SEBA Class 6 Assamese Important Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ

SEBA Class 6 Assamese Important Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.

SEBA Class 6 Assamese Important Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION ANSWER

১। বৈজ্ঞানিক মানসিকতা বুলিলে কি বুজা?

উত্তৰঃ যিকোনো ঘটনা বা তথ্যৰ যুক্তি পৰীক্ষা কৰি চোৱা আৰু অন্ধবিশ্বাস এৰাক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয়।

২। বৈজ্ঞানিক মানসিকতা কেনেকৈ গঢ়িব পাৰি?

উত্তৰঃ যুক্তি, পৰীক্ষা, পৰ্যালোচনা আৰু যুক্তিপূৰ্ণ চিন্তা-চৰ্চাৰ জৰিয়তে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰি।

৩। কোনবিধ চিন্তা-চৰ্চাই সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিব পাৰে?

উত্তৰঃ যুক্তিবাদী আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাই সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিব পাৰে।

৪। বৈজ্ঞানিক মানসিকতাই সমাজক কেনেকৈ উন্নত কৰে?

উত্তৰঃ যুক্তিপূৰ্ণ চিন্তা আৰু পৰীক্ষাৰ ফলত সমাজৰ কু-সংস্কাৰ দূৰ কৰি বোধগম্যতা বৃদ্ধি কৰি বৈজ্ঞানিক মানসিকতাই সমাজক উন্নত কৰে।

৫। কিমান চনত ড° আন্না গগৈৰ জন্ম হৈছিল?

উত্তৰঃ ১৯৭৫ চনত ড° আন্না গগৈৰ জন্ম হৈছিল।

খালি ঠাই পূৰ কৰা:

১। বৈজ্ঞানিক মানসিকতাই অন্ধবিশ্বাসৰ পৰা ___________  মুক্তি দিয়ে।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাই অন্ধবিশ্বাসৰ পৰা সমাজক মুক্তি দিয়ে।

৩। ৰাশিফলত বিশ্বাস কৰাটো এক ____________ মনৰ পৰিচায়ক।

উত্তৰঃ ৰাশিফলত বিশ্বাস কৰাটো এক অন্ধবিশ্বাসী মনৰ পৰিচায়ক।

৪। বৈজ্ঞানিক মানসিকতাৰ বিকাশৰ বাবে ___________ প্ৰয়োজন।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ বিকাশৰ বাবে যুক্তিবাদী চিন্তাৰ প্ৰয়োজন।

৫। বৈজ্ঞানিক মানসিকতাক _____________ত সীমাবদ্ধ ৰাখিব নালাগে।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাক কিতাপ-পত্রত সীমাবদ্ধ ৰাখিব নালাগে।

৬। __________ চিন্তা বৈজ্ঞানিক মানসিকতাৰ বৈশিষ্ট্য।

উত্তৰঃ যুক্তিপূৰ্ণ চিন্তা বৈজ্ঞানিক মানসিকতাৰ বৈশিষ্ট্য।

শুদ্ধ/অশুদ্ধ লিখা:

১। বৈজ্ঞানিক মানসিকতা মানে অন্ধবিশ্বাসৰ বিশ্বাস।

উত্তৰঃ অশুদ্ধ।

২। যুক্তিপূৰ্ণ পৰ্যালোচনাই বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰে।

উত্তৰঃ শুদ্ধ।

৩। ৰাশিফলত বিশ্বাস কৰাটো বিজ্ঞানসম্মত।

উত্তৰঃ অশুদ্ধ।

৪। কু-সংস্কাৰ সমাজৰ উন্নতিৰ কাৰক।

উত্তৰঃ অশুদ্ধ।

৫। সাপৰ দংশনৰ সময়ত বেজৰ ওচৰলৈ যোৱাটো বৈজ্ঞানিক মানসিকতা।

উত্তৰঃ অশুদ্ধ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top