Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Question Answer can be of great value to excel in the examination.

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ

Join Telegram channel

Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ Notes cover all the exercise questions in UGC Syllabus. The Skill Development For Tourism Management Unit 3 লিখিত যোগাযোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্ন ৩৩। বিক্ৰী বা বিক্ৰী প্ৰচাৰমূলক পত্ৰসমূহ বুলিলে কি বুজা ? 

উত্তৰঃ বেচা কিনাৰ চিঠি এখন প্ৰত্যক্ষ যোগযোগৰ অংশ। বস্ত্ৰ বিক্ৰী কৰা লোকৰ অনুপস্থিতিত এটি বিশেষ সামগ্রী বা সেৱা যিটো বিশ্বাস জন্মাবলৈ উদ্ভাৱন কৰা হয়। ইয়াৰ সংজ্ঞা এনেদৰে দিয়া হৈছে ই এক প্ৰকাৰৰ প্ৰত্যক্ষ যোগাযোগৰ অংশ য’ত বিজ্ঞাপন প্ৰচাৰকাৰীয়ে সম্ভাব্য গ্রাহকলৈ চিঠি পঠিয়ায়।

কোম্পানীয়ে এৰি থৈ যোৱা প্রত্যেক পত্রই বিক্ৰী পত্র। এই ক্ষেত্ৰত কোম্পানীৰ বিশেষ সদিচ্ছাতহে সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে।

এটা পিনৰ পৰা টেক্টৰলৈ বৰ্তমানে বেছিভাগ ব্যৱসায়িক আদান-প্রদান যোগাযোগৰ দ্বাৰা কৰা হয়। বহুতো কোম্পানীয়ে যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰে। এইদৰে তেওঁলোকৰ বিক্ৰী প্রতিষ্ঠানকো উৎসাহিত কৰা হয় এটা মানবিশিষ্ট বিজ্ঞাপনৰ নিচিনাকৈ, এখন মানবিশিষ্ট বিক্রী পত্রই পাঠকৰ মনোযোগ আৰু আগ্ৰহ উদ্দীপনাৰে, প্ৰাণবন্ততাৰে, নতুনত্বৰে বাধ্য কৰাই আৰু বিশেষ বিক্ৰীৰ পৰিস্থিতিত নিয়াৰিকৈ বুজাবুজি ৰখা হয়।

যিহেতু এখন বিক্ৰী পত্ৰই পাঠকৰ বাধাক পৰাজয় কৰে, ই গ্ৰাহকৰ প্ৰয়োজনসমূহ সমস্যাসমূহ আৰু আগ্ৰহত গুৰুত্ব দিব লাগে। 

পাঠকৰ বাধাক পৰাজয় কৰিবলৈ, বিক্ৰী পত্ৰত থাকিব লাগে—

(ক) মনোযোগ আকর্ষণ।

(খ) আগ্ৰহৰ উৎস।

(গ) কামনা গভীৰতা কৰা।

(ঘ) ক্ৰিয়া আহৰণ কৰা।

প্ৰশ্ন ৩৪। বিক্ৰী পত্ৰৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ এখন প্রতিযোগিতামূলক সমাজত বিজ্ঞাপনৰ প্ৰচাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো ব্যৱসায়ে বিজ্ঞাপন প্ৰচাৰ নোহোৱাকৈ সফলতাৰে আগবাঢ়িব নোৱাৰে। বাণিজ আৰু উদ্যোগত প্ৰতিযোগিতা বৃদ্ধি হোৱাৰ বাবে বজাৰত বিশেষ প্ৰকাৰৰ বৃহৎ সামগ্ৰীৰ জয় বিভিন্ন প্ৰকাৰ সহজলভ্য হোৱাৰ বাবে সামগ্ৰীসমূহ বেচিবলৈ কোনো ব্যৱসায়ীৰ বাবে সহজ হৈনুঠে। কিন্তু পুঁজি নিক্ষেপণৰ বাবে উপভোক্তা সকলে কোঁচ খাইছে অবিৰতভাৱে। সেইকাৰে প্রত্যেক ব্যৱসায়িক কাম কাজত বিক্ৰী কার্য দক্ষতা থকা কলাৰ প্ৰয়োজন হয়। বিক্রী কা দক্ষতাই বিভিন্ন প্ৰকাৰসমূহ অনুমান কৰি লয়। বিক্ৰী কাৰ্য দক্ষতাৰ নৈব্যক্তিক ধৰণ হৈে বিজ্ঞাপন প্ৰচাৰৰ ব্যৱসায় আৰু এখন বিক্রী পত্ৰ হৈছে বিজ্ঞাপনৰ অংশহে মাথোন।

বিক্ৰীপত্ৰৰ উদ্দেশ্যসমূহ : বিক্ৰী কাৰ্য দক্ষতা হিচাপে এখন বিক্রী পত্রই গ্রাহকক এটি বিশেষ সামগ্ৰী বা সেৱা কিনিবলৈ ‘শিক্ষা দান কৰে, পতিয়ন নিয়া আৰু সৈমান কৰায় । বিক্ৰী প উদ্দেশ্যসমূহ তলত দিয়া ধৰণৰ —

(ক) বিক্রী সামগ্রী, এটি সেৱা বা আঁচনিৰ উন্নীত কৰাৰ বাবে তাৎক্ষনিক উদ্দেশ্য আছে।

(খ) ই বজাৰত নতুন সামগ্ৰীসমূহ ততালিকে, নিম্ন দামত আৰু বহল স্থানত অধিক কাৰ্যকৰীভাৱে পৰিচয় কৰাই দিয়ে ।

(গ) ই বিক্ৰী কৰা লোকক সাফল্যৰ সম্ভাৱনা সমূহৰ সৈতে পৰিচয় কৰায়। আন তেওঁলোকক পূৰ্বে মতা হৈছিল কিয়নো বিক্ৰী কৰা লোকতকৈ ই আগতীয়াকৈ উপনীত হয় পাৰে আৰু এনেদৰে তেওঁলোকক জনাই থকা হয়।

(ঘ) ই কোনো খৰছ নোহোৱাকৈ বর্তামানে থকা সামগ্ৰীসমূহৰ বাবে বজাৰ বহলাই দিয়ে। 

(ঙ) বিক্ৰী পত্ৰৰ পুনৰাবৃত্তিয়ে স্মাৰকৰ প্ৰভাৱ পেলায়। ই গ্ৰাহকক এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী বা সেৱা মনত ৰাখিবলৈ সহায় কৰে যেতিয়াই তেওঁৰ সেই প্ৰয়োজন সম্পূৰ্ণ হৈ উঠে।

(চ) ই গ্ৰাহকক শুদ্ধ প্ৰকাৰৰ সামগ্ৰীসমূহ নিৰ্বাচন কৰিবলৈ শিক্ষাদান কৰে আৰু লগতে সামগ্ৰীসমূহ আৰু সেৱাসমূহে অধিক উপযোগীৰে বুজাবুজি কৰায়। 

(ছ) গ্ৰাহকসকলৰ মাজত সদিচ্ছা ৰক্ষা আৰু সৃষ্টি কৰি মান বিশিষ্ট সামগ্ৰীসমূহ আৰু সেৱাসমূহ নৈৱেদ্য কৰে।

(জ) আদেশ যোগাযোগৰ বাণিজ্যগ্ৰহৰ আদেশসমূহ লাভ কৰাই হৈছে প্ৰধান উৎস। 

(ঝ) যেতিয়াই গ্ৰাহকৰ তালৈ বিক্ৰী কৰা লোক ভ্ৰমণ কৰিব নোৱাৰে ই বিক্ৰী কৰা লোক হিচাপে কাৰ্য কৰে (বিশ্বাস বাধ্য কৰাই, শিক্ষা আৰু সুদৃঢ় বিশ্বাস থাকে)।

(ঞ) ই গ্রাহকসকলক কোম্পানীৰ সামগ্ৰী – সেৱাসমূহৰ লগত সদায়ে সংস্পৰ্শ ৰাখে।

প্ৰশ্ন ৩৫। এখন নিপুণ বিক্ৰী পত্ৰৰ উপাদনসমূহ কি কি ?

উত্তৰঃ বেছা কিনাৰ চিঠি এখন প্ৰত্যক্ষ যোগাযোগৰ অংশ। বস্তু বিক্ৰী কৰা লোকৰ অনুপস্থিতিত এটা বিশেষ সামগ্রী বা সেৱা যিটো বিশ্বাস জন্মাবলৈ উদ্ভাৱন কৰা হয়। এখন নিপুণ বিক্রী পত্ৰত চাৰিটা পৰস্পৰ সংপৃক্ত অংশ সীমাৰ ভিতৰত ৰখা হয়।

(ক) পাঠকৰ মনোযোগ গ্ৰহণ কৰা।

(খ) সামগ্রী বাবে আগ্রহ সৃষ্টি কৰা আৰু বাঞ্চা গঢ়ি তোলা।

(গ) বিশ্বাস জন্মাবলৈ প্ৰমাণ আগবঢ়োৱা।

(খ) পাঠকক ক্ৰিয়া কৰিবলৈ পতিয়ন নিয়া।

যিহেতু বিশেষ কাম কৰিবলৈ কিছুমান নিয়ম আছে। বিক্ৰী পত্ৰৰ সূত্ৰ ‘A-I-D-C-A’ বুলি জনা যায়। ‘A-D-DC-A’ সূত্ৰটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। এখন প্রকৃত বিক্ৰী পত্র লিখিবলৈ আমিও জনাটো প্রয়োজন আছে। ইয়াক বিক্ৰীৰ ব্যৱহাৰযোগ্য কৰাৰ কৌশল বুলিও জনা যায়। A-I-D-C-A’ ৰ সংক্ষিপ্ত ৰাপৰ সম্পূৰ্ণ ৰূপটো হৈছে —

A হৈছে মনোযোগৰ বাবে। 

। হৈছে আগ্রহৰ বাবে।

D হৈছে আগ্ৰহৰ বাবে।

C হৈছে ক্ৰিয়া কৰিবলৈ আমন্ত্ৰণ কৰাৰ বাবে।

A হৈছে ক্ৰিয়া কৰিবলৈ।

প্ৰতিটো প্ৰাৰম্ভিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এখন শুভ প্ৰতিলিপিত হ’ব লাগে।

(ক) প্রথমে মনোযোগ আছে। ব্যৱহাৰ কৰোতাই দ্রুত আৰু সহজ পন্থা অৱলম্বন কৰিব বিচাৰে। আমি সাফল্যৰ সম্ভাৱনা থাপ মাৰি ধৰিবলৈ চেষ্টা কৰিব লাগে আৰু ই তেওঁলোকৰ থিক পঠনত আকৰ্ষণ কৰিবলৈ যথেষ্ট প্ৰভাৱী হ’ব লাগে। আমাৰ প্ৰতিলিপিত শিৰোনাম হৈছে প্ৰথম বস্তু যিটো লক্ষ্য কৰিব লাগে। আমাৰ শিৰোনামাই প্ৰকৃত পার্থক্য উলিয়াব পাৰে। সেয়ে ইয়াক সুদৃঢ় কৰিব লাগে।

(খ) আন এটি গুৰুত্বপূৰ্ণ কাৰক হৈছে আগ্রহ। এবাৰ পাঠকৰ মনোযোগ আহৰণ কৰাৰ পিছত, আমি আগ্ৰহ ধৰি ৰাখিবও জানিব লাগে। কিছুমান প্রাসংগিক সত্য প্ৰদান কৰা, আমি কেনেদৰে তেওঁলোকক সহায় কৰিব পাৰো তাক জানিবলৈ দিয়া; তেওঁলোকৰ সমস্যাৰ সমাধান আগবঢ়োৱা।

(গ) এটা গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় হৈছে বাঞ্চা। আমি সা-সুবিধাৰ বিষয়ে উল্লেখ কৰিব লাগে আৰু প্ৰকৃত উদাহৰণ দিব লাগে। আমি যিহেতু শুনিবলৈ পাইছো খুব সম্ভৱৰে, বিক্ৰীয়ে লাভ আনে। আমি কেনেকৈ সমাধানৰ পৰামৰ্শ দি জীৱনটো সহজ কৰি তুলিব পাৰো সেই বিষয়ে তেওঁলোকক সচেতন কৰি তুলিব লাগে।

(ঘ) ইয়াৰ চূড়ান্ত ক্ৰিয়া হৈছে এই প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। বর্তমানে আমি এনে কাৰ্য কৰা উচিত যিটোৱে আক্ষৰিকভাৱে হয় সূচায়। মোক এই সামগ্রী লাগে বা মোক এই বিষয়ে শেহতীয়া তথ্য লাগে। ইয়াৰ কাষেৰে খোজ কাঢ়ি পাৰ হৈ যোৱা লোকে যেতিয়া পঠন কৰে সেয়ে হ’ব পাৰে গৈ আচল ক্রেতা। আনকি আমিও ক’ব পাৰো। যদিওবা আমি সামগ্রী বেছোতে বা তালিকা বনাওঁতে, যদি আমাৰ সা-সুবিধাসমূহ ক্ৰিয়া কৰিবলৈ বাঞ্চা কৰে। ইয়াক ক্ৰিয়া কৰিবলৈ মতা হয়। (আমাৰ ফালৰ পৰা কিছুমান প্রাসঙ্গিক উপাদানসমূহ হ’ল—

শিৰোনামা: বিক্ৰী পত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ্যাংশ হৈছে শিৰোনামা আৰু পাঠকে বুজি পোৱাকৈ প্ৰথম স্বতন্ত্ৰ বস্তুৰ মাজত আৰ্হি প্ৰস্তুত কৰা হয়।

মূল কথা: সাধাৰণতে এই শাখাটো বেছ দীঘলীয়া। ইয়াত সাধাৰণ নিয়মেৰে পত্ৰসমূহ হয় পৃষ্টাৰ। সাধাৰণতে এই শাখাটোত প্ৰশংসপত্রসমূহ থাকিব। ব্যৱসায়িক প্ৰতিষ্ঠানৰ গ্ৰাহকসকলৰ

লগতে চিত্ৰসমূহ আৰু সামগ্ৰীৰ বিষয়ে তথ্যও থাকিব। ইন্টাৰনেটত প্ৰোহিত কৰা ভিডিঅ’বা অডিঅ’ৰ মূল কথাৰ অন্তৰ্ভুক্ত হ’ব পাৰে।

ক্ৰিয়া কৰিবলৈ মতা: সকলো বিক্ৰী পত্ৰসমূহত ক্ৰিয়া কৰিবলৈ মতাটো অন্তর্ভুক্ত থাকে যিয়ে গ্রাহক পাবলৈ উদ্দেশ্য কৰা হয়। সাধাৰণতে সামগ্ৰী বা সেৱা কিনিবলৈ কোনো অধিক হস্তক্ষেপ নোহোৱাকৈ কথা দিয়া হয়।

ৰূপাংকন: এখন বিক্ৰী পত্ৰৰ ৰূপাংকন হৈছে চাপ দিয়াৰ গুৰুত্বপূৰ্ণ অংশ। ৰূপ, বস্তু সুষমভাৱে সজোৱা, ৰেখাৰ ফাক ৰখা, পৃষ্ঠাত দফাৰ পাঠ সজোৱা চিত্ৰসমূহ ইত্যাদিত সকলো পত্ৰৰে ফলপ্ৰসূৰ প্ৰভাৱ আছে।

প্ৰশ্ন ৩৬। বিক্ৰীপত্ৰৰ গুৰুত্ব বা উদ্দেশ্যবোৰ লিখা।

উত্তৰঃ যদিও বিক্ৰী পত্ৰ সমূহৰ প্ৰাথমিক লক্ষ্য হৈছে প্ৰচাৰ কৰা তথাপিও ই হৈছে ব্যৱসায়ীক যোগাযোগৰ লিখিত প্ৰকাৰ আৰু ই আটাইতকৈ গুৰুত্বপূৰ্ণ। বিক্ৰী পত্ৰসমূহ হৈছে পৰোক্ষভাৱে সম্ভাব্য ক্ৰেতালৈ অনুৰোধ কৰাৰ বাবে সৰ্ব্বোত্তম উপায়। এই পত্ৰসমূহ হৈছে ব্যৱসায় সুৰক্ষিত কৰিবলৈ সহজ আৰু সাৰ্থক উপায়। আন কোনো ধৰণৰ পত্ৰই বহুতো লোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে বা এই পত্ৰই টকাৰ বিনিময় কৰে। সামগ্ৰী সেৱাৰ বাবে এই পত্ৰসমূহ হৈছে প্ৰচাৰ বা বিজ্ঞাপন অভিযানৰ এটা অংশ। টিভি, চিনেমা, বাতৰি পত্ৰিকা, হেন্দবিল, প্রত্যক্ষ বিপনন সংক্রান্ত প্ৰচাৰ উইণ্ড প্ৰদৰ্শনৰ লগত তুলনা কৰা প্ৰচাৰ আৰু বিজ্ঞাপন সমূহ হৈছে অন্য প্ৰকাৰৰ। বিক্ৰী পত্ৰসমূহৰ সুবিধা সমূহ তলত দাঙি ধৰা হৈছে——

(ক) ব্যক্তিগত স্পর্শ: বিক্ৰী পত্ৰই বিজ্ঞাপনত ব্যক্তিগত স্পৰ্শৰ যোগ দিব পাৰে যিটো অন্য ধৰণৰ প্ৰচাৰ আৰু বিজ্ঞাপনত সম্ভৱ নহয়। ইয়াত কোম্পানীৰ সৈতে গ্রাহকসলে সদায় স্পৰ্শত ৰাখে আৰু ইয়াৰ সামগ্ৰীসমূহ আৰু সেৱা সমূহৰ লগতও স্পৰ্শত ৰাখে।

(খ) প্রত্যক্ষ যোগাযোগ: সম্ভাব্য গ্রাহকসকলক প্ৰত্যক্ষ ভাৱে পঠোৱা হয়।

(গ) প্রতিযোগিতা নাথাকে: অন্যান্য বিজ্ঞাপনসমূহৰ সৈতে বিক্ৰী পত্ৰসমূহৰ বাৰ্তাত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নহয়। টিভি আৰু বাতৰি কাকত বিজ্ঞাপনসমূহৰ বিপৰীতে য’ত (ads) ৰ বিভিন্ন প্রতিযোগী দেখুওৱা হয় তাত প্ৰতিদ্বিন্দ্বিতা হয়।

(ঘ) সদিচ্ছা: ই গুণন সামগ্ৰীসমূহ আৰু সেৱাসমূহ দি গ্ৰাহকৰ মাজত সদিচ্ছা ৰক্ষা আৰু সৃষ্টি কৰে।

(ঙ) সা-সুবিধা: টিভি আৰু চিনেমাৰ বিজ্ঞাপনসমূহৰ বিপৰীতকে বিক্রী আছুতীয়াকৈ ৰখা হয় আৰু পিছত অৱসৰত পঢ়া হয়।

(চ) সস্তা: অন্য ধৰণৰ বিজ্ঞাপনৰ লগত তুলনা কৰিবলৈ ই হৈছে কম দামী।

(ছ) প্ৰভাৱৰ সহজে মূলা নিৰ্ণয়: বয়স, আয়, বৃত্তি ইত্যাদিত ভিত্তি কৰি জনসংখ্যা বিষয়ে দলসমূহক বিভাজন কৰা হয় যদিও নির্দিষ্ট সংখ্যাৰ লোকসকললৈ পঠোৱা হয়। তাঁহাতৰ প্রভাৱ সঠিকভাবে জুখিব পাৰি ।

(জ) দ্রুতঃ বিক্ৰী প্ৰতিনিধিৰ বিপৰীতে, বিক্ৰী পত্ৰসমূহ লক্ষ্য কৰা ব্যক্তিলৈ দ্রুত, প্ৰত্যক্ষ অভিগম্যতা লাভ কৰে।

(ঝ) ব্যাপক অঞ্চল: বিক্ৰী পত্রসমূহ ডাকযোগে পঠোৱা দুৰৱৰ্তী অঞ্চললৈ ঢুকি পাই যিটো বিজ্ঞাপন প্ৰচাৰৰ ব্যবসায় আৰু উন্নয়নৰ আধুনিক উপায়ৰ ক্ষেত্ৰতো সম্ভৱ হৈ নুঠে। বেছি খৰচ নোহোৱাকৈ বৰ্তি থকা সামগ্ৰীৰ বাবে বজাৰ বহল কৰি তোলে।

(ঞ) যোগাযোগ আদেশ ব্যবসায়: যোগাযোগ আদেশ ব্যৱসায়ৰ বাবে ই হৈছে আদেশসমূহ লাভ কৰাৰ মুখ্য উৎস। 

(ট) গ্ৰাহকৰ শিক্ষা: শুদ্ধ প্ৰকাৰৰ সামগ্ৰীসমূহ আৰু সেৱাসমূহ নিৰ্বাচন কৰিবলৈ গ্ৰাহকক শিক্ষাদান কৰি তোলে।

(ঠ) স্মাৰক: বিক্ৰী পত্ৰৰ পুনৰাবৃত্তিয়ে স্মাৰকৰ প্ৰভাৱ পেলাই ই গ্ৰাহকক সহায় কৰে সামগ্রী বা ব্যবসায়িক প্ৰতিষ্ঠানৰ সেৱা মনত পেলাবলৈ যেতিয়াই তাৰ প্ৰয়োজন হয়।

(ড) বিক্রীয়ক হিচাপে ক্রিয়াকলাপ: যেতিয়াই বিক্রিয়কে গ্রাহক সকলৰ ওচৰলৈ পৰিভ্ৰম কৰিব নোৱাৰো এখন বিক্ৰী পত্ৰই শিক্ষা দান কৰে, প্ৰত্যয় জন্মাই আৰু গ্ৰাহকক সৈমান কৰাই বিশেষ সামগ্রী বা সেবা ক্রয় কৰিবলৈ।

প্ৰশ্ন ৩৭। এখন নতুন গ্রন্থ প্রকাশৰ ঘোষণা কৰি এখন বিক্ৰী পত্র লিখা।

উত্তৰঃ দত্ত প্রকাশন

নিউ মার্কেট, ভিরগাড়

৭৮৬০০১ অসম

ফেব্ৰুৱাৰী, ২০১৭

বিঃদ্ৰঃ উচ্চতৰ মাধ্যমিক ছাত্র-ছাত্রী বাবে সম্পূর্ণ কিতাপ (গাইড) 

সংকলন কৰিছে— এ. কে গগৈ আৰু বি. জে. সন্দিকৈ (দাম ৩০০ টকা) 

শ্রদ্ধেয় মহাশয়,

যিহেতু দীর্ঘ দিনৰ পৰা আপোনালোকৰ প্ৰত্যাশী বাবে, আমাৰ নিজৰ প্ৰকাশনৰ সৈতে আমি পৰিচিত কৰাব বিছাৰো। কিতাপ (গাইড) খন পদ্ধতি অনুসাৰে সহজভাৱে সংকলন কৰিছে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই হৈছে প্ৰস্তুত হোৱা ব্যৱহৃত কিতাপ (গাইড্)।

দৃশ পৃষ্ঠাৰ কুশলী আকাৰ সম্বন্ধে এই কিতাপখন (গাইড) সুন্দৰকৈ মুদ্রিত হয় আৰু সকলোৱে ঢুকি পোৱাৰ ভিতৰত দাম কমকৈ ৰখা হৈছে।

আমি কিতাপৰ প্লাষ্টিকৰ আৱৰণৰ সৈতে পঠিয়াই দিছো। পঠিয়াই দিয়া আৱৰণখন আপোনালোকে যেতিয়া পঢ়িব আমি আশা কৰো যে আপোনালোকে দ্বিতীয় সংকলনৰ বাবে আদেশ দিব বুলি।

আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকলৈ গভীৰ শ্ৰদ্ধাৰে অনুৰোধ আপোনালোকৰ দিহা পৰামৰ্শৰ লগতে পঢ়ি ভাল পালে আকৌ অনুৰোধ কৰিব বুলি অপেক্ষা কৰিলো যিটো আমাৰ আটাইতকৈ সাবধানেৰে আৰু তৎপৰ মনোযোগেৰে গ্ৰহণ কৰা হ’ব।

আপোনাৰ বিশ্বাসী

প্ৰশ্ন ৩৮। উৎপাদনকৰ্তাৰ পৰা পাইকাৰীলৈ বিক্ৰী পত্ৰৰ প্ৰস্তুত।

উত্তৰঃ ভাৰতীয় ডানলপ নিগম

আচফ আলি ৰড

নতুন দিল্লী

২০ জানুৱাৰী ২০১৭

শ্রদ্ধেয় মহাশয়,

বিখ্যাত ডানলপ চকা বজাৰত থোৱাৰ আগতে আমি ইতিমধ্যে জানো যে বিশ্বৰ সকলোৱে ব্যৱহাৰ কৰোঁতাৰ পৰা প্ৰতিবেদন নিশ্চিত কৰিছে। অৰ্থাৎ প্ৰতি গাড়ীৰ মালিকে সপোন উপলব্ধি কৰে।

সাধাৰণ চকাৰ ত্রুটিসমূহৰ তালিকাখন সুখ্যাত হ’ব পাৰে। সাধাৰণ মটৰ গাড়ী চলাওঁতাৰ প্রধান ভোৰ ভোৰনিসমূহ নামাকৰণ কৰিব পাৰি জোঙা বস্তুৰে সৰু বিন্ধা কৰা, হঠাৎ চাপৰ ফলৰ দেৱালৰ ব্যৰ্থতা, তিতা পথৰ ঘোপনিৰ অভাৱ বা বাহিৰৰ ভাগ তেলেতীয়া পদার্থ। কিমান যে আনন্দ হ’ব পাৰি যদিহে গ্ৰাহকে আমাক সমলোচনাতকৈয়ো পৰামৰ্শ প্ৰদান কৰিব পাৰে।

আমি আপোনালোকক নতুন ডানলপ চকাৰ বিষয়ে বহু তথ্য যোগান ধৰিব পাৰো। কিন্তু আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কৰা চালকসকল, পৰীক্ষা লোৱা চালক সকল, সাধাৰণ মটৰ গাড়ী চলাওঁতাসকল, মটৰ ব্যৱসায়ী আৰু মটৰ উৎপাদনকৰ্তাৰ পৰা প্ৰতিবেদনসমূহৰ পৰিবেষ্টন কৰা প্ৰতিলিপি পঢ়াটো পছন্দ কৰো।

আমাৰ ব্যৱসায়ৰ নিয়মসমূহৰ প্ৰতি আপোনালোক আগৰ পৰা জ্ঞাত। নতুন ডানলপ আপোনালোকৰ বাবে মজুত ৰাখিবলৈ পায় আমি খুবেই উৎসাহী। এই মাহৰ শেষৰফালে কোনো আদেশ গ্ৰহণ কৰিলে (৫%) ৰ বিশেষ ৰেহাই দিয়া হ’ব। ভাল মজুত দ্রব্যই বিজ্ঞাপন অভিযানৰ সম্পূৰ্ণ সুবিধা দিয়াত আপোনালোকক সমৰ্থ কৰাই, যিয়ে এপ্ৰিলত আপোনালোকৰ ৰাজ্যত চলোৱাৰ ইচ্ছুক কৰি তুলিব।

ধন্যবাদ

আপোনালোকৰ বিশ্বাসী

প্ৰশ্ন ৩৯। ঋণ পত্ৰ কি ? ইয়াৰ প্ৰকাৰসমূহ কি কি আৰু ই কেনেদৰে কাম কৰে ? 

উত্তৰঃ ঋণ পত্ৰ হৈছে বিত্তীয় আহিলা। কিছুমান পৰিস্থিতিত ই উপকাৰী। ঋণ পত্ৰ বা বাকী পত্ৰ হৈছে নথি, যাক তৃতীয় দলে বিলাই। যেতিয়া বিক্রেতাই গ্রহণযোগ্য দলিল ৰচনা যোগান ধৰে সামগ্ৰীসমূহ বা সেৱাসমূহৰ বাবে সেইটোৱে পৰিশোধন নিশ্চিত কৰে। সাধাৰণতে ঋণ পত্ৰ বেংক বা অন্যান্য বত্তীয়া অনুষ্ঠানে জাৰি কৰে। কিছুমান ঋন যোগ্য বৰ্ত্তীয় সেৱাসমূহ কোম্পানীসমূহে, যেনে বীমা ব্যৱসায় কোম্পানীসমূহ বা যৌথ পুঁজিয়ে কিবা এটা অৱস্থাৰ ক্ষেত্ৰত ঋণ পত্ৰও জাৰি কৰিব পাৰে।

সাধাৰণতে ঋণ পত্ৰত তিনিজন অংশগ্রহণ কৰোঁতা থাকে। প্রথম, হিতাধিকাৰী থাকে ব্যক্তি বা কোম্পানী যাক পৰিশোধ কৰিব লাগিব। তাৰ পাছত সামগ্ৰীসমূহৰ বা সেৱাসমূহৰ ক্ৰেতা বা আবেদক থাকে। ই হৈছে এনে এক ব্যৱস্থা এটা যাক ঋণ পত্ৰ প্ৰয়োজন হৈ উঠে। অৱশেষত প্ৰকাশ কৰাৰ বেংক আছে। অনুষ্ঠানে ঋণ পত্র প্রকাশ কৰে। ইয়াৰ উপৰিও হিতাধিকাৰীয়ে উপদেশ দিয়া বেংকলৈ পৰিশোধনৰ অনুমতি দিব পাৰে। এইটো বেংকৰ হিতাধিকাৰী হৈছে গ্রাহক। তাতকৈ হিতাধিকাৰীলৈ প্ৰত্যক্ষভাৱে হ’ব পাৰে। উদাহৰণস্বৰূপে উপদেশ দিয়া বেংকে যদি ব্যবসায়িক আদান-প্ৰদানৰ বাবে বিত্তৰ যোগান ধৰে যেতিয়ালৈকে হিতাধিকাৰীয়ে পৰিশোধনৰ অংশ পায়। 

 ঋণ পত্র প্রায়ে আন্তর্জাতিক ব্যৱসায়ত ব্যৱহাৰ কৰা হয়। এইবোৰ হৈছে আন্তর্জাতিক বাণিজ্যিক কক্ষৰ নিয়ম।

বেছিভাগ ঋণ পত্ৰসমূহ হৈছে আমদানি-রপ্তানি ঋণ পত্ৰসমূহ যিটো নামেৰে সূচাই। ঋণ পত্রসমূহ  আন্তর্জাতিক ব্যৱসায়ত ব্যৱহাৰ কৰা হয়।

ঋণ পত্রসমূহ অন্যান্য প্ৰকাৰও আছে। হিতাধিকাৰিলৈ জাননি নিদিয়াকৈ ক্রয়তা বা প্ৰকাশ কৰা বেংকে বিকল্পসূচকভাৱে কোনো সময়তে প্রত্যাহাৰযোগ্য ঋণ পত্ৰসমূহ সলনি কৰিব পাৰি। ইয়াৰ বিপৰীতে ক্ৰেতাৰ আবেদন আৰু হিতাধিকাৰিৰ অনুমোদনৰ পাছত অপৰিৱৰ্তনীয় ঋণ পত্ৰই অকল সলনিৰ অনুমতি দিয়ে বা প্ৰকাশ কৰা বেংকৰ ঋণ পত্ৰ বাতিল কৰে। নিশ্চিত ঋণ পত্ৰ হৈছে য’ত দ্বিতীয় বোকে ঋণ পত্ৰ পৰিশোধ কৰিবলৈ সন্মতি দিয়ে প্রকাশ কৰা বেংকৰ অনুৰোধত।

প্রকাশ কৰা বেংকে কেবল অনিশ্চিত ঋণ পত্ৰৰ নিশ্চয়তা দিয়ে। নিশ্চিতকৰণৰ ক্ষেত্ৰত এই হৈছে উমৈহতীয়া ধৰণৰ।

ঋণপত্র হস্তান্তৰযোগ্য ঋণ পত্ৰও হ’ব পাৰে। এইবোৰ সাধাৰণভাৱে ব্যৱহাৰ হয়। যেতিয়া হিতাধিকাৰি সহজে মধ্যস্থতাকাৰী ব্যক্তি হয় সমগ্ৰীসমূহ আৰু সেৱাসমূহৰ আচল যোগান ধৰিব বাবে বা যোগানধাৰি দলৰ এটা হয়।

অহস্তান্তৰযোগ্য ঋণ পত্রই তৃতীয় পক্ষসকলৰ পৰিশোধনৰ স্থানাগুৰণৰ অনুমতি নিদিয়ে। নিয়মীয়া ঋণ পত্ৰত বিক্রেতাই অনুৰোধ কৰিব পাৰে বা জাহাজ নথিসমূহ ৰচিদ তৎক্ষণাতে

পৰিশোধনৰ বাবে শুধিব পাৰে। এই ধৰণৰ ঋণ পত্ৰত যেতিয়া স্থগিত পৰিশোধনৰ নিচিনা শব্দসমূহ উঠে, নথি সমূহ যেতিয়া দাখিল কৰে পৰিশোধন বিক্ৰেতালৈ দিয়া নহয়। ইয়াক পৰিশোধন পাছত কৰা হয়।

ৰঙা দফাৰ সৈতে ঋণ পত্ৰত ক্ৰেতাই বিক্ৰেতালৈ অসুৰক্ষিত ঋণ বৃদ্ধি কৰিব পাৰে। এই ধৰণৰ ঋণ পত্ৰত পৰম্পৰাগতভাৱে লিখিত সুবিধা আছে বা ৰঙা চিয়াহীৰে মুদ্ৰা লিখন কৰা হয়।

ঋণ আদায় হিচাপে ক্রেতাই ঋণ পত্ৰৰ সৈতে পিঠি ঋণ পত্ৰই সুৰক্ষিত সামগ্ৰীসমূহক অনুমতি দিয়ে।

প্ৰশ্ন ৪০। ঋণ পত্ৰৰ সৈতে কোন প্ৰকাৰৰ নথিসমূহৰ প্ৰয়োজনীয়।

উত্তৰঃ ঋণসমূহ হৈছে নথিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি ক’ব পাৰি আৰু বেংকে নথিসমূহ সৈতে ব্যৱসায় কৰে কিন্তু সামগ্ৰীসমূহৰ সৈতে নহয়। ঋণ পত্ৰত ব্যৱসায়িক আদান-প্রদান বাবে, কিছুমান নথিসমূহ ব্যৱহৃত হৈছে যেনে—

পৰিবহন সম্পৰ্কীয় নথিসমূহ:

(ক) বহু সহায়ক বা সন্মিলিত পৰিবহণ নথি।

(খ) কঢ়িওৱা পৰিবহন বিল। 

(গ) বিমান পৰিবহনৰ নথি।

(ঘ)চনদ দলৰ কঢ়িওৱা বিল।

(ঙ) পথ পৰিবহন নথি। 

(চ) ৰেল পৰিবহন নথি।

(ছ)এৰা ধৰা কৰিব পৰা কঢ়িওৱা বিল।

(জ) এৰা ধৰা কৰিব নোৱাৰা সাগৰৰ বিল।

বীমা ব্যৱসায় সম্পৰ্কীয় নথিসমূহ:

(ক) বীমা পলিচি।

(খ) বীমা প্ৰমাণ পত্ৰ।

বিত্তীয় আৰু বাণিজ্যিক সম্পৰ্কীয় নথি:

(ক) আদেয়ক বিনিময়।

(খ)নীতিগত চালন।

(গ) আন্তর্জাতিক বিক্ৰীৰ লিখিত চুক্তি।

(ঘ) পৰিদৰ্শনৰ প্ৰমাণ পত্ৰ।

(ঙ) ওজনৰ তালিকা।

(চ) বাণিজ্যিক চালান।

(ছ) টোপোলা বন্ধাৰ তালিকা।

(জ) বিশ্লেষণ প্রমাণ পত্ৰ।

(ঝ) পণ্য পৰিবহণৰ পৰমাৰ্শ।

(ঞ) স্বাস্থ্যৰ প্ৰমাণ পত্ৰ।

(ট) মূলৰ প্ৰমাণ পত্ৰ।

(ঠ) বৈধতা প্ৰদান কৰা চালান।

(ড) বাণিজ্যিদূতকাৰী চালান ।

প্ৰশ্ন ৪১। ঋণ পত্ৰ কেনেকৈ লিখা হয় ?

উত্তৰঃ যিয়েই অৱস্থা নহওঁক কিয়, ঋণ পত্র লিখোতে নম্র কণ্ঠস্বৰৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ । কাৰণ বৰ্ণনা কৰা সময়ত এটা নিৰ্দিষ্ট ক্ৰিয়া লোৱাৰ বাবে বৃত্তিমূলক কণ্ঠস্বৰ ব্যৱহাৰৰ বাবে ই হৈছে গুৰুত্বপূৰ্ণ।

ঋণ পত্ৰ লিখিবলৈ কিছুমান পৰামৰ্শ বা নিয়ম সমূহ তলত দাঙি ধৰা হ’ল—

(ক) যিহেতু আমাৰ অনুৰোধ জ্ঞাপন কৰিব লাগে, স্পষ্ট কন্ঠস্বৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।

(খ) শ্রোতা মণ্ডলীক নিৰ্ভৰ কৰি, আমাৰ পত্ৰ প্ৰথাগত কৰিব পাৰো।

(গ) পত্ৰ লিখিবলৈ সৰল হোৱাটো গুৰুত্বপূৰ্ণ।

(ঘ) আমি আত্মবিশ্বাসী আৰু বিশ্বাস জন্মাব পৰাটো প্ৰয়োজন।

(ঙ) দৃঢ়তাপূৰ্ণ হোৱাটো আৱশ্যকীয় কিন্তু এনে ভাব দেখুওৱা নালাগে।

(চ) আমি গোপনীয়তা ৰক্ষা কৰিব পাৰো যদি প্ৰয়োজন হয়।

প্ৰশ্ন ৪২। ঋণপত্ৰৰ নমুনা।

উত্তৰঃ প্ৰতি জৌ ব্রাউন

ৰাইজিং ছান্ আমদানি-ৰপ্তানি কোম্পানী

নিউ ইয়র্ক, এন ৱাই

মৰমৰ টানজিলৌ ৰপ্তানি,

টানজিলৌ ৰপ্তানি আপোনালোকক আমি কৰ্তৃত্ব দান কৰিছো। $500000 ৰ বাবে ৰাইজিং ছান আমদানি-ৰপ্তানিৰ কোম্পানীৰ উপলক্ষে বেংকৰ পৰা ধন উলিয়াৰ দিয়া হৈছে। এই ক্ষেত্ৰত ব্যৱসায়িক আদান-প্ৰদানৰ পৰিশোধনৰ #4564545 লগাতকৈ কম পুঞ্জী আছে। এই পত্র হৈছে বৈধ যেতিয়ালৈ সংগ্ৰহ বা যেতিয়ালৈ ব্যৱসায়িক আদান প্ৰদানৰ বন্ধ সফলতা #4564545। আমি সন্মতি হৈছো যে এই ঋণ পত্র উপস্থাপন কৰোতে প্রযোজ্য সময় আৰু অৱস্থানত সন্মান পাব পাৰে। এই ঋণ পত্ৰৰ কোনো কাৰ্যকাল, তাৰিখৰ সময়সীমা নাথাকে।

চহী

দায় গ্রহণ দল

প্ৰশ্ন ৪৩। পদ অনুসন্ধান পত্ৰসমূহ কি? ইয়াৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ বাণিজ্য পদ অনুসন্ধান পত্ৰ হৈছে এনে এখন পত্ৰ যিয়ে বাণিজ্যৰ মাধ্যমৰ তথ্য বিচাৰি  আবেদন কৰা হয়। সাধাৰণতে দূৰদৰ্শী গ্ৰাহকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এটা বাণিজ্য মাধ্যমেৰে আন এটা বাণিজ্য মাধ্যমলৈ চিঠি লিখা হয়।

যেতিয়া সামগ্ৰীসমূহ নগদ ধনৰ বাবে বেছা হয়, ক্ৰেতাৰ বিত্তীয় স্থিতি জানিবলৈ ই বিক্রেতা বাবে কোনো প্রয়োজনীয় নহয়। কিন্তু য’ত ঋণ বেছা হয় তাত বিক্রেতাই ক্রেতাই পৰিশোধ কৰিব পাৰিব বুলি সন্তুষ্টি লাভ কৰিবলৈ বিচাৰে। তেওঁ জানিব বিছাৰে তেখেতৰ খ্যাতি কেন ধৰণৰ, তেখেতৰ ব্যৱসায়ৰ পৰিসৰ কি আৰু বিশেষকৈ তেখেতে হিচাপ সঠিক সময়ত পৰিশোধ কৰিছে নে নাই। এই তথ্যৰ ওপৰতে বিক্ৰেতাই ঋণৰ অনুমতিৰ সিদ্ধান্ত ল’ব। তেওঁ চাৰি বেলেগ বেলেগ উৎসৰ পৰা তথ্য লাভ কৰে। যেনে- 

(ক) গ্রাহকে নিজে বাণিজ্যক প্রসংগ যোগান ধৰে।

(খ) গ্ৰাহকৰ বেংকৰ স্বত্বাধিকাৰ।

(গ) বিভিন্ন ব্যৱসায়িক সংঘ। আৰু 

(ঘ) ঋণ অনুসন্ধানমূলক অভিকৰণ।

এই পত্ৰ লিখাৰ উদ্দেশ্য হৈছে তথ্য সম্পৰ্কীয় লাভ কৰিবলৈ —

(ক) বিত্তীয় সামর্থ বা ঋণ যোগ্যতা।

(খ) সদিচ্ছা।

(গ) ব্যৱসায়িক সম্বন্ধৰ স্বৰূপ।

(ঘ) সততা।

(ঙ) ব্যৱসায় সংঘৰ লগত সম্পর্ক ইত্যাদি।

আমি সামৰণি এনেদৰে কৰিব পাৰো যে যেতিয়াই এটা ব্যৱসায়ে আন এটা ব্যবসায়ে ব্যৱসায়লৈ  অনুসন্ধানমূলক পত্র লিখে, বিত্তীয় অনুষ্ঠান বা ব্যবসায় সংঘই ঋণ যোগ্যতাৰ বিষয়ে তথ্য লা কৰিবলৈ ঋণ কিনিবৰ বাবে গ্ৰাহকৰ বিত্তীয় সামৰ্থ যিয়ে প্রয়োগ কৰে। ইয়াকে ব্যৱসায় অৱস্থাৰ অনুসন্ধান মূলক পত্ৰ বুলি কোৱা হয়।

ব্যৱসায় অৱস্থাৰ অনুসন্ধানমূলক পত্ৰৰ উদ্দেশ্য বা গুৰুত্বতা : আধুনিক ব্যবসায়ত ব্যবসায় অৱস্থাৰ অনুসন্ধানমূলক পত্ৰই গুরুত্বপূর্ণ ভূমিকা পালন কৰে। এই পত্ৰ লিখাৰ প্ৰধান উদ্দেশ্য সমূহ তলত নিম্নলিখিত ভাবে দাঙি ধৰা হৈছে—

(ক) সম্ভাব্য গ্রাহকসমূহে বিত্তীয় সামর্থ্যৰ বিষয়ে তথ্য লাভ কৰিব পাৰে। 

(খ) ঋণ বিক্ৰীৰ সংশয় নিৰ্ধাৰণ কৰা।

(গ) ব্যবসায়িক আদান-প্রদান প্ৰৱেশ কৰিবলৈ সিদ্ধান্ত লোৱা। 

(ঘ) সম্ভাব্য ক্রেতাৰ-সততা, সদিচ্ছা আৰু ব্যৱসায়িক নৈতিকতাৰ বিষয়ে তথ্য লাভ কৰা।

(চ) অন্য ব্যৱসায়িক সম্প্রদায় আৰু সংঘসমূহৰ সৈতে সম্ভাব্য ক্রেতাৰ সম্পৰ্কৰ বিষয়ে জানি উঠিব লাগে।

(ছ) তেওঁলোকৰ বিত্তীয় আৰু ব্যৱসায়ৰ সাধ্যতা মূল্যায়ণ কৰি বিভিন্ন গোটসমূহৰ সৈতে বিক্ৰী উন্নত কৰি তোলা হয়।

প্ৰশ্ন ৪৪। অক্সফর্ড লিমিটেডে তোমালোকৰ প্লেনিট লিমিটেড নামৰ কোম্পানীৰ সৈতে ব্যবসায় কৰিব বিচাৰে আৰু তেওঁলোকে তথ্য যোগাওঁতা হিচাপে মেক হিলৰ নামও উল্লেখ কৰিছে। ঋণৰ তথ্য যোগান ধৰিবলৈ এখন পত্ৰ লিখি অক্সফৰ্ড লিমিটেডৰ সম্পৰ্কত মেক-হিলক অনুৰোধ কৰা।

উত্তৰঃ মার্চ,

পৰিচালক,

ঋণৰ ক্ৰিয়া প্ৰণালী,

মেক-হিল, যোগাযোগ

মেৰীণ লাইনচ

মুম্বাই

প্ৰসংগক: ঋণ তথ্যৰ বাবে অনুৰোধ।

শ্রদ্ধেয় মহাশয়,

তলত দিয়া নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৱে ব্যৱসায় বিকশিত কৰি তুলিব বিছাৰে আৰু ঋণ প্রসংগক হিচাপে লোকৰ নাম দিয়া হৈছে।

অক্সফর্ড লিমিটেড

জোহো, মুম্বাই

তোমালোকে যোগান ধৰা যিকোনো তথ্য কঠোৰভাৱে গোপনীয় হিচাপে ব্যৱহাৰ কৰা হ’ব। সোনকালে উত্তৰ দিলে আমি কৃতজ্ঞ হ’ম আৰু যিকোনো সময়তে সহযোগ কৰিবলৈ আগ্ৰহৰ

নিশ্চয়তা প্ৰদান কৰিম । তোমালোকৰ সা-সুবিধাৰ বাবে ডাক টিকট আৰু সম্বোধন কৰা লেফাফা পৰিবেষ্টন কৰা হয়।

তোমালোকৰ একান্তবাধ্যতাৰে 

এ, আৰ খান  

প্রশাসনিক পৰিচালক 

প্লেনিট লিমিটেড

অৱস্থা অনুসন্ধানমূলক পত্ৰৰ উত্তৰ:

(ক) অনুকূল উত্তৰ:

মেক্‌ হিল যোগাযোগ 

মেৰীণ লাইনচ

মুম্বাই

৭ মার্চ, ২০১৮

এ. আৰ খান

প্রশাসনিক পৰিচালক

প্লেনিট লিমিটেড

জোহো, মুম্বাই

প্রাসংগিক: অৱস্থা অনুসন্ধানমূলকলৈ পত্ৰৰ উত্তৰ।

শ্রদ্ধেয় মহাশয়,

মুম্বাইৰ অক্সফৰ্ড লিমিটেডৰ ঋণ অৱস্থা সম্পৰ্কীয় আপোনালোকৰ ১ মাৰ্চৰ, ২০১৮ৰ চিঠি সময়মতে আহি পাইছে। আমি জানিবলৈ পাই সুখী হৈছো যে যোৱা দহ বছৰ ধৰি অক্সফৰ্ড লিমিটেডৰ সৈতে ব্যৱসায়ৰ সুসম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। 

(খ) প্রতিকূল উত্তৰ:

মেকহিল যোগাযোগ

মেৰীন লাইনচ

মুম্বাই- ০১

১ মার্চ ২০১৮

এ. আৰ. খান,

প্ৰশাসনিক পৰিচালক

প্লেনিট লিমিটেড

জুহু, মুম্বাই

প্রাসংগিক: অবস্থা অনুসন্ধান মূলকলৈ উত্তৰ দিয়া। 

শ্রদ্ধেয় মহাশয়,

আপোনালোকৰ ১ মার্চ ২০১৮ ৰ চিঠিত উল্লেখিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়ে লিখা ঋণ স্থিতিৰ বিষয়ে আমি সাৱধানেৰে আবেদন বিবেচনা কৰিবলৈ উপদেশ দিব লাগে।

দীর্ঘ সময়ছোৱাৰ বাবে এই ব্যৱসায়িক প্রতিষ্ঠানে যোৱা দুই বছৰ ধৰি পৰিশোধন স্থগিত কৰি ৰাখিছে। ই প্ৰতিশ্ৰুতি দিয়ে কিন্তু অনুৰোধ পালন কৰাত ব্যৰ্থ হয়। তদুপৰি সিহঁতৰ বিত্তীয় সামর্থ সন্তোষজনক নহয় আৰু সিহঁতৰ ব্যৱসায়ৰ ক্ষেত্ৰত দিনক দিনে নাম তল পৰিব ধৰিছে। ফলস্বৰূপে আমি আৰু অন্য যোগানধাৰিয়ে কেৱল নগদৰ ভিত্তিত সামগ্ৰী দিছো। আমি সতর্ক হোৱা পৰামৰ্শ আগবঢ়াইছো। ওপৰৰ তথ্য হৈছে কঠোৰভাৱে গোপনীয় আৰু ইয়াৰ বাবে আমি কোনো ধৰণৰ দায়িত্ববোধ গ্ৰহণ নকৰো।

আপোনালোকৰ একান্তবাধ্য

এচ. এ. আকাশ

ঋণ পৰিচালক

মেক হিল যোগাযোগ

প্ৰশ্ন ৪৫। সংগ্ৰহ পত্ৰৰ অৰ্থ আৰু সংজ্ঞা লিখা। ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ ব্যৱসায়ৰ জগতত, ঋণৰ বৃহৎ ব্যৱসায় কৰা হয়। কিন্তু কেতিয়াবা সমস্যাও হয় যেতিয়া ঋণীয়ে (ক্ৰেতাৰ) পৰিশোধন কৰোতে বিলম্ব কৰে আৰু ঋণীয় পাবলগীয়া নিষ্পত্তিত কাম কৰিবলৈ অনিচ্ছুক হোৱা দেখা যায়। ইয়াৰ কাৰণ হৈছে স্বাভাৱিক অভ্যাস। ইয়াত বিক্রেতাই পন্থা অবলম্বন কৰি সমস্যা সমাধান কৰে। যাক সংগ্রহ বা ডানিংপত্ৰ বুলি কোৱা হয়। এল গাৰ্টৰ মতে, হিচাপ দিবলৈ, চূড়ান্ত কৰিবলৈ বাকী থকা অনুৰোধকে সংগ্ৰহ পত্ৰ বুলি জনা যায়।

কোনো ব্যবায়ীয়ে গ্রাহকক হেৰুৱাব নিবিচাৰে আৰু সেই কাৰণে ঋণদাতালৈ ঋণগ্রস্থতাৰ সংগ্ৰহ আটাইতকৈ কঠিন সমস্যা হৈ উঠিব পাৰে। এতেকে সংগ্রহ ব্যৱসায় অতি সাৱধানেৰে মোকাবিলা কৰিব লাগে আৰু সংগ্ৰহ পত্ৰসমূহ সতৰ্কতাৰে পাণ্ডুলিপি কৰিব লাগে যাতে গ্রাহকসকলে পাবলগীয়া পৰিশোধ স্বেচ্ছাই প্ৰতিক্ৰিয়া কৰিব পাৰে।

সাধাৰণতে সংগ্ৰহ পত্ৰসমূহ আৰু বৈশিষ্ট্যযুক্ত পৰ্যায়সমূহ তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰি লিখা হয় –

(ক) হিচাপৰ বিবৃতি পঠোৱা।

(খ) মনত পেলোৱা।

(গ) অনুসন্ধান আৰু আলোচনা।

(ঘ) গোহাৰি আৰু আশু আবশ্যকতা। 

(ঙ) চাহিদা আৰু সতৰ্কীকৰণ।

সংগ্ৰহ পত্ৰৰ বৈশিষ্ট্যসমূহ: সংগ্ৰহ পত্ৰৰ বৈশিষ্ট্যসমূহ নিম্নলিখিতভাৱে তলত দাঙি ধৰা হৈছে—

(ক) ঋণ গ্ৰস্ততাৰ সংগ্ৰহ: এই পত্ৰই গ্ৰাহক বা ক্ৰেতাৰ পৰা ঋণগ্রস্ততা সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰে।

(খ) ধৈর্য: এই পত্ৰৰ দ্বাৰা যোগাযোগ কৰিবলৈ ঋণদাতাৰ ধৈৰ্য থাকিব লাগে। ধৈৰ্যৰ অভাৱে টকা হেৰুৱাব পাৰে, সামগ্ৰীসমূহ আৰু গ্ৰাহকৰ ভৱিষ্যৎ ব্যৱসায়ৰ ফলাফল দিব পাৰে।

(গ) ধনাত্মক কণ্ঠস্বৰ: এই পত্ৰৰ কণ্ঠস্বৰ আকষর্ণীয় হোৱাৰ সৈতে ধনাত্মক আৰু আশাবাদী হ’ব লাগে। ঋণদাতাৰ অনুৰোধৰ বাবে ন্যায্যতা আৰু আত্মসন্মান থাকিব লাগে ।

(ঘ) পত্ৰসমূহৰ বিনিময়: এই পত্ৰৰ বিনিময় ঋণী আৰু ঋণদাতাৰ মাজত পাবলগীয়াবোৰ নিষ্পত্তিৰ বাবে আৰু সাধাৰণতে শ্ৰেণীৰ ৰূপত লিখা হয়।

(ঙ) ভাষাঃ এই পত্ৰৰ ভাষা সূক্ষ্মতা আৰু বিশ্বাস জন্মাব পৰা হ’ব লাগে যাতে ঋণগ্রস্ততা সংগ্ৰহৰ উপৰি সদিচ্ছা লগে লগে থাকে। সংগ্ৰহ কৰা পত্ৰসমূহ পঞ্জীৰ দ্বাৰা ডাকযোগে পঠোৱা হয়।

(চ) পৰিকল্পিত গঠন: ক্ষিপ্ৰ সংগ্ৰহৰ সৈতে গ্ৰাহকসকলক ধৰি ৰাখিবলৈ সৰ্বশ্ৰেষ্ট সম্ভৱপৰ প্ৰচেষ্টা বনাবলৈ পত্ৰৰ পৰিকল্পিত গঠন থাকিব লাগে।

ওপৰৰ বৈশিষ্ট্যসমূহ অন্য ব্যৱসায়ৰ পত্ৰসমূহৰ পৰা এই পত্ৰ সম্পূৰ্ণ পৃথক।

প্ৰশ্ন ৪৬। সংগ্ৰহ পত্ৰৰ গুৰুত্ব কি কি ?

উত্তৰঃ সাধাৰণতে নিঃসন্দেহেৰে প্ৰতিটো প্ৰকাৰৰ ব্যৱসায়ত সকলোৱে ক’ব পাৰে যে সংগ্রহ পত্ৰৰ বেছি গুৰুত্বতা আছে। আনুষ্ঠানিকভাৱে সংগ্ৰহ পত্ৰসমূহৰ গুৰুত্বতা তলত বৰ্ণনা কৰা হ’ল—

L. Gart Side ৰ মতে সংগ্ৰহ পত্ৰৰ গুৰুত্বতা হৈছে, একেতা সময়তে সম্বোধন কৰিবলৈ দুটা উদ্দেশ্যৰ বাবে সংগ্রহ পত্র লিখা হয়।

(ক) ঋণীক পাবলগীয়া ধন পৰিশোধ কৰিবলৈ প্ৰভাৱ পেলোৱা।

(খ) সদিচ্ছা ৰক্ষা কৰা।

ব্যৱসায় জগতত ঋণৰ ব্যৱস্থাসমূহৰ কাৰণে ক্রেতাই সুযোগ লাভ কৰে। কিন্তু বহুতো ক্ষেত্ৰত বিচাৰি পোৱা যায় যে বিক্ৰেতাৰ সৈতে হিচাপৰ নিষ্পত্তিৰ সময়ত ক্রেতাই নীৰৱে থাকে। এইবোৰ কাৰণত বিক্রেতাই সংগ্ৰহ পত্ৰৰ সহায় লয়। যদি প্ৰতিটো ব্যৱসায় নগদত কৰিব পৰা হয়, এই পত্ৰৰ বাবে একেবাৰে কোনো প্রয়োজন নাই। কিন্তু ঋণ ব্যবস্থাসমূহ, ব্যবসায় বৃহৎ পৰিমাণে ডাঙৰ হয় আৰু এতেকে ব্যৱসায়ৰ জগতত ঋণ দিয়াটো হৈছে স্বাভাৱিক পৰম্পৰা। যেতিয়ালৈকে ঋণ বৰ্তি থাকে, সংগ্ৰহ পত্ৰৰ আৱেদনও বর্তি থাকে।

সংগ্ৰহ পত্ৰৰ গুৰুত্ব: Balenroth আৰু Parkpurst যে ক্রেতাক সাতটা ভাগত বিভক্ত কৰিছে। এই সাতবিধ সংগ্ৰহ পত্ৰ হৈছে প্ৰয়োজনীয়।

(ক) ব্যক্তিয়ে পাবলগীয়াবোৰ পৰিশোধ কৰিবলৈ অসাৱধানতা কৰাত বা পাবলগীয়াবোৰ সমন্বয় কৰিবলৈ দুৰ্বল ব্যৱসায়ৰ নীতি থাকে।

(খ) যদি ঋণ হয় সৰু পৰিমাণৰ ব্যক্তিয়ে কমকৈ গুৰুত্ব দিয়ে।

(গ) ঋণদাতাৰ পৰিমাণৰ সৈতে ব্যক্তিয়ে ঋণ স্থগিত কৰে কাৰণ তেওঁ ব্যৱসায় কৰি আছে।

(ঘ) ভিন ভিন সুবিধাসমূহ যি ব্যক্তিয়ে বাট্টা উপভোগ কৰে।

(ঙ) অর্থনৈতিক অৱস্থাৰ কাৰণে ব্যক্তিৰ বিত্তীয় দুর্বলতা থাকে।

(চ) যি ব্যক্তি স্বাভাৱিকভাৱে মছৰ।

(ছ) যি ব্যক্তি প্ৰৱঞ্চক হয়।

সেয়ে ওপৰৰ ব্যক্তিসকলৰ অস্তিত্বই ঋণৰ ব্যৱসায়িক আদান-প্রদানত সংগ্ৰহ পত্ৰৰ বাবে স্পষ্টৰূপে আমন্ত্ৰণ কৰিব পাৰে। আনকি বিক্ৰেতাৰ বেছি প্ৰয়োজন হ’লে সময়ৰ আগতে যিটোৰ বাবে তেওঁ সংগ্ৰহ পত্ৰৰ সহায় ল’ব পাৰে।

প্ৰশ্ন ৪৭। সংগ্রহ পত্ৰৰ শ্রেণী বিভাজন।

উত্তৰঃ সাধাৰণতে সংগ্ৰহ পত্ৰসমূহ শ্রেণী বিভাজন কৰি পঠোৱা হয়। প্রথমে সমান্যভাৱ আৰু বোধশক্তিক ধৰা হয়। লাহে লাহে পত্ৰসমূহ বেছিকৈ নেৰানেপেৰা হৈ উঠে। এই শ্ৰেণীৰ চূড়ান্ত পত্ৰত যেতিয়া সকলো প্ৰচেষ্টা ব্যর্থ হয়, আইনজ্ঞাৰ ওচৰলৈ বিষয় ঘূৰাবলৈ বা সংগ্ৰহ কাৰক বা ন্যায়ালয়ৰ কাষ চপাৰ ভাবুকি দিয়া হয়। স্বাভাবিকতে, এই শ্ৰেণীত পত্ৰৰ কণ্ঠস্বৰ ভিন ভিন

পাৰে। ই ধনাত্মকৰ পৰা সামান্য শক্তিশালী হৈ ঋণাত্মক হ’ব পাৰে। ই বিশেষ গ্ৰাহকৰ পূৰ্ব পৰিশোধন নথিৰ ওপৰত নিৰ্ভৰশীল হয়। পত্ৰসমূহৰ মাজৰ বিৰতি ভিন ভিনও হ’ব পাৰে। আৰম্ভণিতে ইয়াৰ সময়সীমা দহ দিনৰ পৰা এমাহলৈ হয়। পিছত এক সপ্তাহৰ পৰা দুই সপ্তাহলৈ হয়।

সংগ্ৰহ শ্ৰেণীত প্ৰতি পত্ৰৰে কিছুমান তথ্য থাকিব লাগে।

(ক) ধন দিবলৈ থকা পৰিমাণ। 

(খ) কিমান দিনলৈ বিলৰ সময়তীত হৈছে।

(গ) গ্রাহকে সুনির্দিষ্ট ক্রিয়া ল’ব পাৰে।

সংগ্ৰহ পত্ৰৰ শ্ৰেণীত তলত দিয়াবোৰ থাকিব লাগে—

(ক) হিচাপৰ বিবৃতি পঠোৱা।

(খ) স্মাৰক পত্ৰ।

(গ) অনুসন্ধান আৰু আলোচনা।

(ঘ) গোহাৰি আৰু আশু আবশ্যকতা।

(ঙ) চৰম সকীয়নি আৰু সাৱধান বাণী।

(ক) হিচাপৰ বিবৃতি পঠোৱা: হিচাপৰ বিবৃতি হৈছে প্ৰথম জাননী জাৰি যিটো গ্ৰাহকে ঋণত সামগ্ৰীসমূহ কিনাৰ পিছত লাভ কৰা। সাধৰণতে পৰিশোধ দিবলগীয়া তাৰিখৰ আগতে কোম্পানীসমূহে বিবৃতি পঠিয়ায়। হিচাপৰ বিবৃতি পঠোৱা হৈছে ব্যৱসায়ৰ সাধাৰণ কার্য। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাহকক দিবলগীয়া পৰিমাণৰ বিষয়ে আৰু পৰিশোধ দিবলগীয়া তাৰিখ জনোৱা। ই গ্ৰাহকৰ সৈতে সংযোগ ৰক্ষা কৰা কাৰ্যও কৰে।

(খ) স্মাৰক পত্ৰ: আচলতে সংগ্ৰহ পত্ৰৰ শ্ৰেণীৰ সৈতে স্মাৰক পত্ৰ বৰ্ণনা কৰা হয়। যদি গ্ৰাহকে দিবলগীয়া তাৰিখত বিল পৰিশোধ নকৰে, পৰিশোধ কৰিবলৈ পাহৰা বুলি গ্ৰাহকলৈ এখন স্মাৰক পত্ৰ অনুমান কৰি পঠোৱা হয়। এতেকে বিক্রেতাই গ্ৰাহকক মনত পেলাই দিয়ে যে তেওঁৰ কোম্পানীৰ সৈতে দিবলৈ বাকী থকা হিচাপ আছে আৰু পৰিশোধ দিবলগীয়া হৈ আছে। সাধাৰণতে কোম্পানীসমূহে কেইবাখনো স্মাৰক পত্ৰসমূহ পঠিয়ায় দিয়ে। বর্ণনা পঠোৱাৰ পিছত প্ৰথম স্মাৰকখন এক সপ্তাহৰ ভিতৰত পঠোৱা হয়। সাধাৰণতে প্রথম স্মাৰক পঠোৱাৰ এক সপ্তাহ বা পক্ষৰ পিছত দ্বিতীয় স্মাৰক পঠোৱা হয়। যদিও প্রথমখন স্মাৰক পত্ৰই সহজে গ্ৰাহকক বিলৰ বিষয়ে মনত পেলাই দিয়ে, ধাৰাবাহিক স্মাৰক পত্ৰই বিনম্ৰভাৱে পৰিশোধৰ বাবে বিচাৰে।

(গ) অনুসন্ধান আৰু আলোচনা পত্র: যদি গ্রাহকে পূৰ্বৰ পত্ৰসমূহৰ কোনো প্রতিক্রিয়া নিদিয়ে, তেতিয়া অনুসন্ধান আৰু আলোচনা পত্ৰ পঠোৱা হয়। এই পত্র গ্রাহকে ইচ্ছা বিৰুদ্ধে বা পৰিশোধ কৰিবলৈ অসমর্থ ইয়াক কোনো এটা অনুমান কৰি লিখা হয়। সেয়েহে অনুসন্ধান পত্র লিখাৰ লক্ষ্য কেৱল গ্ৰাহকক বিল পৰিশোধন কৰিবলৈ অনুৰোধ কৰাই নহয় পৰিশোধন নিদিয়াৰ বাবে কাৰণ প্ৰত্যাশীও হয়। এই পত্র সহানুভূতিশীলতাৰে লিখা হয় যাতে গ্রাহকে বিক্ৰেতালৈ লিখিবলৈ ইচ্ছুক হয়। যদি প্ৰকৃততে গ্ৰাহকৰ আজকাল হোৱা দেখা যায়, পৰিশোধনৰ বিকল্প সময় নিৰ্দ্ধাৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰি।

গ্ৰাহকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আলোচনা পত্র দুইৰ পৰা পাঁচ বা ততোধিক সংখ্যাৰ হয়। যি কি নহওঁক, ধাৰাবাহিক পত্রসমূহ ক্রমান্বয়ে শক্তিশালী হয় আৰু আলোচনা পত্ৰৰ শেষত নেতিবাচক গোহাৰি ইংগিতৰ সৈতে সমাপ্ত হয়।

(ঘ) পুনৰাৱেদন আৰু আশু আৱশ্যকতা পত্ৰ: যদি পূর্ববর্তী সংগ্ৰহৰ প্ৰয়াস ব্যৰ্থ হয়, পুনৰাবেদন আৰু আও আবশ্যকতা পত্র পঠোৱাটো হৈছে পৰৱৰ্তী পদক্ষেপ। এই পর্যায় স্পষ্টভাবে অনুমান কৰিব পাৰি যে গ্ৰাহকে দিবলগীয়া বিলৰ পৰিশোধ কৰিবলৈ অনিচ্ছুক। এতেকে বিক্রেতাই গ্রাহকক প্রবলভাবে বিল পৰিশোধ কৰিবলৈ অনুৰোধ কৰে। এই পত্ৰ অমার্জিত নহয় কিন্তু ইয়াৰ চৰিত্ৰ শক্তিশালী। এই পত্ৰত পৰিশোধৰ সময়সীমা উল্লেখ কৰা হয়।

তথাপিও বিক্রেতাই পৰিশোধ প্ৰদান কৰিব নোৱাৰাৰ বাবে ব্যাখ্যা বিচাৰিবও পাৰে। যদি গ্ৰাহকে প্রকৃত আকালত পাৰে, বিক্রেতাই বিকল্প পৰিশোধৰ সময়সূচীৰ ব্যৱস্থা কৰিব পাৰে।

(ঙ) চৰম সকীয়নী আৰু সতৰ্কীকৰণ পত্ৰ: এই হৈছে সংগ্ৰহ পত্ৰৰ শ্ৰেণী চূড়ান্ত পর্যায়। যদি গ্রাহকে কোনো এখন পূর্ববর্তী পত্ৰৰ কোনো প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়া চৰম সকীয়নি পত্র পঠোৱা হয়। এই পত্ৰৰ এটা স্পষ্ট বৈশিষ্ট্য হৈছে যে ই সম্ভৱপৰ আইনী ক্রিয়া আঙুলিয়াই দিয়ে অন্যথা পৰিশোধ ক্ষিপ্ৰভাৱে দিয়া হয়। একেতা সময়তে এই পত্ৰই সম্ভৱপৰ আইনী ক্রিয়া আঙুলিয়াই দিয়ে অন্যথা পৰিশোধ ক্ষিপ্ৰভাৱে দিয়া হয়। এই পত্ৰত গ্ৰাহকক পৰিশোধৰ অন্তিম সময়সীমা দিয়া হয়। এতো সময়তে এই পত্রই সম্ভৱপৰ আইনী ক্ৰিয়া বা পৰিণতি কঢ়িয়াই নিয়ে যদি গ্রাহকে অস্তিম সময়সীমা পাবলৈ ব্যৰ্থ হয়।

প্ৰশ্ন ৪৮। সংগ্ৰহ পত্ৰসমূহৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ সাধাৰণতে সংগ্ৰহ পত্ৰসমূহ শ্রেণী বিভাজন কৰি পঠোৱা হয়। প্রথমে সমান্যতাৰ আৰু বোধশক্তিক ধৰা হয়। লাহে লাহে পত্ৰসমূহ বেছিকৈ নেৰানেপেৰা হৈ উঠে। এই শ্ৰেণীৰ চূড়ান্ত পত্ৰত যেতিয়া সকলো প্ৰচেষ্টা ব্যর্থ হয়, আইনজ্ঞৰ ওচৰলৈ বিষয় ঘূৰাবলৈ বা সংগ্ৰহ কাৰক বা ন্যায়ালয়ৰ কাষ চপাৰ ভাবুকি দিয়া হয়। স্বাভাৱিকতে, এই শ্ৰেণীত পত্ৰৰ কণ্ঠত্বৰ ভিন ভিন হ’ব পাৰে। ই ধনাত্মকৰ পৰা সামান্য শক্তিশালী হৈ ঋণাত্মক হ’ব পাৰে। ই বিশেষ গ্ৰাহকৰ পূৰ্ব পৰিশোধন নথিৰ ওপৰত নিৰ্ভৰশীল হয়। পত্ৰসমূহৰ মাজৰ বিৰতি ভিন ভিনও হ’ব পাৰে। আৰম্ভণিতে ইয়াৰ সময়সীমা দহ দিনৰ পৰা এমাহলৈ হয়। পিছত এক সপ্তাহৰ পৰা দুই সপ্তাহহৈ হয়।

সংগ্ৰহ শ্ৰেণীত প্ৰতি পত্ৰৰে কিছুমান তথ্য থাকিব লাগে

(ক) ধন দিবলৈ থকা পৰিমাণ।

(খ) কিমান দিনলৈ বিলৰ সময়তীত হৈছে। 

(গ) গ্রাহকে সুনির্দিষ্ট ক্রিয়া ল’ব পাৰে।

সংগ্ৰহ পত্ৰৰ শ্ৰেণীত তলত দিয়াবোৰ থাকিব লাগে—

(ক) হিচাপৰ বিবৃতি পঠোৱা।

(খ) স্মাৰক পত্ৰ।

(গ) অনুসন্ধান আৰু আলোচনা।

(ঘ) গোহাৰি আৰু আশু আৱশ্যকতা।

(ঙ) চৰম সকীয়নি আৰু সাৱধান বাণী।

(ক) হিচাপৰ বিবৃতি পঠোৱা: হিচাপৰ বিবৃতি হৈছে প্ৰথম জাননী জাৰি যিটো গ্ৰাহকে ঋণত সামগ্ৰীসমূহ কিনাৰ পিছত লাভ কৰা। সাধৰণতে পৰিশোধ দিবলগীয়া তাৰিখৰ আগতে কোম্পানীসমূহে বিবৃতি পঠিয়ায়। হিচাপৰ বিবৃতি পঠোৱা হৈছে ব্যৱসায়ৰ সাধাৰণ কাৰ্য। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাহকক দিবলগীয়া পৰিমাণৰ বিষয়ে আৰু পৰিশোধ দিবলগীয়া তাৰিখ জনোৱা। ই গ্ৰাহকৰ সৈতে সংযোগ ৰক্ষা কৰা কাৰ্যও কৰে।

(খ) স্মাৰক পত্ৰ: আচলতে সংগ্ৰহ পত্ৰৰ শ্ৰেণীৰ সৈতে স্মাৰক পত্ৰ বৰ্ণনা কৰা হয়। যদি গ্রাহকে দিবলগীয়া তাৰিখত বিল পৰিশোধ নকৰে, পৰিশোধ কৰিবলৈ পাহৰা বুলি গ্ৰাহকলৈ এখন স্মাৰক পত্ৰ অনুমান কৰি পঠোৱা হয়। এতেকে বিক্রেতাই গ্ৰাহকক মনত পেলাই দিয়ে যে তেওঁৰ কোম্পানীৰ সৈতে দিবলৈ বাকী থকা হিচাপ আছে আৰু পৰিশোধ দিবলগীয়া হৈ আছে। সাধাৰণতে কোম্পানীসমূহে কেইবাখনো স্মাৰক পত্ৰসমূহ পঠিয়ায় দিয়ে। বর্ণনা পঠোৱাৰ পিছত প্ৰথম স্মাৰকখন এক সপ্তাহৰ ভিতৰত পঠোৱা হয়। সাধাৰণতে প্রথম স্মাৰক পঠোৱাৰ এক সপ্তাহ বা পক্ষৰ পিছত দ্বিতীয় স্মাৰক পঠোৱা হয়। যদিও প্রথমখন স্মাৰক পত্ৰই সহজে গ্ৰাহকক বিলৰ বিষয়ে মনত পেলাই দিয়ে, ধাৰাবাহিক স্মাৰক পত্ৰই বিনম্ৰভাৱে পৰিশোধৰ বাবে বিচাৰে।

(গ) অনুসন্ধান আৰু আলোচনা পত্র: যদি গ্রাহকে পূৰ্বৰ পত্ৰসমূহৰ কোনো প্রতিক্রিয়া নিদিয়ে, তেতিয়া অনুসন্ধান আৰু আলোচনা পত্ৰ পঠোৱা হয়। এই পত্র গ্রাহকে ইচ্ছা বিৰুদ্ধে বা পৰিশোধ কৰিবলৈ অসমর্থ ইয়াক কোনো এটা অনুমান কৰি লিখা হয়। সেয়েহে অনুসন্ধান পত্ৰ লিখাৰ লক্ষ্য কেৱল গ্ৰাহকক বিল পৰিশোধন কৰিবলৈ অনুৰোধ কৰাই নহয় পৰিশোধন নিদিয়াৰ বাবে কাৰণ প্ৰত্যাশীও হয়। এই পত্র সহানুভূতিশীলতাৰে লিখা হয় যাতে গ্রাহকে বিক্ৰেতালৈ লিখিবলৈ ইচ্ছুক হয়। যদি প্ৰকৃততে গ্রাহকৰ আহুকাল হোৱা দেখা যায়, পৰিশোধনৰ বিকল্প সময় নিৰ্দ্ধাৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰি।

গ্ৰাহকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি, আলোচনা পত্র দুইৰ পৰা পাঁচ বা ততোধিক সংখ্যাৰ হয়। যি কি নহওঁক, ধাৰাবাহিক পত্ৰসমূহ ক্রমান্বয়ে শক্তিশালী হয় আৰু আলোচনা পত্ৰৰ শেষত নেতিবাচক গোহাৰি ইংগিতৰ সৈতে সমাপ্ত হয়।

(ঘ) পুনৰাৱেদন আৰু আশু আৱশ্যকতা পত্র: যদি পূর্ববর্তী সংগ্ৰহৰ প্ৰয়াস ব্যর্থ হয়, পুনৰাবেদন আৰু আশু আবশ্যকতা পত্ৰ পঠোৱাটো হৈছে পৰৱৰ্তী পদক্ষেপ। এই পর্যায় স্পষ্টভাবে অনুমান কৰিব পাৰি যে গ্ৰাহকে দিবলগীয়া বিলৰ পৰিশোধ কৰিবলৈ অনিচ্ছুক। এতেকে বিক্রেতাই গ্রাহকক প্রবলভাৱে বিল পৰিশোধ কৰিবলৈ অনুৰোধ কৰে। এই পত্র অমার্জিত নহয় কিন্তু ইয়াৰ চৰিত্ৰ শক্তিশালী। এই পত্ৰত পৰিশোধৰ সময়সীমা উল্লেখ কৰা হয়।

তথাপিও বিক্রেতাই পৰিশোধ প্ৰদান কৰিব নোৱাৰাৰ বাবে ব্যাখ্যা বিচাৰিবও পাৰে। যদি গ্রাহকে প্রকৃত আহুকালত পাৰে, বিক্ৰেতাই বিকল্প পৰিশোধৰ সময়সূচীৰ ব্যৱস্থা কৰিব পাৰে।

(ঙ) চৰম সকীয়নী আৰু সতৰ্কীকৰণ পত্ৰ: এই হৈছে সংগ্ৰহ পত্ৰৰ শ্ৰেণী চূড়ান্ত পর্যায়। যদি গ্রাহকে কোনো এখন পূৰ্বৱৰ্তী পত্ৰৰ কোনো প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়া চৰম সকীয়নি পত্র পঠোৱা হয়। এই পত্ৰৰ এটা স্পষ্ট বৈশিষ্ট্য হৈছে যে ই সম্ভৱপৰ আইনী জিয়া আঙুলিয়াই দিয়ে অন্যথা পৰিশোধ ক্ষিপ্রভাবে দিয়া হয়। একেতা সময়তে এই পত্রই সম্ভৱপৰ আইনী ক্রিয়া আঙুলিয়াই দিয়ে অন্যথা পৰিশোধ ক্ষিপ্ৰভাৱে দিয়া হয়। এই পত্ৰত গ্ৰাহকক পৰিশোধৰ অন্তিম সময়সীমা দিয়া হয়। একেতা সময়তে এই পত্রই সম্ভৱপৰ আইনী ক্ৰিয়া বা পৰিণতি কাঢ়িয়াই নিয়ে যদি গ্রাহকে অন্তিম সময়সীমা পাৰলৈ ব্যৰ্থ হয়।

৪৯। এজন ভাল গ্ৰাহকৰ বাবে প্ৰথম স্মাৰক পত্ৰ লিখা।

উত্তৰঃ                            

ব্লউ প্লাষ্ট, এন্টাৰপ্রাইজ

তিলক নগৰ

নতুন দিল্লী

৯ মার্চ ২০১৮

মেছাৰ্জ, অজয় ব্ৰাডাৰচ

ফাঁচী বজাৰ, গুৱাহাটী

শ্রদ্ধেয় মহাশয়,

বহু বছৰৰ বাবে আপুনি আমাৰ গ্ৰাহক আছিল আৰু আপুনি সদায়ে ১০ দিনৰ ভিতৰত বিল পৰিশোধৰ বিষয়ে বিৱেকৱান হোৱা এইটো এটা স্মাৰক। আমাৰ কাৰ্যালয়ে আপোনাৰ (বছি হাজাৰ সাতশ পঞ্চাছ) টকা পৰিশোধ চালানৰ বাবে লাভ কৰা নাই। যদি আপুনি ডাক ব্যৱস্থাৰে পৰিশোধ কৰিবলৈ পাহৰিছে, অনুগ্ৰহ কৰি আজিয়ে পঠিয়ায় দিয়ক। যদি আপুনি আগতে ধনাদেশ মেইল কৰিছে, অনুগ্ৰহ কৰি এই জাননী গণ্য নকৰিব।

আপোনালোকৰ যদি কিবা প্রশ্ন বা সমস্যা আছে সকলো সময়তে আমাক সংযোগ কৰিব পাৰিব।……………বা ই মেইল কৰিব পাৰিব।

অকপটভাৱে

ব্লাউ প্লাষ্ট এণ্টাৰপ্ৰাইজৰ বাবে

সংগ্রহ পত্র ২নং (প্রথম জাননী)

৫ জুলাই ২০১৮

মেছাৰ্জ অজয় ব্ৰাডাৰচ্‌

গুৱাহাটী

শ্রদ্ধেয় মহাশয়,

আমি আশা কৰিছো যে আপোনালোকৰ সকলো ভালে আছে আৰু আমি যোগান ধৰা সামগ্ৰীসমূহ আপোনালোকে উপভোগ কৰিছে।

আমি পৰিশোধ লাভ কৰা এতিয়া দুই মাহ হ’ল আৰু আমি জানিবলৈ ইচ্ছা কৰিছো যে যদি কিবা সমস্যা হয় আমি সহায় কৰিব পাৰো। চালানৰ বাবে (বত্ৰিছ হাজাৰ সাঁতশ পঞ্চাছ) টকা আমালৈ ডাক ব্যৱস্থাৰ দ্বাৰা চে’ক ইতিপূৰ্বে পঠাইছে নেকি?

যদি নাই, অনুগ্ৰহ কৰি আপোনাৰ ঋণ পৰৱৰ্তী সময়ত আমাৰ সৈতে বজাৰ কৰোতে বৃদ্ধি। কৰিবলৈ এই বিষয়টোত আজিয়ে মনোযোগ দিয়ক, যিহেতু আমি বিচাৰিছো ।

স্বাভাৱিকতে, যদি কিবা সমস্যা হয়, আমাক সংযোগ কৰিব পাৰিব ফোন নং. . . . . . . . . বা ই-মেল………দিয়া হ’ল যাতে আমি আপোনালোকক সহায় আগবঢ়াব পাৰো।

অকপটভাবে

ব্লউ প্লাষ্ট এন্টাপ্রাইজৰ বাবে

সংগ্রহ পত্র নং তিনি (তৃতীয় জাননী)

৭ জুলাই ২০১৮

মেছার্জ, অজয় ব্ৰাডাৰচ

ফাচী বজাৰ, গুৱাহাটী

শ্রদ্ধেয় মহাশয়,

আমি আপোনাৰ পূৰ্বৰ বেংকৰ হিচাপ পৰিশোধ কৰিবলৈ বাকী থকা টকাৰ পৰিমাণ (বত্ৰিছ হাজাৰ সাঁতশ পঞ্চাছ) টকা দেখাইছে। পৰিশোধ কৰিবলৈ বাকী থকা পৰিমাণ সংগ্ৰহ কৰিবলৈ আগৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে।

অনুগ্ৰহ কৰি তৎক্ষণাৎ মোক ফোন কৰিব এই নম্বৰত …….. আপোনাৰ বেংকৰ হিচাপৰ পৰিশোধ কৰিবলৈ বাকী থকা পৰিমাণ সমাধান কৰিবলৈ আৰু চালান (বত্রিশ হাজাৰ সাতশ পঞ্চাছ টকা) সংগ্রহ অভিকৰণলৈ সহায়ৰ বাবে পঠোৱাক বাধা দিয়া হ’ল। আপোনালোকৰ এই সমস্যা সমাধান কৰিবলৈ ক্ষিপ্ৰ মনোযোগৰ প্ৰয়োজন হৈছে।

অকপটভাৱে

ব্লউ প্লাষ্ট এন্টাপ্রাইজৰ বাবে

সংগ্ৰহ পত্ৰ নং চাৰি (চূড়ান্ত জাননী) সংগ্রহসমূহ-আইনী

২৭ জুলাই ২০১৮

মেছাৰ্জ অজয় ব্ৰাডাৰচ

ফাচী বজাৰ

গুৱাহাটী

শ্রদ্ধেয় মহাশয়

বর্তমানে আপোনাৰ বেংকৰ হিচাপ পূৰ্বৰ ধন আদায় দিবলগীয়া আছে। আমি আপোনালোকক বহুত পৰিশোধৰ অনুৰোধ পঠাইছো যদিও এতিয়াও আপোনালোকৰ পূৰ্বৰ দিবলগীয়া পৰিশোষৰ মুঠ টকা আমি লাভ কৰা নাই।

তিনি দিনৰ ভিতৰত চালানৰ পৰা অনুগ্ৰহ কৰি টকা (বত্ৰিছ হাজাৰ সাঁতশ পঞ্চাছ টকা) পঠিয়াই দিয়ক অন্যথা আপোনাৰ বেংকৰ হিচাপ বন্ধ হ’ব পাৰে। কোনো দিবলৈ বাকী থকা আদেশ বাতিল কৰা হ’ব আৰু এই বিষয় সংগ্ৰহ অভিকৰণলৈ সহায়ৰ বাবে পঠোৱা হ’ব।

পৰৱৰ্তী তিনি দিনৰ ভিতৰত অনুগ্ৰহ কৰি ফোন কৰিব এই নম্বৰত………. যাতে আমি সোনকালে আলোচনা কৰিব পাৰো কেনেকৈ ইয়াক সমাধান কৰিব পাৰি।

অপকটভাৱে

ব্লউ প্লাষ্ট এন্টাৰপ্ৰাইজৰ বাবে

প্ৰশ্ন ৫০। পথৰ দুৰ্ঘটনা বর্ণনা কৰি বন্ধলৈ পত্ৰ লিখা।

উত্তৰঃ 

নাফ্ৰিজা ৰহমান,

নগাওঁ

মার্চ ১২

মোৰ মৰমৰ নুচৰট,

মোৰ চকুৰ আগত হোৱা ঘটনাৰ বিষয়ে তোমালৈ লিখিছো। যোৱা সোমবাৰে ১১ টা বজাত আমাৰ কলেজৰ ওচৰত সৰু ল’ৰা এটাই ৰাস্তা পাৰ হওঁতে এই ঘটনা সংঘটিত হয়। এখন বাছ দ্ৰুতগতিত আহি আছিল। ল’ৰাটোৰ ওপৰেদি বাছ চলি যায় যাৰ ফলত ল’ৰাটোৰ থিতাতে। মৃত্যু হয়। তৎক্ষণাত সেই ঠাইত বহুত মানুহ গোট খায়। মই সহ্য কৰিব নোৱাৰি সেই ঠাই এৰিলো।

আজিলৈ ইমানে। ৰাস্তাপাৰ হওঁতে সাৱধান হ’বা।

তোমাৰ বান্ধৱী 

নাফ্ৰিজা ৰহমান

প্ৰশ্ন ৫১। ৰুঢ় ব্যৱহাৰ কৰাৰ বন্ধুলৈ ক্ষমা কৰি এখন পত্র লিখা। তুমি সঁচাকৈয়ে দুঃখিত বুলি সেই ঘটনাৰ বাবে তেওঁক প্ৰশ্ন কৰা কিয় তেনে ধৰণৰ আচৰণ কৰিছা উল্লেখ কৰা। 

উত্তৰঃ 

ডিগবৈ

২৩ জুন

মৰমৰ আশ্বীচ

মই তোমাৰ অনুভূতিত আঘাত দিয়াৰ বাবে ক্ষমা বিচাৰিছো। মই উপলব্ধি নকৰিলো যে সকলো লোকৰে নিজৰ আশা-আকাংক্ষা আছে । তুমি যেতিয়াই মোক কৈছিলা যে তোমাৰ বাইদেউ ভন্টী আৰু তোমাৰ মাঁ গুৱাহাটীৰ কামাখ্যা মন্দিৰলৈ গৈছিল বুলি মই তেওঁলোকৰ বিশ্বাসত হেয় জ্ঞান কৰিছো। যদিও তুমি একো প্ৰকাশ নকৰিলা বা শব্দ নকৰিলা, মই জানো যে মই তোমাক আঘাত দিছো। মই ঘৰ অহাৰ পিছত অদ্ভুত বিৰক্তি অনুভৱ কৰিছো। তুমি মোৰ মৰমৰ বন্ধু আৰু মই যি ধৰণে আচৰণ কৰিছো তেনেকৈ কৰিব নালাগিছিল। সকলো লোকৰে নিজৰ বিশ্বাস আছে যে কথাটো সত্য আৰু বিশ্বাস পৰ্বতলৈ গতি কৰিব পাৰে। মই যেতিয়া তোমাৰ পৰা শুনিম মোৰ ভাল লাগিব। মই তোমাৰ পত্ৰৰ বাবে আগলৈ বাট চাম। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবা।

ঘৰৰ সকলো লোককে মৰম আৰু শ্রদ্ধা।

তোমাৰ বন্ধু

কুশল

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top