SEBA Class 10 Political Science and Economics Chapter 1 বিত্তীয় স্বাক্ষৰতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics Chapter 1 বিত্তীয় স্বাক্ষৰতা Solutions in Assamese and select need one. SEBA Class 10 Political Science and Economics Solutions Assamese Medium Download PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) Notes in Assamese.
SEBA Class 10 Political Science and Economics Chapter 1 বিত্তীয় স্বাক্ষৰতা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Part – 3 (অৰ্থনীতি বিজ্ঞান) Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Solutions in Assamese for All Chapters, You can practice these here.
বিত্তীয় স্বাক্ষৰতা
Chapter: 1
| PART – 3 অৰ্থনীতি বিজ্ঞান |
| অনুশীলনী |
অতি সংক্ষিপ্ত উত্তৰৰ প্রশ্ন (Very Short Answer Type Questions):
১। বেংক (Bank) কি?
উত্তৰঃ বেংক হৈছে এনে এটা বিত্তীয় অনুষ্ঠান, যিয়ে ঋণলৈ ধন বিচাৰি অহা লোকক ঋণ দিয়ে আৰু সঞ্চয় কৰিব বিচৰা লোকৰ পৰা ধন জমা ৰাখে।
২। ডেবিট কার্ড (Debit Card) কি?
উত্তৰঃ ডেবিট কাৰ্ড হৈছে বেংকে গ্ৰাহকক প্ৰদান কৰা এখন প্লাষ্টিকৰ কাৰ্ড, যাৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টত থকা ধন উলিয়াব পাৰে বা সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ বাবে ইলেক্ট্ৰনিক পেমেন্ট কৰিব পাৰে।
৩। ভাৰতীয় বিজার্ভ বেংক (Reserve Bank of India) কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনৰ ১ এপ্ৰিলত প্রতিষ্ঠা কৰা হৈছিল।
৪। UPI-ৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ UPI এপৰ উদাহৰণ হ’ল- Paytm, PhonePe, Google Pay, BHIM আদি।
৫। চলিত জমা (Current Deposit) কি?
উত্তৰঃ চলিত আমানত বা জমা হৈছে এনে এবিধ সঞ্চয় য’ত গ্ৰাহকে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে।
৬। এটা বিত্তীয় উপকৰণ (Financial Instrument) উল্লেখ কৰা।
উত্তৰঃ এটা বিত্তীয় উপকৰণ হ’ল শ্বেয়াৰ (Share) বা বন্ড (Bond)।
৭। প্রাইমাৰী বজাৰৰ (Primary Market) আনটো নাম কি?
উত্তৰঃ প্ৰাইমাৰী বজাৰৰ আনটো নাম হৈছে নতুনকৈ প্ৰকাশিত নিৰাপত্তাপত্ৰৰ বজাৰ বা New Issues Market (NIM)।
৮। SEBI কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ভাৰতীয় নিৰাপত্তাপত্ৰ আৰু বিনিময় ব’ৰ্ড (SEBI) ১৯৯২ চনত প্রতিষ্ঠা কৰা হৈছিল।
৯। পদ্ধতিগত বিনিয়োগ আঁচনি Systematic Investment Plan (SIP) কি?
উত্তৰঃ SIP হৈছে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ এক পদ্ধতি য’ত বিনিয়োগকাৰীয়ে একেলগে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পৰিৱৰ্তে নিয়মিতভাৱে (যেনে- মাহিলী) এক নিৰ্দিষ্ট পৰিমাণৰ ধন লগাব পাৰে।
১০। চাইবাৰ প্ৰতাৰণাৰ (Cyber Fraud) পৰা ৰক্ষা পাবলৈ এটা সতর্কতা উল্লেখ কৰা।
উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ এটা সতৰ্কতা হ’ল— শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰা, যিটো আনে সহজে অনুমান কৰিব নোৱাৰে।
চুটি উত্তৰৰ প্রশ্ন (Short Answer Type Questions):
১। আঞ্চলিক গ্রাম্য বেংকৰ (Regional Rural Banks)ৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ আঞ্চলিক গ্ৰাম্য বেংকৰ মূল কাৰ্যসমূহ হ’ল-
(i) গ্ৰাম্যাঞ্চলৰ লোকসকলৰ পৰা সঞ্চয় গ্ৰহণ কৰা।
(ii) গাঁৱৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, কৃষি শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিক ঋণ প্ৰদান কৰা।
২। ইন্টাৰনেট বেংকিং (Internet Banking) ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্রিয়া কেনেকৈ কৰিব পাৰি?
উত্তৰঃ ইন্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ঘৰতে বহি ম’বাইল বা কম্পিউটাৰৰ জৰিয়তে ধন স্থানান্তৰ কৰিব পাৰি। ইয়াৰ বাবে প্ৰধানকৈ তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয় -NEFT (যিকোনো পৰিমাণৰ ধন পঠাব পাৰি), RTGS (বৃহৎ পৰিমাণৰ ধন তৎক্ষণাত পঠাবলৈ), আৰু IMPS (ম’বাইল ফোনৰ জৰিয়তে তৎক্ষণাত ধন প্ৰেৰণ)।
৩। বিভিন্ন প্রকাৰৰ বেংকিং কার্ড (Banking Cards) কি কি উল্লেখ কৰা।
উত্তৰঃ বেংকিং কাৰ্ড প্ৰধানকৈ দুবিধ:
(i) ডেবিট কাৰ্ড (Debit Card): যাৰ দ্বাৰা গ্ৰাহকে নিজৰ একাউণ্টত জমা থকা ধন ব্যৱহাৰ কৰিব পাৰে।
(ii) ক্ৰেডিট কাৰ্ড (Credit Card): যাৰ দ্বাৰা গ্ৰাহকে বেংকৰ পৰা এক নিৰ্দিষ্ট সীমালৈকে ঋণ লৈ সামগ্ৰী ক্ৰয় কৰিব পাৰে আৰু পিছত সূদসহ ঘূৰাই দিব লাগে।
৪। অনা-বেংকিং বিত্তীয় প্রতিষ্ঠান (Non-Banking Financial Institutions) বেংকৰ পৰা কেনেকৈ ভিন্ন?
উত্তৰঃ অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহে বেংকৰ দৰে ঋণ প্ৰদান কৰে বা বিনিয়োগৰ লগত জড়িত থাকে, কিন্তু ইহঁতে বেংকৰ দৰে গ্ৰাহকৰ পৰা চেকৰ জৰিয়তে আমানত বা সঞ্চয় গ্ৰহণ কৰিব নোৱাৰে।
৫। Unified Payments Interface (UPI) কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্য সমূহ কি কি?
উত্তৰঃ UPI হৈছে এটা সহজ ডিজিটেল পেমেন্ট পদ্ধতি, যাৰ জৰিয়তে ম’বাইল ফোনৰ এপ ব্যৱহাৰ কৰি দুটা বেংক একাউণ্টৰ মাজত তৎক্ষণাৎ টকাৰ আদান-প্ৰদান কৰিব পাৰি।
ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল-
(i) নগদবিহীন (cashless) পৰিশোধ কৰা অতি সহজ আৰু সুৰক্ষিত।
(ii) UPI ID বা QR Code ব্যৱহাৰ কৰি পোনে পোনে বেংক একাউণ্টলৈ ধন পঠাব পাৰি।
(iii) ই Two-factor authentication নিয়ম মানি চলে, যি লেনদেন সুৰক্ষিত কৰে।
৬। বিত্তীয় বজাৰৰ (Financial Market) উপাদানসমূহ কি কি?
উত্তৰঃ বিত্তীয় বজাৰৰ প্ৰধান উপাদান দুটা হ’ল— মুদ্ৰা বজাৰ (Money Market) আৰু পুঁজি বজাৰ (Capital Market)।
পুঁজি বজাৰক আকৌ দুটা ভাগত ভগাব পাৰি: প্ৰাইমাৰী বজাৰ (Primary Market) আৰু চেকেণ্ডাৰী বজাৰ (Secondary Market)।
৭। বন্ড (Bonds) কি হয়?
উত্তৰঃ বন্ড হৈছে চৰকাৰ বা কোম্পানীয়ে বজাৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ জাৰি কৰা এক ঋণমূলক (Debt) সঁজুলি। বন্ডত বিনিয়োগ কৰা লোকক এটা নিৰ্দিষ্ট সময়ৰ (Maturity Date) মূৰত ধন ঘূৰাই দিয়াৰ নিশ্চিত প্ৰতিশ্ৰুতি দিয়া হয় আৰু নিয়মীয়া হাৰত সুদ প্ৰদান কৰা হয়।
৮। আর্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতর্কতা অবলম্বন কৰিব লাগে উল্লেখ কৰা।
উত্তৰঃ আর্থিক সিদ্ধান্ত লোৱাৰ সময়ত তলৰ সতৰ্কতাসমূহ ল’ব লাগে:
(i) বিনিয়োগ কৰাৰ বাবে কেতিয়াও ধন ঋণ ল’ব নালাগে।
(ii) নিজৰ আয় আৰু সামৰ্থ্য অনুসৰিহে খৰচ কৰা বা ঋণ লোৱা উচিত।
(iii) অধিক লাভৰ আশাত খৰখেদাকৈ কোনো বিত্তীয় সঁজুলিত বিনিয়োগ কৰিব নালাগে; ভালদৰে গৱেষণা কৰা উচিত।
(iv) RBI আৰু SEBI ৰ নিৰ্দেশনা সদায় অনুসৰণ কৰিব লাগে।
৯। চাইবাৰ প্ৰতাৰণাৰ (Cyber Frauds) ধৰণসমূহ কি কি?
উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ ধৰণসমূহ হ’ল-
(i) অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণা।
(ii) বিনিয়োগ প্ৰতাৰণা (Investment Scams)।
(iii) ফিছিং (Phishing) – ভুৱা ই-মেইল বা লিংক প্ৰেৰণ কৰি তথ্য চুৰি।
(iv) পৰিচয় চুৰি (Identity Theft)।
(v) মুক্তিপণৰ দাবী (Ransomware)।
১০। বেংকৰ উদ্ভৱ (Origin of Banks) ৰ ওপৰত সংক্ষিপ্ত নোট লিখা।
উত্তৰঃ বেংকৰ উদ্ভৱক লৈ অর্থনীতিবিদসকলৰ মাজত মতানৈক্য আছে। একাংশৰ মতে ইটালীয়ান শব্দ ‘Monte’ ৰ পৰা বেংক শব্দটো আহিছে, যাৰ অৰ্থ পুঞ্জীভূত ধন। আন একাংশৰ মতে জাৰ্মান শব্দ ‘Banck’ ৰ পৰা আহিছে। ইটালীত এই শব্দ banco, ফৰাচী ভাষাত banke আৰু ইংলেণ্ডত bank হৈ পৰিল।
দীর্ঘ উত্তৰৰ প্রশ্ন (Long Answer Type Questions):
১। কেন্দ্ৰীয় বেংকৰ (Central Bank) যিকোনো চাৰিটা কার্য ব্যাখ্যা কৰা।
উত্তৰঃ কেন্দ্ৰীয় বেংকৰ প্ৰধান চাৰিটা কাৰ্য হ’ল-
(i) কাগজী মুদ্ৰা ছপা কৰা: কেন্দ্ৰীয় বেংকৰ দেশত মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ আছে।
(ii) ঋণ নিয়ন্ত্ৰণ: ই বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা আৰু বজাৰত মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।
(iii) বেংকৰ বেংক: ই অন্যান্য বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে আৰু বিপদৰ বা আৰ্থিক সংকটৰ সময়ত বেংকসমূহক সহায় কৰে।
(iv) চৰকাৰৰ বেংক: ই চৰকাৰক বিত্তীয় যোগান ধৰে, বাজেট নাটনি হ’লে ধনৰ যোগান ধৰে আৰু চৰকাৰক বিত্তীয় পৰামৰ্শ প্ৰদান কৰে।
২। বেংকিং কার্ড ব্যৱহাৰ কৰাৰ সময়ত কি কি সতর্কতা ল’ব লাগে, ব্যাখ্যা কৰা।
উত্তৰঃ বেংকিং কাৰ্ড ব্যৱহাৰৰ সময়ত তলৰ সতৰ্কতাসমূহ ল’ব লাগে:
(i) নিজৰ ATM কাৰ্ড বা PIN নম্বৰ আন কাকো দিব নালাগে আৰু PIN নম্বৰ ক’তো লিখি ৰাখিব নালাগে।
(ii) ATM ত ধন উলিওৱাৰ সময়ত PIN নম্বৰ টিপোতে আনক চাব দিব নালাগে।
(iii) কাৰ্ড হেৰালে বা চুৰি হ’লে লগে লগে বেংকক অৱগত কৰি কাৰ্ডখন ব্লক কৰিব লাগে।
(iv) সুৰক্ষাৰ বাবে PIN নম্বৰ সঘনাই সলনি কৰি থাকিব লাগে।
(v) কাৰ্ডৰ PIN, CVV নম্বৰ বা OTP কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰিব নালাগে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


