SEBA Class 10 Assamese Model Paper – 1 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Simple Paper – 1, HSLC Simple Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Simple Paper – 1

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Simple Paper – 1 provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Model Paper – 1, Class X Simple Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

১০। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) তলৰ যিকোনো দুটাত ‘ ণ ’ আৰু ‘ ষ ’ কি কাৰণে হৈছে , বুজাই লিখা— 

পৰিষ্কাৰ, পাষাণ , কৃষি , পর্ণ

উত্তৰঃ পৰিষ্কাৰ : অ – আ ভিন্ন অন্য স্বৰবৰ্ণৰ পিছত প্রত্যয়ৰ ‘ স ’ ‘ ষ ’ হয় । 

পাষাণ : ‘ ঋ ’ , ‘ ৰ ’ , ‘ ষ ’ আৰু ‘ ন ’ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ ‘ ন ’ ‘ ণ ’ হৈছে । 

পর্ণ : একেটা পদতে থকা ‘ ঋ ’ , ‘ ৰ ’ , ‘ ষ ’ ৰ পিছৰ ‘ ন’ ‘ণ ’ হয় । 

( খ ) যথাস্থানত যতি চিহ্ন দিয়া— 

হে প্রভু তেওঁৰ মংগল কৰা ।

উত্তৰঃ হেপ্ৰভু ! তেওঁৰ মংগল কৰা । 

( গ ) সমাস কাক বোলে ? এটা উদাহৰণ দি বুজাই লিখা । 

উত্তৰঃ পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ চুটি কৰি একপদ কৰাকে সমাস বোলে ৷ যেনে বীণা আছে পানীত যাৰ : বীণাপাণি। 

( ঘ ) সন্ধি ভাঙা ( যিকোনো দুটা ) – 

পৰীক্ষা , মেঘালয় , পবিত্র 

উত্তৰঃ পৰি + ঈক্ষা = পৰীক্ষা ।

          মেঘ + আলয় = মেঘালয় ।

          পো + ইত্র = পবিত্র ।

( ঙ ) বিপৰীত অর্থ লিখা ―

দেশহিতৈষী , নির্দোষ , নিৰানন্দ 

উত্তৰঃ দেশহিতৈষী ― দেশদ্রোহী ।

         নির্দোষ – দোষ ।

         নিৰানন্দ ― আনন্দ ।

( চ ) তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা— 

যি ছাত্ৰই শিক্ষকৰ সন্মান নকৰে , তাৰ শিক্ষাই বৃথা । 

উত্তৰঃ শিক্ষকৰ সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা । 

( ছ ) এটা শব্দত প্ৰকাশ কৰা ( যিকোনো দুটা ) — 

মাটিৰ বাচন সাজোতা ; যাক লংঘন কৰিব নোৱাৰি ; ধৰ্মত বিশ্বাসী যি। 

উত্তৰঃ মাটিৰ বাচন সজোতা – কুমাৰ ।

যাক সহজে লংঘন কৰিব নোৱাৰি – দুর্লঙ্ঘ্য / অলংঘনীয় ।

ধৰ্মত বিশ্বাসী যি ― সাত্ত্বিক ।

১১। তলৰ যিকোনো এটা প্রশ্ন উত্তৰ লিখা— 

( ক ) ভাৱ সম্প্ৰসাৰণ কৰা—  

চোৰ গ’লে বুধি , বৰষুণ গ’লে জাপি 

উত্তৰঃ আলোচ্য কথাফাকি অসমীয়া ভাষাত সততে ব্যৱহৃত এফাকি ফকৰা যোজনা বিপদ পাৰ হৈ যোৱাৰ পিছত যে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অর্থহীন , সেই কথাই ফকৰা যোজনাটিয়ে প্রকাশ কৰা । 

সমাজত চোৰ ধৰাৰ বিভিন্ন উপায় সম্পর্কে মানুহে আলোচনা কৰে । কিন্তু চোৰে চুৰ কৰি ঘৰৰ বস্তু লৈ যোৱাৰ পিছত গুণাগঁথা কৰি থাকিলে কোনো লাভ নাই । চোৰ আহোতেই বুদ্ধিৰে তাক ধৰিলেহে ঘৰৰ বস্তু ৰক্ষা পৰিব । সেইদৰে অসমীয়াসকলে নিজক ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ জাপিৰ ব্যৱহাৰ কৰে । বিশেষকৈ বৰষুণত নিতিতিবলৈ জাপি ব্যৱহাৰ কৰা হয় । কিন্তু বৰষুণত তিতি জুৰুলি – জুপুৰি হোৱাৰ পিছত নাইবা বৰষুণৰ বতৰ শেষ হ’লে জাপিৰ ব্যৱহাৰ অৰ্থহীন হৈ পৰে।অৰ্থাৎ সকলো বস্তুৱেই ব্যৱহাৰ কৰাৰ কিছুমান নির্দিষ্ট লক্ষ্য থাকে।সেই লক্ষ্য পূৰণৰ বাবে সময় সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ চোৰে চুৰ কৰি নিয়াৰ পিছত চোৰক ধৰাৰ উপায় চিন্তি বা বৰষুণ যোৱাৰ পিছত জাপি লৈ যিদৰে কোনো লাভ নাই , সেইদৰে জীৱনৰ সুযোগবোৰ সময় পাৰ হৈ যোৱাৰ পিছত গ্ৰহণ কৰিলে কোনো ফল লাভ নহয় ৷ 

( খ ) তোমাৰ অঞ্চলত সঘনাই ঘটা বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা । (আবেদন পত্ৰত নাম – ঠিকনা নিলিখিবা )

উত্তৰঃ প্ৰতি,

             ভাৰপ্ৰাপ্ত বিষয়া মহোদয় 

             বিদ্যুৎ যোগান বিভাগৰ স্থানীয় কার্যালয়। 

                                     স্থান : ‘ক’

                                    তাৰিখ : ১৫/০৪/২০১৩

বিষয় : নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে আবেদন । 

মহোদয় , 

           সন্মান পূর্বক নিবেদন এই যে আপোনাৰ বিভাগীয় এলেকাধীন আমাৰ ‘ ক ’ অঞ্চলত আজি কিছুদিন ধৰি ঘনাই বিদ্যুৎ কৰ্তন হ’বলৈ ধৰিছে । গৰমৰ দিনত বিদ্যুৎ নহ’লে ৰাইজে বহুতো অসুবিধা কৰে । ইফালে বিদ্যুৎ কর্তন হোৱাৰ বাবে আমি নিয়মীয়াভাৱে পানী আদিৰ ক্ষেত্ৰত অসুবিধাত ভুগিছো । বিশেষকৈ অঞ্চলটোৰ পৰীক্ষাৰ্থীসকলে সন্ধিয়াৰ পিছত লেম জ্বলাই পঢ়িব লগীয়া হৈছে । উল্লেখযোগ্য যে এই কেইদিন দিনটোত মাত্র তিনি ঘণ্টামানহে অঞ্চলটোৰ ৰাইজে বিদ্যুতৰ মুখ দেখিবলৈ পাইছোহঁক । সেয়েহে দয়ালু মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাও যে তেখেতে যেন অঞ্চলটোলৈ নিয়মীয়াভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি অঞ্চলবাসী ৰাইজক কৃতাৰ্থ কৰে । এয়ে মহোদয়ৰ ওচৰত সৰল প্রার্থনা । 

ইতি 

সদৌ অঞ্চলবাসীৰ হৈ

শ্ৰী ………………..

অঞ্চলবাসীৰ স্বাক্ষৰ 

১। …………………

২। ………………..

৩। ………………..

৪। ………………..

১২। তলৰ যিকোনো এখন ৰচনা লিখা— 

( ক ) অসমৰ বানপানী ।

( খ ) শিক্ষানুষ্ঠানত খেল – ধেমালি ।

( গ ) দূৰদৰ্শন ।

উত্তৰঃ ( ক ) অসমৰ বানপানী 

অৱতৰণিকা : বানপানী অসমৰ এটা জ্বলন্ত সমস্যা । অৱশ্যে ভাৰতবৰ্ষৰ ভালেমান ৰাজ্যত বানপানী হয় ৷ অসমত বানপানীৰ লগতে গৰাখহনীয়াও হয় । অসম ৰাজ্যখন বানপানী

আৰু গৰাখহনীয়াৰ কবলত পৰিছে । এই অৱস্থা চলি থাকিলে অসমৰ উন্নয়ন ব্যাহত হোৱাই নহয় , ৰাজ্যখনৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হয় । 

বানপানীৰ কাৰণ : পৰ্বত – পাহাৰত বৰষুণ হোৱাৰ লগে লগেই অসমৰ নৈবোৰত পানী উপচি পৰে ৷ বাৰিষা এই নৈবোৰত প্ৰায় একেলগেই বানপানী উঠে । সাধাৰণতে অসমত বৰষুণৰ মাত্রা বেছি । সেয়ে বানপানীও প্রবল বুলিব পাৰি । ১৯৫০ চনত অসমত এটা বৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত অসমৰ নদ – নদীবোৰ কিছু বাম হ’ল বুলি বিশেষজ্ঞসকলে অনুমান কৰে । নদ – নদীৰ পৃষ্ঠভাগত গোট খোৱা পানী পোনে পোনে বৈ যাব নোৱাৰি পাৰ বাগৰি যায় । তাৰ ফলত বানপানী হয় । মথাউৰিবোৰ বন্ধাৰ ফলত নদীৰ গতি ব্যাহত হয়।কেতিয়াবা মথাউৰি ভাঙিলে প্রবল ধৰণে পানী বাগৰি যায় । বর্তমান কালত অসমত বিশেষকৈ কৃত্রিম বানপানীৰ প্রকোপ বেছি হোৱা দেখিবলৈ পোৱা গৈছে । বৃহৎ বৃহৎ অট্টালিকাবোৰ নিৰ্মাণ কৰা হৈছে কিন্তু পানী ওলাই যাবৰ বাবে নলা – নর্দমাৰ সু – ব্যৱস্থা নাই । ফলত এজাক বৰষুণতেই বিশেষকৈ গুৱাহাটীৰ নিচিনা মহানগৰী বানত ডুব যোৱাৰ উপক্রম হয় । 

বানপানীয়ে কৰা অপকাৰ : বানপানীয়ে বহুতো অপকাৰ কৰে । বানপানীত মানুহৰ নানা দুর্গতি হোৱা দেখা যায় । বানপানীয়ে বহুতো মানুহৰ ঘৰ – দুৱাৰ , গৰু – ম’হ উটুৱাই নিয়ে , শস্য আদি নষ্ট কৰে । বানপানী উঠাৰ লগে লগেই মানুহ ওখ ঠাই , ওখ ৰাস্তা আদিত থিতাপি ল’ব লগা হয় । ভঁৰাল আদি ভাঙি নিয়াত সঞ্চিত খাদ্যও নষ্ট হয় । হঠাৎ পানী বাঢ়ি মথাউৰি ভাঙিলে প্রবল সোঁতত ঘৰ – বাৰী উটুৱাই নিয়াৰ উপৰি মানুহৰ প্ৰাণহানি হয় । তদুপৰি বানপানীৰ ফলত দেশৰ ৰাইজৰ স্বাস্থ্যৰ অৱনতি ঘটে । জীৱ – জন্তুবিলাকৰো সংকটপূর্ণ অৱস্থা হয় । বানপীড়িত অঞ্চলৰ ছাত্ৰ – ছাত্ৰীৰ পঢ়া – শুনাৰ ক্ষতি হয় । ৰাস্তা – পদূলিবোৰ ছিঙি নিয়াত আৰু দলং আদি উঁটুৱাই নিয়াৰ ফলত অযথা খৰচৰ বাট ওলায় ৷ 

বানপানীৰ উপকাৰ : সাধাৰণভাৱে বানপানী যদি এবাৰ আহে তেন্তে খেতিৰ বাবে উপকাৰী । কিয়নো এনে পানীয়ে নানা ঠাইৰ পৰা সাৰ আদি কঢ়িয়াই আনে । ফলত মাটিবোৰ পলসুৱা হয় । সেই পলসুৱা মাটি শস্যৰ বাবে বৰ উপকাৰী । আনহাতে বানপানীয়ে মাছৰ উৎপাদনো বৃদ্ধি কৰে ৷ 

বানপানী নিয়ন্ত্ৰণৰ উপায় : অসমৰ নদীবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বানপানী নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয় ৷ কেৱল মথাউৰিয়েই নদী নিয়ন্ত্ৰণ কৰিব নোৱাৰে । অৱশ্যে চৰকাৰৰ তৰফৰ নদী নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে । কেন্দ্ৰীয় চৰকাৰেও ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ বাবে মনোযোগ দিছে । পাহাৰত জধে – মধে গছ – গছনি কটা বন্ধ কৰিব লাগে । ড্রেজাৰেৰে ব্ৰহ্মপুত্ৰৰ তলিভাগ খান্দি দ ’ কৰাটো বানপানী নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ কথা । বান নিয়ন্ত্ৰণৰ বাবে ধার্য কৰা চৰকাৰী পুঁজিৰ অপব্যৱহাৰ বন্ধ কৰিব লাগিব । কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰ মিলি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী নিয়ন্ত্ৰণ কৰিব পাৰিলেই অসমৰ বাকীবোৰ উপনদী নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰিব ।

সামৰণি : প্রকৃতিয়ে ছয় ঋতুত প্রতি বছৰে একেদৰেই কাৰ্য কৰি যায় । যেনেকৈ শৰত্‍ আহিলে শেৱালি ফুলে , বর্ষা আহিলেই বানপানী আহে । সেইবাবে বিজ্ঞানসন্মত পৰিকল্পনা আৰু পদ্ধতিৰে অসমৰ নদ – নদীসমূহক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰিলে বানপানী সমস্যাটো নোহোৱা হ’ব আৰু ৰাজ্যখনৰ উন্নতিও ত্বান্বিত হ’ব ।

( খ ) শিক্ষানুষ্ঠানত খেল – ধেমালি ।

উত্তৰঃ শিক্ষানুষ্ঠানত খেল – ধেমালি

আৰম্ভণি : খেল – ধেমালিৰ মাজেৰেই আমাৰ জীৱন আৰম্ভ হয় । শৈশৱৰ পৰা কৈশোৰলৈকে আমি বিভিন্ন খেলা – ধূলাৰ মাজেৰে জীৱনটো পাৰ কৰো । সেই সময়বোৰত যেন খেলাৰ বাহিৰে আন একো কথাই নাথাকে । সৰু ল’ৰা – ছোৱালীয়ে খেলা – ধূলা কৰি খুবেই ভাল পায় । কিন্তু যান্ত্রিক যুগ অর্থাৎ বর্তমান যুগত পঢ়াৰ যি বোজা তাৰ পৰা পৰিত্ৰাণ পাবলৈ ল’ৰা – ছোৱালীয়ে খেলা – ধূলাও পাহৰি গ’ল ৷ সেইবাবে শিক্ষানুষ্ঠান সমূহত এই খেল – ধেমালিৰ প্রশিক্ষণ থকা আৱশ্যক ।

শিক্ষানুষ্ঠান আৰু খেল – ধেমালি : শিক্ষানুষ্ঠান সমূহত খেল – ধেমালিৰ আয়োজন বিভিন্ন ধৰণে কৰা হয় । খেল – ধেমালিৰ কাৰণে শিক্ষানুষ্ঠানত কোনো এক সময়ত বিৰতি দিয়া হয় । সেই সময়তে ছাত্র- ছাত্রীয়ে খেল – ধেমালি খেলিবলৈ সুবিধা পায় । আনহাতে শিক্ষানুষ্ঠান সমূহত খেল – ধেমালিৰ প্ৰয়োজনীয় আহিলা – পাতিও ৰখাৰ ব্যৱস্থা কৰে ৷ ছাত্ৰ ছাত্ৰীৰ খেলাত থকা পাৰদৰ্শিতাসমূহ মুক্ত উপস্থাপন কৰাৰ বাবে বছৰি একোটা অনুষ্ঠানো পতা হয় যাক কোৱা হয় বিদ্যালয় সপ্তাহ বা মহাবিদ্যালয় সপ্তাহ । 

খেল – ধেমালিৰ প্ৰকাৰ : খেল – ধেমালিবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি — 

( ক ) ঘৰৰ ভিতৰত খেলা খেল ( Indoor Games ) । আৰু 

( খ ) ঘৰৰ বাহিৰত খেলা খেল ( Outdoor Games ) । 

কেৰম , লুডু , টেবুল টেনিছ , ডবা আদি ঘৰৰ ভিতৰত খেলা খেল । আনহাতে ক্রিকেট , ফুটবল , ভলীবল , বেডমিণ্টন , হকী , লন্‌ টেনিছ , গ’ল্ফ , দৌৰ , জঁপিওৱা , কাবাডী , খো – খো আদি ঘৰৰ বাহিৰত খেলা খেল । 

খেল – ধেমালিৰ উপকাৰিতা : খেল – ধেমালিয়ে ছাত্ৰ – ছাত্ৰীৰ দৈহিক আৰু মানসিক উৎকর্ষ সাধনত প্রভূত পৰিমাণে সহায় কৰে । জীৱন যুদ্ধত জয়ী হোৱাৰ অন্যতম মূলধন হ’ল স্বাস্থ্য । খেল – ধেমালিয়ে ছাত্ৰ – ছাত্ৰীৰ অংগ – প্রত্যংগসমূহৰ সঞ্চালনৰ যোগেদি তেওঁলোকক দৈহিকভাৱে সুস্থ – সবল কৰি তোলে । সুস্থ শৰীৰহে সুস্থ মনৰ বাসস্থান । খেল ধেমালিয়ে ছাত্ৰ – ছাত্ৰীৰ জীৱন আনন্দময় কৰি ৰাখে । পাৰস্পৰিক সহযোগিতা , দলবদ্ধ মনোবৃত্তি , নীতি – নিয়মৰ প্রতি শ্রদ্ধা আদি ইতিবাচক প্ৰমূল্যবোৰ খেল – ধেমালিৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীয়ে লাভ কৰিব পাৰে । আজিকালি সুদক্ষ খেলুৱৈসকলক চৰকাৰে কৰ্মসংস্থাপনৰ উপৰি বিভিন্ন সা – সুবিধা আগবঢ়াইছে । 

খেল – ধেমালিৰ অপকাৰিতা : অত্যধিক খেল – ধেমালিয়ে ছাত্ৰ – ছাত্ৰীৰ কিছু ক্ষতি সাধনো কৰিব পাৰে । বহু ছাত্ৰ – ছাত্ৰীয়ে পঢ়াশুনাৰ প্ৰতি অমনোযোগী হৈ কেৱল খেল-ধেমালিতেই মত্ত হৈ থকা দেখা যায় । কিছুমান খেল – ধেমালিত দুর্ঘটনা হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি । খেলৰ সৈতে জয় – পৰাজয় জড়িত হৈ থাকে । খেলত জয় হোৱাজনৰ মনত অহংকাৰ হোৱাৰ বিপৰীতে পৰাজিত হোৱাজন মানসিকভাৱে ভাগি পৰে । বহুতে খেলত জয়লাভ কৰিবলৈ অন্যায় পন্থা অৱলম্বন কৰাও দেখা যায় । 

সামৰণি : খেল – ধেমালিয়ে শৰীৰক সুস্থ – সবল কৰি তোলে । খেল – ধেমালি কেৱল ব্যায়াম নহয় অথবা স্বাস্থ্য ৰক্ষাৰ উপায় মাত্ৰ নহয় । সংযমৰ লগত যি সহযোগিতা , স্থিৰ বুদ্ধিৰ লগত যি প্রত্যুৎপন্ন মতিতা আৰু যি ঔদাৰ্য আৰু ক্ষমাই মানৱ জীৱনক সুন্দৰ আৰু সম্পদশালী কৰি তোলে সি খেল – ধেমালিৰে অৱদান । সেইবাবে শিক্ষানুষ্ঠানত পৰিকল্পিত আৰু অৰ্থপূৰ্ণভাৱে খেল – ধেমালিৰ ব্যৱস্থা কৰিব লাগে । 

( গ ) দূৰদৰ্শন ।

উত্তৰঃ দূৰদৰ্শন

আৰম্ভণি : মানুহৰ আৱিষ্কাৰৰ সংগ্ৰাম মানেই বিজ্ঞানৰ অগ্ৰগতি । মানুহৰ অনুসন্ধিৎসু মনে কাম কৰি থকা পর্যন্ত বিজ্ঞানৰ চৰ্চা চলিয়েই থাকিব । সৃষ্টিৰ ৰহস্য উদ্‌ঘাটন কৰাই হৈছে মানুহৰ কৰ্তব্য ৷ দুৰদৰ্শন বিজ্ঞানৰ এক মহান আৱিষ্কাৰ । 

দূৰদৰ্শনৰ আৱিষ্কাৰ : ইংলেণ্ডৰ জন লোগি বেয়ার্ডে ১৯২৫ চনত দূৰদৰ্শন আৱিষ্কাৰ কৰে । উচ্চ শক্তিসম্পন্ন ট্ৰেন্সমিটাৰৰ সহায়ত পৃথিৱীৰ কোনো এঠাইৰ শব্দ মহাশূন্যৰ ইথাৰ সমুদ্রলৈ প্ৰেৰণ কৰা হয় আৰু তাৰ লগতে উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সাহায্যত চিত্ৰ কিছুমানো ইথাৰলৈ প্ৰেৰণ কৰা হয় । তাৰ পৰাই আলোকচিত্র প্রতিফলিত হয় আৰু লগে লগেই শব্দৰো সম্প্ৰচাৰ হয় । এনেদৰেই কোনো এক দূৰ ঠাইৰ পৰা প্ৰেৰিত চিত্ৰ আৰু শব্দ এক নিমিষতে যন্ত্ৰৰ সহায়ত দেখিবলৈ পোৱা যায়। 

ভাৰতত দূৰদৰ্শন : ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতে টেলিভিছন যুগত ভৰি দিয়ে ৷ সেইদিনা নতুন দিল্লীত টেলিভিছন কেন্দ্র মুকলি কৰা হয় । আকাশবাণীৰ টেলিভিছন সেৱা বিভাগে ইয়াক পৰিচালনা কৰে । বৰ্তমান ভাৰতবৰ্ষত বৃহৎ মহানগৰবোৰৰ উপৰি বহুতো ডাঙৰ চহৰত আঞ্চলিক দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছে । তদুপৰি ছেটেলাইট যোগে সম্প্ৰচাৰিত বহু চেনেলৰ জৰিয়তে ভিন্ন ৰুচিৰ অনুষ্ঠান উপভোগ কৰিব পৰা সুবিধা হৈছে । এনে বহুকেইটা চেনেল অসমৰ গুৱাহাটী মহানগৰীতো বৰ্তমান স্থাপিত হৈছে আৰু ইয়াৰ যোগে অসমৰ গাঁৱে – ভূঞে বিভিন্ন অনুষ্ঠান , সংবাদ আদি পাব পৰাৰ সুবিধা হৈছে । 

দূৰদৰ্শনৰ উপকাৰিতা : ছাত্ৰ – ছাত্ৰীৰ বাবে দূৰদৰ্শন অতি উপকাৰী।ইয়াৰ দ্বাৰা বহুতো দৰকাৰী বিষয় যেনে– বিজ্ঞান , ভূগোল আৰু অন্যান্য বিষয়সমূহ সম্প্ৰচাৰ কৰা হয় ৷ ভাৰতবৰ্ষৰ চৰকাৰে এখন শিক্ষা আঁচনি যুগুত কৰি উলিয়াইছে যিয়ে উদীয়মান প্ৰজন্মৰ বাবে যথেষ্ট সুফল কঢ়িয়াই আনিছে । এনেধৰণৰ শিক্ষা আঁচনিৰ সহায়ত দূৰত থাকিও ছাত্র – ছাত্রীয়ে শিক্ষা গ্রহণ কৰিব পাৰে ৷ দূৰদৰ্শনে জনসাধাৰণৰ মাজত কৃষি , স্বাস্থ্য , পৰিবেশ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । দেশ – বিদেশৰ নানা বা বাতৰি পৰিৱেশন কৰি দূৰদৰ্শনে মানুহক সচেতন কৰি ৰাখে ৷ 

দূৰদৰ্শনৰ অপকাৰিতা : দূৰদৰ্শনে যিদৰে উপকাৰ সাধন কৰে ঠিক সেইদৰে অপকাৰো সাধে । দুৰদৰ্শনৰ বাবে ছাত্ৰ – ছাত্ৰীৰ লগতে আন ব্যক্তিৰো অধ্যয়নৰ ৰাপ লোপ পাবলৈ ধৰিছে ৷ দূৰদৰ্শনত জ্ঞানবৰ্ধক কাৰ্যসূচীৰ বাহিৰে অন্যান্য বহুতো সস্তীয়া মনোৰঞ্জনৰ অনুষ্ঠানো পৰিৱেশন কৰা হয় । ফলত জনসাধাৰণৰ বহুতো ক্ষতি হয় । জনসাধাৰণৰ মাজত উপন্যাস , গল্প আদি পুথিৰ অধ্যয়ন হ্ৰাস পাবলৈ ধৰিছে । দূৰদৰ্শনে মানুহক নিজৰ ঘৰৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি পেলোৱাৰ ফলত সামাজিক অনুষ্ঠান প্রতিষ্ঠানসমূহো যথেষ্ট দুর্বল হৈ পৰিছে । 

উপসংহাৰ : দূৰদৰ্শন বৰ্তমান যুগৰ বিজ্ঞানৰ অতি আধুনিকতম আহিলা । সেইবাবে শিক্ষৰ ক্ষেত্ৰতে হওক বা মনোৰঞ্জনৰ ক্ষেত্ৰতেই হওক, দূৰদৰ্শন এতিয়া এক আৱশ্যকীয় মাধ্যম । এই শক্তিশালী মাধ্যমটোৰ উচিত ব্যৱহাৰ হোৱাটো নিতান্তই বাঞ্ছনীয় । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top