SEBA Class 10 Political Science and Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন

SEBA Class 10 Political Science and Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন Solutions in Assamese and select need one. SEBA Class 10 Political Science and Economics Solutions Assamese MediumDownload PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) Notes in Assamese.

SEBA Class 10 Political Science and Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Part – 3 (অৰ্থনীতি বিজ্ঞান) Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

PART – 3 অৰ্থনীতি বিজ্ঞান
অনুশীলনী

সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন (Short Answer Type Questions):

১। অৰ্থনৈতিক বিকাশ।

উত্তৰঃ অৰ্থনৈতিক বিকাশ মানে হ’ল দেশ এখনৰ ৰাষ্ট্ৰীয় আয় বা জনমূৰি আয় বৃদ্ধি হোৱা। অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, ই অৰ্থনৈতিক উন্নয়নৰ এটা অংশ মাত্ৰ।

২। অৰ্থনৈতিক উন্নয়ন।

উত্তৰঃ অৰ্থনৈতিক উন্নয়ন মানে হ’ল অৰ্থনৈতিক বিকাশৰ লগতে গুণগত পৰিৱৰ্তন। ইয়াৰ অৰ্থ বহল আৰু ই জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আৰ্থ-সামাজিক আৰু পৰিৱেশ আদিৰ সামগ্ৰিক উন্নয়নক বুজায়।

৩। মানৱ বিকাশ।

উত্তৰঃ মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। ইয়াৰ মধ্যবিন্দু হ’ল জনসাধাৰণ আৰু ই জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়।

৪। অৰ্থনৈতিক পৰিকল্পনা।

উত্তৰঃ নিৰ্ধাৰিত সময়ৰ ভিতৰত কিছুমান নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এটা কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শন কৰাকে অৰ্থনৈতিক পৰিকল্পনা বোলা হয়।

৫। গণতান্ত্ৰিক পৰিকল্পনা।

উত্তৰঃ গণতান্ত্ৰিক পৰিকল্পনাত পৰিকল্পনা প্ৰস্তুতকৰণ আৰু ৰূপায়ণত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰা হয়। এনে পৰিকল্পনাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ড দুয়োটাৰে সহাৱস্থান থাকে।

৬। উদাৰীকৰণ।

উত্তৰঃ উদাৰীকৰণ মানে হ’ল দেশৰ অৰ্থনীতিত, বিশেষকৈ উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণ আৰু বাধা-নিষেধসমূহ শিথিল কৰা বা আঁতৰাই পেলোৱা।

৭। ব্যক্তিগতকৰণ।

উত্তৰঃ ব্যক্তিগতকৰণ মানে হ’ল চৰকাৰী বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মালিকীস্বত্ব আৰু ব্যৱস্থাপনা ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰা।

৮। বিশ্বায়ন।

উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন।

চুটি উত্তৰৰ প্রশ্ন (Short Answer Type Questions):

১। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ মাজত থকা দুটা প্রধান পার্থক্য হ’ল—

অর্থনৈতিক বিকাশঅর্থনৈতিক উন্নয়ন
অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত।আনহাতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।
অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ এটা অংশ মাত্ৰ। অৰ্থনৈতিক বিকাশ হ’লেই অৰ্থনৈতিক উন্নয়ন হোৱাটো নুবুজায়।কিন্তু অৰ্থনৈতিক উন্নয়ন হ’বলৈ হ’লে অৰ্থনৈতিক বিকাশ হোৱাটো অপৰিহাৰ্য।

২। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?

উত্তৰঃ মানৱ উন্নয়নৰ প্ৰধান সূচক তিনিটা হ’ল—

(i) প্ৰত্যাশিত আয়ুস।

(ii) শিক্ষা।

(iii) জীৱন-যাত্ৰাৰ মান।

৩। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?

উত্তৰঃ বাস্তৱিকতে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় আৰু ই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লয়, যাৰ দ্বাৰা মানুহৰ জীৱন-যাপনৰ মান উন্নত হয়।

৪। নিটি আয়োগৰ সদস্যসকল কোন কোন?

উত্তৰঃ নিটি (NITI) আয়োগৰ সদস্যসকল হ’ল—

(ক) অধ্যক্ষ: ভাৰতৰ প্ৰধানমন্ত্ৰী।

(খ) উপাধ্যক্ষ: প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন ব্যক্তি।

(গ) পৰিচালনা পৰিষদ: সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল।

(ঘ) পূৰ্ণকালীন সদস্য: তিনিজন বিশেষজ্ঞ।

(ঙ) অংশকালীন সদস্য: দুজন।

(চ) পদেন সদস্য: সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী।

(ছ) মুখ্য কাৰ্যবাহী বিষয়া: এজন ভাৰতীয় প্ৰশাসনিক বিষয়া।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top