SEBA Class 6 Assamese Important Chapter 7 তপনৰ কথা

SEBA Class 6 Assamese Important Chapter 7 তপনৰ কথা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Chapter 7 তপনৰ কথা Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.

SEBA Class 6 Assamese Important Chapter 7 তপনৰ কথা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION ANSWER

১। তপনৰ মাহীয়েকৰ ল’ৰাৰ নাম কি আছিল?

উত্তৰঃ তপনৰ মাহীয়েকৰ ল’ৰাৰ নাম ঋতুৰাজ আছিল।

২। তপনৰ মাহীয়েক ক’ত থাকে?

উত্তৰঃ তপনৰ মাহীয়েক ধুবুৰীত থাকে।

৩। তপনে কিয় ঋতুৰাজক লগ পালে ভাল পায়?

উত্তৰঃ তপনে ঋতুৰাজক লগ পালে ভাল পায়, কাৰণ তেওঁ তাৰ লগত কথা পাতিবলৈ, ফুৰিবলৈ আৰু খেলিবলৈ এক সঙ্গী পায়।

৪। তপনৰ মাকে কোনটো টুকুৰা ঋতুৰাজক দিবলৈ ক’লে?

উত্তৰঃ তপনৰ মাকে ডাঙৰ টুকুৰা ঋতুৰাজক দিবলৈ ক’লে।

৫। ড° ভবেন্দ্র নাথ শইকীয়াৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়াৰ জন্ম নগাঁৱত হৈছিল।

৬। ড° ভবেন্দ্র নাথ শইকীয়া কোনখন বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ অধ্যাপক আছিল?

উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ অধ্যাপক আছিল।

৭। ড° ভবেন্দ্র নাথ শইকীয়াৰ উল্লেখযোগ্য শিশু উপযোগী গ্রন্থৰ নাম লিখা?

উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়াৰ উল্লেখযোগ্য শিশু উপযোগী গ্রন্থৰ নাম হ’ল- ‘মৰমৰ দেউতা’, ‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’, ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ আদি।

৮। ১৯৭৬ খ্ৰীষ্টাব্দত ড° ভবেন্দ্র নাথ শইকীয়াই কোনটো গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল?

উত্তৰঃ ১৯৭৬ খ্ৰীষ্টাব্দত ড° ভবেন্দ্র নাথ শইকীয়াই ‘শৃংখল’ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল।

৯। ড° ভবেন্দ্র নাথ শইকীয়াই কেইখন অসমীয়া বোলছবি পৰিচালনা কৰিছিল?

উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়াই আঠখন অসমীয়া বোলছবি পৰিচালনা কৰিছিল।

১০। কিমান চনত ড° ভবেন্দ্র নাথ শইকীয়াৰ জন্ম হৈছিল?

উত্তৰঃ ১৯৩২ চনত ড° ভবেন্দ্র নাথ শইকীয়াৰ জন্ম হৈছিল।

১১। তপনে কিয় ঋতুৰাজক লগ পালে ভাল পায় আৰু বেয়া পায়? 

উত্তৰঃ তপনে ঋতুৰাজক লগ পালে ভাল পায়, কাৰণ তাৰ লগত কথা পাতিবলৈ, ফুৰিবলৈ আৰু কেৰম-লুডু খেলিবলৈ এজন সঙ্গী পায়। ঋতুৰাজৰ উপস্থিতিত তপনে নিজৰ একাকীত্ব দূৰ কৰিব পাৰে আৰু খেলা-ধূলা কৰি সময় পাৰ হয়। কিন্তু সেয়া সত্ত্বেও তপনৰ মনত এটা অস্বস্তি থাকে, কিয়নো ঋতুৰাজ আহিলেই তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰে। গাখীৰ কম থাকিলে মাকে ঋতুৰাজক বেছিকৈ দিয়ে, কে’কৰ ক্ষেত্ৰতো ডাঙৰ টুকুৰাটো ঋতুৰাজক দিবলৈ কয়। এই কাৰণে তপনৰ মনত ঈৰ্ষা আৰু ক্ষোভৰ জন্ম দিয়ে।

১২। তপনৰ কৌশলী মনোভাৱ কেনেকৈ গল্পত প্ৰকাশ কৰিছে?

উত্তৰঃ তপন অলপ চালাক আৰু বুদ্ধিমান ল’ৰা। সি নিজৰ ইচ্ছা পূৰণ কৰিবলৈ কৌশলীভাৱে কাম কৰে। তপনৰ মাকে ডাঙৰ কে’ক টুকুৰাটো ঋতুৰাজক দিবলৈ ক’লেও তপনে চতুৰ্ভাৱে ঋতুৰাজক প্ৰভাৱিত কৰি সৰু টুকুৰাটো ল’বলৈ প্ৰেৰিত কৰে। সি প্ৰথমে ঋতুৰাজক ভদ্ৰতাৰ উদাহৰণ দি বুজাই দিয়ে যে ভদ্ৰ ল’ৰাই সদায় আনৰ সুবিধাৰ কথা ভাৱে। এই কথাবোৰ ঋতুৰাজৰ মনত প্ৰৱেশ কৰাই সি নিজেই ডাঙৰ টুকুৰাটো লৈ লয়। এই ঘটনাই তপনৰ চালাক আৰু বুদ্ধিমান স্বভাৱৰ প্ৰতিফলন ঘটাইছে।

খালী ঠাই পূৰ কৰা:

১। তপনৰ মাহীয়েক ____________ থাকে।

উত্তৰঃ তপনৰ মাহীয়েক ধুবুৰীত থাকে।

২। তপনৰ মাকে ডাঙৰ কে’ক টুকুৰাটো ___________ দিবলৈ ক’লে।

উত্তৰঃ তপনৰ মাকে ডাঙৰ কে’ক টুকুৰাটো ঋতুৰাজক দিবলৈ ক’লে।

৩। তপনে ঋতুৰাজক ভদ্ৰ ল’ৰা বুলিবলৈ ___________ উদাহৰণ দিলে।

উত্তৰঃ তপনে ঋতুৰাজক ভদ্ৰ ল’ৰা বুলিবলৈ যোছেফ ছাৰৰ উদাহৰণ দিলে।

৪। তপনে __________ কে’ক টুকুৰাটো ল’লে।

উত্তৰঃ তপনে ডাঙৰ কে’ক টুকুৰাটো ল’লে।

৫। ঋতুৰাজ তপনৰ পৰা __________ সৰু।

উত্তৰঃ ঋতুৰাজ তপনৰ পৰা দুমাহ সৰু।

শুদ্ধ/অশুদ্ধ লিখা:

১। তপনৰ মাহীয়েক গুৱাহাটীত থাকে।

উত্তৰঃ অশুদ্ধ।

২। তপনে ভদ্ৰতাৰ উদাহৰণ দি ঋতুৰাজক প্ৰভাৱিত কৰে।

উত্তৰঃ শুদ্ধ।

৩। ড° ভবেন্দ্র নাথ শইকীয়াৰ জন্ম তেজপুৰত হৈছিল।

উত্তৰঃ অশুদ্ধ।

৪। ঋতুৰাজ তপনৰ পৰা দুবছৰ সৰু।

উত্তৰঃ অশুদ্ধ।

৫। যোছেফ ছাৰে ভদ্ৰতাৰ উদাহৰণ দিছিল।

উত্তৰঃ শুদ্ধ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top