উপেন্দ্ৰ চন্দ্ৰ লেখাৰু জীৱনী | Upendra Chandra Lekharu Biography

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু | Upendra Chandra Lekharu Essay in Assamese | Biography of Upendra Chandra Lekharu in Assamese | উপেন্দ্ৰ চন্দ্ৰ লেখাৰু বিষয়ে জীৱনী | উপেন্দ্ৰ চন্দ্ৰ লেখাৰু বিষয়ে ৰচনা | উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ চমু পৰিচয়।

Join Telegram channel

মাধৱ কন্দলীৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কালৰ হীৰেন ভট্টাচাৰ্যৰ দৰে বহুতো কবি সাহিতিক্য সকোলোৰ ভিতৰৰ  শঙ্কৰদেৱৰ পিছৰ সময়ৰ এগৰাকী নীৰৱ – নিৰহংকাৰী  পণ্ডিত তথা অসমীয়া পুৰণি সাহিত্যৰ বিশেষকৈ  বৈষ্ণৱ সাহিত্যৰ গৱেষক তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰক হ’ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

Upendra Chandra Lekharu

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু জীৱনী | Upendra Chandra Lekharu Biography

নামউপেন্দ্ৰ চন্দ্ৰ লেখাৰু (Upendra Chandra Lekharu)
জন্ম১৩ জানুৱাৰী ১৯০৫ চন
পিতৃৰ নামনন্দৰাম লেখাৰু
মাতৃৰ নামসোণপাহী লেখাৰু
জন্ম স্থানউত্তৰ গুৱাহাটী, ৰুদ্ৰেশ্বৰ
শিক্ষাস্নাতক (আইন), স্নাতকোত্তৰ
মৃত্যু৩ জুন, ১৯৭৯ চন

আৰম্ভণি

১৯০৫ চনৰ ১৩ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰ নামৰ ঠাইত জন্ম গ্ৰহন কৰিছিল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ। তেখেতৰ পিতৃৰ নাম আছিল নন্দৰাম লেখাৰু আৰু মাতৃৰ নাম আছিল সোণপাহী লেখাৰু। তেখেতৰ মাতৃ  বৰ ধৰ্মভীৰু আছিল। সৰুতেই পৰিয়ালৰ ধৰ্মীয় প্ৰভাৱ লেখাৰুৰ গাত  পৰিছিল। অসমীয়া মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহন কৰা লেখাৰু  জীৱন বাটত বহুতো ঘাত প্রতিঘাত তথা অভাৱ অনাটনৰ সন্মুখীন হ’ব লগীয়া হৈছিল। তথাপি তেওঁৰ মন সদায় প্ৰফুল্লিত হৈ আছিল আৰু কেতিয়াও মান – যশ, প্ৰসংশা পদৱীৰ  প্ৰতি লালায়িত নোহোৱা  লেখাৰুৰ চৰিত্ৰ গীতাৰ ‘কৰ্মণ্যে ব্যধিকাৰস্তে মা ফলেষু কদাচন’ বাণীটো বাৰুকৈয়ে খাটিছিল।

শিক্ষা জীৱন

উত্তৰ গুৱাহাটীৰ পৰাই উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে তেওঁৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল। ১৯১৮ চনত তেওঁ উত্তৰ গুৱাহাটীৰ মাইনৰ স্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত বহিছিল আৰু সফলতাৰে  উৰ্ত্তীণ  হৈছিল। শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট স্কুল’ত নাম ভৰ্তি কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯২২ চনত এইখন স্কুলৰ পৰাই গণিত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰৱেশিকা  পৰীক্ষাত প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হৈছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তভৰ্তি কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯২২ চনত এইখন স্কুলৰ পৰাই গণিত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰৱেশিকা  পৰীক্ষাত প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হৈছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰিছিল আৰু ১৯২৪ চনত তেওঁ প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হৈছিল। ১৯২৬ চনত লেখাৰুৱে কটন কলেজৰ পৰাই  দৰ্শন বিষয়ত অনাৰ্চ লৈ দ্বিতীয় শ্ৰেণীৰ নৱম স্থান অধিকাৰ কৰি  সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ আধুনিক ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্নাতকোত্তৰ অধ্যয়ন কৰি থকা অৱস্থাতে তেঁও গুৱাহাটীৰ আৰ্ল ল কলেজত আইন অধ্যয়ন কৰিবলৈ লৈছিল আৰু তেওঁ সুখ্যাতিৰে  আইনত  ডিগ্ৰী লাভ কৰিছিল। 

কৰ্মজীৱন

শিক্ষা জীৱন শেষ কৰি উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে উত্তৰ গুৱাহাটীৰ আউনীআটী কমলদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত  এজন  শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰিছিল। উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত তেওঁ ১৯৩৬ চনত গুৱাহাটীতেই কেইমাহ মান ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁ ওকালতি কৰি ভাল পোৱা নাছিল আৰু পিছলৈ তেওঁ ওকালতি বাদ দি পুনৰ শিক্ষকতা কৰিবলৈ লৈছিল। ১৯৩১ চনত লেখাৰুৱে গুৱাহাটিত ‘আনন্দৰাম বৰুৱা পুথিভঁৰাল’ প্ৰতিষ্ঠা কৰিছিল লগতে তেওঁ পুথিভঁৰাল খন চহকী কৰি তুলিবলৈ অশেষ কষ্ট কৰিছিল ইয়াৰ উপৰি পুথি সংগ্ৰহকৰিবলৈ অন্যান্য বহুতো লোকে তেখেতক সহায় সহযোগিতা কৰিছিল। তেখেতেৰ ‘আনন্দৰাম বৰুৱা পুথিভঁৰাল’ স্থাপন কৰাৰ ‘উদ্দেশ্য’ আছিল ইয়াৰ যোগেদি অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰা। পুথিভঁৰালখনৰ প্ৰতি থকা কৰ্ম কুশলতা আৰু উদ্যম দেখি পিছলৈ তেঁওক কটন কলেজৰ পুথিভঁৰালৰ গ্ৰন্থগাৰিক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছত উপেন্দ্ৰ চন্দ্ৰ

লেখাৰুৱে  ১৯৩৮ চনত কটন মহবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল আৰু তেঁও অসমীয়া বিভাগৰ এজন সুদক্ষ অধ্যাপক হিচাপে নিজৰ দায়িত্ব অতি আগ্ৰহেৰে পালন কৰিছিল। লেখাৰুদেৱ সমাজত এজন আদৰ্শৱান শিক্ষকৰূপে পৰিগণিত হৈছিল। তেওঁ সুদীৰ্ঘ ২১ বছৰ কাল কটন মহবিদ্যালয়ত অধ্যাপনা কৰি ১৯৫৯ চনৰ ডিচেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ গ্ৰহণ কৰাৰ  পিছত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে  বৃন্দাবনত গৈ থাকিবলৈ লৈছিল। তাৰ পিছত ১৯৬০ চনত লেখাৰুদেৱে বৃন্দাবনত বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী শঙ্কৰদেৱ আসনৰ বাবে গৱেষণা পৰিচালক অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল । পিছলৈ এই অনুষ্ঠানটিৰ নামকৰণ কৰা হয় ‘ইনষ্টিটিউট অৱ অ’ৰিয়েন্টেল  ফিল’ছফী’ আৰু অধ্যাপক লেখাৰুৱে তাৰ ‘ডান’ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ।

বৃন্দাবনত তেওঁ অসমৰ কেইবাগৰাকী ধৰ্মপ্ৰাণ বৈষ্ণৱৰ সহযোগত শ্ৰী শ্ৰী শঙ্কৰদেৱ সেৱা সংঘ প্ৰতিষ্ঠা কৰিছিল আৰু তেঁও তাৰ সম্পাদক হৈছিল। ইয়াৰ উপৰি তাত থকা শ্ৰী শ্ৰী শঙ্কৰ মন্দিৰ আৰু যাত্ৰী নিবাসৰ নিৰ্মাণতো তেওঁৰ অৱদান উল্ল্যেখনীয়। অধ্যাপক লেখাৰুৰ তত্বাৱধানত অসমৰ কেইবাগৰাকী গৱেষকে উক্ত বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল। মামণি ৰয়ছম গোস্বামী  সেইখন বিশ্ববিদ্যায়ত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ছাত্ৰী আছিল। ১৯৬৯ চনত মামণি ৰয়ছম গোস্বামীয়ে তাইৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত বৃন্দাবন ইনষ্টিটিউট অৱ অ’ৰিয়েন্টেল  ফিল’ছফীত ৰামায়ণী সাহিত্যৰ গৱেষণা কৰিছিল। লেখাৰুদেৱ বৃন্দাবনৰ ৰাইজৰ চকুত ‘অসমৰ মহাত্মা’ আছিল। বহু বছৰ কাল অসম সাহিত্য সভাৰ পৰা আঁতৰত থকাৰ পিচত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ১৯৭০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ধিং’ ৰ সপ্তত্ৰিংশ  অধিৱেশনত সভাপতিৰ  আসন অলংকৃত কৰিছিল।১৯৭৪ চনত লেখাৰুদেৱ বৃন্দাবনৰ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লৈ  গুৱাহাটীলৈ উভতি আহিছিল আৰু নিজ বাসভৱনত থাকিবলৈ লৈছিল। 

Read Also: ফনি শৰ্মা জীৱনী | Phani Sarma Biography

অসমীয়া সাহিত্য জগতৰ এজন সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক হিচাপে অৱদান আগবঢ়োৱা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ‘জনশিক্ষা ‘ নামৰ আলোচনীৰ সম্পাদক ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি  অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ ‘মিলন’ ৰ সম্পাদনা সমিতিৰ লগত জড়িত আছিল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ। 

সাহিত্য ৰাজি

উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ লিখনি প্ৰচুৰ আছিল বুলি কব নোৱাৰি। তেখেতৰ সাহিত্য কৃতি প্ৰধানকৈ  অনুৱাদ, সমালোচনা আৰু সম্পাদনা। তেখেতে স্কুলীয়া জীৱনৰ পৰাই প্ৰৱন্ধ আদি লিখিবলৈ আৰম্ভ কৰিছিল আৰু তেঁও লিখা প্ৰৱন্ধ বোৰ ‘মিলন’ ,’চেতনা’, আৱাহন’ আদি আলোচনীৰ যোগেদি প্ৰকাশ কৰিছিল।  উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে অনুৱাদেৰে সাহিত্য জীৱনৰ আৰম্ভ কৰিছিল।ছাত্ৰাৱস্থাৰে পৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সাহিত্য চৰ্চাত আগ্ৰহী আছিল। ১৯২২ চনত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে প্ৰৱেশিকা পৰীক্ষা দি উঠি শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ পুথি এখন বঙালী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। ১৯৪৭ চনত তেওঁ ধৰ্মপদৰ মূল সহিত অসমীয়ালৈ ভাঙনি কৰি উলিয়াইছিল। তাৰ পিছত ১৯৪৮ চনত তেওঁ  এনক ‌আৰ্ডেন গ্ৰন্থ খন  অসমীয়ালৈ ভাঙনি কৰিছিল। এই দুখন গ্ৰন্থৰ ভাঙনিয়ে তেখেতক সাহিত্য সমাজত সুপৰিচিত কৰিছিল।১৯৫১ চনত  তেওঁ ভট্টদেৱৰ লিখিত গ্ৰন্থ ভক্তি বিবেক অসমীয়া ভাষালৈ  অনুবাদ কৰিছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে প্ৰধানকৈ ধৰ্মীয় বৈষ্ণৱ সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। তেখেত অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী অন্যতম গৱেষক পণ্ডিত আছিল।  ইয়াৰ উপৰি তেওঁ পিছলৈ বহুতো  গ্ৰন্থ প্ৰৱন্ধ লিখিছিল ইয়াৰে অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ হ’ল  তেখেতে সম্পাদনা কৰা বৃহৎ কলেবৰ ‘কথা গুৰু চৰিত ‘ (১৯৫২) ইয়াৰ উপৰিও তেওঁ সম্পাদনা কৰা উল্লেখযোগ্য  গ্ৰন্থ হ’ল – কথা সাহিত্য (১৯৪০) আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী। আধুনিক বিজ্ঞান সন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ সম্পাদিত উল্লেখযোগ্য গ্ৰন্থ সংকলন দুখন হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য।  উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ লিখা আলোচনা  সাহিত্য সমূহ হ’ ল বিশ্ববিদ্যালয়ৰ ৰচনাৱলী (১৯৫১), জন শিক্ষা, আদৰ্শ ৰচনাৱলী (১৯৪৯)। অসমীয়া ৰামায়ণী সাহিত্য (১৯৪৮), অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ (১৯৪৮), লক্ষ্মীনাথ বেজবৰুৱা (১৯৭৯), সভাপতিৰ অভিভাষণ সপ্তত্ৰিংশ ধিং অধিৱেশন (১৯৭০), আৰু বঙলা ভাষাত ৰচিত শ্ৰী শ্ৰী হেড়ীয়াখান বাবা আদি লেখাৰুদেৱৰ ৰচিত মৌলিক সাহিত্য বুলি কোৱা হয়। তেখেতে লিখি উলিওৱা প্ৰৱন্ধ সংকলন সমূহ হ’ল – এখনি পুৰণি পুথি,পুৰণি পুথি সংগ্ৰহ, শ্ৰী কৃষ্ণ প্ৰয়ানং নাম নাটক, অসমীয়া প্ৰাক শংকৰী যুগৰ বিষ্ণ আৰু বৈষ্ণৱ, মাধৱ কন্দলীৰ ৰামায়ণ। ইয়াৰ উপৰি তেওঁ ইংৰাজী ভাষাতো প্ৰৱন্ধ সংকলন লিখিছিল  সেইবোৰ হ’ল – Religion in Assam throughout the ages, concept of siba according to shree sankardev। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ কিছুমান অপ্ৰকাশিত সাহিত্য সম্ভাৰ হ’ল – ভাগৱতৰ আদিকথা (প্ৰথম আৰু দ্বিতীয় খণ্ড),বিবিধ বিষয়ক প্ৰৱন্ধ,লেখাৰুৰ স্বপ্ন বিচিত্ৰা,বৰগীতৰ ইংৰাজী অনুবাদ ইত্যাদি।

সামৰণি

জীৱনৰ আৰম্ভণিৰে পৰা বহুতো বাধা বিঘিনিৰ মাজতো ধৈৰ্য্য  সহকাৰে কচুপাতৰ পানী হৈ লেখাৰুদেৱে সততাৰে জীৱনত নিজকে প্ৰতিষ্ঠিত কৰিছিল। সংসাৰী হৈয়ো বৈৰাগ্য অনুশীলন কৰা  লেখাৰুদেৱৰ জীৱন আৰু জীৱন দৰ্শন  মানৱ জাতিৰ  সুখী জীৱন যাপনৰ এক মধুৰ আদৰ্শ  স্বৰূপ। ১৯৭৯ চনত ৩ জুন  তাৰিখে ৭৪ বছৰ  গুৱাহাটীৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে লেখাৰুদেৱে। সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ যোৱা সাহিত্যৰ তত্বপিপাসু নীৰৱ সাধক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অসম তথা অসমীয়াৰ বাবে গৌৰৱ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top