সমাজ সংগঠন ছাত্ৰৰ কর্তব্য ৰচনা | Social Organization is The Duty of Students Essay in Assamese
মানুহ সামাজিক প্রাণী। সমাজ বাদ দি কোনাে সভ্য মানুহেই আজিৰ জগতত জীয়াই থকাৰ কল্পনা কৰিব নােৱাৰে। আজিৰ মানুহে ৰবিনচন ক্রুচো বা আলেকজেণ্ডাৰ চে’লকাক হােৱাটো কেতিয়াও কামনা নকৰে। সমাজ বন্ধনৰপৰা মুক্ত হৈ, মুক্ত আকাশৰ তলত, মুক্ত পৰিৱেশত, মুক্ত জীৱন-যাপন কৰিও আলেকজেণ্ডাৰ চে’লকাকেও শান্তি পােৱা নাছিল। সেয়েহে নিঃসংগ জীৱনৰ ব্যথাৰ জ্বালাত, সমাজ লাভৰ তীব্র আকাংক্ষাত তেওঁ চিঞৰি উঠিছিল-
“Society, friendship and love.
Divinely bestowed upon man;
Oh! had I the wings of a dove,
How soon would I taste you again.
ছাত্র সমাজৰ অংশ
ছাত্ৰসকলাে সমাজৰে এটা বৃহৎ অংশ। প্রতিজন ছাত্র সমাজৰে একো একোজন সদস্য, ভৱিষ্যতৰ নাগৰিক, জাতিৰ ভৱিষ্যত কর্ণধাৰ। সেয়েহে ছাত্ৰসকলে সমাজ বাদ দি থাকিব নােৱাৰে আৰু সমাজেও ছাত্রসমাজক বাদ দি সুকীয়া এখন সমাজৰ কল্পনা কৰিব নােৱাৰে। যিহেতু ছাত্ৰসকল সমাজত থাকিবই লাগিব, গতিকে, সমাজৰ প্রতিও ছাত্ৰৰ কৰিবলগীয়া বহুতখিনি আছে। ঘৰখনৰ কাৰণে যিদৰে চিন্তা কৰিব লাগিব, সেইদৰে সমাজখনৰ কাৰণেও চিন্তা কৰিবলগীয়া আছে।
ছাত্ৰৰ অমােঘ শক্তি
ছাত্রশক্তি এক প্রবল আৰু বিৰাট শক্তি। ছাত্ৰসকলৰ কল্পনাপ্রৱণ মন অসীম উচ্ছাস আৰু উদ্যমেৰে ভৰপূৰ। শক্তিৰ অফুৰন্ত ভাণ্ডাৰ। উচ্ছল দেহ, উচ্ছল মন; বাহুত অসীম বল; মনত অসীম সাহস, চকুত তীব্র উজ্জ্বল দৃষ্টি; বুকুত দিগন্তপ্ৰসাৰী কল্পনাৰ ৰঙীন ছবি। লক্ষ্য সাধনাৰ প্রবল আগ্রহ। জানিবলৈ ব্যগ্র, চাবলৈ উগ্ৰীৱ উৎকণ্ঠা; জ্ঞান লাভৰ তৃষ্ণা ! অনুসন্ধিৎসু চাৱনি। খােজত বিশ্ববিজয়ী ন-জোৱানৰ দপনি। প্রাণ-প্রাচুর্যৰে ছাত্র সমাজ অসমী শক্তি আৰু সম্ভাৱনাৰ প্রতীক। তেওঁলােক সমাজৰ সদা-জাগ্ৰত প্ৰহৰী। স্বাধীনতা, শান্তি, গতিৰ কল্যাণময় আদৰ্শৰ জিল্মিলনিয়ে তেওঁলােকৰ দৃষ্টিপটত জীবন্তকৈ দাঙি ধৰে একোটা সর্বাংগ-সুন্দৰ, সুখ আৰু সমৃদ্ধিৰে ভৰা মধুৰ জীৱন, একোখন সমৃদ্ধিশালী সমাজ, দেশ। সেয়েহে সমাজৰ অন্যায়, অসত্যতা দেখিলে তেওঁলােক হয় জ্বালামুখীৰ দৰে উগ্ৰ; তাৰ প্ৰতিকাৰ বিচাৰি তেওঁলােক হৈ পৰে অতিশয় অস্থিৰ, উত্তেজিত। আনহাতেদি ব্যথীৰ ব্যথাত তেওঁলােক হয় ব্যথাহত; দুখত হয় বেদনাহত; সুখত হয় আনন্দিত। এইখনেই ছাত্র সমাজ; এয়াই ছাত্ৰৰ স্বৰূপ, এই ছাত্রসমাজেই এদিন সমাজক নেতৃত্ব দিব; সমাজৰ গুৰু ভাৰ নতশিৰে গ্ৰহণ কৰিব। এইখন অজেয় সমাজ; এইখন সমাজৰ যি ঐক্যবদ্ধ শক্তি, তাৰ তুলনা পৃথিৱীত নাই। এইখন সমাজে যেতিয়া বিৰাট সমাজলৈ সাংগঠনিক দৃষ্টিভংগী লৈ আগবাঢ়ি আহিব, তেতিয়া সুন্দৰ নহৈ নােৱাৰে।
Read Also: অসমৰ ঔদ্যোগীকৰণ ৰচনা | Industrialization of Assam Essay in Assamese
ছাত্রই কৰিব পৰা কাম
ছাত্ৰৰ প্রধান ব্রত অধ্যয়ন। অধ্যয়নত ব্ৰতী হৈও সমাজ কল্যাণ সাধনত ছাত্ৰই মহৎ বৰঙণি যােগােৱাৰ থল আছে। সেয়ে সজভাৱে তেওঁলােক পৰিচালিত হ’ব লাগিব। অসমৰ বিভিন্ন ঠাইত প্রতি বছৰে বানপানী লৈ লাখ লাখ মানুহ গৃহহীন হয়; লাখ লাখ মানুহ খাদ্য-সংকটৰ সন্মুখীন হৈ মৃত্যুৰ ক্ষণ গণে। এনে দুর্যোগৰ সময়ত ছাত্ৰসকলে সেৱাৰ আদর্শ সন্মুখত লৈ সর্বহাৰাসকলক, দুর্গতসকলক নানাভাবে সহায় কৰিব পাৰে। তেওঁলােকে দলবদ্ধভাৱে গৈ বিপন্নসকলক উদ্ধাৰ কৰিব পাৰে। গাঁৱে-ভূঞে, নগৰে-চহৰে গৈ দান-বৰঙণি সংগ্রহ কৰি পীড়িতসকলক খাদ্য, কাপােৰ-কানিৰে সহায় কৰিব পাৰে। ভােকত এমুঠি আহাৰ, পিয়াহত এটোপ পানী, জাৰত এখনি বস্ত্র দি সহায় কৰিব পৰাটো এক মহৎ মানৱীয় কাম। আজিৰ ছাত্র-সমাজে এইখিনি কাম অতি সহজে সমাধা কৰি লাখ লাখ মানুহক বিপদৰপৰা উদ্ধাৰ কৰি মহানুভৱতাৰ পৰিচয় দিব পাৰে আৰু দিও আহিছে।
দুর্যোগৰ সময়ত
প্রাকৃতিক দুর্যোগ-যেনে, প্রলয়ংকৰী ধুমুহা, ভূমিকম্পৰ তাণ্ডৱ লীলাই কত মানৱৰ প্রাণহানি ঘটায়, কত মানুহক গৃহহীন কৰি, সর্বস্বান্ত কৰি মানুহৰ ৰং চায়, তাৰ হিচাপ নাই। সেই মুহূর্তত ছাত্র-সমাজ ত্রাণকর্তা দেৱদূতৰূপে থিয় দিবগৈ পাৰে দুৰ্গতসকলৰ ওচৰত। দুর্ভিক্ষ, অগ্নিকাণ্ড আদিৰ সময়তে ছাত্র-সমাজে তেওঁলােকৰ অপৰিসীম শক্তিৰে বিপন্নসকললৈ সেৱা আগবঢ়াই দুর্গতসকলৰ অন্তৰত আশাৰ বন্তি জ্বলাব পাৰে। ছাত্ৰসকলে দান-বৰঙণিৰে সংগ্ৰহ কৰা সাহায্য লৈ যেতিয়া বিপদাপন্নসকলৰ ওচৰত উপস্থিত হ’ব, তেতিয়া তেওঁলােকে এই ভৰসা পাব যে বিপদত পৰিলে পৰিত্ৰাণ কৰিবলৈ তেওঁলােকৰ লগত এখন সমাজ আছে: সহানুভূতি জনাবলৈ, এষাৰ সাদৰি মাত দিবলৈ, সান্ত্বনাৰ বাণী শুনাবলৈ এখন সমাজে অহর্নিশে প্রচেষ্টা চলাই আছে।
শান্তিৰ জুৰ লৈ এজাক দেৱদূত ৰৈ আছে তেওঁলােকৰ দুখৰ অমানিশাৰ অন্ত পেলাবলৈ। জাতীয় সংকটৰ সময়ত এইদৰেই ছাত্র-সমাজে দৃঢ় পদক্ষেপেৰে থিয় হৈ জাতিক মুক্তিৰ সন্ধান দিব পাৰে; মাৰিমৰক আদিৰ সময়ত চিকিৎসকসকলৰ সাহায্যৰ ব্যৱস্থা কৰি, মুমূর্যজনৰ মুখত এটোপা ঔষধ নি ঢালি দি প্ৰাণ ৰক্ষা কৰিব পাৰে। আজিৰ ছাত্ৰ-সমাজে বিপন্ন সমাজক, দুর্গত লােকক নানা সাংস্কৃতিক অনুষ্ঠান, চেৰিটি শাে আদি পাতি, আনকি ৰিক্সা চলাই, জোতা পলিছ কৰি, আলিপদূলিৰ কাম, ধান কটা কাম আদি স্বেচ্ছাই কৰি তাৰপৰা হােৱা লাভৰ ধনেৰে নানাভাবে সাহায্য আগবঢ়োৱাৰ গৌৰৱময় দৃষ্টান্ত অলেখ আছে। সমাজৰ উদীয়মান সদস্য হিচাপে সমাজলৈ এইদৰে পার্যমানে দান, সাহায্য আগবঢ়োৱাটো ছাত্ৰসকলৰ ভৱিষ্যত উজ্জ্বল কর্মময় জীৱনৰে নিদর্শন।
Read Also: Class 11 Education Question Answer
সংগঠনমূলক কাম
সমাজ সেৱাৰ অন্তৰ্গত এইবােৰ কামৰ উপৰি ছাত্ৰ-সমাজে সংগঠনমূলক কামতাে নানাভাৱে অৰিহণা যােগাই সমাজক পথ প্রদর্শন কৰিব পাৰে। আমাৰ গাঁওবােৰৰ যাতায়াত ব্যৱস্থা উন্নত নহয়; মানুহবােৰ স্বাস্থ্যৰক্ষাৰ নীতি-নিয়মৰ প্রতি আগ্রহশীল নহয়, শিক্ষাৰ প্ৰতিও সম্পূর্ণ ধাউতি দেখানাযায়, উন্নত প্ৰণালীৰ খেতি-বাতিৰ প্ৰতি মুঠেও লক্ষ্য নাই; গাঁওখনৰ উন্নয়নৰ চিন্তাও নাই। এইবােৰ ক্ষেত্ৰত সহজেই ছাত্র সমাজে পথ প্রদর্শন কৰিব পাৰে। আজৰি সময়ত দলে-বলে গাঁৱলৈ গৈ গাঁওবাসী একত্রিত কৰি লৈ আলি-পদূলিকেইটা মেৰামতিৰপৰা ৰাইজৰ কি উপকাৰ হ’ব বুজাই মেলি হাতে-কামে মেৰামতি কৰি দেখুৱাই সামূহিক কামৰাে আভাস দির পাৰে আৰু উৎসাহাে জগাই তুলিব পাৰে। ঘৰ-দুৱাৰ, আলি-পদুলিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত পাইখানা আদিৰ ব্যৱহাৰ, খােৱা পানী বিশুদ্ধিকৰণ,ৰন্ধা-বঢ়াৰ প্ৰণালী আদিৰ ওপৰত স্বাস্থ্য কেনেভারে নিৰ্ভৰ কৰে সেইবােৰ প্রত্যক্ষ উদাহৰণসহ ৰাইজক বুজাই দি সহায় কৰিব পাৰে। সমাজৰ পিছপৰা অৱস্থাৰ মূলতে শিক্ষাৰ অভাৱ। শিক্ষাই অজ্ঞান-আন্ধাৰ দূৰ কৰি সমাজক পােহৰৰ’বাটলৈ লৈ যায়। মাজে মাজে নিৰক্ষৰ লােকসকলক গােটাই লৈ আখৰকেইটা চিনাকি কৰি দিব পাৰিলে মানুহে শিক্ষাবাে। মােল বুজিব আৰু নিজৰ ল’ৰা-ছােৱালীকেইটাৰ শিক্ষাৰ প্ৰতিও মানুহআগ্রহশীল হ’ব।
সমাজ সংস্কাৰ
বৈজ্ঞানিক যুগত যন্ত্ৰৰ ব্যৱহাৰ কৰি, উপযুক্ত সাৰ আদি প্রয়ােগ কৰি তাকৰীয়া মাটিতে সৰহ শস্য উৎপাদন কৰিব পাৰি। তাৰ মন্ত্ৰেৰে ছাত্ৰসকলে সমাজক উদ্বুদ্ধ কৰি তুলিব পাৰি। ছাত্ৰসকলে কিতাপ পুথি সংগ্রহ কৰি গাঁৱে গাঁৱে কম খৰচতে একোটা পুথিভঁৰাল প্রতিষ্ঠা কৰিব পাৰে। দহজন গােট খাই বা বাতৰি পঢ়াৰ, শুনাৰ, দুই-চাৰিটা আৱশ্যকীয় বিষয় আলােচনাৰ প্রকৃষ্ট ঠাই পুথিভঁৰালবােৰ। পুথিভঁৰাল গঞা ৰাইজৰ জ্ঞান বিকাশৰ কেন্দ্র।
সমাজত প্ৰচলিত কু-সংস্কাৰ, অন্ধবিশ্বাস আদি দূৰ কৰাৰ ক্ষেত্ৰত ছাত্র-সমাজে সক্রিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। বিহু, তিথি-পার্বণ, উৎসৱ আদিত সহযােগিতা কৰি, ৰাইজৰ মাজত নতুনৰ আদর্শ দাঙি ধৰিব পাৰে; মিলনৰ, একতাৰ সংহতি আদর্শ দেখুৱাব পাৰে। সমবায়ৰ যুগ আৰম্ভ হৈছে পৃথিৱীত। বিদ্যালয়সমূহত সমবায়ৰ শিক্ষা দিয়া হৈছে। খেতি-বাতি, বেহা-বেপাৰ আদিৰ ক্ষেত্ৰত সমবায়ৰ ভূমিকাৰ বিষয়ে ছাত্ৰসকলে মানুহক বুজাই দি সন্মিলিত প্রচেষ্টাৰে সমাজৰ কেনেদৰে উন্নতি সাধন কবি পাৰে তাৰ আদর্শ ছাত্ৰসকলে দেখুৱাব পাৰে।
মুঠতে ছাত্র শক্তি একত্ৰিত হৈ, প্রবল উৎসাহ, উদ্দীপনা, প্ৰেৰণা লৈ সমাজৰ সংগঠনমূলক কামত আগুৱান হ’ব। সেৱাৰ মনােভাবেৰে মানুহৰ মাজলৈ আগবাঢ়ি যাব, তেতিয়া সমাজেও উৎসাহ পাব, প্ৰেৰণা পাব আৰু ছাত্র-শক্তিৰ নেতৃত্বত মহৎ কার্য সম্পাদনৰ পাছত জীৱন উছর্গি আগবাঢ়ি যাব।
বর্তমান যুগত বিদ্যালয়সমূহত স্কাউট, এন. চি. চি., এন, এছ. এছ আদিৰ যােগে ছাত্র-শক্তিক সৃষ্টিমূলক, সংগঠনমূলক কামৰ শিক্ষা দিয়াৰ ব্যৱস্থা হৈছে। কিন্তু সমাজ-সেরা সম্পর্কে উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা হােৱা নাই। সার্বভৌম, গণতান্ত্রিক ৰাষ্ট্র এখনত ছাত্রশক্তিক সেৱাৰ আৰু সংগঠনৰ কামত প্রয়ােগ কৰি ছাত্ৰসকলক ভৱিষ্যত জীৱনত নেতৃত্বৰ উপযুক্ত কৰি তােলাৰ ব্যৱস্থা শিক্ষাৰ অংগ হােৱা উচিত।
সামৰণি
এই ক্ষেত্ৰত ছাত্র-সমাজৰ পথ-প্রদর্শকসকলৰাে দায়িত্ব অসীম। ছাত্র-সমাজকভুল পথেৰে, ভুলভাৱে পৰিচালিত কৰাৰ পৰিণাম গুৰুতৰ। ছাত্র-সমাজৰ স্বতঃস্ফূর্ত জীৱনী-শক্তিক, কর্ম-প্ৰেৰণাক, গতিক আৰু সৃজনী প্রতিভাক অতিশয় সাৱধানে পৰিচালনা কৰা উচিত। ই অবাটে যাব লাগিলে জাতিৰ, সমাজ, দেশৰ বিৰাট আৰু অপূৰণীয় ক্ষতি হ’ব।
আমি আশা কৰিছো সমাজ সংগঠন ছাত্ৰৰ কর্তব্য ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ সমাজ সংগঠন ছাত্ৰৰ কর্তব্য ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.