SEBA Class 6 Assamese Important Chapter 13 সাপ আৰু ভেকুলী-ৰজা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Chapter 13 সাপ আৰু ভেকুলী-ৰজা Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.
SEBA Class 6 Assamese Important Chapter 13 সাপ আৰু ভেকুলী-ৰজা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.
সাপ আৰু ভেকুলী-ৰজা
Chapter: 13
| IMPORTANT QUESTION ANSWER |
১। ভেকুলী ৰজাই সভাত কি কৈছিল?
উত্তৰঃ ভেকুলী ৰজাই সভাত কৈছিল যে বিহুৰ সময়ত সি গীত গাই নাচিব, আনসকলে তাৰ লগত মিলি নাচিব লাগিব।
২। ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোঁতে বাটত এখন কিহৰ পাহাৰ পালে?
উত্তৰঃ ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোঁতে বাটত এখন শিলৰ পাহাৰ পালে।
৩। সাপে ভেকুলী ৰজাৰ পৰা কি দাবী কৰিলে?
উত্তৰঃ সাপে ভেকুলী ৰজাৰ পৰা এটা ভেকুলী খাবলৈ দাবী কৰিলে।
৪। পুৰণি কালত এটা পুখুৰীত হেজাৰ-বিজাৰ কোনে বাস কৰিছিল।
উত্তৰঃ পুৰণি কালত এটা পুখুৰীত হেজাৰ-বিজাৰ ভেকুলীয়ে বাস কৰিছিল।
৫। ভেকুলী ৰজাই পুখুৰী পৰিচালনাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল?
উত্তৰঃ ভেকুলী ৰজাই পুখুৰীৰ শান্তি-শৃংখলা বজাই ৰাখিবৰ বাবে কেতবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছিল। তেওঁ গাঁওবুঢ়া আৰু টেকেলাক দায়িত্ব আগবঢ়াই সকলো ভেকুলীক দায়িত্ব পালন কৰিবলৈ আগ্ৰহী কৰি তুলিছিল। লগতে বিহু উৎসৱৰ সময়ত সি নিজে গীত গাই নাচিব আৰু বাকীসকলে তাৰ লগত মিলি নাচিব লাগে বুলি সভাত ঘোষণা কৰিছিল।
৬। ভেকুলী ৰজাই গল্পৰ শেষত কি উপলব্ধি কৰিলে?
উত্তৰঃ ভেকুলী ৰজাই উপলব্ধি কৰিলে যে, কোনো কাৰ্য কৰোঁতে আগ-পাছ বুজি, বিচক্ষণভাৱে কাম ল’লে কেৱল নিজে নহয়, ৰাজ্য তথা লোকসকলৰ মঙ্গল নিশ্চিত হয়।
খালী ঠাই পূৰ কৰা:
১। পুখুৰীত হাজাৰ-বিজাৰ __________ বাস কৰিছিল।
উত্তৰঃ পুখুৰীত হাজাৰ-বিজাৰ ভেকুলীয়ে বাস কৰিছিল।
২। ভেকুলী-ৰজাই গাঁওবুঢ়া আৰু ___________ক আগ্ৰহী কৰিছিল।
উত্তৰঃ ভেকুলী-ৰজাই গাঁওবুঢ়া আৰু টেকেলাক আগ্ৰহী কৰিছিল।
৩। ভেকুলী-ৰজাই সভাত কৈছিল, বিহু আহিলে মই গীত গাম আৰু ___________।
উত্তৰঃ ভেকুলী-ৰজাই সভাত কৈছিল, বিহু আহিলে মই গীত গাম আৰু নাচিম।
৪। সাপে ভেকুলী-ৰজাক ভয় দেখুৱালে আৰু খাবলৈ __________ দাবী কৰিলে।
উত্তৰঃ সাপে ভেকুলী-বজাক ভয় দেখুৱালে আৰু খাবলৈ এটা ভেকুলী দাবী কৰিলে।
৫। পুখুৰীত কেৱল ___________ বাকী থাকিল।
উত্তৰঃ পুখুৰীত কেৱল ভেকুলী-ৰজা বাকী থাকিল।
শুদ্ধ/অশুদ্ধ লিখা:
১। পুখুৰীত হাজাৰ-বিজাৰ ভেকুলীয়ে একেলগে বাস কৰিছিল।
উত্তৰঃ শুদ্ধ।
২। সভাত সকলোৱে ভেকুলী-ৰজাৰ কথা অনুসৰণ কৰিছিল।
উত্তৰঃ শুদ্ধ।
৩। সাপে ভেকুলী-ৰজাক মিতিৰ হোৱাৰ প্রস্তাৱ দিছিল।
উত্তৰঃ শুদ্ধ।
৪। সাপে ভেকুলী-বজাৰ পৰা ৰাজত্ব দাবী কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৫। ভেকুলী-ৰজাই সাপৰ কথা মানি খাবলৈ অনুমতি দিলে।
উত্তৰঃ শুদ্ধ।

