SEBA Class 10 Political Science and Economics MCQ Chapter 1 বিত্তীয় স্বাক্ষৰতা Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics MCQ Chapter 1 বিত্তীয় স্বাক্ষৰতা and select need one. SEBA Class 10 Political Science and Economics MCQs Assamese Medium Download PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) MCQ in Assamese.
SEBA Class 10 Political Science and Economics MCQ Chapter 1 বিত্তীয় স্বাক্ষৰতা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Multiple Choice in Assamese for All Chapters, You can practice these here.
বিত্তীয় স্বাক্ষৰতা
Chapter: 1
| PART – 3 অৰ্থনীতি বিজ্ঞান |
| MCQ |
১। সাধাৰণতে গ্ৰাহকৰ নিজৰ বেংক একাউণ্টৰ লগত সংযুক্ত থকা কাৰ্ডখনক কি বোলা হয়?
(ক) ক্ৰেডিট কাৰ্ড।
(খ) ডেবিট কাৰ্ড।
(গ) আধাৰ কাৰ্ড।
(ঘ) পান কাৰ্ড।
উত্তৰঃ (খ) ডেবিট কাৰ্ড।
২। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গ্ৰাহকে কি সুবিধা লাভ কৰে?
(ক) কেৱল নিজৰ জমা ধন উলিওৱাৰ।
(খ) নিৰ্দিষ্ট সীমালৈকে বেংকৰ পৰা ঋণ লোৱাৰ।
(গ) বিনামূলীয়াকৈ ধন লাভ কৰাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) নিৰ্দিষ্ট সীমালৈকে বেংকৰ পৰা ঋণ লোৱাৰ।
৩। তলৰ কোনটো পদ্ধতিৰে গ্ৰাহকে 24×7 ধন স্থানান্তৰ কৰিব পাৰে?
(ক) NEFT.
(খ) RTGS.
(গ) IMPS.
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) IMPS.
৪। UPI-ৰ সম্পূৰ্ণ নাম কি?
(ক) Unified Payments Interface.
(খ) Unique Payment Identification.
(গ) Universal Payment Interface.
(ঘ) Union Payment Interface.
উত্তৰঃ (ক) Unified Payments Interface.
৫। সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা কিমান?
(ক) ৫০ হাজাৰ টকা।
(খ) ১ লাখ টকা।
(গ) ২ লাখ টকা।
(ঘ) ৫ লাখ টকা।
উত্তৰঃ (খ) ১ লাখ টকা।
৬। ‘বেংক’ (Bank) শব্দটো কোনটো ইটালীয় শব্দৰ পৰা অহা বুলি ভবা হয়?
(ক) Banck.
(খ) Banke.
(গ) Banco.
(ঘ) Banc.
উত্তৰঃ (গ) Banco.
৭। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক ‘বেংক অৱ হিন্দুস্থান’ কিমান চনত স্থাপন কৰা হৈছিল?
(ক) ১৭৭০ চনত।
(খ) ১৯৩৫ চনত।
(গ) ১৮৭০ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (ক) ১৭৭০ চনত।
৮। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?
(ক) ষ্টেট বেংক অৱ ইণ্ডিয়া।
(খ) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া।
(গ) পঞ্জাৱ নেচনেল বেংক।
(ঘ) বেংক অৱ ইণ্ডিয়া।
উত্তৰঃ (খ) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া।
৯। ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল?
(ক) ১৯৩৫ চনত।
(খ) ১৯৪৯ চনত।
(গ) ১৯৪৭ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (ক) ১৯৩৫ চনত।
১০। কাগজী মুদ্ৰা বা নোট ছপা কৰাৰ একচেতীয়া অধিকাৰ কাৰ হাতত থাকে?
(ক) বাণিজ্যিক বেংক।
(খ) কেন্দ্ৰীয় বেংক।
(গ) সমবায় বেংক।
(ঘ) গ্ৰাম্য বেংক।
উত্তৰঃ (খ) কেন্দ্ৰীয় বেংক।
১১। বাণিজ্যিক বেংকসমূহে কিমান প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে?
(ক) দুই প্ৰকাৰৰ।
(খ) তিনি প্ৰকাৰৰ।
(গ) চাৰি প্ৰকাৰৰ।
(ঘ) পাঁচ প্ৰকাৰৰ।
উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।
১২। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক (IDBI) কিমান চনত স্থাপন কৰা হৈছিল?
(ক) ১৯৩৫ চনত।
(খ) ১৯৬৪ চনত।
(গ) ১৯৮২ চনত।
(ঘ) ১৯৯০ চনত।
উত্তৰঃ (খ) ১৯৬৪ চনত।
১৩। গ্ৰাম্য ঋণৰ ক্ষেত্ৰত সহায় কৰিবলৈ নাবার্ড (NABARD) কিমান চনত স্থাপন কৰা হৈছিল?
(ক) ১৯৬৪ চনত।
(খ) ১৯৭৫ চনত।
(গ) ১৯৮২ চনত।
(ঘ) ১৯৯২ চনত।
উত্তৰঃ (গ) ১৯৮২ চনত।
১৪। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
(ক) ১৯৮২ চনত।
(খ) ১৯৯০ চনত।
(গ) ১৯৬৪ চনত।
(ঘ) ১৯৭০ চনত।
উত্তৰঃ (খ) ১৯৯০ চনত।
১৫। যিবোৰ বিত্তীয় প্ৰতিষ্ঠানে বেংকৰ দৰে কাম নকৰে কিন্তু আৰ্থিক সেৱা প্ৰদান কৰে, তেনে প্ৰতিষ্ঠানক কি বোলা হয়?
(ক) কেন্দ্ৰীয় বেংক।
(খ) বাণিজ্যিক বেংক।
(গ) অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান (NBFI)।
(ঘ) গ্ৰাম্য বেংক।
উত্তৰঃ (গ) অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান (NBFI)।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


