নিপন গোস্বামী জীৱনী | Nipon Goswami Biography

নিপন গোস্বামী | Nipon Goswami Essay in Assamese | Biography of Nipon Goswami in Assamese | নিপন গোস্বামী বিষয়ে জীৱনী | নিপন গোস্বামী বিষয়ে ৰচনা | নিপন গোস্বামীৰ চমু পৰিচয়।

Join Telegram channel

অসমৰ অভিনয় জগতৰ স্বনামধন্য ব্যক্তিসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী।  প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰিবলৈ আৰম্ভ কৰে। এইজন বিশিষ্ট অভিনেতাই টেলি-ফিল্ম, ভিচিডি ছবি আদিত  অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰি আহিছে। বৰ্তমানেও সক্ৰিয় হৈ থকা এইগৰাকী অভিনেতাই ১০০-ৰো অধিক ছবিত কাম কৰিছে। 

Nipon Goswami

নিপন গোস্বামী জীৱনী | Nipon Goswami Biography

নামনিপন গোস্বামী (Nipon Goswami)
জন্ম
ছেপ্টেম্বৰ, ১৯৪৭ ক’লিবাৰী, তেজপুৰ, অসম, ভাৰত
পিতৃচন্দ্ৰধৰ গোস্বামী
মাতৃনিৰুপমা গোস্বামী
শিক্ষাৰম্ভকলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়
জীৱিকাঅভিনয়, পৰিচালনা, গায়ন
মৃত্যু২৭ অক্টোবৰ, ২০২২

নিপন গোস্বামীৰ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল এজন বিখ্যাত অভিনেতা, আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল। কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলাৰ পিছত তেখেতে  ‘তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত পৰৱৰ্তী স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। সৰুৰে পৰাই তেখেতে সাংস্কৃতিক পৰিবেশ এটা নিজ গৃহৰ পৰাই লাভ কৰিছিল। তেখেতৰ পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি তেখেতৰ পাঁচোজন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক দেখিয়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। 

নিপন গোস্বামীয়ে  বি.এ. ফাইনেল পৰীক্ষা দিয়াৰ পাছতেই  কলিকতালৈ গৈ পুণে (Pune)ৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ (Interview) দিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৬৫ চন মানত তেওঁ পুনে(Pune)লৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় আৰু তাতেই সুভাষ ঘাই (Subhash Ghai), শত্ৰুঘ্ন সিন্‌হা (Satrughan Sinha), নবীন নিশ্চল (Nabin Nischal), জালাল আঘা (Jalal Agha), ৰেহানা চুলতান (Rehana Sultan), ৰাকেশ পাণ্ডে(Rakesh Pandey) আদিৰ দৰে ব্যক্তিসকলক তেখেতৰ সহপাঠী হিচাপে লগ পায়‌। বলিউদ (Bollywood)ৰ অভিনেতা আচৰাণী(Asrani) আছিল তেওঁৰ অগ্ৰজ আৰু বলিউদ (Bollywood)ৰ অভিনেতা  ডেনী ডেঞ্জংপা (Danny Denzongpa) আৰু জয়া ভাদুৰী (Jaya Bhaduri) আছিল  তেখেতৰ অনুজ। ২ বছৰীয়া অভিনয়ৰ শিক্ষা সাং কৰিয়েই তেওঁ প্ৰথম ছবিত অভিনয় কৰিছিল। পুনে (Pune) ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই তেখেতে অমৰ পাঠক (Amar Pathak)ৰ ‘সংগ্ৰাম’ (Sangram) বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম'(Sangram) বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

Read Also: শীলা বৰঠাকুৰ জীৱনী | Sheela Borthakur Biography

নিপন গোস্বামীৰ দ্বাৰা অভিনীত প্ৰথম অসমীয়া ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ । তেখেতে তাত শিশু শিল্পী হিচাপে ভুমুকা পালন কৰিছিল। তেখেতৰ পিতৃয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথম বাৰৰ বাবে কেমেৰাত ভূমুকি মাৰিছিল। ‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।

তেখেতে চলচ্চিত্ৰৰ সমান্তৰালভাৱে  মঞ্চাভিনয়ো অব্যাহত ৰাখিছে। লগতে ‘ভ্ৰাম্যমাণ থিয়েটাৰ’টো অভিনয় কৰিছে। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ সুখ্যাত নাটক ‘অসীমত যাৰ হেৰাল সীমা’ৰ ‘চন্দন’ৰ চৰিত্ৰত তেখেতে অভিনয়  কৰিছিল। অভিনয়ৰ লগতে তেখেতে  নাটক পৰিচালনাও কৰি আহিছে। এমেচাৰ(Amateur) আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। টেলিফিল্মো পৰিচালনা কৰিছে। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল। এতিয়াও চলচ্চিত্ৰ আৰু ভিচিডি ছবিত নিপন গোস্বামীয়ে অভিনয় কৰি গৈছে। মাজতে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও  সেইটোৰপৰা তেখেতে অব্যাহতি লয়।

তেখেতৰ দ্বাৰা অভিনীত অসমীয়া ভাষাৰ চলচ্চিত্ৰ কেইখন হ’ল-

  • সংগ্ৰাম (১৯৬৫)
  • ডক্তৰ বেজবৰুৱা
  • শেষ বিচাৰ
  • আজলী নবৌ
  • ককাদেউতা নাতি আৰু হাতী
  • নয়নমনি
  • দূৰণিৰ ৰং
  • ঘৰ সংসাৰ
  • জীৱন সুৰভি
  • প্ৰতিমা
  • পূজা
  • মৰিচিকা
  • মইনাজান
  • মানৱ আৰু দানৱ
  • শকুন্তলা আৰু শংকৰ জোচেফ আলি
  • প্ৰতিদান
  • ছিৰাজ
  • হিয়া দিয়া নিয়া
  • ককাদেউতাৰ ঘৰজোঁৱাই
  • কাদম্বৰী
  • মিঠা মিঠা লগনত
  • পলে পলে উৰে মন
  • বহাগৰ দুপৰীয়া
  • অঘৰী আত্মা
  • জীৱন বাটৰ লগৰী
  • বৰুৱাৰ সংসাৰ
  • আই মোৰ জনমে জনমে
  • প্ৰিয়া মিলন
  • বৰলাৰ ঘৰ
  • বাংলা ভাষাৰ চলচ্চিত্ৰ কেইখন হ’ল 
  • তুষাৰতীৰ্থ অমৰনাথ
  • মৌ শেৰ
  • দেবাঞ্জলী
  • দুৰন্ত চৰাই
  • হিন্দী ভাষাৰ চলচ্চিত্ৰকেইখন ক্ৰমে
  • দো অনজানে
  • জগ্গু
  • দো ভাই
  • মৌকা
  • বিৰোধী

অসমৰ অভিনয় জগতখনৰ এইজন স্বনামধন্য অভিনেতা চনৰ দিন জিলিকি ৰওকঁ এক উজ্জ্বল নক্ষত্ৰ হৈ। অনাগত সময়বোৰতো তেখেতে অসমীয়া বোলছবি জগতলৈ এনেদৰেই যেন নিজৰ অতুলনীয় অৱদান আগবঢ়াই যাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top