শচীন ৰমেশ তেণ্ডুলকাৰ ৰচনা | Sachin Ramesh Tendulkar Essay in Assamese

শচীন ৰমেশ তেণ্ডুলকাৰ ৰচনা | Sachin Ramesh Tendulkar Essay in Assamese

Join Telegram channel

ক্রিকেট জগতৰ পথাৰত খদমদম লগাই অতি কম বয়সতে যাদুলগা হাতৰ খেল প্রদর্শনেৰে পৃথিৱীৰ জনতাক বিমোহিত কৰি দেশ-বিদেশৰ উপহাৰ কঢ়িয়াই স্বদেশৰ গৌৰৱ অটুট ৰখা ‘ভাৰত ৰত্ন’ সন্মানৰ অধিকাৰী শচীন তেণ্ডুলকাৰ প্ৰকৃতাৰ্থতেই ভাৰতৰ মাণিক অর্থাৎ দুর্লভ মণি।

শচীন ৰমেশ তেণ্ডুলকাৰ ৰচনা | Sachin Ramesh Tendulkar Essay in Assamese

শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৭৩ চনৰ ২৪ এপ্রিল তাৰিখে মুম্বাইত জন্মগ্রহণ কৰে। তেওঁৰ দেউতাক বিখ্যাত মাৰাঠী (নভেলিষ্ট) ঔপন্যাসিক ৰমেশ তেণ্ডুলকাৰ আৰু মাক ৰজনী তেণ্ডুলকাৰ। মাক-বাপেকৰ সুযোগ্য সন্তান শচীনৰ জন্মই ভাৰতবৰ্ষত নৱ  সূৰুযৰ আলোক সিঁচি ক্ৰিকেটৰ পৃথিৱীভূমি পোহৰাই তুলিলে। শচীনে | প্রাথমিক শিক্ষা গ্রহণ কৰিছিল দাদৰ সাৰদাশ্রম বিদ্যামন্দিৰত। ১৯৯৫ চনৰ ২৪ মে’ তাৰিখে অঞ্জলী তেণ্ডুলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ প্ৰথম সন্তান চাৰাৰ জন্ম হয় ১৯৯৭ চনৰ ১২ অক্টোবৰত আৰু দ্বিতীয় সন্তান অর্জুনৰ জন্ম হয় ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত।

Read Also: প্ৰণৱ মুখার্জী ৰচনা | Pranab Mukherjee Essay in Assamese

খেলুৱৈ প্ৰতিভা

শচীনে সর্বপ্রথম খেলিছিল ইণ্টাৰস্কুল টুর্ণামেন্ট। ১৯৮৯ চনৰ ১৫ ডিচেম্বৰত ১৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি দি মহাকাব্যিক যাত্ৰা আৰম্ভ কৰিছিল তেওঁ। ২৪ বছৰীয়া ক্ৰিকেটৰ কেৰিয়াৰ সামৰা শচীন ৰমেশ তেণ্ডুলকাৰে ২০০খন টেষ্টত ১৫,৯২১ ৰাণ আৰু ৪৬৩ খন এদিনীয়াত ১৮,৪২৬ ৰাণ, টেষ্ট আৰু এদিনীয়া ক্রিকেটত শতৰাণ কৰিবলৈ সক্ষম হয়। কিংবদন্তি শচীন তেণ্ডুলকাৰক কেৰিয়াৰৰ অন্তিমখন টেষ্টত শৃংখলা জয়ৰ উপহাৰ দিয়ে দলীয় সতীৰ্থই। টেষ্টত তেওঁ আটাইতকৈ বেছি শতক কৰে ৫১টা আৰু টেষ্ট খেলি সকলো দেশৰ বিৰুদ্ধেই শতক কৰে। বিদেশৰ মাটিত আটাইতকৈ বেছি টেষ্ট শতক কৰে ২৯টা। টেষ্টত ২০ বাৰ ১৫০ ৰাণ বা তাতকৈও বেছি কৰে। টেষ্টত এক কেলেণ্ডাৰবৰ্ষত এক হাজাৰ বা তাৰ বেছি ৰাণ ৬ বাৰ কৰে। এদিনীয়া মেচত আটাইতকৈ বেছি ১৮,৪২৬ ৰাণ, শতক ৪৯টা আৰু প্ৰথম ডবল শতকৰ লগতে আটাইতকৈ বেছি অর্ধ শতক ‘৯৬টা, ৫ বাৰ ১৫০ ৰাণ বা তাতোকৈ বেছি ৰাণ কৰে।

এদিনীয়া মেচত এক কেলেণ্ডাৰ বৰ্ষ ১৯৯৮ চনত সৰ্বাধিক ১৮৯৪ ৰাণ আৰু আটাইতকৈ বেছি শতক কৰে ৯টা। এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি ৪৬৩ বাৰ মেচ খেলে। এদিনীয়া মেচত আটাইতকৈ বেছি ৬২ বাৰ মেচ আৰু ১৫ টা উৎকৃষ্ট ছিৰিজ আৰু এক কেলেণ্ডাৰ বৰ্ষত এক হাজাৰৰ বেছি ৰাণ আটাইতকৈ বেছি ৭ বাৰ কৰে। টেষ্ট ওৱান ডে’ মিলি আটাইতকৈ বেছি ৩৪,৩৪৭ ৰাণ কৰে। শচীনে আটাইতকৈ বেছি আন্তর্জাতিক মেচ ৯০টা ষ্টেডিয়ামত খেলে আৰু বিশ্বকাপত সৰ্বাধিক মুঠ ৰাণ কৰে ২৫৬০। ২০০৩ চনৰ বিশ্বকাপত আটাইতকৈ বেছি ৬৭৩ ৰাণ কৰে। শচীন তেণ্ডুলকাৰে ২৪ বছৰত ৯৮৯ জন আন্তর্জাতিক ক্রিকেটাৰৰ মুখা-মুখি হয়। তেওঁ ইয়ৰ্কছায়াৰৰ হৈ খেলা প্রথম বিদেশী ক্রিকেটাৰ।

পুৰুস্কাৰ আৰু সন্মান

শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৯৪ চনত অর্জুন বঁটা লাভ কৰে। তাৰ পাছত ক্ৰমে ১৯৯৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯৯ চনত পদ্মশ্রী, ২০০৮ চনত পদ্মবিভূষণ বঁটা লাভ কৰে। ২০১০ চনত চাৰ গাৰফিল্ড চ’বাৰ টকী আৰু ২০১২ চনত ৰাজ্য সভালৈ মনোনীত আৰু ইণ্ডিয়ান এয়াৰ ফৰ্টৰ দ্বাৰা গ্ৰুপ কেপ্টেইনৰ সন্মান লাভ কৰে। ২০১৩ চনত ভাৰত ৰত্ন ডিভিচনৰ পৰা এনাউন্স দ্য হাইয়েষ্ট চিভিলিয়ান বঁটা লাভ কৰে। ইয়াৰ বাহিৰেও ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা ভাৰতৰ কনিষ্ঠতম আৰু একমাত্র খেলুৱৈ হিচাপে ভাৰত ৰত্ন বঁটা সগৌৰৱেৰে গ্ৰহণ কৰে।

অন্যান্য ক্রিয়া কলাপ

শচীন ৰমেশ তেণ্ডুলকাৰৰ খেলৰ গুৰু হ’ল ৰমাকান্ত আচেৰকাৰ। তেওঁৰ মেজৰ টীম হ’ল ইণ্ডিয়া টীম। বেটিং ষ্টাইল- ৰাইট হেণ্ড বেটচ্‌মেন, বলিং-ৰাইট আর্ম স্পিনাৰ। ৰাজ্যদল হ’ল মুম্বাই। তেওঁ প্ৰথম খেল, এদিনীয়া খেল আৰু টেষ্ট খেলিছিল কৰাচীত পাকিস্তানৰ লগত। তেওঁৰ উচ্চতা পাঁচফুট পাঁচ ইঞ্চি। শচীনক অস্ট্রেলিয়ান ক্রিকেটাৰ কিংবদন্তি ডন ব্ৰেড্‌মেনৰ লগত ৰিজাব পাৰি। সমালোচকসকলে কয় ব্রেড্‌মেন আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ঠিক একেস্থানৰ বুলি। ব্লেডমেনে শচীনৰ বিষয়ে কয়- ‘ল’ৰাটোৱে প্ৰায় মোৰ দৰেই খেলে।’ শচীনৰ দীর্ঘস্থায়ী স্মৃতি বুলি ক’বলৈ গ’লে তেওঁৰ চেন্নাইৰ ইনিংচটো। তাৰ পাছতেই বিৰানব্বৈৰ চিনী টেষ্টত শতক। অষ্ট্ৰেলিয়াত সেইটোৱেই আছিল বিদেশী দলৰ পক্ষত আটাইতকৈ কম বয়সীয়া টেষ্ট শতক।

শচীন কিছুমান গুণৰ বাবেই মহান ক্রিকেটাৰ হৈ উঠে। যেনে- শচীনে বেছি ৰাণ কৰিলে তিমান ৰোমাঞ্চিত নহয়। আকৌ ৰাণ নাপালে হতাশাত ভাঙিও নপৰে। তেওঁৰ দীৰ্ঘ চৌবিছ বছৰৰ টেষ্ট জীৱনত কার্যতঃ কেতিয়াও পশ্চাদগামী নোহোৱাৰ এইটোৱেই অন্যতম কাৰণ। থোৰতে ক’ব পাৰি সাফল্যত মতলীয়া নোহোৱা আৰু ব্যর্থতাত ভাঙি নপৰাটোৱেই শচীনৰ গ্রেট ক্রিকেটাৰ হোৱাৰ আঁৰৰ আটাইতকৈ ডাঙৰ গুণ। ক্রিকেটাৰ মনিন্দৰ সিঙে শচীনৰ খেলত আপ্লুত হৈ কৈছিল- ‘পোন্ধৰ বছৰ বয়সতে ক্ৰিকেটত মোক চেৰ পেলোৱা দেখি তেওঁৰ জাত বুজি উঠিছিলোঁ।”

Read Also: Class 12 Education Solution

সামৰণি

ভাৰতীয় কনিষ্ঠতম আৰু প্ৰথম খেলুৱৈ ভাৰতৰত্ন মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ ‘ক্রিকেট বিদায়ী পৰ্ব’ ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ বাবে এক মর্মান্তিক মুহূর্ত। এনে মুহূৰ্তৰ কথা কল্পনা কৰি হৰভজন সিঙে কৈছিল- নাজানো, শচীনৰ ক্ৰিকেট বিদায়ৰ পাছত ক্রিকেট কেনে হ’ব! মোৰ মতে ক্রিকেট মানেই শচীন।’ যুৱৰাজ সিঙে কৈছিল— শচীনৰ এই বিশেষ সময়ত তেওঁৰ লগত ড্রেচিংৰূমত অংশ ল’বলৈ নোপোৱাটো এক নিৰাশাৰ কথা। তথাপি আশা কৰিছোঁ তেওঁক বিদায় জনাবলৈ খেল-পথাৰত থাকিব পাৰিম।’ এজন ক্রিকেটাৰৰ জীৱনত পঁচিছ বছৰ এটা অবিশ্বাস্য দীঘলীয়া সময়।

শচীন তেণ্ডুলকাৰে কিন্তু চৌবিশটা বছৰ অনায়াসে অতিক্ৰম কৰিলে। তেওঁ প্ৰথম ৰঞ্জী খেলে ১৯৮৮ চনত। পাছৰ বছৰত টেষ্ট মেচ ২০১২ চনত এদিনীয়া ক্ৰিকেটৰ পৰা আৰু ২০১৩ চনত টি-টুৱেণ্টিৰ পৰা তেওঁৰ অৱসৰৰ ঘোষণা। ওৱাংখেড়েত ভাৰত-ওৱেষ্টইণ্ডিজ টেষ্টৰ পাঁচদিন অতিক্ৰম কৰি ২০১৩ চনৰ ১৬ নৱেম্বৰত আন্তর্জাতিক ক্রিকেট তথা সমগ্ৰ ক্ৰিকেটজগতৰ চূড়ান্ত বিদায়ক্ষণটি আঁকোৱালি ল’লে ক্ৰিকেটৰ ঈশ্বৰ শচীন বাশ তেণ্ডুলকাৰে। তেওঁ ক্ৰিকেটৰ পৰা বিদায় ল’লেও তেওঁ ক্ৰিকেটখেলৰ প্ৰতিভাৰে গৌৰৱোজ্জ্বল হৈ ৰ’ব আজীৱন।

দেশে ‘শচীন’ক কিয় ভাল পায়? প্রথম কথা, শচীন মানেই এক নিষ্পাপ সৰু ল’ৰা, যাক অসুৰবোৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰিঙৰ ভিতৰলৈ দলিয়াই দিয়া হৈছে। শচীন ভাৰতবাসীৰ বাবে ডেভিড বনায় গোলিয়াথৰ গল্প। দ্বিতীয়তে, শচীন হ’ল মহাশক্তিশালী প্রতিপক্ষক আঘাত হানিবলৈ নমা কাষৰ ঘৰৰ সেই প্রচণ্ড প্রতিভাৱান ল’ৰা; যাক সকলোৱে সন্মুখত ৰাখিব বিচাৰে। তৃতীয়তে, শচীন এতিয়াও অসাধাৰণ বিনয়ী। আজিকালিৰ বহু তৰুণ ক্রিকেটাৰৰ দৰে তেওঁ নিজক জাহিৰ নকৰে। চতুৰ্থতে, শচীনেই দেশবাসীক শিকাইছে যে, নিজৰ কামত উৎকৃষ্ট হ’লে গোটেই বিশ্ব তোমাৰ ভৰিত লুটি খাই পৰিব । পঞ্চমতে, শচীন এনে এজন মানুহ, যাৰ মূল্যবোধ।প্ৰখৰ। তেওঁ সকলো সময়তে নিজৰ বন্ধুসকলৰ কাষত থাকিব। ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ চকুৰ আগত ভাহি থাকিব ক্রিকেট খেলৰ কৃতিত্ব ৷ সমূহ ক্রিকেটপ্রেমীৰ বাবে হৈ ৰ’ব অনুপ্ৰেৰণাৰ উৎস আৰু উদীয়মান ক্রিকেটপ্রেমী আৰু ক্ৰিকেট খেলুৱৈৰ বাবে হৈ ৰ’ব পৰোক্ষ চিৰগুৰু।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top