টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনা | Test Cricket vs ODI Cricket Essay in Assamese

টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনা | Test Cricket vs ODI Cricket Essay in Assamese

Join Telegram channel

ব্যস্ততাৰ যুগত বিশ্বকাপ ক্রিকেট

বৰ্তমান যুগত সৰহসংখ্যক লোকেই যিকোনো বিষয় একোটা সংক্ষেপতে জানিবলৈ বা বুজিবলৈ ইচ্ছা কৰে। সেয়ে হয়তো উপন্যাসৰ পৰিৱৰ্তে চুটিগল্প, আহল বহল ঘৰ-বাৰি এখনৰ পৰিৱৰ্তে ফ্লেট চাহিদা বা তেনেধৰণৰ অন্যান্য দিশতো সময় তথা ঠাইৰ সংক্ষিপ্ততা বৰ্তমান সকলো বিচাৰে। একেদৰেই পাঁচ-ছয় দিনৰ দীৰ্ঘব্যাপী চলি থকা ক্রিকেট খেলো এতিয়া বহুতেই পছন্দ নকৰে। বৰ্তমান যুগৰ কৰ্মব্যস্ততাৰ মাজত দীৰ্ঘম্যাদী ক্রিকেট খেল চাবলৈ সময় আৰু ধৈৰ্য এই দুয়োটাৰে অভাৱ৷ সেয়ে এতিয়া সংক্ষিপ্ত ক্রিকেটৰ চাহিদা অধিক। এটি নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট সময়ৰ মাজত খেল শেষ হয় আৰু ফলাফলো ওলায়।

১৯৭০-৭১ চনৰ আগলৈকে ক্রিকেটপ্রিয় দর্শকে পাঁচ ছয়দিন ধৰি টেষ্ট মেচ, তিনি চাৰি দিন ধৰি হোৱা কাউণ্টি মেচ উপভোগত ব্যস্ত আছিল। কিন্তু এদিনীয়া ক্ৰিকেটৰ প্ৰতি উৎসাহীসকলৰ সঁহাৰি তথা বিশ্বকাপ ক্রিকেট সংস্থাৰ বিচাৰ-বিশ্লেষণৰ অন্তত ১৯৭৮ চনত এদিনীয়া খেলৰ বিশ্বকাপ ক্রিকেট অনুষ্ঠিত হয়। সীমিত অভাৰ আৰু সীমিত বলিঙক লৈয়ে প্রথম অৱস্থাত এদিনীয়া ক্রিকেট খেল আৰম্ভ কৰা সিদ্ধান্ত হয় আৰু সেই মর্মে দক্ষিণ আফ্রিকাক বাদ দি বাকী বিশ্বৰ সকলো স্বীকৃত ক্রিকেট খেলা দেশকেই আমন্ত্ৰণ কৰা হৈছিল। অৱশ্যে পূৱ আফ্রিকাই এই প্রতিযোগিতা অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল। ১৯৭৮ চনত এনে পৰিপ্ৰেক্ষিততেই ইংলেণ্ডৰ লৰ্ডচ্ ষ্টেডিয়ামত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ সূচনা হৈছিল।

টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনা | Test Cricket vs ODI Cricket Essay in Assamese

টেষ্ট আৰু এদিনীয়া ক্রিকেট | Test and ODI cricket

পাঁচদিনৰ ক্ৰিকেট খেলত মুঠ দুটা ইনিংচ খেলা হয়। বেটচ্‌মেন তথা বলাৰ দুয়োপক্ষই এইখেলত দুই দফা সুযোগ পায়। কিন্তু এদিনীয়া ক্ৰিকেটত এই সুযোগ কেৱল এবাৰেই আহে; যিহেতু ইয়াত ইনিংচ মাত্ৰ এটাই। তদুপৰি বলাৰে বলিং কৰাৰ সংখ্যাও সীমাবদ্ধ। অর্থাৎ, ৫০ অভাৰৰ খেলা হ’লে পাঁচজন ফাষ্ট বলাবে ১০ অভাৰকৈ বল কৰিব পাৰিব। অন্যথা ছয় বা সাতজনে বলিং কৰিলে নিজাকৈ অভাৰ ভাগ কৰি ল’ব লাগিব কিন্তু কোনো কাৰণতে ১০ অভাৰতকৈ বেছি বলিং কৰিব নোৱাৰে। টেষ্ট ক্ৰিকেটত কিন্তু বলিং কৰাৰ সুযোগ সীমাহীন। একোজন বলাৰে দিনটোত ২৫/৩০ অভাবলৈ বলিং কৰিব পাৰে। সেইদৰে সম সুবিধা লাভ কৰে বেটচ্‌মেনেও; যিহেতু আউট নোহোৱা পর্যন্ত এজন বেটচ্‌মেনে তিনি চাৰিদিনলৈকে খেলিব পাৰে। আকৌ প্ৰথম ইনিংচত ব্যর্থ হ’লে দ্বিতীয় ইনিংচত ভাল খেল দেখুওৱাৰ বাবেও সুযোগ আছে। কিন্তু এদিনীয়া খেলত বেটচ্‌মেনজন এবাৰ ব্যৰ্থ হলে দ্বিতীয়বাৰ যোগ্যতা দেখুওৱাৰ সুযোগ নাপায়। এদিনীয়া খেলত নিৰ্দ্ধাৰিত কিছুমান নিয়মো থাকে।

Read Also: বিশ্বকাপ ৰচনা | World Cup Essay in Assamese

এদিনীয়া ক্ৰিকেটৰ সীমাবদ্ধতা | Limitations on ODI cricket

বর্তমান ক্রিকেট বিশেষজ্ঞসকলে মানি লৈছে যে এদিনীয়া ক্রিকেট খেলত আচল সৌন্দর্য ধৰা নপৰে, কাৰণ বহুসময়ত সূক্ষ্ম ষ্টোকৰ কাৰুকাৰ্য তথা শিল্পসুষমা ইয়াত দেখা নাযায়। অপেনিং স্পেলত ফাষ্ট বলাৰে সাধাৰণতে স্লিপত মাত্ৰ এজন ফিল্ডাৰ ৰাখে। ফলস্বৰূপে বহুতো বেটচ্‌মেনে স্লিপলৈ গুৰুত্বহীনভাৱে খেলিলেও কেচ্ আউট হোৱাৰ পৰা বাচি যায়। অন্যহাতে দীর্ঘম্যাদী খেলত অপেনিং স্পেলত স্লিপত চাৰি পাঁচজনলৈকে ফিল্ডাৰ থাকে। সেয়ে স্লিপত বেটচ্‌মেনে অতি সাবধানেৰে খেলিবলগা হয় অন্যথা অলপ ইফাল সিফাল হ’লেই কেচ্ আউট নিশ্চিত। ইয়াৰ উপৰি হুক, পুল, গ্লঞ্চ, ড্রাইভ, লেট্‌কাট, চুইপ- এই প্ৰতিটো দিশতে অধিক গুরুত্ব সহকাৰে দক্ষতাৰ পৰিচয় দিব লগা হয়। বলাৰেও দীর্ঘম্যাদী খেলত নানাধৰণৰ বল দিয়াৰ সুয়োগ লাভ কৰে; কিন্তু এদিনীয়া ক্রিকেটত এই সুযোগ সম্ভব নহয়।

তাৎক্ষণিক উত্তেজনা | Instant Tension

আচৰিত কথা যে বর্তমান বিশ্বৰ সিংহভাগ ক্রিকেটপ্রেমী এদিনীয়া ক্রিকেটখেলৰ জ্বৰত আক্রান্ত। বর্তমান সকলোৱেই বিচাৰে কম সময়ত অধিক ৰাণ; বেটৰ মাৰমুখী বন্যা, দুৰন্ত বলিং অথবা এজনৰ পিছত এজন বেটচ্‌মেন পেভিলিয়নমুখী মিছিল। কিন্তু উল্লেখযোগ্য কথা যে এনে তাৎক্ষণিক উত্তেজনা তথা ক্ৰিকেটৰ চমকনিয়ে সামগ্রিক সৌন্দর্য তথা মহিমাক বেছিদিন ধৰি ৰাখিব নোৱাৰিব।

নিয়ম কানুন | Rules and Regulations

ভাগ্যৰ ভূমিকা দীৰ্ঘম্যাদী ক্ৰিকেটৰ তুলনাত এদিনীয়া ক্ৰিকেটত বহু বেছি। এদিনীয়া খেলত অতি সাধাৰণ মানৰ বেটচ্‌মেনেও অধিক ৰাণ সংগ্ৰহ কৰাৰ উদাহৰণ অনেক আছে। তদুপৰি নিয়মকানুনো এদিনীয়া খেলত ভিন্ন প্ৰকৃতিৰ। কেতিয়া ভাগ্যৰ বলত অযোগ্য দলেও জয়লাভ কৰাৰ সুবিধা পায়। অষ্ট্ৰেলিয়াৰ বেনচন এণ্ড হেজেচ কাপ খেলত এবাৰ দক্ষিণ আফ্রিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ কাৰণ আছিল বৰষুণৰ বিধি-পথালি। ঠিক একেদৰে বহু এদিনীয়া খেলত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি জয়-পৰাজয়ৰ মীমাংসা হোৱা উদাহৰণ বহু পোৱা যায়।

Read Also: Class 10 Social Science Solution

দক্ষতা স্থায়িত্বহীনতা | Lack of Skill Stability

অন্য এক দিশেদি এদিনীয়া ক্রিকেট হতাশাৰ বাহক। বহুক্ষেত্ৰত দেখা যায় যে নতুন খেলুৱৈসকলৰ প্ৰত্যুৎপন্নমতিত্ব তথা শাৰীৰিক দক্ষতাৰে বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিছে। কিন্তু দুখৰ কথা যে দুই-চাৰি বছৰৰ পিছতে সেই দক্ষতা ম্লান হয়। এদিনীয়া ক্ৰিকেটৰ বাবে ই এক গভীৰ ট্ৰেজেডি। অথচ দীর্ঘম্যাদী ক্রিকেট খেলত এনে দক্ষতা কিছু কমিলেও বিশেষ ক্ষতি নহয় বৰঞ্চ আকস্মিক ভুলবিলাক সংশোধন কৰাৰ সুযোগহে লাভ কৰে।

উপসংহাৰ

সকলো দিশলৈ লক্ষ্য কৰিলে দেখা যাব যে বর্তমান এদিনীয়া ক্রিকেট খেলৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়িহে গৈছে। অন্যহাতে টেষ্ট ক্রিকেট খেলে ক্রমশঃ জনপ্রিয়তা হেৰুৱাবলৈ ধৰিছে। অৱশ্যে এনে মানসিকতা ক্ৰিকেটৰ ভবিষ্যতৰ বাবে সুখবৰ নহয়; কাৰণ টেষ্ট ক্রিকেট হৈছে প্ৰকৃত ক্রিকেট- এদিনীয়া ক্রিকেট কিন্তু টেষ্ট ক্ৰিকেটৰ সংক্ষিপ্ত সংস্কৰণহে।

আমি আশা কৰিছো টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top