SEBA Class 6 Assamese Important Chapter 14 নদী-দ্বীপে ৰিঙিয়ায় Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Chapter 14 নদী-দ্বীপে ৰিঙিয়ায় Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.
SEBA Class 6 Assamese Important Chapter 14 নদী-দ্বীপে ৰিঙিয়ায়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.
নদী-দ্বীপে ৰিঙিয়ায়
Chapter: 14
| IMPORTANT QUESTION ANSWER |
১। ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ কোনটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৰেন হাজৰিকা ছাৰৰ নেতৃত্বত সিহঁত মাজুলীলৈ গৈছিল?
উত্তৰঃ ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৰেন হাজৰিকা ছাৰৰ নেতৃত্বত সিহঁত মাজুলীলৈ গৈছিল।
২। ফেৰীত উঠাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কি লক্ষ্য কৰিলে?
উত্তৰঃমানুহৰ লগত গাড়ী, বাইক আৰু বাঁহৰ খোং, খৰাহী, পাচি আদি বহন কৰা হৈছিল আৰু সকলোৱে মিলি আনন্দেৰে ফেৰীত উঠিছিল।
৩। মাজুলী ভ্ৰমণৰ অন্তত ছাত্ৰ-ছাত্ৰীয়ে কি অনুভৱ কৰিলে?
উত্তৰঃ সিহঁতে মাজুলীৰ সৌন্দর্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ প্ৰেম আৰু সন্মান অনুভৱ কৰিলে।
৪। ব্রহ্মপুত্ৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া বিল, জলাশয় আদিৰ আশে-পাশে কি কি চৰাই থাকে?
উত্তৰঃ ব্রহ্মপুত্ৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া বিল, জলাশয় আদিৰ আশে-পাশে শামুকভঙা, কণামুচৰি, মাছৰোকা, পানী-কাউৰী, গঙাচিলনী, ডাউক, শৰালি, বালিমাহী আদি অনেক চৰাই থাকে।
৫। এমাহ বা দুমাহৰ পাছত সৰিয়হবোৰ ফুলি উঠাৰ পাছত তেতিয়া এই সেউজীয়া পথাৰখনে বৰণ সলাই কি হৈ পৰে?
উত্তৰঃ এমাহ বা দুমাহৰ পাছত সৰিয়হবোৰ ফুলি উঠাৰ পাছত তেতিয়া এই সেউজীয়া পথাৰখনে বৰণ সলাই হালধীয়া হৈ পৰে।
খালী ঠাই পূৰ কৰা:
১। ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে মাজুলী অভিমুখে _________ নেতৃত্বত যাত্ৰা কৰিছিল।
উত্তৰঃ ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে মাজুলী অভিমুখে হাজৰিকা ছাৰৰ নেতৃত্বত যাত্ৰা কৰিছিল।
২। মাজুলী সত্ৰত সজোৱা মুখাবোৰ নাট-ভাওনাৰ _________ ৰূপ প্ৰদান কৰে।
উত্তৰঃ মাজুলী সত্ৰত সজোৱা মুখাবোৰ নাট-ভাওনাৰ জীৱন্ত ৰূপ প্ৰদান কৰে।
৩। সত্রীয়া নৃত্যৰ প্রাথমিক কার্যক _________ বুলি কোৱা হয়।
উত্তৰঃ সত্রীয়া নৃত্যৰ প্রাথমিক কার্যক মাটি আখৰা বুলি কোৱা হয়।
৪। কমলাবাৰী সত্ৰত ছাত্ৰ-ছাত্ৰীসকলে __________ ফুলৰ মালা গাঁথাৰ পৰম্পৰা দেখিলে।
উত্তৰঃ কমলাবাৰী সত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বকুল ফুলৰ মালা গাঁথাৰ পৰম্পৰা দেখিলে।
৫। চামগুৰি সত্ৰত তেওঁলোকে ___________ শিল্পৰ বিষয়ে জানে।
উত্তৰঃ চামগুৰি সত্ৰত তেওঁলোকে মুখা শিল্পৰ বিষয়ে জানে।
শুদ্ধ/অশুদ্ধ লিখা:
১। ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মাজুলী ভ্ৰমণত ব্ৰহ্মপুত্ৰ নদী দেখিছিল।
উত্তৰঃ শুদ্ধ।
২। ছাত্ৰ-ছাত্ৰীয়ে ফেৰীত উঠাৰ সময়ত কেৱল মানুহকহে উঠাবলৈ দিছিল।
উত্তৰঃ অশুদ্ধ।
৩। মাজুলী সত্ৰত মুখা নাট-ভাওনাত ব্যৱহাৰ কৰা হয়।
উত্তৰঃ শুদ্ধ।
৪। মাটি আখৰা হৈছে সত্ৰীয়া নৃত্যৰ এটা প্রাথমিক ব্যায়াম।
উত্তৰঃ শুদ্ধ।
৫। মাজুলীত মাটি খহি যোৱা আৰু সত্র বিলুপ্তিৰ সমস্যা দেখা দিছে।
উত্তৰঃ শুদ্ধ।

