SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ

SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ Question Answer, SEBA Class 8 Maths Notes in Assamese Medium, SEBA Class 8 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ Notes and select needs one.

SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 8 Mathematics Chapter 5 তথ্যৰ ব্যৱহাৰ Solutions for All Subject, You can practice these here.

তথ্যৰ ব্যৱহাৰ

Chapter – 5

অনুশীলনী – 5.1

1. অষ্টম শ্রেণীৰ 46 জন ছাত্ৰ ছাত্ৰীৰ বগা, ৰঙা, কলা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোণটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ’ল। প্রত্যেকজন ছাত্র ছাত্রীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল’ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Y ৰে চিহ্নিত কৰা হৈছে।

দাগচিহ্ন ব্যৱহাৰ কৰি এখন বাৰংবার্তা বিভাজন তালিকা প্রস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল  দণ্ডলেখ অংকন কৰা।

উত্তৰঃ

2. জোনাকী আত্মসহায়ক গোটৰ 35 জন দস্যৰ প্ৰতি মাহৰ জমা টকাত তলত দিয়া ধৰণৰ-

আদি অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাতা তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ

3. 2 নং প্ৰশ্নৰ তথ্য ৰাশিৰ পৰা প্ৰস্তুত কৰা বাৰংবাৰ্তা তালিকাখনৰ পৰা এটা হিষ্ট’গ্রাম বা স্তম্ভলেখ প্রস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) কোণটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে?

(ii) 150 বা তাতকৈ বেছি জমা কৰা মুঠ সদস্যৰ সংখ্যা কিমান?

(iii) কোন কেইটা শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান?

উত্তৰঃ

(i) আটাইতকৈ বেছি সদস্য থকা শ্ৰেণী অন্তৰালটো হ’ব, 140 – 150

(ii) 150 বা তাতকৈ বেছি জমা কৰা মুঠ সদস্যৰ সংখ্যা হ’ব 12 জন।

(iii) 110-120, 150-160 শ্রেণী অন্তৰাল আৰু 130-140, 180-190 শ্রেণী অন্তৰালত সদস্য সংখ্যা সমান।

4. এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকে প্রতিদিনে কিমান সময় পঢ়ে (ঘণ্টা  হিচাপত) কাষত স্তম্ভলেখত দেখুওৱা হৈছে–

স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়াঃ

(i) বেছিভাগ ছাত্ৰৰ ছাত্ৰীয়ে প্রতিদিনে কিমান সময় পঢ়ে?

উত্তৰঃ বেছি ভাগ ছাত্র ছাত্রী পঢ়া সময় 4 ৰ পৰা 5 ঘণ্টা।

(ii) প্রতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 12 + 8 + 14 = 24 জন।

(iii) 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ 4 ঘণ্টাতকৈ কম পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা = 4 + 10 + 8 = 22 জন।

5. 30 জন ছাত্ৰ ছাত্ৰীৰ উচ্চতা (চেমি.ত) তলত দিয়া  ধৰণৰ-

উপযুক্ত অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ

অনুশীলনী  5.2

1. তলত 60 জন মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে। তথ্য খিনিৰ পৰা এখন পাইচিত্র অংকন কৰা।

খেলৰ নাম মানুহৰ সংখ্যা
ক্ৰিকেট20
ফুটবল18
কাবাডী12
বেডমিন্টন10

উত্তৰঃ আমি প্ৰতিটো খেলৰ বাবে কেন্দ্ৰীয় কোণৰ পৰিমাম উলিয়াই লওঁ।

ইয়াত মুঠ মানুহৰ সংখ্যা = 60 জন।

খেলৰ নামমানুহৰ সংখ্যাঅনুপাতকেন্দ্ৰীয় কোন
ক্ৰিকেট2020/6020/60 × 360° = 120°
ফুটবল1818/6018/60 × 360° = 108°
কাবাডী1212/6012/60 × 360° = 72°
বেডমিন্টন1010/6010/60 × 360° = 60°

2. এখন ফুটবল খেল উপভোগ কৰিবলৈ 600 জন  মানুহে খেলপথাৰত উপস্থিত হৈছিল। খেল চাবলৈ আহোতে তেওঁলোকেক ব্যৱহাৰ কৰা যান-বাহনৰ সংখ্যাৰ লগতে খোজ কাঢ়ি অহা ব্যক্তিৰ সংখ্যা তলৰ  পাইচিত্ৰত দেখুওৱা হ’ল-

চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া–

(i) কিমানজন মানুহে খোজ কাঢ়ি আহিছিল?

(ii) স্কুটাৰ/মটৰ চাইকেল ব্যৱহাৰ কৰি অহা আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা ব্যক্তিৰ মাজৰ  পাৰ্থক্য কিমান?

(iii) 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল?

উত্তৰঃ মুঠ মানুহ = 600 জন।

(i) খোজ কাঢ়ি অহা মানুহ = 600/360° × 150°= 250 জন

600/360° × 150° = 250 জন 

600/360⁰

(ii) স্কুটাৰ/মটৰ চাইকেলেৰে অহা মানুহ = 600/360° × 60° = 100 জন

আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা মানুহ = 600/360° × 30° = 50 জন

∴ পার্থক্য = (100 – 50) জন

= 50 জন।

(iii) খোজ কঢ়া, স্কুটাৰ/ মটৰ চাইকেল আৰু চাৰিটকীয়া ব্যৱহাৰ কৰা।

মুঠ মানুহ = (250 + 100 + 50) = 400 জন।

∴ বাকী থাকে = (600 – 400) = 200 জন।

∴ বাকী থকা 200 জনে চাইকেল ব্যৱহাৰ কৰিছিল।

3. এখন বিদ্যালয়ৰ মুঠ 720 জন ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ, সপ্তম,অষ্টম, নৱম আৰু দশম শ্রেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। এখন পাইচিত্রত তথ্যখিনি প্ৰদৰ্শন কৰা।

শ্ৰেণীষষ্ঠসপ্তমঅষ্টমনৱমদশমমুঠ
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা12014020080180720

উত্তৰঃ আমি প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাক কেন্দ্ৰীয় কোণৰ পৰিমাণ উলিয়াই  ল’লে–

শ্ৰেণীছাত্ৰ-ছাত্ৰীৰ সংখ্যাঅনুপাতকেন্দ্ৰীয় কোন
ষষ্ঠ120120/720 = 1/6= 1/6 × 360° = 60°
সপ্তম140140/720 = 7/36= 7/36 × 360° = 70°
অষ্টম200200/720 = 5/18= 5/18 × 360° = 100°
নৱম8080/720 = 1/9= 1/9 × 360° = 40°
দশম180180/720 = 1/4= 1/4 × 360° = 90°

4. কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ-ছাত্ৰীৰ গল্প, উপন্যাস, সাধু, কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ এটা বৃত্তচিত্র অংকন কৰা হৈছে। চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) কিমান জন ছাত্র-ছাত্রীয়ে উপন্যাস পঢ়ি ভাল পায়?

উত্তৰঃ উপন্যাস পঢ়া ছাত্ৰ-ছাত্ৰীৰ বৃত্তকলাত কোণৰ পৰিমান = 60°

∴ 360° ছাত্র-ছাত্রী = 180

∴ 60° ত ছাত্র-ছাত্রী = 180/360 = 30 জন।

∴ উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 30 জন।

(ii) আটাইতকৈ বেছি ছাত্র ছাত্রীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন?

উত্তৰঃ বৃত্তকলাত আটাইতকৈ ডাঙৰ বৃত্তাংশ হ’ল  90°

যিখিনিয়ে গল্প পঢ়ি ভাল পায়।

এতিয়া, 360° ত ছাত্র-ছাত্রী = 180°

∴ 90 ত ছাত্র-ছাত্রী = 180/360 × 90 = 45 জন।

∴ 360 আটাইতকৈ বেছি গল্প পঢ়ি ভাল পায় আৰু তেনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

= 45 জন।

(iii) কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান?

মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 180 জন।

উত্তৰঃ কবিতা পঢ়ি ভালপোৱা ছাত্র-ছাত্রী = 180/360 × 72 = 36 জন

আৰু আত্মজীৱনী পঢ়ি ভালপোৱা ছাত্র-ছাত্রী = 180/360 × 80 = 40 জন

∴ কবিতা আৰু আত্মজীৱনী ভাল পোৱা ছাত্র-ছাত্রী = (36 + 40) = 76  জন।

5. ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনে ধৰণৰ–

আম= 30 জোপা
কঁঠাল= 50 জোপা
মধুৰী আম= 20 জোপা
মুঠ= 100 জোপা

প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নির্ণয় কৰাৰ লগতে তথ্যখিনিৰ এখন পাইচিত্র অংকন কৰা।

উত্তৰঃ

গছগছৰ সংখ্যাকেন্দ্ৰীয় কোণৰ পৰিমাণ
আম30 জোপা= 30/100 × 360° = 180°
কঁঠাল50 জোপা= 50/100 × 360° = 180°
মধুৰী আম20 জোপা= 20/100 × 360° = 72°

মুঠ = 100 জোপা।

অনুশীলনী 5.3

1. আকস্মিক বক্তৃতাৰ প্ৰতিযোগীৰ বাবে বিচাৰকে কাগজৰ টুকুৰা কিছুমানত বিষয়সমূহ লিখি  প্রতিযোগীয়ে নেদেখাকৈ এখন থালত ৰাখি থলে। বিষয়সমূহক a, b, c আৰু d ৰে চিহ্নিত কৰিলে এজন প্রতিযোগীয়ে বাছনি কৰিব পৰা ফলসমূহ কি হ’ব যদি-

(i) তেওঁক যিকোনো এটা টুকুৰা বাছিবলৈ দিয়া হয়।

উত্তৰঃ মুঠ বিষয় 4 টা (a, b, c আৰু d)

এটা টুকুৰা বছাৰ সম্ভাৱিতা = 1/4

(ii) তেওঁক যিকোনো দুটা টুকুৰা বাছিবলৈ দিয়া হয়।

উত্তৰঃ দুটা টুকুৰা বছাৰ সম্ভাৱিতা = 2/4 = 1/2 

2. দুটা নিঁখুত মুদ্রা একেলগে টছ কৰিলে প্ৰাপ্ত হ’ব পৰা আটাইবোৰ ফল বাছি উলিওৱা।

উত্তৰঃ ধৰাহ’ল, মুদ্ৰা এটাৰ মুণ্ড = H আৰু পুচ্ছ = T

এতিয়া, দুটা মুদ্রা একেলগে টছ কৰিলে প্রাপ্ত ফলসমূহ হ’ব-

{(H,H), (H, T), (T, H), (T, T)}

3. ৰং পেঞ্চিলৰ বাকচ এটাত থকা পেঞ্চিলবোৰৰ ভিতৰত 4 ডাল বেগুণীয়া, 3 ডাল নীলা আৰু 5 ডাল ৰঙা ৰঙৰ। সানমিহলি হৈ থকা পেঞ্চিলবোৰৰ যিকোনো এডাল পেঞ্চিল পছন্দ কৰিলে ই

(i) বেগুনীয়া।

(ii) নীলা হোৱাৰ সুযোগ কিমান?

উত্তৰঃ ৰং পেঞ্চিলৰ বাকচত থকা,

বেগুনীয়া পেঞ্চিল = 4 ডাল

নীলা পেঞ্চিল = 3 ডাল

ৰঙা পেঞ্চিল = 5 ডাল

∴ মুঠ পেঞ্চিল = (4 + 3 +5) ডাল।

= 12

(i) পেঞ্চিল ডাল,

বেগুনীয়া হোৱাৰ সুযোগ = 4/12 = 1/3

(ii) নীলা হোৱাৰ সুযোগ = 3/12 = 1/4

4. লুডুগুটি এটা টছ কৰা পৰীক্ষাৰ সৈতে জড়িত ঘটনা কেইটামান তলত দিয়া হৈছে। সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা-

(i) বর্গ সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ লুডু গুটি এটা টছ কৰিলে সাম্ভাব্য ফলাফল হ’ল, 1, 2, 3, 4, 5 আৰু 6।

বর্গ সংখ্যা প্রাপ্ত ঘটনা হ’লঃ 1, 4

(ii) 1 তকৈ ডাঙৰ অযুগ্ম সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ 1 তকৈ ডাঙৰ অযুগ্ম সংখ্যা প্রাপ্ত হোৱা ঘটনা হ’লঃ 3, 5

(iii) 6 তকৈ ডাঙৰ যুগ্ম সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ 6 তকৈ ডাঙৰ সংখ্যা নাই৷ গতিকে 6 তকৈ ডাঙৰ যুগ্ম সংখ্যা প্রাপ্ত হোৱা ঘটনা নাই। ই অসম্ভৱ।

(iv) মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনাঃ 2, 3, 5

(v) অযুগ্ম মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ অযুগ্ম মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনাঃ 3, 5

(vi) যুগ্ম মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনা।

উত্তৰঃ যুগ্ম মৌলিক সংখ্যা প্রাপ্ত হোৱা ঘটনাঃ 2 5

5. এখন মোনাত 15 টা ৰঙা 10 টা নীলা আৰু 5 টা হালধীয়া মাৰ্বল সানমিহলি কৰি থোৱা আছে। মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে  প্রাপ্ত মাৰ্বলটো।

(i) ৰঙা।

(ii) নীলা।

(iii) হালধীয়া।

(iv) নীলা বা হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান?

উত্তৰঃ এটা মাৰ্বল যাদৃচ্ছিকভাৱে টনা মানে হ’ল যে  সকলো মাৰ্বল সমশক্য।

সেয়ে সাম্ভাব্য মুঠ ফলাফলৰ সংখ্যা = (15 + 10 + 5) = 30

ধৰো R হ’ল মাৰ্বলটো ৰঙা, B হ’ল, মাৰ্বলটো নীলা, 

y হ’ল মাৰ্বলটো হালধীয়া।

(I) R ঘটনাৰ পক্ষে ঘটা ফলাফলৰ সংখ্যা = 15

গতিকে P (R) = 15/30 = 1/2

এনেদৰে (ii) P (B) = 10/30 = 1/3

(iii) P (Y) = 5/30 =1/6

(iv) নীলা মাৰ্বল = 10 টা

হালধীয়া মাৰ্বল = 5 টা

মুঠ = 15 টা।

∴ P(B বা Y) = 15/30 = 1/2

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top