শীলা বৰঠাকুৰ জীৱনী | Sheela Borthakur Biography

শীলা বৰঠাকুৰ | Sheela Borthakur Essay in Assamese | Biography of Sheela Borthakur in Assamese | শীলা বৰঠাকুৰ বিষয়ে জীৱনী | শীলা বৰঠাকুৰ বিষয়ে ৰচনা | শীলা বৰঠাকুৰৰ চমু পৰিচয়।

Join Telegram channel

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ  প্ৰতিষ্ঠাৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত তথা প্ৰতিষ্ঠাপক সভাপতিৰূপে জনাজাত অসমৰ এগৰাকী মহিয়সী নাৰী হিচাপে পৰিচিত ড৹ শীলা বৰঠাকুৰ (Sheela Borthakur)। শীলা বৰঠাকুৰ অসমৰ শিল্পকলা জগতখনৰ এক অনন্য ব্যক্তিত্ব। এইগৰাকী মহিয়সী নাৰী এগৰাকী বিশিষ্ট শিক্ষাবিদ(Academician) তথা বিশিষ্ট লেখিকা (Writer) হিচাপেও সমাজত পৰিচিত। শীলা বৰঠাকুৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত এগৰাকী সমাজ সৱিকা(Social Worker)। তদুপৰি তেখেত এগৰাকী সুদক্ষ সংগীত শিল্পী (Singer) হোৱাৰ লগতে নৃত্য শিল্পী(Dancer) আৰু অভিনেত্ৰীও। 

Sheela Borthakur

শীলা বৰঠাকুৰ জীৱনী | Sheela Borthakur Biography

নামশীলা বৰঠাকুৰ (Sheela Borthakur)
জন্ম১৯৩৫ চনত, যোৰহাটত (অসম)
পিতৃনবীন শৰ্মা
মাতৃপ্ৰিয়লতা দেৱী
মৃত্যু২১জুন, ২০২০; বামুণীমৈদাম, গুৱাহাটী (অসম)
স্বামীষড়ানন বৰঠাকুৰ
পেচাঅধ্যাপিকা, সমাজসেৱিকা

ড৹ শীলা বৰঠাকুৰৰ জন্ম হৈছিল ১৯৩৫ চনত সেই সময়ৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ যোৰহাট জিলাত। তেখেতৰ বাল্যকালৰ সময়চোৱা অতিবাহিত হৈছিল, বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত (Dhaka,Bangladesh)। শীলা বৰঠাকুৰৰ প্ৰাথমিক শিক্ষা(Primary Education) বাংলাদেশত আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত তেখেতে যোৰহাটৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালত পৰৰ্ৱতী শিক্ষা গ্ৰহণ কৰি তাৰ পৰাই স্নাতক ডিগ্ৰী (Graduation) অৰ্জন কৰে। তাৰ পাছত শীলা বৰঠাকুৰ  নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহত আবদ্ধ হোৱাৰ পিছতেই তেখেতে তেজপুৰৰ চৰকাৰী উচ্চ মাধ্যমিক বালিকা  বিদ্যালয়ত নিজ কৰ্মজীৱনৰ পাতনি মেলিছিল। গীত- নৃত্যৰ প্ৰতি বিশেষ ভাৱে ৰাপ থকা এইগৰাকী শীলা বৰঠাকুৰে  ১৯৬১ চনত লক্ষ্ণৌৰ ভাটখাণ্ডে বিদ্যাপীঠৰ পৰা চেতাৰ বিষয়ত প্ৰথম শ্ৰেণী লাভ কৰি “সংগীত বিশাৰদ” উপাধি লাভ কৰিছিল। 

শিক্ষকতা কৰি থকাৰ সময়চোৱাতেই শীলা বৰঠাকুৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পৰৱৰ্তী সময়ত তেখেতে “অসমৰ সামাজিক পৰিৱৰ্তন”(Social Changes Of Assam), এই বিশেষ  বিষয়ৰ ওপৰত গৱেষণা কৰি ১৯৯৩ চনত সন্মানীয়  ডক্টৰেট ডিগ্ৰী(PHD) লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত তেওঁ দৰং মহাবিদ্যালত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে। তাৰপিছত ১৯৭৯ চনত তেজপুৰত প্ৰতিষ্ঠা হোৱা প্ৰথম মহিলা মহাবিদ্যালয় গোপীনাথ বৰদলৈ মহিলা মহাবিদ্যালয়ত অধ্যক্ষাৰ পদত যোগদান কৰে। দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়চোৱাতেই শীলা বৰঠাকুৰে অসমত এক মহিলাৰ সাহিত্যিক সংগঠন খোলাৰ সপোন দেখিছিল। সেয়েহে পিছলৈ তেখেতে ১৯৭৪ চনত অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ হকে অসম লেখিকা সমাৰোহ সমিতি গঠন কৰিছিল। তদুপৰি আদ বয়সতে পঢ়া শুনা এৰা মহিলাসকলৰ বাবেও তেওঁ তেজপুৰত পাঁচোটিকৈ শিক্ষা প্ৰগেমৰ ব্যৱস্থা কৰি দিছিল। তেওঁ নলিনীবালা দেৱী, ধৰ্মেশ্বৰী দেৱী বৰুৱানী আৰু স্নেহ দেৱীৰ দৰে মহিয়সী নাৰীৰ তিনিখনকৈ গ্ৰন্থৰ সম্পাদনাৰ দায়িত্বও লৈছিল। শীলা বৰঠাকুৰলৈ ২০০৮ চনত সমাজসেৱামূলক অৱদানৰ বাবে ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক সন্মান “পদ্মশ্ৰী” সন্মান আগবঢ়োৱা হৈছিল। 

সাহিত্যৰ জগতখনলৈও শীলা বৰঠাকুৰে এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।  শীলা বৰঠাকুৰৰ  আঠখন গ্ৰন্থ ক্ৰমে- “দৃষ্টি আৰু দৃষ্টান্ত”, “সংস্কৃতিৰ সন্ধানত”, “লেখকৰ দৃষ্টিত নাৰী”,”সাৰস্বত”; গল্পৰ পুথি হ’ল- “অনন্যা”,”অন্তৰা”,আৰু “আইতালৈ চিঠি”। তাৰোপৰি তেখেতে মুঠ নখন গ্ৰন্থৰ সম্পাদনা কৰিছিল। শীলা বৰঠাকুৰৰ ভ্ৰমণ কাহিনীৰ ভিতৰত হ’ল- “আপ্লান্তা” আৰু “ভ্ৰমণ বিথীকা”। আনহাতে বিভিন্ন ক্ষেত্ৰত সম্পাদিত পুথিসমূহৰ ভিতৰত আছে- “লেখিকাৰ তেৰটা সংখ্যা”, “লেখিকাৰ জীৱনীৰ প্ৰথম খণ্ড”, “লেখিকাৰ জীৱনীৰ দ্বিতীয় খণ্ড”, “কাব্য ভাৰতীৰ ধৰ্মেশ্বৰী দেৱীৰ ৰচনা সম্ভাৰ”, “মহাশ্বেতা”, “নলিনীবালা দেৱীৰ ৰচনা সম্ভাৰ”,”লেখিকাৰ গ্ৰন্থ পঞ্জী”,”ৰূপতীৰ্থ”,”অৰ্ঘয” আৰু “দৃশদ্বতী”। 

Read Also: সুস্মিতা দেৱ জীৱনী | Sushmita Dev Biography

শীলা বৰঠাকুৰে তেখেতৰ জীৱনকালত নিজ কৰ্মৰাজিৰে লাভ কৰা বিশেষ সন্মান আৰু সুবিধা সমূহৰ ভিতৰত আছিল,  ২০০৩ তনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল । পুনৰ ২০০৪ চনত তেখেতে যোৰহাট অসম লেখিকা সমাৰোহ সমিতিৰ পৰা “কৰ্মপ্ৰাণা”উপাধি লাভ কৰিছিল। ২০০৫ চনত পুনৰ তেজপুৰ অসম লেখিকা সমাৰোহ সমিতিৰ পৰা “তেজস্বিনী” উপাধিৰে সন্মানিত হৈছিল। অসম সাহিত্য সভাই ২০০৫ চনত তেখেতলৈ “বাসন্তী বৰদলৈ বটাঁ আগবঢ়াইছিল। 

সৰুৰে পৰাই  নৃত্য গীত আৰু অভিনয়ৰ প্ৰতি ৰাপ থকা শীলা বৰঠাকুৰে ছাত্ৰী অৱস্থাতে “মাৰ্জিয়ানা” নাটকত অভিনয় কৰিছিল। তাৰোপৰি “ফাগুণে উলটি চায়” নামৰ এক শ্ৰাব্য কেছেটতো তেখেতে কণ্ঠ নিগৰাইছিল।  তেওঁ ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ এক সাংস্কৃতিক অনুষ্ঠানত নিজেই ৰচনা কৰা এখনি নৃত্য নাটিকাও প্ৰদৰ্শন কৰাই সমাদৰ লাভ কৰিছিল। এইগৰাকী মহিয়সী নাৰীয়ে ২০২০ চনৰ ২১ জুনত ৮৪ বছৰ বয়সত গুৱাহাটীত ইহলীলা সম্বৰণ কৰে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top