SEBA Class 10 Assamese Sample Paper – 2 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Sample Paper, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Sample Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

দ্রুতপাঠ : বৈচিত্র্যময় অসম 

১৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) দেউৰীসকলৰ বিষয়ে চমুকৈ লিখা ৷ 

উত্তৰঃ অসমৰ ভৈয়ামৰ জনজাতি সকলৰ ভিতৰত দৈউৰীসকল অন্যতম । 

মঙ্গোলয়ড নৃ – গোষ্ঠীৰ অন্তৰ্গত এওঁলোক বৃহৎ বড়ো গোষ্ঠীৰে লোক । শদিয়া অঞ্চলতেই দেউৰীসকল বহু বছৰ ধৰি বসবাস কৰি আছিল যদিও কালক্ৰমত তেওঁলোকে তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যোৰহাট , মাজুলী , ধেমাজি , লখিমপুৰ আৰু বিশ্বনাথ আদি জিলাত বসতি কৰিবলৈ লয় ৷ 

প্রধানত : কৃষিজীৱী দেউৰীসকলে সচৰাচৰ নৈৰ দাঁতিৰ খেতি – বাতি কৰিব পৰা ঠাইত বাস কৰে । এই দেউৰীসকল চাৰিটা ভাগত বিভক্ত — ডাঙৰীয়া অৰ্থাৎ ডিবং নৈৰ পাৰত বাস কৰা , টেঙাপনীয়া অর্থাৎ টেঙাপানী নৈৰ পাৰত বাস কৰা , বৰগঞা অৰ্থাৎ বৰনৈৰ পাৰত বাস কৰা আৰু পাতৰ গঞা অর্থাৎ যিসকলে পাতৰ শালত পূজা কৰে । 

দেউৰীসকল বাঁহ – কাঁঠৰ চাংঘৰত থাকে আৰু চাংঘৰ বিলাক সদায় উত্তৰফালে মুখ কৰি সজা হয় । ঘৰখনৰ প্ৰায় সোঁমাজত ঘৰৰ মুৰব্বী থকাৰ নিয়ম । চাংঘৰৰ বাহিৰতেই হওক বা তলতেই হওক গাহৰি , হাঁহ – কুকুৰা আদি পোহা হয় ৷ দেউৰীসকলৰ উপাস্য দেৱতা হ’ল ‘ কুন্দিমামা ’ । এই কুন্দিমামাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালন কর্তা বুলি তেওঁলোকে বিশ্বাস কৰে । 

অসমৰ প্ৰধান তিনিটা জাতীয় উৎসৱ – ৰঙালী বিহু , মাঘ বিহু আৰু কাতি বিহু পালন কৰাৰ উপৰি কৃষি ভিত্তিক উৎসৱ – বিবা বচু গিবা মেচ্চু ( বসস্ত আদৰণি উৎসৱ ) , বিহু উৎসৱ – চিগাদাগাৰেবা বিচু , ‘ বিচু দাবেবা মেচ্চু ‘ , মিদি দেৰুবা মেচ্চু ‘ ( ৰাজ কেবাং ) ধৰ্মৰ লগত জড়িত আৰু শাওনিয়া পূজা ইত্যাদি পালন কৰে । 

( খ ) যাদৱ পায়েঙে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰিছে , তোমাৰ কথাৰে লিখা । 

উত্তৰঃ অসমৰ এখন পিছপৰা ঠাইত প্রায় চল্লিছ বছৰ ধৰি নিৰলস প্রচেষ্টাৰে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণেৰে বিশ্বৰ দৰবাৰত জিলিকি উঠা যাদৱ পায়েং হ’ল এজন মিচিং সমাজৰ ব্যক্তি ৷ ‘ ভাৰতৰ অৰণ্য মানৱ ’ ( Forest Man of India ) উপাধি প্রাপক যাদৱ পায়েঙে ১৯৫৯ চনৰ ৩০ অক্টোৱৰত বৰ্তমানৰ যোৰহাট জিলাৰ ককিলা মুখৰ বৰঘোপ গাঁৱত জন্ম গ্রহণ কৰে । বালিগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলি আনুষ্ঠানিক শিক্ষাৰে মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়া পায়েঙে প্ৰকৃতিৰ প্ৰতি অতি দৰদী হৈ পৰিছিল । ঔনা চাপৰিত ব্ৰহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্ৰখৰ ৰ’দত সাপ – বেঙকে আদি কৰি সৰু – সুৰা অজস্ৰ জীৱ – জন্তু মৃত্যু মুখত পৰা দেখে , তেতিয়া তেওঁ সেইবিলাক ৰক্ষা কৰাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে । প্রথমে তেওঁ ৫০ জোপা বাঁহগছ ৰোপণ কৰি প্ৰকৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ কাম হাতত লয় । তাৰ পিছত প্ৰতি বছৰে গছ – বিৰিখ ৰোপণ কৰা কাৰ্য তেওঁৰ অভ্যাসত পৰিণত হ’ল । ১৯৭৯ চনৰপৰা যোৱা প্রায় চল্লিশটা বৰ্ষ কেৱল তেওঁ গছ ৰুইছে আৰু সেইবোৰ লালন – পালন কৰিয়ে আহিছে । 

কালক্ৰমত ১৯৭৯ গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বর্তমান ১,৩৬০ একৰ অৰ্থাৎ ৪,০৫০ বিঘা মাটিত বিশাল কাঠনি গঢ়ি তুলিলে । যাক আজি বিশ্বই “ মেলাই কাঠনি ” বুলি চিনি পায় । 

তেওঁৰ কাঠনিত মূল্যৱান ৰঙা চন্দন , বগা চন্দন , চিচুগছ , হলখ , গমাৰী , তিতাচপ , পমা আৰু বিভিন্ন ধৰণৰ ঔষধি বন – লতাৰ উপৰি ঢেঁকীয়াপতীয়া বাঘ , বছৰত তিনি – চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাতী , ৫০০ ৰো অধিক হৰিণাৰ লগতে শগুণ , শামুকভঙা , বগলী , হুদু , বৰটোকোলা , শাপলী হাঁহ , কাউৰী , কামচৰাই , বাদুলী , কপৌ আদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই – চিৰিকটি পায়েঙৰ মোলাই কাঠনিৰ এৰাব নোৱাৰা পৰিয়াল । 

১৪। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা—

( ক ) মণিপুৰীসকলে পালন কৰা ধৰ্মীয় ৰীতি – নীতি , উৎসৱ – পাৰ্বনৰ বিষয়ে লিখা । 

উত্তৰঃ মণিপুৰীসকলৰ সমাজ আৰু সংস্কৃতি কৃষিভিত্তিক । মণিপুৰী উৎসৱ ‘ লাই হৰাওবা ’ কৃষিভিত্তিক হ’লেও লোকাচাৰ জড়িত । ‘লাইহৰাওবা’ ৰ অৰ্থ হৈছে ‘ নেদেখাজনৰ সন্তোষ সাধন ’ , ‘ লাইহৰাওবা’ হৈছে মণিপুৰী সংস্কৃতিৰ প্রতিবিম্ব স্বৰূপ । মণিপুৰীসকলে আদিম জড়দেৱতা ‘ উমংলাই ’ পূজা লাইহাৰাউফম ’ ত প্ৰতি বছৰে উদ্‌যাপন কৰে । আত্মীয়তা বৈবাহিত সম্পর্ক ‘ য়েক ’ বা ‘ খেল ’ ব্যৱস্থাৰে মণিপুৰীসকলে ধৰ্মীয় ৰীতি – নীতি , লোকাচাৰসমূহ ৰক্ষা কৰি ৰাখিছে। 

( খ ) ৰাভাসকলৰ সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ৰাভা সমাজ লোকগীত , লোক সাধু , লোক বিশ্বাস আৰু লোক সংস্কৃতিৰে ভৰপুৰ । ৰাভাৰ সমাজ জীৱনত চলি অহা বিভিন্ন পূজা – পাতল , উৎসৱ – পাৰ্বন আদিক গীত , মাত , সুৰ , তাল , লয় , বাদ্য , নৃত্য এই নৃত্য গীতত প্ৰকাশ পাইছে আনন্দৰ পৰা দুখলৈ , প্ৰেমৰ পৰা বিৰহলৈ বিবিধ গাঁথা । 

ৰাভা কৃষ্টি সংস্কৃতিত অতীতৰে পৰা চলি অহা প্রতীক হ’ল ‘ মানচালেংকা ’ বা ‘ মাছৰোকা ’ চৰাই । এই মানচালেংকাৰ আৰ্হিত কঠিন প্রতিকৃতিৰে কৰুৱা আৰু বাতিকটিকা নামৰ চৰাইক লৈ এডাল মাৰৈত সংলগ্ন কৰি লোৱা হয় আৰু নাচৰ তালে তালে পুৰুষসকলে নচুৱায় লগতে নাচনীসকলে ৰাভাৰ পৌৰানিক বীৰ , বীৰাঙ্গনাৰ ঢাল আৰু তৰোৱাল লৈ নৃত্য কৰে । 

১৬। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা—

( ক ) তিৱাসকলে তেওঁলোকৰ উৎসৱ – পাৰ্বনত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি ?

উত্তৰঃ তিৱাসকলে তেওঁলোকৰ উৎসৱ – পাৰ্বনত সাধাৰণতে ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হ’ল― খ্ৰাম্ ( ঢোল ) বাৰ , খ্ৰাম্‌ খুজুৰা , খ্ৰাম্‌ পান্থাই দুম্‌দিং , দগৰ্ , পাতিঢোল আদি চাম্ৰাৰ বাদ্য , বাঁহৰ পাতেৰে তৈয়াৰী বাফাং খ্ৰাম , থক্‌থৰৰক , মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী ( বাঁহী ) , থোবাং , ম’হৰ শিঙৰ পেপা , মুহুৰি আৰু খায়াং ( তাল ) ইত্যাদি বাদ্যযন্ত্ৰৰ পয়োভৰ তিৱাসকলৰ মাজত দেখা যায় । 

( খ ) ‘ লাল মোহৰীয়া পাণ্ডা ‘ বুলি ক’লে কি বুজা যায় ? 

উত্তৰঃ প্রাচীন ধৰ্মগ্ৰন্থৰ মতে কামাখ্যা মন্দিৰৰ নিৰ্মাতা আৰু প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকে বর্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ কামাখ্যা মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা পূজাৰী আনিছিল । পিছলৈ তেওঁলোক কামাখ্যা মন্দিৰত ‘ লালমোহৰীয়া পাণ্ডা ’ হিচাপে খ্যাত হৈ পৰিল ৷ 

১৬। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) তিৱা সমাজত ‘ জেলা ’ বুলি কাক কোৱা হয় ? 

উত্তৰঃ তিৱা সমাজত প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘ জেলা ’ বুলি কোৱা হয় । 

( খ ) বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ? 

উত্তৰঃ খ্ৰীষ্টীয় ১৯৬৩ চনত বড়ো ভাষাই প্রাথমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে । 

Group – B ( খ – বিভাগ ) মূল্যাংক : ২৫

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা—

( ক ) অঘ কোন ? তেওঁ কাৰ নিৰ্দেশত শ্ৰীকৃষ্ণক বধ কৰিব বিচাৰিছিল, বধ কৰিব পাৰিলেনে ? কৃষ্ণই তেওঁক কিদৰে বধ কৰিলে ? 

উত্তৰঃ অঘ বা অঘাসুৰ কংসৰ সেনাপতি আছিল । তেওঁ কংসৰ নির্দেশত শ্রীকৃষ্ণক বধ কৰিব বিচাৰিছিল । তেওঁ কৃষ্ণক বধ কৰিব নোৱাৰিলে । ইয়াৰ বিপৰীতে তেওঁৰ হে কৃষ্ণৰ হাতত মৃত্যু হ’ল । কংসৰ নিৰ্দেশত অঘাসুৰে অজগৰৰ ৰূপ ধৰি কৃষ্ণ আৰু আৰু লগৰীয়াবোৰক বধ কৰিবলৈ মুখ মেলি আছিল । পৰ্বতৰ গুহা বুলি ভাবি কৃষ্ণ আৰু লগৰীয়াবোৰে তাত সোমায় । কৃষ্ণই পিছত বুজি পাই নিজৰ শৰীৰৰ আকৃতি বঢ়াই দিয়াত অজগৰ ৰূপী অঘাসুৰৰ পেট ফাটি মৃত্যু হয় । 

( খ ) শ্ৰীকৃষ্ণৰ হাতত মৃত্যু হোৱা অসুৰ কেইটাৰ নাম উল্লেখ কৰি সিহঁতৰ কিদৰে বধ কৰিলে লিখা ।

উত্তৰঃ শ্ৰীকৃষ্ণৰ হাতত মৃত্যু হোৱা অসুৰ কেইটা হ’ল— অঘ , বক , ধেনুক , অৰিষ্ট কেশী , শঙ্খচূড় , কংস । 

অঘ বা অঘাসুৰে কৃষ্ণক মাৰিবলৈ অজগৰৰ ৰূপ লৈ আছিল । কৃষ্ণ আৰু লগৰীয়াবোৰে পৰ্বতৰ গুহা বুলি অজগৰৰ পেটত সোমাই যায় । কৃষ্ণই পিছত বুজি পাই পেটৰ ভিতৰতে নিজৰ শৰীৰৰ আকৃতি বঢ়াই দিয়াত অঘাসুৰৰ মৃত্যু হয় । 

বক নামৰ অসুৰটোৱে বক পক্ষী ( বগলী ) ৰ ৰূপ ধৰি কৃষ্ণ অহাৰ বাটত কৃষ্ণক গিলিবলৈ চোপ লৈ আছিল । কৃষ্ণই বকাসুৰৰ ঠোটত ধৰি ফালি পেলোৱাত তাৰ মৃত্যু হয় । 

ধেনুক কংসৰ আজ্ঞাবাহী এটা অসুৰ । বৃন্দাবনৰ ওচৰত সি থকা বনত এবাৰ বলোৰাম আৰু কৃষ্ণই তালফল খাবলৈ যাওঁতে বলোৰামক মাৰিবলৈ অহাত তাল ফলত আচাৰি তাক বধ কৰে । 

কংসৰ নিৰ্দেশত কৃষ্ণক বধ কৰিবলৈ অহা কেশীয়ে ঘোঁৰাৰ ৰূপ ধৰি ব্রজবাসীৰ ওপৰত নানা অত্যাচাৰ কৰে আৰু গোকুলৰ গৰুবোৰ বধ কৰে । কেশীয়ে মুখ মেলি খাবলৈ আহোঁতে কৃষ্ণই কেশীৰ মুখত হাত সুমুৱাই উশাহ ল’ব নোৱাৰি কেশীক বধ কৰে । 

অষ্টিক নামৰ দৈত্যৰ মূৰ মোহাৰি কৃষ্ণই হত্যা কৰে। 

শঙ্খচূড় নামৰ অসুৰটোকো কৃষ্ণই বধ কৰিছিল । 

কংসৰজাকো কৃষ্ণই কংস ৰজাৰ ৰাজসভাত বধ কৰে । 

( গ ) দৈৱকীনন্দন শ্রীকৃষ্ণই বিভিন্ন অসুৰ আৰু অনাচাৰী মোমায়েক কংসক বধ কৰি প্রজাগণক কেনেদৰে নিৰ্ভয় দিলে লিখা । 

উত্তৰঃ দেৱতাৰ শ্ৰেষ্ঠ শ্ৰীকৃষ্ণই এই মৰ্তৰ প্ৰজাগণক অসুৰ – দানৱৰ পীড়নৰ পৰা মুক্তি দিবৰ বাবে দৈৱকীৰ গৰ্ভত জন্ম লৈছেহি । দৈৱকীনন্দন কৃষ্ণৰ হাতত যে কংসৰ মৃত্যু ঘটিব এই কথা জানিব পাৰি অনাচাৰী কংসই ভগ্নী দৈৱকী আৰু জোঁৱাই বাসুদেৱক কাৰাগাৰত বন্দী কৰালে । কাৰাগাৰৰ ভিতৰতো বাসুদেৱ – দৈৱকীৰ ওপৰত চোকা নজৰ দি তেওঁলোকৰ সস্তান বধ যজ্ঞ চলাই গল । তদুপৰি ৰাজ্যৰ আন আন সদ্যোজাত সন্তানেও অত্যাচাৰী কংসৰ পৰা ৰেহাই নাপালে । কিন্তু নিয়মিত বিধান কোনে খণ্ডাব । অৱশেষত কংসৰ আজ্ঞাবাহী বকাসুৰ , অঘাসুৰ , ধেমুকাসুৰ , কেশীৰ লগতে কংসও ভাগিনীয়েক কৃষ্ণৰ হাতত নিপাত গ’ল । কাৰাগাৰৰ পৰা কৃষ্ণৰ মাক – দেউতাক ককাক উগ্রসেনে মুক্তি লাভ কৰিলে । নানা দুৰ্গতি ভোগা প্রজাসাধাৰণৰ মুখলৈ সুখৰ বন্যা ব’বলৈ ধৰিলে । 

১৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) শংকৰদেৱৰ প্রথম কাব্যগ্রন্থৰ নাম কি ? 

উত্তৰঃ হৰিশচন্দ্ৰ উপাখ্যান । 

( খ ) ‘ ঘনুচা কীৰ্তন ’ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ শ্ৰীধৰ কন্দলিয়ে । 

( গ ) শংকৰদেৱৰ শিক্ষাগুৰু গৰাকীৰ নাম লিখা । 

উত্তৰঃ মহন্দ্ৰে কন্দলী । 

১৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) অসমীয়া সেনাই কেনে আয়োজনসহ ৰামসিংহৰ লগত যুদ্ধ কৰিছিল বর্ণনা কৰা । 

উত্তৰঃ ৰামসিংহই গুৱাহাটী উদ্ধাৰৰ অৰ্থে অসম আক্ৰমণ কৰা সময়ত অসমৰ সেনাপতি বীৰ লাচিত বৰফুকন আছিল । ৰামসিংহ সম্রাট ঔৰংজেৱৰ এজন বৰ বিশ্বাসী বিষয়া আছিল । তেওঁ মান্ধাতাৰ নাতি আৰু বৰ পৰাক্ৰমী আছিল । তেওঁৰ লগত বহুতো পালি সেনাপতিয়ে হাজাৰ হাজাৰ সৈন্য লৈ আহি যোগ দিছিল । চোৰাংচোৱাৰ মুখে মোগলৰ শক্তিশালী বাহিনীৰ বতৰা পাই লাচিত বৰফুকনৰ অধীনত এক বিৰাট ফৌজ গঠন কৰে । বৰফুকনৰ লগত তিনিজনা মন্ত্রী , ফুকন , ৰাজখোৱা আদি বহুতো পালি সেনাপতি আছিল । 

আটাইয়ে গুৱাহাটীত মোগলক ভেটা দিবলৈ বুলি আয়োজন এইদৰে কৰিছিল— শৰাইঘাটত বুঢ়াগোঁহাইক , কুৰুৱাত বৰপাত্ৰ গোহাঁইক , নাওবৈচা ফুকনক পানীত আৰু অসুৰৰ আলিত কলিয়াবৰীয়া ফুকন সাজু হৈ ৰ’ল । বুঢ়াগোহাঁইৰ লগত দিহিংগীয়া ফুকনকো ৰখা হ’ল । 

এইদৰে ৰামসিংহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমীয়া সেনাবাহিনী সষ্টম হৈ ৰ’ল । 

( খ ) অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রী কৃষ্ণক কি কৈছিল তোমাৰ নিজৰ ভাষাত লিখা । 

উত্তৰঃ অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ পিতৃব্য , পিতামহ , আচার্য , মাতুল , ভাতৃ, ভাতৃপুত্র , পোট্ৰ , সখি , শহুৰ , সুহৃদয় সকলোকে দেখা পালে । যুদ্ধক্ষেত্ৰত আত্মীয়সকলক দেখি অর্জুনে যথেষ্ট দুখ পাইছিল । তেওঁ শ্ৰীকৃষ্ণক মনৰ অৱস্থা প্ৰকাশ কৰি কৈছিল যে , যুদ্ধক্ষেত্ৰত ৰৈ থকা আত্মীয় স্বজনক দেখি তেওঁৰ হাত – ভৰি ভাগি যোৱা যেন হৈছে , মুখ শুকাইছে , শৰীৰ কঁপিছে , গাৰ নোম শিয়ঁৰি উঠিছে , হাতৰ গাণ্ডীব খহি পৰিছে , গাৰ ছাল পুৰিছে । তেওঁ যুদ্ধ কৰা দূৰৰ কথা এওঁলোকৰ আগত থাকিবলৈয়ো ক’ব নোৱাৰা হৈ পৰিছে । মনত তেওঁৰ ভয় জাগিছে আৰু অমঙ্গলবোৰ দেখিছে । মূৰৰ ওপৰত শগুন উৰিছে , শিয়ালে দিনতে হোৱা দিছে । যুদ্ধত আত্মীয় বধ কৰি একো সুফল পোৱা নাযায় । তেনে বিজয় লাভ কৰি ৰাজ্যভোগ কৰাৰ ইচ্ছা তেওঁৰ নাই । 

পৃথিৱী লাভ কৰাৰ দূৰৰে কথা ত্রৈলোক্য লাভৰ কাৰণেও তেওঁ বন্ধুসকলক বধ কৰিব নোৱাৰে । কৌৰৱসকলৰ দৰে আততায়িক বধ কৰিলে কোনো দোষ নাই যদিও ধৰ্মশাস্ত্ৰই তেওঁলোকক দুষিব । কৌৰৱসকলে লোভত পৰি কুলক্ষয় দোষ , মিত্ৰদোষ পাপ কৰিছে যদিও নিজে তেওঁ সেই দোষ কৰিব নোৱাৰে । কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হ’ব । অধর্মই কুলস্ত্রীসকলক নষ্ট কৰিব । স্ত্ৰীসকল বেয়া হ’লে জাৰজ সন্তান জন্ম হ’ব । তেতিয়া গোটেই বংশ নৰকলৈ গতি কৰিব । ফলত পিতৃ পুৰুষে জলপিণ্ড নাপাব । গতিকে তেওঁ জানি বুজি এনে পাপ কৰিব নোৱাৰে । তেওঁ অস্ত্ৰ নধৰিলে দুৰ্যোধনে যদি তেওঁক বধ কৰে তথাপি মঙ্গল হ’ব কিয়নো তেতিয়া তেওঁৰ পাপ নহ’ব ৷ 

( গ ) ‘ প্রাচীন ভাৰতীয় শিক্ষা ’ প্ৰবন্ধটেৰ পৰা তুমি কি মূল্যবান কথা শিকিলা চমুকৈ লিখা । 

উত্তৰঃ ‘ প্রাচীন ভাৰতীয় শিক্ষা ’ পাঠটিৰ জৰিয়তে সাহিত্যিক হেমচন্দ্র গোস্বামীদেৱে ভাৰতীয় শিক্ষাৰ ঐতিহ্যৰ বিষয়ে ব্যক্ত কৰিবলৈ যাওঁতে প্রাচীন ভাৰতীয় শিক্ষাৰ উদ্দেশ্য আৰু বৰ্তমানৰ শিক্ষাৰ উদ্দেশ্যৰ মাজৰ পাৰ্থক্য দেখুৱাইছে । পাঠটিত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাৰ আভাস পাবলৈ সক্ষম হৈছো ৷ বিশেষকৈ সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য , বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম , গুৰু – শিষ্যৰ শিষ্ট আচৰণ আৰু সুসম্পৰ্কৰ বিষয়েও আমাক নৈতিকতাৰ শিক্ষাৰ কথা সোঁৱৰায় ৷ অতীতৰ শিক্ষাৰ মূল্যবোধ জড়িত শিক্ষাই শিক্ষাৰ্থীৰ সামগ্ৰিক জীৱনৰ বাবে সুন্দৰ আৰু বহল অন্তৰৰ কৰি তোলাৰ বিপৰীতে আজিৰ শিক্ষাৰ সংকীর্ণ উদ্দেশ্যক স্নান কৰি পেলোৱাৰ ছবি এখন প্রতিভাত হৈ উঠিছে । পাঠটোৰ পৰা ধাৰণা আৰু তুলনা কৰিব পাৰি যে অতীতৰ শিক্ষা আছিল সমাজৰ বাবে এজন শিক্ষার্থীক সমাজসেৱক হিচাপে গঢ়ি তোলা । কিন্তু আজিৰ শিক্ষা ব্যৱস্থাত এজন শিক্ষার্থীক কেৱল নিজকে জীয়াই থাকিবলৈ চাকৰিজীৱী হিচাপে তৈয়াৰ কৰা ।

২০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ―

( ক ) “ মোক বঙালে ধৰি নিয়োক । ” কাৰ উক্তি ? 

উত্তৰঃ আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ । 

( খ ) অসমীয়া গদ্য সাহিত্যৰ জনক কোন ? 

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ । 

( গ ) কুলক্ষয় দোষ কি ?

উত্তৰঃ যিয়ে বংশ ধ্বংস কৰে অৰ্থাৎ যি দোষে বংশ এটা লঘু কৰে সেয়াই কুলক্ষয় দোষ । বন্ধু , আত্মীয়ক বধ কৰাতো কুলক্ষয় দোষৰ ভিতৰুৱা ৷ 

২১। তলৰ প্ৰশ্ন দুটাৰ উত্তৰ লিখাঃ 

( ক ) অনুসর্গ কাক বোলে ? 

উত্তৰঃ যিবিলাক বর্ণ বা বর্ণ সমষ্টি নাম পদ বা ক্রিয়াপদৰ একেবাৰে শেষত বহি বাক্যৰ অৰ্থ দৃঢ় কৰে বা অনিশ্চয়তা , সন্দেহ , মৃদু , অনুৰোধ , ইচ্ছা আদি ভাৱ প্ৰকাশ কৰে তাকে অনুসর্গ বোলে । যেনে– হে , চোন , দেখোন , গৈ , একা , পাই আদি । 

( খ ) উপসর্গ যোগ কৰি দুটা শব্দ লিখা ।

উত্তৰঃ উপ – উপস্থিত । 

          দুৰ – দুর্লভ । 

২২। সমার্থক শব্দ লিখা ( যিকোনো এটা ) 

( ক ) ভাস্কৰ।

উত্তৰঃ ভাস্কৰ শব্দটোৰ এটা সমার্থক শব্দ হ’ল – ৰবি ।

( খ ) মেঘ।

উত্তৰঃ মেঘ শব্দৰ সমার্থক শব্দ হ’ল – ডাৱৰ ।  

২৩। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা । ( যিকোনো এটা ) 

( ক ) মঞি ।

উত্তৰঃ মঞি – মই । 

( খ ) শুতিয়া ।

উত্তৰঃ শুতিয়া – শুই । 

২৪। তলৰ যিকোনো দুটাৰ চমুটোকা লিখাঃ 

( ক ) অমিত্রাক্ষৰ ছন্দ ।

উত্তৰঃ যি ছন্দত স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল নাথাকে , তাকে অমিত্রাক্ষৰ ছন্দ বোলে । উদাহৰণঃ অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী / ৰঞ্জি মণিকর্ণিকাৰ হৰিৎ মেখলা , আছা শোভি শুভ্রবেশে / লৌহিত্যৰ তীভূমি শ্যামল বননি।

( খ ) পয়াৰ ।

উত্তৰঃ চৰণত দুটাকৈ পৰ্ব থাকে ৷ প্ৰতিটো চৰণৰ প্ৰথম পৰ্বত আঠটাকৈ আৰু দ্বিতীয় পর্বত ছয়টাকৈ আখৰ থাকে ৷ চৰণৰ শেষ আখৰ ধ্বনিগত মিল থাকে ৷ উদাহৰণঃ প্ৰথমে প্ৰণামো ব্ৰহ্ম / ৰূপী সনাতন । 

সৰ্ব অৱতাৰৰ কা / বণ নাৰায়ণ ।।

( গ ) মুক্তক ছন্দ ।

উত্তৰঃ এইবিধ ছন্দত চৰণৰ শেষ ধ্বনিবোৰৰ মাজত মিল নাথাকে । ভাৱৰ স্পন্দন আৰু সাঙ্গীতিক লয়েহে ছন্দবোধ জগাই তোলে । যেনে – অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী / ৰঞ্জি মণিকর্ণিকাৰ হৰিৎ মেখলা আছা শোভি শুভ্রবেশে / কৰি সুৰভিত তীভূমি শ্যামল বননি ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top