অসমৰ ঔদ্যোগীকৰণ ৰচনা | Industrialization of Assam Essay in Assamese

অসমৰ ঔদ্যোগীকৰণ ৰচনা | Industrialization of Assam Essay in Assamese

Join Telegram channel

আৰম্ভণি

অসমৰ ঔদ্যোগীকৰণ – প্ৰকৃতিৰ অজস্র সম্পদেৰে সমৃদ্ধ এই অসমভূমি। অসমৰ ভূ-গর্ভৰ খলপ, খলপে, সেউজীয়া পাহাৰৰ সিৰাই সিৰাই প্ৰকৃতিয়ে চিৰদিন সঞ্চিত কৰি ৰাখিছে অশেষ সম্পদ । সেয়েহে অসম ৰত্ন-গর্ভা, ৰত্ন-প্ৰসৱা। অসমৰ বুকুত কয়লা আছে তেল আছে, প্রচুৰ পৰিমানে চিলিমিনাইট আছে, অভ্র, চূণশিল, ফুলার্চ আর্থ আছে; আৰু হেনাে কৰবাত প্রকৃতিয়ে লােহা আৰু সােণ লুকুৱাই ৰাখিছে অসমৰ সমৃদ্ধিৰ কাৰণে। কেতিয়াবা অসম জননীয়ে ফোর্ড, নােবেল আদিক জন্ম দিব; তেওঁলােকৰ মনীষাই; ঐশ্বর্যই এই গুপ্ত লােহা আৰু সােণৰ ভাণ্ডাৰৰ দুৱাৰ খুলিব; অসম সমৃদ্ধিমণ্ডিত হ’ব। কিন্তু আজি? আজি যদি ভূ-গর্ভৰ এই সােণবােৰ বুটলি আনিব নােৱাৰাে, মানুহৰ কামত লগাব নােৱাৰাে, আজি জানাে তাৰ কিবা মূল্য আছে? ই “কৃপণৰ ধন, খাবও নােৱাৰি; পিন্ধিবও নােৱাৰি; চাই থাকিবৰ মন।” সেয়ে হ’লে অসমীয়াৰ জাতীয় জীৱনত উন্নয়ন সাধন কেনেকৈ সম্ভৱ হ’ব? সেইবাবে আজিয়েই এইবােৰ সম্পদ উদ্ঘাটন কৰাৰ প্রয়ােজন।

অসমৰ ঔদ্যোগীকৰণ ৰচনা

ব্রডগজ ৰেলপথ

উদ্যোগীকৰণৰ আহিলা, যাতায়াত আদি ব্ৰহ্মপুত্ৰৰ দলং- বর্তমান বর্তমান সময়ত বিশ্বত উদ্যোগৰ প্ৰসাৰতা বাঢ়িছে। কুটীৰশিল্পই দেশৰ চাহিদা পূৰণ কৰিব নােৱাৰে; সেইবাবে উদ্যোগৰ আৱশ্যকতা অনস্বীকার্য। কিন্তু অসমত এই একৈশ শতিকাতাে বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। তাৰ মূল কাৰণ আৱশ্যকীয় কেঁচামাল নহয়; অসমত কেঁচামালৰ অভাৱ হােৱা নাই। অভাৱ হৈছে কেন্দ্রীয় চৰকাৰৰ মনােযােগৰ আৰু ইচ্ছাৰ। কেন্দ্রীয় চৰকাৰে অসমক ঔদ্যোগীকৰণৰ ক্ষেত্ৰত যাতায়াত ব্যৱস্থাৰ অসুবিধাৰ দোহাই দিয়েই মাহী আইৰ সাদৰ দেখুৱাই আহিছে। উপযুক্ত পৰিবহণ ব্যৱস্থা বিনে অসমৰ ঔদ্যোগীকৰণ সম্ভৱ নহয়। তেনেহ’লে অসমৰ পৰিবহণ ব্যৱস্থা ক্ষিপ্রতাৰে উন্নত কৰিবৰ কাৰণে যত্ন লােৱা নাই কিয়? অন্ততঃ এই পিছপৰা অঞ্চলটোক দেশৰ বাকী অংশৰ লগত দ্রুত আৰু ক্ষিপ্র সংযােগৰ বাবেই অসমৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ প্রতি গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। গংগা নদীত বহুতে দলং হ’ল। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত মাত্র তিনিখন-

1. শৰাইঘাট সেতু। 

2. কলীয়া ভােমােৰা সেতু ।আৰু

3. নৰনাৰায়ণ সেতু।

চতুর্থ সেতুখনৰ কাম বহু বছৰ ধৰি চলিয়ে আছে। ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত নির্মীয়মান সেতুখন সােনকালেই সমাপ্ত হােৱাৰ কথা। কিন্তু ৰাজ্যখনৰ ঔদ্যোগিক উন্নতিৰ বাবে আৰু কেইখনমান সেতু প্রয়ােজন। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এখন পদ দলঙৰ কথা বহু দিনৰেপৰা চলি আছে যদিও অজ্ঞাত কাৰণত সেইখন আজিলৈকে হৈ উঠা নাই।

Read Also: অসমীয়া কৃষকৰ সমস্যা ৰচনা | Problem of Assamese Farmers Essay in Assamese

ব্রডগজ ৰেলপথ

ব্রডগজ ৰে’ল লাইনৰ বিস্তাৰ আশানুৰূপ হােৱা নাই। মাত্ৰ কেইবছৰমানৰ আগতে ব্রডগজ ৰেল লাইন গুৱাহাটীৰ পৰা ডিমাপুৰলৈ সম্প্রসাৰণ কৰা হয়। তাৰ পাছত তাক তিনিচুকীয়া ডিব্ৰুগড়লৈ বহলােৱা হয়। চাপমুখৰপৰা নগাঁও চহৰলৈ আৰু গুৱাহাটীৰপৰা গােৱালপাৰালৈ ব্রডগজ লাইন সম্প্রসাৰণ কৰাটো এটা ভাল কথা। কিন্তু ৰঙিয়াৰপৰা ধেমাঞ্জালৈকে এই সুবিস্তৃত অঞ্চলত এতিয়ালৈকে ব্রডগজ লাইন প্রতিষ্ঠা হােৱা নাই। ফলত ব্রহ্মপুত্র উপত্যকাৰ এই উত্তৰ পাৰটোত কোনো ধৰণৰ উদ্যোগীকৰণৰ কাম হােৱা পৰিলক্ষিত হােৱা নাই। শীঘ্ৰেই সেইবােৰ ঠাইত ব্রডগজ ৰেল লাইন স্থাপন হােৱা উচিত আৰু নানা ধৰণৰ বৃহৎ উদ্যোগ প্রতিষ্ঠাৰ আচনি হাতত লােৱা উচিত। অসমীয়াৰ দাবীত সহজে কেন্দ্রীয় চৰকাৰৰ নােম নলৰে। যদি লৰাব পাৰি আৰু দলং আৰু ব্ৰডগজ ৰে’ল লাইন সম্প্ৰসাৰণ কৰাব পৰা যায়, তেতিয়া হ’লে অসমত উদ্যোগ প্রতিষ্ঠাৰ কাম যথেষ্ট উজু হৈ পৰিব।

কেঁচা সামগ্রী প্ৰচুৰ খাৰুৱা তেল

অসমৰ প্রাকৃতিক আৰু অন্যান্য সম্পদলৈ লক্ষ্য কৰি কি কি উদ্যোগ গঢ়ি তুলিব পাৰি তাক বিশ্লেষণ কৰি চোৱা যাওক। প্রথমে আমি খাৰুৱা তেলৰ কথাই ধৰ। বিশেষজ্ঞসকলৰ মতে সমগ্র ব্রহ্মপুত্র উপত্যকা আৰু ইয়াৰ দাঁতিকাষৰৰ অঞ্চলবােৰত এক বিৰাট তৈল-ক্ষেত্র আছে। তাৰে মাত্র কেইখনমান ঠাইতহে তেল উদ্বাটন কৰা হৈছে। তাৰ ভিতৰত ডিগবৈ, নাহৰকটীয়া, জলনি, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী আদি উল্লেখযােগ্য। এইকেইখন তৈল-ক্ষেত্ৰত যি পৰিমাণৰ খাৰুৱা তেল ওলাইছে, তাক শােধন কৰিবলৈ কেটাও শােধনাগাৰৰ প্রয়ােজন। কিন্তু অসমত বর্তমানে মাত্র চাৰিটা শােধনাগাৰ আছে। ডিগবৈত, বঙাইগাঁও, গুৱাহাটীৰ নুনমাটিত, নুমলিগড়ত। ডিগবৈৰ শােধনাগাৰ ইংৰাজ চৰকাৰে পাতি থৈ যােৱা। গতিকে স্বাধীনতাৰ এই কালছােৱাত অসমত মাত্ৰ দুটা শােধনাগাৰ স্থাপিত হৈছে। আনহাতেদি বিহাৰৰ বাৰাউনীৰ শােধনাগাৰলৈ অসমৰ খাৰুৱা তেলকেই নিয়া হৈছে। হয়তাে হলদীয়ালৈকো নিয়া হ’ব। অসমৰ সম্পদেৰে অন্য ৰাজ্য চহকী হ’ব আৰু অসমে তাৰ কোনাে লাভাংশ নাপাব, ই কেনে ধৰণৰ বিচাৰ বুজা নাযায়। যি প্রকাৰে ব্ৰহ্মপুত্ৰত এখনাে দলং নথকা দিনতে ডিগবৈত শােধনাগাৰ প্রতিষ্ঠা সম্ভৱ হৈছিল, সেই প্ৰকাৰেই এই বিশাল তৈলক্ষেত্ৰত আৰু কেইবাটাও শােধনাগাৰ স্থাপন হ’ব পাৰে।।

খাৰুৱা তেলৰ পুংবিলাকৰপৰা প্রাকৃতিক গেছাে পােৱা যায়। ইও মূল্যবান সম্পদ; ইয়াক সাধাৰণভাৱে ইন্ধনৰূপে ৰন্ধাবটাৰ কামত ব্যৱহাৰ কৰা হৈছে যদিও ঔদ্যোগিক ভিত্তিত প্রয়ােগৰ কোনাে প্রচেষ্টা চলােৱা হােৱা নাই। অসমত ইতিমধ্যে ঘােষণা হােৱা গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ গতি এতিয়াও লেহেমিয়া।

কয়লা

অসমৰ উজনি খণ্ডৰ লিডু, মাৰ্ঘেৰিটা, বৰগােলাই, মাকুম আদি অঞ্চলত প্ৰচুৰ কয়লা পােৱা যায়। কয়লা পৃথিৱীৰ সর্বশ্রেষ্ঠ খনিজ সম্পদ। ইয়াৰ ব্যৱহাৰ ব্যাপক আৰু গুৰুত্বপূর্ণ। ইয়াৰপৰা আলকাতৰা, গেছ, কুক, নেপথালিন, এমােনিয়া, বেঞ্জিন আদি আৰু নানাবিধ ৰং আৰু কৃত্রিম দ্রব্য উৎপাদন হয়। অসমৰ বুকুত প্ৰচুৰ কয়লা সঞ্চিত হৈ আছে। তাক কেৱল ইন্ধন হিচাপে অসমত উৎপাদন কৰাৰ বাহিৰে এতিয়ালৈকে ইয়াৰপৰা উৎপাদন হ’ব লগীয়া কোনাে সম্পদকে আহৰণ কৰাৰ ব্যৱস্থা হােৱা নাই। বিভিন্ন উদ্যোগ গঢ়ি কয়লাৰ বুকুৰপৰা এই সম্পদবােৰ আহৰণ কৰিব পাৰিলে অসমৰ সম্পদ যথেষ্ট বাঢ়িব আৰু আয়াে বাঢ়িব।

Read Also: Class 11 Education Question Answer

বালিচন্দা

অসমৰ কামৰূপ আৰু গােৱালপাৰা জিলাত প্ৰচুৰ অভ্র বা বালিচন্দা আছে। ই তাপ আৰু বিদ্যুতৰ অপৰিবাহক ‘কাৰণে ইয়াক বৈদ্যুতিক দ্রব্য নির্মাণ শিল্পসমূহত বিশেষভাবে ব্যৱহাৰ কৰা হয়। তদুপৰি ৰং, ঔষধ আৰু নানা দ্রব্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়। সেইবাবে অভ্র আহৰণৰ ব্যৱস্থা কৰি তাৰ সহায়ত এইবােৰ গঢ়ি তুলিব পাৰি।

চূণশিল

অসমত প্ৰচুৰ চূণশিলৰ আকৰ আছে। কাৰ্বি আংলং জিলা ইয়াৰ ভাণ্ডাৰ। চূণশিল চিমেন্ট শিল্পৰ কেঁচাসামগ্রী; তদুপৰি লাে গলােৱাত আৰু চেনি, ৰাসায়নিক আৰু নানা বিধৰ ধাতুৰ উদ্যোগত ইয়াৰ আৱশ্যক। পর্যাপ্ত পৰিমাণে চূণশিল থকা বাবে অসমত কেইবাটাও চিমেন্ট কাৰখানা আৰু অন্যান্য কাৰখানা গঢ়ি তুলিব পাৰি।

ফুলাৰ্চ আর্থ

গােৱালপাৰা আৰু কামৰূপ জিলাৰ মধ্যবর্তী অঞ্চলত ফুলার্চ আর্থৰ আকৰ আছে। এইবিধ খনিজ পদার্থ চাবােন কাৰখানাত, বনস্পতি ঘি, নাৰিকল তেল আৰু কেৰাচিন তেল শােধনত ব্যৱহাৰ হয়। ইয়াৰ আহৰণৰ ব্যৱস্থা এতিয়ালৈকে হােৱা নাই। ঔদ্যোগিক ভিত্তিত আহৰণ কৰিব পাৰিলে ইয়াৰপৰা অসমৰ যথেষ্ট আয় বাঢ়িব।

অন্যান্য খনিজ পদার্থ

সােণ, লাে, তামৰ আকৰৰ অসমত থকাৰ সম্ভেদ পােৱা বুলি শুনা যায়। কিন্তু এই সম্পর্কত চৰকাৰে কিবা ব্যৱস্থা লােৱা বুলি আমি জানিব পৰা নাই। অথচ এইবােৰ সম্পদ আহৰণৰ ব্যৱস্থা হ’লে বহুতে উদ্যোগ গঢ়ি উঠিব আৰু অসমৰৰ বিৰাট আয় হব।

বনজ সম্পদ কাগজ কল

অসমত বনজ সম্পদ প্রচুৰ। সেইবাবে কেইবাটাও কাগজৰ কল গঢ়ি উঠিব পাৰে। বর্তমান যােগীঘােপাৰ ‘অশােক কাগজ কল’ত উৎপাদনৰ কাম চলি আছে। মৰিগাঁও আৰু কাছাৰ জিলাত আৰু দুটা কল আছে। কিন্তু দৰং, কাৰ্বি আংলং, শিৱসাগৰ আদি জিলাতে একোটাকৈ কাগজৰ কাৰখানা স্থাপনৰ কাৰণে সম্ভাৰ উক্ত জিলা কেইখনত আছে।

চেনি কল

বৃহৎ অসমত বৰ্তমানলৈকে গােলাঘাট জিলাৰ বৰুৱা বামুণ গাঁৱত এটা চেনি কল আছিল যদিও কেন্দ্রিয় চৰকাৰৰ অমনােযােগিতাৰ বাবে সেই উদ্যোগ বর্তমান মৃত। কিন্তু কুঁহিয়াৰৰ উৎপাদনলৈ চাই নগাঁও আৰু দৰং জিলাত আৰু দুটা চেনি কলৰ সম্ভাৱনা নুই কৰিব নােৱাৰি। মৰাপাট উৎপাদনতাে অসম যথেষ্ট আগবঢ়া; কিন্তু কল স্থাপন হৈছে মাত্র এটা। উৎপাদনলৈ চাই অন্ততঃ আৰু দুটা কল স্থাপন কৰিব পাৰি।

ৰেচম কাৰখানা

ৰেচম আৰু কপাহ উৎপাদনতাে অসম পিছপৰা নহয়। গতিকে ৰেচমী আৰু কপাহী কাপােৰ, সূতা তৈয়াৰী কাৰখানাৰ সম্ভাৱনাও যথেষ্ট। বর্তমান অসমৰ জাগীৰােডত মাত্র এটা ৰেচম কাৰখানা আছে।

ঔষধ

অসমৰ প্ৰকৃতিৰ বুকুত প্ৰচুৰ পৰিমাণৰ ঔষধ জাতীয় উদ্ভিদ আছে। অসমত ঔষধ প্রস্তুত কৰা গৱেষণাগাৰ আৰু কাৰখানা স্থাপন কৰি অবাবতে নষ্ট হৈ যােৱা এই উদ্ভিদবােৰক কামত খটুৱাই প্ৰচুৰ অর্থ উপার্জন কৰিব পাৰি।

চৰকাৰী তৎপৰতাৰ প্রয়ােজন

উদ্যোগ গঢ়ি উঠিবলৈ প্ৰচুৰ কেঁচামাল, কয়লা, বিজুলী শক্তি, ইন্ধন, শ্রমিক বনুৱা, মূলধন, নিপুণ কাৰিকৰ আদিৰ প্ৰয়ােজন। যন্ত্রপাতি আমদানিৰ কাৰণে উপযুক্ত পৰিবহণ ব্যৱস্থা, উৎপাদিত সামগ্রী বিতৰণৰ বাবে স্থলপথ, জলপথ, আকাশী পথৰ সুবিধা আৰু বজাৰৰ প্রয়ােজন। অসমত কেঁচাসামগ্রী, কয়লাৰ অভাৱ নাই। নদীসমূহৰপৰা প্ৰচুৰ জলবিদ্যুৎ উৎপাদন কৰাৰ প্ৰচুৰ থল আছে। শ্রমিক-বনুৱাৰ অভাৱ নহয়। কাৰিকৰ লাহে লাহে সৃষ্টি হৈছে। যাতায়াত আৰু পৰিবহণ ব্যবস্থা উন্নত কৰিবলৈ চৰকাৰী ব্যৱস্থাৰ প্রয়ােজন।বজাৰৰ কোনােদিনেই অভাৱ নাই।কিন্তু মূলধনৰ যথেষ্ট অভাৱ। অসমীয়া জাতি দুখীয়া। উদ্যোগ গঢ়িব পৰাৰ জোখাৰে ধন নাই। কিন্তু চৰকাৰে উপযুক্ত ব্যবস্থা গ্রহণ কৰিলে আৰু আগবাঢ়ি আহিলে উদ্যোগ গঢ়ি নুঠাকৈ নাথাকে। অসমৰ নবীন উদ্যোগী যুৱকসকল আজি আগবাঢ়ি আহিছে। কিন্তু তেওঁলােকৰ উদ্যমত ৰাজ্য চৰকাৰবা কেন্দ্রীয় চৰকাৰে সঁহাৰি জনােৱা নাই। যােৰহাটৰ আঞ্চলিক গৱেষণাগাৰে উদ্ভাৱন কৰা উৎপাদন পদ্ধতি কামত খটুৱাই মহাৰাষ্ট্ৰত ২৮টা, দিল্লীত ২২টা, গুজৰাটত ১৪টা, তামিলনাড়ুত ১৩টা, উত্তৰ প্ৰদেশত ১৭টা, কেৰালা আৰু বিহাৰ প্রত্যেকতে ৯ টাকৈ, পশ্চিমবংগত ৭ টা আৰু অন্ধ্রপ্রদেশত ১৭ টা উদ্যোগ প্রতিষ্ঠান গঢ়ি উঠিছে। অসমত য’ত পদ্ধতি উদ্ভাৱন হৈছে- তাত এটাও নাই। কিয়? আমি ওপৰত কৰা আলােচনাৰপৰা পাওঁ যে অসমত উদ্যোগ প্রতিষ্ঠাৰ সম্পূর্ণ সম্ভাৱনাই আছে। অথচ হােৱা নাই। তাৰ কাৰণ, অসম চৰকাৰ এই ক্ষেত্ৰত উদাসীন আৰু কেন্দ্রীয় চৰকাৰ অসমৰ ঔদ্যোগকৰণৰ ঘােৰ বিৰােধী।

সামৰণি

গতিকে অসমৰ ডেকা উদ্যোগীসকল আগবাঢ়ি আহক; পাছত ৰাইজ আছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজৰ সমন্বয় আৰু সামূহিক প্রচেষ্টাত উদ্যোগ গঢ়ি উঠিব পাৰে। লাগে মনোবল, উৎসাহ, উদ্দীপনা, প্রেৰণা। লাচিতে আমাক সেই প্রেৰণা, মনােবল দি গৈছে। প্রবল ইচ্ছাশক্তিৰ আগত কোনাে কাম পৰি থাকিব নােৱাৰে। গতিকে এনেভাৱে ওলাই আহক, দৰ্কাৰ হ’লে “আকৌ এবাৰ ৰঙা কৰি মৰাে, লুইতৰে বগা পানী।” লক্ষ্য সাধনত দৃঢ়তা থাকিলে ব্যর্থতা আহিবই নােৱাৰে। অসমীয়া শিক্ষিত ডেকাসকল ওলাই আহক জননীক পূজিবলৈ, সেয়েহে মাতৃ মন্দিৰৰ পূজাৰ বেদীত-

“বাজক ড, বাজক শংখ, বাজক মৃদং-খােল,

অসম আকৌ উন্নতি পথত, জয় আই অসম বােল।”

আমি আশা কৰিছো অসমৰ ঔদ্যোগীকৰণ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ অসমৰ ঔদ্যোগীকৰণ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top