Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 5 Political Theory and Practice – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – 2 Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ –

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

10. What is democracy? Discuss its characteristics?

Ans: ইংৰাজী ভাষাৰ ‘ডেম’ক্ৰেচী [Democracy] শব্দটো গ্ৰীক ভাষাৰ ‘ডেমচ’ [Demos] আৰু ‘ক্ৰাচিয়া’ [Kratia] শব্দ দুটাৰপৰা ওলাইছে। গ্রীক ভাষাত ‘ডেমচ’ মানে জনসাধাৰণ আৰু ‘ক্ৰাচিয়া’ মানে শাসন। ডেম’ক্ৰেছী শব্দৰ অৰ্থ হ’ল— জনসাধাৰণৰ শাসন৷ ‘গণতন্ত্র শব্দটো ইংৰাজী ‘ডেম’ক্ৰেচী’ শব্দৰ সমাৰ্থক বুলি ধৰা হয়। গণতন্ত্র মানে হ’ল— ৰাইজৰ শাসন বা জনগণৰ শাসন।

প্রায় দুই শতিকাজুৰি ভাৰত ইংৰাজসকলৰ অধীনত আছিল। সেই সময়ত দেশৰ শাসন ব্যৱস্থা ইংৰাজসকলৰ ইচ্ছা মতেই চলিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰত স্বাধীন হয়। ইংৰাজ শাসনৰপৰা মুক্ত হোৱাৰ লগে লগে আমাৰ দেশত গণতন্ত্ৰৰ সূচনা হয়। ভাৰতবৰ্তমান বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্রিক দেশ।

গণতন্ত্রক দুটা ভাগত বিভক্ত কৰিব পাৰি— প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র। প্রত্যক্ষ গণতন্ত্রত দেশৰ সমূহ জনসাধাৰণে পোনপটীয়াকৈ শাসনকার্যত অংশগ্ৰহণ কৰে। এনে গণতন্ত্র পুৰণিকালত সৰু সৰু ৰাষ্ট্ৰবোৰত চলিছিল। বৃহৎ আকাৰৰ ৰাষ্ট্ৰবোৰত প্ৰত্যক্ষ গণতন্ত্রৰ প্ৰচলন সম্ভৱ নহয়। সেইবাবে এনে ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্র বা প্রতিনিধিমূলক গণতন্ত্ৰৰহে প্ৰচলন দেখা যায়। পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণৰ মাজৰপৰা কিছুসংখ্যক প্রতিনিধি নির্বাচন কৰা হয় আৰু এনে প্রতিনিধিসকলক ৰাইজৰ হৈ শাসন কার্য চলাবলৈ দিয়া হয়। গতিকে জনসাধাৰণে পৰোক্ষভাৱে দেশ শাসন কার্যত জড়িত হয়।

বিভিন্ন পণ্ডিতে ভিন্‌ ভিন্‌ দৃষ্টিভংগীৰে গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাসমূহৰ ভিতৰত ভূতপূর্ব মার্কিন ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ সংজ্ঞাটোৱেই সর্বাধিক জনপ্রিয়। তেওঁৰ মতে গণতন্ত্র হৈছে— ‘ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ’। গণতান্ত্রিক শাসন ব্যৱস্থা থকা দেশত ৰাইজ বা জনসাধাৰণ যথেষ্ট সন্মান আৰু গুৰুত্ব প্ৰদান কৰা হয়। গণতন্ত্ৰৰ বাহিৰে আন আসন ব্যৱস্থাত জনসাধাৰণক এনে সন্মান বা গুৰুত্ব দিয়া নহয়। সেইবাবে সম্প্রতি পৃথিবীৰ অধিকাংশ ৰাষ্ট্ৰত গণতান্ত্রিক চৰকাৰৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে।

আমাৰ দেশৰ গণতান্ত্রিক ব্যৱস্থা বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল―

১।গণৰাজ্য: সংবিধানৰ প্রস্তাৱনাত ভাৰতক এখন গণৰাজ্য বুলি অভিহিত কৰা হৈছে। গণৰাজ্যত ৰাষ্ট্ৰৰ মুৰব্বীজনো ৰাইজৰ নিৰ্বাচিত প্রতিনিধি। আমাৰ ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে জনসাধাৰণৰ মাজৰপৰ৷ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচিত কৰা হয়।

২। গণতন্ত্র: সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন গণতান্ত্রিক দেশ বুলি উল্লেখ কৰা হৈছে। তদুপৰি গণতন্ত্ৰক ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনিৰ ভিতৰত ধৰা হৈছে। ভাৰতত অ-গণতান্ত্রিক শাসন প্ৰণালীৰ ব্যৱস্থা নাই।

৩। সংসদীয় গণতন্ত্র: সংসদীয় গণতন্ত্র আৰু সাংবিধানিক ৰাজতন্ত্র— গণতন্ত্ৰৰ দুটা উল্লেখযোগ্য ভাগ। সংসদীয় গণতন্ত্ৰৰ ঠাইত কোনো ৰাষ্ট্ৰত ৰাষ্ট্ৰপতিয় গণতন্ত্রও থাকিব পাৰে। সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰীয় মুৰব্বী হ’লেও প্ৰকৃততে সংসদেহে প্রশাসন চলায়। মন্ত্ৰী পৰিষদ সংসদৰ অবিচ্ছদ্য অংগ। প্রধান মন্ত্ৰীগৰাকী হ’ল মন্ত্ৰী পৰিষদৰ নেতা (বা নেতৃ) আৰু প্ৰশাসনৰ মুৰব্বী।

৪। মৌলিক অধিকাৰ: গণতান্ত্রিক দেশসমূহত নাগৰিকসকলক কেতবোৰ অতি প্রয়োজনীয় অধিকাৰ উপভোগ কৰিবলৈ দিয়া হয়। এনে অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। আমাৰ সংবিধানত ছয়বিধ মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। এই ছয়বিধ মৌলিক অধিকাৰ হ’ল— সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ আৰু সাংবিধানিক নিৰাময়ৰ অধিকাৰ।

নাগৰিকসকলে মৌলিক অধিকাৰসমূহ ভোগ কৰিবলৈ নাপালে গণতন্ত্র অর্থহীন। অৱশ্যে এই অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে প্রয়োজন সাপেক্ষে বাধা-নিষেধ আৰোপ কৰিব পাৰে।

৫। মৌলিক কর্তব্য: আমাৰ সংবিধানত দহবিধ মৌলিক কর্তব্য উল্লেখ আছে। এই মৌলিক কর্তব্যসমূহ হ’ল―

(ক) সংবিধান মানি চলা। সংবিধানৰ লক্ষ্য আৰু আদৰ্শৰ উপৰিও জাতীয় পতাকা আৰু জাতীয় প্রতীকৰ প্রতি সম্মান প্রদর্শন কৰা।

(খ) স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পোষণ আৰু অনুসৰণ কৰা।

(গ) দেশৰ অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি গুৰুত্ব প্রদান কৰা আৰু সেইবোৰ সংৰক্ষণ কৰা।

(ঘ) দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি সচেতন হোৱা আৰু দেশমাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেৱা আগবঢ়োৱা।

(ঙ) ধর্মীয়, ভাষিক, আঞ্চলিক বা সাম্প্রদায়িক বিভেদ পৰিহাৰ কৰি সকলোৰে মাজত ভাতৃত্ব আৰু সমন্বয়ৰ ভাব সৃষ্টি কৰা আৰু নাৰীৰ সন্মান হানিকৰ কাৰ্যৰ প্ৰতি ঘৃণা প্ৰকাশ কৰা ।

(চ) দেশৰ কৃষ্টি আৰু ঐতিহ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা আৰু সেইবোৰ সংৰক্ষণ কৰা।

(ছ) প্রাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা, পৰিৱেশৰ উন্নতি সাধন কৰা আৰু বন্যপ্ৰাণীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰা।

(জ) মানৱতাবাদ, গৱেষণা, সংস্কাৰকামী মনোভাৱ আৰু বৈজ্ঞানীক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা।

(ঝ) ৰাজহুৱা সম্পত্তিৰ উপযুক্ত ৰক্ষণাবেক্ষণ নিশ্চিত কৰা।

(ঞ) ৰাষ্ট্ৰৰ ক্রমবর্ধমান বিকাশৰ বাবে ব্যক্তিগত আৰু সামূহিক সকলো ক্ষেত্রতে উৎকর্ষ সাধনৰ বাবে যত্নবান হোৱা।

11. গণতন্ত্ৰ আৰু জনমত বুলিলে কি বুজা ? গণতন্ত্ৰত জনমতৰ প্রয়োজন আছে নে ? জনমত গঠনৰ অভিকৰণসমূহ কি কি ? আলোচনা কৰা ?

Ans: গণতন্ত্র আৰু জনমত: গণতন্ত্র জনমতৰ ওপৰত বৰ্তি থাকে বুলিলে বঢ়াই কোৱা নহয়। সেয়ে গণতন্ত্ৰৰ এটা অতি প্রয়োজনীয় কথা হ’ল জনমত গঠন আৰু প্ৰকাশ বা কাৰ্যত পৰিণতকৰণ। কাৰণ গণতন্ত্ৰ বুলিলেই ৰাজনৈতিক দলৰ শাসন । প্রতিদলে নিজ নিজ মতবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জনমতৰ বুজায়। সহায় ল’ব লাগে। নহ’লে কোনো দলৰ বিৰুদ্ধে জনমত গঠিত হলে কোনোপধ্যে সেইদল নিৰ্বাচনত জয়ী হ’ব নোৱাৰে।

জনমত কি– জনমত বা গণমতক জনসাধাৰণৰ মতামত বুলি সাধাৰণতে ধাৰণা হলেও প্রকৃতপক্ষে ই সকলো জনসাধাৰণৰ মতামত নহয়। সকলো জনসাধাৰণ একগোট হৈ কোনো এটা বিষয়ত মতামত প্ৰকাশ কৰা সহজো নহয় আৰু সম্ভবো নহয়। গতিকে গণতন্ত্রত জনমত বুলিলে সাধাৰণতে সামূহিক কল্যাণৰ অৰ্থে অধিকাংশ লোকে গ্ৰহণ কৰা এক নিৰপেক্ষ মতামতকে বুজায়। সমাজৰ কেৱল এটা অংশৰ হিতসাধন কৰিব পৰা মত জনমত হ’ব নোৱাৰে। তদুপৰি ইয়াক সৰ্বসাধাৰণে মানি লোৱা-নোলোৱাৰ ওপৰতো নিৰ্ভৰ কৰে। আনকি ই সকলোৰে উমৈহতীয়া মতামতো নহ’ব পাৰে। ই কেতিয়াবা মুষ্টিমেয় জ্ঞানীলোকৰে৷ মতামত হ’ব পাৰে ।

জনমতৰ প্ৰয়োজনীয়তা: গণতান্ত্ৰিক চৰকাৰ যিহেতু ৰাইজৰ প্ৰতিনিধিৰে গঠিত হয়, সেইবাবে ৰাইজে সদায় সতৰ্ক হৈ থাকিব লাগে যাতে দেশৰ শাসন ৰাইজৰ ভালৰ বাবে হয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিনিধিৰ কাম-কাজ সদায় সতর্কভাৱে নিৰীক্ষণ কৰি থাকিব লাগে। কথিত আছে যে সতৰ্ক আৰু বুদ্ধিযুক্ত জনমতেই গণতন্ত্ৰৰ প্ৰথম আৰু প্ৰয়োজনীয় সম্পদ।

জনমতে চৰকাৰ চলোৱাত সহায় কৰে। ৰাইজৰ প্ৰতিনিধিসকলে জনমত অধ্যয়ন কৰি দেশৰ শাসন কার্য চলাব লাগে। ৰাইজৰ মতামতৰ বিপৰীতে গ’লে ৰাইজ বিক্ষুব্ধ হয় আৰু দেশত বিদ্রোহে দেখা দিয়ে।

এইবোৰ কাৰণতে গণতন্ত্রত জনমতৰ বিশেষ প্রয়োজন।

জনমত গঠনৰ অভিকৰণসমূহ: জনমত বিভিন্ন ধৰণে বিভিন্ন অভিবৰণৰ মাধ্যমেৰে গঠিত হ’ব পাৰে। সেই অভিকৰণসমূহৰ ভিতৰত 

(ক) বাতৰি কাকত।

(খ) ৰাজহুৱা মঞ্চ।

(গ) শিক্ষানুষ্ঠান।

(ঘ) ৰেডিঅ’, দূৰদৰ্শন। 

(ঙ) ৰাজনৈতিক দল।আৰু 

(চ) বিধায়িনী সংস্থা আদিয়েই প্রধান।

বাতৰি কাকত: বাতৰি কাকত আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ অভিকৰণ আৰু অতি সহজলভ্যও। বাতৰি কাকতত কেৱল বাতৰিয়েই নাথাকে। ইয়াত ব্যক্তি বিশেষৰ চিন্তাধাৰা প্ৰকাশিত হয়। ইয়াত দৈনন্দিন ঘটনাসমূহৰ বাতৰিৰ লগতে সেই সন্দৰ্ভত মতামতো প্ৰচাৰ কৰা হয়। ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ মানুহে জ্ঞান লাভ কৰিব পাৰে। বিভিন্ন পণ্ডিত, বিভিন্ন দলৰ নেতা নাইবা নিৰপেক্ষ ব্যক্তিয়ে বাতৰি কাকতৰ যোগে সাম্প্রতিক কালৰ ঘটনাৰাজিৰ ওপৰত মন্তব্য তথ্য মতামত আগবঢ়ায়। সেইবোৰৰপৰা সাধাৰণতে একোটা জনমত গঢ়ি উঠে।

ৰাজহুৱা মঞ্চ: ৰাজহুৱা মঞ্চসমূহেও জনমত গঠনত অৰিহণা আগবঢ়ায়। ৰাজহুৱা সভা-সমিতি হ’লে তাত বেলেগ বেলেগ বক্তাই বক্তৃতাৰ মাধ্যমেৰে নিজৰ মতামত প্ৰচাৰ কৰে। এনেধৰণৰ মতামতে জনসাধাৰণক জনমত গঠন কৰাত সহায় কৰে। এনে বক্তৃতাই লিখিব পঢ়িব নজনা মানুহকো কোনো এটা বিষয় বুজি পোৱাত সহায় কৰে আৰু এইদৰে জনমত গঠনত সহায় কৰে।

শিক্ষানুষ্ঠান: স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিয়েও জনমত গঠনত অৰিহণা যোগায়। শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত শিক্ষা লাভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে একোটা বিষয়ৰ ওপৰত মতামত গঠন কৰিব পাৰে। শিক্ষা জীৱনত পোৱা জ্ঞানৰপৰাই পিছলৈ তেওঁলোকে জনমত গঠন কৰাত সফল হ’ব পাৰে।

ৰেডিঅ’, দূৰদৰ্শন আদি: আজি-কালি বাতৰি কাকতৰ লগতে ৰেডিঅ’, দূৰদৰ্শন আদিয়ে মানুহৰ মাজত বাতৰি আৰু বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰে। বাতৰি কাকতৰ দৰে জনসাধাৰণৰ মাজত দৈনন্দিন ঘটনাৰ উপৰিও সেইবিলাকৰ বিষয়ে বিভিন্নজনৰ মতামতো প্ৰচাৰ কৰা হয়। সেইবোৰে জনসাধাৰণৰ মাজত একোটা মতামত গঠিত হোৱাত সহায় কৰে।

ৰাজনৈতিক দল: ৰাজনৈতিক দলৰ সদস্যসকলে বিশেষকৈ নেতাসকলে ৰাইজৰ মাজত নিজৰ দলৰ নীতি আদর্শ আদিৰ বিষয়ে প্ৰচাৰ কৰে। গতিকে ৰাজনৈতিক দলৰ জৰিয়তে মানুহে বিভিন্ন দলৰ নীতিসমূহ জনাৰ উপৰিও ৰাজনীতিৰ গতিৰ বিষয়ে জানিব পাৰে। সেইবাবে ৰাজনৈতিক বিষয়ত জনমত গঠন হোৱাত ৰাজনৈতিক দলৰ কাম-কাজ অতি শক্তিশালী উপাদান। গণতান্ত্রিক দেশত সাধাৰণতে ৰাজনৈতিক দলসমূহেই জনমত গঠন কৰাত অগ্রণী ভূমিকা লয়।

বিধায়িনী সংস্থাসমূহ: আইন প্রণয়নৰ বাবে থকা সংস্থাসমূহ যেনে— বিধানসভা, সংসদ আদিত জাতীয় জীৱনৰ প্ৰায় সকলো বিষয়ৰ আলোচনা-বিলোচনা কৰা হয়। আজি-কালি সংসদ আদিৰ কাৰ্য বাতৰি কাকতত প্ৰকাশ হোৱাৰ উপৰিও দূৰদৰ্শনৰ মাধ্যমেৰে সকলো অঞ্চলে দেখা পোৱাকৈ প্ৰচাৰ কৰা হয়। ফলত একোটা বিষয়ৰ ওপৰত আলোচনা প্রত্যক্ষ কৰিবলৈ পোৱা যায়, যিবোৰ জনমত গঠন কৰাত সহায় কৰে। সেইবাবে বর্তমান কালত বিধায়িনী সংস্থাসমূহক শক্তিশালী গণ-মাধ্যম বুলি ধৰিব পাৰি। ৰাইজৰ প্ৰতিনিধিসকলে বিভিন্ন দৃষ্টিভংগীৰপৰা এই সংস্থাসমূহত জনমত দাঙি ধৰিবলৈ চেষ্টা কৰে। তাৰপৰাই একো একোটা জনমতে বেছি বহলভাৱে জনপ্রিয়তা অর্জন কৰিব পাৰে।

গণতন্ত্ৰ আৰু নির্বাচন: গণতন্ত্ৰত নিৰ্ধাৰিত সময়ৰ অন্তৰে অন্তৰে জনসাধাৰণে তেওঁলোকৰ প্রতিনিধি বাছনি কৰি সংসদ বা বিধান সভালৈ পঠিয়ায়। এই বাছনি কৰা প্রক্রিয়াকে নির্বাচন বোলে। বর্তমান কালত প্রত্যক্ষ গণতন্ত্র কোনো দেশতে প্রচলিত নহয়। সেইবাবে গণতন্ত্র বুলিলে পৰোক্ষ গণতন্ত্রকে বুজা যায়। পৰোক্ষ গণতন্ত্রত বাইজে নিৰ্বাচিত কৰা প্রতিনিধিয়ে দেশৰ শাসনভাৰ লয়। গতিকে গণতন্ত্র আৰু নিৰ্বাচনৰ মাজত ওতঃপ্রোত সম্পর্ক আছে।

নির্বাচন দুই ধৰণে সম্পন্ন কৰিব পাৰি। প্রথম, মুক্তভাৱে অর্থাৎ সকলোৱে জনাকৈ মতামত প্ৰকাশ কৰি আৰু দ্বিতীয়, গোপনে মতদান পত্র (Ballot Paper)ৰ জৰিয়তে। বর্তমান মতদান বা ভোটদান গোপন বেলট প্ৰথাৰে সম্পন্ন কৰা হয়।

নির্বাচন দুই প্ৰকাৰৰ— প্রত্যক্ষ বা পোনপটীয়া আৰু পৰোক্ষ। পোনপটীয়া বা প্রত্যক্ষ নিৰ্বাচনত ভোটাধিকাৰ পোৱা নাগৰিকসকলে নিজৰ প্রতিনিধি নিজে নির্বাচন কৰে। আকৌ পৰোক্ষ নিৰ্বাচনত প্রথমে নাগৰিকসকলে নিজৰ প্রতিনিধি নিজে নির্বাচন কৰে। আকৌ পৰোক্ষ নিৰ্বাচনত প্ৰথমে নাগৰিকসকলে কিছুসংখ্যক নিজৰ প্ৰতিনিধি নির্বাচন কৰে, পিছত সেই প্রতিনিধিয়ে চূড়ান্ত প্রতিনিধিসকলক নির্বাচন কৰে।

মতদান বা ভোট দিয়াৰ অধিকাৰ কেনেধৰণৰ ব্যক্তিক দিয়া হ’ব, তাক লৈ ভালেমান চিন্তা-চৰ্চা কৰা হৈছিল। বিভিন্ন কালত আৰু বিভিন্ন দেশত বেলেগ বেলেগ ধৰণে এই অধিকাৰ দিয়া হৈছিল। কিছুমান দেশত নির্দিষ্ট পৰিমাণৰ সম্পত্তি থকা আৰু দেশৰ বাবে কৰকাটল দিয়া লোকক এই অধিকাৰ দিয়া হৈছিল। কিছুমান স্কুল-কলেজত শিক্ষা লাভ কৰা লোককহে ভোটাধিকাৰ দিয়া হৈছিল। আকৌ কিছুমান দেশত পুৰুষসকলকহে এই অধিকাৰ দিয়াৰ নিয়ম আছিল। এনে ধৰণে চৰ্ত সাপেক্ষে ভোটাধিকাৰ দিয়াটো শুদ্ধ পন্থা নহয় বুলি বৰ্তমান ধাৰণা কৰা হৈছে। আজি-কালি বেছিভাগ দেশতে প্রাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰ নীতি মানি এক নির্দিষ্ট বয়সত পুৰুষ-মহিলাসকলোকে এই অধিকাৰ দিয়া হয়। ইয়াৰ অৰ্থ এয়ে যে, নির্দিষ্ট বয়সপ্রাপ্ত হ’লে সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়া হয়। আমাৰ দেশত ভোটাধিকাৰৰ ন্যূনতম বয়স ১৮ বছৰ।

গণতন্ত্ৰৰ সফলতা মুক্ত আৰু নিকা নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰে। দেশৰ শাসনভাৰ ল’ব লগা নির্বাচিত প্রতিনিধিসকলে সৎ আৰু উপযুক্ত হ’লেহে প্রকৃত গণতন্ত্র প্রতিষ্ঠা কৰা সম্ভৱ হয়। উপযুক্ত প্রতিনিধি নির্বাচিত হ’লেহে চৰকাৰ শক্তিশালী আৰু কার্যক্ষম হয়। নির্বাচনক সেইবাবে গণতান্ত্রিক চৰকাৰৰ চালিকা শক্তি বুলি ক’ব পাৰি।

12. গণতন্ত্রত বিৰোধী দলৰ ভূমিকা কি ? আলোচনা কৰা ?

Ans: বিৰোধী দলৰ ভূমিকা: গণতন্ত্রত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰী পক্ষই নিজা মতামত আৰু নীতি অনুসৰি চৰকাৰ চলায় আৰু বিৰোধী দলে চৰকাৰৰ কাম-কাজ চলোৱাত লোকমতৰ নিচিনা কাম কৰে। বিৰোধী পক্ষই চৰকাৰক সঠিকভাৱে কাৰ্যনির্বাহ কৰাত সহায় কৰে আৰু তেওঁলোকৰ নীতি আদিৰ ভুল-ত্রুটি দেখুৱায়। প্রকৃতপক্ষে গণতন্ত্রত বিৰোধী দল নাথাকিলে প্রশাসন ব্যৱস্থা অর্থহীন হৈ পৰে। আন কথা ক’বলৈ গ’লে ই স্বেচ্ছাচাৰী শাসনত পৰিণত হয়।

বিৰোধী দলে যুক্তিযুক্তভাৱে চৰকাৰৰ গুণাগুণ বিচাৰ কৰি প্ৰয়োজনীয় ক্ষেত্ৰত সহযোগ কৰিব লাগে আৰু ভুল কৰিলে যথোপযুক্তভাৱে সমালোচনা কৰি শুদ্ধ পথ দেখুৱাব লাগে। আনহাতে চৰকাৰেও যুক্তিপূৰ্ণনীতিৰে বিৰোধী দলৰ প্ৰস্তাৱো সাৱধানে বিচাৰ কৰি চাব লাগে। মুঠতে চৰকাৰ আৰু বিৰোধী দলৰ সহযোগতহে গণতান্ত্ৰিক চৰকাৰ কৃতকাৰ্য হ’ব পাৰে।

গণতন্ত্ৰত বিৰোধী দলৰ প্ৰধান কাম হ’ল—

(ক) চৰকাৰৰ সকলো কামৰ প্ৰতি সতৰ্ক থকা। যদি চৰকাৰে কোনো ভুল পদক্ষেপ ল’বলৈ যায় তেতিয়া বিৰোধী দলে যুক্তি সহকাৰে সেই দোষ দেখুৱাই দিব লাগে। যদি চৰকাৰে কেৱল নিজ দলৰ বা দেশৰ কোনো এটা বিশেষ অংশৰে কাম কৰিবলৈ আগবাঢ়ে তেনে কামত বিৰোধী দলে বাধা প্ৰদান কৰিব লাগে।

(খ) মাথোন এটা দলেৰে চৰকাৰ গঠিত হলে প্রকৃতপক্ষে সমূহ ৰাইজৰ মতামতৰ প্ৰতিনিধিত্ব নহয়। বিৰোধী দলে চকু ৰাখিব লাগিব যাতে চৰকাৰে কেৱল সংখ্যাগৰিষ্ঠসকলৰেই নহয় সংখ্যালঘুৰ মতামতকো উপযুক্তভাৱে সন্মান কৰে। তাকে কৰিলে গণতান্ত্ৰিক চৰকাৰ সফল হ’ব। পাৰে।

13. গণতন্ত্ৰৰ আৱশ্যকীয় উপাদানসমূহ কি কি ? আলোচনা কৰা ?

Ans: গণতন্ত্ৰৰ আবশ্যকীয় উপাদান: গণতন্ত্ৰ প্ৰধানকৈ নিৰ্ভৰ কৰে জনসাধাৰণৰ সন্মতি আৰু সমৰ্থনৰ ওপৰত। জনসাধাৰণৰ সন্মতি আৰু সমৰ্থন অবিহনে গণতন্ত্র বর্তি থাকিব নোৱাৰে। দেশৰ অধিক সংখ্যক নাগৰিকে যদি গণতান্ত্রিক শাসন নিবিচাৰে তেন্তে গণতন্ত্র সফল হ’ব নোৱাৰে। উদাহৰণস্বৰূপে ভাৰত আৰু পাকিস্তানৰ কথা উল্লেখ কৰিব পাৰি। ভাৰতত ষাঠি বছৰৰো অধিক কাল গণতান্ত্রিক চৰকাৰ চলি আছে। এনে শাসন ব্যৱস্থা ভৱিষ্যতেও চলি থাকিব বুলি আশা কৰিব পৰা যায়। কিন্তু পাকিস্তানত বিগত কেইবছৰমানত গণতন্ত্র মষিমূৰ হোৱা দেখা গৈছে। সেই দেশত কেইবাবাৰো সামৰিক শাসন চলা পৰিলক্ষিত হৈছে।

ৰাজনীতি বিজ্ঞানৰ এগৰাকী বিশিষ্ট পণ্ডিত জে. এছ মিলৰ (J.S. Mill) মতে গণতন্ত্র মূলতঃ তিনিটা চৰ্তৰ ওপৰত বৰ্তি থাকে। এই চৰ্তকেইটা

(ক) জনসাধাৰণ এনে শাসন ব্যৱস্থা মানি চলিবলৈ ইচ্ছুক হ’ব লাগিব।

(খ) গণতন্ত্রই আৰোপ কৰা কৰ্তব্যসমূহ সম্পাদন কৰাৰ বাবে জনসাধাৰণ ইচ্ছুক আৰু সমৰ্থবান হ’ব লাগিব। 

(গ) তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ বাবে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ ইচ্ছুক আৰু সমৰ্থবান হ’ব লাগিব।

গণতন্ত্রৰ সফলতাৰ বাবে ভালেমান চৰ্তৰ প্ৰয়োজন। প্রথমে, জনগণ, ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিব লাগে আৰু নাগৰিকৰ দায়িত্ববোধ থাকিব লাগে। যদি নাগৰিকসকলে ৰাজনৈতিক কাম-কাজ একো নাপায় আৰু নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন নকৰে তেতিয়া গণতন্ত্র বর্তি থাকিব নোৱাবে।

দ্বিতীয়তে, গণতন্ত্ৰৰ অতি প্রয়োজনীয় চৰ্ত হ’ল শিক্ষা। শিক্ষাৰ প্ৰয়োজন হয় জনগণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবৰ বাবে। সেইবাবে শিক্ষাক গণতন্ত্ৰৰ পূৰ্ব চৰ্ত বুলিব পাৰি।

তৃতীয়তে, এখন গণতান্ত্রিক সংবিধান। দেশত গণতান্ত্রিক শাসন সুনিশ্চিত কৰিবৰ বাবে সহজতে সংশোধন কৰি অগণতান্ত্রিক প্রক্রিয়া যাতে কোনেও আৰম্ভ কৰিব নোৱাৰে তাৰ বাবে লিখিত আৰু লংঘন কৰিব নোৱাৰা এখন সংবিধানৰ প্ৰয়োজন৷ উদাহৰণস্বৰূপে ভাৰতৰ সংবিধানৰ কথা ক’ব পাৰি। ভাৰতীয় সংবিধানত গণতন্ত্ৰত ইয়াৰ মৌলিক গাঁথনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু কোৱা হৈছে যে কোনো সংশোধনে সংবিধানৰ মৌলিক গাঁথনি পৰিবৰ্তন কৰিব নোৱাৰে।

শেষত ক’ব পাৰি গণতন্ত্ৰত ৰাইজক অতি প্রয়োজনীয় ক্ষেত্ৰত কিছুমান অধিকাৰ আৰু স্বাধীনতা দিব লাগে। গণতন্ত্ৰৰ ভিত্তি হ’ল সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ। সেয়েহে এই সকলো অধিকাৰ গণতন্ত্ৰৰ উপাদানস্বৰূপে। এনে স্বতন্ত্রতা নাথাকিলে গণতন্ত্র অর্থহীন। মুঠতে গণতন্ত্ৰ এবিধ চৰকাৰেই নহয়—ই জীৱন নিৰ্বাহৰ এটা পদ্ধতিও।

14. গণতন্ত্ৰত ৰাজনৈতিক দল কেনে হোৱা উচিত বুজাই লিখা ?

Ans: গণতন্ত্র আৰু ৰাজনৈতিক দল: বর্তমানকালত গণতান্ত্রিক চৰকাৰ বুলিলে ৰাজনৈতিক দলৰ প্রাধান্য থকা চৰকাৰকে বুজা যায়। কাৰণ, সংসদ বা বিধানসভাসমূহত সংখ্যাগৰিষ্ঠ দলৰপৰাহে চৰকাৰ গঠিত হয়। তদুপৰি নিৰ্বাচনবিলাকো দলীয় ভিত্তিত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মাজতহে হয়। অৱশ্যে দুই এক নির্দলীয় সদস্যও থাকে। কিন্তু সংখ্যাগৰিষ্ঠ দল থাকিলে নির্দলীয় সদস্যৰ চৰকাৰ গঠনত বিশেষ কোনো ভূমিকা নাথাকে। এইবোৰ কাৰণতে গণতন্ত্ৰ আৰু ৰাজনৈতিক দলৰ ওতঃপ্রোত সম্পর্ক আছে।

ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক তিনিটা ভাগত ভগাব পাৰি- 

(ক) একদলীয়।

(খ) দ্বি-দলীয়।আৰু 

(গ) বহুদলীয় চৰকাৰ। 

যি চৰকাৰত কেৱল এটা দলহে থাকে তেনে চৰকাৰক একদলীয় চৰকাৰ বোলা হয়। তেনে একদলীয় চৰকাৰ থকা দেশত এটাৰ বাহিৰে অন্য দলক স্বীকৃতি দিয়া নহয়। এনে ব্যৱস্থা সামাব্যদী দেশসমূহত চলে। ইয়াৰ বিপৰীতে কোনো কোনো দেশত দুটা ৰাজনৈতিক দলক স্বীকৃতি দিয়া হয়। তাৰে যিটো দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সমর্থ হয় – সেই দলে চৰকাৰ গঠন কৰে আৰু বাকী দলে চৰকাৰৰ বিপক্ষ দল বা বিৰোধী দল হিচাপে কাম কৰে। উদাহৰণস্বৰূপে ব্ৰিটেইনৰ কথা ক’ব পাৰি। ইয়াত মূল দল হিচাপে মাত্ৰ দুটা ৰাজনৈতিক দল আছে। সংসদত পোৱা আসন অনুসৰি চৰকাৰৰ দল আৰু বিৰোধীপক্ষ হিচাপে প্ৰশাসনৰ কাৰ্যভাৰ চলায়। সেইদৰে ভাৰত আদি কিছুমান দেশত বহুদলৰ স্বীকৃতি দিয়া হয় আৰু সেই দলসমূহত যিটো দলে সংখ্যাগৰিষ্ঠতা পায় সাধাৰণতে সেই দলেই চৰকাৰ গঠন কৰে। অন্যান্য সকলো দলে বিৰোধী দলৰ ভূমিকা লয়। বহুদলীয় ব্যৱস্থাত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে একাধিক দল সমৱেত হৈ চৰকাৰ গঠন কৰিব পাৰে। এনে চৰকাৰক সন্মিলিত চৰকাৰ বোলা হয়।

একদলীয় চৰকাৰত বিৰোধী পক্ষ নাথাকে। গতিকে শাসন কার্য চলাওঁতে সাধাৰণতে এটা দলৰ স্বেচ্ছাচাৰী শাসন চলে বুলি ক’ব পাৰি। কিয়নো কোনো ধৰণৰ ভুল ত্রুটি দেখুৱাবৰ বাবে কোনো বিৰোধী দল নাথাকে বাবে একেটা দলৰ মতামত বা নীতি ভুল বা শুদ্ধ হ’লেও চৰকাৰে প্ৰয়োগ কৰিবলৈ দ্বিধাবোধ নকৰে।

দ্বি-দলীয় চৰকাৰত যি দলে সংসদত সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। বাকী দলটোৱে বিৰোধী দলৰ ভূমিকা লয়। বিৰোধী দলটোৱে একোখন ‘ছায়া মন্ত্রী সভা’ (Shadow Cabinet) গঠন কৰে। তাত অন্তৰ্ভুক্ত সদস্যসকলে একো একোজন মন্ত্ৰীৰ দপ্তৰৰ কাম-কাজ পুংখানুপুংখৰূপে অধ্যয়ন কৰে আৰু সংসদত সেই মন্ত্ৰীৰ কাৰ্য-কলাপৰ ভুল-ত্রুটি সমালোচনা কৰে। যদি কিবা কাৰণত শাসকীয় দলৰ পতন ঘটে, তেতিয়া বিৰোধী দলে চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ছায়া মন্ত্ৰী সভাৰ মন্ত্ৰীসকলে প্ৰকৃত মন্ত্ৰীৰ কাৰ্যভাৰ চলাবলৈ লয়। বহুদলীয় প্রথাত সংসদত সংখ্যাগৰিষ্ঠতা পোৱা দলে চৰকাৰ গঠন কৰে। এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে সংযুক্ত চৰকাৰ গঠন কৰিব পাৰে। যদি দলীয় নীতিৰ বিভিন্নতা হেতু একাধিক দল লগলাগি চৰকাৰ গঠন কৰিব নোৱাৰে, তেন্তে সেই সংসদ ভংগ কৰি নতুন নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে। বহুদলীয় চৰকাৰৰ ক্ষেত্ৰত এটা দলে গঠন কৰাই হওক বা একাধিক দলৰ সংযুক্ত চৰকাৰেই হওক চৰকাৰৰ বাহিৰত থকা দলসমূহ বিৰোধী দল হিচাপে পৰিগণিত হয়। বিৰোধী দলে একোজন দলপতি নির্বাচন কৰি ল’ব পাৰে।

15. গণতন্ত্রত নির্বাচন ব্যবস্থা সম্পর্কে লিখা ?

Ans: গণতন্ত্ৰ আৰু নির্বাচন: গণতন্ত্ৰত নিৰ্ধাৰিত সময়ৰ অন্তৰে অন্তৰে জনসাধাৰণে তেওঁলোকৰ প্রতিনিধি বাছনি কৰি সংসদ বা বিধান সভালৈ পঠিয়ায়। এই বাছনি কৰা প্রক্রিয়াকে নির্বাচন বোলে। বর্তমান কালত প্রত্যক্ষ গণতন্ত্র কোনো দেশতে প্রচলিত নহয়। সেইবাবে গণতন্ত্র বুলিলে পৰোক্ষ গণতন্ত্রকে বুজা যায়। পৰোক্ষ গণতন্ত্ৰত ৰাইজে নিৰ্বাচিত কৰা প্রতিনিধিয়ে দেশৰ শাসনভাৰ লয়। গতিকে গণতন্ত্র আৰু নিৰ্বাচনৰ মাজত ওতঃপ্রোত সম্পর্ক আছে।

নির্বাচন দুই ধৰণে সম্পন্ন কৰিব পাৰি। প্ৰথম, মুক্তভাৱে অর্থাৎ সকলোৱে জনাকৈ মতামত প্ৰকাশ কৰি আৰু দ্বিতীয়, গোপনে মতদান পত্র (Ballot Paper)ৰ জৰিয়তে। বর্তমান মতদান বা ভোটদান গোপন বেলট প্ৰথাৰে সম্পন্ন কৰা হয়।

নির্বাচন দুই প্ৰকাৰৰ – প্রত্যক্ষ বা পোনপটীয়া আৰু পৰোক্ষ। পোনপটীয়া বা প্রত্যক্ষ নিৰ্বাচনত ভোটাধিকাৰ পোৱা নাগৰিকসকলে নিজৰ প্রতিনিধি নিজে নিৰ্বাচন কৰে। আকৌ পৰোক্ষ নিৰ্বাচনত প্ৰথমে নাগৰিকসকলে নিজৰ প্ৰতিনিধি নিজে নিৰ্বাচন কৰে। আকৌ পৰোক্ষ নিৰ্বাচনত প্ৰথমে নাগৰিকসকলে কিছুসংখ্যক নিজৰ প্ৰতিনিধি নির্বাচন কৰে, পিছত সেই প্রতিনিধিয়ে চূড়ান্ত প্রতিনিধিসকলক নির্বাচন কৰে।

মতদান বা ভোট দিয়াৰ অধিকাৰ কেনেধৰণৰ ব্যক্তিক দিয়া হ’ব, তাক লৈ ভালেমান চিন্তা-চৰ্চা কৰা হৈছিল। বিভিন্ন কালত আৰু বিভিন্ন দেশত বেলেগ বেলেগ ধৰণে এই অধিকাৰ দিয়া হৈছিল। কিছুমান দেশত নিৰ্দিষ্ট পৰিমাণৰ সম্পত্তি থকা আৰু দেশৰ বাবে কৰকাটল দিয়া লোকক এই অধিকাৰ দিয়া হৈছিল। কিছুমান স্কুল-কলেজত শিক্ষা লাভ কৰা লোককহে ভোটাধিকাৰ দিয়া হৈছিল। আকৌ কিছুমান দেশত পুৰুষসকলকহে এই অধিকাৰ দিয়াৰ নিয়ম আছিল। এনে ধৰণে চৰ্ত

সাপেক্ষে ভোটাধিকাৰ দিয়াটো শুদ্ধ পন্থা নহয় বুলি বৰ্তমান ধাৰণা কৰা হৈছে। আজি-কালি বেছিভাগ দেশতে প্রাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰ নীতি মানি এক নির্দিষ্ট বয়সত পুৰুষ-মহিলাসকলোকে এই অধিকাৰ দিয়া হয়। ইয়াৰ অৰ্থ এয়ে যে, নির্দিষ্ট বয়সপ্রাপ্ত হ’লৈ সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়া হয়। আমাৰ দেশত ভোটাধিকাৰৰ ন্যূনতম বয়স ১৮ বছৰ।

গণতন্ত্ৰৰ সফলতা মুক্ত আৰু নিকা নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰে। দেশৰ শাসনভাৰ ল’ব লগা নির্বাচিত প্রতিনিধিসকলে সৎ আৰু উপযুক্ত হ’লেহে প্ৰকৃত গণতন্ত্র প্রতিষ্ঠা কৰা সম্ভৱ হয়। উপযুক্ত প্রতিনিধি নির্বাচিত হ’লেহে চৰকাৰ শক্তিশালী আৰু কাৰ্যক্ষম হয়। নির্বাচনক সেইবাবে গণতান্ত্রিক চৰকাৰৰ চালিকা শক্তি বুলি ক’ব পাৰি।

16. গণতন্ত্ৰত প্ৰভাৱগোষ্ঠীৰ ভূমিকা সম্পৰ্কে লিখা ? 

Ans: প্রভাৱগোষ্ঠী [ Pressure Groups]

গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলৰ উপৰিও কেতবোৰ সামাজিক অনুষ্ঠান আৰু সংগঠনে চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। নিজ শ্রেণী স্বার্থ বা সামাজিক স্বাৰ্থৰ হকে চৰকাৰৰ ওপৰত প্রত্যক্ষ বা পৰোক্ষভাৱে হেঁচা প্ৰয়োগ কৰা বা প্ৰভাৱ বিস্তাৰ কৰা অৰাজনৈতিক ব্যক্তি আৰু অনুষ্ঠানসমূহৰ সমষ্টিক প্ৰভাৱগোষ্ঠী বুলি কোৱা হয়। সাহিত্য সভা, মহিলা সমিতি, ব্যৱসায়ী সংস্থা, মানৱ অধিকাৰৰ সংৰক্ষণ সমিতি আদি হ’ল প্ৰভাৱগোষ্ঠীৰ কেতবোৰ উদাহৰণ। এই প্ৰভাৱগোষ্ঠীসমূহে জনকল্যাণমূলক দিশ কিছুমানৰ ওপৰত চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি সেইবোৰৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্ৰভাৱগোষ্ঠীৰ ভূমিকা: প্ৰভাৱগোষ্ঠীৰ ভূমিকা তলত উল্লেখ কৰা হ’ল―

(ক) এখন বিশাল আয়তনৰ দেশত চৰকাৰে সকলোবোৰ অঞ্চলৰ উন্নয়নত সমানে মনোযোগ দিব নোৱাৰিবও পাৰে। তেনে ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীসমূহে উন্নয়ন নোহোৱা বা উন্নয়নৰ গতি লেহেম হোৱা অঞ্চলবোৰৰ উন্নয়নৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিব পাৰে। ইয়াৰ ফলত আঞ্চলিক উন্নয়নৰ বাধাসমূহ দূৰ হয়।

(খ) সমাজত কিছুমান বুদ্ধিজীৱী লোক আছে, যিসকলে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ইচ্ছুক নহয়। এনে লোকসকলেও সমাজৰ কল্যাণৰ বিভিন্ন কামত জড়িত হৈ দেশৰ সামগ্রিক উন্নয়ন হোৱাটো বিচাৰে। এনে ধৰণৰ বুদ্ধিজীৱীৰে গঠিত প্ৰভাৱগোষ্ঠীৰ দিহা-পৰামৰ্শই চৰকাৰী আঁচনিৰ প্ৰস্তুত আৰু ৰূপায়ণত বিশেষ ফলদায়ক হয়।

(গ) নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীসমূহে চৰকাৰৰ ওচৰত সবল দাবী উত্থাপন কৰিব পাৰে। চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাত ব্যৰ্থ হ’লে বা ইচ্ছাকৃতভাৱে মৌলিক অধিকাৰ খৰ্ব কৰিলে প্ৰভাৱগোষ্ঠীসমূহে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰি প্ৰবল জনমত গঢ়ি তুলিব পাৰে। 

(ঘ) চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত যিটো দলৰ চৰকাৰ থাকে সেই দলৰ নীতি আৰু আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰে।

17. গণতন্ত্ৰৰ গুণ উল্লেখ কৰা ?

Ans: গণতন্ত্ৰৰ গুণ:

১। ইৰাইজৰ চৰকাৰ। ই সকলো শ্ৰেণীৰ মানুহক দেশৰ শাসনতঅংশগ্রহণ কৰাৰ সুবিধা প্রদান কৰে। 

২। গণতান্ত্রিক চৰকাৰেহে সভ্য জীৱন-যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো অধিকাৰ প্ৰদান কৰে।

৩। অর্থনৈতিক ক্ষেত্ৰত গণতন্ত্রই সকলে৷ মানুহকে সমান সুবিধা প্ৰদান কৰে। ফলত এনে চৰকাৰ থাকিলে দেশত বিদ্রোহ হোৱাৰ আশংকা কম।

৪। গণতন্ত্ৰ ৰাইজৰ মতামতৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে এই চৰকাৰ স্থায়ী হয়। সঘনে চৰকাৰৰ পৰিবৰ্তন ঘটি থাকিলে দেশৰ উন্নতিত  ব্যাঘাত জন্মে। গণতান্ত্রিক চৰকাৰে দেশৰ উন্নতিৰ ব্যাঘাত নঘটায়।

৫। গণতন্ত্র ৰাইজৰ চৰকাৰ হোৱা হেতুকে ৰাইজৰ সকলোৱে ইয়াক নিজৰ চৰকাৰ বুলি ভাবি লয়। যাৰ ফলত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আদি সংঘটিত হয়।

৬। গণতন্ত্রই স্বাধীন চিন্তাৰ পৰিৱেশ সৃষ্টি কৰে। লগতে বিভিন্ন ভাবধাৰাৰ প্ৰতি সহিষ্ণুতা দেখুৱায়।

৭। গণতন্ত্ৰৰ নৈতিক মূল্য উল্লেখনীয়। ই নাগৰিকসকলক আত্মনির্ভশীলতা, সহনশীলতা, দায়িত্ব আৰু সু-নেতৃত্বৰ শিক্ষা দিয়ে। 

উপৰোক্ত গুণসমূহৰ ওপৰিও গণতন্ত্ৰৰ আন ভালেমান গুণ আছে। এই সমস্ত গুণৰ বাবেই গণতন্ত্রক সর্বোৎকৃষ্ট শাসন ব্যৱস্থা বুলি গণ্য কৰা হয়।

18. গণতন্ত্ৰৰ দোষ উল্লেখ কৰা ?

Ans: গণতন্ত্ৰৰ দোষ:

গণতন্ত্র দোষমুক্ত নহয়। ইয়াৰ প্ৰধান আৰু প্ৰথম দোষটো হ’ল ই সংখ্যাগৰিষ্ঠৰ চৰকাৰ। আজি-কালি গণতান্ত্রিক চৰকাৰ বুলিলে দলীয় চৰকাৰকহে বুজায়। যিটো দল বিধায়িনী সংস্থাত সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দলে চৰকাৰ গঠন কৰে। গতিকে গণতান্ত্ৰিক চৰকাৰ বুলিলে সাধাৰণতে দলীয় চৰকাৰকে বুজায়। কোনো এটা দলে চৰকাৰ চলালে সৰ্বসাধাৰণৰ মতামততকৈ দলেহে অগ্ৰাধিকাৰ পায়, গতিকে ই ৰাইজৰ চৰকাৰ হোৱাতকৈ দলৰ চৰকাৰহে হয়।

দ্বিতীয়, গণতান্ত্রিক চৰকাৰ ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনা থাকে। কিয়নো কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে বহুদল একগোট হৈ চৰকাৰ গঠন কৰিব লাগে। তেনে ক্ষেত্ৰত স্থায়ী চৰকাৰ আশা কৰা মিছা। চৰকাৰত ৰাইজৰ ৰাজহুৱা নিধি অবাবত খৰচ হোৱাৰ সম্ভাৱনা বেছি। ক্ষণস্থায়ী চৰকাৰে দেশৰ উন্নতি সাধন কৰিব নোৱাৰে।

গণতন্ত্রৰ আন এটা দোষ হ’ল, কোনো বিশেষ দলে সংখ্যা গৰিষ্ঠতাৰ গয়না লৈ একদলৰ স্বেচ্ছাচাৰী শাসন প্রতিষ্ঠা কৰিব পাৰে। সাম্যবাদী দলবিলাকে গণতান্ত্রিক পদ্ধতিৰে প্ৰচলিত নির্বাচন আদিত অংশ গ্ৰহণ কৰি সংখ্যাগৰিষ্ঠতা পালেই নিজ দলৰ স্বেচ্ছাচাৰী শাসন চলায়। গতিকে সেই দোষ গণতন্ত্ৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। এইধৰণৰ ত্রুটি থাকিলেও বর্তমান কালত পৃথিৱীৰ বিভিন্ন দেশত এই দোষবোৰ আঁতৰ কৰি গণতন্ত্ৰক উৎকৃষ্ট চৰকাৰ কৰি গঢ়ি তোলাত যত্নপৰ হোৱা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top