ফনি শৰ্মা জীৱনী | Phani Sarma Biography

ফনি শৰ্মা | Phani Sarma Essay in Assamese | Biography of Phani Sarma in Assamese | ফনি শৰ্মা বিষয়ে জীৱনী | ফনি শৰ্মা বিষয়ে ৰচনা | ফনি শৰ্মাৰ চমু পৰিচয়।

অসমৰ চিৰ নমস্য ব্যক্তিসকলৰ মাজৰ এজন অন্যতম ব্যক্তি আছিল ফণী শৰ্মা। তেখেত আছিল একেধাৰে নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। প্ৰথম অৱস্থাত মঞ্চ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত অভিনয় কৰিছিল। তদুপৰি তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাতো অভিনয় কৰিছিল। অসমীয়া নাট্যজগতলৈ ফণী শৰ্মাদেৱে আগবঢ়োৱা অৱদানক সন্মান জনাই তেখেতক “নটসূৰ্য” উপাধিৰে বিভূষিত কৰা হৈছিল।

Phani Sarma

ফনি শৰ্মা জীৱনী | Phani Sarma Biography

নামফনি শৰ্মা (Phani Sarma)
জন্ম১৯০৯
মৃত্যু৩১ জুলাই, ১৯৭০
পেচাঅভিনেতা, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ

তেজপুৰৰ  থকা ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিছাপে ফণী শৰ্মাদেৱে নাট্যশালাৰ জীৱন আৰম্ভ কৰিছিল। তেখেতৰ দেউতাক মোলান শৰ্মাও এজন নাট বিশেষজ্ঞ আৰু বাণ ৰঙ্গমঞ্চৰ সু-অভিনেতা হিছাপে জনাজাত আছিল। দেউতাকৰ সৈতে নিয়মিত নাট্যশালালৈ গৈ ফণী শৰ্মাই ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ অভিনেতাসকলৰ সান্নিধ্য লাভ কৰিছিল। সেই সময়ৰ পৰাই তেখেত ক্ৰমাৎ নাট্যজগতৰ প্ৰতি আকৃষ্ট হৈছিল। ১৯২৮ চনত তেখেতে বাণ ৰঙ্গমঞ্চৰ ‘ৰাণা প্ৰতাপ’ নাটকত ‘আকবৰ’ৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰ পৰৱৰ্তী সময়ত ১৯৩০ চনত ফণী শৰ্মাই পৰিভ্ৰমী নাট্যদল কহিনুৰ অপেৰাত যোগদান কৰে। শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কহিনুৰ অপেৰাই নাট মঞ্চস্থ কৰি গৈছিল আৰু ফণী শৰ্মাৰ অভিনয় আছিল ইয়াৰ অন্যতম আকৰ্ষণ। ইয়াৰ জড়িয়তে অসমত এক নাট্য আন্দোলন আৰম্ভ কৰাৰ উপৰিও ১৯৩১ চনত কহিনুৰ অপেৰাই অসমৰ মঞ্চত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ সূত্ৰপাত ঘটাইছিল।তাৰোপৰি কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত আৰম্ভ হোৱা পূৰ্বজ্যোতি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম বৰ্ষৰপৰাই ফণী শৰ্মাদেৱে কেবাখনো নাটক পৰিচালনা কৰিছিল। 

Read Also: নিপন গোস্বামী জীৱনী | Nipon Goswami Biography

 ১৯৩৫ চনত ফণী শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।পুনৰ  আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতীত তেখেতে নায়কৰ বন্ধু ‘ললিত’ৰ ভূমিকাত অভিনয় কৰে। ১৯৪৮ চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত যুটীয়া ভাৱে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত ছিৰাজ নামৰ বোলছবি নিৰ্মাণ কৰে। পুনৰ ১৯৫৫ চনত তেখেতে পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰিছিল। ১৯৬৩ চনত তেখেতে ইটো সিটো বহুতোত কেৱল অভিনয় কৰে আৰু চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়।

মঞ্চ আৰু চলচ্চিত্ৰত অভিনয়ৰ উপৰি তেখেত আছিল এজন সুপ্ৰসিদ্ধ নাট্যকাৰ। সংখ্যাত কম হ’লেও তেখেতৰ নাটক গুণমানবিশিষ্ট আছিল। বিশ্বজনীন কাহিনী আৰু আবেদন থকা তেখেতৰ মঞ্চনাটসমূহ সদায় দৰ্শক আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল।

বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ গ্ৰন্থ ‘কোঁৱৰ বিদ্ৰোহ’ত বৰ্ণনা কৰা আহোম স্বৰ্গদেউ চুন্যেওফাৰ দিনত হোৱা বিদ্ৰোহৰ আলম লৈ ফণী শৰ্মাই বুৰঞ্জীমূলক নাটক ‘ভোগজৰা’ লিখি উলিয়াইছিল।  জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পদানুসৰণ কৰি ফণী শৰ্মাই অসমীয়া মানুহ আৰু সংস্কৃতিৰ পৰিচয় বহন কৰা কেইবাখনো নাট লিখি উলিয়াইছিল। ১৯৪৮ চনত বোলছবি ছিৰাজৰ সফলতাৰ পিছত তেখেতে একে নামৰ নাটক এখন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল আৰু ইয়াৰ বিষয়বস্তু আছিল হিন্দু-মুছলমানৰ একতা। ফণী শৰ্মাই নিজেই নাটকখনৰ নামভূমিকাত অভিনয় কৰে আৰু ১৯৫০-৬০ৰ দশকত এশতকৈও অধিক ঠাইত নাটখন মঞ্চস্থ কৰে।

এজন অভিনেতা হিচাপে নিজৰ অভিজ্ঞতা আৰু অভিনয় কালত পুত্ৰৰ মৃত্যুৰ সংবাদত পোৱা এইজন ব্যক্তিয়ে ফণী শৰ্মাই সামাজিক নাটক ‘কিয়’ ৰচনা কৰিছিল।তদুপৰি ৰাজনৈতিক ভ্ৰষ্টাচাৰক লৈ তেখেতে ‘নাগ-পাশ’ নামৰ আন এখন নাটক ৰচনা কৰিছিল। তেখেতৰ ‘ক’লা বজাৰ’ নাটকত তেখেতে সামাজিক ন্যায় আৰু অসমতাৰ দৰে গম্ভীৰ বিষয়ৰ লগতে হাস্যৰসো সন্নিৱিষ্ট কৰে। ফণী শৰ্মাদেৱে জে. বি. প্ৰিষ্টলীৰ বিখ্যাত নাটক এন ইন্সপেক্টৰ কল্‌ছ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।

তেখেতে অভিনয় কৰা চলচ্চিত্ৰ কেইখন আৰু চৰিত্ৰ সমূহ ক্ৰমে

  • ১১৯৩৫-জয়মতী-গাঁঠি হাজৰিকা
  • ২১৯৩৭-দেৱদাস
  • ৩১৯৩৯-ইন্দ্ৰমালতী-ললিত
  • ৪১৯৪৮-ছিৰাজ-ছিৰাজ
  • ৫১৯৫৫-পিয়লী ফুকন-পিয়লি ফুকন
  • ৬১৯৬১-লাচিত বৰফুকন-ৰছিদ খাঁ
  • ৭১৯৬৩-ইটো সিটো বহুতো-অৱসৰপ্ৰাপ্ত সেনা বিষয়া
  • ৮১৯৬৪-মণিৰাম দেৱান-মণিৰাম দেৱান

‘ৰং-বিৰং’খন আছিল ফণী শৰ্মাদেৱৰ আত্মজীৱনী। হাস্য-ব্যংগৰে ভৰপূৰ এই আত্মজীৱনীখনত সেই সময়ত অসমৰ সাংস্কৃতিক জগতৰ ছবি বিদ্যমান হৈ আজিও জিলিকি আছে। বিষ্ণু ৰাভাৰ লগত তেখেতৰ সাংস্কৃতিক পৰিক্ৰমা, অসমীয়া

ভ্ৰাম্যমাণ নাটকৰ আৰম্ভণিৰ কাল আৰু জয়মতী চলচ্চিত্ৰ নিৰ্মাণৰ বহুতো অভিজ্ঞতাৰ বৰ্ণনা এই আত্মজীৱনী খনত পোৱা যায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top