৰু ভকতীয়া ব্যাকৰণ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। “তেওঁ চক্ৰৱৰ্তী ৰজা”—ইয়াত চক্ৰৱৰ্তী ৰজা বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ইয়াত চক্ৰৱৰ্তী ৰজা বুলি আমাৰ বিবেকৰ কথা কোৱা হৈছে।  

২। “মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা”। — ইয়াত সেই পিশাচ ছটা বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ সেই পিশাচ ছটাৰ জৰিয়তে আমাৰ জীৱনৰ ছয় ৰিপু, অৰ্থাৎ কাম, ক্রোধ, লোভ মোহ, মদ বা অহংকাৰ আৰু মাৎসর্য বা হিংসাৰ কথা কোৱা হৈছে। 

৩। “নৈখন যেন এখন জুইলগা হাবিয়নি আৰু নাওখন যেন ফেঁচু চৰাইহে”— লিখকে কি প্ৰসংগত এই কথাখিনি অৱতাৰণা কৰিছে?

উত্তৰঃ লিখক সত্যনাথ বৰাদেৱে মানুহৰ জীৱন প্ৰবাহক এখন নৈ আৰু জীৱনটোক এখন নাৱৰ লগত তুলনা কৰিছে। এই প্রবাহ জুই লগা হাবিয়নিৰ দৰে ভয়াবহ আৰু নাওখন অর্থাৎ জীৱ জুইলগা হাবিয়নিৰ ওপৰত নাচি নাচি উৰি ফুৰা ফেঁচু চৰাইৰ দৰে অজ্ঞ আৰু নির্বোধ। হাবিয়নিত জুই লাগিলে সাময়িক উত্তেজনাত ফেঁচু চৰাইৰ আনন্দৰ সীমা নাইকিয়া হয়। ভবিষ্যতৰ বিপদৰ প্ৰতি তাৰ সামান্যতমো ভ্রূক্ষেপ নাথাকে। জীৱয়ো একেদৰে কাম, ক্রোধ, লোভ, মোহ আদি প্ৰবৃত্তিসমূহৰ বশ হৈ জীৱনৰ আনন্দ উপভোগ কৰিব বিচাৰে। সেই আনন্দৰ ক্ষণস্থায়িত্ব আৰু কুফল সম্পর্কে ভাবিবলৈ জীৱৰ তেতিয়া আহৰি নাথাকে।

৪। চমুটোকা লিখা— 

(ক) অজামিল। 

(খ) শাস্তিপর্ব।

উত্তৰঃ (ক) অজামিল : পুৰাণত বর্ণিত কান্যকু ব্জৰ এজন মহাপাপী ব্ৰাহ্মণ। তেওঁ এজনী বেশ্যাত পতিত হৈ এটি এটিকে ন-টা পুত্র সন্তান জন্ম দিয়ে। মহাপাপত নিমজ্জিত অজামিলৰ আয়ুস ক্ষয় হোৱাত যমদূতে তেওঁক নিবলৈ আহে। মৃত্যুৰ আগমুহূৰ্তত নৱম পুত্ৰ নাৰায়ণৰ নামেৰে হ’লেও ভগৱানৰ নাম লোৱাত তেওঁ সকলো পাপৰ পৰা মুক্ত হয়। পাঠটিত অজামিল শব্দই মহাপাপী বা জাতিকূলৰ বিচাৰ নকৰা অৰ্থ প্ৰকাশ কৰিছে।

উত্তৰঃ (খ) শান্তিপর্ব : মহাভাৰতৰ দ্বাদশ পৰ্ব। কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত নিজৰ আত্মীয়-স্বজন বধৰ কথা ভাবি যুধিষ্ঠিৰৰ মন ব্যথাত ভৰি পৰে। যুধিষ্ঠিৰৰ ব্যথাভৰা হৃদয়-মন শান্ত কৰিবৰ নিমিত্তে শৰশয্যাশায়ী পিতামহ ভীষ্মই দিয়া নানান উপদেশবাণী এই শান্তিপর্বত প্ৰকাশিত হৈছে।

৫। পাঠটো লিখকে কিয় জীৱনৰ শান্তিপর্ব নামেৰে নামকৰণ কৰিছে? জীৱনৰ কোনছোৱা কালক, কিয় তেওঁ শান্তিপর্ব বুলিছে।

উত্তৰঃ মহাভাৰতৰ দ্বাদশ পৰ্ব— শান্তিপৰ্বৰ তাৎপৰ্যৰ লগত সংগতি ৰাখি পাঠটিৰ মাজত মানুহৰ জীৱনৰ বৃদ্ধ কালছোৱাৰ গুণানুকীৰ্তন কৰি লিখকে পাঠটোৰ নাম জীৱনৰ শান্তিপৰ্ব নামেৰে নামকৰণ কৰিছে।

জীৱনত বুঢ়া কালছোৱাক লিখকে শান্তিপৰ্ব বুলিছে। কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত যুধিষ্ঠিৰৰ ব্যথাভৰা হৃদয়-মন শান্ত কৰিবৰ নিমিত্তে শৰশয্যাশায়ী পিতামহা ভীষ্মই দিয়া নানান উপদেশবাণী শান্তিপর্বত বিবৃত হৈছে। অর্থাৎ শান্তি পর্বত কুৰুক্ষেত্ৰ যুদ্ধৰ বিৰাত ভয়াবহ ৰূপৰ পৰিৱৰ্তে শান্তিৰ বাণীহে আছে। একেদৰে মানুহৰ জীৱনৰো ল’ৰাকালত যন্ত্ৰণাৰ পাতনি মেলা আৰু ডেকা কালত নানান প্ৰকাৰে অত্যাচাৰ কৰা ছয় ৰিপুৰ অত্যাচাৰ বুঢ়া কালছোৱাত নাথাকে। ডেকা কালৰ অসুখ-অশান্তিৰ পৰিৱৰ্তে এই কালছোৱাত সকলোপিনে কেৱল শান্তিয়ে বিৰাজ কৰে। সেয়েহে লিখকে মানুহৰ জীৱনৰ শান্ত সমাহিত সুস্থিৰ বুঢ়া কালটো উৎকৃষ্ট বুলি ক’বলৈ গৈ এইছোৱা কালক শান্তিপর্ব বুলিছে।

৬। লেখকে মানুহৰ জীৱনটোক কেইটা আৰু কি কি কালত ভাগ কৰিছে? কালকেইটা কেনেকুৱা বুলি কৈছে?

উত্তৰঃ লেখক সত্যনাথ বৰাদেৱে মানুহৰ জীৱনটোক তিনিটা কালত ভাগ কৰিছে সেইকেইটা হ’ল (ক) ল’ৰা কাল (খ) ডেকা কাল আৰু (গ) বুঢ়া কাল। ইয়াৰে ল’ৰা কালটো এটা দীঘল সামাজিক, ডেকা কালটো ভুৱা আৰু বুঢ়া কালটো বখানিবলগীয়া কাল অর্থাৎ ভাল।

৭। কোনে কাৰ ওপৰত ওজাদেওক মেলি দিয়াৰ কথা কৈছে? 

উত্তৰঃ ইয়াত লুকাই থকাজনে অর্থাৎ বিবেকে লিখকৰ ওপৰত ওজাদেওক মেলি দিয়াৰ কথা কৈছে।

৮। “এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।”— কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ মানুহৰ জীৱনটো বৰ চুটি। ল’ৰা কালটো আমি একো নজনাতে পাৰ হৈ যায়। বুঢ়া কাল ছোৱাত শৰীৰৰ বল কমি অহা হেতু আমি একো কৰিব নোৱাৰা হৈ পৰো। বাকী থাকে জীৱনৰ মাথোন কেইটামন বছৰ। আমাৰ জন্মৰ লগে লগে আমাৰ লগত লোভ-মোহ ৰূপী ছয় বিপুৰো জন্ম হয়। ইহঁত আমি সৰু হৈ থকা অৱস্থাত অত্যাচাৰ কৰে যদিও সেয়া বৰ বেছি ভয়াবহ নহয়। কিন্তু জীৱনৰ আচল কাম কৰিব পৰা কালত উপনীত হোৱাৰ লগে লগে ইহঁতো গাত দুগুণ বল বান্ধি শক্তিশালী হৈ উঠে আৰু নানা ধৰণৰ দিন-ৰাতিৰ পাৰ্থক্য নোহোৱাকৈ অত্যাচাৰ আৰম্ভ কৰে। ইহঁতৰ অত্যাচাৰ চেলাপেটী জোকৰ দৰে। ফলত ডেকা কালছোৱা নানাধৰণৰ অসুখ-অশান্তি ভুগিবলগা হয়। সেয়েহে লেখকে চুটি জীৱনত দীঘল যাতনা যুগুত নহয় বুলি কৈছে। 

৯। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) “বাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰ পৰা লৰ মাৰি সাৰিব পাৰি। ইহঁত অজামিল।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

বাহিৰৰ শত্ৰুই আনৰ প্ৰতি কৰা আচৰণৰ লগত যে ছয় ৰিপুই কৰা অত্যাচাৰৰ পার্থক্য আছে সেই কথা বুজাবলৈ গৈ লেখকে উক্ত কথাষাৰ ইয়াত অৱতাৰণা কৰিছে।

মানুহৰ জীৱনত শত্ৰু থাকিবই। একেবাৰে সহজ-সৰল, নিৰ্জু, নিৰহংকাৰী, সৰ্বগুণেৰে গুণী-জ্ঞানীজনৰো শত্ৰু থাকে৷ শত্ৰু সাধাৰণতে দুই ধৰণৰ৷ এচাম বাহিৰৰ আৰু আন এচাম ভিতৰৰ। বাহিৰৰ শত্ৰুই দেখা-দেখিকৈ আক্ৰমণ কৰে। ফলত ইহঁতক চিনাক্ত কৰিব পাৰি। এই শ্রেণী শত্ৰুই আক্ৰমণ বা অত্যাচাৰ কৰিবলৈ আহিলে আমি লৰ মাৰি পলাব পাৰো বা সাৱধানতা অৱলম্বন কৰিব পাৰো। কিন্তু আমাৰ লগতে থকা ছয় ৰিপু আমাৰ ভিতৰৰ শত্ৰু। ইহঁত বৰ ভয়াবহ। চেলাপেটী জোকৰ দৰে। শৈশৱত ইহঁতৰ উৎপাত আৰু অত্যাচাৰ কম হৈ থাকে যদিও আমি ডাঙৰহৈ অহাৰ লগে লগে ইহঁতো ডাঙৰ হৈ আহে আৰু দিন-ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ শত্ৰুতা কৰিবলৈ লয়। টোপনিটো নানাধৰণৰ ভয়াবহ সপোন দেখুৱাই আমাৰ জীৱনটোক হাৰাশাস্তি কৰে। ইহঁতক বশ বা নাশ কৰা বৰ টান। যাক যমেও মাৰিব নোৱাৰে। বাহিৰৰ শত্ৰুতকৈ এই অজামিল সদৃশ ছয় ৰিপু অর্থাৎ কাম, ক্রোধ, লোভ, মোহ মদ আৰু মাৎসর্য যে বৰ ডাঙৰ শত্ৰু সেই কথা লেখকে বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে।

১০। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) “নৈৰ ঢৌ সামান্য। মোৰ জীৱটো যি ঢৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিবলগীয়া নহয়।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখক সত্যনাথ বৰাই তেওঁৰ বিশেষ ৰচনা-ৰীতিৰে জীৱনটোক আলোচনা কৰিছে আৰু দেখুৱাইছে যে তেওঁ অতি সহজেই পাৰ পাম বুলি জীৱনৰ নাও মেলি দিছিল যদিও মাজ নদীত বতাহ আৰু নৈৰ টোৱে তেওঁৰ জীৱন-যাত্রাক ভালকৈয়ে এশিকনি দিলে।

তেওঁৰ জীৱনলৈ অহা এই ঢৌবোৰ নৈৰ ঢৌতকৈও প্রবল। এই ঢৌ হ’ল লোভ-মোহকে আদি কৰি ছটা ৰিপুয়ে তোলা প্ৰলয়ৰ ঢৌ। একো একোটা ঢৌ হিমালয়ৰ দৰে। সিহঁতৰ আস্ফালনতে লেখক ভয়ত বিতত হৈ পৰে। সিহঁতে চৰিয়াই-কিলাই লেখকৰ নিছলা জীৱনটোক জুলুকি-জুলিকিকৈ শিকালে। সাগৰৰ ঢৌৱে হয় একেবাৰে মাৰি নিয়ে, নহয় বা ঢৌৰে ঠেলি পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌৱে জীৱও নামাৰে পাৰতো লগাই নিদিয়ে, কেৱল ইফালৰ পৰা সিফাললৈ কোবাই লৈ ফুৰে। লেখকে এই ধৰণে ৰিপুবোৰক দুৰন্ত ঢৌৰ লগত তুলনা কৰিছে আৰু ইহঁতে কিদৰে মানুহৰ জীৱনটোক জুৰুলা কৰে তাকে বৰ্ণনা কৰিছে।

(খ) “আদিৰে পৰা সেই ৰজাত শৰণ ল’লে মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলেহেঁতেন।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখক সত্যনাথ বৰাদেৱে জীৱনৰ বাল্যকালৰ পৰা ডেকা কাললৈকে প্রবল শক্তিমান হৈ থকা ৰিপুবোৰৰ কথা আৰু সেই সময়ত লুকাই থকা নেদেখাজনৰ কথা বৰ্ণাবলৈ গৈ এই কথাষাৰ উল্লেখ কৰিছে।

জীৱনৰ আৰম্ভণিৰে পৰা লগ নেৰা ৰিপুবোৰ বয়সৰ লগে লগে ক্ৰমে শক্তিশালী হৈ পৰে। সিহঁতে নৈৰ প্ৰবল ঢৌৰ দৰে ঢৌৰ সৃষ্টি কৰি জীৱনটোক জ্বলা-কলা কৰে। এই সময়ছোৱাত মাজে মাজে নেদেখা জনৰ হাক-বচন শুনা হয় যদিও ৰিপুবোৰেও উত্ৰাৱল কৰি তুলি কেতিয়াবা নগুৰ-নাগতি কৰে। কিন্তু এই সময়ত মানুহে বুজি পায়গৈ যে লুকাই থকাজনহে শক্তিশালী। তেওঁ হ’ল চক্ৰৱৰ্তী ৰজাৰ দৰে। বাকী সকলোবোৰ তেওঁৰ মানত দাস স্বৰূপ। কিন্তু মানুহে আদিতেই তেওঁৰ খিতাপ বা শাস্তিৰ কথা বুজি পাব নোৱাৰে। সেই সময়তে যদি মানুহে লুকাই থকাজনকে চক্রবর্তী ৰজা বুলি জানি তেওঁতে শৰণ ল’লেহেঁতেন তেতিয়াহ’লে মানুহে ৰিপুবোৰৰ এই নির্যাতন সহ্য কৰিব লগা নহ’লেহেঁতেন। লেখকে লোভ-মোহ আদি পিশাচবোৰৰ কথামতে চলি কেতিয়াবা নেদেখাজনৰ শাস্তি পাইছিল, কিন্তু তেতিয়াও তেওঁক সকলোৰে ওপৰৰ বুলি বুজি পোৱা নাছিল। এতিয়া বয়স হোৱাত তেওঁ বুজিছে যে পৰমেশ্বৰৰ আশ্ৰয়ত থাকিলে এই ৰিপুবোৰে তেওঁক কোনো ধৰণেই শতৰু শালিব নোৱাৰিলেহেঁতেন।

(গ) “উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে। 

ডেকা বয়সটোৰ নেতিবাচক প্ৰভাৱৰ কথা ক’বলৈ গৈ লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে।

লেখকৰ মতে বাৰ্ধক্যৰ সময়ছোৱাই হ’ল জীৱনৰ সবাতোকৈ শাস্তিৰ কাল। আনহাতে বাৰ্ধক্যৰ আগৰ সময়ছোৱা হ’ল ডেকা কাল। ডেকা কালটো হ’ল উগ্ৰতাৰ কাল। চাল-চলন হাব-ভাব খাদ্য নিদ্ৰা সকলোতে উগ্রতা। কাৰণ ডেকা বয়সটোত জীৱনৰ লগতে লিপিট খাই থকা ৰিপুবোৰো সমানে ডেকা হৈ উঠে। অর্থাৎ এই ৰিপুবোৰ শক্তিশালী হয় আৰু সিহঁতে জীৱন নদীত প্রবল ঢৌ সৃষ্টি কৰি জীৱনটোৰ স্থিৰতা নোহোৱা কৰে। ডেকা কালটো জীৱনৰ মহাযুদ্ধৰ দৰে। আনহাতে বাৰ্ধক্য হ’ল এই মহাযুদ্ধৰ পিচত জিৰণি বা শাস্তিৰ কাল। এই সময় কোনো ধৰণৰ গুণেই উগ্ৰ হৈ নাথাকে। ৰিপুবোৰৰ উগ্ৰতা হ্ৰাস পায়। ফলত জীৱনটো লটি-ঘটি নোহোৱা হৈ ভালেখিনি শান্ত হৈ পৰে। ছটা ৰিপুৰ উদণ্ড, উত্ৰাৱল প্ৰভাৱ হ্ৰাস হৈ পৰাৰ ফলত জীৱনৰ উগ্ৰতা নোহোৱা হৈ পৰে। সেয়েহে উগ্র মিঠা বা উগ্র তিতা যিয়েই নহওক কিয় দুয়োটাই জীৱনৰ কাৰণে বিহৰ লেখীয়া। এনেবোৰ উগ্রতা নথকাৰ বাবেই জীৱনৰ শেষ পৰ্বটোক লেখকে শান্তিপর্ব বুলিছে।

(ঘ) “এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপৰ্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখক সত্যনাথ বৰাদেৱে ‘জীৱনৰ শান্তিপর্ব’ নামৰ প্ৰৱন্ধটিত দেখুৱাইছে যে জীৱনটো যদিও বৰ দীঘলীয়া যেন লাগে আচলতে তেনে নহয়। শিশুকালৰ পৰা ডাঙৰ দীঘল হৈ পূৰ্ণতা প্ৰাপ্ত হওঁতেই জীৱনৰ আধাখিনি দিন পাৰ হৈ যায়। জীৱনৰ আচল উপলব্ধি হওঁতে জীৱন নাটৰ সামৰণি পৰিবৰ হয়। সেয়েহে জীৱনটো আচলতেই চুটি। এই চুটি জীৱনটোৰ সৰহখিনি দিন যাতনাৰে ভৰা। ইয়াত তেওঁ যাতনা বুলি কওঁতে কোনো ৰোগ ব্যাধি বা শাৰীৰিক সমস্যাৰ কথা কোৱা নাই। তেওঁ বিশেষভাৱে গুৰুত্ব দিয়া যাতনাবোৰ হ’ল ৰিপুবোৰৰ যাতনা। কাম, ক্রোধ, লোভ, মোহ আদি ৰিপুবোৰ মানুহৰ জন্মৰে লগৰীয়া। জন্মৰ লগতে সিহঁতো ওপজে। 

মানুহৰ জীৱনৰ মাজতেই সিহঁতে পুষ্টি লাভ কৰে আৰু বয়স বঢ়াৰ লগে লগে সিহঁতৰো প্ৰতাপ বাঢ়িবলৈ ধৰে। সিহঁতৰ উৎপীড়নত মানুহৰ জীৱনটোৰ সুখ-শান্তি নাইকিয়া হয়। এফালে সিহঁতৰ অখণ্ড প্রতাপ আৰু আনফালে নেদেখাজনৰ সাৱধান বামী।দুয়োটাৰে মাজত পৰি জীৱনে দুর্বিসহ যাতনা ভুগিব লাগে। বিশেষকৈ ৰিপুবোৰৰ প্রভাৱ শক্তিশালী হোৱা মানেই লটি-ঘটিৰ অন্ত নপৰা অৱস্থা। এনেধৰণে এক্ষন্তেকো ইহঁতৰ অত্যাচাৰৰ পৰা ৰক্ষা নোপোৱা জীৱনটোৱে অলপমান প্রশান্তি লাভ কৰে বাৰ্ধক্যৰ সময়ত এই ৰিপুবোৰ দুৰ্বল হোৱাৰ পিচত। বুঢ়াকালত মানুহে নেদেখা জনমে আচলতে চক্ৰৱৰ্তী ৰজা আৰু তেওঁ যে আচল সত্য চাই কথা বুজিব পৰা হয়। তেতিয়া আৰু জীৱনটো উপভোগ কৰাৰ সময়েই নাথাকেগৈ সেয়েহে লেখকে কৈছে যে এই চুটি জীৱনটোত এনে দীঘল যাতনা যুগুত নহয়।

অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নোত্তৰঃ 

১। তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

(ক) সত্যনাথ বৰাৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ গীতাৱলী। 

(খ) সত্যনাথ বৰাৰ ব্যংগধৰ্মী গ্ৰন্থ দুখনৰ নাম লিখা।

উত্তৰঃ সভ্যতাৰ মথাউৰি আৰু ভকতীয়া ব্যাকৰণ। 

(গ) সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি?

উত্তৰঃ বহল ব্যাকৰণ।

(ঘ) সত্যনাথ বৰাৰ প্ৰবন্ধ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ সাৰথি, কেন্দ্ৰসভা।

(ঙ) ‘জীৱনৰ শান্তিপর্ব’ প্ৰবন্ধৰ তেওঁ নৈখনক আৰু নাওখনক কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ নৈখনক জুইলগা হাবি আৰু নাওখনক ফেঁচু চৰাইৰ লগত তুলনা কৰিছে।

(চ) সত্যনাথ বৰাই উল্লেখ কৰা ছটা পিশাচ কি কি?

উত্তৰঃ লোভ, মোহ, কাম, ক্রোধ, মদ, মাৎসর্য— এই ছটা ৰিপুকে তেওঁ পিশাচ বুলি কৈছে। 

(ছ) সত্যনাথ বৰাদেৱে কোনছোৱা সময়ক দীঘল সামাজিক বুলিছে।

উত্তৰঃ ল’ৰালিৰ কালছোৱাক দীঘল সমাজিক বুলিছে।

(জ) জীৱনৰ শান্তিপর্ব’ প্ৰৱন্ধত কাক চক্ৰৱৰ্তী ৰজা বোলা হৈছে? 

উত্তৰঃ লুকাই থকাজনক অর্থাৎ ভগৱানক।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। সত্যনাথ বৰাৰ এটি পৰিচয় দিয়া।

উত্তৰঃ ১৮৬০ চনত গুৱাহাটী ভৰলুমুখত সত্যনাথ বৰাদেৱৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল যথাক্ৰমে দয়াৰাম বৰা আৰু অময়া বৰা। পিতৃ- মাতৃয়ে জন্ম দিলে যদিও তেওঁলোকে বৰাদেৱক ডাঙৰ-দীঘল কৰিবলৈ নাপালে।

সৰুতেই তেওঁলোক দুয়োৰে মৃত্যু হোৱাত তেওঁ আইতাক আৰু খুৰাকৰ তত্ত্বাৱধানত থাকি শিক্ষা গ্ৰহণ কৰে আৰু কলিকতাৰ পৰা বি. এ. বি. এল. উপাধি লাভ কৰে। সত্যনাথ বৰাই আছিল প্ৰথম অসমীয়া বি. এল উপাধিধাৰী আইনজীৱী। তেওঁ আইন কলেজত অধ্যাপকৰূপে সেৱা আগবঢ়োৱাৰ লগতে কটন কলজতো অসমীয়া বিভাগত শিক্ষা প্ৰদান কৰিছিল।

ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য ৰচনাত মনোনিৱেশ কৰা সত্যনাথ বৰাদেৱে গহীন প্ৰৱন্ধ ৰচক হিচাপেই নিজৰ আসন প্রতিষ্ঠা কৰে। বৰাদেৱে ‘সাৰথি’, ‘চিন্তাকলি’, ‘সাহিত্য বিচাৰ’, আকাশ-ৰহস্য’, ‘কেন্দ্ৰসভা’ আদি পুথিৰে এক বিশেষ ধৰণৰ চিন্তা আৰু ৰচনাৰীতি প্রতিষ্ঠা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেখেতৰ মহত্বম দান হ’ল ‘বহল ব্যাকৰণ’। অসমীয়া ব্যাকৰণ প্ৰণেতা হিচাপে হেমচন্দ্ৰ বৰুৱাৰ পিচতেই তেওঁৰ স্থান। তেওঁৰ বহল ব্যাকৰণৰ মহত্ব আৰু গৰিমা অনস্বীকার্য। ব্যংগ ৰচনাতো বৰাদেৱ সিদ্ধহস্ত আছিল। ‘সভ্যতাৰ মথাউৰি’ আৰু ‘ভকতীয়া ব্যাকৰণ’ তেওঁৰ সংস্কাৰধৰ্মী হাস্য-ব্যংগাত্মক ৰচনা। গীতাৱলী তেওঁৰ একমাত্ৰ গীতৰ পুথি। এই লব্ধ প্রতিষ্ঠা সাহিত্যিকগৰাকীৰ বৰ্ণাঢ্য জীৱনৰ সামৰণি পৰে ১৯২৪ চনত।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

২। “লুকাই থকা জনৰো স্বভাৱটো মোৰ মানত তেনে যেন লাগিল”— লুকাই থকাজন কোন? তেওঁৰ স্বভাৱটো কেনে বুজাই লিখা। 

উত্তৰঃ লুকাই থকাজন হ’ল পৰমেশ্বৰ। এই জগতৰ তেৱেঁই হ’ল একমাত্র পালনকর্তা। সকলো গুণৰ অধিকাৰী। সৃষ্টি, স্থিতি, প্রলয়ৰ একমাত্ৰ কাৰণ। 

লেখক সত্যনাথ বৰাদেৱে শৈশৱৰ পৰা বাৰ্ধক্যলৈকে জীৱনটোৰ বিষয়ে আলোচনা কৰি দেখুৱাইছে যে জন্মৰে পৰা বিভিন্ন ৰিপুবোৰে মানুহক বিভিন্ন যাতনা দিয়ে৷ এই ৰিপুবোৰ মানুহৰ লগতে ডাঙৰ-দীঘল হয় আৰু ক্ৰমে ইহঁতৰ বল বাঢ়ি আহে। তেতিয়া আমাৰ পৰমেশ্বৰৰ বোধ জন্ম হয়। তেওঁ লুকাই থাকে।

লেখকে নিজে জানি-শুনিও কৈছে যে জীৱনৰ ইমানখিনি যাতনা পোৱাতকৈ তেওঁ যদি ওপজোতেই বুঢ়া হৈ উপজিলেহেঁতেন। তেতিয়া তেওঁক এই লোভ মোহ আদি পিশাচবোৰে এনেকৈ চৰাই-লথিয়াই ফুৰাব নোৱাৰিলেহেতেন। কিন্তু তেওঁ নিজেও জানে উপজিয়েই বুঢ়া হোৱা অসম্ভৱ। সেই প্রসংগতেই তেওঁ কৈছে যে আচল গৰাকী লুকাই থাকি আগ বয়সটোত মানুহৰ লোভ-মোহৰ হাতত পেলাই দিয়ে আৰু সেইবোৰৰ মাৰ-কিল খাই লাল-কাল দিয়াৰ পৰতহে তেওঁ ওলাই দেখা দিয়ে।

এই প্ৰসংগতে তেওঁৰ ল’ৰাকালৰ কথা এটিলৈ মনত পৰিছে আৰু তেওঁ ঈশ্বৰৰ এই লীলাক তেওঁৰ ল’ৰালিৰ সেই ঘটনাৰে সৈতে একে যেন ভাবিছে। ল’ৰালিতে এওঁক ক, খ পঢ়াওঁতে ওজাদেৱে মাৰিছিল। লেখকে ভাবিছিল ওজাদেৱৰ কথা মাকক ক’ব আৰু মাজে মাজে ওজাদেৱক এশিকনি দিব। কিন্তু মাকে এই কথা কোৱাৰ পিচত তেওঁকহে চকু পোন্দাই ধৰিছিল। আয়েকৰ ব্যৱহাৰত নিৰাশ হৈ তেওঁ কথাটো দেউতাকক ক’লে, দেউতাকে লগে লগে তেওঁক ডবিয়াই খেদিলে। কোনোজনৰ ওচৰত সঁহাৰি নাপাই তেওঁ ওজাদেৱৰ মাৰ-কিল সহি যাবলৈ ধৰিলে। 

এই প্ৰসংগতে তেওঁৰ মনত লুকাই থকাজনৰো স্বভাৱটো এনে যেনেই অনুভৱ হ’ল। লুকাই থকাজনেই লোভ-মোহবোৰক এছাৰি দি তেওঁৰ ওপৰত ওজাদেও মেলি দিছিল যেন লাগিছিল। সিহঁতে কিলাই তাণ্ডৱ কৰিলেও তেওঁ ৰাম-হৰি একো নামাতিছিল। এইবোৰৰ মাজৰে লেখকে দেখুৱাইছে যে জীৱনৰঢ আগ-কালছোৱাত ৰিপুবোৰৰ অত্যাচাৰ, উৎপীড়ন সহ্য কৰি সেইবোৰ শিক্ষা পোৱাৰ পিচতহে— ভাটী বয়সত মানুহে জীৱনৰ আচল সত্যক বুজি পায়। নেদেখাজনৰ স্বৰূপ চিনিবে পাৰে আৰু তেতিয়াহে জীৱনৰ শান্তিপৰ্ব আৰম্ভ হয়।

1 thought on “ASOS Class 12 Assamese (MIL) Chapter 4 জীৱনৰ শান্তিপৰ্ব”

  1. I cannot thank you enough for the help your website has provided me. I am a teacher and a student at the same time. The resources you have in your website has helped me to become a better teacher as well as a better student. I hope you will continue your good work.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top