SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি

SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি Question Answer, SEBA Class 8 Maths Notes in Assamese Medium, SEBA Class 8 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি Notes and select needs one.

SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 8 Mathematics Chapter 4 ব্যৱহাৰিক জ্যামিতি Solutions for All Subject, You can practice these here.

ব্যৱহাৰিক জ্যামিতি

Chapter – 4

অনুশীলনী – 4.1

1. তলৰ চতুৰ্ভূজজবোৰ অংকন কৰাঃ

(i) চতুৰ্ভূজ ABCD য’ত AB = 4 চে.মি., BC = 6 চে.মি., CD = 5 চে.মি., DA = 5.5 চে.মি. আৰু কৰ্ণ AC = 7 চে.মি.

উত্তৰঃ 

(ii) চতুর্ভুজ ABCD য’ত AB = 4 চে.মি., BC=3 চে.মি., DA = 2.8 চে.মি., কর্ণ AC = 5 চে.মি. আৰু কৰ্ণ BD = 4.5 চে.মি.

উত্তৰঃ 

(iii) চতুৰ্ভূজ PQRS য’ত QR = 4.5 চে.মি., PS = 5.5 চে.মি., RS = 5 চে.মি., কর্ণ PR = 5.5 চে.মি., আৰু কৰ্ণ QS = 7 চে.মি.।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ 

(iv) সামান্তৰিক EFGH য’ত FG = 7চে.মি., GH = 5.5 চে.মি.,আৰু HE = 8.5 চে.মি.।

উত্তৰঃ

(v) ৰম্বাছ DEFG য’ত DE = 5 চে.মি. আৰু EG = 6.5 চে.মি.

উত্তৰঃ 

(vi) ৰম্বাছ LMNO য’ত LN = 6 চে.মি. আৰু MO = 7 চ.মি.

উত্তৰঃ 

অনুশীলনী 4.2

1. এটা চতুৰ্ভূজ ABCD অংকন কৰা য’ত AB = 6 চে.মি., BC = 7 চে.মি., CD = 6.5 চে.মি. DA = 5.5 চে.মি.আৰু ∠B = 105°

উত্তৰঃ

অংকন পর্যায়ঃ

স্তৰ 1: AB = 6 চে.মি. ৰেখাখণ্ড অঁকা হ’ল (স্কেলৰ সহায়ত)।

স্তৰ 2: ∠B = 105° কোণ অংকন কৰা হ’ল।

স্তৰ 3: B বিন্দুক কেন্দ্ৰ কৰিৰ 7 চে.মি. ব্যাসার্ধ এটা বৃত্তচাপ অঁকা হ’ল। বৃত্তচাপটোৱে কটা বিন্দুটোক C ৰে চিহ্নিত কৰা হ’ল।

স্তৰ 4: A ক কেন্দ্ৰ ধৰি DA = 5.5 চে.মি. ব্যাসৰ্দ্ধৰ এটা বৃত্তচাপ অঁকা হ’ল।

স্তৰ 5: C বিন্দুক কেন্দ্ৰ কৰি CD = 6.5 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ অঁকা হ’ল যাতে আগৰ (স্তৰ 4) বৃত্তচাপ ছেদ কৰে। 

স্তৰ 6: স্তৰ 4 আৰু স্তৰ 5 ত অঁকা বৃত্তচাপে ছেদ কৰা বিন্দুটোৰ অৱস্থান হ’ব D।

স্তৰ 7: AD, আৰু CD সংযোগ কৰা হ’ল আৰু ABCD চতুর্ভূজটো সম্পূর্ণ কৰা হ’ল।

2. এটা চতুৰ্ভূজ অংকন কৰা য’ত AB = 5 চে.মি., BC = 4 চে.মি. CD = 3.5 চে.মি., DA = 4.5 চে.মি. আৰু ∠C = 75°

উত্তৰঃ

অংকন পর্যায়ঃ

স্তৰ 1: BC = 4 চে.মি. জোখত অঁকা হ’ল।

স্তৰ 2: C বিন্দুত BC ৰ সৈতে ∠BCX = 75° কোণ অঁকা হ’ল।

স্তৰ 3: C বিন্দুক কেন্দ্ৰ ধৰি 3.5 চে.মি. ব্যাসার্ধৰ এটা বৃত্ত চাপ অঁকাত ই CX ৰ D বিন্দুত কাটিছে।

স্তৰ 4: D বিন্দুক কেন্দ্ৰ ধৰি DA = 4.5 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ আঁকা হ’ল আৰু B বিন্দুক কেন্দ্ৰ ধৰি AB = 5 চে.মি. ব্যাসার্ধৰ আন এটা বৃত্তচাপ (আগৰ বৃত্তচাপক কটাকৈ) অঁকা হ’ল। দুয়োটা বৃত্তচাপে A বিন্দুত কটাকটি কৰিছে।

স্তৰ 5: BD, DA আৰু AB সংযোগ কৰা হ’ল। এতিয়া ABCD চতুর্ভূজটো উৎপন্ন হ’ল। ABCD চতুৰ্ভূজেই হ’ব আঁকিবলগীয়া প্রদত্ত চতুর্ভূজ।

3. এটা চতুর্ভূজ ABCD অংকন কৰা য’ত AB = 4 চে.মি., BC = 7 চে.মি., ∠A = 105°, ∠B = 75° আৰু ∠C = 120°

উত্তৰঃ 

অংকন পৰ্য্যায়ঃ

স্তৰ 1: 4 চে.মি. দৈৰ্ঘাৰ এডাল ৰেখাখণ্ড স্কেলৰ সহায়েৰে অঁকা হ’ল, সেয়া হ’ব, AB = 4 চে.মি.

স্তৰ 2: A বিন্দুত 105° কোণ অংকন কৰা হ’ল।

স্তৰ 3: B বিন্দুত কোণমান যন্ত্র নাইবা আন পদ্ধতিৰে 75° কোণ অঁকা হ’ল।

স্তৰ 4: B বিন্দুক কেন্দ্ৰ কৰি 7 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তচাপ BX ৰশ্মিৰ ওপৰত অঁকা হ’ল। BX আৰু বৃত্তচাপৰ ছেদ কৰা বিন্দুটোৱে C বিন্দুৰ অৱস্থান (কাৰণ BC = 7 চে.মি.)

স্তৰ 5: C বিন্দুত 120° কোণ অংকন কৰা হ’ল আৰু CY ৰশ্মি অঁকা হ’ল।

স্তৰ 6: AZ ৰশ্মি আৰু CY ৰশ্মিৰ ছেদ বিন্দুটোৱেই চতুৰ্ভূজৰ চতুৰ্থ শীর্ষ বিন্দু D ৰ অৱস্থান।

ABCD হৈছে আঁকিব লগীয়া চতুৰ্ভূজ।

4. এটা চতুর্ভূজ EFGH অংকন কৰা য’ত EF = 5চে.মি., FG = 7.5 চে.মি., ∠E = 90°, ∠G = 105° আৰু ∠H = 80°

উত্তৰঃ

অংকন পৰ্য্যায়ঃ

স্তৰ 1: EF = 5 চে.মি. জোখত অঁকা হ’ল।

স্তৰ 2: F বিন্দুত FX ৰশ্মি অঁকা হ’ল যাতে ∠EFX = 85° চতুৰ্ভূজৰ কোণৰ সমষ্টিৰ ধৰ্মৰ পৰা,

∠E+∠G+∠H+∠F = 360°

⇒ 90° + 105° + 80° + ∠F = 360

⇒ 275° + ∠F = 360

⇒ ∠F = 360° – 275 = 850

স্তৰ 3: FX ৰশ্মিৰ পৰা, FG = 7.5 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 4: G বিন্দুত GY ৰশ্মি অঁকা হ’ল যাতে ∠FGY = 105°

স্তৰ 5: E বিন্দুত EZ ৰশ্মি অঁকা হ’ল যাতে ∠FEZ = 90° GY আৰু EZ ৰশ্মিয়ে H বিন্দুত কটাকটি কৰিছে।

গতিকে EFGH য়েই হ’ব আঁকিবলগীয়া প্ৰদত্ত চতুৰ্ভুজ।

5. এটা সামাস্তৰিক PQRS অংকন কৰা য’ত PQ = 6 চে.মি. QR = 7 চে.মি., আৰু ∠S = 85°

উত্তৰঃ

অংকন পৰ্য্যায়ঃ

স্তৰ 1: 6 চে.মি., জোখত PQ ৰেখাখণ্ড অঁকা হ’ল।

স্তৰ 2: Q বিন্দুত 85° কোণটো অঁকা হ’ল। ∠PQX = 85°

[সামাস্তৰিকৰ বিপৰীত কোণবোৰ সমান]

স্তৰ 3: QX ৰশ্মিৰ পৰা QR = 7 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 4: P বিন্দুক কেন্দ্ৰ কৰি 7 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ আৰু R বিন্দুক কেন্দ্ৰ কৰি 6 চে.মি. ব্যাসার্ধৰ এটা চাপ অঁকা হ’ল যাতে দুয়োটা চাপে কটাকটি কৰে। কটাকটি কৰা বিন্দুটো S।

 RS আৰু SP সংযোগ কৰা হ’ল।

∴ PQRS সামান্তৰিকটোৱেই হ’ব আঁকিবলগীয়া প্ৰদত্ত সামান্তৰিক।

6. এটা আয়ত LMNO অংকন কৰা যত LM = 6 চে.মি. আৰু MN = 4 চে.মি.

উত্তৰঃ

অংকন পৰ্য্যায়ঃ

স্তৰ 1: LM = 6 চে.মি. জোখত ৰেখাখণ্ডটো অঁকা হ’ল।

স্তৰ 2: M বিন্দুত MX ৰশ্মি অঁকা হ’ল যাতে ∠LMX = 90° হয়।

স্তৰ 3: MX ৰশ্মিৰ পৰা MN = 4 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 4: L বিন্দুক কেন্দ্ৰ ধৰি 4 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ অঁকা হ’ল।

স্তৰ 5: N বিন্দুক কেন্দ্ৰ ধৰি 6 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ অঁকা হ’ল যাতে ই স্তৰ 4ত অঁকা বৃত্তচাপক কাটে। আৰু কটাকটি কৰা বিন্দুটো O লোৱা হ’ল।

স্তৰ 6: LO আৰু NO সংযোগ কৰা হ’ল। এতিয়া, LMNO য়েই হ’ব আঁকিবলগীয়া আয়ত।

7. এটা চতুৰ্ভূজ PQRS অংকন কৰা য’ত PQ = 6 চে.মি., QR = 7 চে.মি., RS = 7.5 চে.মি., ∠Q = 105° আৰু ∠R = 80°

উত্তৰঃ

অংকন পৰ্য্যায়ঃ

স্তৰ 1: PQ = 6 চে.মি. জোখত ৰেখাখণ্ডটো অঁকা হ’ল।

স্তৰ 2: Q বিন্দুত DX ৰশ্মি টনা হ’ল যাতে ∠PQX = 105° হয়।

স্তৰ 3: QX ৰ পৰা QR = 7 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 4: R বিন্দুত YR ৰশ্মি টনা হ’ল যাতে ∠QRY = 80° হয়।

স্তৰ 5: RY ৰশ্মিৰ পৰা RS = 7.5 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 6: SP সংযোগ কৰা হ’ল।

এতিয়া, PQRS চতুর্ভুজটো পোৱা গ’ল। এই PQRS  চতুৰ্ভূজেই হ’ব আঁকিবলগীয়া প্রদত্ত ত্রিভুজ। 

8. এটা চতুর্ভুজ ABCD অংকন কৰা য’ত AB = 4.5 চে.মি., BC= 5.5 চে.মি., CD = 5 চে.মি., ∠ B = 68° আৰু ∠C = 90°

উত্তৰঃ

অংকন পৰ্য্যায়ঃ

স্তৰ 1: AB = 4.5 চে.মি. জোখত ৰেখাখণ্ড অঁকা হ’ল।

স্তৰ 2: B বিন্দুত BX ৰশ্মি অঁকা হ’ল যাতে ∠ABX = 68° হয়।

স্তৰ 3: BX ৰ পৰা BC = 5.5 চে.মি জোখত কাটি লোৱা হ’ল।

স্তৰ 4: C বিন্দুত CY ৰশ্মি অঁকা হ’ল যাতে ∠BCY = 90° হয়।

স্তৰ 5: CY ৰ পৰা CD = 5 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 6 : DA সংযোগ কৰা হ’ল।

এতিয়া উৎপন্ন হোৱা ABCD চতুৰ্ভূজটোৱেই হ’ল আঁকিবলগীয়া প্ৰদত্ত চতুর্ভুজ।

9. এটা আয়ত অংকন কৰা যাৰ সন্নিহিত বাহুৰ দীঘ 5 চে.মি. আৰু 7 চে.মি.।

উত্তৰঃ

অংকন পর্যায়ঃ

স্তৰ1: ধৰাহ’ল আয়তটো ABCD। AB = 5 চে.মি. জোখত ৰেখাখণ্ডটো অঁকা হ’ল।

স্তৰ 2: B বিন্দুত BX ৰশ্মি অঁকা হ’ল যাতে ∠ABX = 90° হয়।

স্তৰ 3: BX ৰ পৰা BC = 7 চে.মি. জোখত কাটি লোৱা হ’ল।

স্তৰ 4: A বিন্দুক কেন্দ্ৰ কৰি 7 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ অঁকা হ’ল।

স্তৰ 5: C বিন্দুক কেন্দ্ৰ কৰি 5 চে.মি. ব্যাসার্ধৰ এটা বৃত্তচাপ অঁকা হল। যাতে চাপটোৱে স্তৰ 4ত অঁকা চাপটো কাটে। ধৰাহ’ল চাপ দুটাই কটাকটি কৰা বিন্দুটো D.

স্তৰ 6: CD আৰু AD সংযোগ কৰা হ’ল। 

এতিয়া, ABCD এটা আয়ত উৎপন্ন হ’ল আৰু আয়তটোৰ সন্নিহিত বাহু দুটা ক্ৰমে AB = 5 চে.মি. আৰু BC = 7 চে.মি.

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top