ASOS Class 12 Assamese (MIL) Chapter 16 পৰিকল্পনা প্ৰস্তুতকৰণ

ASOS Class 12 Assamese (MIL) Chapter 16 পৰিকল্পনা প্ৰস্তুতকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 16 পৰিকল্পনা প্ৰস্তুতকৰণ and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 16 পৰিকল্পনা প্ৰস্তুতকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 16 পৰিকল্পনা প্ৰস্তুতকৰণ Solutions for All Subject, You can practice these here.

পৰিকল্পনা প্ৰস্তুতকৰণ

Chapter : 16

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলত দিয়া বিকল্প সমূহৰ মাজৰপৰা উচিত বিকল্প বিচাৰি উলিয়াই সোধা প্ৰশ্ন সমূহৰ উত্তৰ দিয়া।

১। পৰিযোজনাত নিম্নলিখিত সমূহৰ ভিতৰত কোনটোক প্ৰকাশিত কৰা হয়।

(ক) মনৰ ভাৱ সমূহক।

(খ) তথ্যৰ আধাৰত বিচাৰ সমূহক।

(গ) ঘটনাৰ ভাষাক।

(ঘ) সমস্যাৰ তথ্যক।

উত্তৰঃ (খ) তথ্যৰ আধাৰত বিচাৰ সমূহক।

২। পৰিযোজনাৰ বিষয় মুখ্যত কিহৰ ওপৰত আধাৰিত।

(ক) কেৱল পৰিবেশৰ ওপৰত।

(খ) চৰকাৰী বিভাগৰ সমস্যাৰ ওপৰত।

(গ) যিকোনো সমস্যাৰ ওপৰত।

(ঘ) পানীৰ সমস্যাৰ ওপৰত।

উত্তৰঃ (গ) যিকোনো সমস্যাৰ ওপৰত।

৩। নিম্নলিখিত সমূহৰ ভিতৰত কোনটো কথা সঁচা নহয়।

(ক) পৰিযোজনাই পাঠ্য সামগ্ৰীৰ উপৰিও বহুতো কিতাপ পত্ৰ আদি পঢ়াৰ প্ৰেৰণা যোগাই।

(খ) পৰিযোজনা তৈয়াৰ কৰাৰ সময়ত নতুন নতুন তথ্য সংগ্ৰহ কৰাৰ অভ্যাস বিকশিত হয়।

(গ) পৰিযোজনাৰ দ্বাৰা পাঠ্যসমাগ্রীৰ জৰিয়তে প্ৰাপ্ত বোধৰ বিকাশ হয়। 

(ঘ) পৰিযোজনাৰ লগত পাঠ্য সামগ্ৰীৰ সম্বন্ধ নাই।

উত্তৰঃ (ঘ) পৰিযোজনাৰ লগত পাঠ্য সামগ্ৰীৰ সম্বন্ধ নাই। 

(খ) তলত দিয়া বিকল্প সমূহৰ মাজৰপৰা উচিত বিকল্প বিচাৰি উলিয়াই সোধা প্রশ্ন সমূহৰ উত্তৰ দিয়া।

১। পৰিযোজনা তৈয়াৰ কৰা ধৰণ–

(ক) সকলোবোৰ একেই হয়। 

(খ) ভিন্ন হ’ব পাৰে।

(গ) যিকোনো এটা হ’ব পাৰে।

(ঘ) মিল থাকিব পাৰে।

উত্তৰঃ (খ) ভিন্ন হ’ব পাৰে।

২। পৰিযোজনাই পাঠ্য সামগ্ৰীক ভালদৰে বুজিবলৈ—

(ক) সহায় নকৰে।

(খ) বাধা আৰোপ কৰে।

(গ) সহায়কাৰী হয়।

(ঘ) সমস্যাৰ সৃষ্টি কৰে।

উত্তৰঃ (গ) সহায়কাৰী হয়।

(গ) নিম্নলিখিত মন্তব্যসমূহৰ ভিতৰত কোনটো সঁচা নহয়।

(ক) পৰিযোজনাৰ বিষয় পাঠৰ ওপৰত আধাৰিত হ’ব পাৰে।

(খ) পৰিযোজনাৰ বিষয় বস্তুৰ কোনো নহয় কোনো এটা সমস্যা নিশ্চয় থাকে।

(গ) পৰিযোজনা কেৱল সমস্যা সমাধানৰ কাৰণেই তৈয়াৰ কৰা হয়। 

উত্তৰঃ (খ) পৰিযোজনাৰ বিষয় বস্তুৰ কোনো নহয় কোনো এটা সমস্যা নিশ্চয় থাকে।

(ঘ) নিম্নলিখিত প্রশ্ন সমূহৰ উত্তৰ দিয়া।

১। সমস্যা প্রধান পৰিযোজনাত মূলত কোন কোন বিষয়ক সামৰি লোৱা হয়?

(ক)…………………………………..

(খ)……………………………………

(গ)……………………………………

(ঘ)……………………………………

উত্তৰঃ সমস্যা সমাধানৰ কাৰণে তৈয়াৰ কৰা পৰিযোজনাত যিবোৰ সমস্যা অন্তৰ্ভুক্ত কৰা হয় সেই সমস্যাসমূহৰ তথ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় আৰু সেই সমস্যাসমূহৰ সমাধানৰ কাৰণে উপদেশো দিয়া হয়। এই ধৰণৰ পৰিযোজনাসমূহ চৰকাৰী অথবা অন্য কোনো সংগঠনৰ দ্বাৰা তৈয়াৰ কৰা আঁচনিৰ সময়ত বনোৱা হয়। ইয়াৰ দ্বাৰা সমস্যাসমূহৰ বিভিন্ন দিশৰ ওপৰত কাম কৰিবলৈ সহজ।

২। শুদ্ধ জ্ঞানৰ পৰিযোজনাৰ বিষয় মূলত কি কথাৰ ওপৰত আধাৰিত?

(ক)…………………………………..

(খ)……………………………………

(গ)……………………………………

(ঘ)……………………………………

উত্তৰঃ পাঠ আধাৰিত পৰিযোজনাৰ উপৰি কোনো পৰিযোজনা শুদ্ধ জ্ঞানৰ ওপৰত আধাৰিত হ’ব পাৰে। এনে ধৰণৰ পৰিযোজনাসমূহ পোনপটীয়াভাৱে পাঠৰ লগত সম্বন্ধ নাথাকিলেও ইয়াক তৈয়াৰ কৰিলে তুমি পাঠ সম্বন্ধীয় বহুতো তথ্য জানিব পাৰি। যিবোৰ কথা আমি পঢ়াৰ সময়ত বুজিব পৰা নহয়, সেই কথাসমূহ পৰিযোজনাতো তৈয়াৰ কৰাৰ সময়ত সহজভাৱে বুজিবলৈ সক্ষম হয়। এই ধৰণৰ পৰিযোজনাৰ উদ্দেশ্য এক প্ৰকাৰ আমাৰ দ্বাৰা পঢ়া পাঠৰ পৰা প্রাপ্ত জ্ঞানৰ বিস্তাৰ কৰা আৰু আমাৰ অভিব্যক্তি কৌশলৰ বিকশিত কৰা। 

উদাহৰণস্বৰূপে ধৰি লোৱা হ’ল আমাক ‘স্বাক্ষৰতাৰ মহত্ব’ৰ ওপৰত পৰিযোজনা তৈয়াৰি কৰিবলৈ ক’লে হয়তো এনে লাগিব পাৰে যে আমাৰ পাঠ্যপুথিৰ লগত এই বিষয়টোৰ কিহৰ সম্বন্ধ থাকিব পাৰে, কিন্তু যেতিয়া আমি আমাৰ আশে পাশে চকু দিম, মানুহৰ শিক্ষাৰ ওপৰত লিখা বাতৰি কাকত অথবা পত্রিকাসমূহ যুগুতাম, চিত্ৰ গোটাম আৰু ইয়াৰ দ্বাৰা উদ্ভৱ হোৱা সমস্যাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰিম, তেতিয়া আমি বুজিব পাৰিম যে এই পৰিযোজনাটো আমাৰ পাঠ্য সামগ্রী ‘কালিদাস আৰু শকুন্তলা’ পাঠটো বুজাত যথেষ্ট সহায় হৈছে। এনেধৰণৰ শুদ্ধ জ্ঞানৰ পৰিযোজনা কোনো কোনো সময়ত আমি পড়া পাঠটো বুজাত অথবা পাঠ্যপুথিৰ পৰা প্ৰাপ্ত জ্ঞাপক আৰু পঢ়াবলৈ তথা আমাৰ অভিব্যক্তি কৌশলক বিকাশ কৰাত যথেষ্ট সহায়ক হয়।

৩। পৰিযোজনা কাক কয়।

উত্তৰঃ পৰিযোজনাৰ অভিধানিক অর্থ হৈছে কোনো এখন আঁচনিক ব্যৱস্থিত ৰূপত স্থিৰ কৰা অথবা প্ৰস্তুত কৰা। ইয়াৰ ইংৰাজী Project। প্রজেক্টৰ এটা অৰ্থ হৈছে প্ৰকাশিত অথবা প্ৰস্তুত কৰা। অর্থাৎ ইয়াৰ অভিধানিক অর্থৰ সহয় লৈ ক’ব পাৰি যে পৰিযোজনা কোনো এক সমস্যাৰ সমাধান বা কোনো এক বিষয়ৰ তথ্য প্রকাশিত কৰিবলৈ তৈয়াৰ কৰা এক পূৰ্ণ আঁচনি। আমি অহা দিনবোৰত যদি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান উপায় ভবা হয়। যেনে— যাতায়তৰ সমস্যা, খোৱা পানীৰ সমস্যা, বিজুলীৰ সমস্যা ইত্যাদি। 

এইদৰে আমি আমাৰ আশে পাশে বহুত ধৰণৰ এনেকুৱা ইয় সমস্যা আছে, যিবোৰ দেখি শুনি আমি এই সমস্যাবোৰৰ সমাধান পাবলৈ কোনো নহয় কোনো উপায় ভাবিবলৈ লওঁ। যেনে— জাবৰ সমস্যা, আত্মহত্যাৰ ঘটনা,  নিচাজাতীয় দ্ৰব্য সেৱনৰ দ্বাৰা হোৱা বেমাৰৰ সমস্যা আদি। এইদৰে আমাৰ সন্মুখত যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়, তেতিয়া আমি তাৰ গুৰিলৈ গৈ দি সেইবোৰৰ কাৰণ জানিবলৈ চেষ্টা কৰো– সমস্যাৰ কাৰণ কি? সমস্যা কিমান  গভীৰ, ইয়াৰ পৰা কি প্ৰভাৱ পৰিছে বা পৰিব। কিমান লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে বা হ’ব পাৰি ইত্যাদি। তাৰ পাছত আমি সেই সমস্যাবোৰৰ সমাধানৰ বিষয়ে ভাবিবলৈ লওঁ। তাৰ সমাধানৰ সকলো সম্ভাৱনা আৰু উপায় বিচাৰ কৰো৷ এইদৰে আমাৰ মনত তৈয়াৰ হোৱা এই বিচাৰ আঁচনিখনকে একপ্ৰকাৰ পৰিযোজনা বুলিব পাৰি।

৪। পৰিযোজনাৰ স্বৰূপ স্পষ্ট কৰা।

উত্তৰঃ পৰিযোজনা বহুত ধৰণে তৈয়াৰ কৰিব পাৰি। প্ৰত্যেক ব্যক্তিৰে পৰিযোজনা তৈয়াৰ কৰাৰ শৈলী পৃথক হ’ব পাৰে। যেনে প্ৰবন্ধ, কাহিনী, কবিতা লিখাৰ সময়ত হ’ব পাৰে। পৰিযোজনাক দুটা ডাঙৰ ভাগত ভাগ কৰিব পাৰো। এটা হৈছে কোনো সমস্যাৰ সমাধানৰ কাৰণে তৈয়াৰ কৰা পৰিযোজনা আৰু আনটো হৈছে কোনো এটা বিষয় পুংখানুপুংখভাৱে জানিবৰ বাবে তৈয়াৰ কৰা পৰিযোজনা।

৫। পৰিযোজনাৰ মহত্ব কি? নিজৰ বাক্যত প্ৰকাশ কৰা। 

উত্তৰঃ পৰিযোজনাৰ নিৰ্মাণ শিক্ষাৰ এটা বিশেষ ধৰণৰ মহত্বপূৰ্ণ অংগ হোৱা দেখা যায়৷ এইটো তৈয়াৰ কৰোতে কোনো এক খেল খেলাৰ দৰেই আনন্দ পোৱা যায়। এইদৰে পৰিযোজনা তৈয়াৰ কৰাৰ অৰ্থ হৈছে খেলৰ জৰিয়তে বহুতো কথা শিকা। পৰিযোজনাৰ দ্বাৰা পাঠ্য সামগ্ৰীৰ পৰা পোৱা জ্ঞানৰ উপৰিও নিজৰ দেশৰ, চহৰৰ বা গাঁওৰ বিষয়ে যথেষ্টখিনি জানিব পাৰি। এইবোৰে আমাক তথ্যসমূহ যোগাৰ কৰিবলৈ আৰু তাৰ ওপৰত ভিত্তি কৰিবলৈ বিষয় প্ৰদান কৰে। ইয়াৰ উপৰিও এইবোৰে আমাক নতুন নতুন তথ্যৰ প্ৰতি জিজ্ঞাসা প্ৰদান কৰে আৰু তাৰ ওপৰত আমাৰ বিচাৰ প্ৰকট কৰিবলৈ কৌশলৰৰ বিকাশ কৰে। ইয়াৰদ্বাৰা আমাৰ একাগ্ৰতাৰ বিকাশ হয়। লেখন সম্বন্ধীয় নতুন নতুন শৈলীৰ বিষয়ে জানিব পাৰি। ইয়াৰ জৰিয়তে আমাৰ চিন্তা কৰা কথা কোনো পূৰ্ব ঘটনাৰ লগত বৰ্তমানৰ ঘটনাৰ জোৰা লগাই চোৱাৰ ক্ষমতা প্ৰদান কৰে।

৬। পৰিযোজনা তৈয়াৰ কৰাৰ সময়ত কি কি কথাৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক?

উত্তৰঃ পৰিযোজনা তৈয়াৰ কৰাৰ সময়ত তলত দিয়া কথাসমূহৰ ওপৰত দৃষ্টি ৰখা আৱশ্যক।

(১) পৰিযোজনাৰ কাৰণে দিয়া বিষয়টো ভালদৰে বুজা উচিত।

(২) দিয়া বিষয়টোৰ সম্বন্ধে তথ্য যুগুটোৱা।

(৩) বাতৰি কাকতত প্ৰকাশ হোৱা বিষয়টোৰ সম্বন্ধীয় বাতৰি একত্ৰিত কৰা।

(৪) সমস্যা সম্বন্ধীয় চিত্র যুগুটোৱা।

(৫) যদি গ্রাফিক, ৰেখাচিত্ৰ, পুথি আৰু পত্ৰিকা আদিৰ পৰা তথ্য আহৰণ কৰিব পাৰে, তেন্তে আকৌ একত্ৰিত কৰা।

(৬) পৰিযোজনা তৈয়াৰ কৰাৰ আগতে ভালদৰে এটা ভূমিকা লিখা আৰু তাৰ ওপৰত আধাৰ কৰিয়েই পৰিযোজনাটো তৈয়াৰ কৰা।

(৭) সাংখ্যিক আধাৰত সমস্যাৰ বিভিন্ন ভাগসমূহ এটাকৈ বেলেগ বেলেগ উদাহৰণৰ জৰিয়তে বিশ্লেষণ কৰা।

(৮) সকলোবোৰ ভাগৰ সঠিক বৰ্ণনা কৰা।

(৯) যিবোৰ তথ্য আমি চিত্ৰ, ৰেখাচিত্ৰ, গ্ৰাফিক, বিজ্ঞাপন আদিৰ জৰিয়তে একত্ৰিত কৰো সেইবোৰ আমি ক’ৰ পৰা সংগ্ৰহ কৰো তাৰ বিষয়ে নিশ্চিত লিখা।

(১০) তথ্যৰ ওপৰত কৰা বিশ্লেষণ সঠিক হোৱা উচিত। বিশ্লেষণ কৰাৰ সময়ত অন্য ভাৱত বিভোৰ হ’ব নালাগে। কোনো লোকৰ পৰা শুনা কথাৰ ওপৰত ভিত্তি কৰি পৰিযোজনা তৈয়াৰ কৰিব নালাগে। তথ্যসমূহ সঠিক হয়নে নহয় তাক চালি-জাৰি চোৱাৰ পাছতহে উল্লেখ কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top